অন্যযুগ/


অসম বুৰঞ্জীত লাচিত বৰফুকন সম্পৰ্কত থকা বিসংগতিমূলক তথ্যবোৰ আৰু সৰ্বভাৰতীয় পৰ্যায়ত বীৰক দিয়া ধৰ্মীয় লেপন

  অমৃত গোস্বামী


ভাৰত বুৰঞ্জীত শিৱাজীৰাণা প্ৰতাপটিপু চুলতানঝান্সিৰ ৰাণী লক্ষ্মীবাঈ আদিৰ বীৰগাথাৰ বিষয়ে ইতিহাসবিদসকলে যেনেকৈ প্ৰক্ষেপিত কৰিছে আৰু ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত যিদৰে সিসকল বিদিতলাচিত বৰফুকনৰ দৰে দেশৰ উত্তৰ-পূবৰ মধ্যযুগৰ ইমান এজন বীৰৰ বিষয়ে বিশেষভাৱে উল্লেখ নথকাটো সঁচাকৈয়ে পৰিতাপৰ কথা। আমি আমাৰ গুৰুজনা শঙ্কৰদেৱবীৰ লাচিত বৰফুকন আদিক জগত সভাত প্ৰতিষ্ঠা কৰাৰ কথা কৈ থাকোঁ যদিও ৰাজনৈতিক পৃষ্ঠপোষকতাৰ অভাৱত এই দিশত বিশেষ একো ফলপ্ৰসূ ৰূপ দিয়াব পৰা নাই৷ সেই দিশৰ পৰা বৰ্তমান ৰাজ্য চৰকাৰখনে এই মহান বীৰজনৰ ৪০০ বছৰীয়া জন্মদিৱসৰ শুভক্ষণত সমগ্ৰ ভাৰতবৰ্ষতে তেওঁৰ বীৰগাথা উপস্থাপন কৰাৰ লগতে বিশ্ব দৰবাৰতো তাক প্ৰচাৰ হোৱাৰ সুবিধা কৰাৰ বাবে বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই কাললৈ এক খ্যাতি ৰাখিলে, যিটো কাম অসমৰ তিনিজনকৈ আহোম সম্প্রদায়ৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ নিজ দলৰ কেন্দ্ৰত চৰকাৰ থকাৰ সময়তো কৰি দেখুৱাব নোৱাৰিলে৷ কিন্তু একে সময়তে আমি অতি আক্ষেপেৰে কব লাগিব যে যিজন ব্যক্তিয়ে ১২২৮ খ্ৰীষ্টাব্দৰ ২ ডিচেম্বৰত সৌমাৰপীঠত প্ৰৱেশ কৰি সাতৰাজ মাৰি একৰাজ কৰি ছশ বছৰলৈ আহোম ৰাজত্বৰ বাট মুকলি কৰি থৈ গল সেইজন মহান পুৰুষ চাওলুং ছ্যু-কা-ফাৰ নামত দেশৰ স্বাধীনতাৰ ৪৯ বছৰৰ পাছত ২ ডিচেম্বৰ তাৰিখটো অসম দিৱস হিচাপে ১৯৯৬ চনৰ পৰা অসম গণ পৰিষদ চৰকাৰে উদযাপন কৰাৰ ব্যৱস্থা কৰিলে আৰু কংগ্ৰেছ চৰকাৰে যোৰহাটত ছ্যু-কা-ফা সমন্বয়ক্ষেত্ৰ প্ৰতিষ্ঠা কৰিলে ঠিকেইঅথচ চৰাইদেউত থকা ছ্যু-কা-ফাৰ মৈদামটো কেৱল বাঁহৰ বেৰা এখনেৰে আৱেষ্টিত কৰিয়েই অৱহেলিত কৰি পেলাই থলে যিটোত প্ৰৱেশ কৰিবলৈও আনকি এঘৰ মানুহৰ বাৰীৰ মাজেৰেহে যাব লগাত পৰে৷ ইয়াতকৈ দুখৰ কথা কি থাকিব পাৰে ! এইবিলাকত কিবা ৰাজনীতি আছে নেকি বাৰুআশা ৰাখিছোঁ ইয়াৰ মাজত যেন কোনো ৰাজনীতি সোমাই থকা নাই। দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এক গুৰুত্বপূৰ্ণ কথাৰে মুখ্যমন্ত্ৰী ড শৰ্মাক আহ্বান জনালে যে লাচিতৰ ইতিহাস ভাৰতৰ দহটা ভাষা আৰু হিন্দীলৈ অনূদিত কৰি দেশৰ সকলো শিশুৰ হাতত তুলি দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ আমিতো ইয়াৰ লগতে ইংৰাজীতো এই কাম কৰিব লাগে বুলি ভাবোঁ, যাতে দেশৰ সকলো প্ৰান্তৰ লগতে বিদেশৰ মানুহেও বীৰজনাৰ বিষয়ে ভালকৈ জানিবলৈ পায়৷ এই কাম কৰিবলৈ যোৱাৰ আগতে লাচিতৰ বিষয়ে থকা তথ্যবোৰ যাতে নিখুঁত হয় আৰু কোনো বিতৰ্ক নাথাকে সেই দিশত অধিক গুৰুত্ব দিয়া বাঞ্ছনীয়। আমি বুৰঞ্জীৰ ছাত্ৰ নহওঁ আৰু বিশেষ নাজানোও৷ কিন্তু সৰুকালৰ পৰাই বৰ্তমানলৈকে লাচিতৰ বিষয়ে পাই অহা তথ্যবোৰত সদায় যেন কিবা খেলিমেলি পাওঁ৷ এইটো মই বুলিয়েই নহয়সকলো অসমীয়া মানুহৰ ক্ষেত্ৰতে নিশ্চয় হয়৷ কেইটামান উদাহৰণ-

