অন্যযুগ/


দ্ৰোণ শৰ্মাৰ সপোন

 অমৃত গোস্বামী


আনবোৰ চাহ বাগিচাৰ দৰেই ‘বৰখঙীয়া’ চাহবাগিচাৰো শ্ৰমিকসকলৰ দৰমহা সাপ্তাহিক হিচাপত হয়– প্ৰতি শনিবাৰে৷  

চাহ বাগিচাৰ কাম-কাজবিলাক কম্পিউটাৰাইজ্‌ড্ হোৱাৰ পৰা অৱশ্যে কেৰাণী-মহৰীসকলৰ কাম-কাজৰ বোজা বহুখিনি কমি আহিল৷ লগে লগে তেখেতসকলে চাকৰি ৰক্ষাৰ খাতিৰতে কম্পিউটাৰ শিকিবলৈ বাধ্য হ’ল৷ বৰখঙীয়া চাহ বাগিচাৰ বৰকেৰাণী দ্ৰোণ শৰ্মায়ো আনকি ৰেহাই নাপালে৷ ঘৰত ৰাতিপুৱাই সন্ধ্যা-পূজা কৰি, চুলিত টিলিঙাজবা ফুল এপাহ গুজি লোৱা শৰ্মাই‌ এতিয়া কম্পিউটাৰ এটা সমুখত লৈ বহি কাম কৰি থাকিব লাগে– ছবিখন উপভোগ কৰিবলগীয়া৷  

আগতে বাগিচাবোৰৰ বৰকেৰাণীৰ অফিচত দুজন-তিনিজন তলতীয়া কেৰাণীয়ে সপ্তাহৰ আটাইকেইদিন‌ পুৱাৰ পৰা গধূলি পৰ্যন্ত শ্ৰমিকসকলক দিবলগীয়া মজুৰিৰ হিচাপৰ কাম-কাজবিলাক কৰিবলগীয়া হৈছিল৷ ‌ তদুপৰি বন্ধবাৰতো কেতিয়াবা কেতিয়াবা বাগিচাৰ বহী-পত্ৰ ঘৰলৈ আনি, ঘৰতো সেইবিলাক কামতেই ব্যস্ত হৈ থাকিবলগীয়াত পৰিছিল৷ ‌ এতিয়া আৰু তেনেকুৱা এটা অৱস্থা নোহোৱা হ’ল৷ দীঘে আঢ়ৈফুটমান আৰু পথালিয়ে দুফুটমান জোখৰ সেই হিচাপৰ বহীবোৰ বৰ্তমান চাহ বাগিচাবোৰত দেখিবলৈকে নোহোৱা হ’ল৷ আজিকালি হাজিৰা লোৱাৰ সময়তে অথবা পাতৰ ওজন লোৱাৰ সময়তে শ্ৰমিক এজনৰ দিনটোৰ সকলো তথ্য কম্পিউটাৰত সোমাই যায়৷  আৰু লগে-লগে শ্ৰমিকজনে দিনটোৰ বাবদ পাবলগীয়া টকাৰ-পইচাৰ হিচাপটোও দৈনিক হিচাপতে হৈ যায়৷ পূৰ্বনিৰ্ধাৰিত নিৰিখ মতে কাটিবলগীয়াখিনি কটা-কুটা কৰা দৰমহাৰ বিলখন সপ্তাহৰ নিৰ্দিষ্ট দিনটোত মেচিনত স্বয়ংক্ৰিয়ভাৱে তৈয়াৰ হৈ যায়৷ বৰ্তমান সকলোবিলাক চাহ বাগিচাতে পদ্ধতি একেটাই৷ 

বাগিচাত শ্ৰমিকসকলৰ দৰমহা সাপ্তাহিকত হোৱাৰ বিপৰীতে, বাবুসকলৰ দৰমহা কিন্তু মাহিলি হিচাপতহে হয়৷ এই বাবুসকলৰ দৰমহাটোক লৈহে বাগিচাৰ বৰকেৰাণী দ্ৰোণ শৰ্মাৰ মহা মূৰ কামোৰণি৷ বৰচাহাবৰ মেজাজ বুজি মাহটোৰ একেবাৰে শেহৰ ফালৰ কোনোবা এটা দিনত শৰ্মাই দৰমহাৰ বিলখনত চাহাবৰ  চহীটো কৰাই লয়৷ বাবুসকলৰ দৰমহাৰ এই দিনটোৰ চিন্তাতে মাহটোৰ বেছিখিনি সময় শৰ্মাই বৰ ভয় আৰু উৎকণ্ঠাত কটাব লাগে৷ ‌

