অন্যযুগ/


মুখামুখি : ডাঃ অপূৰ্ব কুমাৰ শইকীয়াদেৱৰ সৈতে

'অন্যযুগ' আৰু 'সাহিত্য অকাডেমি'-ৰ যৌথ উদ্যোগত অনুষ্ঠিত
'কথাসন্ধি'  অনুষ্ঠানত ডা০ অপূৰ্ব কুমাৰ শইকীয়া


সাম্প্ৰতিক অসমীয়া গল্পসাহিত্যৰ এক অগ্ৰগণ্য নাম হৈছে শ্ৰীযুত (ডাঃ) অপূৰ্ব কুমাৰ শইকীয়া৷
  ২০২০ চনৰ ‘সাহিত্য অকাদেমি বঁটা’ আৰু অসম সাহিত্য সভাৰ ‘অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা’ প্ৰাপক ডাঃ শইকীয়াৰ গল্পৰ বিষয়বস্তুৰ বৈচিত্ৰ্য আৰু বহুমাত্ৰিকতা, ভাষাৰ চাতুৰ্য, ব্যতিক্ৰমী কথনশৈলীৰ লগতে তলসুঁতীয়াকৈ বৈ থকা নিৰ্মল হাস্যৰসৰ এক ফল্গুধাৰাই তেখেতৰ গল্পসমূহক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ তেখেতৰ গল্পসংকলন ‘বেংছতা’-ৰ বাবেই আগ বঢ়োৱা হৈছে সাহিত্য অকাদেমি বঁটা। সংকলনখনিত সৰ্বমুঠ ১৯ টা গল্প সন্নিৱিষ্ট হৈছে৷ প্ৰতিটো গল্পতেই লেখকৰ বিষয়বস্তুৰ প্ৰতি থকা গভীৰ অন্তৰ্দৃষ্টি, সূক্ষ্ম পৰ্যৱেক্ষণ ক্ষমতা আৰু ভাষাৰ ওপৰত থকা তেখেতৰ অগাধ দখলৰ আভাস পোৱা যায়৷ সন্নিৱিষ্ট গল্পসমূহৰ কৌশলী নিৰ্মাণে পঢ়ুৱৈক এক পৃথক সোৱাদ দিয়াৰ লগতে পঠনৰ পাছতো আলোড়িত কৰি ৰাখিব৷ ‘বেংছতা’ নিঃসন্দেহে এখন সংগ্ৰহযোগ্য আৰু সংৰক্ষণযোগ্য গ্ৰন্থ৷ 

ডাঃ অপূৰ্ব কুমাৰ শইকীয়াদেৱৰ প্ৰতি অন্যযুগ-ৰ সম্পাদনা কক্ষৰ প্ৰতিজন সদস্যৰ হৈ আন্তৰিক ওলগ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। বেংছটা গ্ৰন্থখন প্ৰকাশ কৰিছে আঁক-বাক প্ৰকাশনে। প্ৰকাশক পক্ষকো অন্যয়ুগৰ ফালৰপৰা আন্তৰিক অভিনন্দন জনাইছোঁ।  

অন্যযুগ-ৰ পাঠকবগৰ্ৰ বাবে ° শইকীয়াদেৱৰ সৈতে এক সাক্ষাৎকাৰ আগ বঢ়োৱা হ’ল। সাক্ষাৎ গ্ৰহণ কৰিলে সম্পাদক ° মৃদুল শৰ্মাই।

     

অন্যযুগ : প্ৰথমে, অন্যযুগ পৰিয়ালৰ হৈ আপোনাক আমাৰ শ্ৰদ্ধা-সম্ভাষণ জ্ঞাপন কৰিছোঁ৷ আমাৰ অতি স্নেহ আৰু শ্ৰদ্ধাৰ অগ্ৰজসকলৰ ভিতৰত আজি কমেও পঁচিছ-ত্ৰিছ বছৰ ধৰি আপুনি অসমীয়া ভাষা-সাহিত্যৰ সেৱাত আত্মনিয়োগ কৰি আহিছে৷ শেহতীয়াকৈ সাহিত্য অকাদেমি বঁটাৰ সবৰ্ভাৰতীয় সন্মান লাভ কৰি আপুনি আমাকো আনন্দিত আৰু সন্মানিত কৰিছে। আমাৰ বাবে আপুনি এক অনুপ্ৰেৰণাৰ বিষয়৷ অন্যযুগৰ সদাশয় পাঠকবৰ্গৰ উদ্দেশ্যে আপোনাৰপৰা কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰিলে আপুনি আমাক সঁহাৰি জনাবনে?

ডাঃ  শইকীয়া : অন্যযুগ-ৰ প্ৰতি ময়ো সদায়ে শ্ৰদ্ধাশীল। আলোচনীখনে ৰুচিবোধৰ পৰিচয় দিয়াৰ লগতে একাধি‍ক নতুন দিশৰ ওপৰত গুৰুত্ব দিয়া লক্ষ্য কৰিছোঁ। এনে অৱস্থাত অপোনালোকৰ আগ্ৰহৰ প্ৰতি সঁহাৰি নজনালে হ’বনে...

অন্যযুগ : আপুনি কেতিয়াৰ পৰা গদ্য ৰচনাত হাত দিলে? যোৱা কেইবা বছৰো ধৰি আপুনি পাঠকৰ আগত গল্প কোৱাৰ যি কাৰিকৰী নৈপুণ্য প্ৰ‌দৰ্শন কৰিছে সি আমাৰ কাৰণে আপোনাৰ নামটোৰ দৰেই অপূৰ্ব৷ আপোনাৰ এই সাহিত্যিক যাত্ৰাৰ আৰম্ভণি ক’ত, কেতিয়া? কোনো বিশেষ ব্যক্তিৰ অনুপ্ৰেৰণা আপুনি স্মৰণ কৰে নেকি?

