ভাৰতীয় বিদ্বান বি. আৰ. আম্বেদকাৰে কৈছিল- যিদিনাই দেশৰ সর্ব্বোচ্চ পদত এজন নিম্নবৰ্ণৰ ব্যক্তি অধিষ্ঠিত হ’বলৈ সক্ষম হ’ব, তেতিয়াৰপৰাই সমাজত বর্ণবৈষম্যমূলক বিচাৰধাৰাৰ বেলি ডুবিবলৈ আৰম্ভ কৰিব। ভাৰত স্বাধীন হোৱাৰ ৭৫ টা বছৰৰ অন্তত এইবাৰ এগৰাকী নিম্নবর্ণৰ (?) মহিলা ভাৰতৰ ৰাষ্ট্রপতি হ’ল। কিন্তু ভবাৰ দৰে দেশৰ সর্ব্বোচ্চ পদত নিম্নবর্ণৰ ব্যক্তি অধিষ্ঠিত হ’লেই সমাজৰ পৰা বর্ণবৈষম্যমূলক চিন্তাধাৰাই বিদায় মাগিবনে? সাম্প্রতিক সমাজত ঘটি থকা ঘটনা কিছুমানত চকু ফুৰালেই এই প্রশ্নটিৰ সমাধান বিচাৰি পোৱা যাব। অসমৰ ক্ষেত্ৰত বৰ বেছি দূৰলৈ নগৈ যোৱা বছৰতে ঘটি যোৱা মঙলদৈৰ ঘটনাটোক বিচাৰ কৰি চাব পাৰি। এগৰাকী নিম্নবর্ণৰ নাৰীক বিবাহ কৰোৱাৰ অপৰাধত এজন উচ্চবৰ্ণৰ পুৰুষক সমাজে এঘৰীয়া কৰিছে। আনকি মৃত্যুৰ দৰে জীৱনৰ চৰম সত্যয়ো ব্যক্তি দুজনৰ অপৰাধ মোচন কৰিব পৰা নাই। বিভিন্নজন ব্যক্তিয়ে এই ঘটনাৰ আঁৰত আন কাৰণ আছে বুলি মত পোষণ কৰিলেও ইয়াৰ অন্তৰালত প্রবাহিত হৈ থকা বর্ণবাদী চিন্তাক আতঁৰাই এই ঘটনাৰ সঠিক ব্যাখ্যা আগবঢ়াব পৰা নাযায়। এইখিনিতে উল্লেখযোগ্য যে বর্ণবাদী বিচাৰধাৰাৰ প্ৰসংগ উপস্থাপন হ’লেই অসমৰ বহুসংখ্যক মানুহে ইয়াৰ অৱস্থিতিকেই নস্যাৎ কৰি দিব বিচাৰে। কিন্তু বিভিন্ন সমীক্ষাত ভাৰত তথা অসমৰ বর্ণবাদী মানসিকতাৰ প্রকৃত স্বৰূপ উন্মোচিত হৈ আছে। বিশিষ্ট চিন্তাবিদ চেতন ভগতে এটা সমীক্ষাত কৈছে যে ভাৰতৰ মাত্ৰ পাঁচ শতাংশ বিবাহহে অসবর্ণ বা Inter-caste। ইয়াৰ পৰাই ভাৰতীয় সমাজত বর্ণবাদী বিচাৰধাৰ ব্যাপ্তিৰ গভীৰতা অনুধাৱন কৰিব পাৰি। অসমীয়া সমাজৰ বৰ্ণবাদী বিচাৰধাৰাক অৱশ্যে ভাৰতৰ অন্য ৰাজ্যৰ বর্ণবৈষম্যৰ কঠোৰতাৰ লগত তুলনা কৰিব নোৱাৰি। ব্রাহ্মণ্যবাদৰ মূল আধাৰস্বৰূপ জাতিভেদৰ প্রভাৱ অসম ৰাজ্যত ভাৰতৰ আন আন ৰাজ্যবিলাকৰ তুলনাত কমকৈ পৰাৰ ক্ষেত্ৰত সমালোচকসকলে প্ৰধানকৈ দুটা দিশৰ কথা সততে কয়। প্ৰথমটো হ’ল অসম ৰাজ্যখন অহিন্দু আৰু হিন্দুধর্ম গ্রহণ কৰিও হিন্দুৰ জাত প্রথাত অৰ্ন্তভুক্ত নোহোৱা জনজাতীয় মূলৰ মানুহেৰে আবৃষ্ট। দ্বিতীয়তে সর্বভাৰতীয় পটভূমিত গঢ়ি উঠা ভক্তি আন্দোলনৰ অংশস্বৰূপে অসমত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ দ্বাৰা গঢ়ি তোলা জাতিভেদবিৰোধী পৰিমণ্ডল। সাম্প্রতিক অসমৰ প্ৰেক্ষাপটত শংকৰদেৱৰ বর্ণবৈষম্য বিৰোধী দর্শন বিশ্লেষণ তথা অনুধাবনৰ যথেষ্ট প্ৰাসংগিকতা আছে।
শংকৰদেৱৰ পটভূমি সময়ছোৱাত অসমত ব্ৰাহ্মণ্যবাদী বিচাৰধাৰাৰ লগতে তন্ত্র-মন্ত্র, বলি-বিধানৰ বিশেষ প্রভাৱ আছিল। ব্রাহ্মণ্যবাদী বিচাৰধাৰাৰে উদ্বুদ্ধ সমাজৰ উচ্চবৰ্ণৰ লোকসকলে জনজাতীয় লোকসকলক হেয় চকুৰে চাইছিল। নিম্নবৰ্ণৰ প্ৰতি ব্রাক্ষণসকলৰ এই মনোভাৱৰ প্রতিফলন চর্যাপদতো সংৰক্ষিত হৈ আছে- “নগৰ বাহিৰে ডোম্বি তোহোৰি কুড়িআ। ছই ছোই জাই সো ব্রাহ্ম নাড়িআ”।
বর্ণবৈষম্যৰ বিৰুদ্ধে শংকৰদেৱৰ স্থিতিক ভিন্ন সমালোচকে ভিন্ন সময়ত ভিন্ন ধৰণেৰে ব্যাখ্যা কৰিছে। শংকৰদেৱে শাক্ত পৰিয়ালত জন্ম গ্রহণ কৰিও বলি-বিধানৰ বিৰোধিতা তথা জাতিভেদ প্রথাক প্রশ্ৰয় নিদিয়া বৈষ্ণৱ ধৰ্মৰ বাণী বিলাবলৈ আৰম্ভ কৰিছিল। ইয়াৰ জৰিয়তে তেওঁ জাতিভেদ প্রথাক পুলিয়ে-পোখাই উচ্ছেদ কৰিব পৰা নাছিল যদিও বৰ্ণবাদী মানসিকতাক দুর্বল কৰাত সহায় কৰিছিল। অৱশ্যে সামাজিক ক্ষেত্ৰত জাতিভেদৰ অনাৱশ্যকতাৰ কথা ক’তো শংকৰদেৱে কোৱা নাই। সামাজিক জীৱনত জাতিভেদ প্রথাক সম্পূর্ণভাৱে ধ্বংস কৰিবলৈ প্ৰত্যক্ষভাৱে চেষ্টা নকৰাৰ বাবে শংকৰদেৱ সমালোচিতও হোৱা দেখা যায়। চিন্তাবিদ ভবানন্দ দত্তৰ মতে “হিন্দু সমাজৰ সম্পত্তিৰ উত্তৰাধিকাৰ ব্যৱস্থা আৰু তাৰ ভিত্তিত প্রতিষ্ঠিত যি অর্থনৈতিক ব্যৱস্থা তাৰ পৰিৱর্তন