কোনে জানো কৈছিল– হাকিমৰ চাকৰি বোলে ‘ইফালে গ’লে ভূতে পায়, সিফালে গ’লে বাঘে খায়’ৰ লেখীয়া৷ এবাৰ এজন হাকিমে হেনো উচ্ছৃংখল‌ জনতাৰ দল‌ এটাক নিয়ন্ত্ৰণ কৰিবৰ নিমিত্তে পুলিচক গুলী চালনাৰ নিৰ্দেশ দিবলগীয়া হৈছিল৷ গুলী চালনাৰ ফলত অৱশ্যে কোনো মানুহ হতাহত হোৱা নাছিল৷ ‌ অন্যহাতে উচ্ছৃংখল‌ জনতাকো সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰিব পৰা গ’ল৷  কিন্তু হাকিমজনৰ এই কৃতকাৰ্যতাৰ পাছতো উচ্চ কৰ্তৃপক্ষ তেওঁৰ ওপৰত সন্তুষ্ট নহ’ল৷  কৰ্তৃপক্ষৰ মতে সেইসময়ত সেইখিনি ঠাইত গুলীচালনা কৰিবলগীয়া পৰিস্থিতি‌ এটাৰ উদ্ভৱেই হোৱা নাছিল৷ ‌ গতিকে কৰ্তৃপক্ষই তেওঁক শাস্তি প্ৰদান কৰি ছমাহৰ বাবে নিলম্বিত কৰিলে৷  

দুবছৰমান পাছত একে ধৰণৰ  পৰিস্থিতি এটাৰ আকৌ উদ্ভৱ হ’ল৷ ‘এবাৰ সাপে খালে লেজুলৈকো ভয়’, এইবাৰ হাকিমে পুৰণি অভিজ্ঞতাৰ ভিত্তিত  পুলিচক গুলীচালনাৰ নিৰ্দেশ দিয়াৰ পৰা বিৰত থাকিল৷  ফলত এইবাৰ জনতা নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰিল, আৰু তেওঁলোকে বহুতো ৰাজহুৱা সম্পত্তি নষ্ট কৰিলে৷  

হাকিমৰ সন্মুখতে এনেদৰে ৰাজহুৱা সম্পত্তি নষ্ট কৰা কথাটোত চৰকাৰ এইবাৰ যথেষ্ট পৰিমাণে অসন্তুষ্ট হ’ল, আৰু হাকিমজনক অনিৰ্দিষ্ট কালৰ বাবে চাকৰিৰ পৰা নিলম্বিত কৰিলে৷  

বাবুসকলৰ দৰমহাৰ ক্ষেত্ৰত শৰ্মাৰ অৱস্থাটোও সেই হাকিমজনৰ লেখীয়াই৷ আগতীয়াকৈ দৰমহা দিবলৈ বিচাৰিলে চাহাবৰ গালি– “আজি আঠাইছ-ঊনত্ৰিছ তাৰিখ হৈছেহে! এতিয়াতে দৰমহা দিবৰ হ’লেইনে৷ কালিলৈ বা পৰহিলৈ চহী কৰিম,আজি নালাগে৷ ” – এইবুলি চহীটো ল’বলৈ আগবঢ়াই দিয়া দৰমহাৰ বহীখন চাহাবে শৰ্মাৰ ফাললৈ দলিয়াই দিয়াৰ লেখীয়াকৈ খঙেৰে ঠেলা মাৰি দিয়ে৷  তেনে মুহূৰ্তত বৰচাহাবলৈ বাঘৰ সমান ভয় কৰা শৰ্মাৰ মুখখন তেতিয়া বেছ চাবলগীয়া হয়! 

সেইটোকে নকৰি দৰমহা দিবলৈ একেবাৰে ত্ৰিছ বা একত্ৰিছ তাৰিখলৈ ৰৈ থাকিলেও আকৌ বিপদ৷ বাবুসকলৰ কোনোবা-কোনোবাৰ ঠাট্টা-মস্কৰা শুনিব লাগে– “এনে বৰকেৰাণীটো ওলাইছে! আজি ইমান তাৰিখ হ’ল, দৰমহাটোকে দিব পৰা নাই৷ ৰংজুলি, কাকতিবাৰী সকলোতে দৰমহা হ’ল৷ আমাৰনো কি কৰি থাকে জানো? সেইবোৰ বাগিচা দেখোন‌ আমাৰখনতকৈ ডাঙৰহে, বাবুও ঢেৰ৷ সেইবোৰতে যদি দৰমহা হ’ব পাৰে, আমাৰ ইয়াতনো কিয় নোৱাৰে?” 

