পম্পি বৰা বৈশ্য
আমি
নাৰী। সৃষ্টিৰ অপূৰ্ব শক্তিৰে মহীয়ান আমি নাৰী। কন্যা, ভগ্নী, বান্ধৱী, প্ৰেমিকা, স্ত্ৰী,
মাতৃ শাহু ইত্যাদি বিভিন্ন ৰূপেৰে নাৰী সমাজৰ অবিচ্ছেদ্য অংগ। নাৰী
বিহীন সমাজ কল্পনাৰো উৰ্দ্ধত। আমাৰ ভাৰতবৰ্ষত নাৰীক অতীজৰে পৰা দেৱী ৰূপত পূজা
কৰি অহা হৈছে। কিন্তু এই দেৱীতুল্য নাৰীৰ বাস্তৱ জীৱন সমস্যাৰ শেষ নোহোৱা অংক।
সেয়া মহাভাৰতৰ দ্ৰৌপদীৰেই হওঁক কিম্বা ৰামায়ণৰ সীতাৰেই হওঁক। বৰ্তমান বিজ্ঞানৰ উন্নতিয়ে আকাশৰ সীমা অতিক্ৰম কৰিছে। ইণ্টাৰনেটে
সমগ্ৰ বিশ্বক গ্লোবেল ভিলেজত পৰিণত কৰিছে। কিন্তু দৈনন্দিন জীৱনত
নাৰী সকল আগবাঢ়ি যাওঁতে এতিয়াও প্ৰতি খোজতে সংঘৰ্ষ কৰিব লগীয়া হয়। এই সংঘৰ্ষ
শাৰীৰিক, মানসিক , অৰ্থনৈতিক সকলো
ক্ষেত্ৰতে দেখিবলৈ পোৱা যায়।
নাৰী সকলে দৈনন্দিন জীৱনটোত
অৰ্থাৎ প্ৰতি দিনে পুৱাৰ পৰা ৰাতিলৈকে সন্মুখীন হোৱা বিভিন্ন সমস্যা তথা সংঘৰ্ষ
সমূহৰ ভিতৰত এটা অতি উল্লেখযোগ্য সংঘৰ্ষ হৈছে, সমতা স্থাপনৰ চেষ্টা। প্রতি গৰাকী
নাৰীৰে এটা সপোন থাকে।” এখন ঘৰৰ সপোন। “য’ত হাঁহি সুখ ভৰি
থাকিব। সেই সপোনটো পূৰণ কৰিবলৈ পৰিয়ালৰ প্ৰতিজন সদস্যক সুখী ,সন্তুষ্ট কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। এই কাম কৰিবলৈ যাওঁতে বেছি সংখ্যক
নাৰীয়ে নিজক হেৰুৱাই পেলায়। হাতত পাঁচোটা আঙুলি সমান নোহোৱাৰ দৰে ঘৰ খনৰ সকলোকে
সমানে সন্তুষ্ট কৰা কেতিয়াও সম্ভৱ নহয়। গতিকে ইয়াৰ পৰা নাৰী গৰাকীয়ে শাৰীৰিক
মানসিক ভাৱে যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগাত পৰে। এই ক্ষেত্ৰত চাকৰিয়াল বা গৃহিনী
বুলি কোনো কথা নাই। দুয়ো ক্ষেত্ৰৰ নাৰী ইয়াৰ বলি হব লগীয়া হয়। নিজৰ ভাল লগা,
পছন্দ অপছন্দ সকলো পিছ পৰি ৰয়। ফলস্বৰূপে নাৰী গৰাকী হতাশাত ভোগে।
এই হতাশাই মানসিক অৱসাদ আনি দিয়ে। খং ৰাগ, কাজিয়া বৃদ্ধি হয়।
ইয়ে সংসাৰ খনলৈ বিপদ মাতি আনে। এই ক্ষেত্ৰত নাৰী
গৰাকী মানসিক ভাৱে শক্তিশালী হোৱাটো অতি আৱশ্যক।
নাৰী সকলে দৈনন্দিন জীৱনত
সন্মুখীন হোৱা আন এক সংঘৰ্ষ হৈছে অৰ্থনৈতিক সংঘৰ্ষ। দৰিদ্ৰতাৰ বাবে সৃষ্টি হোৱা
সমস্যা সমূহৰ লগত ভাৰতবৰ্ষৰ দৰে দেশত বহু নাৰীয়ে অহৰহ যুজঁ কৰি থাকিব লগীয়া হয়।
বৰ্তমান সময়ত বিজ্ঞান আৰু শিক্ষাৰ উন্নতিৰ ফলত নাৰী সকলে পুৰুষৰ সমানে কৰ্ম কৰিব