তেখেতে বিচৰা নাছিল। জাতিভেদৰ সামাজিক ভিত্তি হল সম্পত্তিৰ উত্তৰাধিকাৰ ব্যৱস্থা আৰু মানুহৰ অর্থনৈতিক বৃত্তিৰ জন্মগত ভেদৰ ধাৰণা। এইটোৱেই সমগ্ৰ ভাৰততো হিন্দু সমাজৰ গাঁথনি আছিল আৰু নানা সমাজৰ উত্থান-পতনেও ইংৰাজ অহাৰ আগলৈকে এই সামাজিক ব্যৱস্থা ভাঙিব পৰা নাছিল। শংকৰদেৱেও এই ব্যৱস্থাৰ বাহিৰেও মানুহৰ সামাজিক অৱস্থিতিৰ কোনো অন্য ব্যৱস্থা কল্পনা কৰা নাছিল। শংকৰদেৱে প্রত্যক্ষভাৱে জাতিভেদ প্রথাৰ বিৰোধিতা কৰা নাছিল যদিও তেওঁৰ পদক্ষেপসমূহ আওপকীয়াকে সমাজৰ নিম্নশ্রেণীৰ মানুহৰেই সর্বাত্মক উত্তৰণ কৰিবলৈ লৈছিল। ব্রাহ্মণ্যবাদত যি শাস্ত্ৰক স্ত্রী-শূদ্রৰ পৰা আঁতৰাই ৰখা হৈছিল, সেই শাস্ত্ৰক তেওঁ সংস্কৃতৰ পৰা দেশীয় ভাষালৈ অনুবাদ কৰি জ্ঞানৰ দুৱাৰখনি খুলি দিছিল। তেওঁ লিখিছিল— “কৃষ্ণৰ কথাত যিটো ৰসিক। ব্ৰাহ্মণ জন্ম তাৰ লাগে কিক। স্মৰোক মাত্র হৰি দিনে-ৰাতি। নবাছে ভকতি জাতি-অজাতি”। ইয়াৰ দ্বাৰা শংকৰদেৱে ধর্মবস্তু কেৱল ব্ৰাহ্মণ-পু্ৰোহিতৰ মাজত আবদ্ধ নাৰাখি হৰি নাম লোৱা মাত্রেই নিম্ন-উচ্চ সকলো জাতিয়ে ধর্ম পাব বুলি ক’লে। সমাজত নিম্ন বা উচ্চ কোনো জাতি নাই তথা ভগৱানৰ বাবে সকলো এক- এই ধাৰণাৰে শংকৰদেৱে নীচ জাতিৰ অন্তৰৰ আত্মগ্লানি, হতাশাক আঁতৰাবলৈ প্রয়াস কৰিছিল। এনেবোৰ দিশে প্রমাণ কৰে যে প্রকৃততে কিছুমান সমালোচকে কোৱাৰ দৰে শংকৰদেৱ জাতিভেদ প্রথাৰ প্রতি উদাসীন নাছিল। বৰঞ্চ শংকৰদেৱে হয়তো সমসাময়িক সমাজখনত ব্রাহ্মণ আৰু নীহকুলীয়া ব্যক্তিক সমদৃষ্টিৰে চোৱাৰ পৰিৱেশ যে গঢ়ি উঠা নাছিল সেই কথা বুজি পাইছিল। সেয়েহে তেওঁ প্রত্যক্ষভাৱে উদাসীন থাকি কৌশলেৰে সমাজৰ পৰা জাতিভেদৰ বিষবাষ্প নোহোৱা কৰাৰ প্ৰয়াস কৰিছিল। এইক্ষেত্ৰত সমালোচক ময়ূৰ বৰাৰ মন্তব্য প্রণিধানযোগ্য — “জাতিভেদ সন্দৰ্ভত শংকৰদেৱৰ ভূমিকা আছিল অত্যন্ত