অন্যযুগ/


ভগৎ সিঙৰ নাস্তিকতা বানাম বৰ্তমানৰ বাবা সংস্কৃতি

 অভিৰাজ দত্ত

 

(এক)


ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অমৰ শ্বহীদ তথা ভাৰতৰ বাওঁপন্থী বিপ্লৱৰ পষ্টাৰ বয়খ্যাত ভগৎ সিঙে  ১৯৩০-৩১ চনত  কাৰাগাৰত থকা সময়ত “Why I am an Atheist” শীৰ্ষক ৰচনা খন লিখিছিল৷

ৰচনাখনত তেখেতে ঈশ্বৰৰ অস্তিত্ব দৃঢ়তাৰে নাকচ কৰিছিল৷ ফাঁচীকাঠত ওলমাৰ মাত্ৰ কেইদিনমান আগতে লিখি সম্পূৰ্ণ কৰা ৰচনাখন ভগৎ সিঙে গোপনে পিতৃলৈ প্ৰেৰণ কৰিছিল৷ লালা লাজপত ৰায়ৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু লালা ফিৰোজ চান্দ সম্পাদিত ‘দা পিপল’ নামৰ সাপ্তাহিক কাকতখনত তেওঁৰ পিতৃৰ সৌজন্যত ১৯৩১ চনৰ জুন মাহত ধাৰাৱাহিকভাৱে এই ৰচনা প্রকাশ পাইছিল৷  

 উল্লেখ্যযোগ্য যে, ভগৎ সিঙে এই ৰচনাখন লিখাৰ আঁৰতো এটা কাহিনী আছে৷  সেই সময়ত (১৯৩০-৩১) লাহোৰ কেন্দ্ৰীয় কাৰাগাৰতে বন্দী হৈ আছিল ভগৎ সিঙৰ অনুৰাগী মুক্তি যোদ্ধা ভাই ৰণধীৰ সিং৷  ভগৎ সিঙক মৃত্যুদণ্ডৰ আদেশপ্রাপ্ত হোৱাৰ বাবে একেখন জেলতে তেওঁক সুকীয়াকৈ ‘ছেল’ত ৰখা হৈছিল৷ তেওঁ নাস্তিক বা নিৰীশ্বৰবাদী হৈ উঠা বুলি জানিব পাৰি ঈশ্বৰপৰায়ণ ৰণধীৰ সিঙে মনত বৰ দুখ পালে৷  তেওঁ চেললৈ গৈ ভগৎ সিঙক সাক্ষাৎ কৰি ঈশ্বৰৰ অস্তিত্ব সম্পর্কে বহুতো বুজাই বঢ়াই পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে৷  কিন্তু সেই বুজনি কোনো কামত নাহিল৷ ভগৎ সিং নিজৰ মতত অটল হৈ থাকিল৷ কাৰণ তেওঁৰ নিৰীশ্বৰবাদ আৱেগিক দৃষ্টিভংগী নহয়; গভীৰ অধ্যয়ন আৰু যুক্তিবাদী দৰ্শনৰ আধাৰত প্ৰতিষ্ঠিত এটা মতবাদ৷  বুজোৱাত ব্যৰ্থ হৈ ৰণধীৰ সিঙে অৱশেষত উত্তেজিত হৈ ভগৎ সিঙক ককৰ্থনা কৰিলে- “খ্যাতিয়ে তোমাৰ মূৰত ধৰিছে৷  সেয়ে তুমি অহংকাৰী হৈ ঈশ্বৰক অৱজ্ঞা কৰিছা৷  তোমাৰ অহংভাবেই ঈশ্বৰ আৰু তোমাৰ মাজত এখন ক’লা পর্দা হৈ পৰিছে৷ যেতিয়া তোমাৰ অন্তিম দিন চাপি আহিব তেতিয়াহে তোমাৰ মনোভাৱ সলনি হ’ব৷”

এই তিৰস্কাৰে ভগৎ সিঙক মর্মাহত কৰিলে৷ তেওঁৰ চিন্তাধাৰা আৰু আদর্শ-নিষ্ঠা সম্পর্কে যে বহুতৰে মনত কিছু সংশয় আৰু ভুল বুজা-বুজি ৰৈ গৈছে সেই কথা উপলব্ধি কৰি, এই বিভ্রান্তি আঁতৰ কৰাৰ উদ্দেশ্যেৰে তেওঁ ৰচনা  কৰিছিল, “Why I am an Atheist” শীৰ্ষক নিবন্ধটো৷