পৰা হৈছে। আজিকালিৰ নাৰীয়ে নিজক তথা ঘৰখনক অৰ্থনৈতিক ভাৱে সবল কৰিবলৈ কাম কৰিবলৈ
বিচাৰে। এই ক্ষেত্ৰত বহু নাৰীয়ে সংঘৰ্ষ কৰিবলগীয়া হয়। বহু পৰিয়ালে নাৰী গৰাকীয়ে
ঘৰৰ বাহিৰলৈ ওলাই কাম কৰাটো নিবিচাৰে। আকৌ বহুতৰে ক্ষেত্ৰত চাকৰি কৰিবলৈ গৈ ঘৰখনক
আওকাণ কৰা বুলি বা বাহিৰত মিছাকৈ সময় নষ্ট কৰা বুলি বদনামৰ ভাগি হব লগাত পৰে।
এইবোৰে নাৰী গৰাকীক মানসিক ভাৱে যথেষ্ট কষ্ট দিয়ে। অৰ্থনৈতিক সংঘৰ্ষত নিচাযুক্ত
দ্ৰব্যৰ ব্যৱহাৰেও যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়। ঘৰৰ পুৰুষজনৰ এনে আচৰণে পৰিয়ালটোক
দুৰ্বল কৰি তোলাৰ লগতে নাৰী গৰাকী ইয়াৰ ভুক্তভোগী হব লগীয়া হয়।
নাৰী এগৰাকীয়ে দৈনন্দিন
জীৱনত সন্মুখীন হোৱা এটা সংঘৰ্ষ হৈছে, সামাজিক সংঘৰ্ষ। আমাৰ সকলোৰে মনত সমাজে বা আনে কি
কব এই লৈ এটা প্ৰশ্ন থাকে। নাৰী এগৰাকীয়ে কি পিন্ধিব, কেতিয়া
কলৈ যাব, কি কৰিব সকলো কথা পৰিয়ালৰ আন সদস্য সকলে বা সমাজখনে
চকু দি থাকে আৰু বিভিন্ন মন্তব্য আগবঢ়ায়। ফলত নাৰী গৰাকীয়ে কোনোবা খিনিত স্বকীয়তা পাহৰি যায়। আজিৰ নাৰী অবলা
নহয়। আজিৰ নাৰী শক্তিশালী। গতিকে এই সমূহ উফৰাব পাৰিব লাগিব। নিজৰ মত, নিজৰ স্থিতি সজোৰে উত্থাপন কৰাৰ সাহস নাৰী গৰাকীয়ে আহৰণ কৰা উচিত। তেতিয়া
হে সামাজিক সংঘৰ্ষ সমূহৰ মুখামুখি হব পৰা যাব।
এটা কথা আমি সকলোৱে জানো যে নাৰী
নাৰীৰ শত্ৰু। এগৰাকী নাৰীয়ে সন্মুখীন হোৱা প্ৰায় বোৰ সংঘৰ্ষত নাৰী জড়িত হৈ থাকে।
সেইয়া লাগিলে শাহু, বোৱাৰী, জা বা ভগ্নীয়েই নহওঁক কিয়। সমাজত নাৰীৰ ওপৰত
আৰোপ কৰা নীতি নিয়ম সমূহো নাৰীৰেই সৃষ্টি। এগৰাকী নাৰী হয়ো কন্যা সন্তান জন্ম
হোৱাৰ সময়ত আটাইতকৈ বেছি দুখ যেন সেই আইতাক গৰাকী বা ওচৰ চুবুৰীয়া আন নাৰী এগৰাকীৰ
হয়। নাৰী এগৰাকীৰ যি কোনো বদনাম উলিওৱাত নাৰীৰেই ভূমিকা অধিক। যেতিয়া লৈকে এগৰাকী
নাৰীয়ে আন এগৰাকী নাৰীক সন্মান কৰিবলৈ নিশিকিব তেতিয়া লৈকে এই সমস্যাৰ কেতিয়াও ওৰ
নপৰে।
নাৰী সকলে সন্মুখীন হোৱা আন
এক সংঘৰ্ষ হৈছে পৰিয়ালৰ সদস্য সকলৰ মাজত বুজাবুজি, ভালপোৱা আৰু সময়ৰ অভাৱ।
ইয়ে নাৰী গৰাকীক চৰম অশান্তিত পেলায়। প্ৰকৃততে পৃথিৱীৰ প্ৰতিটো জীৱই মৰম আকলোৱা।
মৰমে সাহস দিয়ে। সেয়ে এটি সম্পৰ্ক সুন্দৰ হৈ থাকিবলৈ মৰমৰ আৱশ্যক। বৰ্তমান সময়ত
