অন্যযুগ/


ইণ্টাৰনেটৰ পৃথিৱীত নৱপ্ৰজন্মৰ ভৱিষ্যত

ঋত্বিক পৰাশৰ                               

     

অভাৱেই আৱিস্কাৰৰ মূল”। বৰ্তমানৰ যুগটো হৈছে প্ৰযুক্তিবিজ্ঞানৰ যুগ। এই প্ৰযুক্তিবিজ্ঞানৰ যুগটোত ইণ্টাৰনেটৰ গুৰুত্ব অধিক। ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এটা অত্যাধুনিক ব্যৱস্থা, যিয়ে নেটৱৰ্ক আৰু ডিভাইচসমূহৰ মাজত সংযোগ স্থাপন কৰিবলৈ ইণ্টাৰনেট প্ৰকল ছুইট ব্যৱহাৰ কৰে। ই হৈছে “নেটৱৰ্কৰ নেটৱৰ্ক” যি ৰাজহুৱা, প্ৰশাসনিক, চৰকাৰী, ব্যৱসায় সংক্ৰান্তীয় ডাটাসমূহ ছেটেলাইট, অপ্টিকেল ফাইবাৰ, ওৱায়াৰলেছ, কেব্‌ল আৰু অন্যান্য আধুনিক কাৰিকৰী মাধ্যমেৰে প্ৰদান কৰে। ইণ্টাৰনেটৰ যোগেদি প্রতিদিনে যি ধৰণৰ তথ্যৰ আদান-প্রদান হয়, তাৰ কেইটিমান উদাহৰণ ল- চিঠি-পত্ৰৰ আদান-প্রদান, পৃথিৱীৰ নানা প্ৰান্তৰ পৰা খবৰ সংগ্ৰহ, বৈজ্ঞানিক গৱেষণা পত্ৰৰ অধ্যয়ন আৰু প্ৰয়োজন অনুসৰি সেয়া সংগ্ৰহ কৰা, আলোচনা, ইণ্টাৰনেটত বন্ধুৰ সৈতে আড্ডা, কম্পিউটাৰ গেমছ খেলা, অন্যান্য বিনোদনত অংশ লোৱা, পঢ়া-শুনা সম্পৰ্কীয় তথ্য সংগ্রহ আদি সকলোবোৰ কথা জড়িত হৈ থাকে। বৰ্তমান সময়ত ইণ্টাৰনেট অবিহনে মানৱ জীৱন আধৰুৱা যেন হৈ পৰিছে।

 

 

বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানে মানুহৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনলৈ বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন কঢ়িয়াই আনিছে। টেলিফোন, ম’বাইল, টেলিগ্ৰাফ, টেলিভিশ্বন(টি.ভি.), গ্ৰাম, ৰে়ডিঅ’, কেমেৰা, মুভি কেমেৰা আদিক প্ৰযুক্তিবিজ্ঞানৰ অৱদান বুলিব পাৰি। কুৰি শতিকাৰ এক গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰ হৈছে কম্পিউটাৰ। ইয়াক আমি যান্ত্ৰিক মগজু বুলিও কব পাৰোঁ। বৰ্তমান ই মানৱ সমাজৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে। এটা সময়ত বাৰ্তা প্ৰেৰণ কৰিবলৈ পাৰ চৰাইৰ ব্যৱহাৰ হৈছিল৷ ৰজা মহাৰজাসকলে বাৰ্তা প্ৰেৰণ কৰিবলৈ ৰাজদূত হিচাপে মানুহ নিয়োগ কৰিছিল ৷

 

 