যি সময়ত ভাৰতবৰ্ষত ধৰ্মৰ গোড়ামি, জাত-পাতৰ বৈষম্যতা আৰু বৰ্ণাশ্ৰম ব্যৱস্থাই গা-কৰি উঠিছিল, তেনে সময়তে ভগৎ সিঙে অকাট্য যুক্তি-তৰ্ক প্ৰদৰ্শনেৰে ৰচনা কৰা এই নিবন্ধটিয়ে সেই সময়ৰ ভাৰতৰ শুচিবায়ুগ্ৰস্ত সমাজক প্ৰত্যাহ্বান জনাইছিল৷ সেই সময়ৰ ভাৰতীয় ৰক্ষণশীল সমাজ ব্যৱস্থাত ঈশ্বৰ সম্পৰ্কীয় এনে দৃঢ় নেতিবাচক দৃষ্টিভংগী সজোৰে প্রকাশ কৰাৰ বাবে এই ৰচনাখনে বিশেষ তাৎপর্য বহন কৰে৷ তদুপৰি ইয়াত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বাওঁ বিপ্লৱী দিশটোৰো আভাস  পোৱা যায়৷

এই নিবন্ধটোত ভগৎ সিঙে ঈশ্বৰ বিশ্বাসীসকলক প্ৰশ্ন তুলিছে, - “সর্বশক্তিমান, সৰ্বত্ৰ বিৰাজমান, সর্বজ্ঞ কোনো ঈশ্বৰ  সঁচাই যদি আছে, তেন্তে তেওঁ কিয় এই দুখ-দুর্দশাময় জগত সৃষ্টি কৰিলে, য’ত এটা প্রাণীও সুখী নহয়৷ যেতিয়াই কোনোবা মানুহে কোনো পাপ বা অপৰাধমূলক কাম কৰে৷ তেতিয়া কিয় আপোনালোকৰ সৰ্বশক্তিমান ঈশ্বৰে তেনে লোকক বাধা নিদিয়ে? কিয় তেওঁ যুদ্ধবাজসকলক বা সিহঁতৰ অন্তৰৰ যুদ্ধোন্মাদনাক নিঃশেষ নকৰে? কিয় তেওঁ ব্রিটিছ জাতিৰ অন্তৰত ভাৰতক স্বাধীন কৰি দিয়াৰ প্ৰবৃত্তি সৃষ্টি নকৰে?”

ভগৎ সিঙে আস্তিকসকলক পুনৰ্বাৰ প্ৰশ্ন সুধিছে, - “We ask a few questions from the ‘believer’s-

(i) if, as you believe there is an Almighty, Omnipresent, Omniscient and omnipotent God who created the earth or world, please let me know why did he create it? This world of woes and miseries, a veritable, eternal combination of numberless tragedies: Not a single soul being perfectly satisfied.

Pray, don’t say that it is His law. If he is bound by any law, he is not omnipotent. He is another slave like ourselves...

অনুগ্রহ কৰি এইবুলি নক’ব যে ঈশ্বৰে আনন্দ লাভৰ বাবে এই জগত সৃষ্টি কৰিছে৷  এই অপায়, অমংগল, দমন নিপীড়নেৰে পৰিপূৰ্ণ, সমস্যা আৰু সংকটেৰে ভৰপূৰ, নৰকসদৃশ এই জগত সৃষ্টি কৰি ঈশ্বৰে যদি আনন্দ লাভ কৰিছে তেন্তে তেওঁ কুখ্যাত ৰজা নিৰোৰ দৰে নহবনে (Eternal Nero)?

... আপুনি সেইজন ঈশ্বৰৰ অপকর্মসমূহ কেনেকৈ সমৰ্থন কৰিছে যি প্রতি মুহূৰ্ততে ছেংগিজ খানৰ হত্যাকাণ্ডসমূহকো চেৰ পেলাই গৈ আছে...৷  ঈশ্বৰে মানুহ সৃষ্টি কিয় কৰিলে? সেইটো নকৰাকৈ থকাৰ ক্ষমতাওতো সর্বশক্তিমান ঈশ্বৰৰ আছিল!!”

 

(দুই) 

বৰ্তমান সময়ত ভগৎ সিঙৰ এই শীৰ্ষক ৰচনাৰ সাৰমৰ্ম উপলব্ধি কৰাটো প্ৰতিজন ভাৰতীয়ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ ২৩ বছৰ বয়সতে ফাঁচীৰ কাঠত ওলমি দেশৰ বাবে নিজকে বলিদান দিয়া ভগৎ সিঙৰ বিপৰীতে আজি দেশত ১০-১১ বছৰীয়া ল’ৰা-ছোৱালীয়ে কপালত সেন্দূৰৰ ফোঁট আৰু তিলক লগাই ডাঙৰ-ডাঙৰ সভা-সমিতিত ধৰ্মৰ বিষয়ে ভাষণ দিছে৷ যি বয়সত এই ল’ৰা-ছোৱালীবোৰে স্কুললৈ যাব লাগিছিল, লগৰ বন্ধু-বান্ধৱীৰ লগত হাঁহি-ফূৰ্তি কৰিব লাগিছিল, তেনে সময়তে এই অবুজন ল’ৰা-ছোৱালীবোৰক ধৰ্মৰ নামত দুটামান কথা মুখস্থ কৰোৱাই বিশাল জনসমাগমৰ সন্মুখত ভাষণ দিবলৈ বাধ্য কৰোৱা হৈছে৷ ইয়াৰ পৰা মুনাফা আদায় কৰিছে এই ১০-১১ বছৰীয়া শিশুকেইটাৰ মাক-দেউতাকে৷

