অন্যযুগ/


যোশীমঠ

বেদান্ত কুমাৰ নাথ 


যোশীমঠক লৈ হিন্দুত্বৰ ধজ্জাবাহী ৰক্ষকসকলৰ নীৰৱতাৰ কাৰণ কি? ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সম্ভৱপৰ চেষ্টা কৰাসকলৰ যোশীমঠক লৈ এনে উদাসীনতাই সকলোকে আচৰিত কৰিছে। নিতৌ হিন্দুত্বৰ এজেণ্ডা লৈ ষ্টুডিঅ'ৰ মজিয়া তালফাল লগোৱা এংকৰসকল, সৰহ সংখ্যক সন্ত-মহন্ত, পৰিৱেশকৰ্মী, চৰকাৰ সকলো যোশীমঠক লৈ উদাসীন। স্থানীয় প্রশাসনে যোশীমঠত সকলো ধৰণৰ নিৰ্মাণ কাৰ্য স্থগিত কৰাৰ নির্দেশ দিছে যদিও সময় এতিয়া অতীত। ছয় হাজাৰ লোকক তাৰপৰা স্থানান্তৰিত কৰা হৈছে, ছয়শ ঘৰত ফাট মেলিছে ৷ ৰাস্তাত বৃহৎ ফাট মেলিছে। হোটেলত বিভিন্ন স্থানত ফাট । তলৰ পৰা অহৰহ দূষিত পানী ওলাই আছে । যোশীমঠৰ জনতা এতিয়া ৰাজপথত। প্ৰতিবাদত উত্তাল ৰাজপথ। চৰকাৰ প্ৰশাসনে যথাসম্ভৱ চেষ্টা কৰিছে সাম্প্রতিক ঘটনাপ্ৰৱাহক পৃথিৱীৰ চকুৰ পৰা আঁতৰাই ৰাখিবলৈ।
যোশীমঠ ভূপৃষ্ঠৰ পৰা ৬১০৫ ফুট উচ্চতাত উত্তৰাখণ্ডৰ এটা টিলাৰ ওপৰত অৱস্থিত এখন চহৰ। পূৰ্বতে ভূমিস্খলনৰ ফলত পাহাৰ খহি বৰফৰ ওপৰত সৃষ্টি হোৱা এটা টিলাৰ ওপৰত যোশীমঠ চহৰখনৰ সৃষ্টি হৈছিল। যোশীমঠ হিন্দুসকলৰ তীৰ্থস্থান বদ্রীনাথৰ দুৱাৰ। যোশীমঠ হৈয়ে বদ্রীনাথলৈ যোৱা হয়। আদিগুৰু শংকৰাচাৰ্যই ইয়াতেই আহি জিৰণি লৈছিল। তেওঁ স্থাপন কৰা মঠৰ নাম অনুসৰিয়েই ভূমিখণ্ডৰ নাম যোশীমঠ হয়। ইয়াক জ্যোতিমঠ বুলিও কোৱা হয়। হিমকুণ্ড চাহেবলৈও যোৱা  UNECSO হেৰিটে'জ ছাইট ভে'লি অফ্ ফাৱাৰলৈওযোৱা বাটো যোশীমঠ হৈয়েই। গতিকে আধ্যাত্মিক আৰু পৰ্যটনৰ ফালৰ পৰা ঠাইখন অতিকে গুৰুত্বপূর্ণ। কিন্তু অবাধ নির্মাণ, পাৱাৰ প্ৰজেক্ট, NTPC, চাৰিধাম পথ নিৰ্মাণ প্ৰজেক্ট, যোশীমঠৰ তলেৰে সুৰংগ খনন আদি অনেক কার্যকলাপৰ ফলত যোশীমঠ এতিয়া শেষ হোৱাৰ পথত। বিশেষজ্ঞসকলে যোশীমঠক ৰক্ষা কৰিব পৰা নাযাব বুলি মত প্ৰকাশ কৰি লোকসকলক স্থানান্তৰিত কৰাৰ প্ৰস্তাৱ দিছে। এতিয়ালৈ ছয় হাজাৰৰ লোকক স্থানান্তৰিত কৰা হৈছে। 1930 চনতেই ছুইজাৰলেণ্ডৰ এদল বিজ্ঞানীয়ে যোশীমঠলৈ ভবিষ্যতে বিপদ আহিব পাৰে বুলি সঁকীয়াই দিছিল । যোশীমঠত ব্যাপক ৰূপত নিৰ্মানকাৰ্য আৰম্ভ হয় 1962 ৰ ভাৰত-চীন যুদ্ধৰ পাছত প্ৰতিৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি । 1967 চনত এম চি মিশ্ৰ ৰিপ'ৰ্টত যোশীমঠত সকলো নিৰ্মাণ কার্যক সম্পূৰ্ণ ৰূপে বন্ধ কৰিবলৈ পৰামৰ্শ আগ বঢ়াইছিল। কিন্তু মিশ্ৰ কমিটিৰ পৰামৰ্শক ধোঁৱাচাঙত তুলি 1980 চনত এটা পাৱাৰ প্রজেক্ট  আহি বহিল আৰু 2006 চনত NTPC য়ে নিৰ্মান আৰম্ভ কৰিলে যোশীমঠত । লগতে প্ৰৰ্যতন ক্ষেত্ৰৰ বিকাশৰ লগে লগে বৃহৎ বৃহৎ বিল্ডিং নির্মাণ অব্যাহত থাকিল । হোটেলৰ নির্মাণ হ'ল, নতুন নতুন কোম্পানী আহি থাকিল। সকলোবোৰ মিলি যোশীমঠক অন্ধকাৰ গহ্বৰলৈ সুমুৱাই লৈ গ'ল। এতিয়া যোশীমঠ ক্ৰমাৎ তললৈ সোমাই গৈ আছে। খননৰ ফলত অন্তৰ্নিৰ্হিত পানীৰ সোঁতত ফুটা হৈ তলিৰ পানী উদং হৈছে প্ৰতিদিনে । কংগ্ৰেছে চৰকাৰক সমালোচনা কৰিছে। কিন্তু অকল চৰকাৰক সমালোচনা কৰিয়েই কংগ্ৰেছে দায়িত্ব সাৰিব নোৱাৰে। কংগ্ৰেছৰ শাসন কালতো যোশীমঠক ৰক্ষাৰ বাবে কোনো বিশেষ পদক্ষেপ লোৱা নহ'ল । ইফালে বৰ্তমানৰ চৰকাৰখনৰ মনোভাবো গা এৰা দিয়া ধৰণৰ। প্রতিবাদী জনতাৰ কাষত প্রধানমন্ত্রী ডাঙৰীয়াতো বাদেই আন নেতাসকলৰো দেখা দেখি নাই। ওলোটাই আন্দোলনৰ পৰা আঁতৰি থাকিবৰ বাবেহে জনতাক পৰামৰ্শ দিয়া হৈছে।


ঠিকনা :
জালুকবাৰী 
ফোন : ৭৮৯৯০০৬৬৯২

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