১/ আহোম সেনাই সোতৰবাৰ মোগলৰ আক্ৰমণ পৰাভূত কৰা কথাটোৱেই এটা মিথ্‌। কিয়নো ১২০৬ চনতেই দিল্লীৰ চুলতান কুতুবুদ্দিন আইবাকৰ বংগৰ শাসনকৰ্তা মহম্মদ বিন বখ্‌তিয়াৰ খিলজিয়ে কৰা কামৰূপ আক্ৰমণৰ (যিটো সময়ত আহোম সকল অহাই নাছিলে) পৰা ১৬৮২ চনৰ গদাধৰ সিংহৰ দিনত হোৱা ইটাখুলিৰ শেষ ৰণলৈকে সকলো মুছলমান আক্ৰমণকে সাঙুৰি কোৱা হয়৷ প্ৰকৃততে মোগল-আহোম যুদ্ধবোৰ হৈছিল আবু বক্কৰৰ ১৬১৫ চনৰ চামধৰা যুদ্ধৰ পৰা ১৬৮২ চনৰ ইটাখুলিৰ যুদ্ধলৈকে এই সময় খিনিৰ ভিতৰতহে৷

২/ লাচিতে শৰাইঘাটৰ যুদ্ধৰ সময়ত নিজৰ মোমায়েকক গড় বান্ধিবলৈ দিয়া দায়িত্বত কৰা অৱহেলাৰ কাৰণে মোমায়েকৰ শিৰশ্ছেদ কৰা কথাটো আন এটা মিথ্‌।

অলপতে অসমীয়া পষেকীয়া আলোচনী প্ৰান্তিকত (জুলাই ১-১৫,২০২২) অনুজ দুৱৰাই টাই যাদুঘৰৰ অৱসৰী তত্বাৱধায়ক বিষয়া জ্ঞানানন্দ ফুকনে শিৱসাগৰৰ ওচৰৰ বকতাৰ পাটসাঁকোত পোৱা সাঁচিপতীয়া টাই ভাষাৰ লাইলিক বুৰঞ্জীৰ আধাৰত লিখা অহম বুৰঞ্জীৰ’ উৎসৰ উদ্ধৃতি দি লিখা লেখাত উল্লেখ কৰিছিল যে লাচিতৰ কোনো মোমায়েক নাছিল৷ এই কথাটো সৌ সিদিনা অসমীয়া প্ৰতিদিন কাকতত চন্দন দুৱৰাৰ লেখাতো প্ৰকাশ পাইছে৷

