অমৃত গোস্বামী
অসমৰ একেবাৰে
সীমামূৰীয়া, অৰুণাচল প্ৰদেশৰ পাহাৰৰ নামনিৰ চাহবাগিচা এখনত ভাগিন
এজনে চাকৰি কৰে; বাগিচাৰ বৰচাহাবৰ চাকৰি। কেইদিনমানৰ আগতে বৰচাহাবৰ
বঙলাত দুদিনমান ‘মামাচাহাব’ হৈ থাকি,
উভতি আহোঁতে ডুমডুমাৰ লাহতী ব্ৰাডাৰ্চৰ তেল ডিপোত আমাৰ গাড়ীখনৰ ড্ৰাইভাৰ ছাহিনুৰে তেল ভৰাবৰ কাৰণে
ৰখাওঁতে, মই গাড়ীৰ পৰা নামি গৈ কাষতে পোৱা অচিনাকি মানুহ
এজনৰ পৰা ডুমডুমাৰ ওচৰৰ চুকেৰিটিং নামৰ ঠাইডোখৰৰ বিষয়ে জানিব বিচাৰিছিলো। মানুহজনে
মোক চুকেৰিটিং ওচৰতে, আৰু ডুমডুমাৰ পৰা দূৰত্ব মাত্ৰ তিনি
কিলোমিটাৰ মানহে হ’ব বুলি ক’লে। আমাৰ
অলপ খৰখেদা আছিল, সেইবাবে মোৰ একান্ত ইচ্ছা থকা সত্ত্বেও
চুকেৰিটিঙলৈ যোৱাটো মোৰ পক্ষে সেইদিনা সম্ভৱপৰ হৈ নুঠিল। চুকেৰিটিংলৈ যাব নোৱাৰি
বেয়া লাগিল।
‘চুকেৰিটিং’
নামৰ ঠাইডোখৰৰ বিষয়ে মই পঢ়িবলৈ পাইছিলো প্ৰখ্যাত ঔপন্যাসিক ৺যোগেশ
দাস দেৱৰ সেই তাহানিতে, অৰ্থাৎ ১৯৫৫ চনতে প্ৰথম প্ৰকাশ পোৱা ‘ডাৱৰ আৰু নাই’ নামৰ
উপন্যাসখনত। ৺দাস দেৱৰ এই উপন্যাসখন দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত। এই
উপন্যাসখনৰ কাহিনী-কথন অতি সুন্দৰ, সাৱলীল। উপন্যাসখন পঢ়াৰ
পাছৰে পৰা চুকেৰিটিং নামটোৱে মোক বিশেষভাৱে আকৰ্ষণ কৰিবলৈ ধৰিলে, চুকেৰিটিং মোৰ আপোন আপোন যেন লগা হ’ল।
বিশ্বযুদ্ধৰ
প্ৰভাৱ সেইসময়ত ইংৰাজৰ ঔপনিবেশিক শাসনত থকা ভাৰতবৰ্ষৰ, আমাৰ এই অসমৰ দৰে অঞ্চলতো বাৰুকৈয়ে পৰিছিল। মিত্ৰশক্তিৰ অধীনৰ ইংৰাজে
ডুমডুমা অঞ্চলৰ চল্লিছখন মান চাহবাগিছাৰে এখন, এই চুকেৰিটিং
নামৰ বাগিচাখনতে তেতিয়া অতি ক্ষিপ্ৰতাৰে বিমানঘাটি নিৰ্মাণৰ কাম চলাইছিল। অসমত
থকা সেই সময়ৰ বিদেশী চাহকোম্পানীবোৰে
বিমানবন্দৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় শ্ৰমিক যোগান ধৰি পৰোক্ষভাৱে যুদ্ধত অংশগ্ৰহণ
কৰিছিল। খেৰজান বাগিচাৰ বৰকেৰাণী, শইকীয়াই বাগানৰ পৰিচালকৰ
নিৰ্দেশ মৰ্মে চুকেৰিটিংলৈ বনুৱা যোগান ধৰা
কামটোত বিশেষ ভাৱে মনোযোগ দিছিল।
লিখকে এই
বিমানবন্দৰটো নিৰ্মাণ কালৰ অনেক সৰু-বৰ কাহিনী,উপকাহিনী অতি মনোগ্ৰাহীকৈ
উপন্যাসখনত সন্নিৱিষ্ট কৰিছে৷
বিশ্বযুদ্ধই, বিশেষকৈ চুকেৰিটিংৰ এই সামৰিক বিমানঘাটি নিৰ্মাণে সমগ্ৰ ডুমডুমা অঞ্চলটোলৈ
