অন্যযুগ/


‘পদ্মশ্ৰী’ বঁটাপ্ৰাপক প্ৰথম অসমীয়া মিচিং মহিলাগৰাকী আৰু নেফা

ঋত্বিক পৰাশৰ

 

অসমৰ এগৰাকী  অন্যতম শিক্ষাবিদ,  মানৱদৰদী,  উচ্চশিক্ষিতা,  সৎ-সাহসী,  প্ৰচাৰ বিমুখ কৰ্মযোগী মহিলা, জীৱন যুঁজৰ এগৰাকী অপ্ৰতিদ্বন্দ্বী যোদ্ধা,  বিদূষী মহিলা হিচাপে পদ্মশ্ৰী ইন্দিৰা মিৰিৰ নাম লব পাৰি৷ স্বৰাজোত্তৰ অসমৰ বিশিষ্ট শিক্ষাবিদ ইন্দিৰা মিৰিৰ আত্মকথা মই আৰু নেফা’-ত তেখেতৰ কৰ্ম অভিজ্ঞতা আৰু জীৱনৰ বৈচিত্ৰ্যময় কাহিনী সুন্দৰ ৰূপত প্ৰকাশিত হৈছে৷

নেফাৰ বিচিত্ৰ অভিজ্ঞতা”-ত ইন্দিৰা মিৰিয়ে কৰ্ম জীৱনৰ বিভিন্ন সময়ৰ বৈচিত্ৰ্যপূৰ্ণ অভিজ্ঞতাসমূহ সংযুক্ত কৰি লিখিছে৷ সমসাময়িক সময়ৰ গুৰুত্বপূৰ্ণ ঘটনাপ্ৰৱাহ, নেফা (NEFA- North East Frontier Agency)-ৰ বিভিন্ন অঞ্চলত কৰ্মসূত্ৰে লাভ কৰা বৰ্ণিল অভিজ্ঞতা আৰু অঞ্চলসমূহৰ সমসাময়িক সাংস্কৃতিক জীৱন প্ৰৱাহৰ বিভিন্ন দিশ সম্পৰ্কে জানিব পাৰি৷ লগতে লেখিকা অৰ্থাৎ ইন্দিৰা মিৰিয়ে তদনীন্তন সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ আৰু প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু আদিৰ দৰে ব্যক্তিৰ সান্নিধ্য আৰু তেখেতসকলৰ অসম ভ্ৰমণৰ অভিজ্ঞতাৰ কথাও প্ৰকাশ পাইছে৷ আত্মজীৱনীখনত লেখিকাই তেখেতৰ জীৱনক প্ৰভাৱান্বিত কৰা বিভিন্ন ব্যক্তি, তেখেতৰ কৰ্ম জীৱনৰ সতীৰ্থসকল আৰু সান্নিধ্যলৈ অহা বিভিন্নজনৰ বিষয়ে লিখা টোকাবোৰৰ জৰিয়তে ইন্দিৰা মিৰিয়ে তেখেতৰ কৰ্ম আৰু সহযোগিতাক স্বীকৃতি দিয়াৰ ফলতেই বিভিন্ন স্থানৰ শিক্ষক আৰু বিষয়াসকলৰ সৈতে থকা শিক্ষা বিষয়া ইন্দিৰা মিৰিৰ আন্তৰিকতাপূৰ্ণ, বন্ধুত্বপূৰ্ণ আদি সম্পৰ্কৰ আভাস লভিব পৰা যায়৷ সমসাময়িক নেফাৰ প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশৰ মাজতো যি কৰ্তব্যনিষ্ঠাৰে ইন্দিৰা মিৰিয়ে নিজৰ দায়িত্ব পালন কৰি গৈছিল সেয়া আতুলনীয়৷ বহিঃবিশ্বৰপৰা বিচ্ছিন্ন, আধুনিক শিক্ষাৰ পৰা বঞ্চিত পাহাৰীয়া ভিন্নভাষী জাতিসমূহক আপোন কৰি লৈ শিক্ষাৰ পোহৰ বিলাবলৈ চেষ্টা কৰিছিল, যাৰ ফলত তেখেত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হব লগা হৈছিল যদিও এই প্ৰত্যাহ্বানে ইন্দিৰা মিৰিক হেঙাৰক নেওচি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ইন্ধন যোগাইছিল৷    

জাতিৰ পিতাৰ চিতাভস্ম পৰশু কুণ্ডত বিসৰ্জন দিয়াৰ উদ্যোগ লোৱা ইন্দিৰা মিৰিয়ে ১৯৫০ চনৰ প্ৰলয়ংকাৰী ভূমিকম্পত অসহায়জনক সহায় কৰিছিল৷ সেই সময়ৰ অসমৰ শিক্ষামন্ত্ৰী ৺অমিয় কুমাৰ দাসে চিতাভস্ম বিসৰ্জন দিছিল৷ ইন্দিৰা মিৰিৰ বৰ্ণনাৰ মাজেদি ১৯৫০ চনৰ ভূমিকম্পই শদিয়া আৰু শদিয়াৰ উপকণ্ঠ অঞ্চলত কৰা ক্ষয়-ক্ষতি সম্পৰ্কে জীৱন্ত চিত্ৰ ফুটি উঠে৷