ডাঃ শইকীয়া : মোৰ গদ্যৰচনা আৰম্ভ হৈছিল নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  ষষ্ঠশ্ৰেণীত পঢ়ি থাকোঁতে৷ আমাৰ বিদ্যালয়ৰ মুখপত্ৰ উদয়-ত মোৰ জীৱনৰ প্ৰথম গল্প ‘জীৱনৰ মমতা ক’ত’ প্ৰকাশ পাইছিল৷  সম্পাদক আছিল প্ৰয়াত দুলন গোহাঁই৷ তাৰ পাছৰ সংখ্যা উদয়-ত প্ৰকাশ পোৱা ‘সেই শেষ সীমাৰেখালৈ’ মোৰ সেই সময়ৰ বেছি বিখ্যাত গল্প৷ সম্পাদক আছিল মোহন বৰা৷ সেয়াই আৰম্ভণি৷ তাৰ পাছত নিৰৱধি এতিয়ালৈ লিখা কামটো চলি আছে৷ আমোদজনক কথা যে সাধাৰণতে লেখকে কবিতাৰে সাহিত্যজীৱনটো আৰম্ভ কৰে আৰু গদ্যৰে শেষ হয়৷ মোৰ এনে নহ’ল৷ গল্পৰে আৰম্ভ হোৱা সাহিত্যজীৱনত এতিয়াও গল্পই৷ বজ্ৰলেপ প্ৰেম গল্পৰে৷ মাজতে চখতে দুটামান ইংৰাজী কবিতা লিখিছিলোঁ৷ টেলিগ্ৰাফ-ত প্ৰকাশ হোৱা The Mystery Within কবিতাটো পঢ়ি প্ৰথিতযশা সাহিত্যিক জয়ন্ত মহাপাত্ৰই মোলৈ চিঠি এখনো লিখিছিল৷ অসমীয়াতো দুই-এটা কবিতা লিখিছোঁ৷ উল্লেখযোগ্য যে আমাৰ স্কুলীয়া আলোচনী উদয়-ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ড° ভবেন্দ্ৰ নাথ শইকীয়া৷ অনুপ্ৰেৰণা মূলতঃ ভিতৰৰ পৰাই অহা৷ সৰুতে মোহন বৰা, ড° শৰৎ বৰকটকীকে আদি কৰি বন্ধুবৰ্গ প্ৰেৰণাৰ উৎস আছিল৷ প্ৰান্তিকৰ সম্পাদক ড° ভবেন্দ্ৰনাথ শইকীয়া পাছলৈ মোৰ প্ৰেৰণাৰ অন্যতম উৎস হৈ পৰিছিল৷

                                                     


অন্যযুগ : গল্পৰ লগতে আপুনি কম সংখ্যক হ’লেও প্ৰবন্ধও ৰচনা কৰিছে৷ কোনবিধ সাহিত্যৰ সৃষ্টিক লৈ আপোনাৰ আগ্ৰহ বেছি? কিয়?

ডাঃ শইকীয়া : নিঃসন্দেহে গল্প লিখি ভাল পাওঁ৷ অৱশ্যে সকলো কথা গল্পৰে ক’ব নোৱাৰি৷ বাতৰিকাকতৰ পৃষ্ঠাত ছে‍গা-চোৰোকাকৈ প্ৰবন্ধও লিখোঁ৷ পাঠকৰ সঁহাৰিও অত্যন্ত উৎসাহজনক৷ ইচ্ছা থকা হ’লে অজস্ৰ প্ৰবন্ধ লিখাৰ সমল আছিল যদিও সৃজনীশীল সাহিত্যৰ প্ৰেমত পৰি  বাদ দিলোঁ৷ মোৰ নিজৰ প্ৰিয় কেইটামান প্ৰবন্ধৰ ভিতৰত শব্দ-নিৰ্মাণৰ বিষয়ে এখন ৰচনা, সময়ৰ চেৰাশালিত আৰু এটি নৱজাতক, কিতাপ পোক, সুখবাদ দুঃখবাদ, বৌদ্ধিক অনুত্তেজনাৰ বতৰ আৰু মহিম বৰাৰ গদ্য-বিস্ময় ইত্যাদি৷ সৃষ্টিশীল লেখাৰ বাবে প্ৰচুৰ অধ্যয়ন অপৰিহাৰ্য৷ বেছি বাদ-বৈচিত্ৰ্য পঢ়াতকৈ সকলো ভাষাৰ উৎকৃষ্টতম সাহিত্যৰ ৰসাস্বাদন কৰা উচিত আৰু সেয়ানো কেনেকৈ ধ্ৰুপদী সাহিত্যৰ অন্তৰ্ভুক্ত হ’ল তাক নিজা শক্তি-সামৰ্থ্যৰে অনুধাৱন কৰিবলৈ চেষ্টা কৰা উচিত৷ আমি সৰুতে প্ৰায় প্ৰতিটো আবেলি নগাঁৱৰ জিলা পুথিভঁৰালতে কটাইছিলোঁ৷ ঘৰৰ পৰা আঠ কিলোমিটাৰমান দূৰ যদিও মই আৰু মোৰ পৰম সুহৃদ মোহন বৰাই খোজ কাঢ়িয়ে সেইখিনি পাইছিলোঁগৈ৷ বৰ ভাল লগা সময় আছিল সেয়া৷ বিভিন্ন ধৰণৰ পৰস্পৰবিৰোধী কিতাপো আমি পঢ়িছিলোঁ তাহানিতে৷ এসময়ত দেখা গ’ল পুথিভঁৰালত আৰু আমি পঢ়িবলগীয়া একো কিতাপেই নাথাকিলগৈ!

অন্যযুগ : ছাত্ৰ জীৱনত অধ্যয়ন আৰু সাহিত্য সাধনা— দুইটাৰে মাজত ভাৰসাম্য কেনেকৈ ৰাখিব পাৰি? আপুনি নিজে কেনেকৈ প্ৰস্তুত হৈছিল?

ডাঃ  শইকীয়া : অধ্যয়ন আৰু সাহিত্যসাধনা সমান্তৰালভাৱে আগ বঢ়াই নিয়াটো এক ধৰণৰ সমতুলতা ৰক্ষাৰ খেল৷ পৰীক্ষাৰ আগে-পিছে সাহিত্য সাধনা সেয়েহে চকুত পৰাকৈ কমি গৈছিল৷

অন্যযুগ :  আপোনাৰ শিক্ষাজীৱন সম্পৰ্কে আমাক জনাবনে?

