অন্যযুগ/


৺দেৱেন্দ্ৰনাথ আচাৰ্য্য আৰু ‘জঙ্গম’

 অমৃত গোস্বামী

 

পিতৃ নগেন্দ্ৰনাথ আচাৰ্য্য আৰু মাতৃ জয়ন্তীপ্ৰিয়া দেৱীৰ সুযোগ্য সন্তান দেৱেন্দ্ৰনাথ আচাৰ্য্যৰ জন্ম হৈছিল ১৯৩৭ চনত, যোৰহাটৰ ওচৰৰ গৰখীয়া দ’ল নামৰ ঠাইত। দেৱেন্দ্ৰনাথ আচাৰ্য্য সৰুৰেপৰাই এজন অতি মেধাগুণ সম্পন্ন ছাত্ৰ আছিল। তেখেতে এম.ই পৰীক্ষাত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাইছিল। পেছাত তেখেত আছিল এজন সুদক্ষ ইঞ্জিনিয়াৰ। তেতিয়াৰ দিনতে খড়গপুৰ আই. আই. টি-ৰ পৰা সন্মানসহ বি. টেক ডিগ্ৰী লাভ কৰাৰ পাছত, তেখেতে লণ্ডন বিশ্ববিদ্যালয়ৰপৰা আভিযান্ত্ৰিক বিষয়ত স্নাতকোত্তৰ উপাধি লয়। তেখেতে কিছুদিন আসাম আভিযান্ত্ৰিক মহাবিদ্যালয় আৰু যোৰহাট আভিযান্ত্ৰিক মহবিদ্যালয়ত  শিক্ষকতাৰ চাকৰি কৰিছিল। পাছলৈ পেছাত তেখেত হৈ পৰিছিল এজন সুদক্ষ অভিযন্তা। তেখেতে আছাম গেছ কোম্পানী নামৰ অসমৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোত কাৰ্যনিৰ্বাহ কৰে। তেখেতৰ জীৱনকাল আছিল নিচেই চুটি। ১৯৮১ চনৰ ছেপ্টেম্বৰ মাহত তেখেতে মাত্ৰ চৌৰাল্লিছ বছৰ বয়সতে মৃত্যুক আঁকোৱালি ল’ব লগা হৈছিল। মৃত্যুৰ সময়ত তেখেত আছাম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক আছিল।

নিচেই কম সময়ৰ ভিতৰতে আচাৰ্য্যদেৱে নিজকে এজন সফল অসমীয়া সাহিত্যিকৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তেখেত অসমীয়া সাহিত্যৰ এজন কবি, গল্পকাৰ আৰু ঔপন্যাসিক। ‘কালপুৰুষ’, ‘অন্য যুগ অন্য পুৰুষ’ আৰু ‘জঙ্গম’ নামৰ তিনিখন বিখ্যাত উপন্যাস তেখেতে অসমীয়া সাহিত্যলৈ উপহাৰ দি গৈছে। 

‘জঙ্গম’ সাহিত্যিক দেবেন্দ্ৰনাথ আচাৰ্য্যৰ এখন ঐতিহাসিক উপন্যাস। এইখন উপন্যাস প্ৰকাশ পাইছিল তেখেতৰ মৃত্যুৰ পাছত, অৰ্থাৎ ১৯৮৩ চনত। ১৯৮৪ চনত উপন্যাসখন সাহিত্য একাডেমী বঁটাৰে পুৰস্কৃত হয়। 