নেফা আৰু অসমৰ সাংস্কৃতিক বিনিময়ৰ বাবেও ইন্দিৰা মিৰিয়ে বিশেষ গুৰুত্ব দিছিল৷ তিতাবৰ বেচিককনফাৰেঞ্চত পাহাৰীয়া জনজাতিসকলে নৃত্য-গীত পৰিৱেশন কৰাৰ সুবিধা কৰি দিছিল৷ আনকি যাতায়াতৰ সু-ব্যৱস্থা নথকা দুৰ্গম অঞ্চলবোৰত খোজ কাঢ়ি, ঘোৰাত উঠি, হাতীত উঠি, পাহাৰ বগাই বগাই যাত্ৰা কৰা ইন্দিৰা মিৰিৰ যাত্ৰাপথ আৰু কৰ্মস্থানৰ ক্ষেত্ৰত ভোগ কৰিব লগা হোৱা বিপদসংকুল পৰিস্থিতিৰ আভাস পোৱা যায়৷ প্ৰত্যাহ্বানক নেওচি জনজাতীয় সমাজখনক আপোন কৰি লব পৰা, সমকালীন প্ৰতিকূল পৰিৱেশত জনজাতীয় লোকসকলৰ আস্থা আৰু বিশ্বাসভাজন হব পৰাটো ইন্দিৰা মিৰিৰ দক্ষতা বুলিব পাৰি৷    

ইন্দিৰা মিৰিয়ে বিভিন্ন সময়ত সাধাৰণ মানুহৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰ্যন্ত যিসকল লোকৰ সান্নিধ্য লাভ কৰিছিল, সেই সান্নিধ্য মিৰিয়ে কৃতজ্ঞতাৰে আত্মজীৱনীত স্মৰণ কৰিছে৷ চেতা মেনাৰ বিয়া’, ‘গগণ তামুলী আৰু মনোমতীৰ বিয়াআদিৰ দৰে বিবাহ অনুষ্ঠানৰ সৰল আৰু ৰসপূৰ্ণ বৰ্ণনাই লেখিকাৰ সৈতে থকা তেওঁলোকৰ আন্তৰিক সম্পৰ্ক প্ৰকাশ পোৱাৰ লগতে শিক্ষাবিষয়া ওৱাকাৰ চাহাব, এন.কে.ৰুষ্টমজী, এল.কে.মেহতা, সহকৰ্মী মুক্তিনাথ বৰদলৈ, বীৰেন চাংকাকতি আদিসকলৰ স্মৃতিৰ কথাও আত্মজীৱনীত প্ৰকাশ পাইছে৷ এই গোটেই কেইজন ব্যক্তি নেফাৰ শৈক্ষিক ইতিহাসৰ এৰাব নোৱাৰা অংগস্বৰূপ বুলি ইন্দিৰা মিৰিয়ে “মই আৰু নেফা” আত্মজীৱনীখনত প্ৰকাশ কৰিছে৷   

পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হোৱা অসমৰ প্ৰথমগৰাকী মিচিং মহিলা হৈছে  ৺সোণাধৰ দাস সেনাপতিৰ কন্যা ইন্দিৰা মিৰি৷ ইন্দিৰা মিৰিক অসমৰ আম্বেদকাৰ বুলিও কোৱা হয়৷ নেফাৰ প্ৰথমগৰাকী শিক্ষাবিষয়া হিচাপে ইন্দিৰা মিৰিকেই নিযুক্তি দিয়া হৈছিল৷ ইন্দিৰা মিৰিয়ে শিক্ষাৰ জৰিয়তে জাতিৰ ঐতিহ্যক অবিচ্ছিন্ন ৰখা, কৃষ্টি-সংস্কৃতি-সভ্যতা ৰক্ষা, উত্তৰ পুৰুষৰ সৰ্থক ভৱিষ্যত আদিৰ ক্ষেত্ৰত অৱদান অতুলনীয়৷ ইন্দিৰা মিৰিয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১৯৭৭ চনত পদ্মশ্ৰী বঁটা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৭ চনত ডি লিট উপাধি, অসম চৰকাৰৰ পৰা ২০০৪ চনত শংকৰদেৱ বঁটা লাভ কৰিছিল৷ তেখেতে সকলো প্ৰত্যাহ্বানক নেওচি নেফাৰ পিছপৰা শ্ৰেণীৰ উন্নতিৰ হকে সততে সষ্টম আছিল৷ এইগৰাকী সৎ-সাহসী তথা বিদূষী মহিলা অসম দেশৰ গৌৰৱৰ ধ্বজাস্বৰূপ   


ঠিকনা : 

স্নাতকোত্তৰ শ্ৰেণীঅসমীয়া বিভাগ,

জে ডি এচ জি মহাবিদ্যালয়

বোকাখাত – ৭৮৫৬১২, 

ভ্ৰাম্যভাষ :  ৬০০২৬৪৭৩১৮







 

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