কিবা প্ৰকাৰে চাহাবৰ চহীটো যেনিবা লোৱা হ’ল৷ হ’লে কি হ’ব? এইবাৰ ‘ভূতৰ ওপৰতে দানহ পৰাদি’ প্ৰিণ্টাৰটোৱে আকৌ অসুবিধা দিছে৷ ‌চুইচ্ছটো অন কৰি দিওঁতে প্ৰিণ্টাৰটোত থকা ইণ্ডিকেটৰ লাইটবোৰৰ গোটেইকেইটা জ্বলি উঠি ক্ষন্তেক পাছতে আকৌ গোটেইকেইটাই নুমাই যায়৷ কি বা হ’ল প্ৰিণ্টাৰটোৰ! বাবুসকলৰ দৰমহাৰ বিলখন‌ প্ৰিণ্ট কৰি উলিয়াব পৰা নাই৷ ‌ আনহাতে দৰমহাৰ বিল প্ৰিণ্ট কৰিব পৰা ডাঙৰ প্ৰিণ্টাৰ গোটেই বাগিচাৰ অফিচটোতে আন এটা নাই৷  মহা মস্কিলখন হ’ল!

এইবোৰ বিষয়ত ডেকাল’ৰা ভট্টাচাৰ্য বহুত পাৰ্গত৷ বাগিচাখনৰ গোটেই কম্পিউটাৰ ছিষ্টেমটো তেওঁয়েই চায়৷ ‌শৰ্মাৰ তলতীয়া শইকীয়াই একোবত গৈ ভট্টাচাৰ্যকো মাতি আনিলে৷ দুয়োজনেই লাগি আছে৷ পিছে নাই, কামটো হোৱা নাই! পূজাৰ আগৰ দৰমহা! কোনোবা এজনে দৰমহা সেইদিনা হ’ব নে নহ’ব খবৰ কৰিবলৈ আহি মন্তব্য কৰিলে, “আজিলৈ কিয় ৰৈ থাকিব লাগে, কালিয়েই প্ৰিণ্টটো উলিয়াই থ’ব লাগিছিল৷” শইকীয়া এনেয়েও‌ কম কথা কোৱা মানুহ– একো নক’লে৷ ‌ 

কাইলৈ ষষ্ঠী! দেৰ বাজিবৰে হ’ল৷  আৰু দেৰি হ’লে বেংকে আজি দৰমহা জমা নকৰোঁ বুলিব৷  শৰ্মাৰ উৎকণ্ঠা ক্ৰমান্বয়ে বাঢ়ি গৈ আছে৷ খোৱা-বোৱা কৰিবলৈও যাব পৰা নাই, ভোক লাগিছে! অৱশেষত ডটমেট্ৰিকচ্ প্ৰিণ্টাৰটোৱে খেৰখেৰনিৰ শব্দ আৰম্ভ কৰিলে…৷  দৰমহাৰ বিল‌ প্ৰিণ্ট  কৰা হৈ গ’ল, শৰ্মাই উশাহ সলালে৷ ‘উস আজিলৈ ৰক্ষা তেও, দৰমহা আজি হ’ব!’ শৰ্মাই মনতে ভাবিলে৷ ‌ ….

পাৰ হৈ অহা জীৱনটো খুৰৰ সাঁকো যেন লাগে– কেতিয়াবা মাটিত পৰি থকা দীঘল সাপ একোটা ডেই অহাৰ দৰে লাগে৷  তেনে সঞ্চিত অভিজ্ঞতাৰ পৰাই পুৱতি নিশাৰ সপোনৰ আৱিৰ্ভাৱ হয়৷  

... সপোনটো দেখি শৰ্মাৰ টোপনি ভাগি গ’ল৷  অৱসৰ গ্ৰহণ কৰাৰ প্ৰায় দহবছৰ হ’ল, তথাপি চাকৰি কালতে দৰমহাৰ দিনটোক লৈ শৰ্মাৰ মনত যি উৎকণ্ঠাৰ ভাবে খোপনি পুতিলে সেইটোৰ পৰা এতিয়াও, ইমান বছৰৰ পাছতো তেওঁ  নিস্তাৰ পোৱা নাই! 

***

ঠিকনা :

অমৃত গোস্বামী,

চাৰ্ভে, বেলতলা, গুৱাহাটী -৭৮১ ০২৮

ভ্ৰাম্যভাষ - ৯৪৩৫০ ১৪৪৫৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