অন্যযুগ/


স্বাধীনতা : অধিকাৰ আৰু দায়িত্বৰ যুগলবন্দী

 লুইতজ্যোতি

        ১৫ আগষ্ট, ১৯৪৭ চন৷ ভাৰতৰ স্বাধীনতাৰ দিন৷ ১০০ বছৰীয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তাৰ পাছত ৯০ বছৰীয়া ব্ৰিটিছ ৰাজ শাসনৰ যৱনিকা পৰিছিল৷ তাৰ আগতেই ১৯৪৬ চনৰ জুলাই মাহত ॰ ৰাজেন্দ্ৰ প্ৰসাদৰ সভাপতিত্বত সংবিধান সভা গঠন হৈছিল৷ ১৯৪৬ চনৰ ২৬ ডিচেম্বৰত সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল সংসদ ভৱনৰ চেণ্ট্ৰেল হলত৷ ইয়াৰ পিছত ২ বছৰ ১১ মাহ আৰু ১৭ দিনৰ অন্তত সংবিধানৰ খচৰা প্ৰস্তুত হৈছিল৷ ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধান গৃহীত হৈছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰিৰ পৰা এই সংবিধান বলৱৎ হৈছিল৷ ভাৰতৰ সংবিধান ভাৰত ৰাষ্ট্ৰৰ প্ৰধান হাতপুথি৷ এই সংবিধানৰ ভিত্তিতেই মৌলিক ৰাজনৈতিক প্ৰক্ৰিয়া, শক্তি, সংগঠন তথা চৰকাৰ আৰু চৰকাৰী সংস্থাৰ কৰ্তব্য, লগতে জনসাধাৰণৰ দায়িত্ব নিৰ্ধাৰণ কৰা হয়৷ প্ৰতিজন ভাৰতীয়ৰ অধিকাৰ আৰু মানি চলিবলগীয়া আইনৰ দস্তাবেজ সংবিধান৷ সংবিধানৰ প্ৰথম পৃষ্ঠাত আমাৰ সংবিধানৰ প্ৰস্তাৱনা আছে৷ প্ৰস্তাৱনাই মূলতঃ আমাৰ ৰাষ্ট্ৰৰ আটাইতকৈ প্ৰাসংগিক সংজ্ঞা৷ প্ৰস্তাৱনা অনুসৰি আমাৰ দেশৰ প্ৰতিজন মানুহৰে ভাবধাৰা আৰু প্ৰকাশৰ স্বাধীনতা আছে (Liberty of thougth & expression)৷ একেটা প্ৰস্তাৱনাতেই কোৱা হৈছে যে যিকোনো পৰিপ্ৰেক্ষিতত প্ৰতিজন ব্যক্তিৰ গৰিমা আৰু ৰাষ্ট্ৰৰ একতা, অখণ্ডতা অক্ষুণ্ণ ৰখাটো আমাৰ প্ৰতিজনৰে কৰ্তব্য৷ সামগ্ৰিক পৰিৱেশত প্ৰস্তাৱনাৰ এই দুটা দিশৰ আলোচনা অত্যন্ত জৰুৰী হৈ পৰিছে৷

        ১৫ আগষ্ট, ২০২২ চনত ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হব৷ শাসনাধিষ্ঠিত কেন্দ্ৰীয় চৰকাৰে এই ৭৫ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ৭৫ সপ্তাহৰো স্বাধীনতাৰ অমৃত মহোৎসৱৰ ঘোষণা কৰিছে৷ কিন্তু ইয়াৰ সমান্তৰালকৈ আজি আমাৰ সকলোৰে মাজত সবাতোকৈ চৰ্চিত স্বাধীনতাৰ অংশটো হৈছে বাক্‌ স্বাধীনতা অথবা অভিব্যক্তিৰ স্বাধীনতা৷ বাক্‌ শক্তি মানৱ সমাজৰ কাৰণে এক ঈশ্বৰ প্ৰদত্ত শক্তি৷ মানুহ এজনৰ চিন্তাধাৰা, আৱেগ, অনুভূতি এই বাক্‌ শক্তিৰ জৰিয়তে প্ৰকাশ পায়৷ গতিকে বাক্‌ স্বাধীনতা আমি জন্মসূত্ৰে পোৱা প্ৰাকৃতিক অধিকাৰ৷ প্ৰকৃতিগতভাবে পোৱা এই অধিকাৰৰ কোনো পৰিসীমা নথাকে, অৰ্থাৎ ই এক নিৰংকুশ (absolute) স্বাধীনতা৷ কিন্তু এনে সীমাহীন স্বাধীনতাই সামাজিক গাঁথনিত বাস কৰা জনসাধাৰণৰ মাজত সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে৷ সেয়েহে আমাৰ সংবিধান প্ৰদত্ত বাক্‌ স্বাধীনতা নিৰংকুশ নহয়৷ প্ৰস্তাৱনাত কোৱা হৈছেচিন্তা, অভিব্যক্তি, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতাৰ সমান্তৰালকৈ আমি সমাজৰ প্ৰতিজন ব্যক্তিৰ মৰ্যাদা তথা জাতীয় ঐক্য আৰু সংহতি সুনিশ্চিত কৰাটো আমাৰ নৈতিক দায়িত্ব৷

