অমৃত গোস্বামী
সাহিত্য সৃষ্টি বা
চৰ্চাই জাতি একোটাৰ জাতীয়ত্ববোধক এক বিশিষ্ট সৌষ্ঠৱ প্ৰদান কৰে৷ গদ্য, পদ্য আৰু নাটক
এই তিনিটা ধাৰাত সাহিত্য সৃষ্টিকৰ্মসমূহক বিভক্ত কৰিব পাৰি৷ ইয়াৰ ভিতৰৰে গদ্যকো আকৌ
গল্প-উপন্যাস, প্ৰৱন্ধ, নিবন্ধ এইকেইটা ভাগত বিভক্ত কৰা হয়৷ গদ্য সাহিত্যৰ ভিতৰৰ উপন্যাস
ভাগটো হ’ল – উল্লেখযোগ্য দৈৰ্ঘ্য আৰু জটিলতাৰে বৰ্ণনা কৰা মানৱ জীৱন ভিত্তিক কল্পনাপ্ৰসূত
গদ্য আখ্যান৷ উপন্যাসৰ শিপা যদিও বহু পুৰণি, পৰম্পৰাগত উপন্যাস ৰচনা আৰম্ভ হয় মাথোন
ওঠৰ শতিকাৰ পৰাহে৷
অন্যহাতে চলচ্চিত্ৰ
বা চিনেমা হ’ল এক সৌ সিদিনাৰ বিস্ময়কৰ মানৱসৃষ্টি৷ চলচ্চিত্ৰৰ মাধ্যমত চলমান দৃশ্যৰ
লগত ভাষা সম্বলিত কৰি এক অপূৰ্ব শিল্পকৰ্মৰ সৃষ্টি কৰা হয়৷ ‘গ্লাচ স্লাইদ’ৰ দ্বাৰাই
১৬৬০ চনতে আৰম্ভ কৰা চলচ্চিত্ৰ নিৰ্মাণ প্ৰস্তুতি ১৮৯৬ চনত ‘থিয়েটাৰস্কোপ’ যন্ত্ৰ আবিষ্কাৰ
হোৱাৰ লগে লগে একপ্ৰকাৰ শেষ হোৱা বুলি ধৰা হয়, যদিও ১৯৩১ চনৰ আগলৈকে নিৰ্মাণ কৰা সকলোবোৰ
চলচ্চিত্ৰই ‘নিৰ্বাক’ বা শব্দবিহীন আছিল,আৰু ১৯৩১ চনৰ পৰাই ‘সবাক’ চলচ্চিত্ৰৰ যুগৰ শুভাৰম্ভ হয়৷
চলচ্চিত্ৰৰ নিৰ্বাক
যুগতেই উপন্যাসৰ কাহিনী ভিত্তিক বোলছবি নিৰ্মাণ হোৱা আমি দেখিবলৈ পাওঁ৷ সেইসময়তে আমাৰ
দেশ ভাৰততো ভালেখিনি নিৰ্বাক চলচ্চিত্ৰ সাহিত্য বা উপন্যাসৰ কাহিনীক লৈয়ে নিৰ্মাণ
কৰা হৈছিল৷
পৃথিৱীত বৰ্তমানলৈকে
নিৰ্মাণ হোৱা অলেখ জনপ্ৰিয় চলচ্চিত্ৰ উপন্যাসভিত্তিক৷ ভাৰতীয় উপমহাদেশতো প্ৰথমখন সবাক
চলচ্চিত্ৰ ‘জামাইষষ্ঠী’ নৰেন্দ্ৰ মুখোপধ্যাৰ সাহিত্য ভিত্তিক৷ তদুপৰি আমাৰ একেবাৰে
কাষৰীয়া ৰাজ্য পশ্চিম বঙ্গত আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উচ্চমানৰ বুলি স্বীকৃতিপ্ৰাপ্ত
বহুতো বোলছবি, বাংলাভাষাৰ সমসাময়িক উচ্চমানৰ উপন্যাসসমূহৰ কাহিনীৰ ভিত্তিতে নিৰ্মিত
হৈছে৷
পশ্চিমবংগ চৰকাৰৰ
পৃষ্ঠপোষকতাত নিৰ্মাণ হোৱা, বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ একে নামৰ কাহিনীৰ ওপৰত নিৰ্মিত,
প্ৰখ্যাত বোলছবি পৰিচালক স্বৰ্গীয় সত্যজিত ৰায়ৰ ‘পথেৰ পাঁচালী’ এখন সফল আৰু বহুচৰ্চিত