উন্নতিৰ জখলা বগোৱাৰ চেষ্টাত সকলো ব্যস্ত। এজনে আন জনলৈ সময় নাই। সময়ৰ অভাৱে,
মনৰ কথাবোৰ খুলি কব নোৱাৰাৰ বোজাই সম্পৰ্ক বোৰ ছেদ হোৱাত অৰিহণা
যোগায়। সেয়ে নিজৰ বাবে আপোন জনৰ বাবে কিছুসময় হাজাৰ ব্যস্ততাৰ মাজতো উলিয়াই লোৱাটো
অতি প্ৰয়োজন।
বৰ্তমান সময়ত দ্ৰুত গতিত
বৃদ্ধি হোৱা এক সংঘৰ্ষ হৈছে,
অবৈধ সম্পৰ্ক ৰ ফলত সৃষ্টি হোৱা সংঘৰ্ষ। এই সমস্যা সৃষ্টিত উপৰোক্ত
দুই বিধ কাৰক যেনে, নাৰীয়ে নাৰীৰ শত্ৰু আৰু বুজাবুজিৰ অভাৱে
ক্ৰিয়া কৰে। আধুনিক যুগত নাৰী সকলে এই অবৈধ সম্পৰ্কৰ ফলত সৃষ্টি হোৱা সমস্যা সমূহৰ
অধিক সন্মুখীন হব লগীয়া হয়৷
ইয়াৰ উপৰিও দৈনন্দিন জীৱনত
নাৰী সকলে সন্মুখীন হোৱা আন এটা সমস্যা হৈছে, #ইগ বা আত্মসন্মানৰ
সমস্যা। আমাৰ দেশ এতিয়াও পুৰুষ প্ৰধান। সেয়ে হাজাৰ শিক্ষিত হলেও বেছি সংখ্যক
পুৰুষে নাৰীক নিজতকৈ আগবাঢ়ি যোৱাটো সহ্য কৰিবলৈ টান পায়। ইয়াৰ ফলতদুয়োৰে মাজত
সংঘৰ্ষ ৰ সৃষ্টি হয়। বৰ্তমান সময়ত উচ্চ শিক্ষিত নাৰী সকলেও আনৰ কথা শুনি চলিবলৈ বা
স্বামীৰ প্ৰতিটো কথা মানি চলিবলৈ অমান্তি হয় বা আত্মসন্মানত আঘাট লাগে। ফলস্বৰূপে
বিভিন্ন সংঘৰ্ষৰ সৃষ্টি হয়।
দৈনন্দিন জীৱনত নাৰী সকলে
সন্মুখীন হোৱা এই সমস্যা সমূহৰ সমাধানসূত্ৰ বিচাৰাটো অতি প্ৰয়োজন। খ্ৰীষ্ট জন্মৰ
পূৰ্বেই গ্ৰীক দাৰ্শনিক প্লেটো ৱে নাৰী পুৰুষৰ সম অধিকাৰত গুৰুত্ব দিছিল। সেই
ধাৰণাৰ কেইবা শতিকাৰ পিছতো আমি নাৰী সকলে নিজৰ সুৰক্ষা, শিক্ষা, অধিকাৰৰ বাবে যুজঁ দিব লগীয়া হৈছে। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী যে
২০১৫ চনৰ ২২,জানুৱাৰী “বেটী বচাও, বেটী
পঢ়াও’ আঁচনি উদ্ধোধনৰ জৰিয়তে ভাৰতত কন্যা সন্তানৰ শিক্ষা আৰু
সুৰক্ষা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে। কিন্তু, চিন্তনীয়
বিষয়টো হৈছে, আধুনিক বিজ্ঞান প্ৰযুক্তিৰ সফলতাৰ পাছতো,
আমাৰ দেশৰ নাৰীয়ে মহাকাশ ভ্ৰমণৰ পৰা দেশৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছতো
বাৰে বাৰে নাৰী সুৰক্ষা, স্বাধীনতা অধিকাৰ ৰ বিষয়ে কিয়
উত্থাপন কৰিব লগীয়া হৈছে। ই নিশ্চয় মানৱ
সভ্যতাৰ বিকাশৰ পৰিপন্থী।
বিকাশৰ মূল জখলা হৈছে
শিক্ষা। শিক্ষা ৰ অবিহনে সকলো অন্ধকাৰ। সেয়ে সকলোৰে শিক্ষা সুনিশ্চিত হোৱাটো খুবেই
জৰুৰী। বিশেষকৈ নাৰী গৰাকী শিক্ষিত হোৱা উচিত। ইয়াৰ বাবে লাগিব সচেতনতা।আমি আমাৰ