লাচিতৰ সৰুতেই হেনো দেউতাক (যিজন মোমাই তামুলী বৰবৰুৱা নহয়) মচাই চেংকালুকৰ (ৰজাৰ এজন পুৰোহিত) মৃত্যু হোৱাত লা জু গোহাঁই নামৰ এজন পাতি লোৱা মোমায়েকৰ হাতত অভিভাৱকৰ দায়িত্ব আহি পৰে৷ কিন্তু তেওঁ লাচিতৰ মোমায়েক নহয়৷ তেওঁ এজন কাৰিকৰী আৰু সমৰ কৌশলত পাৰ্গত বিষয়া যিজন লাচিতৰ মোমায়েকৰ দৰে কিন্তু প্ৰকৃত মোমায়েক নহয়৷ এই লা জু গোহাঁইহে বোলে মোমাই তামুলী বৰবৰুৱা৷ এই লা জু গোহাঁইৰ লাহন হিলৈধাৰী নামৰ এজন ভায়েক আছিল যিজনো কাৰিকৰী অভিযন্তা৷ টাই ভাষাত অভিযন্তাক মৌমাই বুলি কয় আৰু তেওঁকহে হেনো শৰাইঘাটৰ ৰণত গড় বান্ধিবলৈ দিয়া দায়িত্বত হেমাহি কৰাৰ বাবে লাচিতে শিৰশ্ছেদ কৰিছিল৷ অৰ্থাৎ অভিযন্তা বা মৌমাই আৰু লাচিতৰ পাতি লোৱা মোমায়েক অভিভাৱক লা জু গোহাঁই ওৰফে মোমাই তামুলী বৰবৰুৱাৰ সম্বন্ধৰে মোমাই হৈ গপাতি লোৱা মোমায়েকেই হওক অথবা অভিযন্তা অৰ্থাৎ মৌমায়েই হওক কথাটোত মিল থকা দেখা যায়৷ কিন্তু কথাবোৰ পোনপটীয়া নহয়৷

৩/ যোৰহাটৰ ওচৰৰ হোলোঙাপাৰত থকা লাচিতৰ মৈদাম বোলে শিৰশ্ছেদ কৰা মৌমাই লাহনৰহেলাচিতৰ নহয়৷ অনুজ দুৱৰাই অৱশ্যে এই মৈদাম লা জু গোহাঁইৰ বুলিহে উল্লেখ কৰিছে যদিও চ্ছিন্নশিৰ অভিযন্তাজন ভায়েক লাহনহে৷ এই সম্পৰ্কত মই ভালকৈ জানিবৰ নিমিত্তে দেৱেন দত্তছাৰৰ লগত কথা পাতিছিলোঁ৷ তেখেতে কোৱামতে যথেষ্ট অধ্যয়নেৰে লেখা সূৰ্য্যকুমাৰ ভূঞাৰ বুৰঞ্জীমতে শৰাইঘাটৰ যুদ্ধৰ কিছুদিন পাছলৈকে লাচিত গুৱাহাটীতেই অসুখৰ বাবে থাকি গৈ মৃত্যু হোৱাৰ পাছত ব্ৰহ্মপুত্ৰহদি নৈৰে গড়গাঁৱলৈ লৈ যাওঁতে মৃতদেহ পচিবলৈ ধৰাত গড়গাঁও পাই নষ্ট হোৱাৰ আশঙ্কাত যোৰহাটৰ ওচৰৰ হোলোঙাপাৰতে মৈদামেৰে লাচিতৰ মৃতদেহ সৎকাৰ কৰা হয়। দত্তছাৰে কোৱামতে যথেষ্ট অধয়নপুষ্ট বুৰঞ্জীবিদ সূৰ্য্যকুমাৰ ভূঞাৰ ইমান ভুল হব পাৰেনেএই কথাখিনি মই কিছুদিনৰ আগতে এই পৃষ্ঠাতে লিখিছিলোঁ৷ আনহাতে অসমীয়া প্ৰতিদিনত চন্দন দুৱৰাই লিখামতে শৰাইঘাটৰ যুদ্ধৰ সময়ত শিৰশ্ছেদ হোৱাৰ বাবে মৌমাইৰ পৰিয়াল আৰু তেওঁলোকৰ বংশৰ মানুহ লাচিতৰ বিৰূদ্ধে ক্ষোভত ভাগি পৰি মহাঅভিযোগ আনিছিল আৰু বৰফুকন পৰিয়াল শত্ৰু হব লগাত পৰিছিল আৰু সেয়ে পৰিৱেশ ভাল নথকাৰ বাবে লাচিতে যুদ্ধৰ পাছত গড়গাঁৱলৈ নাহি লখিমপুৰৰফালে আছিলগৈ৷ সেইফালৰ পৰা সেই ঠাইত থাকি নৰিয়াত মৃত্যু হোৱা লাচিতৰ মৈদাম ঢকুৱাখানাৰ ফালে থকা কথাটোও একেবাৰে নুই কৰিব নোৱাৰি৷ কিন্তু এইটো সত্য প্ৰমাণিত হলে হোলোঙাপাৰত থকা লাচিতৰ মৈদাম আৰু চৰকাৰে ইয়াক  Heritage Centre তথা পৰ্য্যটক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ লোৱা প্ৰস্তাবৰ কোনো অৰ্থ নাথাকিব৷