সময় পৰিবৰ্তনৰ লগে লগে সামাজিক মাধ্যমৰ ক্ষেত্ৰতো পৰিবৰ্তন আহি পৰিল। কাগজৰ আৱিষ্কাৰ হোৱাত  চিঠিৰ মাধ্যমৰে বাৰ্তা প্ৰেৰণ কৰাৰ পদ্ধতিৰ আৰম্ভণি হল সেইসময়ত চিঠি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গৈ পাওঁতে কমেও দুই তিনি মাহ সময় লাগিছিল সেয়েহে অফিচ-কাছাৰী আদিৰ ক্ষেত্ৰত চাকৰি মঞ্জুৰী চিঠি প্ৰাৰ্থীজনলৈ তিনি মাহমানৰ আগতেই প্ৰেৰণ কৰা হৈছিল যাতে প্ৰাৰ্থীজন সময়মতে চাকৰিত যোগদান কৰিব পাৰে৷ সেইসময়ত চিঠিয়ে আছিল একমাত্ৰ সামাজিক মাধ্যম৷ চিঠিৰ এই পদ্ধতি এক দীঘলীয়া সময়লৈকে চলি আছিল। ১৮৭৮ চনৰ এপ্ৰিল মাহত বিজ্ঞানী আলেকজেণ্ডাৰ গ্ৰাহামবেলে টেলিফোনৰ আৱিষ্কাৰ কৰিছিল আৰু মানুহৰ মাজলৈ টেলিফোন স্থায়ীভাৱে আহিল ১৯১০ চনত  এই আৱিষ্কাৰ অতি কম সময়ৰ ভিতৰতে অধিক জনপ্ৰিয় হৈ পৰিল কাৰণ ইয়াৰ জৰিয়তে পৃথিৱীৰ যিকোনো এটা কোণৰ পৰা আন এটা কোথকা আন এজন ব্যক্তিৰ লগত কম সময়ৰ ভিতৰতে সংযোগ স্থাপন কৰাটি সম্ভৱ হৈ উঠিছিল৷ সেয়েহে টেলিফোনক  মানুহে সামাজিক মাধ্যম হিচাপে আদৰি ললে। ১৯ শ শতিকাত চাৰ্লছ বেবেজে কম্পিউটাৰ নামৰ যন্ত্ৰটোৰ আৱিষ্কাৰ কৰিছিল ৷ সমাজত  কম্পিউটাৰৰ প্ৰৱেশৰ ফলত মানুহৰ কাম-কাজবোৰ অতি সহজ হৈ পৰিল এটা কম্পিউটাৰে দহজন মানুহৰ কাম অকলে আৰু অতি কম সময়ৰ ভিতৰত কৰিব পৰা ক্ষমতা থকাৰ বাবে টকা আৰু সময় দুয়োটা ৰাহি হোৱাত কম্পিউটাৰৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পালে ৷  ১৯৮৩ চনত আৰ্পেণ্টে টিচি আইপিৰ প্ৰয়োগ কৰি শোধকৰ্তাসকলে নেটৱৰ্ক অফ নেটৱৰ্কক যোগ কৰিবলৈ আৰম্ভ কৰিলে৷ যাৰ ফলত আধুনিক ইণ্টাৰনেটৰ সৃষ্টি হল৷ তেতিয়া  ১৯৯০ চনত অনলাইন পদ্ধতিয়ে যোগ্যতা অৰ্জন কৰিলে যেতিয়া টিম বাৰ্নৰ্স নামৰ বিজ্ঞানী গৰাকীয়ে world wid4 web ৰ উদ্ভাৱন কৰিছিল৷ ইণ্টাৰনেটৰ লগতে ভ্ৰমিত ৱেব বাস্তৱত ৱেবছাইট আৰু ৱাইপৰলিংকৰ দ্বাৰা অনলাইন ডাটা প্ৰেৰণ অতি সহজ সাধন হৈ পৰিল৷ ফলত ইণ্টাৰনেট সামাজিক মাধ্যমৰ অত্যাধুনিক আৰু উন্নতবিধৰ আৱিষ্কাৰ হিচাপে জনপ্ৰিয়তা লাভ কৰিলে৷ তাৰ পৰৱৰ্তী সময়ত  ইলেক্ট্ৰনিক মেইল আৰু এছ.এম.এছ., পদ্ধতি এই পদ্ধতিৰ দ্বাৰা কিছু ছেকেণ্ডৰ ভিতৰতে যিকোনো ঠাইলৈ বাৰ্তা কৰিব পৰা হল সেয়াই নহয় ইণ্টাৰনেটৰ যোগেদি ভিডিঅ কলিং কৰাৰ লগতে অন্যান্য মনোৰঞ্জনৰ সুবিধা আহি পৰিল৷ যাৰ ফলত মানুহ কৃত্ৰিম উপগ্ৰহৰ আৱিষ্কাৰ কৰি পৃথিৱীৰ বাহিৰত স্থাপন কৰিলে এই সকলবোৰ সম্ভৱ হল কম্পিউটাৰৰ জৰিয়তে৷ ইণ্টাৰনেটৰ আৱিষ্কাৰ হোৱাৰ আগতে ১৯২৫ চনত বিজ্ঞানী জন লগি বেয়াৰ্ডে টেলিভিশ্বনৰ আৱিষ্কাৰ কৰি উলিয়াই এই টেলিভিশ্বনৰ দ্বাৰা বিভিন্ন ঠাইৰ ঘটনা পৰিঘটনা পোনপটীয়াকৈ ঘৰতে বহিয়ে মানুহে শব্দ আৰু চিত্ৰসহ উপভোগ কৰিবলৈ পৰা হল মাথোঁ সেয়াই নহয় টিভিৰ দ্বাৰা মানুহে বিভিন্ন মনোৰঞ্জনজনক অনুষ্ঠান উপভোগ কৰিবলৈ পোৱাৰ ফলত টেলিভিশ্বনৰ জনপ্ৰিয়তা মানুহৰ মাজত বাঢ়িল আৰু ই এক উত্তম সামাজিক মাধ্যম হিচাপে প্ৰখ্যাত হবলৈ ধৰিলে।