ডাঃ  শইকীয়া : ৩৪ নং ডিফলু তেলিয়া পহুকটা বালক প্ৰাইমাৰী স্কুলত মোৰ শিক্ষাজীৱন আৰম্ভ হৈছিল৷ এইখিনিতে আমোদজনক কথা এটা কওঁ, মই জীৱনত ৩৩ নং আৰু ৩৫ নং স্কুল দুখন নেদেখিলোঁ আৰু আমাৰ স্কুলত কেৱল বালকেই নহয় বালিকায়ো পঢ়িছিল! উচ্চ মাধ্যমিক পঢ়িলোঁ নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত৷ প্ৰাকবিশ্ববিদ্যালয় বিজ্ঞান শাখাত পঢ়িলোঁ নগাঁও মহাবিদ্যালয়ত (যদিও অৰ্থাভাৱৰ বাবে কটনলৈ অহা নাছিলোঁ, পাছলৈ মোৰ অনুভৱ হ’ল সেই কোমল বয়সত নগাঁও মহাবিদ্যালয়ত পঢ়ি মই ভালেই কৰিছিলোঁ কাৰণ কেইবাজনো উচ্চ স্তৰৰ শিক্ষকৰ শিক্ষা আৰু এটি ভাল বিদ্যায়তনিক পৰিৱেশেৰে মই সমৃদ্ধ হৈছিলোঁ৷) এম বি বি এছ আৰু এম এছ (অক্ষি বিভাগ) কৰিলোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা৷ মাজতে দিল্লীৰ ৰাম মনোহৰ লোহিয়া হস্পিটেলতো চাৰে তিনিবছৰ থাকি ফেল’শ্বীপ এটা ল’লোঁ৷

অন্যযুগ :  আপোনাৰ শৈশৱ আৰু যৌৱনৰ দিনবোৰ বোধকৰোঁ আমি লাভ কৰা নাই৷ আমি যেন ক্ৰমশঃ আন্তৰিকতাপূৰ্ণ পাৰস্পৰিক সম্পৰ্ক হেৰুৱাই পেলাবলৈ আৰম্ভ কৰিছোঁ৷ জীৱনত অত্যধিক ব্যস্ততা আৰু প্ৰযুক্তিবিদ্যাৰ সৰ্বত্ৰ ব্যৱহাৰে যেন আমাৰ জীৱনৰ সৌন্দৰ্য ক্ৰমে ক্ৰমে কমাই আনিছে৷ এই বিষয়ত আপোনাৰ ধাৰণা কেনেকুৱা?

ডাঃ শইকীয়া : আমি এক বৰ্ণিল শৈশৱ, কৈশোৰ আৰু যৌৱন পাইছিলোঁ৷ আমাৰ দিনতে গোলকীভৱন আৰু উপভোক্তাবাদৰ উকমুকনি আৰম্ভ হৈছিল যদিও এই যন্ত্ৰসৰ্বস্বতা ভৰপক হৈ উঠা নাছিল৷ ম’বাইল নাছিল, টি ভি নাছিল, ইণ্টাৰনেট নাছিল, আছিল কেৱল কিতাপ৷ এতিয়া যে আমি অত্যধিকভাৱে ব্যস্ত আৰু পাৰস্পৰিকভাৱে সম্পৰ্কৰহিত তাৰো একো অৰ্থপূৰ্ণ কাৰণ নাই৷ আমি পাহৰি যাওঁ যে যি অজুহাততে লাগিলে আমি প্ৰকৃতিৰ পৰা বহু দূৰলৈ অগস্ত্যযাত্ৰা কৰিছোঁ আমাৰ শেষ আশ্ৰয় কিন্তু প্ৰকৃতিয়েই৷ সেই আখ্যানমূলক ‘ছয়ফুট মাটি’!

অন্যযুগ : আমাৰ ভৱিষ্যতৰ মানুহৰ পাৰস্পৰিক সম্পৰ্ক, প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক আদি কেনেকুৱা হ’বগৈ বুলি আপুনি ধাৰণা কৰে?

ডাঃ  শইকীয়া : মানুহৰ  পাৰস্পৰিক সম্পৰ্ক  আৰু প্ৰকৃতিৰে সম্পৰ্ক ক্ৰমশঃ অপসাৰী হৈ গৈ থকা দেখি মনলৈ হতাশা আহে৷ এয়া কি পৰ্যায়লৈ যায়গৈ অনুমান কৰাটো সহজ নহয় কাৰণ মানুহে নিজৰ ভুল শুধৰাই পুনৰ আগৰ অৱস্থালৈ উভতি অহাটোও অসম্ভৱ নহয়৷ যন্ত্ৰ সভ্যতাৰ চৰা দাম এতিয়া মানুহে ভৰিছে৷ জোনবাইত গাঁও পতাৰ কথা এতিয়াৰ মানুহে ভাবিছে৷ এই উচ্চাশাৰ কোনো অন্ত নাই৷

অন্যযুগ :  ছাত্ৰ জীৱনত পাঠ্যক্ৰমৰ অধ্যয়নৰ উপৰি এনে কি কি কিতাপ আপুনি পঢ়িছিল যিকে‍ইখন কিতাপে আপোনাৰ জীৱনক অন্ততঃ আজিৰ অৱস্থালৈ উত্তীৰ্ণ হোৱাত সহায় কৰিছে? তেনে কিতাপ পঢ়ি আমিও সমৃদ্ধ হ’ব খোজোঁ৷

