অমৃত গোস্বামী
বুৰঞ্জীত ঘটনাপ্ৰৱাহৰ ঘাইকৈ তথ্যনিৰ্ভৰ বিস্তৃত বিৱৰণ পোৱা যায়। অন্যহাতেদি বুৰঞ্জীমূলক উপন্যাস একোখনত ঘটনাপ্ৰৱাহৰ বিৱৰণৰ উপৰিও সাহিত্যিক কল্পনাৰো সমাহাৰ ঘটে।
‘কালনেমী’ ওৰফে ‘নদাই সঁজাতী’ হ’ল প্ৰখ্যাত ঔপন্যাসিক ৺দেবেন্দ্ৰনাথ আচাৰ্য দেৱৰ ‘কালপুৰুষ’ নামৰ বিখ্যাত বুৰঞ্জীমূলক উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ। এই চৰিত্ৰটোৰ মুখেৰেই ঔপন্যাসিকগৰাকীয়ে গৌৰৱময় আহোম ইতিহাসৰ নিৰ্দিষ্ট সময় এছোৱাৰ বৰ্ণনাৰ লগতে, কিছু সাহিত্যিক কল্পনাৰো সমাহাৰ ঘটাই, ৰসগ্ৰাহী পাঠকে পঢ়ি আনন্দ লভিব পৰাকৈ এখনি যথাৰ্থ উপন্যাস ৰচনা কৰিছে।
আহোম স্বৰ্গদেউ এজনৰ ‘সঁজাতী’ হোৱাটো উলা-মূলা কলিজাৰ অধিকাৰী মানুহৰ কাম নাছিল। ৰজাৰ বা ৰাজ্যৰ একান্ত আজ্ঞাৱহ হ’বলৈ সঁজাতীৰ থাকিব লাগে প্ৰচুৰ মনোবল, দেহত লাগে প্ৰচণ্ড শক্তি। কিয়নো অৰ্পিত কাৰ্য কায়মনোবাক্যে সম্পাদন কৰাটো সঁজাতীৰ ধৰ্ম।
আহোম স্বৰ্গদেউ বুঢ়াৰজা প্ৰতাপসিংহৰ দিনৰ পৰা এই ‘সঁজাতী’ বুলি একোফৈদ নতুন বিষয়াৰ সৃষ্টি কৰা হৈছিল। এওঁলোক স্বৰ্গদেৱৰ অত্যন্ত আপোন, বিশ্বাসী লোক। কোমল বয়সতে নিৰ্বাচিত কৰি শিকাই-বুজাই, সকলো বিদ্যাতে পাৰ্গত কৰি লোৱা এওঁলোক ধনু, হিলৈ, হেংডান এই সকলো অস্ত্ৰ-শস্ত্ৰ সমানে চলাব পৰা একো-একোজন পাকৈত ৰণুৱা।তদুপৰি এওঁলোক চৰীয়া, কটকী আৰু দূতো। এওঁলোক স্বৰ্গদেৱৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ ইফালে সিফালে, বিভিন্ন কামত ঘূৰি-ফুৰিব লাগে। এনেদৰে ভ্ৰমি ফুৰি স্বৰ্গদেৱক ডাঁৰৰ বাতৰি ডাঁৰে জনাব লাগে। ডাঙৰীয়া ফুকনবোৰক ৰাজ-আজ্ঞা প্ৰেৰণ কৰিব লাগে, পৰামৰ্শও দিব লাগে। শত্ৰু-মিত্ৰ সকলোৰে গুপুত বতৰা লৈ স্বৰ্গদেৱক জনাব লাগে। স্বৰ্গদেউৰ নিৰ্দেশ অনুযায়ী ফুকন, বৰুৱা আদি বিষয়াবোৰৰ ভঙা-পতাৰ বাতৰিবোৰো তেওঁলোকক দিব লাগে। প্ৰয়োজনত কোনো ডাঙৰীয়া-ফুকনবোৰক বন্দী কৰিও আনিব লাগে। মুঠৰ ওপৰত সঁজাতী হ’ল স্বৰ্গদেউসকলৰ অতি বিশ্বস্ত একো-একোজন একেবাৰে নিৰ্ভৰযোগ্য বিষয়া।
