অন্যযুগ/


অসমৰ শিক্ষকৰ সীমাবদ্ধতাখিনি বুজি লোৱাটো জৰুৰী

ৰবীন কুলি

 

শিক্ষকৰ প্ৰতি থকা এক পৰম্পৰাগত ধাৰণা Teachers are born naturally as teachers কথাষাৰ আজিৰ তাৰিখত গ্ৰহণযোগ্য নহয়। শিক্ষাদানৰ সেৱাটো আজি আন আন বৃত্তিৰ দৰে এটা বৃত্তি। এটা চাকৰি। আন আন চাকৰিৰ দৰে শিক্ষকৰ চাকৰিৰ বাবেও প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। য’ত পৰম্পৰাগতভাৱে বিশ্বাস কৰা ধাৰণাটো অৱধাৰিতভাৱে উপেক্ষা কৰা হয়। কোনো কোনো লোক জন্মগতভাৱে শিক্ষকৰ গুণেৰে সমৃদ্ধ বুলি ধৰি ল’লেও কেৱল এনে গুণৰ জৰিয়তে ছাত্র-ছাত্ৰীক আজিৰ তাৰিখৰ প্ৰয়োজনীয় শিক্ষাৰে শিক্ষিত কৰি তুলিব নোৱাৰি। বৰ্তমান নৈতিক তথা মূল্যবোধৰ শিক্ষাৰ লগতে প্ৰয়োজন কাৰিকৰী তথা বৃত্তিমুখী শিক্ষা। যিটো কেৱল জন্মগত শিক্ষকতাৰ গুণেৰে দান কৰা শিক্ষকৰ বাবে সম্ভৱ নহয়। কিছুমান শিক্ষকৰ শিক্ষকতাৰ জন্মগত গুণ আছে বুলি যদি ধৰিও লোৱা হয় তেন্তে এই কথা ঠিক যে কেৱল এনে শিক্ষকেৰে সকলো ছাত্র-ছাত্ৰীক শিক্ষিত কৰি তোলা সম্ভৱ নহয়। তদুপৰি জন্মগতভাৱে শিক্ষকতাৰ গুণসম্পন্ন  বুলি ধৰি লোৱা সকলৰ তুলনাত এনে গুণ নথকা বুলি ভাবি লোৱাসকলো বেছি দক্ষ শিক্ষক হ’ব পাৰে। ই সম্ভৱ হ’ব পাৰে নিজৰ সাধনা আৰু প্ৰশিক্ষণ গ্ৰহণৰ জৰিয়তে । এতেকে Teachers are born naturally as teachers বুলি ধৰি লোৱাতকৈ Teacher are made বুলি বুজি লোৱাটো সমাজৰ বাবে বেছি উপকাৰী।