ডাঃ শইকীয়া : ছাত্ৰ জীৱনত হাতত যি পৰিছিল তাকে পঢ়িছিলোঁ৷ আনকি বজাৰৰ পৰা চেনি অনা খবৰ কাগজৰ ঠোঙাটোও বাদ পৰা নাছিল৷ মইনাৰ মহাভাৰত, অকণিৰ ৰামায়ণ, বিস্ময়, পাফু ছিৰিজ আদি কিতাপ-আলোচনীয়ে পঠন অভ্যাস গঢ় লৈ উঠাত সহায় কৰিছিল৷ আমাৰ প্ৰতিনিধি আৰু নৱকল্লোল আমাৰ ঘৰত নিয়মীয়াকৈ লোৱা হৈছিল৷ ভবেন্দ্ৰনাথ শইকীয়া আৰু মহিম বৰাদেৱৰ গল্পই বৰকৈ আকৰ্ষণ কৰিছিল৷ ড°° ভূপেন হাজৰিকাৰ সম্পাদকীয় লেখা আগ্ৰহেৰে পঢ়িছিলোঁ৷  সৰুকালত জীৱনৰ বাটত আৰু অসীমত যাৰ হেৰাল সীমা উপন্যাস দুখনে মনোযোগ আকৰ্ষণ কৰিছিল৷ নিকোলাই গগল, মোপাছাঁ, চেকভ আৰু ছমাৰছেট মমৰ গল্প অজস্ৰ পঢ়িছিলোঁ৷ পদ্ম বৰকটকীৰ লিংগায়ত দৰ্শন আধাৰিত উপন্যাসখন বৰ ভাল পাইছিলোঁ৷ নৱকান্ত বৰুৱা ছাৰৰ কবিতাৰ লগতে ককাদেউতাৰ হাড়কপিলীপৰীয়া সাধু আৰু গৰমা কুঁৱৰী উপন্যাসকেইখন বৰ ভাল পাইছিলোঁ৷ কালপুৰুষ আৰু অন্যযুগ অন্যপুৰুষ মোৰ সৰ্বকালৰ প্ৰিয় উপন্যাস হৈ ৰ’ব৷ নিৰোদ চৌধুৰীৰ যিকোনো লেখাই আমাৰ আগ্ৰহৰ বিষয় আছিল৷ ষ্টেইনবেক, ডি এইছ লৰেঞ্চ, মাৰ্ক টোৱেইনৰ লেখাবোৰ মূল ভাষাৰ লগতে অনুবাদতো পঢ়িছিলোঁ৷ ৰমা দাশৰ অচল টকা আৰু কৃষ্ণ ভূঞাৰ গল্পবোৰ মোৰ আজিও প্ৰিয়৷ মই ভাবোঁ, ইংৰাজী শব্দৰ আধিক্যৰ বাবেই হয়তো কৃষ্ণ ভূঞাৰ গল্পবোৰ পাবলগীয়া মৰ্যাদাৰ পৰা বঞ্চিত হ’ল৷

অন্যযুগ :  আপোনাৰ শৈশৱ-কৈশোৰৰ ঘৰখনৰ পৰিৱেশ কেনেকুৱা আছিল? আপোনাৰ ঘৰখনৰ মানুহখিনিয়ে আপোনাৰ সৃষ্টিশীল জীৱনটোক কেনেদৰে সমৃদ্ধ কৰিছে? আপোনাৰ গল্পত বিশেষকৈ মাতৃৰ চৰিত্ৰ এটা ফুটি উঠা দেখোঁ৷ এয়া বাৰু আপোনাৰ জন্মদাতৃৰ ৰূপত ফুটি উঠা চিৰন্তন মাতৃগৰাকীয়েইনে?

ডাঃ শইকীয়া : শৈশৱ-কৈশোৰৰ ঘৰখনত আৰ্থিক অভাৱ-অনাটন আছিল যদিও চাৰিওফালে কিতাপেই দেখিছিলোঁ৷ দেউতা পূৰ্ণধৰ শইকীয়া এজন গ্ৰন্থকীট আছিল আৰু চৰকাৰী পুথিভঁৰালৰ পৰা বছৰটোৰ সৰ্বাধিক কিতাপ পঢ়া ব্যক্তিৰ পুৰস্কাৰো পাইছিল৷ কাম-বন কৰাতকৈ কিতাপ পঢ়াত তেখেতৰ মনটো বেছি আছিল বাবে ঘৰখনত দাৰিদ্ৰ্যই এক ভয়াৱহ ৰূপ লৈছিল৷ অৱশ্যে পাছত বুজিছিলোঁ সেই দাৰিদ্ৰ্য আচলতে আশীৰ্বাদৰ ৰূপতহে আহিছিল৷ দাৰিদ্ৰ্যই এজন মহান শিক্ষকৰ দৰে মোৰ আঙুলিত ধৰি জীৱনৰ পাঠ পঢ়াইছিল৷ এক বৰ্ণিল জীৱন৷

মা ফুলমাই শইকীয়া মোৰ বাবে এগৰাকী আদৰ্শ মাতৃ আৰু গৃহিণী আছিল৷ মানুহগৰাকীয়ে পুৱাৰ পৰা ৰাতিলৈ কামকে কৰি থকা দেখিছিলোঁ৷ জীৱনৰ শেষ মুহূৰ্তলৈকে তেখেতে প্ৰকৃতিৰ লগত অতি ঘনিষ্ঠ সম্বন্ধ ৰক্ষা কৰি আছিল৷ তেখেত মোৰ আৰু প্ৰকৃতিৰ মাজৰ দলংখন বা কনডুইটৰ দৰে সংযোগকাৰী আছিল৷ ওচৰৰে খুৰাদেউসকলে তেখেতক বৌ বুলি মতা বাবে আমিও তেখেতক বৌ বুলিবলৈয়ে শিকিছিলোঁ৷ শেহৰফালে যেতিয়া মোৰ দাদাই বিয়া পতাত নতুনকৈ বৌ এগৰাকী পালোঁ তেতিয়া আমোদজনকভাৱে যেন এক পৰিচয়-সংকটৰ সৃষ্টি হৈছিল৷ মোৰ ডাঙৰ ককাইদেউজন অত্যন্ত মেধাৱী, বাণিজ্যৰ ছাত্ৰ আছিল৷ দাৰিদ্ৰ্যৰ বাবেই সি বি কমৰ ওপৰলৈ যাব নোৱাৰিলে৷ এইবোৰ কাৰণেই হয়তো সি মগজুৰ সন্তুলনো হেৰুৱালে৷ পাছলৈ গেলাতে টেঙা দি তাৰ মগজুৰ টিউমাৰ হ’ল আৰু নতুন দিল্লীৰ এইমছত ডাঙৰ অপাৰেচন এটাৰে আৰোগ্য লাভ কৰোৱা হ’ল যদিও সাধাৰণ আৰু অসাধাৰণ অৱস্থা দুটাৰ মাজতে সি ৰৈ গ’ল৷ দ্বিতীয়জন চন্দ্ৰ শইকীয়া আভিযান্ত্ৰিকৰ স্নাতক হোৱাৰ লগতে এম বি এ আৰু ডি পি এম৷ এ এছ ই বি-ৰ পৰা সিদিনা অৱসৰ ল’লে৷ মোৰ শিক্ষা আৰু সাহিত্যচৰ্চাত তেখেতৰো ভূমিকা আছে৷ মোৰ আনজন দাদা বীৰেন্দ্ৰনাথ শইকীয়া সততা, সৰলতা আৰু ত্যাগৰ প্ৰতীক বুলি মই স্থানান্তৰত লিখিছোঁ৷ তেওঁ বিজ্ঞানৰ স্নাতক৷ তেওঁৰ কথা ক’বলৈ গ’লে বহুত ক’ব লাগিব৷ পাছত কেতিয়াবা ক’ম৷ মোৰ সমস্ত গল্পৰ মাতৃগৰাকী মোৰ নিজ মাতৃৰ সৰ্বগ্ৰাসী প্ৰভাৱৰ নাগপাশত বন্দী৷ এয়া অৱশ্যে ইচ্ছাকৃত নহয়৷ স্বতঃস্ফূৰ্তহে!