‘জঙ্গম’ৰ কাহিনীৰ পটভূমি দ্বিতীয় মহাযুদ্ধৰ সময়ৰ ব্ৰহ্মদেশ, অৰ্থাৎ বৰ্তমানৰ ম্যানমাৰ –  জাপানী সৈন্যই মিত্ৰশক্তিক পৰাজিত কৰি ব্ৰহ্মদেশখন ইংৰাজৰ হাতৰ পৰা কাঢ়ি লোৱা সময়ৰ কাহিনী। তেতিয়াৰ ব্ৰহ্মদেশৰ বাসিন্দা, ভাৰতীয় মূলৰ পৰিয়াল কেইটামান জাপানীয়ে  ব্ৰহ্মদেশখন দখল কৰা কালত, প্ৰাণৰ ভয়ত নানান প্ৰত্যাহ্বানৰ সন্মুখীন হৈ, সেই সময়ৰ ব্ৰহ্মদেশৰ দুৰ্গম পাৰ্বত্য এলেকা অতিক্ৰম কৰি, অতি বিপদ সংকুল পৰিস্থিতিৰ মাজেদি  ভাৰতৰ ভূমিলৈ পলাই আহাৰ এক কাল্পনিক কাহিনী। উপন্যাসখনত লেখকে সেই যাত্ৰাপথৰ কাহিনী অতি মনোগ্ৰাহী ভাষাৰে, হৃদয়স্পৰ্শী আৰু জীৱন্তৰূপত পাঠকৰ আগত দাঙি ধৰিছে। প্ৰচুৰ পৰিমাণে অসমীয়া জতুৱা ঠাঁচৰ ব্যৱহাৰ উপন্যাসখনৰ অন্য এক আকৰ্ষণ।

“একুৰিঘৰ মানুহৰ গাঁও – মানকু আচলতে এটা চুবুৰীহে। দুখীয়া খেতিয়ক-শ্ৰমিকৰ গাঁও – মূৰৰ ঘাম মাটিত পেলাই ধনী মহাজনৰ আধিমাটিত খেতি কৰি ছমাহ পেটে-ভাতে খাই বাকী ছমাহ অৰ্ধাহাৰে অনাহাৰে কটোৱা বাৰ্মান আৰু ভাৰতীয় খেতিয়ক আৰু দিনমজুৰৰ এখন নিছলা উপনিৱেশ।” – 

উপন্যাসখনৰ কাহিনী অনুসৰি এই মানকু নামৰ সৰু ঠাইখিনিৰ পৰাই  কুৰিজনমানতকৈ অধিক লোকৰ এটা দুৰ্ভগীয়া, অভিশপ্ত দলে প্ৰথমতে কিছুদূৰ আগবাঢ়ি আহি ইৰাৱতী নামৰ ব্ৰহ্মদেশৰ আটাইতকৈ ডাঙৰ নদীখন নাৱেৰে পাৰ হৈ, খোজকাঢ়ি তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছিল – সুদূৰ অসমলৈ বুলি।

“প্ৰথমতে তেঁতেলিগছ আৰু কাঁইটীয়া জোপোহাৰ পাতল হাবি, তাৰ পাছত গভীৰ বনাৰণ্য; ওখ পাহাৰেৰে ভৰা ইৰাৱতী-চিন্দুইন উপত্যকা – উত্তৰা-দক্ষিণাকৈ দুশ মাইল জুৰি থকা দুৰ্গম পাহাৰ আৰু মালভূমি। বাৰ্মান কিংবদন্তি মতে এই ত্ৰিভুজাকাৰ উপত্যকাৰ উত্তৰত অৱস্থিত সাক্ষাৎ যমৰ দুৱাৰ। সেই মৃত্যু উপত্যকালৈ স্বেচ্ছাই আগবাঢ়ি যোৱা দলটোৱে তেঁতেলি আৰু খেজুৰ গছৰ পাতলীয়া হাবিৰ মাজতে অলপ পৰ বহি জিৰাই ল’লে আৰু একোমুঠি চিৰা, মুৰি বা পিঠাগুড়ি পানীত তিয়াই তাৰেই পুৱাৰ আহাৰ সমাপণ কৰিলে।‌”