আৰ্থ-সামাজিক পৰিৱৰ্তন কঢ়িয়াই আনিছিল। ভাৰতবৰ্ষৰ
পৰম্পৰাগত জনসাধাৰণৰ কাৰণে কল্পনাৰো অগোচৰ, বিদেশীৰ
তত্বাৱধানত এই বিমানঘাটি নিৰ্মাণৰ কাৰ্যই অনেক ঠিকা-ঠুকলি, ব্যৱসায়-বাণিজ্য আদিৰে অঞ্চলটোৰ বাসিন্দাসকলৰ জীবন-নিৰ্বাহৰ ন-ন পথ মুকলি কৰি দিছিল। পুৰণি
সম্ভ্ৰান্ত ঠিকাদাৰ নৰকান্ত বৰুৱাহঁতৰ দৰে বোৰৰতো কথাই নাই, নিৰক্ষৰ
গাৱঁলীয়া ডেকা, চাহবাগিচাৰ সাধাৰণ কৰ্মচাৰী গেৰেলায়ো
বাগিচাৰ কাম এৰি দি ঠিকাৰ কামত প্ৰচুৰ উন্নতি কৰিছিল। তেওঁৰ নিজৰ নামটো পৰ্যন্ত সলনি
হৈ গ’ল; গেৰেলাৰ ঠাইত ‘কণ্ট্ৰেক্টৰ গিৰীণ হাজৰিকা’ হ’ল। বহুতো নতুন নতুন দোকান-পোহাৰ হ’ল। বদৰুদ্দিনৰ
মনোহাৰী দোকানত বিদেশী গ্ৰাহকৰ অভাৱনীয় ভিৰ হ’বলৈ
ধৰিলে।
ইয়াৰ বিপৰীতে
বস্তুৰ দাম অভাৱনীয়ভাৱে হঠাতে বৃদ্ধি
পাবলৈ ধৰিলে। বজাৰত জুই লাগিল; এটা ৰবাবটেঙাৰ দাম পাঁচটকা হ’ল। চাবুৱা-দিনজানৰ বজাৰত এটা কুকুৰাৰ বাবে সাত টকালৈকে দাম দিয়া মানুহৰ
অভাৱ নোহোৱা হ’ল। ওচৰ-পাজৰৰ চাহবাগিচাৰ শ্ৰমিক প্ৰলোভনৰ
জালত বন্দী হ’ল। কিছুমান মানুহৰ চাৰিত্ৰিক স্খলন ঘটিল।
বাগানৰ বনুৱা লাইনলৈ গোৰা চিপাহীৰ অবাধ অহা-যোৱা
আৰম্ভ হ’ল; বাগিচাৰ কিছুমান
গাভৰুৰ বিদেশী অসৎ সৈনিকৰ লগত হাটবাট হ’ল৷
বাগানৰ
বনুৱাসকলে এনেবিলাক কাৰ্য, বিশেষকৈ গোৰা চিপাহীৰ লাইনলৈ অহা-যোৱা
প্ৰতিৰোধ কৰিবৰ বাবে বাগিচাত নিশা পহৰাৰ ব্যৱস্থা আৰম্ভ কৰিলে। বাগানৰ বনুৱাৰ হাতত
অসৎ অভিপ্ৰায়ত বাগানত প্ৰবেশ কৰা বিদেশী চিপাহীৰ মৃত্যু ঘটিল। চাহবাগিচাৰ সহজ-সৰল
বনুৱা সম্প্ৰদায়ে এনে বিলাক অঘটন কলিৰ শেষত কল্কিৰ অৱতাৰৰ প্ৰভাৱতে হোৱা বুলি ধাৰণা
কৰি, এইবিলাক কুপ্ৰভাৱৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ উপায় হিচাপে
বাগিচাত নামঘৰ সাঁজি, দৈনিক নাম-কীৰ্তন পাঠৰ অনুষ্ঠান আৰম্ভ কৰিলে।
খেৰজান বাগিচাৰ
বৰকেৰাণীৰ পুতেক বাখৰ এজন উচ্চশিক্ষিত, চিন্তাশীল ব্যক্তি। তেওঁ
ডুমডুমাৰ স্কুল এখনত সামান্য দৰমহাত ল’ৰা-ছোৱালী পঢ়ুৱাইছিল।
বাখৰেই হ’ল “ডাৱৰ আৰু নাই” উপন্যাসখনৰ আদৰ্শবাদী নায়ক। বিশ্বযুদ্ধই সৃষ্টি কৰা কেৱল ধনতান্ত্ৰিক জীবনদৃষ্টিৰ অনাত্মীয় এক অসমীয়া ব্যক্তিসত্তা। অসমীয়া
সমাজৰ হঠাতে হোৱা এই পৰিবৰ্তনে, বিশ্বযুদ্ধই সৃষ্টি কৰা একেবাৰে নাভূত-নাশ্ৰুত পৰিস্থিতিয়ে বাখৰৰ