অন্যযুগ :  বৰ্তমান আপোনাৰ পৰিয়ালৰ বিষয়ে জনাবনে?

ডাঃ শইকীয়া : মোৰ পত্নী নীলাক্ষি চাংকাকতি দৰ্শনৰ স্নাতকোত্তৰ আৰু এম ফিল হোৱাৰ লগতে সংগীতৰ বিশাৰদ৷ নগাঁও ছোৱালী মহাবিদ্যালয়ত ভালেমান বছৰ শিক্ষকতাও কৰিছিল৷ পাছত ২০০৩ চনত মোৰ লগতে তেওঁ একেবাৰে গুৱাহাটীলৈ গুচি আহিল৷ তেওঁ নগাঁও মহাবিদ্যালয়ৰ একেৰাহে তিনি বছৰৰ শ্ৰেষ্ঠ সংগীত শিল্পী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰো শ্ৰেষ্ঠ সংগীত শিল্পী৷ দূৰদৰ্শনৰ বিভিন্ন চেনেলত তেওঁ এতিয়া সংগীত পৰিৱেশন কৰে৷ ছোৱালী অৰ্হণাপূৰ্বা শইকীয়া কটন কলেজৰ প্ৰাক্তন শ্ৰেষ্ঠ গল্পকাৰ আৰু সংগীত শিল্পী৷ বৰ্তমান উত্তৰ প্ৰদেশৰ মোৰাদাবাদত বি ডি এছ পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী৷ ল’ৰা অয়নাভ শইকীয়া আৰ্মী পাব্লিক স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰ৷ ভিডিঅ’ গেইমৰ তেওঁ অক্লান্ত খেলুৱৈ৷ বাহিৰা কিতাপৰ অধ্যয়নো সুবিধামতে কৰে৷

অন্যযুগ : এতিয়া কিছু বেলেগ দিশলৈ আহোঁ৷ নিজৰ সমাজখনৰ সৈতে এজন লেখকৰ সম্পৰ্ক কেনে হোৱা উচিত? এই প্ৰশ্নটো এই কাৰণেই সুধিছোঁ, আমি কিছুমান একেবাৰে সমাজবিচ্ছিন্ন লেখক দেখা পাইছোঁ৷ অৰ্থাৎ সাধাৰণ মানুহৰ সৈতে এটা বিশেষ দূৰত্ব ৰক্ষা কৰি চলা লেখক৷

ডাঃ  শইকীয়া : ব্যক্তিৰ পৰিচয় সমষ্টিৰ পৰা বিচ্ছিন্ন হৈ নহয়৷ ব্যক্তি আৰু সমাজে উভয়ে উভয়ক পৰিচয়ৰ অতিৰিক্ত মাত্ৰা এটা দিয়ে৷ লেখক এজন সমাজত মাছ এটি পানীত বাস কৰাৰ দৰে বাস কৰে৷  ভয়, শংকা, নিৰাপত্তাবোধ, দায়িত্ববোধ আদি ভিন্ন অনুভূতিৰে সহাৱস্থান আৰু মোকাবিলা কৰিবলগীয়া হয় সামাজিক লেখক এজনে৷ আমি যে ছিন্নমূল সাহিত্যিকৰ কথা কওঁ সেয়া বাস্তৱত সম্ভৱ নহয় কাৰণ সাহিত্য যিহেতু সমাজৰ দাপোণ, সমাজৰ এজন বুলি নিজকে নাভাবিলে এজন লেখকে সাহিত্য সৃষ্টি কৰিব নোৱাৰে৷ শীতাতপ নিয়ন্ত্ৰিত কোঠাত বহি এক ইউট’পিয়ান ধাৰণাৰে বিলাসী সাহিত্যৰ সৃষ্টি অসম্ভৱ নহয়, কিন্তু সেয়া গণবিচ্ছিন্ন হ’বলৈ বাধ্য৷ অৱশ্যে এই প’ষ্টমডাৰ্নিজ্‌ম আৰু মেটামডাৰ্নিজ্‌মৰ দিনত লেখক আৰু সমাজৰ পাৰস্পৰিক আৰু পাৰম্পৰিক ধাৰণাটো সলনি হৈছে৷

অন্যযুগ : অসম সাহিত্য সভাৰ দৰে এক জাতীয় সাহিত্য সংগঠনৰ সৈতেও শেহতীয়াকৈ আপুনি সম্পৰ্কিত হৈ পৰিছে৷ সাহিত সভাৰ ভিতৰৰ এজন দায়িত্বশীল ব্যক্তি হিচাপে বৰ্তমান সময়ৰ অসমীয়া কবিতা, গল্প, উপন্যাস আৰু সমালোচনাক লৈ আপুনি সুখীনে? 