৪/ বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকীৰ নাম হেনো কোনো টাই ভাষাৰ বুৰঞ্জীত নাই৷ এই কথা দিল্লীত লাচিত বৰফুকন সম্পৰ্কত হোৱা আলোচনাচক্ৰত মঙলদৈ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা সংগীতা গগৈয়ে উল্লেখ কৰে৷ তেতিয়াহলে বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱা, বেণুধৰ শৰ্মাসূৰ্য্যকুমাৰ ভূঞাপদ্মনাথ গোহাঁঞিবৰুৱাহেৰম্ব বৰপূজাৰী আদিয়ে বৰ্ণনা কৰা বাঘ হাজৰিকাৰ কথা মনে সজা বা অনুমানত লিখা নেকি?

বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকীক (যিজন এজন শিল্পী আৰু মোগল সমৰ কলাত নিপুণ) জয়ধ্বজ সিংহৰ জীয়েক ৰমণী গাভৰু ওৰফে ঔৰংগজেৰ পুত্ৰ আজম খাঁৰ পত্নী বাণু বেগমে আহোম ৰাজ্যলৈ পঠাইছিল আৰু তেওঁক শিৱসাগৰৰ ওচৰৰ হাঁহচৰাত আহোম ৰজাই মাটি-বাৰী দি থাপিছিল৷ ছিদ্দিকীয়েও অসমখনকে নিজৰ মাতৃভূমিস্বৰূপে আঁকোৱালি লৈছিল আৰু শৰাইঘাটৰ যুদ্ধত লাচিতক মোগল সেনাৰ ৰণ কৌশলৰ ভিতৰুৱা কথাবিলাক বুজাই ৰামায়ণৰ বিভীষণৰ দৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহোমে শৰাইঘাট যুদ্ধত জিকাত যথেষ্ট অৰিহণা যোগাইছিল৷ কিন্তু যুদ্ধৰ পাছত বিভীষণে লঙ্কালৈ ঘূৰি গৈ ৰজা হোৱাৰ দৰে বাঘ হাজৰিকা দিল্লীলৈ ঘূৰি যোৱা নাছিল আৰু অসমখনকে নিজৰ মাতৃভূমি বুলি ৰৈ গৈছিল। কেৱল বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিকীয়ে নহয়সেই সময়ত লাইধন খাঁভকুৱাপেটুৱা আদি অনেক মুছলমান সম্প্ৰদায়ৰ সেনাই মোগলৰ বিৰূদ্ধে যুঁজত অৱতীৰ্ণ হৈছিল৷ ইয়াৰ অৰ্থ এইটোৱেই যে শৰাইঘাটৰ যুদ্ধ শত্ৰু মোগলৰ বিৰূদ্ধেহে হৈছিলমুছলমানৰ বিৰুদ্ধে নাছিল। এনেবোৰ কথা টাই ভাষাত লিপিবদ্ধ হৈ নথকাৰ কাৰণ কিএইখিনিতে আমি স্কুলত থকাৰ সময়ত পঢ়া অসম বুৰঞ্জীত পোৱা আৰু পাছলৈ কোনোবা সময়ত পোৱা আহোমৰ চকৰীফেটী বুৰঞ্জী আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ বুৰঞ্জী দাহ সম্পৰ্কীয় এটা কথা মনলৈ আহিছে৷ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত (১৭৫১-১৭৬৯) বিখ্যাত ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ পুত্ৰ নুমলী বৰগোহাঁয়ে লিখা চকৰীফেটী বুৰঞ্জীখন খুবেই চাঞ্চল্য সৃষ্টিকাৰী আৰু বিতৰ্কিত বুলি সমাজত চৰ্চিত হৈছিল যত সেই সময়ৰ আহোম ৰাজত্বৰ কিছুমান অপ্ৰিয় আৰু বিস্ফোৰক তথ্য লিপিবদ্ধ আছিল৷ বুৰঞ্জীখনত সেই সময়ৰ ৰাজবিষয়া কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ বংশৰ আঁতি-গুৰি লিপিবদ্ধ কৰি তেখেতক জলম বটা’ (জলম মানে কাপোৰৰ টুকুৰা আৰু বটা মানে সীয়া অৰ্থাৎ দৰ্জী) বা নকল আহোম’ বুলি লিপিবদ্ধ কৰাত কীৰ্তিচন্দ্ৰই অপমানবোধ কৰি ৰজাৰ অনুমতি সাপেক্ষে বহুত বুৰঞ্জী দাহ কৰি পেলাইছিল৷ কীৰ্তিচন্দ্ৰৰ এই বুৰঞ্জী দাহৰ বাবেই কিছুমান কথা টাই বুৰঞ্জীত পাবলৈ নাইকিয়া হল নেকি সেই বিষয়ে টাই বুৰঞ্জীৰ পণ্ডিত সকলেহে ভালকৈ জানিব।