 

১৯৭৩ চনৰ ৩ এপ্ৰিলত মাৰ্টিন কপাৰ নামৰ বিজ্ঞানীজনে প্ৰথম হেণ্ডচেট মবাইলৰ আৱিষ্কাৰ কৰিছিল গতিকে মটৰেলা কোম্পানিয়ে সৰ্বপ্ৰথম  মবাইল ফন মানুহৰ মাজলৈ আনিছিল  আৰু এই মবাইল ফনৰ আগমনে মানুহৰ বাবে সকলো কাম সহজলভ্য কৰি তুলিলে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন আৱিষ্কাৰ আৰু উদ্ভাৱন হৈ আহিছে ইলেক্ট্ৰনিকৰ বজাৰত বিভিন্ন ধৰণৰ চফ্টৱেৰৰ আগমণ ঘটিবলৈ ধৰিলে। কুৰি শতিকাৰ মাজভাগতে ইণ্টাৰনেটৰ সূচনা হৈছিল। ১৯৫৭ চনতে ছোভিয়েট ৰাছিয়াই যোগাযোগ ব্যৱস্থাত এই অভিনৱ মাধ্যমটিৰ বিষয়ে চিন্তা-চৰ্চা আৰম্ভ কৰিছিল যদিও আমেৰিকা যুক্তৰাষ্ট্ৰতহে ইয়াৰ পৰিপূৰ্ণ বিকাশ হৈছিল। সত্তৰৰ দশকৰ আৰম্ভনিৰ সময়ছোৱাত বৰ্তমান প্ৰচলিত ইণ্টাৰনেটৰ বীজ ৰোপণ হৈছিল। ক্রমান্বয়ে বহু মানুহৰ বুদ্ধি, পৰিশ্ৰম আৰু প্ৰযুক্তি কৌশলে এই ব্যাপক ব্যৱস্থাক সমৃদ্ধ কৰি বৰ্তমানৰ স্থানত উপনীত কৰাইছেহি। GOOGLE PLAY STORE বাইলত স্থাপন হোৱাৰ পিছত ইয়াৰ দ্বাৰা whatsapp, Facebook, twitter, Instagram, আদিৰ দৰে ছ’চিয়েল মিডিয়াৰ  Apps অহাৰ লগেলগে মানুহৰ জীৱনৰ গতিয়েই সলনি হল সকলোৱে ছ’চিয়েল মিডিয়াৰ  লগত ব্যস্ত থাকিবলৈ ললে লাহে লাহে এনে সময় আহি পৰিল ব্যক্তিয়ে পৰিয়ালৰ সৈতে কটাবলৈ সময় নোপোৱা হৈ পৰিছে ৷ ডাঙৰ-সৰু সকলোৱেইবাইলৰ প্ৰতি আসক্ত হবলৈ ধৰিছে। সুৰাপায়ী এজনে যিদৰে সুৰা অবিহনে অশান্তিত চফটাই ফুৰে, তেনেদৰেই মবাইল অবিহনে মানুহ এটা দিনো থাকিব নোৱাৰে। 

