ছাজিছ আলম
“প্ৰযুক্তিবিদ্যাৰ
দ্ৰুত প্ৰসাৰ আৰু সাম্প্ৰতিক সময়ৰ পৰিপ্ৰেক্ষিতত অনলাইন শিক্ষাই সমগ্ৰ দেশতে
ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে৷ এই ক্ষেত্ৰত আমাৰ দেশ ভাৰতবৰ্ষও পিছ পৰি থকা নাই৷
কিন্তু অনলাইন শিক্ষাৰ ফলপ্ৰসূতাৰ বাবে ল’বলগীয়া আনুষঙ্গিক
ব্যৱস্থাবোৰৰ ক্ষেত্ৰত আমাৰ দেশ অন্যান্য দেশৰ তুলনাত এতিয়াও বহুখিনি পিছ পৰি আছে৷”
সাম্প্রতিক সময়ছোৱাত কভিড-১৯ৰ দুৰ্যোগৰ বাবে
দেশৰ শৈক্ষিক, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, ক্ৰীড়া, সাহিত্য, সংস্কৃতি প্ৰায় প্ৰতিটো ক্ষেত্রত ভয়াৱহ
সমস্যা ঘনীভূত হৈছে। চীনত আৰম্ভ হৈ বিশ্বৰ শতাধিক দেশত প্ৰলয় সৃষ্টি কৰা কৰোনা
ভাইৰাছে প্ৰাণ কাঢ়ি নিছে লক্ষ লক্ষ মানুহৰ। আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে কেইবা
নিযুত মানুহ।
২০২০-অৰ সমগ্র বছৰটোতে কভিড-১৯ৰ বাবে স্তব্ধ হৈ
আছিল শিক্ষাব্যৱস্থা। ভাৰ্চুৱেল অৰ্থাৎ অনলাইন পদ্ধতিৰে পাঠদান প্ৰক্ৰিয়া চলিছিল
যদিও তাৰ পৰা বাদ পৰিছিল আমাৰ দেশ তথা ৰাজ্যৰ গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থী। দেখাত
পঢ়াৰ আদান-প্ৰদান প্ৰক্ৰিয়া এটি চলি আছিল যদিও শিক্ষাৰ্থীয়ে বিশেষ একো বুজি
পোৱা নাছিল। পৰৱৰ্তী সময়ছোৱাত কেবাটাও NGO-ই চলোৱা সমীক্ষা আৰু
ছাত্র-ছাত্রীৰ পৰীক্ষাৰ ফলাফলে ইয়াক প্ৰমাণ কৰি দিলে।
উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু
চীন দেশৰ পাছতে ভাৰতৰ শিক্ষাখণ্ড হৈছে বিশ্বৰ ভিতৰতে তৃতীয় বৃহৎ ৰাষ্ট্ৰীয়
শিক্ষাখণ্ড। গতিকে কভিড-১৯ মহামাৰী সংক্ৰমণ প্ৰতিৰোধৰ অৰ্থে শিক্ষানুষ্ঠান বন্ধ
কৰাৰ ফলত শিক্ষাব্যৱস্থাত কেনে প্ৰভাৱ পৰিছে, সেয়া সহজে অনুমেয়। সাম্প্রতিক পৰিস্থিতিৰ
পৰিপ্ৰেক্ষিতত অসমৰ উচ্চ শিক্ষানুষ্ঠানসমূহত সচৰাচৰ চলি থকা শিক্ষণ-শিকন
পদ্ধতি তাৎক্ষণিক পৰিৱৰ্তন সাধন অৱশ্যেই এক অত্যন্ত কষ্টসাধ্য প্ৰক্ৰিয়া। অসমৰ
প্ৰায় প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়তেই মূলতঃ শ্ৰেণীকোঠাৰ শিক্ষাৰেই সাধাৰণতে
পাঠদান কৰা হয়। অৱশ্যে বহু সংখ্যক শিক্ষানুষ্ঠানত শ্ৰেণীকোঠাৰ পাঠদানৰ লগতে
বিভিন্ন ইলেকট্রনিক সৰঞ্জাম তথা তথ্য যোগাযোগ প্ৰযুক্তিৰ বিভিন্ন আহিলাৰ সহায়ত
শিক্ষাদান কৰাৰ ব্যৱস্থা আছে যদিও, এইবোৰৰ ব্যৱহাৰ এতিয়াও অত্যন্ত সীমিত হৈয়ে
আছে বুলিব পাৰি।
আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯৯০ চনত শিক্ষাৰ
ক্ষেত্ৰত চমক সৃষ্টিকাৰী পদ্ধতিটো সাম্প্ৰতিক বিশ্বৰ এতিয়া অতি জনপ্ৰিয় হৈ উঠিছে।
আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সফল প্ৰয়োগ কৰি বিশ্বস্তৰীয় শিক্ষা লাভৰ পদ্ধতিটো
হৈছে বহুচৰ্চিত অনলাইন শিক্ষা। এই অনলাইন শিক্ষাক ই-শিক্ষা বুলিও ক’ব
পাৰি। পশ্চিমীয়া দেশৰ পৰা প্ৰসাৰিত এই অনলাইন শিক্ষাৰ জৰিয়তে ঘৰতে বহি
শিক্ষাৰ্থীসকলে বিশ্বস্তৰীয় ডিগ্ৰী বা ডিপ্ল’মা লাভৰ সুযোগ ল’ব
পাৰে। অৱশ্যে এই শিক্ষাৰ লগত ইণ্টাৰনেট সেৱাৰ কথা জড়িত হৈ আছে। এইখিনিতে উল্লেখ
কৰিব পাৰি যে আমাৰ সমাজত প্ৰধানতঃ শিক্ষা গ্ৰহণত তিনিটা ৰূপ চলি থকাৰ পাছত আধুনিক
শিক্ষা গ্ৰহণৰ চতুৰ্থ ৰূপ হৈছে অনলাইন শিক্ষা। বিদ্যালয়-মহাবিদ্যালয়লৈ গৈ শিক্ষা
গ্ৰহণ কৰা, কোনো শিক্ষানুষ্ঠান অথবা মহাবিদ্যালয়ৰ পৰা ডাকযোগে শিক্ষাগ্ৰহণ কৰা
বিদ্যালয়-মহাবিদ্যালয়লৈ নোযোৱাকৈয়ে প্ৰাইভেট পৰীক্ষাৰ্থী হৈ শিক্ষা গ্ৰহণ কৰা
আনুষ্ঠানিক শিক্ষাগ্ৰহণৰ এই তিনিটাৰ পাছত আধুনিক বিশ্বত শিক্ষা গ্ৰহণৰ নতুন ৰূপ
অনলাইন শিক্ষা। উল্লিখিত তিনিটা ৰূপৰ গুণৰ সমাহিত প্ৰযুক্তিবিদ্যাৰ দ্বাৰা অনলাইন
শিক্ষাৰ প্ৰাসংগিকতাৰ সমান্তৰালকৈ জনপ্ৰিয়তাও অনস্বীকাৰ্য। অতি চমুকৈ অনলাইন
শিক্ষাৰ সংজ্ঞা হ’ল— ই শিক্ষা আৰু ইণ্টাৰনেটসম্পন্ন দূৰস্থ
শিক্ষাৰ সংযোগ।
সাম্প্রতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যদিও
ৰাজ্যৰ উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলক অনলাইন পদ্ধতিৰে পাঠদান কৰি থকা হৈছে, কিন্তু এনে ক্ষেত্রত
শিক্ষানুষ্ঠানৰ লগতে শিক্ষক-ছাত্র উভয়েই অত্যন্ত অসুবিধাৰ সন্মুখীন হৈছে।
উল্লেখ্য যে, সম্পূর্ণ অনলাইন পদ্ধতিৰে শিক্ষন-শিকন
প্ৰক্ৰিয়া পৰিচালনা কৰিব পৰাকৈ অসমৰ উচ্চ শিক্ষাখণ্ড বৰ্তমানেও উন্নত হৈ উঠা নাই।
সেইদৰে আমাৰ শিক্ষক ছাত্রসকলকো অনলাইন পদ্ধতিৰ শিক্ষাব্যৱস্থাৰ সৈতে ভালদৰে পৰিচিত, অভ্যস্ত অথবা
প্ৰযুক্তিগতভাৱে শিক্ষিত, দক্ষ বুলিব নোৱাৰি। তদুপৰি এই প্ৰক্ৰিয়াৰে
শিক্ষাগ্ৰহণৰ বাবে ছাত্র-ছাত্রীসকলৰ হয়তো কম্পিউটাৰ, লেপটপ, টেবলেট অথবা স্মার্টফ’ন
লাগিব। লগতে ইয়াৰ বাবে হাইস্পিড ইণ্টাৰনেটৰ সুবিধা আৰু নিয়মীয়া বিদ্যুৎ যোগানো
লাগিব। কিন্তু অসমৰ সৰহ সংখ্যক বিদ্যালয়-মহাবিদ্যালয় গ্ৰাম্যাঞ্চলত অৱস্থিত আৰু
এইবিলাকত অধ্যয়ন কৰা অধিকাংশ ছাত্র-ছাত্রীয়েই গ্ৰাম্যাঞ্চলৰ পৰা অহা। কিয়নো
২০১১ চনৰ লোকপিয়ল অনুযায়ী আমাৰ অসম প্ৰদেশৰ মুঠ জনসংখ্যাৰ ৮৫.৯০ শতাংশ মানুহ
গ্ৰাম্যাঞ্চলত বাস কৰে। সেয়েহে বহু সময়ত অনলাইন শিক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয়