উপন্যাসভিত্তিক বোলছবি৷
ইয়াৰ উপৰিও সাহিত্য
ভিত্তিক বাঙালী বোলছবি বোলোতে –
কবিগুৰু ৰবিন্দ্ৰ
নাথ ঠাকুৰৰ কাহিনীৰ ওপৰত নিৰ্মাণ কৰা - ‘নৌকাডুবি’, ‘চোখেৰ বালি’, ‘ঘৰে-বাইৰে’; সমৰেশ
মজুদাৰৰ ‘বুনো হাসেৰ পলক’, কালবেলা ; শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ ‘দেবদাস’; হুমায়ূন
আহমদৰ ‘আগুনেৰ পৰশমনি’, ‘শ্ৰাবণ মেঘেৰ দিন’, ‘আমাৰ আছে জল’, ‘দাৰুচিনিৰ দ্বীপ’ আদি
বোলছবিৰ নাম আমি উল্লেখ কৰিব পাৰোঁ৷
অসমতো কথাছবি বা
চলচ্চিত্ৰ নিৰ্মাণৰ কামৰ ইতিহাস যথেষ্ট পুৰণি৷ ভাৰতৰ প্ৰথমখন সবাক ছবি নিৰ্মাণৰ প্ৰায়
চাৰি বছৰৰ পিছতেই প্ৰথমখন অসমীয়া কথাছবি, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিৰ্মাণ
কৰা “জয়মতী”-ৰ মুক্তিলাভ হৈছিল ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে৷ ১০ মাৰ্চ তাৰিখে কলিকতাৰ
‘ৰাউনাক প্ৰেক্ষাগৃহত’ ছবিখনৰ আনুষ্ঠানিক মুক্তিলাভ হোৱাৰ পাছত, সেই মাহৰে ২০ তাৰিখে
গুৱাহাটীত বোলছবিখনৰ প্ৰদৰ্শন আৰম্ভ কৰা হয়৷
অসমীয়া বোলছবিৰ
ইতিহাস যথেষ্ট পুৰণি হ’লেও কিন্তু অসমত উপন্যাসভিত্তিক বোলছবিৰ সংখ্যা অতি নগণ্য; আঙুলিৰ
মূৰত লেখিব পৰা ধৰণৰ৷ উপন্যাসভিত্তিক বোলছবি বুলিলে জয়মতী, মনোমতী, সন্ধ্যাৰাগ, গঙ্গা
চিলনীৰ পাখি, চামেলি মেমচাব ইত্যাদিৰ নামহে আমাৰ মনলৈ সঘনাই আহে৷ দূৰ্ভাগ্যজনক কথা
এয়ে যে উন্নতমানৰ বোলছবি একোখন নিৰ্মাণৰ প্ৰৱল সম্ভাৱনা থকা সত্ত্বেও, বহুকেইখন বিখ্যাত
অসমীয়া উপন্যাসক চেলুলয়ডত পুনঃসৃষ্টি কৰা নহ’ল বা এই পৰ্যন্ত হোৱা নাই৷
অসমীয়া উপন্যাসৰ
ভিত্তিত পৰ্যাপ্তসংখ্যক অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ নোহোৱাৰ বিষয়টোৱে মোৰ মনত ক্ৰিয়া
কৰিলে অলপতে মই ৰাস্না বৰুৱাৰ (স্বৰ্গীয় বিৰিঞ্চি কুমাৰ বৰুৱাদেৱ) বিখ্যাত উপন্যাস
“সেউজী পাতৰ কাহিনী’খন পুনৰ এবাৰ পঢ়ি শেষ কৰাৰ পাছত৷ এই উপন্যাসখনত বৰ্ণিত কাহিনীৰ
ওপৰত দেখোন এখন অতি উন্নত মানদণ্ডৰ, সাৰ্বজনীনভাৱে প্ৰভাৱশালী বোলছবি নিৰ্মাণ কৰিব পৰাৰ থল আছিল৷
অসমৰ ৰজাদিনীয়া ঐতিহ্যৰ