মনত আমনি দিছিল। তেওঁ এই পৰিৱৰ্তন সহজ ভাৱে ল’ব নোৱাৰিলে। তেওঁ নিজে এই পৰিৱৰ্তনৰ সোঁতত উটি-ভাহি যাব নোৱাৰিলে। বিশ্বযুদ্ধই স্থানীয় থলুৱা অসমীয়া
আৰু চাহ বাগিচাৰ বনুৱাৰ মাজত সহজে ধন ঘটাৰ প্ৰলোভনৰ জাল পেলোৱাৰ কথাটোৱে বাখৰক
চিন্তান্বিত কৰি তুলিলে।
বৰকেৰাণীৰ ঘৰৰ
লগুৱা ভীমৰ বিয়া হৈছিল ভীমৰে নলেগলে লগা বন্ধু দুৰ্য্যোধনৰ ভনীয়েক গৌৰীৰ লগত; প্ৰেম বিবাহ। ভীমৰ গাভৰু পৰিবাৰ, গৌৰীয়ে কণ্ট্ৰেক্টৰ গিৰীণ হাজৰিকাৰ চৌখিন জীৱনৰ প্ৰতি আসক্তি অনুভৱ কৰি, ভীমক এৰি থৈ গিৰীণ হাজৰিকাৰ লগত
থাকিবলৈ ল’লে। গৌৰীৰ শেষ পৰিণতি অতিকৈ দুৰ্ভাগ্যজনক। তাই
আত্মহত্যা কৰি নিজকে শেষ কৰি দিবলৈ বাধ্য হ’ল।
বাখৰ উল্লিখিত
অবাধ সমাজ পৰিবৰ্তন সন্দৰ্ভত অতি চিন্তিত হৈ পৰা চৰিত্ৰ। তেওঁৰ স্বভাৱ-চৰিত্ৰ, আচৰণত তেওঁ যে ধ্বংসকাৰী এই বিশ্বযুদ্ধৰ সমৰ্থক নাছিল সেই কথা প্ৰকাশ
পাইছিল। তেওঁ আনকি দেউতাক শইকীয়াই চুকেৰিটিংৰ বিমান ঘাটি নিৰ্মাণৰ বাবে বাগিচাৰ
শ্ৰমিক যোগান ধৰা কাৰ্যত আগভাগ লোৱা, আৰু তাৰ জৰিয়তে অসৎ উপায়েৰে সামান্য পৰিমাণে হ’লেও উপৰুৱা টকা-পইচা
গোটোৱা কথাটোও পছন্দ কৰিব নোৱাৰিছিল। গৌৰীৰ আকস্মিক মৃত্যুয়েও বাখৰক বিচলিত কৰি
তুলিছিল। বিদেশী চিপাহীবোৰে ধাৰণা কৰিলে বাখৰৰ উচটনিতে ভীমহঁতে তেওঁলোকৰ লগৰে চিপাহীক হত্যা কৰিলে। চিপাহীবোৰে
সতীৰ্থ হত্যাৰ প্ৰতিশোধ ল’বলৈ বুলি এদিন ৰাতি আকস্মিকভাৱে আহি বাখৰহঁতৰ, অৰ্থাৎ শইকীয়াৰ ঘৰটোত জুই লগাই
দিলে। বাখৰ সেইদিনা ঘৰত নাছিল। জুইত জ্বলি থকা চৌকাঠ এটা বাখৰৰ দেউতাক শইকীয়াৰ
গাট পৰি আঘাতপ্ৰাপ্ত হৈ, পিচদিনা তেওঁ হাস্পতালত ঢুকাই থাকিল।
— তিনিটা মাৰ্কিন চিপাহীক জীপ
এখনত উঠি পলাই যোৱা কলঘৰৰ চকীদাৰ এটাই জুইৰ পোহৰত দেখিবলৈ পাইছিল।
এই সকলোবিলাক
ঘটিছিল ডুমডুমাৰ ওচৰৰ চুকেৰিটিং নামৰ চাহ বাগিচাখনক কেন্দ্ৰ কৰি, চাহ পুলি উভালি বাগিচাৰ মাটিত
বিমানঘাটি বনোৱাৰ সিদ্ধান্তৰ
পৰণতিতে!
দাস দেৱৰ ‘ডাৱৰ
আৰু নাই’ নামৰ
উপন্যাসখনত চুকেৰিটিংৰ এই বিমানবন্দৰটো নিৰ্মাণ কালৰ পঢ়ি চিন্তা কৰিবলগীয়া
ঐতিহাসিক ঘটনাৱলীৰ বৰ্ণনা
অতি জীৱন্ত, অতি বাস্তৱিক। ‘চুকেৰিটিং’
শব্দটোৱে মোৰ মনত দ সাঁচ বহুৱালে।
....
লেখকৰ ঠিকনা:
চন্দননগৰ, চাৰ্ভে, বেলতলা
গুৱাহাটী -৭৮১
০২৮
ভ্ৰাম্যভাষ - ৯৪৩৫০ ১৪৪৫৫