শিবাণী ঠাকুৰ (গোস্বামী)
বৌদ্ধ
দৰ্শনৰ প্ৰৱৰ্তক আছিল গৌতম বুদ্ধ৷ তেওঁৰ ল’ৰালিৰ নাম আছিল সিদ্ধাৰ্থ৷ খ্ৰীঃপূৰ্ব ষষ্ঠ
শতাব্দীৰ মাজভাগত হিমালয়ৰ পাদদেশৰ কপিলাবাস্তু নগৰত শাক্য বংশৰ এক ৰাজ পৰিয়ালত তেওঁৰ জন্ম
হয়৷ বুদ্ধদেৱ আছিল সত্যদ্ৰষ্টা সাধক৷ বুদ্ধই বাস্তৱ দৃষ্টিৰে জগতৰ ব্যাখ্যা দিবলৈ বিচাৰিছিল৷
মানৱ জীৱনৰ পৰা দুখক আঁতৰ কৰাই আছিল বুদ্ধৰ দৰ্শনৰ মূল তত্ত্ব৷ অৰ্থাৎ দুখ নিবাৰণেই
বৌদ্ধ দৰ্শনৰ প্ৰধান বিষয়৷
বুদ্ধই
দুখৰ প্ৰধান কাৰণ হিচাপে চাৰিটা তত্ত্ব মানৱ সমাজত দাঙি ধৰিছিল৷ সেইকেইটা হৈছে ক্ৰমে –
(১) দুখ, (২) দুখ সমুদায়, (৩) দুখ নিৰোধ আৰু (৪) দুখ নিৰোধ মাৰ্গ। এই চাৰিটা তত্ত্বক চতুৰ্থ আৰ্য সত্য বা Four noble truths বুলিও কোৱা হয়৷
১৷ প্ৰথম আৰ্য সত্য দুখ : সৰ্বং দুক্খং৷
এই সংসাৰ দুখময়৷ পৃথিৱীত জন্ম গ্ৰহণ কৰা মাত্ৰেই মানুহে দুখৰ সন্মুখীন হয়৷ এই দুখ বিভিন্ন
ধৰণৰ হ’ব পাৰে৷ ৰোগ দুখ, প্ৰিয়জনৰ পৰা বিচ্ছেদ দুখ, শোক, জৰা দুখ ইত্যাদি৷ এই সংসাৰত
সকলো জীৱ ব্যাধি, জৰা আৰু মৃত্যুৰ অধীন৷ এয়ে বুদ্ধৰ প্ৰথম আৰ্য সত্য৷
২৷ দ্বিতীয় আৰ্য সত্য দুখ সমুদায় : বুদ্ধৰ
মতে দুখৰ কাৰণ আছে৷ এই আৰ্য সত্য প্ৰতীত্য সমুৎপাদ নীতিৰ ওপৰত প্ৰতিষ্ঠিত৷ ইয়াৰ অৰ্থ
এয়ে যে জগতৰ সকলো ঘটনাৰে কাৰণ আছে৷ বিনা কাৰণত একো ঘটনাই নঘটে৷ অৰ্থাৎ বুদ্ধৰ মতে দুখৰো
কাৰণ আছে৷ ইয়াৰ বাবে তেওঁ অবিদ্যাকে মূল কাৰণ বুলি অভিহিত কৰিছে৷ মূল ১২টা কাৰণৰ বাবে
মানুহ দুখৰ সন্মুখীন হয়৷ সেইকেইটা ক্ৰমে– অবিদ্যা, সংস্কাৰ, চৈতন্য, নামৰূপ, ষড়াযতন,
স্পৰ্শ, বেদনা, তৃষ্ণা, উপাদান, ভব, জাতি বা পুনৰ্জন্ম, জৰা-মৰণ৷ এই কেইটা ভবচক্ৰ বুলিও
কোৱা হয়৷ ইয়াৰ এটাৰ লগত আনটো জড়িত হৈ আছে৷
৩৷ দুখ নিৰোধ : তৃতীয় আৰ্য সত্য মতে দুখৰ
পৰা হাত সাৰিব পাৰি৷ মানুহে যদি নিজৰ ইন্দ্ৰিয়সমূহক সম্পূৰ্ণভাৱে বশীভূত কৰি ৰাখিব
পাৰে তেন্তে, তেওঁ নিজৰ প্ৰচেষ্টাতে নিৰ্বাণ লাভ কৰিব পাৰে৷ ‘নিৰ্বাণ’ শব্দই বুদ্ধ
দৰ্শনত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে৷ “নিৰ্বাণ” শব্দৰ অৰ্থ হ’ল নুমাই যোৱা৷
বৌদ্ধ দৰ্শনত লোভ, মোহ, দ্বেষক জুইৰ লগত তুলনা কৰা হৈছে৷ এই তিনিকুৰা জুই বা ৰিপুক
দমন কৰিব পাৰিলেই মানুহে “নিৰ্বাণ” লাভ কৰিব পাৰে৷ ডঃ ৰাধাকৃষ্ণণৰ মতে নিৰ্বাণ এনে