ঘৰৰ পৰাই আৰম্ভ কৰিব পাৰো এখন শিক্ষিত সমাজ। প্ৰথমে আমাৰ ঘৰৰ প্ৰতি গৰাকী নাৰীকেই
সন্মান সহকাৰে জীয়াই থকাৰ শিক্ষা দিব লাগিব। উপযুক্ত শিক্ষা ৰে শিক্ষিত কৰি আমাৰ
কন্যা সকলক স্বাৱলম্বী কৰি তুলিব পাৰো । আমাৰ ঘৰখনৰ লৰা ছোৱালী সন্তানৰ মাজত কোনো
ভেদ ভাৱ নাৰাখি মানৱ সন্তান হিচাপে গঢ়াৰ পৰিবেশ সৃষ্টি কৰিব পাৰো। আমাৰ পুত্ৰ সকলক
যদি নাৰীক সন্মান কৰা, সম দৃষ্টিৰে চোৱা, যৌতুক প্ৰথাৰ বিৰুদ্ধে শিক্ষা দিব
পাৰো তেন্তে নিশ্চয় ভৱিষ্যতে নিশ্চয় এখন স্বাধীন সমাজ আশা কৰিব পাৰো।
আমি নিজকে নাৰী বুলি এক
সুকীয়া স্থান দখল কৰিব বিচৰাতকৈ এখন মুকলি আকাশ গঢ়াৰ সপোন দেখা উচিত। যি সপোন
বাস্তৱত সংস্পৰ্শিত হৈ থাকে।পুৰুষ সকলতকৈ নাৰী কোনো গুণে কম নহয়। সকলো ক্ষেত্ৰতে নাৰীৰ দক্ষতা আছে। প্ৰয়োজন মাথো সাহস আৰু দৃঢ় আত্ম
বিশ্বাসৰ। মেথিও আৰ্নল্ডয়ে কৈছিল,
“যদি কেতিয়াবা মানৱ কল্যাণ ৰ স্বাৰ্থত বিশ্বৰ সকলো নাৰী একগোট হয়,
ই এনে এক শক্তিৰ ৰূপ ল’ব, যিটো বিশ্বই কোনোদিন কল্পনা ও কৰিব পৰা নাই।” সেই একগোট হোৱাৰ সময় এতিয়া
আহি পৰিছে। আমাৰ নাৰী সকলে সন্মুখীন হোৱা সমস্যা সমূহ নাৰীয়েই সমাধান কৰিব লাগিব।
স্বামীক সৎ পথলৈ অনা, সন্তানক উপযুক্ত মানৱীয়তাৰ শিক্ষা দিয়া,
নিজৰ ভনী-বা জনীৰ দৰেই আন গৰাকী যুৱতীকো চাবলৈ শিকোৱা , অৰ্থনৈতিক ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা ইত্যাদি নাৰীৰে কৰ্তব্য। নিজৰ বাবে
কিছু সময় নাৰী গৰাকীয়ে উলিয়াই লব জানিবই লাগিব। আনক সন্তুষ্ট কৰিবলৈ গৈ নিজক
কেতিয়াও হেৰুৱাই পেলাব নালাগে। কাৰণ হলা গছ দেখিলে সকলোৱে বাগী কুঠাৰ মৰাৰ দৰে বট বৃক্ষৰ তলতহে সকলো জিৰাবলৈ বিচাৰে। সেই বট বৃক্ষ জোপা
ৰূপে নিজক স্থাপন কৰিব পাৰিব লাগে।
নাৰী আৰু পুৰুষ এজন আনজনৰ
পৰিপন্থী নহয়। এজন আনজনৰ পৰিপূৰক হে। দুয়োৰে সহযোগিতাত হে এখন সমাজ বৰ্তি থাকে।
গতিকে এখন মুকলি আকাশৰ তলত মুক্ত কন্ঠেৰে, মুক্ত মনেৰে, মুক্ত চিন্তাৰে
সমতাৰে জীয়াই থকাৰ সপোন সকলোৰে বাস্তৱ হওঁক তাকেই কামনা কৰিলোঁ।
কেৱল মাত্ৰ নাৰী বুলি নহয় মানুহ বুলি নিজৰ পৰিচয় দিব পৰাকৈ সমাজক
গঢ়ি তুলিব পাৰিলেহে নাৰীয়ে দৈনন্দিন জীৱনত সন্মুখীন হোৱা সংঘর্ষ সমূহক অতিক্ৰম
কৰিবলৈ সক্ষম হম।
লেখিকাৰ ঠিকনা:
হেঙেৰাবাৰী গুৱাহাটী