অন্যযুগ/


জোনবাইৰ দেশলৈ উৰা মাৰিলে চন্দ্ৰযান‌ -৩

 নাছিৰ আহমেদ

 

অতীজৰে পৰা চন্দ্ৰ সম্পৰ্কে বিভিন্ন ধৰ্মীয় আখ্যান, কিংবদন্তি, সাধুকথা প্ৰচলিত হৈ আছে। হিন্দুধৰ্মীয় বিশ্বাসমতে চন্দ্ৰ হল দেৱতা; যাৰ মাথোঁ এখন মুখ আৰু দুখন হাত আছে আৰু হাত দুখনে পদুম ফুল ধৰি আছে। চন্দ্ৰই মন, অনুভূতি, নাৰীসুলভ বৈশিষ্ট্য, সৌন্দৰ্য আৰু শান্তিৰ প্ৰতিনিধিত্ব কৰে। 

ইছলামিক মতে চন্দ্ৰ হল অজ্ঞান অন্ধকাৰত নিমজ্জিত জীৱনৰ পথ-প্ৰদৰ্শক। এনেকি ঈশ্বৰৰ ক্ষমতা প্ৰদৰ্শন কৰাৰ বাবে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক মোস্তফা হজৰত মহম্মদে এবাৰ অবিশ্বাসীসকলৰ সম্মুখত চন্দ্ৰক দুই ভাগত ভাগ কৰি দেখুৱাইছিল।

গ্ৰীক আৰু ৰোমানসকলে চন্দ্ৰক লুনা দেৱী হিচাপে পূজা-অৰ্চনা কৰিছিল। সাধুকথাতো চন্দ্ৰ সম্পৰ্কে বহুতো ৰসাল কাহিনী আছে। আমাৰ অসমীয়া ওমলা গীততো আছে-  জোনবাই এ এটি তৰা দিয়াঁ, এটি তৰা নেলাগে, দুটি তৰা দিয়াঁ; পাত নাই চোত নাই কিহতকৈ দিম?” 

কবি-সাহিত্যিকসকলেতো এতিয়াও জোনবাইক লৈ নানা ৰঙীন স্বপ্নৰ ডেউকা মেলে। চন্দ্ৰ সম্পৰ্কে থকা এই আখ্যান, কিংবদন্তি, সাধুকথা শুনি শুনি বিজ্ঞানীসকলৰ অনুসন্ধিৎসা জাগ্ৰত হৈছিল চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ। নানা পৰীক্ষা-নিৰীক্ষা  পাছত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এপ -১১ যানত উঠি ১৯৬৯ চনত নীল আৰ্মষ্ট্ৰঙে সহচৰৰ সৈতে  চন্দ্ৰত খোজ পেলাইছিল। পাছলৈ ৰাছিয়া আৰু চীনদেশেও চন্দ্ৰ অভিযান আৰম্ভ কৰে।

আমাৰ ভাৰতবৰ্ষয়ো পোন প্ৰথমবাৰৰ বাবে ২০০৮ চনত চন্দ্ৰযান-১ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ সক্ষম হৈছিল। সেই অভিযানত কেৱল লুনাৰ প্ৰব এটা চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাই তাৰ পৃষ্ঠভাগৰ বিভিন্ন তথ্য সংগ্ৰহ কৰা হৈছিলত আৰু সেই অভিযানেই প্ৰথম বাৰৰ বাবে চন্দ্ৰপৃষ্ঠত জলীয় বাষ্পৰ ৰূপত পানীৰ অৱস্থিতি ধৰা পেলাইছিল। ২০০৮ চনৰ সফল অভিযানৰ পাছত ২০১৯ চনত চন্দ্ৰযান -২ উৰা মাৰিলেও শেষ পৰ্যন্ত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ সক্ষম নহল। 

এইবাৰ ২০২৩ চনৰ ১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰী হৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা আই এছ আৰ অ (ISRO) তত্ত্বাৱধানত এল ভি এম থ্ৰি (LMV3 MH) ৰকেট উৎক্ষেপণৰ জৰিয়তে দিনৰ ২.৩৫ মিনিটত ৬১৫ কোটি টকা মূল্যৰ চন্দ্ৰযান-৩ জোনবাইৰ দেশলৈ উৰা মাৰে। এই ঐতিহাসিক ঘটনাৰ সাক্ষী হৈ ৰল ভাৰতৰ কোটি কোটি জনগণ।

এই চন্দ্ৰযান- ৩ ৰ সৈতে সংপৃক্ত হৈ আছে তিনিটা প্ৰধান সমল প্ৰপালশ্যন মডিউল (Propulsion module), লেণ্ডাৰ (Lander) যাৰ নাম দিয়া হৈছে বিক্ৰম আৰু ৰভাৰ (Rover )যাৰ নাম দিয়া হৈছে প্ৰজ্ঞান) যদিও এই অভিযানত অৰ্বিটাৰ (Orbiter) যুক্ত নহয়। অৰ্বিটাৰৰ ঠাইত কেৱল প্ৰপালশ্যন মডিউলহে এই অভিযানত ব্যৱহাৰ কৰা হৈছে। চন্দ্ৰযান-২ৰ যিটো অৰ্বিটাৰ সি এতিয়াও সক্ৰিয় হৈ আছে বাবে তাৰ সহায়তে এই অভিযান সম্পন্ন কৰা হ’ব।

যদি সকলো ঠিক মতে চলে, তেনেহলে চন্দ্ৰযান-৩ ৰ পৰা লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানে  ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব। ইয়াৰ আগতে চন্দ্ৰলৈ অভিযান তিনিখন ৰাষ্ট্ৰ (আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, চীন) আৰু ভাৰতৰ চন্দ্ৰযান ১ চন্দ্ৰৰ বিষুৱীয় অঞ্চলত অৱতৰণ কৰিছিল; ত উজ্জ্বল পোহৰ বিৰাজমান। কিন্তু এইবাৰ চন্দ্ৰযান-৩ এই সুবিধাজনক অঞ্চল বাদ দি বিভিন্ন কাৰণত দক্ষিণ মেৰুত অৱতৰণ কৰিব বিচাৰিছে; ত কেতিয়াও সূৰ্যৰ নপৰা ঘোৰ অন্ধকাৰ অঞ্চল আৰু মাইনাছ ২৩০ ডিগ্ৰী তাপমাত্ৰা বিৰাজমান।

ইয়াৰ প্ৰতিটো বস্তু গোটমৰা বৰফ হৈ থাকে। ইমান বিপদ-সংকুল পৰিস্থিতিৰ সম্মুখীন হৈও চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰি ইয়াৰ পৰিৱেশ, প্লাজমাৰ বৈশিষ্ট্য, পানীৰ সন্ধান আৰু সৌৰ-কেন্দ্ৰিক ধাৰণা ইত্যাদি পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা বিজ্ঞানীসকলে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব।

আমাৰ অসমীয়াৰ বাবে গৌৰৱৰ বিষয় যে, এই চন্দ্ৰযান-৩ অভিযানত লখিমপুৰ জিলাৰ চয়ন দত্ত নামৰ বিজ্ঞানীগৰাকীও জড়িত হৈ পৰিছে। যিকি নহওক, জোনবাইৰ দেশলৈ উৰা মৰা আমাৰ ভাৰতীয় চন্দ্ৰযান-৩ যাতে সফলতা লাভ কৰিব পাৰে, তাৰ বাবে আহক আমি সকলোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ।

 

ঠিকনা :

শিমলাবাৰী গোৱালপাৰা।

ভ্ৰাম্যভাষ : ৯১০১৪৬৫৮০৫ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