লোকপৰিৱেশ্য কলা হিচাপে দেওধনী নৃত্য
কলচুম বিবি
অসমত অতীতৰে পৰা বিভিন্ন নৃগোষ্ঠীয় লোকে
বসবাস কৰি আহিছে। তেওঁলোকৰ প্ৰত্যেকৰে নিজা নিজা ভাষা আৰু উপভাষা আছে। ইয়াৰ লগতে
সমান্তৰালভাৱে নিজস্ব সাংস্কৃতিক পৰিচয়ো আছে। তদুপৰি
ঐতিহাসিক, ভৌগোলিক, সামাজিক
ক্ষেত্ৰতো বৈশিষ্ট্য আছে। এইবোৰে অসমীয়া সংস্কৃতিত বিভিন্ন প্ৰভাৱ পেলাইছে। যাৰ
বাবে তেওঁলোকৰ মাজত এক সাংস্কৃতিক সমন্বয়ৰ সৃষ্টি হৈছে। এই সাংস্কৃতিক সমন্বয়ত
জন্ম হৈছে অসমীয়া লোকসংস্কৃতি। সেইবাবে অসমীয়া লোকসংস্কৃতি সমন্বয় আৰু সমাহাৰৰ
সংস্কৃতি। বিচিত্ৰ সম্ভাৰেৰে সমৃদ্ধ অসমীয়া লোকসংস্কৃতিৰ পথাৰখন।
লোকসংস্কৃতিৰ এটি প্ৰধান ভাগ হৈছে লোকপৰিৱেশ্য কলা। লোক সমাজত প্ৰচলিত গীত, নৃত্ত,
বাদ্য আৰু নাট্য ইয়াৰ অন্তৰ্গত বিষয়। লোকসংগীতৰ লগত লোকনৃত্য আৰু
লোকবাদ্য জড়িত হৈ আছে। লোকনৃত্ত হৈছে পৰম্পৰাগতভাৱে লোক বা চহাসকলৰ দ্বাৰা অনুষ্ঠিত নৃত্ত। ই কোনো
এক বিশেষ অনুষংগত অনুষ্ঠিত হয়। এই নৃত্যত সাধাৰণতে প্ৰতিকী অৰ্থ প্ৰকাশৰ প্ৰৱণতা
দেখা যায়। ইয়াত কম-বেছি পৰিমাণে লোকবাদ্যৰ ব্যৱহাৰ হোৱাৰ লগতে অৰ্ধ নাটকীয় সমলো
পোৱা যায়। ড° নবীন চন্দ্ৰ শৰ্মাৰ মতে যি নৃত্য
ৰীতিবদ্ধ, পৰিমাৰ্জিত
আৰু সুগঢ়ী নহয়, যি নৃত্য কৃষক বা গঞা লোকৰ দ্বাৰা
অনুষ্ঠিত হয় তেনে নৃত্যক আমি লোকনৃত্ত আখ্যা দিব পাৰোঁ।
ইয়াৰ বাহিৰেও লোকনৃত্ত অভিধাটোৱে লোকগীতৰ বিষয়বস্তু দৈহিক ভংগীমাৰ সহায়ত চাক্ষুষ
ৰূপ দিয়াৰ প্ৰৱণতাক বুজায়। নৃত্তৰ পৰিমাৰ্জিত ৰূপক নৃত্য বোলা হয়। নৃত্যত ৰস আৰু
ভাব গভীৰভাৱে সংপৃক্ত হৈ থাকে। কিন্তু নৃত্তই কোনো ধৰণৰ ৰস প্ৰকাশ বা অভিজ্ঞাপন
কৰিব নোৱাৰে। লোকনৃত্তসমূহ বিশষকৈ পূজা-উপাসনা তথা উৎসৱ-অনুষ্ঠানৰ প্ৰসংগত অনুষ্ঠিত
হোৱা দেখা যায়। যেনে— বাগৰুম্বা, চোমাংকান, হুদুম নাচ, দেওধনী নাচ, ঢুলীয়া নাচ, পুতলা নাচ, ওজাপালি নাচ ইত্যাদি। নাট্য হৈছে গীত-নৃত্ত আৰু নৃত্যৰ সমন্বয়। ই এক প্ৰকাৰৰ গীতাভিনয়। ইয়াৰ লগত একোটা কাহিনী জড়িত হৈ থাকে। এনে ক্ষেত্ৰত কোনো
কোনো নৃত্তক লোকধৰ্মী নাট্যানুষ্ঠান বুলিও ক’ব পাৰি।
উদাহৰণস্বৰূপে পুতলা নাচ আৰু ওজাপালিৰ কথা ক’ব পাৰি।
দেওধনী নাচ কেঁচাইখাতী, সুবচনী, বুঢ়ী গোসাঁনী
ভুৰুলি আই, দুৰ্গা, বাথৌ,
