অন্যযুগ/


কেনে আছে যুৱক সংঘবোৰ?

 সত্যজিৎ গগৈ


যোৱা কেইটামান বছৰৰ আগলৈকে অসমৰ গাৱেঁ-ভূঞে বহু যুৱক সংঘ আছিল৷ কোনো কোনো ঠাইত এখন গাঁওৰ মাজতে একো একোতা যুৱক সংঘ আছিল৷ অন্য কিছু ঠাইত দুই/ তিনিখন গাঁও লগ হৈ একোটা যুৱক সংঘ আছিল৷ যুৱক সংঘ বুলি কওঁতে কেৱল যুৱকসকলৰ হে সংঘ আছিল তেনে নহয়৷ গাঁওখনৰ বা অঞ্চলটোৰ সকলো যুৱক-যুৱতী লগ হৈ একো-একোটা সংঘ প্ৰতিষ্ঠা কৰিছিল৷ যত আছিল পুথিভঁৰালৰ সুবিধা, কেৰম, ফুটবল, ক্ৰিকেট, ভলীবল আদি খেলাৰ সুবিধা৷ যাৰদ্বাৰা সমাজৰ শিশুসকলৰ মাজত, জেষ্ঠসকলৰ মাজত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কৰ্মশালা, প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰি অঞ্চলটো বা গাঁওখনৰ শৈক্ষিক, সাংস্কৃতিক, সামাজিক অথবা খেলৰ দিশত আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰা হৈছিল৷ একো-একোটা সংঘই এখন এখন সমাজ পৰিচালনা কৰিছিল৷ বিভিন্ন খেল, সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জয়ী হৈ সংঘৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল৷ মাঘ বিহুৰ উদযাপনৰ বাবে জেষ্ঠসকলৰ পৰামৰ্শ লৈ সম্পূৰ্ণ প্ৰস্তুতি যুৱক সংঘসমূহে কৰিছিল৷ বহাগ বিহুত হুঁচৰি গাই ৰাইজৰ গৃহত পদধূলি পেলাই উঠা টকাৰে গাঁও বা অঞ্চলটোত বিভিন্ন ধৰণৰ সামাজিক কৰ্মত ব্যৱহৃত প্ৰয়োজনীয় সা-সামগ্ৰী সমূহ যেনে ৰভা দিবৰ বাবে প্ৰয়োজনীয় তিৰ্পাল, স্কীণ, ৰন্ধা-বঢ়াৰ বাবে প্ৰয়োজনীয় কেৰাহী, কৰ্চলি, গ্লাছ, গামলা, ৰিংবল, থালী, জাৰ, খন্টি, বহিবৰ বাবে চকী আদি ক্ৰয় কৰি সংঘৰ নামত ৰাখিছিল৷ সমাজত যেতিয়াই যাক প্ৰয়োজন হৈছিল, তেওঁলোকে সংঘৰ সম্পাদকৰ লগত যোগাযোগ কৰি নিজ নিজ অনুষ্ঠানসমূহলৈ লৈ যাব পাৰিছিল৷ ইয়াৰ পৰা দুই ধৰণে লাভ হৈছিল৷ প্ৰথমে ৰাইজে সহজতে ওচৰতে আৰু কম খৰচতে প্ৰয়োজনীয় সকলো সামগ্ৰী লাভ কৰিলে৷ দ্বিতীয়তে যুৱক সংঘইও সেই সামগ্ৰী সমূহ ভাড়ালৈ দি পোৱা টকাৰে দুখীয়া শিক্ষাৰ্থীসকলক সহায় কৰিছিল আৰু সংঘ পৰিচালনাৰ ক্ষেত্ৰত সহায় কৰিছিল৷ তদুপৰি যুৱক যুৱতীসকলে নাটক, গীত-মাত আদিৰ অনুষ্ঠান সমূহ পৰিৱেশন কৰি ৰাইজক আমোদ দিছিল৷ বহু সময়ত যুৱক সংঘ সমূহৰ উদ্যোগত ভাগ্য-পৰীক্ষাৰ খেল অনুষ্ঠিত কৰিও সংঘৰ বাবে বৰঙণি সংগ্ৰহ কৰিছিল আৰু কেতিয়াবা ভ্ৰাম্যমাণ থিয়েটাৰ, যাদু খেল, পুতলা নাচ আদি  আমন্ত্ৰণ কৰি আনি প্ৰদৰ্শন কৰি বৰঙণি সংগ্ৰহ কৰি সেই টকা সমাজৰ হিতৰ কাৰণে ব্যৱহাৰ কৰিছিল৷ যুৱক সংঘসমূহে সকলোকে এক কৰি ৰাখিব পাৰিছিল৷ সমাজক ঘূণে ধৰিবলৈ নিদিছিল৷ সৰুৱে ডাঙৰক, ডাঙৰে সৰুক কিদৰে মান-সন্মান কৰিব লাগে, সেই বিষয়েও আলাপ-আলোচনা কৰি জ্ঞান প্ৰদান কৰি শিষ্টাচাৰ শিকোৱা হৈছিল৷ আমি পিলৈ দেখিবলৈ পাইছিলোঁ যে সমাজত যদিহে কাৰোবাৰ ঘৰত মাটি এনেই পৰি আছে৷ তেন্তে সেই মাটিখিনি  যুৱক সংঘসমূহে  লৈ বিভিন্ন শস্যৰ খেতি কৰি স্বাৱলম্বী হোৱাৰো চেষ্টা কৰিছিল আৰু বহুজনৰ আদৰ্শস্বৰূপ হৈ পৰিছিল৷

      কিন্তু ইমানবোৰ কৰাৰ পিচতো বৰ্তমান সময়ত যুৱক সংঘ বুলিবলৈ একোৱেই নাই৷ আঙুলিৰ মূৰত গণিব পৰা নামমাত্ৰ যি কেইটা যুৱক সংঘ আছে৷ তাৰ সভাপতি/সম্পাদকসকল বিবাহিত একো একোজন পুৰুষ৷ যত এতিয়া সমাজৰ বাবে একো বিচাৰি পোৱা নাযায়৷ সন্ধিয়া হলেই সেই যুৱক সংঘসমূহত মদ আৰু যোৱাৰ আড্ডা বহে৷ ৰাজনীতিৰ বেয়া বেয়া কথাবোৰ আলোচনা হয়৷ নহবইনো কিয়! চৰকাৰেও সেই যুৱক সংঘসমূহৰ আন্তঃগাঁঠনিৰ বাবে টকা দিছে৷ গতিকে এতিয়া সেই তাহানিৰ যুৱক-যুৱতী সকলৰ তথা সমাজৰ প্ৰিয় অনুষ্ঠান যুৱক সংঘ নাইকিয়া হল৷ এতিয়া যুৱক সংঘৰ নামত শীত-তাপ নিয়ন্ত্ৰিত একো একোটা কোঠালিহে দেখা যায়৷ সেয়েহে  বৰ্তমানৰ আমাৰ সমাজৰ অৱস্থা এইয়া৷ এতিয়া যুৱক সংঘ কেৱল স্মৃতিৰ পাততহে৷

 

ঠিকনা:-


চাচনি-৭৮৬৬১০

নাহৰকটীয়া৷

ডিব্ৰুগড়৷

অসম৷

মো-৭৩৯৯৬৬২৮৬৭

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