যিহেতু ভাৰতৰ অধিকাংশ লোকেই ধৰ্মৰ নামত নিজকে আৱেগিকৰূপে গঢ়ি তুলিছে, তেনেস্থলত ১০-১১ বছৰীয়া কোনো শিশুৱে ধৰ্মৰ ভাষণ দিলে তালৈ যোৱাটো স্বাভাৱিক কথাই আৰু এই হাজাৰ-হাজাৰ জনতাৰ পৰা পোৱা পইচাৰে শিশুৰ মাক-দেউতাকে নিজৰ পকেট গৰম কৰিছে  আৰু মাত্ৰ এই সৰু কথাটোকে আমাৰ নিমাখিত জনতাই এতিয়াও বুজি উঠা নাই৷

যিজন বাবাই ধৰ্মৰ নামত নিজকে সমপৰ্ণ কৰি বৈৰাগ্যতা অৱলম্বন কৰিবলৈ কয়, তেখেতে নিজেই যেতিয়া বি.এম.ডব্লিউ. লৈ সভা-সমিতিলৈ আহে, তেতিয়া আচলতে মোৰ এই ভক্তসকললৈ খুব পুতৌ জন্মে আৰু তাৰ সমানে-সমানে হাঁহিও উঠে৷ যিজনে আপোনাক সন্যাস ল’বলৈ কয়, ঘৰ-বাৰী, মায়া-মোহ ত্যাগ কৰিবলৈ উপদেশ দিয়ে তেখেতে নিজেই কোটি-টকীয়া গাড়ীত অহা-যোৱা কৰে, লাখটকীয়া আই-ফ’ন ব্যৱহাৰ কৰে৷ আপোনালোকে এবাৰো যে কিয় ভাবি নাচায় এই বাবাসকলৰ উপাৰ্জনৰ পথ কি ? ক’ত পায় ইমান টকা?

গোটেই দিনটো যিহেতু তেওঁলোকে এই ধৰ্মৰ ভাষণকে দি থাকে, গতিকে অন্য কামতো নকৰে৷ তেন্তে? নিশ্চয়কৈ আপুনি নিজৰ আস্থা আৰু বিশ্বাসৰ নামত দান দিয়া পইচাই এই বাবাৰ “Source of income.”

যিমানেই তেওঁলোকৰ ওচৰলৈ অহাৰ ভক্তৰ সংখ্যা বাঢ়িব সিমানেই এই বাবাসকল ধনী হ’ব আৰু আপোনাৰ দৰে যি দিনটোৰ সময় খৰছ কৰি তেওঁলোকৰ ভাষণ শুনিবলৈ যাব,সেই একেই আৰ্থিক অৱস্থাতে ৰৈ যাব৷ কাৰণ,সেই বাবাৰ কথামতে মায়া-মোহ ত্যাগ কৰি আপুনি কাম কৰা বাদ দিব অথবা বাবাৰ মোহলগা কথা শুনিবলৈ আপুনি নিজৰ কাম খতি কৰি নিতৌ তেওঁৰ ওচৰলৈ আহিব৷ গতিকে, এনেকৈ আপোনাৰ আৰ্থিক অৱস্থা দিনক-দিনক যে শোচনীয় হ’ব তাত কোনো সন্দেহ নাই আৰু আপোনাৰ এই দুৰ্বলতাৰ সুযোগ লৈ এই বাবাসকল ধনী হৈ গৈ থাকিব৷

এটা কথা মনত ৰাখিব যে, আপুনি এই বাবাসকলৰ বাবে মাথো এটা এটি. এম মেছিন৷ আপোনাৰ পইচাৰ প্ৰতিহে এওঁলোক আগ্ৰহী৷ বাকী আপোনাৰ জীৱনৰ কোনো সমস্যাৰ লগত এওঁলোকৰ একো নাহে-নাযায়৷  


ঠিকনা :

বাহনা, যোৰহাট

ভ্ৰাম্যভাষ : ৮১৩৫০০৭৬১২

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