ব্ৰাই, তুকুৰীয়া ওজাপালি, গীতালু গায়ন, মাৰে গান আদি জনজাতীয়
পূজা-উপাসনাৰ লগত জড়িত হোৱাৰ লগতে এই নাচ সুকনান্নী ওজাপালিৰ এক আংগিক উপাদান।
সুকবি নাৰায়ণদেৱৰ ৰচিত ‘পদ্মাপুৰাণ’-ৰ গীতসমূহ পৰিৱেশন কৰা ওজাপালিক সুকনান্নী
ওজাপালি বোলা হয়। সুকবি নাৰায়ণদেৱ বিৰচিত কাব্যপুথি ‘পদ্মাপুৰাণ’
ক তেওঁ ‘পাঞ্চালী’ বুলি আখ্যা দিলেও এই কাব্যখন লোকসমাজত সুকনান্নী বুলি জনাজাত।
সুকনান্নী পদটো ‘সুকবি নাৰায়ণদেৱ নিগদতি’ বাক্যটোৰ প্ৰতিটো পদৰ আদ্য আখৰৰ সংযোগত সিদ্ধ হৈছে —সু (সু) + ক (কবি) +না
(নাৰায়ণদেৱ) + নি (নিগদতি)= সুকনানি। আদ্য শ্বাসাঘাটৰ
হেতু ‘অ’ লোপ পোৱা বাবে পদটো ‘সুকনান্নি’ বা ‘সুকনান্নী’
হৈছে। কামৰূপ, দৰং আদি অঞ্চলত এইবিধ
ওজাপালিক ঘাইকৈ সুকনানি বা সুকনান্নী বোলা হয়। ই সৰ্পদেৱী মনসা পূজাৰ লগত জড়িত
আৰু মনসা পূজাৰ গীতসমূহ শক্তিপূজাৰ গীত বুলি কোৱা হয়। এই গীতসমূহ ওজাপালি
অনুষ্ঠানত ওজাই পৰিৱেশন কৰে আৰু গীতসমূহৰ বিষয়বস্তু
অনুসৰি দেওধনী অনুষ্ঠানে গতি লাভ কৰে। এইবিধ ওজাপালি মাৰৈ পূজা, পদ্মাৱতী পূজা, বিষহৰী-পূজা, মনসা পূজা ৰং-পূজা আদিৰ লগতো জড়িত বাবে সুকনান্নী ওজাপালিক মাৰৈ গোৱা
বা মনসা ওজাপালি বা ৰংগোৱা ওজাপালি বুলিও কোৱা হয়। সেইবাবে দেওধনী নৃত্য এই
অনুষ্ঠানসমূহৰ লগত ওতপ্ৰোতভাৱে জড়িত। দৰঙৰ দেওধনীসকলে মাৰৈ বা মনসা পূজাতহে নাচে।
মহেশ্বৰ নেওগৰ মতে ‘দেওধনী’
শব্দটোৰ উৎপত্তি হৈছে ‘দেৱ’ আৰু ‘ধনি’ শব্দ দুটাৰ পৰা,
যাৰ অৰ্থ ক্ৰমে ভগৱান আৰু নাৰী আনহাতে সংস্কতৃত ভগৱান বুজোৱা ‘দেৱ’
আৰু শব্দ বুজোৱা ‘ধ্বনি’-ৰ পৰাও ‘দেওধনী’ শব্দটোৰ উৎপত্তি হৈছে বুলি বহুতে মত
পোষণ কৰে। গতিকে দেৱতাৰ ধ্বনি অৰ্থাৎ দেৱতাৰ বাণী প্ৰকাশ বা প্ৰচাৰ কৰা আৰু দেৱতাৰ
অনুগ্ৰহ লাভ কৰা চৰিত্ৰ বিশেষৰ নাম দেৱধনী বা দেওধনী। কোনো কোনোৱে দেৱতাই লম্ভে
বাবে দেওধনি বা দেওধনী হ’ব পাৰে বুলি কয়। আকৌ কোনো কোনোৱে
দেৱতাৰ পত্নী বা স্ত্ৰী বুলিও চৰিত্ৰটি দেৱধনী বা দেওধনী আখ্যা পাব পাৰে বুলিও কয়।
দেওধনী নৃত্য কেতিয়াৰ পৰা অসমত আৰম্ভ
হৈছিল সেই কথা সঠিক ৰূপত জনা
নাযায়। বিৰিঞ্চি কুমাৰ বৰুৱা আৰু সত্যেন্দ্ৰ নাথ শৰ্মাই দেওধনি
নৃত্য কছাৰীসকলৰ মাজত উদ্ভৱ হোৱা বুলি কৈছে। কছাৰীসকল মংগোলীয় জনগোষ্ঠীৰ। ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ মতে