ভাৰতবৰ্ষত শিক্ষকক প্ৰশিক্ষণ দিয়া হয়। কাৰণ Teacher are made । কোঠাৰী আয়োগ,  চট্টোপাধ্যায় সমিতি- ১৯৮৬  শিক্ষাত ৰাষ্ট্ৰীয় নীতি-১৯৮৬, আচাৰ্য ৰামামূৰ্তি সমিতি-১৯৯০, যশপাল সমিতি-১৯৯৩ আৰু ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠাম- এন.চি.এফ-২০০৫ আৰু বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষৰ অধিকাৰ আইন, ২০০৯ আদিয়ে শিক্ষক প্ৰশিক্ষণৰ ওপৰত গুৰত্ব দি আহিছে। শিক্ষকৰ বাবে দেশত আছে  মূলত দুই ধৰণৰ প্ৰশিক্ষণ- (ক)প্ৰাক-সেৱা প্ৰশিক্ষণ আৰু (খ) ইন-চাৰ্ভিছ প্ৰশিক্ষণ। অসমতো ৰাজ্যিক পৰ্যায় আৰু জিলা পৰ্যায়ৰ উপৰি ব্লক সমল কেন্দ্ৰ আৰু ক্লাষ্টাৰ সমল কেন্দ্ৰত বিদ্যালয়ৰ শিক্ষকক সেৱা প্ৰশিক্ষণ প্ৰদানৰ বাবে ব্যৱস্থা আছে। অৱশ্যে এই প্ৰশিক্ষণবোৰৰ প্ৰভাৱ বহু কম পৰিমাণে পৰিলক্ষিত হয় শিক্ষাৰ আদান-প্ৰদানত। কাৰণ এনে প্ৰশিক্ষণবোৰে যিমান গুৰুত্ব পাব  লাগে সিমান গুৰুত্ব নাপায়। বহু সময়ত ই এক সাধাৰণ নিয়মমাফিক উপস্থিতিৰ অংকত পৰিণত হয়। তদুপৰি আমাৰ অসমৰ শিক্ষা ক্ষেত্ৰত প্ৰাক-সেৱা প্ৰশিক্ষণ বিষয়টো একেবাৰেই গুৰুত্ব নাপায়। কেৱল এটা নম্বৰকেন্দ্ৰিক পৰীক্ষাৰ জৰিয়তে অপৰিপক্ক কম বয়সীয়া হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ যুৱক-যুৱতীক পোনে পোনে শিক্ষকৰূপে শ্ৰেণীকোঠাৰ দায়িত্ব দিয়াৰ দৰে ঘটনাও অসমত নোহোৱা নহয়। ন শিক্ষকে ছিনিয়ৰ শিক্ষকসকলৰপৰা অথবা প্ৰধান শিক্ষকৰপৰা শিক্ষকতাৰ আদিপাঠ শিকি ল’ব বুলি একপ্ৰকাৰ এক পূৰ্বধাৰণাৰে শিক্ষক এজনক ছাত্র-ছাত্ৰীৰ ওচৰলৈ পঠিয়াই দিয়াৰ দৰে ঘটনা শিক্ষাৰ বাবে কিমান অস্বাস্থ্যকৰ হ’ব পাৰে সেয়া সহজে অনুমেয় । আনহাতে কেন্দ্ৰীয় বিদ্যালয়’ত নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষকক নিযুক্তিৰ দুই-তিনি মাহৰ পাছত Induction course ল’বলৈ দিয়া হয়। য’ত শিকনৰ পদ্ধতি আৰু দৈনন্দিন শ্ৰেণীকোঠাত দেখা দিয়া সমস্যাবোৰ মোকাবিলা কেনেকৈ কৰিব লাগে তাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। মন কৰিবলগীয়া যে কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষকৰ চাকৰিৰ বাবে প্ৰাৰ্থীয়ে লিখিত পৰীক্ষাৰ উপৰি সাক্ষাৎকাৰকে আদি তুলানামূলকভাৱে এক জটিল প্ৰক্ৰিয়াৰ মাজৰেহে শিক্ষকৰ চাকৰিটো লাভ কৰে।

নক’লেও হ’ব যে শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য সাধাৰণ মানুহে ভবা আৰু কোৱাৰ দৰে সহজ নহয়। ৰাষ্ট্ৰীয় শিক্ষা নীতি-১৯৮৬-ৰ মতে শিক্ষকৰ কৰ্তব্য কেৱল ছাত্র-ছাত্ৰীক পঢ়োৱা নহয়। বৰঞ্চ শিক্ষকৰ দায়িত্ব ছাত্ৰ-ছাত্ৰী, অভিভাৱক, সম্প্ৰদায় তথা শিক্ষক বৃত্তিত জড়িত লোককো শিক্ষিত কৰা।