৫/ শৰাইঘাটৰ যুদ্ধত জিকি আহোম সেনাই মোগলক তেতিয়াৰ মানাহ আৰু বৰ্তমানৰ মানস নৈৰ সিপাৰে খেদি থৈ আহিলগৈ৷ যদি সেয়ে হয় তেন্তে মোগলৰ সেনাপতি ৰাম সিঙে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত যুদ্ধত হাৰি পূজা দিবলৈ আৰু তাৰ পাছত তেওঁ লাচিত আৰু আহোম সেনাৰ গুণ বখানিবলৈ কেনেকৈ থাকি গল৷ যদি সেনাপতি হাজোত পূজা দিবলৈ থাকিয়েই গৈছিল তেন্তে তেওঁক অতি সহজে বন্দী কৰিব পাৰিলেহেঁতেন দেখোন৷

এই প্ৰসঙ্গতে আন এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ৷ কিছুদিনৰ আগতে পণ্ডিত তীৰ্থনাথ শৰ্মাৰ আউনীআটা সত্ৰৰ বুৰঞ্জীখন পঢ়িছিলোঁ৷ এই গ্ৰন্থখনৰ এঠাইত তেখেতে উল্লেখ কৰিছে যে সত্ৰৰ আৰম্ভণিৰে পৰা সমসাময়িক সত্ৰৰ একোজন বৈষ্ণৱীয়ে বা চৰিতকাৰে সত্ৰাধিকাৰ একোজনৰ জীৱনশৈলীকাৰ্যক্ৰমণিকাসমাজ ব্যৱস্থাসেই সময়ৰ আহোম শাসন ব্যৱস্থাৰ বিষয়ে লিপিবদ্ধ কৰি যায়, যৰ পৰা প্ৰকৃত তথ্য পোৱাত সুবিধা হয় আৰু ইয়াৰ বিপৰীতে পাছৰ বুৰঞ্জীবিদসকলৰ বহু কথা অনুমানৰ ভিত্তিত লিখা৷ গ্ৰন্থখন লিখিবৰ সময়ত পণ্ডিত শৰ্মাদেৱে আউনীআটী সত্ৰত থাকি লৈছিল। এনেবোৰ কথাৰ বাবেই হয়তো বিভিন্ন বুৰঞ্জীবিদে লিখা অসম বুৰঞ্জীৰ বহু তথ্য বিভ্ৰান্তিকৰ হয়৷ ইয়াৰ উপৰি টাই ভাষাৰ সীমিত পৰিসৰ আৰু টাই ভাষাৰ পণ্ডিতসকলৰ নিজৰ মাজতে চিন্তা-চৰ্চাসমূহ আদ্ধ থকাত ইতিহাসৰ তথ্যৰ বিসংগতি দেখা যায়৷ বৰ্তমান সময়ত তাতোকৈ ডাঙৰ এটা কথা দেখা গৈছে৷ যি আহোম সেনাৰ মাজত মুছলমান সেনায়ো গুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ হৈ মোগল সেনাক পৰাভূত কৰাত লাচিতক সহায় কৰিছিল, তেনে এজন মহান বীৰক মুছলমান খেদা হিন্দুবীৰ বুলি কিহৰ ভিত্তিত কিছুমান মহলে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰচাৰ কৰিব বিচাৰে জনা নাযায়৷ কিয়নো যদিও