        ভাৰতীয় সংবিধানৰ স্বতন্ত্ৰতাৰ অধিকাৰ খণ্ডৰ ১৯(১) অনুচ্ছেদত বাক্‌ স্বাধীনতা আদি বিষয়ক অধিকাৰ সংৰক্ষিত কৰা হৈছে৷ এই অনুচ্ছেদৰ অন্তৰ্গত অধিকাৰসমূহ

        ক) বাক্‌ আৰু অভিব্যক্তিৰ স্বতন্ত্ৰতা৷

        খ) শান্তিপূৰ্ণভাৱে আৰু বিনাঅস্ত্ৰে গোট খোৱা৷

        গ) সংস্থা বা সংঘ গঠন কৰা৷

        ঘ) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ সৰ্বত্ৰ অবাধ চলাচল কৰা৷

        ঙ) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ যিকোনো অংশত বসতি কৰা৷

        চ) যিকোনো বৃত্তি চলোৱা, কিম্বা যিকোনো উপ-জীৱিকা, বেহা-বেপাৰ বা কাৰবাৰ চলোৱা৷

        সংবিধান প্ৰদত্ত এই অধিকাৰ নিৰংকুশ নহয়৷ উপৰি উক্ত অনুচ্ছেদ ১৯ (১)-ৰ ক উপখণ্ডৰ দ্বাৰা লাভ কৰা বাক্‌ আৰু অভিব্যক্তিৰ স্বতন্ত্ৰতাই ৰাষ্ট্ৰৰ আন কোনো আইনৰ কাৰণে হেঙাৰ হব নোৱাৰে৷ লগতে এই অধিকাৰে আন কোনো আইন প্ৰণয়নৰ ক্ষেত্ৰতো বাধা দিব নোৱাৰিব৷ বাক্‌ স্বাধীনতাৰ অধিকাৰ সাব্যস্ত কৰাৰ সময়ত আমি প্ৰতিজনেই আমাৰ দেশৰ প্ৰভুত্ব আৰু অখণ্ডতা, ৰাজ্যৰ নিৰাপত্তা, বিদেশী ৰাষ্ট্ৰৰ লগত মৈত্ৰীপূৰ্ণ সম্বন্ধ, সাৰ্বজনিক শৃংখলা, শিষ্টাচাৰ আৰু সদাচাৰ, ন্যায়ালয়ৰ গৰিমা অক্ষুণ্ণ ৰখাৰ দায়িত্বও লব লাগিব৷ কিন্তু আমি বহু সময়ত অধিকাৰৰ কথা আলোচনা কৰো যদিও আমাৰ দায়িত্বৰ কথা পাহৰি যাও৷ ছপা মাধ্যম, ডিজিটেল মাধ্যম তথা সামাজিক মাধ্যমৰ প্ৰসাৰৰ লগে লগে বাক্‌ স্বাধীনতাৰ নামত সংবিধান প্ৰদত্ত এই অধিকাৰৰ অনৈতিক ব্যৱহাৰে আমাৰ সাংবিধানিক ব্যৱস্থাটোকেই বিপদাপন্ন কৰা পৰিলক্ষিত হৈছে৷ এয়া সুস্থ গণতন্ত্ৰৰ লক্ষণ হব নোৱাৰে৷ মতাদৰ্শৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ বাক্‌ স্বাধীনতাৰ আশ্ৰয় লৈ, আমাৰ দেশৰ ঐক্যক বিঘ্নিত কৰা সকলো প্ৰচেষ্টাকেই আইনগত ব্যৱস্থাৰে নিৰ্মূল কৰা প্ৰয়োজন৷ কিন্তু এইক্ষেত্ৰত শাসনাধিষ্ঠ চৰকাৰৰ কৰ্মশৈলীও পক্ষপাতদুষ্ট হব নোৱাৰে৷ চৰকাৰৰ সমৰ্থনকাৰী যিকোনো কথাই যদি আন ব্যক্তিৰ মৰ্যাদা হানি কৰে, তেন্তে সেয়া বাক্‌ স্বাধীনতাৰ পৰিপন্থী আৰু আইনৰ আওতাত শাস্তিযোগ্য৷ এইক্ষেত্ৰত চৰকাৰে নিৰপেক্ষ পদক্ষেপেৰে স্বাধীনতাৰ প্ৰকৃত অৰ্থক চৰিতাৰ্থ কৰিব লাগে৷ সংবিধানৰ এই অনুচ্ছেদৰ ভিত্তিতেই ভাৰতবৰ্ষত প্ৰেছৰ অৰ্থাৎ ছপা মাধ্যমৰ স্বতন্ত্ৰতা সংৰক্ষণ কৰা হৈছে৷ নিজৰ আৰু দহৰ ভাবধাৰা আৰু চিন্তাশৈলীৰ প্ৰসাৰ বাক্‌ স্বাধীনতাৰেই এক বিশেষ ৰূপ৷ এইক্ষেত্ৰত প্ৰেছৰ গুৰুত্ব অপৰিসীম৷ যিকোনো মতাদৰ্শৰ প্ৰসাৰৰ ক্ষেত্ৰত ছপা মাধ্যমে মুখ্য ভূমিকা লয় আৰু সেয়েহে এই মাধ্যমৰ স্বাধীনতাও এখন সন্তুলিত সমাজৰ কাৰণে অতি প্ৰয়োজনীয়৷ সংবিধানৰ অনুচ্ছেদ ১৯(১)ক -ৰ অধীনত প্ৰেছৰ স্বতন্ত্ৰতাও (Freedom of Press) সুনিশ্চিত কৰা হৈছে৷ যিদৰে ব্যক্তি তথা চৰকাৰে অধিকাৰ সাব্যস্ত কৰাৰ সমান্তৰালকৈ নিজৰ দায়িত্ব পূৰণ কৰিব লাগে, ঠিক একেদৰে  প্ৰেছৰো গুৰু দায়িত্ব আছে৷ ছপা মাধ্যমত প্ৰকাশিত বাতৰিৰ সত্যতা, মতামতৰ গ্ৰহণযোগ্যতা সন্দৰ্ভত বিশেষ গুৰুত্ব দি সামাজিক ভাৰসাম্য বজাই ৰখাটো প্ৰেছৰ দায়িত্ব৷ জনসাধাৰণ, ছপা মাধ্যম তথা চৰকাৰে নিৰপেক্ষতাৰে নিজৰ দায়িত্ব পালন কৰিহে নিজৰ অধিকাৰ সাব্যস্ত কৰিলে আমাৰ গণতন্ত্ৰৰ গৰিমা প্ৰকৃতাৰ্থত অক্ষুণ্ণ থাকিব৷