উপন্যাসখনত বৰ্ণনা কৰা অনুসৰি দলটোৱে যাত্ৰা পথত অনেক দিন অৰ্ধাহাৰে-অনাহাৰে কটাবলগীয়া হৈছিল। পাৰ হ’বলগীয়া হৈছিল অনেক পাহাৰীয়া খৰস্ৰোতা নদী, জোঙা জোঙা শিলেৰে কণ্টকময় বাট, বোকা আৰু জলাহ একোটা অঞ্চল; ওখ ওখ গছ-গছনিৰে পৰিপূৰ্ণ, দিনতে এন্ধাৰ একোটা অঞ্চল; কেতিয়াবা ওখ পাহৰৰ ঢালৰ কাষৰ নিচেই ঠেক বাট একোছোৱা বনৰীয়া গছৰ ডাল একোটা ভাঙি তৈয়াৰ কৰি লোৱা লাখুটি একোডালৰ সহায়ত অতিক্ৰম কৰিবলগীয়া হয়। মহ-ডাঁহ, বিষাক্ত কীট-পটঙ্গ আৰু বনৰীয়া হিংস্ৰ জীৱ-জন্তুৰ আক্ৰমণৰ আশঙ্কা অনবৰতে আছিলেই। — যাত্ৰাপথত মানুহবোৰ একেবাৰে অৱশ হৈ পৰিছিল, তেওঁলোক খীণাই-শুকাই কথমপিহে জীয়াই আছিল। কাপোৰ-কানিবোৰ ফাটি উঁৱলি গৈছিল। দেহত ভাৰ বোৱাৰ শক্তি নোহোৱা বাবে হাতৰ সামান্য লাম-লাকটু পাহাৰৰ কাষৰৰ কুৰুংবোৰলৈ  দলিয়াই পেলাই দিবলৈ বাধ্য হৈছিল। দলটোৰ মানুহবোৰৰ ভৰিৰ তলুৱাবোৰ ফাটি তেজেৰে তুমৰলি দিছিল। ভূতৰ ওপৰত দানহ পৰাদি, আকৌ দুজনমান বৃদ্ধ আৰু অসুস্থ লোকক সাঙীভাৰ কৰি কঢ়িয়াই আনিবলগীয়াও হৈছিল তেওঁলোকে।

কেতিয়াবা কেতিয়াবা দলটোৱে পাৰ হৈ আহিব লাগিছিল জাপানী বোমাবৰ্ষণত বিধ্বস্ত হোৱা একো একোখন চহৰ– ক’তো কেনিও মানুহৰ সন্ধান নথকা; মৰিশালিৰ নিস্তব্ধতাৰ মজেদি। 

বাটত দলটোৰ লগ লাগিছিল দুজন মাৰ্কিন পাদ্ৰী চাহাব– এজন ওখ আৰু আনজন চাপৰ। আৰু লগ লাগিছিলহি এজনী এংলো বাৰ্মান ছোৱালী। পাদ্ৰী দুজনৰ ওখজন এজন সামৰিক ডাক্তৰ আছিল। তেওঁ পাছলৈ দলটোৰ দলপতিৰ ভূমিকা পালন কৰিছিল। নাৰ্ছিং বিদ্যাত প্ৰশিক্ষণপ্ৰাপ্ত এংলো বাৰ্মান ছোৱালীজনীয়ে দলটোৰ বাটতে অসুখত আক্ৰান্ত হোৱাসকলক অতি সুন্দৰকৈ শুশ্ৰূষা কৰিছিল।

এইদৰে প্ৰায় চল্লিছ দিনৰ মূৰত নানান কষ্ট আৰু দুৰ্যোগৰ মাজেদি দলটোৰ জীয়াই থকাকেইজন আহি উপস্থিত হৈছিলহি অসমৰ সীমামূৰীয়া লিডুত – লিডুৰ পৰা মানুহকেইজন তেওঁলোকৰ উপৰিপুৰুষৰ বাসস্থান, অচিনাকি মধ্য ভাৰতৰ কোনোবা কোনোবা স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিছিল।

লিডুত উপস্থিত হোৱাৰ সময়ত অৱশ্যে দলটোৰ সদস্য সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পাইছিল – যাত্ৰাপথৰ অবৰ্ণনীয় দুখ-কষ্ট সহ্য কৰিব নোৱাৰি কেইবাজনো লোকে বাটতে মৃত্যু বৰণ কৰিছিল।

উপন্যাসখনৰ শেষৰ ফালে দলটোৰ এজন সদস্য অশিক্ষিত কৃষকৰ ঘৰৰ সন্তান ‘চিনটি’ আৰু আধুনিক শিক্ষাৰে শিক্ষিতা এংলো বাৰ্মান নাৰ্চ ‘মা-পু’ৰ মিলনৰ কাহিনী ঔপন্যাসিকগৰাকীয়ে বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে।  