সন্দেহ নাই অসমৰ আটাইতকৈ পিছপৰা অঞ্চলতো অলেখ শিক্ষকে বিদ্যালয় প্ৰতিষ্ঠাত জড়িত হোৱাই নহয় বৰঞ্চ এনে অঞ্চলত অনেক শিক্ষকে নিজৰ জীৱন উছৰ্গা কৰি ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়িছে। বিনা বেতনে হাজাৰ হাজাৰ শিক্ষকে ছাত্র-ছাত্ৰীৰ লগতে অভিভাৱকসকলকো শিক্ষিত কৰি তুলিবলৈ প্ৰয়াস কৰি আহিছে। ৰাইজে মৰম-আদৰত দিয়া দুই-এপদ সামগ্ৰী, দুই-এটকাৰে শিক্ষকে শিক্ষাদানত নিজকে অৰ্পণ কৰাৰ ইতিহাস আছে অসমত । ইতিহাস আছে শিক্ষকে ঘৰে ঘৰে গৈ শিক্ষাৰ্থীক পঢ়োৱা। আজিও এনে শিক্ষক আছে। পিতৃ-মাতৃ-অভিভাৱকে বিদ্যালয়লৈ নপঠিওৱা অনেক ছাত্র-ছাত্ৰীক বিদ্যালয়লৈ নিজা প্ৰচেষ্টাৰে আনি পঢ়োৱাৰ দৰে ভাল উদাহৰণ অসমত বিৰল নহয়। অনেক শিক্ষকে মেধাৱী শিক্ষাৰ্থীৰ পঢ়া-শুনাৰ আৰ্থিক দিশতো হাত উজান দিয়ে। কিন্তু এনে কাম সকলো শিক্ষকে কৰিব পাৰিব বুলি ধৰি লোৱাটো অথবা সদায় শিক্ষকেই এনে কৰি যাব বুলি ধৰি লোৱাটো এক ভ্ৰান্ত ধাৰণা। শিক্ষকতা বৃত্তিটো দয়া-মমতাত সদায় চলিব বুলি ধৰি লোৱাটোও গ্ৰহণযোগ্য নহয়। তদুপৰি শিক্ষকৰ বৃত্তিজনিত অথবা ব্যক্তিগত সমস্যাক আওকাণ কৰি শিক্ষাদানত মনোযোগ দিব পৰা এক দৈৱিক শক্তি থাকিব লাগে বুলিও কোনো কথা নাই।

কোঠাৰী আয়োগৰ মতে শিক্ষাৰ মান কেনে হ’ব সেয়া আটাইতকৈ বেছি নিৰ্ভৰশীল শিক্ষকৰ ওপৰত। “Of all the factors, that influences the quality of education...the quality, competence and character of teachers are undoubtedly the most significant.” একোখন আয়োগেই কৈছিল- “দেশৰ ভৱিষ্যত গঢ় লয় শ্ৰেণীকক্ষত।” সন্দেহ নাই শ্ৰেণীকোঠাৰ ভিতৰত আনুষ্ঠানিক শিক্ষাৰ মান নিৰ্মাণ কৰাৰ অৰ্থে শিক্ষক।  কিন্তু শিক্ষকৰ মান নিৰ্ধাৰণ কৰে শ্ৰেণীকোঠাৰ বাহিৰৰ কেইবাটাও উপাদানে। বিদ্যালয় কৰ্তৃপক্ষই শিক্ষকৰ হাতত তুলি দিয়ে পূৰ্ব নিৰ্ধাৰিত এখন সময়সূচী । য’ত পূৰ্বলিখিত থাকে শিক্ষকে কোন সময়সীমাৰ ভিতৰত কি কি অধ্যায়, বিষয় পাঠদান কৰি সমাপ্ত কৰিব লাগিব। মূল্যায়ন কেতিয়া কৰা হ’ব ইত্যাদি ইত্যাদি। আৰু এনে কৰিব নোৱৰা এজন শিক্ষকক বিফল শিক্ষক হিচাপে ধৰা হয়। এনে শিক্ষকৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দৰে কথাও নথকা নহয়। কিন্তু কেৱল  শিক্ষকেহে বুজি পায় যে পূৰ্বনিৰ্ধাৰিত সময়মতে শ্ৰেণীত বহা ৩০-৪০ গৰাকী ছাত্র-ছাত্ৰীয়ে একে সময়ত নিৰ্ধাৰিত পাঠ গ্রহণৰ বাবে সক্ষম নহয়।  এইখিনিতে শ্ৰেণীত শিক্ষকে প্ৰতিগৰাকী ল’ৰা-ছোৱালীক এককভাৱে সমানে গুৰুত্ব দিয়া কথাটো মাথোঁ কিতাপৰ তত্ত্বকথা বুলি প্ৰমাণিত হৈ পৰে। একেদৰে শিক্ষকৰ বাবে  শিক্ষামনোবিজ্ঞানৰ ধাৰণাৰ প্ৰয়োগো বহু সময়ত অবাস্তৱ হৈ পৰে। আজিকালি, বিশেষকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পৰোক্ষভাৱে অভিভাৱকে নিৰ্ধাৰণ কৰে শিক্ষকে কেনেকৈ পঢ়াব। কাৰণ অভিভাৱকৰ প্ৰতিটো কথাৰ প্ৰতি গুৰুত্ব দিয়ে বিদ্যালয়ৰ কতৃপক্ষই।

