অমৃত গোস্বামী
অফিচৰ পৰা ফোন কৰি ছোৱালীজনীয়ে (পৰম্পৰাগত সম্বোধনত বোৱাৰী) সুধিছিল, “দেউতা, প্ৰতিমা পাণ্ডে বৰুৱা অসমীয়া নহয় জানো?” মই বোলো হয় আক’, অলবত অসমীয়া। তেওঁলোকৰ ঘৰ আমাৰ ধুবুৰী জিলাৰ গৌৰীপুৰ বোলা ঠাইডোখৰত। ৺প্ৰতিমা পাণ্ডে বৰুৱা গৌৰীপুৰৰ জমিদাৰৰ ঘৰৰ ছোৱালী। ৺প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ ভায়েক, ৺প্ৰকৃতেশ বৰুৱাৰ (লালজী) ডাঙৰ ছোৱালী। এইবাৰ যে পদ্মশ্ৰী পুৰস্কাৰ পাইছে শ্ৰীমতী পাৰ্বতী বৰুৱা, তেওঁ হ’ল প্ৰতিমা পাণ্ডে বৰুৱাৰ ভনীয়েক।”
সন্ধিয়া ঘৰলৈ আহিলত সুধিলো, “কিহৰ বাবেনো সুধিছিলা অথনি প্ৰতিমা বৰুৱাৰ কথা?”
“নাই অফিচৰ লাঞ্চ টাইমত সেই কথাটো আলোচনা হৈছিল। সামান্য তৰ্কও হৈছিল। মই নিশ্চিত হৈ লৈছিলোঁ।”
“সুধিবা সুধিবা, যিমান পাৰা সিমান সুধিবা এনেবোৰ কথা। মই এইবোৰ কথাৰ আঁতি-গুৰি বিচাৰিয়েই গোটেইটো জীৱন কটালোঁ বুলি ক’লেও বঢ়াই কোৱা নহ’ব। গতিকে কেতিয়াবা দৰকাৰ হ’লে আকৌ সুধিবা। এনেকুৱাবোৰ আলোচনাত কেতিয়াও ভাগ নোলোৱাকৈ নাথাকিবা।”
“কথাটো ওলাইছেই যেতিয়া ৺প্ৰতিমা পাণ্ডে বৰুৱাহঁতৰ পৰিয়ালটোৰ বিষয়ে মই আৰু দুটামান কথা তোমাক এতিয়াই কৈ থওঁ; পাছে-পৰে তোমাৰ কামত আহিবও পাৰে।”
অসমৰ আন আন ঠাইবিলাকত জমিদাৰি প্ৰথাৰ প্ৰচলন নাছিল যদিও, ব্ৰিটিছ শাসন কালত নিচেই কাষৰীয়া পূৰ্ববঙ্গত থকাৰ লেখীয়াকৈ আমাৰ অসমৰ তেতিয়াৰ অবিভক্ত গোৱালপাৰা জিলাতো জমিদাৰি প্ৰথাৰ প্ৰচলন আছিল। তেনে এটি জমিদাৰি পৰিয়ালৰে আছিল ৺প্ৰতিমা বৰুৱাহঁতৰ পৰিয়ালটো। তেখেতসকল আছিল গৌৰীপুৰৰ বিখ্যাত জমিদাৰ পৰিয়ালৰ লোক। ধুবুৰীৰ ওচৰৰ গৌৰীপুৰত তেতিয়াৰ জমিদাৰি পৰিয়ালটোৰ ঘৰ-দুৱাৰবিলাক এতিয়াও আছে। গৌৰীপুৰৰ সেই জমিদাৰি পৰিয়ালটোৰ ঠাইখিনিক আগতে সৰ্বসাধাৰণ ৰাইজে ‘ৰাজবাৰী’ বুলিছিল। সেইবাবে গৌৰীপুৰত থকা পুৰণি জমিদাৰৰ ঘৰ-দুৱাৰ থকা অঞ্চলটো এতিয়াও ‘ৰাজবাৰী’ বুলিয়েই পৰিচিত।