স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনতেই (১৬৪৮-১৬৬৩) আহোম ৰজাই হিন্দু ধৰ্মক আকোঁৱালি লৈছিলতেওঁৰ পাছৰ স্বৰ্গদেউ ক্ৰধ্বজ সিংহৰ দিনত সেনাপতি হোৱা লাচিত বৰফুকন কিন্তু আহোমসকলৰ পৌৰাণিক পূৰ্বপুৰুষৰ পূজা-অৰ্চনা কৰা বলি-বিধান নিষিদ্ধ ফুৰালুং ধৰ্মগোষ্ঠীৰহে আছিলহিন্দু ধৰ্মৰ নাছিল। কেৱল ৰাজনীতিৰ স্বাৰ্থত কোনোবা সম্প্ৰদায়ৰ বীৰ বুলি কাললৈ ইতিহাস বিকৃত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ এই প্ৰবল প্ৰতাপী বীৰজন প্ৰতিষ্ঠিত যাতে নহয় সেইটো অতি গুৰুত্বপূৰ্ণ কথা৷ 

ওপৰত উল্লেখ কৰাৰ দৰে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আহ্বানক্ৰমে যদি অসম চৰকাৰে ১০টা ভাৰতীয় ভাষা আৰু হিন্দী আৰু লগতে ইংৰাজীতো লাচিত তথা আহোম বুৰঞ্জীৰ ইতিহাস লিখোৱাৰ ব্যৱস্থা কৰে, তেন্তে টাই ভাষা আৰু টাই বুৰঞ্জীৰ পণ্ডিতসকলৰ লগতে অন্যান্য ইতিহাসবিদ আৰু বুদ্ধিজীৱি সকলৰ সক্ৰিয় সহযোগিতা আৰু আলোচনাৰ যোগেদি কৰাৰ ব্যৱস্থা কৰা উচিত, যাতে তাত কোনো ধৰণৰ ত্ৰুটি বা বিভ্ৰান্তি বা বিসংগতি থাকি নাযায় আৰু সকলো অসমীয়া মানুহে জাতিৰ বীৰজনৰ বিষয়ে এখন সৰ্বাংগ সুন্দৰ ইতিহাস পাবলৈ সক্ষম হয় আৰু প্ৰত্যেক অসমীয়া পৰিয়ালেই ৰামায়ণ-মহাভাৰতৰ দৰে এনে ধৰণৰ গ্ৰন্থ একোখন ঘৰত ৰাখিব পাৰে আৰু বাহিৰৰ মানুহেও আহোম বুৰঞ্জীৰ বিষয়ে প্ৰকৃত তথ্য জানিব পাৰে। চৰকাৰী পৃষ্ঠপোষকতাৰে এনে কাম কৰাওঁতে যাতে কোনো ৰাজনৈতিক দলৰ স্বাৰ্থ সিদ্ধিৰ বাবে এই মহান বীৰজনৰ বীৰগাঁথাত কোনো সম্প্ৰদায়ৰ বুলি লেপন দিয়াই বুৰঞ্জী বিকৃত নকৰে তাত অধিক গুৰুত্ব দিয়াটো অতীব প্ৰয়োজনীয় কথা৷

 

(লেখক অৱসৰপ্ৰাপ্ত মুখ্য-বিজ্ঞানী- নেইষ্ট- যোৰহাট)

ঠিকনা :

জয়ানগৰ

গুৱাহাটী-৭৮১০২২

ভ্ৰাম্যভাষ : ৯৪৩৫০৫২০৯৩

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