বিদ্যালয়ৰ কৰ্তৃপক্ষৰ কথাৰ প্ৰতি গুৰুত্ব দিবলৈ বাধ্য শিক্ষক। এতেকে শিক্ষাৰ মান শিক্ষকৰ ওপৰত যিমান নিৰ্ভৰশীল তাতকৈ বেছি শিক্ষক নিৰ্ভৰশীল বিদ্যালয় কৰ্তৃপক্ষৰ ওপৰত। অৰ্থাৎ বিদ্যালয়ত শিক্ষকৰ স্বাধীনতা সীমিত।

এফালে জ্ঞান-প্ৰযুক্তিৰ পৰিসৰ বৃদ্ধি আনফালে সামাজিক মূলবোধৰ অৱক্ষয়। চন্দ্ৰযান-৩-ৰ সফলতাই ভাৰতীয় বিজ্ঞান শিক্ষাক বহু যোজন আগুৱাই নিয়া বুলি ধাৰণা কৰাৰ সময়তে এচাম সমাজৰ প্ৰতিষ্ঠিত অনুষ্ঠান বা ব্যক্তিয়ে অন্ধবিশ্বাসৰ দৰে বিষয়ক প্ৰশ্ৰয় দিছে। বিজ্ঞাপন আৰু প্ৰদৰ্শনকামিতাৰ জ্বৰত সমাজখন প্ৰায় আক্ৰান্ত। ভাল আৰু বেয়া, ভুল আৰু শুদ্ধৰ মাজৰ এক ধূসৰ সীমাৰেখা সৃষ্টি কৰিছে সমাজে। চৌদিশে  উচ্ছৃংখলতা। এনে পৰিৱেশৰ মাজত ডাঙৰ-দীঘল হোৱা ল’ৰা-ছোৱালীক  স্কুলত অতিবাহিত কৰা ৪-৫ ঘণ্টা সময়ত শিক্ষকে জীৱন ৰণৰ বাবে প্ৰয়োজনীয় সকলো গুণ শিকাব বা ল’ৰা-ছোৱালীয়ে শিকি ল’ব বুলি ভাবি লোৱাটো এটা ভ্ৰম মাথোঁ। বিছনাতে পৰি থাকি  সামাজিক মাধ্যমৰ যোগেদি পৃথিৱীৰ চুক-কোণৰ মানুহৰ সৈতে বন্ধুত্ব গঢ়ি অনবৰতে বাৰ্তালাপ কৰা অভিভাৱকে পাহৰি গৈছে নিজৰ ল’ৰা-ছোৱালীৰ সৈতে বন্ধুত্ব গঢ়িবলৈ, ল’ৰা-ছোৱালীৰ সৈতে সময় অতিবাহিত কৰিবলৈ। ‘স্কুলত দিছোঁ। এক বুজন অংকৰ ধন ব্যয় কৰিছোঁ। স্কুলত শিক্ষকে সকলো শিকাব’ বুলি ভাবি থকাটো আজিৰ সমাজৰ বাবে এক অভিশাপ।