ডাঃ  শইকীয়া : অসম সাহিত্য সভা এক বিশাল অনুষ্ঠান আৰু অসমৰ মানুহে এই জাতীয় অনুষ্ঠানটিক বৌদ্ধিক অভিভাৱক হিচাপে গণ্য কৰে৷ জাতীয় সংকটৰ সময়ত  সকলোৱে এই অনুষ্ঠানটিৰ দিকদৰ্শনৰ বাবে মুখলৈ চায়৷ এই উচ্চাশা পূৰণ কৰাটো ইমান সহজ কথাও নহয়৷ সাহিত্য সভাই অতীতত নিশ্চয় কিছুমান ঐতিহাসিক ভুল নকৰা নহয়৷ আগতে বাহিৰত আছিলোঁ বাবে বহু কথা বুজি পোৱা নাছিলোঁ, এতিয়া দেখিছোঁ সভাত বিশুদ্ধ সাহিত্যিকৰ সংখ্যা সংগঠক সকলতকৈ ভালেমান কম৷ গতিকে বহু নিৰ্ণায়ক সিদ্ধান্ত সংগঠনৰ স্বাৰ্থত সাহিত্যবিৰোধী হৈ পৰাৰ ভয় নথকা নহয়৷

সাহিত্য সভাৰ কৰণীয় হয়তো বহুত আছে, কিন্তু সভাৰ বিতৰ্কই যেনেকৈ মানুহক বেছিকৈ আকৰ্ষণ কৰে গঠনমূলক কামবোৰে নকৰে৷ বহু ভাল কিতাপ এইবাৰ সাহিত্য সভাই প্ৰকাশ কৰিছে, ড°° অৰ্পণা কোঁৱৰৰ অসমত ভাষাৰ অধ্যয়ন, ভাস্কৰ বৰদলৈৰ অসমীয়া লিপিৰ ক্ৰমবিকাশ আৰু অনুবাদ গল্প, কবিতাৰ কিতাপ দুখনকে ধৰি মিত্ৰা ফুকনৰ লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ অনুবাদ বৰ ভাল কাম হোৱা যেন মোৰ অনুভৱ হয়৷

মই আশা কৰোঁ, অসমৰ সমূহ সাহিত্যিকে সভাত সক্ৰিয় ভূমিকা পালন কৰক৷ আজীৱন সভ্য হিচাপে নিজকে পঞ্জীয়ন কৰাওক আৰু সাহিত্যৰ উত্তৰণৰ বাবে নিজকে নিয়োজন কৰক৷

অন্যযুগ : যোৱা দহ-পোন্ধৰ বছৰমান সময়ত অসমীয়া সাহিত্যত গল্পকাৰ-ঔপন্যসিকতকৈ কবিৰ সংখ্যা খুব বাঢ়িছে৷ ইয়াৰ কাৰণ আপোনাৰ মতে কি হ’ব পাৰে? ইফালে, ভাল কবিতাৰ সংখ্যা বৃদ্ধি হোৱা আপোনাৰ চকুত পৰিছেনে?

ডাঃ  শইকীয়া : কবিৰ বৃদ্ধি চক্ৰবৃদ্ধি হাৰত বঢ়াটো সঁচা ঘটনা৷ ইয়াৰ কাৰণ হিচাপে ক’ব পাৰি যে বেয়া কবিতা লিখাটোৱেই সাহিত্য সম্পৰ্কীয়  আটাইতকৈ সহজ কামটো, কাৰণ ইয়াত মানসিক আৰু শাৰীৰিক শ্ৰমৰ একো প্ৰয়োজন নহয়৷ আৱেগৰ অ’ভাৰড’জেৰে, নিতান্তই ব্যক্তিগত মেটাফৰৰ স্ম’কস্ক্ৰীনৰ মাজত লুকাবলৈও সুবিধা! অৱশ্যে অজস্ৰ কবিতাৰ মাজতো ভাল কবিতাকেইটা নিজগুণে জিলিকিব৷ ভয় মাত্ৰ এটাই, ধুনীয়াকৈ সজাল ধৰা ধাননিডৰাৰ পৰা অপতৃণবোৰ নিনিৰালে ধাননিডৰাৰ ক্ষতি নহ’বনে? এই অপতৃণ আঁতৰ কৰাৰ কামটো জানো ইমান সহজ? সাধাৰণ পাঠকক ভাল কবিতাক বেয়া কবিতাৰ পৰা নিলগাই দেখুওৱাৰ দায়িত্বটো ল’ব পৰাকৈ পৰ্যাপ্ত সমালোচক আমাৰ মজুত আছেনে?

ভাল গদ্য লিখা কামটো ভাল কবিতা লিখাৰ দৰেই কঠিন৷ উপন্যাসত শিথিল গদ্য এটা পৰ্যায়লৈকে গ্ৰহণযোগ্য যদিও গল্পত ই নিষিদ্ধ৷ গল্পৰ বাবে ভাষাজ্ঞান, এটা ফিন্দ খাই থকা শব্দৰ জোলোঙা, মানুহক শ্ৰেণী আৰু বৰ্ণ নিৰ্বিশেষে ওচৰৰ পৰা অধ্যয়ন কৰাৰ ইচ্ছা, একাগ্ৰতা, নিৰ্মেদ ভাষা এটাৰ সৃষ্টিক্ষমতা, প্ৰচুৰ ৰসবোধ আৰু দেশী-বিদেশী সাহিত্যৰ বিস্তৃত অধ্যয়ন বৰ প্ৰয়োজনীয়৷ প্ৰবন্ধৰ বাবে প্ৰজ্ঞা নহ’লেও বিশাল জ্ঞান আৰু তথ্যৰ প্ৰয়োজন, খণ্ডিত জ্ঞানেৰেও  ৰচনা লিখিব পাৰি৷ অৱশ্যে জ্ঞান আৰু তথ্যৰ বাহক হিচাপে ভাষাৰ পৰিমিত ব্যৱহাৰ ইয়াতো অপৰিহাৰ্য৷

অন্যযুগ : অসমীয়া উপন্যাসৰ ক্ষেত্ৰত যোৱা বিছ বছৰমান কালত পুৰুষ লেখকৰ তুলনাত মহিলা লেখকৰ সংখ্যা বেছি হোৱা দেখিবলৈ পাইছোঁ৷ ইয়াৰ কাৰণ আপোনাৰ মতে কি কি?

