জিতু কুমাৰ লেখাৰু
বিহু মূলতঃ কৃষি
উৎসৱ৷ বিহুত অসমৰ কৃষিজীৱী গ্রাম্য লোক জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত হোৱাৰ পৰা বুজিব
পাৰি যে বিহু ঘাইকৈ কৃষি উৎসৱ হিচাপে অসমীয়া জাতীয় জীৱনত বিকাশ হৈছিল৷ ব’হাগ বিহুত
গৰু গা-ধুওৱা, নতুন পঘা দিয়া, কৃষিৰ সজুলিবোৰ শুচি কৰা, দেৱ-দেৱতাক পূজা-সেৱা কৰা আদি
আচাৰ-অনুষ্ঠানবোৰ কৃষি উৎসৱৰ নিদৰ্শন আৰু বৈশিষ্ট্য৷ কৃষি উৎপাদনী বিশ্বাসত যৌৱনদীপ্ত
ডেকা-গাভৰুসকলে মুকলি পথাৰত আনন্দত মতলীয়া হৈ নাচ-গান কৰি সৃষ্টিৰ পাতনি মেলে৷ এয়ে
অসমীয়া লোক সমাজৰ আদিম ৰূপটো৷ লাহে লাহে সময়ৰ গতিত বিশ্বলৈ পৰিৱৰ্তন আহিল৷ যদিও বিহুক
ধৰ্ম নিৰপেক্ষতাৰ নিদর্শন বুলি কোৱা হয়, শেষলৈ কিছু পৰিমাণে ধর্মীয় প্ৰভাৱ পৰিবলৈ ধৰিলে৷
এনে ধর্মীয় প্রভাৱ ব’হাগ বিহুৰ হুঁচৰিৰ ওপৰত পৰাৰ উপৰি দেউৰী, মৰাণ, সোণোৱাল আদি জনগোষ্ঠীৰ
বিহুত স্পষ্ট ৰূপত দেখা পোৱা গ’ল৷
তাহানি দিনত ৰঙালী
বিহুৰ দুটা ৰূপ আছিল; চ’তৰ বিহু আৰু ব’হাগৰ বিহু৷ চ’ত মাহৰ পৰা চ’তৰ বিহু আৰম্ভ হৈছিল৷
চ’ত মাহ সোমোৱাৰ লগে লগে বসন্তকাল আৰম্ভ হয় আৰু জাতিষ্কাৰ হৈ পৰে প্ৰকৃতি৷ তেনে পৰিৱেশতে
উজনি অসমৰ ডেকা-গাভৰুসকলে গোটেই চ’ত মাহ জুৰি ৰাতি ৰাতি বিহু মাৰিছিল৷ চ’তৰ ৰাতি বিহু
ডেকাসকলে নদীৰ পাৰত, মুকলি পথাৰৰ আঁহত বা বড়গছৰ তলত অথবা তেনে ধৰণৰ আওগৰীয়া ঠাইত বিহু
খোলা পাতি বাতি বিহু মাৰিছিল৷ তেনেদৰেই গাভৰুসকলেও পৃথককৈ ৰাতি বিহু পাতিছিল৷ ডেকা-গাভৰুৰ
বিহু খোলাবোৰ সাধাৰণতে ওচৰা-ওচৰিকৈ লৈছিল আৰু একেবোৰ বাদ্যযন্ত্ৰৰ ছেৱতে নাচিছিল৷ ডেকাই
গাভৰুক জোকাই আৰু গাভৰুৱে ডেকাক জোকাই ঠেলা নাম গাই গাই মনৰ ভাব-অনুভূতিবোৰ ব্যক্ত
কৰিছিল৷ এই চ’তৰ ৰাতি বিহুৰ সম্পৰ্কত ড০ লীলা গগৈয়ে কৈছে- ‘তাহানি গোটেই চ’ত মাহটোতেই
ডেকা-গাভৰুরে ৰাতি বিহু পাতিছিল৷ গীত আৰু বাদ্যৰ মূৰ্চ্ছনাত প্রকৃতিও চঞ্চল হৈ উঠিছিল৷
কৃষিজীৱী সমাজৰ মানুহে বসন্তকালৰ সময়ছোৱাত ঢোল, পেঁপা, টকা, গগণা লৈ হিয়া উবুৰিয়াই