“মা-পুৰ মনৰ বীণখনৰ কোনোবা এডাল তাঁৰত চিনটিৰ শেষ কথা আষাৰে এটা প্ৰচণ্ড জোকাৰ দি গ’ল – তাইৰ সমস্ত অস্তিত্ব কঁপি উঠিল। জাতি-বৰ্ণ, শিক্ষা-দীক্ষাৰ সকলো বিভেদ-বৈষম্যৰ প্ৰাচীৰ ভাঙি তাইৰ মনটো এটা অদ্ভূত পুলকে ভৰাই পেলালে। ল’ৰাটোৰ প্ৰতি এক অদম্য আকৰ্ষণে তাইক মেৰাই মেৰাই বান্ধি পেলালে। কি আনন্দময় এই বন্ধন। কি সৌন্দৰ্যময় এই সৰল প্ৰাণৰ আড়ম্বৰহীন আৱেদন।”

কিছুদিনৰ আগতে আমি আমাৰ পৰিয়ালৰ আটায়ে ‘জঙ্গম’ নামৰ এই উপন্যাসখন মিলিজুলি পঢ়িছিলোঁ। আমাৰ এই মিলিজুলি পঢ়াত মোৰ দাদা,  ইংৰাজী সাহিত্যৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীঅৰূপ কুমাৰ গোস্বামীয়েও বিশেষভাৱে ভাগ লৈছিল। দেবেন্দ্ৰনাথ আচাৰ্যদেৱৰ জঙ্গম নামৰ এই উপন্যাসখনৰ সন্দৰ্ভত মোৰ দাদা শ্ৰীঅৰূপ কুমাৰ গোস্বামীৰ মন্তব্য  এনে ধৰণৰ :