এক পূৰ্ণতা প্ৰাপ্তিৰ অৱস্থা সি আমাৰ দৰে মানুহৰ বাবে বোধগম্য নহয়৷
৪৷ দুখ নিৰোধ মাৰ্গ : বুদ্ধই দুখৰ কাৰণ ব্যাখ্যা
কৰাৰ পাছত এই কথা কৈছে যে দুখৰ পৰা হাত সাৰিব পাৰি৷ এই দুখৰ পৰা নিস্তাৰ পাবৰ বাবে
মানুহে আঠোটা মাৰ্গ বা পথ অৱলম্বন কৰিব লাগিব৷ এইকেইটা ক্ৰমে– সম্যক দৃষ্টি, সম্যক
সংকল্প, সম্যক বাক্, সম্যক কৰ্মান্ত, সম্যক আজীৱ, সম্যক ব্যায়াম, সম্যক স্মৃতি আৰু
সম্যক সমাধি৷ এই কেউটাকে একেলগে অষ্টাংগিক মাৰ্গ বুলি কোৱা হয়৷ এই অষ্টাংগিক মাৰ্গ আয়ত্ত
কৰিবৰ বাবে প্ৰজ্ঞা, শীল আৰু সমাধিৰ একান্তই প্ৰয়োজন৷
বুদ্ধ
প্ৰকৃততে এজন নৈতিক শিক্ষাৰ গুৰুহে আছিল বুলিও কোনো কোনোৱে মত পোষণ কৰিছে৷ তথাপি তেওঁৰ
নৈতিক শিক্ষাৰ অন্তৰালত থকা দাৰ্শনিক তত্ত্বই বৌদ্ধ দৰ্শনক এক অনন্য মাত্ৰা প্ৰদান
কৰিছে৷ সেই দাৰ্শনিক তত্ত্বকেইটা হ’ল ক্ৰমে– (১) প্ৰতীত্য সমুৎপাদ, (২) কৰ্মবাদ, (৩) অনিত্যবাদ আৰু (৪) অনাত্মবাদ
প্ৰতীত্য সমুৎপাদ : এই মত অনুসৰি বুদ্ধই কৈছে
যে জগতত কোনো ঘটনাই বিনা কাৰণত নঘটে৷ সকলো ঘটনা কোনো কাৰণৰ ওপৰত নিৰ্ভৰশীল৷ প্ৰতীত্য
শব্দৰ অৰ্থ হ’ল “পোৱা” আৰু সমুৎপাদ শব্দই “উদ্ভৱ হোৱা” বুজাইছে৷ অৰ্থাৎ কাৰোবাক অৱলম্বন
কৰি কোনো ঘটনাৰ উদ্ধৱ হৈছে৷
কৰ্মবাদ : এই মতবাদ অনুসৰি মানুহে কৃতকৰ্মৰ
ফল ভোগ কৰিবই লাগিব৷ যি যেনে ধৰণৰ কৰ্ম কৰে তেওঁ তেনে ধৰণৰ ফলেই ভোগ কৰে৷ কৰ্ম দুই
প্ৰকাৰৰ৷ সকাম কৰ্ম আৰু নিষ্কাম কৰ্ম৷ লোভ, মোহ আৰু দ্বেষযুক্ত হৈ কৰা কৰ্ম সকাম কৰ্ম৷
আনহাতে ইয়াৰ বিপৰীতে কৰা কৰ্মই নিষ্কাম কৰ্ম৷ নিষ্কাম কৰ্মৰ ফলত আমাৰ পুনৰ জন্ম নহয়
আৰু ব্যক্তিয়ে নিৰ্বাণ লাভ কৰে৷
ক্ষণিকত্ববাদ বা অনিত্যবাদ : বুদ্ধৰ মতে সৰ্বং অনিত্যম্ সকলো বস্তুৱেই অনিত্য অৰ্থাৎ চিৰন্তন নহয়৷ যাৰ উৎপত্তি আছে তাৰ শেষো আছে৷ জগতৰ সকলো বস্তু এটা মাত্ৰ ক্ষণৰ বাবেহে স্থায়ী হয়৷ বুদ্ধই কৈছে যে জুই জ্বলোঁতে বেলেগ বেলেগ তেলৰ ভিত্তিত জ্বলে, কিন্তু আমি দেখোঁতে একেকুৰা জুই যেন লাগে৷ এইবোৰ সকলো অনিত্যবাদৰে ফল৷
অনাত্মবাদ : জগতৰ সকলো বস্তু ক্ষণস্থায়ী অৰ্থাৎ অনিত্য৷ বুদ্ধৰ মতে আমাৰ মানসিক অনুভূতিবোৰ ক্ষণস্থায়ী৷ এই জগতৰ সকলো অনিত্য৷ গতিকে নিত্য আৰু চিৰস্থায়ী আত্মা বুলি একো নাই৷ ক্ষণস্থায়ী অনুভূতিবোৰৰ মাজত কোনো স্থায়ী আত্মাৰ অস্তিত্ব দেখা পোৱা নাযায়৷ বুদ্ধই পৰিৱৰ্তন প্ৰৱাহৰূপে আত্মাৰ অস্তিত্বক অস্বীকাৰ কৰা নাই, কেৱল স্থিৰ দ্ৰব্যৰূপী আত্মাকহে অস্বীকাৰ কৰিছে৷