বাস্তৱবুদ্ধিসম্পন্ন। যিহেতু তেওঁ বেদান্তৰ ব্ৰহ্মক গীতাৰ শ্ৰীকৃষ্ণৰ মাধ্যমেৰে আৰু ভাগৱতৰ ভকতিৰ জৰিয়তে জনসাধাৰণৰ বুকুৰ মাজলৈ নিবলৈ চেষ্টা কৰিছিল, সেয়েহে হয়তো গীতা বা ভাগৱতত থকা জাতিভেদৰ ধাৰণাটোৰ বিৰুদ্ধে প্রত্যক্ষ বিদ্রোহ ঘোষণা কৰা নাছিল। কাৰণ তেনে কৰিলে সেই পুথিসমূহৰ বাণীকো বিৰোধিতা কৰা হ’ব আৰু সমাজত নিজস্ব আধিপত্য আৰু প্ৰতিপত্তিৰে জীৱন নিৰ্বাহ কৰা ব্রাহ্মণসকলকো জোকাই লোৱা হ’ব। সেয়েহে তেওঁ কৌশলেৰে ব্ৰাহ্মণসকলক অপ্রাসংগিক কৰিছিল। তেওঁ কৈছিল- হৰিনামৰ ক্ষেত্ৰত কাৰো অগ্ৰাধিকাৰ থাকিব নোৱাৰে। কেৱল বেদমন্ত্ৰৰ ক্ষেত্ৰতহে ব্ৰাহ্মণৰ অগ্ৰাধিকাৰ থাকিব। কিন্তু যিহেতু বেদমন্ত্ৰৰ পাঠ আদিক অপ্ৰয়োজনীয় বুলি ঘোষণা কৰা হ’ল, সেয়েহে জাতিভেদৰ আধাৰ লাহে লাহে দুৰ্বল হৈ আহিল। হৰিনাম লোৱা চণ্ডালক হৰিনাম নোলোৱা ব্ৰাহ্মণতকৈ উচ্চস্থান প্ৰদান কৰি শংকৰদেৱে বৰ্ণভেদ প্ৰথাক নিশকতীয়া কৰিলে”। শংকৰদেৱৰ ভক্তসকলৰ মাজত নগা, গাৰো, জয়ন্তীয়া, কুমাৰ, কৈৱৰ্ত, মুছলমান আদি সকলো সম্প্রদায়ৰ মানুহ আছিল। অৱশ্যে তেওঁ নিজ ৰচনাত কেতবোৰ সামাজিকভাৱে নিম্ন জাতিৰ আখ্যা পোৱা লোকৰ ক্ষেত্ৰত কিছুমান নিম্নখাপৰ বিশেষণ ব্যৱহাৰ কৰিছে। যেনে- স্ত্রী শূদ্ৰ গণ অধম যৱন (ভাগৱত), স্ত্রী শূদ্ৰ বৈশ্য যত পাপ জাতি(ভক্তি ৰত্নাকৰ)। এনেবোৰ লেখনিয়ে নিম্ন জাতিৰ প্ৰতি শংকৰদেৱৰ দৃষ্টিভংগী উন্নত নাছিল যেন দেখুৱালেও ই মূলতঃ সেই সময়ৰ সমাজৰ দৃষ্টিভঙ্গীহে প্রতিনিধিত্ব কৰে বুলিব পাৰি। কাৰণ শংকৰদেৱে তেওঁৰ ধর্মমতৰ দ্বাৰা তথাকথিত নীচ জাতিৰ লোকসকলো হৰিনাম কীৰ্ত্তনৰ দ্বাৰা সমাজৰ উচ্চাসনত বহিব পাৰে বুলি কৈ গৈছে।
শংকৰদেৱ মূলতঃ এজন ধর্মপ্রচাৰক আছিল
যদিও তেওঁ তাৰ লগতে এজন সমাজ সংস্কাৰকো আছিল। তেওঁৰ ধৰ্মমত জাতিভেদ প্রথাৰ বিৰোধী