বিহুতলীত আনন্দ প্রকাশ কৰিছিল; সেয়ে বিহু৷...এই বিহুত যৌনাসক্তিপূর্ণ গীত গাই ডেকা-গাভৰুৱে
মনৰ ভাব বিনিময় কৰাটো একো আচৰিত নাছিল৷ কিন্তু সাধাৰণতে ডেকাই ডেকাৰ ভাগে, গাভৰুৱে
গাভৰুৰ ভাগে সুকীয়াকৈ বিহু পাতিছিল৷ ডেকা বিহুৰ সমল আছিল ঢোল, পেঁপা, গগণা আৰু তাল৷
গাভৰুৰ বাদ্য আছিল টকা আৰু গগণা৷ এই বিহু এমাহ জুৰি চলিছিল৷ গাভৰুৰ ৰাতি বিহু দুকুৰি
ডেৰকুৰি বছৰমানৰ আগলৈকে শিৱসাগৰ মহকুমাৰ কিছুমান ভিতৰুৱা অঞ্চলত চলি আছিল৷ এনেকুৱা
ৰাতি বিহুত গোৱা নামবোৰত কোনো আঁৰবেৰ নাছিল৷ চৰম আনন্দ প্রকাশেই আছিল মুখ্য উদ্দেশ্য৷’
(বিহু গীত আৰু বনঘোষা; পাতনি ১৯৮৫-সং)
চ’তৰ ৰাতি বিহু সাধাৰণতে
গছৰ তলতেই মৰা হৈছিল কাৰণে গছ তলৰ বিহুও বোলা হৈছিল৷ গছ তলত চ’তৰ ৰাতি বিহু কিমান দিন
থাকিল তাৰ কোনো সঠিক হিচাপ নাই৷ সময় বাগৰিল৷ আহোম ৰাজত্বৰ কালত গছ তলৰ ৰাতি বিহুৱে
ৰাজকীয় মর্যাদা লাভ কৰিলে৷ লোক জীৱনৰ অতি আদৰৰ এই বিহু আহোম স্বৰ্গদেউসকলৰ ৰাজপৃষ্ঠপোষকতাত
ৰাজচ’ৰা বা ৰংঘৰৰ বাকৰিলৈ আহিল, ডা-ডাঙৰীয়াকে মুখ্য কৰি অন্যান্য ৰাজন্যবৰ্গৰ ঘৰৰ ব্যক্তিগত
চোতাললৈকো এদিন বিহু সম্প্ৰসাৰণ হ’ল৷ এই সম্পর্কত হেম বুঢ়াগোহাঞিয়ে কৈছে- ‘স্বর্গদেউ
চুহুংমুং, স্বৰ্গদেউ ৰুদ্ৰসিংহই নগা পাহাৰৰ নামনি বিহুবড়ত নগা খুনবাওসকলৰ লগত বিহুগীত
নৃত্য আদিৰ আয়োজন কৰি সম্প্ৰীতিৰ এৱাসূতাডালি সুদৃঢ় কৰিছিল৷’ (বিহু আকৌ আহিল, ১৯৯৩
চনৰ সং; পৃষ্ঠা-১২০) স্বৰ্গদেউৰ বৰচ’ৰা, ডা-ডাঙৰীয়া তথা অন্যান্য ৰাজন্যবৰ্গৰ চোতাল
গৰকি আহি গাঁৱে গাঁরে প্রৱেশ কৰাত বিহুৰ ৰূপটো কিছু পৰিৱৰ্তন ঘটিল৷ মূলতঃ উৎপাদন প্ৰক্ৰিয়াটোৰ
লগত জড়িত আঁৰবেৰ নোহোৱাকৈ গোৱা গীত-নৃত্য আদিলৈও পৰিৱৰ্তন আহি গুৰু গম্ভীৰ ৰূপ লৈ হুঁচৰি
ৰূপে প্রকাশ ঘটিল৷ সু-শৃংখল মানসিকতা প্রতিফলিত কৰিব পৰা গাঁৱলীয়া মার্জিত সাজ-পোচাক
পৰিধান কৰি আৰু গীত-নৃত্যত কিছু ধর্মীয় প্রভাৱ লৈ প্রথমতে ৰাজঘৰৰ বৰচ’ৰা, ডা-ডাঙৰীয়াৰ
টোললৈ সোমাই বছৰটোৰ বাবে মংগল কামনা কৰি আশীর্বাদ দিয়া নিয়ম প্রচলন হ’ল৷ এইটোৱেই আছিল