সংস্কাৰাচ্ছন্ন গাৱঁৰ পৰিৱেশত ডাঙৰ-দীঘল হোৱা, ওখ-পাখ, আটিল চেহেৰাৰ নৰেশ্বৰ গাঁৱৰ
জীৱন-যাত্ৰাৰ দুৰ্বিপাকত, আনকি পিতাকৰো সন্দেহৰ পাত্ৰ হৈ ঘৰৰ পৰা ওলাই আহিল– নতুনকৈ
বিদেশীচাহাব আৰু বহিৰাগত শ্ৰমিক মিলি গঢ়ি তোলা, সেউজীয়া চাহবাগিচাত কিবাকৈ থিতাপি লোৱাৰ
উদ্দেশ্যে৷ বাটত গাড়ী বেয়া হওঁতে পটুতাৰে নৰেশ্বৰে সহায় কৰা বাবে চাহাব-মেমে তেওঁক
স্নেহেৰে আদৰি ল’লে৷ তেওঁ কামত নিয়োজিত হ’ল; নৰেশ্বৰ মেমৰ উপযুক্ত বেহেৰা হ’ল৷ চাহবাগিচাৰ
বনুৱাৰ সন্তান, সমবয়সীয়া লুখু আৰু চনিয়াৰ লগত বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিল৷ চাহবাগিছাৰ
সেউজীয়া পৰিৱেশ আৰু চনিয়াৰ সঙ্গলৈ আহি নৰেশ্বৰে যেন নৱজন্মহে পালে! গাঁৱত পিন্ধা
ধূতি-চোলাৰ পৰিৱৰ্তে হাফপেণ্ট আৰু বগা কোট পিন্ধি, চুলি একেবাৰে সৰু-সৰুকৈ (বয় কাট)
কটাই, নৰেশ্বৰ বাগিচাৰ মেনেজাৰ, নিজৰ কামত ঘড়ীৰ দৰে ব্যস্ত হৈ থকা, মিলাৰ চাহাবৰ পৰিবাৰ
‘এলি চেইমুৰৰ’ ‘বয়’ হ’ল, ‘চোটবয়’৷ মেনেজাৰৰ পুৰণি বয় বুধু, চাহাবৰ বঙলাৰ খানচামা
ৰহমত আদিৰ লগত নৰেশ্বৰৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক স্থাপন হ’ল৷ পূৰ্বপুৰুষৰ লগতে গিৰমিটিয়া
হৈ অসমলৈ অহা, বাগানৰ ইতিবৃত্তি সম্পৰ্কে সম্পূৰ্ণ
জ্ঞাত বুধু,বাগিচাত নৰেশ্বৰৰৰ নতুন অভিভাৱকৰ নিচিনা হৈ পৰিল৷
নৰেশ্বৰে বয় কামটোৰ
বাবে প্ৰয়োজনীয় আচাৰ-ব্যৱহাৰ, খোজ-কাটল ইত্যাদিৰ প্ৰশিক্ষণ ল’লে বুধুৰ পৰাই৷ তদুপৰি
ইংৰাজী-হিন্দী মিশ্ৰিত ভাষাৰে ‘গুডমৰ্ণিং, ‘থেংকইউ মেমচাহেব’, ‘মেচিছ’ ইত্যাদিবোৰ শব্দ
পুৰণি বয় বুধুৰ পৰা নৰেশ্বৰে সুন্দৰকৈ আয়ত্ত
কৰি ল’লে৷
কালক্ৰমত গাঁৱৰ ল’ৰা
নৰেশ্বৰৰ চাহবাগিচাৰ চাহাব আৰু বনুৱা তিৰোতাৰ অবৈধ সন্তান, মাতৃহীনা, সোণালীচুলিৰ,
অত্যন্ত খেয়ালীমনৰ চনিয়াৰ লগত আন্তৰিকতাৰ সম্বন্ধ গঢ়ি উঠিল৷
চনিয়া চাহাব পিতৃৰ
জাৰজ সন্তান৷ শৰীৰৰ আকৰ্ষণীয় অৱয়বত তাইৰ বৰ্ণসংকৰ জন্মৰ স্বাক্ষৰ লিখা আছে৷ তাইৰ হাব-ভাব
আৰু মন-মেজাজতো সাধাৰণ বাগানীয়া গাভৰুৰ ব্যতিক্ৰম লক্ষ্য কৰিব পাৰি৷
গাঁৱৰ পৰিৱেশত ডাঙৰ-দীঘল