বিদ্যুৎ যোগান আৰু হাইস্পিড ইণ্টাৰনেট সেৱাৰ সুবিধা লাভ কৰাৰ ক্ষেত্রত শিক্ষক তথা
ছাত্র-ছাত্রীসকল অত্যন্ত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। অতি পৰিতাপৰ
বিষয় যে, ভাৰতৰ মুঠ জনসংখ্যাৰ ২৪ শতাংশ পৰিয়ালৰহে নিজা ইণ্টাৰনেট সংযোগ আছে। আৰু
গ্ৰাম্যাঞ্চলত বাস কৰা ২৫ শতাংশ পৰিয়ালেহে ইণ্টাৰনেট ব্যৱহাৰ কৰে। অনলাইন শিক্ষাৰ
বাবে প্ৰয়োজনীয় বস্তুকেইপদ তথা হাইস্পিড ইণ্টাৰনেট সেৱা আহৰণ কৰিব পৰাকৈ বহু সংখ্যক
ছাত্র-ছাত্রীৰ আৰ্থিক অৱস্থা সিমান টনকিয়াল নহয়। স্মাৰ্টফ’নৰ অভাৱত অনলাইন
শিক্ষালাভৰ পৰা বঞ্চিত ছাত্রই আত্মহত্যা কৰাৰ উদাহৰণ অসমত মূলকতে আছে।
শেহতীয়াকৈ উদ্ভূত পৰিস্থিতি নিতান্তই আকস্মিক, অগতানুগতিক আৰু অকল্পনীয়৷
গতিকে এনে ধৰণৰ অনাহূত পৰিস্থিতিৰ মোকাবিলা কৰাটোও অৱশ্যেই জটিল৷ এই ক্ষেত্রত
সীমাবদ্ধতা তথা সমস্যাও তেনেই স্বাভাৱিক৷ এনে পৰিৱেশত আকাংক্ষিত, সার্বজনীন, সমতাপূর্ণ শিক্ষণ–শিকনো
নিশ্চয়কৈ সম্ভৱ নহয়৷ কিন্তু এনে বিড়ম্বনাৰ মাজতো সম্ভাৱনা সৃষ্টিৰ প্রয়াস কৰিব
লাগিব৷ আমাৰ দায়িত্ব আৰু দায়বদ্ধতা পালন কৰিব লাগিব৷ এই সন্দর্ভত অসম চৰকাৰৰ
শিক্ষামন্ত্রী, শিক্ষাধিকর্তা, শিক্ষানুষ্ঠানসমূহৰ
কর্তৃপক্ষ তথা শিক্ষকসকলে যথেষ্ট ইতিবাচক ভূমিকা গ্রহণ কৰা পৰিলক্ষিত হৈছে আৰু এনে
পৰিস্থিতিৰ জোৰা মাৰিবৰ বাবে যৎপৰোনাস্তি প্রচেষ্টা অব্যাহত ৰাখিছে৷ আৰু পৰিৱেশ–পৰিস্থিতি
ঠিকে থাকিলে ছাত্র–ছাত্রীসকলৰ অধ্যয়নৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা
যাব৷ কিছু পলমকৈ হ’লেও পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব পৰা হ’ব
আৰু শিক্ষার্থীসকলৰ শিক্ষাবর্ষটোও নিশ্চয়কৈ বাচিব বুলি আশা কৰিব পাৰি৷
আকস্মিকভাৱে উদ্ভৱ হোৱা এনে পৰিস্থিতিত কিছুমান
সমস্যাৰ সৃষ্টি হোৱাটো খুবেই স্বাভাৱিক৷ সেইদৰে কিছুমান সমস্যাৰ তাৎক্ষণিক সমাধানো
নিশ্চয়কৈ সম্ভৱ নহয়৷ সেয়েহে আমাৰ বোধেৰে এনে ধৰণৰ অনাহূত পৰিস্থিতিত প্রয়োজন
সাপেক্ষে সমস্যাৰে সহাৱস্থান কৰিও, কিছুমান সমস্যা আওকাণ কৰিও নির্ধাৰিত লক্ষ্য
প্রাপ্তিৰ দিশত দৃঢ়তাৰে অগ্রসৰ হোৱাৰ মানসিকতা গঢ়ি তোলাৰ আৱশ্যকতা আছে৷ অৱশ্যে এই
সকলো বাধা–হেঙাৰ–সমস্যা নেওচি অসমৰ উক্ত
শিক্ষা ব্যৱস্থাক সঁচা অর্থত অর্থৱহ কৰি তোলাৰ উদ্দেশ্যে শিক্ষানুষ্ঠানসমূহৰ
উদ্যোগত শিক্ষক–ছাত্র–অভিভাৱকৰ মাজত সমন্বয় স্থাপন
কৰি সুপৰিকল্পিতভাৱে আগবাঢ়ি যোৱাৰ প্রয়াস কৰিব লাগিব৷ অৱশ্যে এই ক্ষেত্রত চৰকাৰৰ
সক্রিয় সহায়–সহযোগিতাও নিশ্চয়কৈ এক প্রাথমিক পূর্বচর্ত হ’ব৷