গতিকে সঁজাতীসকল হ’ল স্বয়ং ৰজাই নিৰ্বাচিত কৰা আহোম ৰাজত্বকালৰ ৰজাৰ তথা ৰাজসভাৰ একবাৰে নিৰ্ভৰযোগ্য, বিশ্বস্ত আৰু ভিতৰপকীয়া ৰজাৰ তলতীয়া বিষয়া। তেওঁলোকে ৰাজ-কাৰ্য পৰিচালনাৰ সকলোবিলাক কাৰ্যতে একেবাৰে ওচৰৰ পৰা ভাগ লৈছিল। একেবাৰে বিশ্বস্ত আৰু ভিতৰপকীয়া হ’লেও কিন্তু সঁজাতীসকলে ৰাজকাৰ্য পৰিচালনাৰ কোনো কাৰ্যতে প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিব নোৱাৰিছিল; এওঁলোকৰ ভূমিকা শাসন পদ্ধতিৰ একেবাৰে ধৰাবন্ধা কঠোৰ নীতি অনুসৰি সদায়েই পৰোক্ষ অথচ বিশ্বস্ত। সঁজাতী ৰাজকাৰ্যৰ সকলো ক্ষেত্ৰতে উপস্থিত থাকে, কিন্তু ‘লাও যিমানেই ডাঙৰ নহওক পাতৰ তল’ত থকাৰ দৰেহে।
আহোম স্বৰ্গদেউসকলৰ বাবে দূৰ-দূৰণিৰ কৰ-কাটল সংগ্ৰহ কৰা কামটো বৰ সহজ কাম নাছিল। শাসনৰ ক’ত কি কেৰোণ লাগিছে তাৰ ঊঁহ লৈ, বা-বতৰা আহৰণ কৰি, স্বৰ্গদেউসকলক সকলো বা-বতৰা জনাই, কৰ-কাটল সংগ্ৰহত হোৱা অসুবিধাসমূহ দূৰ কৰাৰ নিমিত্তে ভিতৰুৱাকৈ পৰামৰ্শ আগবঢ়োৱাটো সঁজাতীৰ কৰ্তব্যসমূহৰ ভিতৰৰ এক প্ৰধান কৰ্তব্য আছিল।
কম বয়সীয়া ল’ৰা এজনে এবাৰ সমনীয়াহঁতৰ লগত নদীৰ পাৰত বালিৰ গড় পতাৰ ধেমালি কৰিছিল। সেই ধেমালিৰ ৰণ পাছত তেওঁলোকৰ মাজৰ সঁচাসঁচি ৰণত পৰিণত হ’ল। দোলাত উঠি ভ্ৰমণ কৰা ৰজাই সেই ৰণ প্ৰত্যক্ষ কৰি কৰি চেঙেলীয়াৰ সাহসৰ উমান পালে, আৰু চেঙেলীয়াক ৰাজকাৰ্যৰ বাবে নিৰ্বাচন কৰিলে। কালক্ৰমত সেই চেঙেলীয়া ল’ৰাটো বুঢ়াৰজাৰ ৰাজত্বকালৰ ‘নদাই সঁজাতী’ বা কালনেমী নামেৰে বিখ্যাত হ’ল।
সঁজাতীৰ নিজাকৈ ঘৰ, পো-পৰিয়াল বা সংসাৰ নাথাকে। সমগ্ৰ দেশখনেই তেওঁৰ ঘৰ, ৰজা আৰু দেশৰ সমস্ত প্ৰজাই তেওঁৰ পৰিয়াল। আনকি সঁজাতী হোৱাৰ পাছত পিতৃ-মাতৃ প্ৰদত্ত নিজৰ নামটোও সলনি কৰি দিয়া হয়। সঁজাতীলৈ উঠাৰ পাছত সেই কাৰণেই নদাইৰ নামটো, স্বৰ্গদেৱে ‘নদাই’ৰ ঠাইত ‘কালনেমী’ ৰাখিছিল।