হোৱা নৰেশ্বৰে চনিয়াৰ লগত চাহবাগিচাৰ মাজে মাজে ইফালে-সিফালে ঘূৰিব পৰা হ’ল; বাগিচাৰ
কাষৰ নিৰ্জন নৈপৰীয়া নৈসৰ্গিক সৌন্দৰ্য্যৰ মাজত চনিয়া আৰু নৰেশ্বৰে যৌৱনসুলভ পৰস্পৰ
সন্মোহনৰ ভাৱাবেশত মোহাচ্ছন্ন হৈ দীঘলীয়া সময় অতিবাহিত কৰিব পৰা হ’ল৷
ওপৰে-ওপৰে নৰেশ্বৰ
আৰু চনিয়াৰ মিলাপ্ৰীতি, গতি-বিধি লক্ষ্য কৰিলে নৰেশ্বৰ আৰু চনিয়াৰ সম্পৰ্ক প্ৰাকবৈবাহিক
প্ৰেমজনিত সম্পৰ্ক যেনেই লাগে৷ বাগিচাৰ সকলো বনুৱাই নৰেশ্বৰ আৰু চনিয়াৰ সেইধৰণৰ
পৰিচিত প্ৰেম হোৱা হোৱা বুলিয়েই বুজিলে৷ তেওঁলোকে আনকি নৰেশ্বৰ-চনিয়াক সেই লৈ জোকাবলৈও
লৈছিল৷ কিন্তু চনিয়াৰ তলেতলে বিদ্ৰোহী মনস্তত্ব আছিল পৰৰ বাবে দুৰ্বোধ্য৷ চাহাবৰ
ঔৰসত অবৈধভাৱে জন্ম লোৱা চনিয়া অতি ৰহস্যময়ী৷ তাইৰ মন বুজি পোৱা যথেষ্ট কঠিন৷ নৰেশ্বৰেও
তাইক সম্পূৰ্ণৰূপে বুজিবলৈ সক্ষম হোৱা নাছিল৷
উপন্যাসখনৰ একেবাৰে
শেহত ৰহস্যময়ী চনিয়াই, তাইৰ অতিকৈ মৰমৰ, বুকুৰ আপোন চাহবাগিচাখনৰ মোহ পৰিত্যাগ কৰি,
নৰেশ্বৰক অকলশৰীয়াকৈ বাগিচাত এৰি, অকণো কুণ্ঠাবোধ নকৰাকৈয়ে চাৰ্কাছ পাৰ্টি এটাত যোগ
দিবলৈ বুলি ওলাই যায়৷
নৰেশ্বৰৰো বাগিচাত
নিজে দেৱী বুলি পূজা কৰা মেমচাহাবৰ অতি অপ্ৰত্যাশিত আচৰণক্ৰমেই এক চৰম অবাঞ্ছিত ঘটনা
ঘটিল আৰু তাৰেই পৰিপ্ৰেক্ষিতত নৰেশ্বৰেও শেষত চাহবাগিচাৰ জীৱনক নেওচা-কেওচা দি, তেঁৱো এদিন পুৱতি নিশা বাগিচাৰ
পৰা চিৰদিনৰ কাৰণে বিদায় ল’লে৷
ওপৰত থোৰতে বিবৃত
হোৱা কাহিনীটোৱেই উল্লিখিত ‘সেউজী পাতৰ কাহিনী’ নামৰ উপন্যাসখনৰ কেন্দ্ৰীয় কাহিনী৷
এইটোৰ উপৰিও উপন্যাসত আৰু কেইবাটাও মনোৰম উপকাহিনী সন্নিৱিষ্ট হৈ আছে৷
‘সেউজী পাতৰ কাহিনী’
অসমীয়া সাহিত্যৰ যথেষ্ট এখন পুৰণি উপন্যাস হ’লেও, এইখন এখন চিৰসেউজ উপন্যাস৷ এই উপন্যাসখনৰ
কাহিনীৰ অৱলম্বনত এখন সুন্দৰ চলচ্চিত্ৰ নিৰ্মাণ হোৱাৰ সম্ভাৱনা আছে৷ আশাকৰোঁ এতিয়াও
কোনো সদাশয় অসমীয়া চিত্ৰনিৰ্মাতা ওলাই আহিব, আৰু অদূৰ ভৱিষ্যতে এই উপন্যাসখনৰ ভিত্তিত
নিৰ্মিত হোৱা এখন বোলছবি আমি উপভোগ কৰিবলৈ পাম৷
---
ঠিকনা:
অমৃত গোস্বামী,
চাৰ্ভে, বেলতলা,
গুৱাহাটী -২৮
ভ্ৰাম্যভাষ: ৯৪৩৫০
১৪৪৫৫