“এফালে ঘাইকৈ ইংৰাজ-মাৰ্কিন নেতৃত্বৰ দ্বিতীয় বিশ্বযুদ্ধকালীন পশ্চিমীয়া সামৰিক-সাম্ৰাজ্যবাদ, আনফালে তাৰ দুৰ্ঘোৰ প্ৰতিদ্বন্দ্বী এছিয়া মহাদেশীয় জাপানী সামৰিক-সাম্ৰাজ্যবাদ, আৰু তাৰ মাজতেই মূৰ দাঙি উঠা বাৰ্মান জাতীয়তাবাদ নামধাৰী এক সঙ্কীৰ্ণ গোষ্ঠীতন্ত্ৰ। এই বিশাল আৰু তুমুল আন্তৰ্জাতিক ধুমুহাৰ মাজত ব্ৰহ্মদেশত ইতিপূৰ্বেই থিতাপি লোৱা আৰু ঘাইকৈ বৌদ্ধধৰ্মীয় ঐতিহ্যৰ সেই দেশত ব্যৱহাৰিক-সাংস্কৃতিকভাৱেও বহুলাংশে জীণ যোৱা এমুঠি ভাৰতীয় মূলৰ কৃষি আৰু সৰুসুৰা বেহাবেপাৰনিৰ্ভৰ লোকে, ঘাইকৈ উগ্ৰ বাৰ্মান জাতীয়তাবাদৰ ভাবুকিৰ বাবে কেনেকৈ ব্ৰহ্মদেশ আৰু অসমৰ দুৰ্গম অৰণ্যৰ মাজেৰে বিপদসংকুল পদযাত্ৰা কৰি পলাই  আহি অসমৰ লিডু চহৰ ওলাইছিলহি, তাৰেই কাহিনী পঢ়িবলৈ পোৱা যায় ৺ দেবেন্দ্ৰনাথ আচাৰ্যৰ বিখ্যাত “জঙ্গম” উপন্যাসখনত। মাত্ৰ চৌৰাল্লিছ বছৰ বয়স পোৱা পৰম বিজ্ঞান-প্ৰযুক্তিশিক্ষিত যোৰহাটৰ এই মেধাবী ব্যক্তিগৰাকীয়ে অসমীয়া মাতৃভাষাত এনে এক আন্তৰ্জাতিক পৃষ্ঠপটৰ এখনি উপন্যাস লিখিবলৈ  যে আত্মবিশ্বাস অৰ্জন কৰিছিল, আৰু সচাকৈ সুখপাঠ্য ৰূপত লিখি উলিয়াব পাৰিছিল, সেই কথা ভাবিলেই ভাল লাগে। লেখকৰ এই উপন্যাস ৰচনাৰ অৰ্থে আৱশ্যক হোৱা সঠিক ভৌগোলিক জ্ঞান,  আৰু ঔপন্যাসিকৰূপে তেওঁৰ বাস্তৱধৰ্মী কাহিনীবিন্যাসৰ পটুতা – ইত্যাদি দিশ পাঠকে লক্ষ্য  কৰি তবধ মানিবই লাগিব! পশ্চিমৰ দেশৰ পৰা আখৰে আখৰে জাতীয়তাবাদৰ পাঠ সহিংস ৰূপত অনুকৰণ কৰিব খুজি ব্ৰহ্মদেশৰ মানকু নামৰ অঞ্চলৰ মিশ্ৰিত এছিয়া জনগোষ্ঠীয় লোক কেনেকৈ উপৰ্যুপৰি চৰম ৰূপত প্ৰমাদগ্ৰস্ত হৈ পৰিছিল, তাৰ বিশদ দৃষ্টান্ত দাঙি ধৰা সৰু সৰু কিন্তু অন্তৰস্পৰ্শী কাহিনী আৰু নিভাঁজ চৰিত্ৰ ঔপন্যাসিকে উপন্যাসখনত বিশ্বাসযোগ্য ৰূপত সন্নিৱিষ্ট আৰু সংযোজন কৰিছে। উপন্যাসখনিৰ তুমুল আন্তৰ্জাতিক-সামৰিক ঐতিহাসিক পৃষ্ঠপট, আৰু অৰণ্যৰ মাজেৰে বিপদসংকুল যাত্ৰাৰ কাহিনী-কথনৰ মাধ্যমতেই লেখকে এক আন্তৰ্জাতিক মানৱিক-সামাজিক নতুন আদৰ্শবোধৰো অৱশ্যে চানেকি দাঙি ধৰিছে। অৰণ্যৰ মাজেৰে ভাৰতীয় মূলৰ উদ্বাস্তুসকলৰ কল্পিত দুৰ্গম যাত্ৰাৰ পথ প্ৰদৰ্শকৰ ভূমিকাত এক মাৰ্কিন সুশিক্ষিত পাদ্ৰী চিকিৎসাবিদক অবতীৰ্ণ কৰোৱাই, আন্তৰ্জাতিক যুদ্ধৰ পটভূমিতেই আধুনিক চিকিৎসা-সেৱা ব্যৱস্থাৰ এক আন্তঃগাঁথনি ৰচিত হোৱা দেখুৱাই, তদুপৰি যুদ্ধবিধ্বস্ত অঞ্চলৰ দুৰ্গত অসামৰিক লোকৰ উদ্ধাৰকাৰ্যৰো উল্লেখ তথা বিৱৰণ দাঙি ধৰি “জঙ্গম”-ৰ ঔপন্যাসিকগৰাকীয়ে নিজৰ আধুনিক সাহিত্য-ৰচনাত উক্ত মানৱ-সামাজিক অভিনৱ আদৰ্শবোধৰো অৱশ্যে সঞ্চাৰ কৰিছে ।  জয়তু ৺ দেবেন্দ্ৰ নাথ আচাৰ্য!

– আধুনিক কাব্যসাহিত্যই  হওক কিম্বা কথাসাহিত্যই হওক, অকল পাঠ কৰিলেই, বা দুই-একাষাৰ কথাৰে ভাল-বেয়া মন্তব্য আগ বঢ়ালেই যথেষ্ট নহয় বুলি আমাৰ পৰিয়ালৰ আনুষ্ঠানিক সাহিত্যৰ শিক্ষা লাভ কৰা মাজুদাদাই বাৰে বাৰে দঢ়াই দঢ়াই কয়। সেয়ে তেওঁৰেই বিশেষ সহযোগিতাত আমি আমাৰ পৰিয়ালৰ সকলো সদস্যই মিলিজুলি পঢ়া “জঙ্গম” উপন্যাসখনৰ বিষয়ে এতিয়া কিছু বহলাই লিখিলোঁ। অসমীয়া সাহিত্যৰ নতুন এচাম আগ্ৰহী পাঠক যাতে সঁচাই ওলায়, সেই উদ্দেশ্যেই  মোৰ এই ৰচনা বিনীতভাৱে উৎসৰ্গিত! 

  

ঠিকনা :

চাৰ্ভে,  গুৱাহাটী - ৭৮১ ০২৮

ফোন নং : ৯৪৩৫০ ১৪৪৫৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