        সংবিধানৰ অনুচ্ছেদ ১৯(১)-ৰ অধীনত শান্তিপূৰ্ণ তথা অস্ত্ৰবিহীনভাৱে গোট খোৱাৰ অধিকাৰ দিয়া হৈছে৷ কিন্তু এই অধিকাৰৰ ক্ষেত্ৰতো আমি প্ৰতিজনৰে দায়িত্ব আছে৷ বিৰোধ কৰাৰ অধিকাৰ আমাৰ আছে৷ মতবিৰোধ সাব্যস্ত কৰাৰ কাৰণে আন্দোলন, ধৰ্ণা দিয়াৰ অধিকাৰো আমাক সংবিধানে দিছে৷ কিন্তু এনে ধৰণৰ যিকোনো প্ৰদৰ্শন শান্তিপূৰ্ণ, সাৰ্বজনিক শৃংখলা বজাই ৰখা আৰু আইনগত বাধা-নিষেধৰ অধীন হোৱাটো বাঞ্ছনীয়৷ সাম্প্ৰতিক কালত দেশৰ বিভিন্ন প্ৰান্তত শান্তিপূৰ্ণ প্ৰদৰ্শনৰ অধিকাৰৰ আলমত বিভিন্ন হিংসাত্মক উগ্ৰ আন্দোলন দেখা গৈছে৷ ২৬ জানুৱাৰিৰ কৃষক আন্দোলনৰ গইনা লৈ নতুন দিল্লীত হোৱা হিংসাত্মক প্ৰদৰ্শন ইয়াৰ জ্বলন্ত উদাহৰণ৷ এইক্ষেত্ৰতো জনসাধাৰণ নিজৰ দায়িত্বৰ প্ৰতি সচেতন হোৱাৰ প্ৰয়োজনীয়তা আছে৷ আমি নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ আন এজনৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰো৷ চৰকাৰে এইক্ষেত্ৰতো নিৰপেক্ষতাৰে আইনৰ ভিত্তিত কাম কৰি দেশবাসীৰ প্ৰতিজনৰে স্বতন্ত্ৰতা ৰক্ষা কৰাটো কাম্য৷

        পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ মৰ্যাদা ৰক্ষাৰ হেতু ভাৰতবাসীৰ গুৰু দায়িত্ব আছে৷ সংবিধান প্ৰদত্ত সমূহ অধিকাৰ সাব্যস্তৰ সময়ত আমি দায়িত্বশীল হলেহে আমাৰ ৭৫ বছৰীয়া স্বাধীনতাই পূৰ্ণ সন্মান পাব আৰু আমাৰ দেশ প্ৰকৃততে এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, লোকতান্ত্ৰিক, গণৰাজ্য ৰূপে চিহ্নিত হৈ থাকিব অনন্তকাললৈ৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