হুঁচৰিৰ প্ৰথম ৰূপটো৷ অসমৰ লোক-জীৱনত আজিও গাঁৱৰ মুখিয়ালজনৰ বা জনা-বুজাজনৰ ঘৰৰ পৰা
খুঁচৰি গোৱাৰ প্রথা বিদ্যমান৷ আহোম ৰাজন্যবৰ্গৰ ঘৰত যথাক্রমে সম্মান প্ৰদৰ্শন কৰি হুঁচৰি
মৰা প্ৰথাটোৰ পৰা এনে নিয়ম প্রচলিত হ’বলৈ পোৱাৰ কথাটো অস্বীকাৰ কৰিব নোৱাৰি৷ তদুপৰি
মান্যজনক যথাযোগ্য সন্মান দিয়া কথাটোও ইয়াত অন্তনির্হিত হৈ আছে৷
বর্তমান অসমৰ লোক-জীৱনৰ
বাবে হুঁচৰি মূল সম্পদ৷ এই হুঁচৰি গছ তলৰ বিহুৰ পৰা উৎপত্তি, ক্রমবিকাশৰ ৰূপান্তৰ৷
সেয়ে অসমৰ লোকজীৱনে হুঁচৰি মাৰিবৰ সময়ত ‘দেওলগা’ বুলি বিশ্বাস কৰা গছৰ তলত নাইবা নামঘৰত
প্ৰথমতে ‘ঘাট’ মাৰি আৰম্ভ কৰে৷ হুঁচৰিৰ এনে ধর্মীয় প্রভাৱক সময়ে স্বীকাৰ কৰি লৈছে৷
অসমৰ লোকজীৱনে আজিও হুঁচৰি প্ৰথমতে মেধি, সাতোলা আদি জাতীয় ধর্মীয় মুৰব্বীজনৰ ঘৰৰ পৰাহে
আৰম্ভ কৰে৷ এনে প্রথাত বৈষ্ণৱ ধৰ্মৰ প্রভাৱক অস্বীকাৰ কৰিব নোৱাৰি৷ পুৰণি কালত হুঁচৰি
মাৰোঁতে এনে নিয়ম ব্যতিক্রম ঘটিলে সমাজৰ মুখিয়ালজনৰ প্ৰতি অপমান বুলি গণ্য কৰা হৈছিল৷
সমাজৰ মান্যসকলৰ ঘৰত হুঁচৰি মৰাৰ পিছত সুবিধা অনুসৰি গাঁওখনত হঁচৰীয়াই হুঁচৰি মাৰিছিল৷
ডেকা-বুঢ়া-ল’ৰা সকলো মিলি গোৱা হুঁচৰি চ’ত-ব’হাগৰ সংক্ৰান্তিৰ দিনা অর্থাৎ গৰু বিহু
দিনাৰ ৰাতিৰ পৰা শুভাৰম্ভ কৰি সাদিনলৈকে গাঁৱৰ প্ৰত্যেক ঘৰতে মৰা হৈছিল৷ অৱশ্যে কেতিয়াবা
গাঁৱৰ কাৰোবাৰ ঘৰত কিবা অথন্তৰ ঘটিলে, তেনে পৰিস্থিতিত গৃহস্থই অনুমতি নিদিলে তেওঁলোকৰ
ঘৰত হুঁচৰি মৰা নহয়৷ ব’হাগ বিহুৰ অতি আকর্ষণীয় অনুষ্ঠান হুঁচৰিত নাৰীৰ কোনো ভূমিকা
নাই৷ হুঁচৰিত গীত-মাত, নাচ, বিভিন্ন বাদ্যযন্ত্ৰৰ সকলো উপাদান নিহিত হৈ আছে৷ হুঁচৰিৰ
মূল ৰূপতো অতি পৰিমার্জিত আৰু ভক্তিৰ ভাবৰ প্ৰকাশ৷ হুঁচৰিৰ আচল উদ্দেশ্য হৈছে গৃহস্থক
কুশল কামনা কৰি আশীর্বাদ দিয়া৷ হুঁচৰিত মূলতঃ ঘোষা, পদ, ফুলকোঁৱৰ- মণিকোঁৱৰৰ গীত আৰু
লগত অন্যান্য মালিতা আদি গোরা হয়৷ হুঁচৰিত ঢোল-পেঁপা আদিত কছাৰী ছেও, মিৰি ছেও, খঁৰা