এই জমিদাৰ বংশৰে লোক হ’ল ৺প্ৰমথেশ চন্দ্ৰ বৰুৱা, ৺প্ৰতিমা পাণ্ডে বৰুৱা আৰু শ্ৰীমতী পাৰ্বতী বৰুৱা।
■১৯০৩ চনৰ অক্টোবৰ মাহত গৌৰীপুৰৰ জমিদাৰবাৰীত জন্ম লাভ কৰা ৺প্ৰমথেশ চন্দ্ৰ বৰুৱাই ভাৰতীয় বোলছবি জগতলৈ অনবদ্য বৰঙণি আগবঢ়াই থৈ গৈছে। তেখেত একাধাৰে এজন বোলছবিৰ প্ৰযোজক,পৰিচালক তথা শক্তিশালী অভিনেতা আছিল। কথাছবি প্ৰযোজনা আৰু পৰিচালনা কৰাৰ উপৰি, তেখেতে ছবিৰ চিত্ৰনাট্যও ৰচনা কৰিছিল। এইজন মহান অসম সন্তানে দেশে স্বাধীনতা লভাৰ পূৰ্বেই বোলছবি নিৰ্মাণৰ বিষয়ে জ্ঞান আহৰণ কৰাৰ উদ্দেশ্যে সুদূৰ পেৰিছলৈ যাত্ৰা কৰিছিল।
প্ৰসিদ্ধ বঙালী ঔপন্যাসিক শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ বিখ্যাত উপন্যাস ‘দেৱদাস’ৰ কাহিনীৰে নিৰ্মাণ কৰা, একে নামৰ অৰ্থাৎ ‘দেৱদাস’ নামৰ বঙালী ভাষাৰ বোলছবিখন, বাঙালী ভাষাৰ তথা ভাৰতীয় বোলছবি জগতৰ এখন উল্লেখযোগ্য ছবি। এই বিখ্যাত বোলছবিখন প্ৰমথেশ বৰুৱাই পৰিচালনা কৰাৰ উপৰি ছবিখনৰ মুখ্য চৰিত্ৰ ‘দেৱদাস’ৰ ভূমিকাত তেখেতেই অভিনয় কৰিছিল। যথেষ্ট সংখ্যক বোলছবি প্ৰযোজনা, পৰিচালনা কৰাৰ উপৰি ভাৰতীয় বোলছবি জগতৰ এজন সুদক্ষ অভিনেতা, এইজন মহান শিল্পীয়ে ১৯৫১ চনৰ ২৯ নবেম্বৰৰ দিনা কলিকতাত মৃত্যুবৰণ কৰিছিল।
৺প্ৰতিমা পাণ্ডেৰ বিষয়ে তুমি বোধহয় জানাই। গতিকে তেখেতৰ বিষয়ে বেলেগে তোমাক আৰু কিবা কোৱাৰ প্ৰয়োজন আছে বুলি মই নাভাবো। তথাপি মই কৈ থওঁ :
■ গৌৰীপুৰৰ ৰাজবাৰীৰ জীয়াৰী, এগৰাকী চিৰস্মৰণীয় লোকশিল্পীৰূপে প্ৰতিষ্ঠিত হোৱা ৺প্ৰতিমা পাণ্ডেক গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী বুলি কোৱা হয়। ১৯৫৭ চনৰ পৰা বৃত্তিয়াল কণ্ঠশিল্পীৰ জীৱন আৰম্ভ কৰা প্ৰতিমা পাণ্ডেক ১৯৯১ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। তাৰো আগতে বিভিন্ন বঁটা, সন্মান আদি লাভ কৰাৰ উপৰিও ১৯৮৯ চনত তেখেতে ‘সংগীত নাটক অকাডেমি বঁটা’ লাভ কৰিছিল।