দিনটো আছিল স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালৰ, এবাৰৰ মাঘবিহুৰ আগদিনাখন। দিচৈপৰীয়া গাঁওখনৰ লোকসকল তেতিয়া মেজিঘৰ সজাত ব্যস্ত। তেনেতে তেওঁলোকে দেখিবলৈ পালে, “দিচৈ পাৰৰ একা-বেঁকা বঙিয়াইদি ঢকা কোবাই আগ বাঢ়িছিল এজন জীৰ্ণ-শীৰ্ণ বৃদ্ধ; কান্ধত জোলোঙা, হাতত লাখুটি, পিন্ধনত ছিৰলি ছিৰলি জলম। খীণ দুৰ্বল দেহ। খোজেপতি উজুটি খায়। বাৰে বাৰে হামখুৰি খাই পৰে আৰু উঠে।” ডেকা কেইজনমান আগ বাঢ়ি গৈ বৃদ্ধক আনি, নৰাৰে সজা মেজিঘৰৰ ভিতৰ পোৱালেহি, আৰু পাৰ্যমানে শুশ্ৰূষা কৰিলে। কিছু সময়ৰ পাছত সুস্থ হৈ উঠিলত সেই জীৰ্ণ-শীৰ্ণ বৃদ্ধৰ মুখেদিয়েই গাঁওবাসীয়ে জানিবলৈ পালে– বৃদ্ধ কোনো এলাপেচা লোক নহয়; আহোম-মোগলৰ শৰাইঘাটৰ যুদ্ধত বিশেষভাৱে অংশগ্ৰহণ কৰা, কেইবাবাৰো লুইতৰ পানী তেজেৰে ৰাঙলী হোৱা দেখিবলৈ পোৱা, আৰু এতিয়া জীৱনৰ বিয়লি বেলা অতীত স্মৃতিয়ে সপোনে-দিঠকে লগ নেৰা, খৰঙীৰ বিখ্যাত নদাই সঁজাতী তেৱেঁই। ভৰা লুইতৰ বুকুৰ যুদ্ধৰ মাৰনাও, গজহস্তীৰ সমদল, যুদ্ধৰ কিৰিলি-হৈধ্বনি, এইবোৰৰ স্মৃতি এতিয়া তেওঁৰ বৃদ্ধকালৰ চিৰ সহচৰ।
শয়নে-সপোনে অতীত স্মৃতিয়ে লগ নেৰা এই বৃদ্ধজনে, অৰ্থাৎ নদাই সঁজাতীয়ে আহোম ৰাজত্বকালৰ শৌৰ্য-বীৰ্যৰ, ৰণনিপুণ কীৰ্তি-কলাপৰ বুৰঞ্জী অৰ্থাৎ নিজৰেই বুৰঞ্জী মেজিঘৰৰ ডেকা-চেঙেলীয়াৰ অনুৰোধ মৰ্মে তেওঁলোকৰ আগত একাদিক্ৰমে বৰ্ণনা কৰিছিল। এজন বুৰঞ্জীবিদৰ দৰে, নিজৰেই জীৱনৰ ঘটনাপ্ৰৱাহ অৰ্থাৎ বুৰঞ্জী, যিবিলাকৰ কিছুমান কথা আনুষ্ঠানিকভাৱে বিৰচিত বুৰঞ্জীৰ কিতাপতো উল্লেখ কৰা নহয় সেই সমস্ত কাহিনী, মেজিঘৰৰ শ্ৰোতাৰ আগত নদাই সঁজাতীয়ে বৰ্ণনা কৰিছিল।
এনেদৰেই বুৰঞ্জীত থকা বিভিন্ন চৰিত্ৰৰ মাজৰেই এজন, নদাই সঁজাতীৰ বৰ্ণনাৰে আৰম্ভণি হোৱা প্ৰয়াত আচাৰ্যদেৱৰ, বিখ্যাত বুৰঞ্জীমূলক উপন্যাস ‘কালপুৰুষ’ৰ ‘নদাই সঁজাতী’ এক ব্যতিক্ৰমী চৰিত্ৰ।