ডাঃ  শইকীয়া : আমেৰিকান লেখক জন গ্ৰেয়ে কৈয়ে গৈছে মতা মানুহবোৰ আহিছে মংগল গ্ৰহৰ পৰা আৰু মহিলাসকল শুক্ৰ গ্ৰহৰ পৰা৷ সমস্যাৰ সন্মুখীন হ’লে মতা মানুহবোৰ যেনেকৈ হাতত পানীয়ৰ বটল এটা লৈ গুহাৰ ভিতৰত সোমায় তেনে অৱস্থাত মহিলাসকলে নিকটতম বন্ধু/ বান্ধৱীৰ ওচৰত হৃদয়ৰ কপাট খুলি সকলো গোপনীয় কথাৰে ভাগ বাটোৱাৰা কৰে৷ অলিম্পিক গেইম্‌ছতো হ্ৰস্ব দূৰত্বৰ চেম্পিয়ন দৌৰবিদসকল প্ৰায়েই কৃষ্ণাঙ্গ হয় আৰু দীৰ্ঘ দূৰত্বৰ চেম্পিয়ন দৌৰবিদসকল প্ৰায়েই হয় ককেছীয়৷ কাৰণ হিচাপে কোৱা হয় যে হ্ৰস্ব দূৰত্বত চেম্পিয়ন হ’বলৈ যেনেকৈ শক্তিৰ দৰকাৰ দীৰ্ঘ দূৰত্বত চেম্পিয়ন হ’বলৈ ষ্টেমিনা আৰু সহনশীলতাৰ দৰকাৰ৷ যিহেতু মহিলাসকলক ফেয়াৰ ছে‍ক্স বুলি কোৱা হয়েই তেওঁলোকক আমি ককেছীয় বুলিও ধৰিব পাৰোঁ৷ সেয়ে কবিতাত পুৰুষৰ আৰু উপন্যাসত মহিলা লেখিকাৰ সংখ্যা হয়তো বেছি৷ কথাটো মই অতি পাতল সুৰত হাস্যৰসৰ খাতিৰতহে কৈছোঁ দেইবা৷ কোনেও ফেপেৰি পাতি নধৰে যেন৷ হাঃ হাঃ!

অসমীয়া উপন্যাস সাহিত্যত লেখিকাৰ অংশগ্ৰহণ উৎসাহজনক৷ অৱশ্যে ডা° ধ্ৰুৱজ্যোতি বৰা, ফণীন্দ্ৰ দেৱচৌধুৰী, দিলীপ চন্দন, ড° ভূপেন্দ্ৰ ভট্টাচাৰ্য, দেৱব্ৰত দাস আৰু মৃদুল শৰ্মাকে ধৰি ভালেমান লেখকেও সাৰ্থক উপন্যাস লিখি আছে৷ অপেক্ষাকৃতভাৱে  নতুন লেখিকাৰ মাজত অৱশ্যে গল্পকাৰহে বেছি৷

অন্যযুগ : বৰ্তমান সময়ত অসমীয়া জাতি বহুতো সমস্যাৰে ভাৰাক্ৰান্ত৷ শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আমি সকলো উদ্বিগ্ন হৈ আছোঁ৷ আনফালে বৃহৎ নদীবান্ধ, দুৰ্নীতি, কেলেংকাৰী, স্বজন তোষণ, মিছা প্ৰতিশ্ৰুতি ইত্যাদি আছেই৷ এই সকলোৰে মাজত অসমীয়া জাতিসত্তা জীয়াই থাকিবলৈ আমাক প্ৰকৃততে অসমীয়াৰ তেজ থকা নেতাৰ প্ৰয়োজন হৈছিল৷ কিন্তু দেখা গৈছে, আজিকালি অসমতে উপজি ইয়াতে ডাঙৰ-দীঘল হোৱা অসমীয়া মানুহতকৈ দিল্লী আদিত থকা, অসমৰ সৈতে সম্পৰ্ক নথকা মানুহে অসমৰ সমস্যাৰ বিষয়ে বেছি জানে আৰু অসমতে সৃষ্টি হোৱা নেতাসকলে সেইমতেই কাম কৰে৷ এনে অৱস্থাত অসমৰ ৰাজনৈতিক ভৱিষ্যৎ আৰু সামগ্ৰিকভাৱে অসমৰ থলুৱা মানুহৰ সাংস্কৃতিক ভৱিষ্যৎ সম্পৰ্কে আপোনাৰ মত কি?