গোৱালপৰীয়া লোকগীতসমূহ আগতে এতিয়াৰ দৰে জনপ্ৰিয় নাছিল। একমাত্ৰ প্ৰতিমা পাণ্ডে বৰুৱাৰ ঐকান্তিক প্ৰচেষ্টাতহে এই গীতসমূহে বৰ্তমানৰ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।
১৯৩৪ চনৰ ৩ অক্তোবৰৰ দিনা জন্ম লাভ কৰা,এই মহান শিল্পীগৰাকীয়ে ২০০২ চনৰ ২৭ ডিচেম্বৰৰ দিনা গুৱাহাটীত পাৰ্থিৱ জীৱনৰ সামৰণি মাৰিছিল।
■গৌৰীপুৰীয়া ৰাজবাৰীৰ তৃতীয় গৰাকী সু-সন্তান হ’ল যোৱা বছৰ পদ্মশ্ৰী উপাধিৰে সন্মানিত হোৱা, ভাৰতৰ প্ৰথমগৰাকী মহিলা হাতী মাউত, হাতী প্ৰশিক্ষক শ্ৰীমতী পাৰ্বতী বৰুৱা। পাৰ্বতী বৰুৱা দেৱদাস খ্যাত ৺প্ৰমথেশ বৰুৱাৰ কণিষ্ঠ ভাতৃ, একালৰ বিখ্যাত হাতীচিকাৰী, ৺প্ৰকৃতেশ বৰুৱাৰ কন্যা আৰু গোৱালপৰীয়া লোকগীতৰ মহান শিল্পী ৺ প্ৰতিমা বৰুৱা পাণ্ডেৰ ভগ্নী। সৰু কালটো হাতীপোৱালিৰ লগত খেলাধুলা কৰি সময় কটোৱা, পাৰ্বতী বৰুৱাই অলপ ডাঙৰ হোৱাৰ পাছৰে পৰা দেউতাক ৺প্ৰকৃতেশ বৰুৱাৰ লগত হাবিয়ে-বননিয়ে ঘূৰি-ফুৰি হাতী চিকাৰৰ বিভিন্ন কৌশলসমূহ আয়ত্ত কৰাৰ লগতে হাতী চিকাৰ কৰা আৰু বশ কৰাৰ কামতে সম্পূৰ্ণ ব্যস্ত হৈ পৰিছিল। অত্যন্ত সাহসী পাৰ্বতী বৰুৱাই মাত্ৰ ১৪ বছৰ বয়সতে অসমৰ কোকৰাঝাৰ জিলাৰ, কচুগাঁও নামৰ ঠাইৰ অৰণ্য এখনত, তেখেতৰ জীৱনৰ প্ৰথমটো হাতী চিকাৰ কৰিছিল।
গভীৰ অৰণ্যত বেলেগ বেলেগ উপায় অৱলম্বন কৰি কিদৰে হাতী ধৰিব লাগে, কেনেকৈ হাতীক বশ মনাব লাগে, এইবোৰ বিষয়ত তেখেত এজন বিশেষজ্ঞ।
শ্ৰীমতী পাৰ্বতী বৰুৱা ‘কুইন অৱ এলিফেণ্ট’ নামেৰেও পৰিচিত।
জমিদাৰ পৰিয়ালৰ বৰ্তমানৰ ধুবুৰী জিলাৰ গৌৰীপুৰ নামৰ ঠাইত, ৰাজআলিটোৰ কাষতে থকা এই ‘ৰাজবাৰী’খন দেখাৰ সৌভাগ্য মোৰ হৈছে। গৌৰীপুৰৰ জমিদাৰি আছিল মাটিয়া নামৰ অঞ্চলটো সামৰি। সেই বাবে ৰাজবাৰীখন ‘মাতিয়াবাগ ৰাজবাৰী’ নামেৰে পৰিচিত।
একেখন ৰাজবাৰীতে জন্মগ্ৰহণ কৰি, তিনি গৰাকীকৈ লোকে এনেদৰে বেলেগ
বেলেগ ক্ষেত্ৰত নাম-যশ বিয়পাই বিখ্যাত হৈ পৰাৰ উদাহৰণ হয়তো বুৰঞ্জীত বিৰল।
ঠিকনা :
চাৰ্ভে, বেলতলা, গুৱাহাটী -২৮
ভ্ৰাম্যভাষ : ৯৪৩৫০ ১৪৪৫৫