প্ৰচুৰ প্ৰত্যুৎপন্নমতি, পৰাক্ৰমী যোদ্ধা নদায়ে ৰাজ্যৰ খাতিৰত ‘জখলা ওলোটোৱা’, ৰাজ-অভিষেকৰ বাবে অতীৱ প্ৰয়োজনীয় দুৰ্লভ বস্তুকেইপদ, অৰ্থাৎ চোমদেও, হেংডান আৰু আঙুঠি বিচাৰি পৰিত্যক্ত ৰাজধানী গড়গাঁৱত অভিযান চলাই, বিষাক্ত সাপে লিকলিকাই থকা আন্ধাৰ নাগিনী গাঁতৰ পৰা উদ্ধাৰ কৰাকে আদি কৰি ভালেমান দুঃসাহসিক আৰু সংকটপূৰ্ণ অভিযানত অংশগ্ৰহণ কৰিবলগীয়া হৈছিল। তেওঁ কেইবাবাৰো মোগলৰ বিৰুদ্ধে হোৱা ৰণত আগভাগ ল’বলগীয়া অবস্থাৰো সৃষ্টি হৈছিল ।
নদাই আছিল দঁৰি দি, অৰ্থাত ফঁয় এডালৰ সহায়ত, ঘোঁৰা চোৱাৰী শত্ৰুক ধৰাৰ ৰণকৌশল প্ৰয়োগ কৰা কাৰ্যত পাৰ্গত। এইদৰে দঁৰি দি কেইবাটাও বঙাল শত্ৰুক তেওঁ ধৰিব পাৰিছিল।
দেশ ৰক্ষাৰ খাতিৰত আহোম ৰাজতন্ত্ৰই ভালেমান বাৰ আক্ৰমণকাৰী বঙাল, অৰ্থাৎ মোগলসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলগীয়া হৈছিল। এই ৰণবোৰ বছৰ বছৰ ধৰি লানি নিছিগাকৈ চলিছিল। কেইবাবাৰো আহোমসকল এই ৰণত পৰাস্ত হৈছিল; দুয়োপক্ষৰ অনেক সৈন্য-সামন্তৰ মৃত্যু ঘটিছিল। প্ৰজাৰ অনেক দুখ-দুৰ্গতি হোৱাৰ উপৰি কেইবাবাৰো ৰজাই ৰাজধানী গড়গাঁৱলৈ পিছ দি, ইফালে সিফালে পলাই থাকিবলগীয়া অৱস্থাৰো সৃষ্টি হৈছিল। এবাৰ আনকি বকতাত নতুনকৈ অস্থায়ী ৰাজধানী পাতিবলগীয়াও হৈছিল। সেইবোৰ দুৰ্যোগৰ সময়ত দুৰ্দান্ত সাহসী কালনেমীয়ে ৰজাৰ লগত, ৰজাৰ ছাঁৰ দৰে থাকি, ৰজাক বিভিন্ন প্ৰকাৰে সহায়-সাৰথি আগ বঢ়াইছিল।
শৰাইঘাটৰ ৰণত আহোম সৈন্যই সেনাপতি, বীৰ লাচিত বৰফুকনৰ নেতৃত্বত যুঁজ দি মোগলক পৰাস্ত কৰিছিল। এই ৰণত মোগলক পিছ হোঁহকাই নি একেবাৰে মানাহ নদী পৰ্যন্ত ঠেলি থৈ আহিছিল। সেই বীৰ লাচিত বৰফুকনৰ লগতে আছিল আমাৰ নদাই সঁজাতী বা কালনেমী। তীৰকঁপে জ্বৰ উঠি, ভ্ৰম বকি থকা অৱস্থাতো বৰফুকনে অত্যন্ত বিশ্বাসযোগ্য কালনেমীৰ পৰা যুদ্ধৰ বতৰা লৈ আছিল।
এসময়ত লোকৰ কান্ধত ভৰ দি চালপীৰাত উঠি বঙালৰ অগ্ৰগতি নিৰীক্ষণ কৰি থকা বৰফুকনে, বঙাল আহি লুইতৰ মাজ পোৱা দেখা পাই, নাৱেৰে খেদি যাবলৈ উদ্যত হৈছিল। অন্যহাতেদি সেইটো সময়ত মঙ্গলতীয়ে কোন ক্ষণত বঙালৰ ওচৰত জঁপিয়াই পৰিব, সেই বিষয়ে মঙ্গল চাইহে আছিল; সঁজাতী উত্তেজনাত কঁপি উঠিছিল!