ভাৰতবৰ্ষ অথবা অসমৰ সৰহসংখ্যক শিক্ষক নিজৰ দায়িত্ব আৰু কৰ্তব্য পালনত ব্যৰ্থ হোৱাৰ অভিযোগ উঠা কথাটো নতুন কথা নহয়। এই সম্পৰ্কে নতুন শিক্ষা নীতি- ২০২০ ত আলোচনা আছে। নতুন শিক্ষা নীতিত উল্লেখ থকা মতে- পূৰ্বে আটাইতকৈ অধ্যয়নশীল আৰু ভাল মানুহেহে শিক্ষকতা কৰিছিল।  শিক্ষকসকল জাতি নিৰ্মাণৰ দৰে মহান কাম কৰি সমাজৰ আটাইতকৈ সন্মানিত ব্যক্তি হিচাপে পৰিগণিত হৈছিল । কিন্তু  বৰ্তমান শিক্ষকৰ শিক্ষাৰ মান, নিযুক্তি, চাকৰি, চাকৰিৰ অৱস্থা কৰ্তৃত্ব যেনে হ’ব লাগিছিল তেনে হৈ থকা নাই। একদৰে শিক্ষকৰ মান আৰু অনুপ্ৰেৰণা বিচৰা ধৰণে মানসম্পন্ন হোৱা নাই।

এতেকে নতুন শিক্ষা নীতিয়ে সকলো পৰ্যায়তে শিক্ষক সমাজক পুনৰ প্ৰতিষ্ঠা কৰি প্ৰয়োজনীয় সন্মান আৰু মৰ্যাদা প্ৰদান কৰিব বুলি উল্লেখ আছে। শিক্ষক সমাজৰ জীৱন প্ৰণালী, সন্মান, মৰ্যাদা, স্বায়ত্ততা নিশ্চিত কৰিবৰ বাবে সকলো স্তৰৰে শিক্ষা বৃত্তিৰ বাবে আটাইতকৈ ভাল আৰু উপযুক্ত ব্যক্তিক শিক্ষকতাৰ বৃত্তিলৈ অনাৰ পোষকতা কৰা হৈছে।

নতুন শিক্ষা নীতিয়ে ভাৰতবৰ্ষৰ শিক্ষকসকলক পূৰ্বৰ গুৰুৰ পৰ্যায়লৈ লৈ যাব বুলি আশা কৰি থকাটো এক অলীক স্বপ্ন। কাৰণ আমিও নিজৰ ল’ৰা-ছোৱালীকো প্ৰাচীন কালৰ শিষ্যৰ পৰ্যায়লৈ লৈ যাব নোৱাৰোঁ। অৱশ্যেই আমি আশা কৰিব পাৰোঁ- শিক্ষকৰ বৃত্তিজনিত আৰু ব্যক্তিগত সমস্যাসমূহক কতৃপক্ষই উচিত গুৰুত্ব দি সেইবোৰ সমাধান কৰিব যাতে শিক্ষকে সন্তুষ্ট মন এটাৰে শ্ৰেণীত পাঠদান কৰিব পাৰে। আশা কৰিব পাৰোঁ-  বিদ্যালয়সমূহৰ আন্ত:গাঠনি বৰ্তমান সময়ৰ বাবে প্ৰয়োজনীয় শিক্ষাৰ বাবে উপযুক্ত হৈ উঠিব। তথাপি কিন্তু সমাজ তথা অভিভাৱকৰ সক্ৰিয় সহযোগিতা অবিহনে কেৱল শিক্ষকে শ্ৰেণীকোঠাত দেশৰ  ভৱিষ্যত গঢ় দিব পাৰে বুলি কৰা আশা অমূলক । এই কথাও পাহৰি যোৱা উচিত নহয় যে শিক্ষকে সমাজ নিৰ্মাণ কৰাৰ আগে সমাজে শিক্ষক নিৰ্মাণ কৰে।

 ঠিকনা :

ডাক : বৰলং পিন: ৭৮৭০৫৭

জিলা : ধেমাজি

Email : www.rkuli95@gmail.com

ভ্ৰাম্যভাষ : ৮৪৭১৯৭৩১৩৮

Facebook link: https://www.facebook.com/kulirobin?mibextid=JRoKGi

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