 

 

          বৰ্তমান ছচিয়েল মিডিয়া  আৰু ইয়াৰ প্ৰভাৱে বাৰুকৈয়ে নৱ প্ৰজন্মক গ্ৰাস কৰিছে। কিশোৰ-কিশোৰীসকলে খেলা ধুলাৰ পৰিৱৰ্তে ম’বাইলত ইউটিবৰ ভিডিঅ’, মোবাইল গেমিং আদিতহে বেছিকৈ  গুৰুত্ব দিয়ে। এনেদৰে বৰ্তমান নৱ প্ৰজন্মৰ শিক্ষা আৰু ভৱিষ্যৎ অতি অন্ধকাৰৰ দিশে গতি কৰিছে। বৰ্তমান সময়ত PUBG, FREE FIRE-ৰ দৰে গেমবোৰে যুৱচামক অন্ধকাৰময় এটা যুগলৈ ঠেলি দিছে। বৈজ্ঞানিক ষ্টিফেন হকিংয়ে কৈ থৈ গৈছে  যে পৃথিৱীত প্ৰযুক্তি বিজ্ঞানৰ উন্নতি  হৈয়ে গৈ থাকিব আৰু মানুহবোৰ দিনক দিনে এলেহুৱা হৈ পৰিব আৰু এটা সময়ত সকলো পঙ্গু হবগৈ। এই কথা ফলিয়াবলৈ আৰু বৰ বেছি সময় নালাগে। বৰ্তমান সময়ত কিতাপ পঢ়াৰ মাদকতা, মানুহৰ লগত কথা পতাৰ মাদকতা নোহোৱা হবলৈ ধৰিছে। আজিকালি সকলোৱে এটা চুকত মবাইল ফোনটো লৈ ইণ্টাৰনেটৰ পৃথিৱীত উটি-ভাহি থাকি ভাল পায়। বৰ্তমান সময়ত মানুহে কিবা এটা খালেও বা সকলোধৰৰ কথা ইণ্টাৰনেটৰ জনপ্ৰিয় App সমূহৰ জৰিয়তে সকলোৰে আগত ৰাজহুৱা কৰে। এনে কৰাটো সচাকৈ ভাল হৈছে জানো?

 

 

বিশ্বৰ মানুহৰ বাঢ়িছে মনৰ বেমাৰ আৰু অসহিষ্ণুতা। এই বেমাৰৰ কোনো বয়স নাই যুৱচামৰ পৰা আৰম্ভ কৰি বয়সস্থ সকলো। মানুহৰ মনত হতাশা, খিংখিঙিয়া স্বভাৱ, উদ্বেগ আদিয়ে ঠাই লৈছে।       

 

                   