বৌদ্ধ দৰ্শন কালক্ৰমত চাৰিটা
সম্প্ৰদায়ত ভাগ হ’ল৷ সেইকেইটা ক্ৰমে মাধ্যমিক সম্প্ৰদায়, যোগাচাৰ সম্প্ৰদায়, সৌত্ৰান্তিক
সম্প্ৰদায় আৰু বৈভাষিক সম্প্ৰদায়। এই চাৰিটা সম্প্ৰদায় আকৌ হীনযান আৰু মহাযান নামৰ দুটা
বৌদ্ধধৰ্ম সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত৷
হীনযানীসকলে
বাহ্যবস্তুৰ অস্তিত্বক স্বীকাৰ কৰে বাবে তেওঁলোকক সৰ্বাস্তিবাদী আৰু মহাযানীসকলে বাহ্যবস্তুৰ
অস্তিত্বক স্বীকাৰ নকৰা বাবে তেওঁলোকক ভাববাদী বুলি কোৱা হয়৷ সৌত্ৰান্তিক আৰু বৈভাষিক
সম্প্ৰদায় হীনযানৰ অন্তৰ্গত আৰু মাধ্যমিক আৰু যোগাচাৰ সম্প্ৰদায় মহাযানৰ অন্তৰ্গত৷
মাধ্যমিক
সম্প্ৰদায়ৰ প্ৰতিষ্ঠাপক হ’ল নাৰ্গাজুন৷ এই মতবাদ অনুসৰি বস্তু বা মন একোৰে অস্তিত্ব
নাই৷ সকলো শূন্য৷ এওঁৰ মতে জড়জগত আৰু মনোজগত কোনোটোতেই সত্যতা নাই৷ সকলো শূন্য৷
সেয়ে এই মতবাদক “শূন্যবাদ” বুলিও কয়৷
যোগাচাৰবাদ
অনুসৰি জড়বস্তুৰ সত্ত্বা নাই যদিও চেতনাৰ সত্ত্বা আছে৷ ভাৰতীয় দৰ্শনত চেতনাক বিজ্ঞান
বুলি কয় বাবে এই মতবাদক বিজ্ঞানবাদ বুলিও কয়৷ অসঙ্গ, বসুবন্ধ, মৈত্ৰেয়নাথ আদি এই যোগাচাৰবাদৰ
সমৰ্থক৷
সৌত্ৰান্তিক
সম্প্ৰদায়ৰ প্ৰতিষ্ঠাপক হ’ল কুমাৰ লব্ধ৷ সৌত্ৰান্তিকসকলে জড়বস্তু আৰু মন বা চেতনাৰ
অস্তিত্ব স্বীকাৰ কৰে৷ লগতে এওঁলোকৰ মতে বাহ্যবস্তুক সাক্ষাৎভাৱে জানিব পাৰি৷ সেয়েহে
এওঁলোকৰ বাহ্যপ্ৰত্যক্ষবাদী বুলিও কয়৷
বৈভাষিক
সম্প্ৰদায়ৰ মতে মন বা চেতনাক সাক্ষাৎভাৱে প্ৰত্যক্ষ কৰিব নোৱাৰি৷ কেৱল অনুমানৰ দ্বাৰাহে
এইবোৰৰ জ্ঞান লাভ কৰিব পাৰি৷ সেয়েহে এই মতবাদত বিশ্বাসীসকল বাহ্যানুমেয়বাদী বুলি কয়৷
বৌদ্ধ
দৰ্শনৰ এই মতবাদবোৰক বিভিন্ন দাৰ্শনিকে নানা যুক্তি প্ৰদৰ্শনেৰে সমালোচনা কৰিছে যদিও
শেষত এই কথাই ক’ব পাৰি যে আন সকলো ভাৰতীয় দৰ্শনে আলোচনা কৰা মুক্তিৰ বিষয়েও বৌদ্ধই
“নিৰ্বাণ”ৰ জৰিয়তে মানুহক দুখৰ পৰা হাত সাৰি থাকিবৰ বাবে উপায় দেখুৱাইছে৷ “নিৰ্বাণ”
লাভ কৰিলেই মানুহে মুক্তি লাভ কৰিব৷ যিটো সকলো ভাৰতীয় দৰ্শনৰ মূল তত্ত্ব৷
সহায়ক গ্ৰন্থ :
ভাৰতীয় দৰ্শন প্ৰৱেশ, পঞ্চমী ভট্টাচাৰ্য বৰা
ভ্ৰাম্যভাষ : ৯৭০৬৩৭৩০৭১