ছেও, বুঢ়া ছেও, ডেকা ছেও আদি বজায়৷ এই সকলোবোৰ গীত-পদ, ছেও-চাপৰ অসমৰ লোক-জীৱনৰ কৃষি
অর্থনীতিৰ লগত জড়িত৷ গীত-পদবোৰত প্ৰকৃতিৰ সৌন্দৰ্যৰ্ষৰ বৰ্ণনা, সামুহিক সুখ-দুখ, সামাজিক
ৰীতি-নীতি আদিৰ প্ৰতিফলন হৈছে৷
হুঁচৰিৰ এটা বৈশিষ্ট্যপূর্ণ
খেল বা নাচ হৈছে লহৰীয়া নৃত্য৷ উজনি অসমৰ হুঁচৰি এযোৰাৰ এই লহৰীয়া নৃত্য গুৰুত্বপূৰ্ণ
অংগ৷ দেউৰীসকলৰ বিহুৰ পৰা অহা বুলি সন্দেহ কৰা হয় এই লহৰীয়া নৃত্যক৷ লহৰীয়া নাচ ঢোল-তালৰ
ছেৱৰ লগত হাতৰ চাপৰি আৰু ভৰিৰ গিৰিপনিৰ ছন্দ মিলাই কৰা হয়৷ লহৰীয়া নামবোৰ এনেধৰণৰ-
১৷ ‘হাতেৰে চাপৰি
আহক ঘনে কৰি
ভৰিৰ গিৰিপনি যাওক
হেৰা লহৰীয়া
২৷ উৰণ-বুৰন চৰাই
হালধীয়া
থুপুকীলতাৰে পাত ঐ লহৰীয়া’ ইত্যাদি৷
আধুনিক বিহুৰ এটা
অতি জনপ্রিয় অনুষ্ঠান হৈছে মুকলি বিহু৷ মুকলি বিহু আধুনিক যুগত জন্ম যদিও তাহানিৰ ৰাতি
বিহুৰ ভেঁটিতেই ই প্রতিষ্ঠিত৷ তাহানিৰ চ’তৰ বিহুৰ আর্হিত ডেকা-গাভৰু সকলো মিলি একেলগে
গাব আৰু নাচিব পৰাকৈ যিখন বিহু আয়োজন কৰা হ’ল, সেয়া মুকলি বিহু৷ এই মুকলি বিহু মাৰিবলৈ
মুকলিমূৰীয়া মন এটা লাগিবই, তদুপৰি সকলো বাধা-বিধিনিৰ পৰাও মুক্ত হ’ব লাগিব৷ ডেকা-গাভৰু
সকলোৱে সমানে গাব আৰু নাচিব পাৰিব লাগিব৷ মুকলি বিহুৰ জোৰা নামেই মূল সম্পদ৷ বিহুৱা-বিহুৱতীসকল
বিহুনাম গোৱাত পাকৈত হ’ব লাগিব৷ নাচনীয়ে টুকুৰি ঘূৰাদি নাচিব লাগিব; ঢুলীয়াই গছৰ পাত
সৰাকৈ বাব লাগিব ঢোল৷ তেহে এযোৰা মুকলি বিহু প্রকৃতার্থত মুকলি বিহু বুলি ক’ব পাৰি৷
ডেকা-গাভৰুৰ সংমিশ্ৰণত গঢ়ি তোলাৰ কাৰণে হয়তো আজিকালি হুঁচৰিৰ তুলনাত মুকলি বিহুৰ আকৰ্ষণ
বৃদ্ধি পাবলৈ ধৰিছে৷
অনুমান কৰা হয় যে
আহোম ৰাজত্বৰ কালত ৰংঘৰৰ বাকৰিত যি বিহুৰ প্রতিযোগিতা চলিছিল তাৰ আলমতে আধুনিক যুগৰ
মুকলি বিহুৰ জন্ম হ’বলৈ পালে৷ যি কি নহওক বিহু গীত-নাচ, ছেও-ছাপৰ আদিবোৰৰ লগতে বিহুৰ
ঐতিহ্য আজি সংৰক্ষণ কৰি ৰাখিবৰ বাবে সকলো বিশ্বপ্রেমী ৰাইজ যত্নবান হোৱা উচিত৷
ঠিকনাঃ- জিতু কুমাৰ লেখাৰু
চেতনা পুথিঘৰ
চেপন-চৰাইদেউ-৭৮৫৬৭৩
(অসম)
ভ্ৰাম্যভাষ : - ৭০০২১৮২১৩২