ডাঃ  শইকীয়া : অসমীয়া জাতি সদায়েই সংকটৰ মাজেৰে আগবাঢ়ি যাব লগা হৈছে৷ এক পৰিচয় সংকটৰ চিন্তাই আমাক কাহানিও লগ নেৰে৷ অসমীয়া পৰিচয় ল’বলৈ এতিয়া বহুতো জাতি জনগোষ্ঠী নাৰাজ, আগতে যেনেকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ অভিবাসী মুছলমানসকলৰ এশ শতাংশই লোকে পিয়লত অসমীয়াভাষী বুলি পৰিচয় দিছিল এতিয়া বহু পৰিমাণে সেই পৰিসংখ্যা কমিছে৷ কাৰণবোৰ বহু পৰিমাণে ৰাজনৈতিক৷ Assimilation বা মিলি যোৱাৰ যি প্ৰৱণতা এসময়ত দেখা গৈছিল, সেই প্ৰক্ৰিয়াটো বিভিন্ন কাৰণে এতিয়া বাধাপ্ৰাপ্ত হৈছে৷ সেয়েহে অসমীয়াভাষীৰ সংখ্যা ৪৮% -লৈ নামিছে৷ আমাৰ ভাষিক সংকটৰ বাবে দীৰ্ঘদিনীয়া অনুপ্ৰৱেশ মূলতঃ দায়ী৷ ধৰ্মৰ ভিত্তিত বিদেশীক বিভাজন কৰাটো উচিত নহয়; কাৰণ দুয়ো ধৰণৰ অনুপ্ৰৱেশকাৰীয়েই সমানে বিপজ্জনক৷ ভাষিক সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে কোনো জনগোষ্ঠীৰ ওচৰত তুতি-মিনতি কৰি থকা কামটোও সন্মানজনক আৰু ফলপ্ৰসূ বুলি নাভাবোঁ৷  নদীবান্ধ একেবাৰে নসাৎ কৰাটো উন্নয়নৰ পৰিপন্থী কাৰ্যব্যৱস্থা হ’ব যদিও নদীৰ অৱবাহিকাত বাস কৰা মানুহখিনিক ক্ষতি কৰিব নোৱৰাকৈ আগতীয়া ব্যৱস্থা লৈ নদীবান্ধৰ নিৰাপদ উচ্চতা নিৰূপণ কৰিলে কাৰো হয়তো আপত্তি নাথাকিব৷ কেন্দ্ৰীয় চৰকাৰেও এই সমস্যাটোক সন্মানৰ বিষয় হিচাপে লোৱাটো উচিত নহয়৷

অন্যযুগ : আমি আমাৰ প্ৰাকৃতিক সম্পদবোৰৰ ওপৰত ক্ৰমে ক্ৰমে অধিকাৰ হেৰুৱালোঁ৷ আমাৰ সৰহভাগ মাটি বহুজাতিক কোম্পানীৰ চাহ বাগিচাৰ নামতে বন্দী৷ এতিয়া আন কিছুমান বহুজাতিক কোম্পানীক উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰে শ শ বিঘা মাটি আবণ্টন দিছে৷ আমাৰ ভৱিষ্যতৰ অসমীয়া মানুহখিনিৰ বাবে ই এটা নেতিবাচক ইঙ্গিত দিয়া নাইনে বাৰু? ইয়াৰ পৰা উদ্ধাৰ পাবলৈ আমি কি কৰিব লাগিব বুলি আপুনি ভাবে?

ডাঃ শইকীয়া : যন্ত্ৰসভ্যতা, আধুনিকতাবাদ আৰু উদ্যোগীকৰণৰ কিছুমান নিজা মূল্য আছে৷ চাহ বাগিচাৰ মাটিবোৰ বহুজাতিক কোম্পানীয়ে দখল কৰা বাবে আপত্তি নাথাকিব যদিহে এই উদ্যোগীকৰণৰ সুফল ৰাজ্যখনৰ সকলো ৰাইজে পায় আৰু মুনাফাৰ সকলোখিনিয়েই যদি ব্যক্তিগত পুঁজিপতি উদ্যোগীৰ পকেটলৈ নাযায়৷ আমাৰ নতুন প্ৰজন্মই কৰ্মসংস্কৃতি আয়ত্ত নকৰিলে মাটিবোৰৰ সদব্যৱহাৰ হ’ব বুলি ভাবিব নোৱাৰি৷ কৃষিখণ্ডৰ মাটি অনাকৃষিখণ্ডলৈ ৰূপান্তৰকৰণ অনতিপলমে আইন কৰি বন্ধ কৰা উচিত৷

অন্যযুগ : সাহিত্যৰ সাধনাৰ পথত বঁটা-পুৰস্কাৰ আদি বিশেষ ধৰ্তব্য নহয় যদিও দায়িত্ব বৃদ্ধি কৰাত বঁটাৰো নিশ্চয় ভূমিকা আছে৷ আপুনি কি কয়?

ডাঃ  শইকীয়া : সাহিত্য সাধনাৰ পথত বঁটা-বাহনৰ গুৰুত্ব নুই কৰিব নোৱাৰি৷ প্ৰকৃত লেখকে কেতিয়াও বঁটাৰ আশাত সাহিত্য চৰ্চা নকৰে৷ অসমীয়া পেছাদাৰী সাহিত্যিক নাই বুলিলেই হয়, মই ভাবোঁ এই শতিকাতো সাহিত্য চৰ্চা সেৱা হৈয়েই ৰৈ যাব৷ যদি বঁটা-বাহনৰ নামত দুখীয়া প্ৰতিভাৱান সাহিত্যিকে দুটামান টকা পায় আপত্তিটো ক’ত? বঁটা এক ধৰণৰ স্বীকৃতি৷ এয়া চৰকাৰীও হ’ব পাৰে, বেচৰকাৰীও হ’ব পাৰে৷ পাঠকৰ স্বীকৃতিটো আটাইতকৈ ডাঙৰ স্বীকৃতি৷ তাতো লেঠা আছে, জনপ্ৰিয় সাহিত্যিকজন শ্ৰেষ্ঠ সাহিত্যিক নহ’বও পাৰে কাৰণ জনপ্ৰিয়তা নিৰূপণৰ পদ্ধতিটোত পাঠকৰ ৰুচিবোধ, চিন্তাৰ তৰংগ-দৈৰ্ঘ্য আদি কাৰকবোৰ বিচাৰ কৰা নাযায়৷ এবাৰ প্ৰথিতযশা গল্পকাৰ অপূৰ্ব শৰ্মাই কোৱা মনত পৰে : মোৰ গল্প যদি এশজন ভাল পাঠকে পঢ়িছে, মই সন্তুষ্ট! বঁটাপ্ৰাপ্তিয়ে লেখকৰ প্ৰতি, পুৰস্কৃত কিতাপখনৰ প্ৰতি পাঠকৰ আগ্ৰহ বহু পৰিমাণে বঢ়াই তোলে৷ এয়া প্ৰত্যক্ষ লাভ৷ লেখকৰ বাবে এক বিশাল মননশীল পাঠকৰ সমষ্টিতকৈনো ডাঙৰ প্ৰাপ্তি কি থাকিব পাৰে?

(অহা সংখ্যাত)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