সকলো বস্তুৰে ভাল আৰু বেয়া গুণ থাকে। মানুহে বেয়াখিনি গ্ৰহণ নকৰি ভালখিনি গ্ৰহণ কৰিলে উপকৃত হব। যিহেতু বৰ্তমান যুগটোৱেই প্ৰযুক্তিবিদ্যাৰ যুগ সেয়ে প্ৰযুক্তি বিদ্যাৰ সৈতে খোজ মিলাই যাবই লাগিব। এই ক্ষেত্ৰত যুৱ প্ৰজন্ম সতৰ্ক হব লাগিব। ইণ্টাৰনেটৰ জৰিয়তে অতি সোনকালে দেশ-বিদেশৰ খবৰ পোৱাত সুবিধা হোৱাৰ লগতে কিতাপ-আলোচনী-বাতৰি কাকত আদিবোৰ সহজতেই পোৱাৰ সুবিধা কৰি দিছে, মনোৰঞ্জনৰ বাবেও সুবিধা প্ৰদান কৰিছে ইণ্টাৰনেটে। পুৰণি  বন্ধুক Facebook, Instagram ৰ জৰিয়তে অতি সহজেই বিচাৰি উলিওৱাত ইণ্টাৰনেটে সুবিধা প্ৰদান কৰিলে। বতৰ বিজ্ঞান, কৃষি বিজ্ঞান, অফিচৰ কাম, বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ, মনোৰঞ্জন, বিভিন্ন উদ্যোগৰ কাম-কাজ, বিজ্ঞানৰ মৌলিক গৱেষণা, প্ৰযুক্তি বিদ্যা, মহাকাশ বিজ্ঞান, ব্যৱসায়- বাণিজ্যৰ কাম, চিকিৎসা-বিজ্ঞান, প্ৰতিৰক্ষা, বজাৰৰ বস্তু কিনা-বেচা কৰা, খেলৰ লগৰী হোৱা, পুলিচ তদন্ত আদি এনে কোনো ক্ষেত্ৰ নাই,ত বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানৰ সফলতাৰে ব্যৱহৃত হোৱা নাই। শ্ৰেণীকক্ষত উপস্থিতত নথকাকৈও  পৃথিৱীৰ যিকোনো ঠাইৰ পৰা কম্পিউটাৰ বা মবাইলৰ জৰিয়তে Online Class উপস্থিত থাকিব পাৰি, শিক্ষক বা সহপাঠীসকলৰ  সৈতে আলাপ-আলোচনাও কৰিব পাৰি, পৰীক্ষাত অৱতীৰ্ণ হৈ ডিগ্ৰীও অৰ্জন কৰিব পাৰি। ৰোগীয়ে বহুদূৰত থকা বিশেষজ্ঞ- চিকিৎসকৰ পৰা কম্পিউটাৰৰ ইণ্টাৰনেট সেৱাৰ জৰিয়তে দিহা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। মুঠতে ইণ্টাৰনেটৰ পৃথিৱীখনে প্ৰকৃত পৃথিৱীখনক এখন গোলকীয় গাঁৱত পৰিণত কৰিছে।

 

 

ইণ্টাৰনেটে নৱপ্ৰজন্মক গ্ৰাস কৰি অন্ধকাৰময় পৃথিৱী এখনলৈ ঠেলি দিয়াৰ  আগতেই নৱপ্ৰজন্ম সতৰ্ক হবৰ হল। ইণ্টাৰনেটৰ বেয়া দিশবোৰ বৰ্জন  কৰি ভাল দিশবোৰ আকোৱালি ললে সফলতাৰ পোহৰেৰে পৃথিৱী নামৰ গ্ৰহটো পোহৰাই তুলিবলৈ সক্ষম হব।

সকলো বিজ্ঞানৰ আৰম্ভনি হয় দৰ্শন হিচাপে আৰু শেষ হয় কলা হিচাপে”

 

ঋত্বিক পৰাশৰ

স্নাতকোত্তৰ শ্ৰেণী, অসমীয়া বিভাগ

জে ডি এচ জি মহাবিদ্যালয়,

বোকাখাত - ৭৮৫৬১২                                                                   

ভ্ৰাম্যভাষ : ৬০০২৬৪৭৩১৮

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