বঙালৰ নাও অশ্বক্লান্তৰ ওচৰৰ পকনীয়াত সোমাই ভটিয়াব নোৱাৰা অৱস্থা হ’লত গণকে আক্ৰমণৰ উত্তম লগ্ন মিলিলে বুলি মত দিলে। নৰিয়াত পৰা বৰফুকনে ঘপ কৰে উঠি সঁজাতী কালনেমীৰ কান্ধতে ভৰ দি, ‘ফেটী সাপৰ মূৰ ছিঙা খোজ’ দি গৈ নাৱত উঠিল। সাতখন নাৱেৰে হিলৈ মাৰি বঙালক সমুখৰ পৰা আগচি ধৰিলে। আচম্বিতে আহোমে উভতি ধৰিব বুলি বঙাল সাজু নাছিল। বঙালৰ অনেক সৈন্য মুছকঁচ গৈ, পানীত পৰি মৃত্যুমুখত পৰিল; নাৱত থকা ঘোঁৰাই মাজপানীত জাঁপ দিলে। পিঠিত আহোমৰ কাঁড়ে বিন্ধা ৰচিদ খাঁ পানীত পৰিল। বঙালৰ মাৰনাও ফালি চিৰাচিৰ দিলে। লুইত বঙালৰ তেজেৰে ৰাঙলী হ’ল। বঙাল আৰু কেতিয়াও ঘূৰি আহিব নোৱাৰে বুলি বৰফুকন একেবাৰে নিশ্চিত হ’ল। এঘড়ী ৰণতেই চাৰি কুৰি বছৰে সমাধান নোহোৱা, চিকুণী অসম দেশৰ বঙালৰ উপদ্ৰৱৰ সমস্যাৰ অন্ত পৰিল। —
সেই সকলোখিনি সময়ত বৰফুকনৰ কাষে কাষে থকা, শৰাইঘাট যুদ্ধৰ জীৱন্ত ইতিহাস কওঁতা, নদাই সঁজাতীৰ মাঘমহীয়া পথাৰৰ বুকুতে, মেজিজুইৰ কাষতে শেষ সময় আহি উপস্থিত হ’লহি।
মেজীঘৰৰ জুইৰ পোহৰতে তেওঁ কৈ গ’ল যে আমাৰ সোণৰ দেশখনত শত্ৰু বঙাল চিৰদিনৰ নিমিত্তে নোহোৱা হ’লেও, ৰাজ্যৰ আলৈ-আথানি অৱস্থা হ’ল। ‘উঠি ৰজা লিকচৌ ঘোঁৰাত উঠি যায়, বহিৰজাৰ কটকীয়ে শুদা ভাত খায়।’ ঘৰশত্ৰুবোৰ জাকে জাকে পাবত গজি, মূৰ দাঙি উঠিল। দুৰ্বল বিষয়ববীয়াৰ কথাত ৰজা উঠা-বঢ়া কৰিবলৈ আৰম্ভ কৰিলে। এজন গোঁহায়ে ৰজাক মাৰি নিজে ৰজা হ’ল। সঁজাতীৰ নিজৰ অৱস্থাও একেবাৰে বেয়া হ’ল। দুৰ্বল শৰীৰ; তেওঁ এতিয়া খুজি-মাগিহে খায়।
তেওঁ কৈ গ’ল, মৃত্যুক্ষণৰ তেওঁৰ মুখৰ কথাবোৰ প্ৰলাপ নহয়। তেওঁক ঢাকি দিব নেলাগে, কাৰণ তেও সম্পূৰ্ণ বন্ধনমুক্ত হৈ মৃত্যুবৰণ কৰিব বিচাৰে।
উপন্যাসখনত পোনতেই উল্লেখ কৰা দিচৈপৰীয়া, মেজিঘৰৰ জুইৰ কেউফালে বহি মাজৰাতি
নদাই সঁজাতী ওৰফে কালনেমীৰ আত্মকাহিনী শুনি থকা ৰাইজসকল সিমানপৰে মন্ত্ৰমুগ্ধ হৈ
আছিল।
---
ঠিকনা :
চন্দননগৰ, চাৰ্ভে, বেলতলা
গুৱাহাটী
-৭৮১ ০২৮
ফোন
নং ৯৪৩৫০ ১৪৪৫৫