আছিল। সমাজৰ উচ্চ-নীচ সকলোকে তেওঁ সমান স্থান দিছিল। অৱশ্যে তাৰ বাবে তেওঁ ৰজাঘৰ
তথা ব্ৰাহ্মণসকলৰ দ্বাৰা সমালোচিতও হৈছিল। শংকৰদেৱে কতো পোনপতীয়াভাবে জাতিভেদ
প্রথাৰ বিৰোধিতা কৰা নাই। প্রত্যক্ষভাৱে জাতিভেদ প্রথাৰ বিৰোধিতা কৰা নাছিল যদিও
তেওঁৰ পদক্ষেপসমূহে আওপকীয়াকৈ সমাজৰ নিম্নশ্রেণীৰ মানুহৰেই সর্বাত্মক উত্তৰণ
কৰিবলৈ লৈছিল। ব্রাহ্মণ্যবাদত যি শাস্ত্ৰক স্ত্রী শূদ্ৰৰ পৰা আঁতৰাই ৰখা হৈছিল, সেই শাস্ত্ৰক তেওঁ
সংস্কৃতৰ পৰা দেশীয় ভাষালৈ অনুবাদ কৰি জ্ঞান ভাণ্ডাৰৰ দুৱাৰখনি খুলি দিছিল। কিছুমান
সমালোচকে কোৱাৰ দৰে শংকৰদেৰ জাতিভেদ প্রথাৰ প্রতি উদাসীন নাছিল। বৰঞ্চ শংকৰদেৱে
সমসাময়িক সমাজখনৰ মনোভংগী বুজিবলৈ হয়তো সক্ষম হৈছিল। সেয়েহে তেওঁ প্রত্যক্ষভাৱে
উদাসীন থাকি কৌশলেৰে সমাজৰ পৰা জাতিভেদৰ বিষবাষ্প নোহোৱা কৰাৰ প্রয়াস কৰিছিল।
শংকৰদেৱৰ মৃত্যুৰ পিছত ক্ষমতা আৰু আদর্শজনিত খাম-খেয়ালিৰ পাকচক্ৰত বৈষ্ণৱসকল চাৰি
ভাগত বিভক্ত হৈ পৰে তথা সাম্প্রতিক সময়তো অসমীয়া সমাজত শংকৰদেৱৰ
বর্ণবৈষম্যবিৰোধী চিন্তাৰ বৰ বিশেষ অনুশীলন দেখা নাযায়। বৰঞ্চ শংকৰদেৱৰ বৈষ্ণৱ
ধর্মমতক দিনে ৰাতিয়ে আওৰাই থকা সকলেও এই দিশটো ভিন্ন যুক্তিৰে এৰাই চলিবলৈ চেষ্টা
কৰে অথবা গভীৰভাৱে অনুধাৱনৰ প্রয়াস নকৰে। মঙলদৈৰ ঘটনাটোৰ অনুৰূপ ঘটনা অসমৰ চুকে-
কোণে হয়তো হাজাৰটা ঘটি আছে। এইসমূহ নির্মূলকৰণৰ বাবে আন একো নকৰিলেও অন্ততঃ
শংকৰদেৱৰ দর্শন হৃদয়ংগম কৰাৰ
প্রাসংগিকতা আছে। বৰ বিশেষ নহ’লেও বর্ণবাদী মন-মানসিকতা
দূৰীকৰণৰ ক্ষেত্ৰত ই কিঞ্চিত পৰিমাণে হ’লেও সহায়ক হৈ উঠিব
পাৰে।
সহায়ক গ্ৰন্থ :
১। সমাজ সাহিত্য আৰু সংহতি, দিলীপ বৰা, ভৱানী, গুৱাহাটী, ২০০৮
২। জাতিভেদ প্ৰথা আৰু শংকৰদেৱ, ময়ূৰ বৰা, আঁক বাক, গুৱাহাটী, ২০১৯
ঠিকনা :
গৱেষক
অসমীয়া বিভাগ, ডিব্ৰুগড়
বিশ্ববিদ্যালয়