খ্ৰীষ্টপূৰ্ব ১০০০ বছৰ আগতে মংগোলীয়সকল উত্তৰ-পূব ভাৰতত প্ৰৱেশ কৰিছিল। তেওঁলোকৰ মাজত অনুষ্ঠিত বিভিন্ন
ধৰ্মীয় অনুষ্ঠান, বিশেষকৈ বাথৌ পূজাত দেওধনী নৃত্যৰ
প্ৰচলনে প্ৰাচীন কালৰে পৰাই অসমৰ জনজাতীয় লোকসকলৰ মাজতো এই পৰম্পৰা প্ৰচলন আছিল
বুলি ভাবিবৰ থল আছে। আনহাতে দেওধনী নৃত্য মনসা পূজাৰ লগত সংপৃক্ত হোৱা কথাটো
বিশ্লেষণ কৰিলে আমি সুকনান্নী ওজাপালিৰ লগত দেওধনী নৃত্য কেতিয়াৰ পৰা প্ৰচলন হয়, তাৰ আনুমানিক সময় এটা নিশ্চয় উলিয়াই ল’ব
পাৰিম। পুৰাণসমূহৰ ভিতৰত ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ বাহিৰে আন পুৰাণত মনসাৰ মাহাত্ম্য
বৰ্ণনা পোৱা নাযায়। অসমত খ্ৰীষ্টীয় একাদশ শতিকাত হাতীৰ ওপৰত অধিষ্ঠিত ‘নাগেন্দ্ৰ বাহিনী মনসা’-ৰ মূৰ্তি নুমলীগড়ত
উদ্ধাৰ হৈছিল। ইয়াৰ পৰা অসমত প্ৰাচীন কালৰে পৰা মনসা পূজাৰ প্ৰচলন আছিল বুলি জানিব
পাৰি। খ্ৰীষ্টীয়
ত্ৰয়োদশ শতিকা মানৰ পৰা ব্ৰাহ্মণ্য ধৰ্মপূজাৰ পদ্ধতিত মনসা দেৱীৰ পূজাৰ প্ৰচলন হয়। পাঞ্চালী সাহিত্যৰ অন্তৰ্ভুক্ত মনসা কাব্যৰ তিনিজনা কবি মনকৰ, দুৰ্গাবৰ
আৰু সুকবি নাৰায়ণদেৱৰ ভিতৰত দুৰ্গাবৰ আৰু মনকৰে কোচ ৰজা
বিশ্বসিংহৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। ৰজা বিশ্বসিংহ ষোড়শ শতিকাৰ আৰম্ভণিৰ ৰজা আছিল
আৰু ষোড়শ শতিকাৰ আৰম্ভণিৰ পৰা শক্তি পূজা তথা মনসা-পাঞ্চালী গোৱা ওজাপালিৰ ব্যাপক
প্ৰচাৰ হৈছিল। আনহাতে দৰঙী ৰজাৰ পৃষ্ঠপোষকতাত ১৭ শতিকাত সুকবি নাৰায়ণদেৱৰ দ্বাৰা
ৰচিত ‘পদ্মা-পুৰাণ’-ত প্ৰাচীন
কালৰে পৰা অসমত মৌখিক পৰম্পৰাৰে প্ৰচলিত মনসা কথাক লিখিত ৰূপ দিয়া হৈছে। এইখন
পুথিত সৃষ্টি পাতনৰ পৰা আৰম্ভ কৰি চন্দ্ৰধৰৰ কাহিনী, বেউলা-লখিন্দৰৰ
বিবাহ আৰু উভয়কে মেৰঘৰত থোৱা, লখিন্দৰক সৰ্প দংশন,
বেউলাৰ অনিৰ্দিষ্ট যাত্ৰা, পদ্মাৱতীয়ে
জীয়াই তোলা তথা চন্দ্ৰধৰে মনসাক আনুষ্ঠানিকভাৱে পূজা
দিয়া আদি সামৰি লৈছে। লখিন্দৰৰ সৰ্প দংশনৰ পাছত বেউলাই লখিন্দৰক লৈ যেতিয়া স্বৰ্গ যাত্ৰা কৰে, তেতিয়া দেৱপুৰীত শিৱৰ সৈতে আন আন দেৱতাসকলক
সন্তুষ্ট কৰিবৰ বাবে বেউলাই নৃত্য প্ৰদৰ্শন কৰে। জনজাতীয় লোকসকলৰ মাজত প্ৰচলিত ‘দেওধনী’ নৃত্ত আৰু সমকালীন ‘দেৱদাসী’ নৃত্যৰ ওপৰত দৃষ্টি ৰাখিয়েই
নাৰায়ণদেৱে বেউলাৰ নৃত্যৰ বৰ্ণনা দিছিল। লোকসমাজে বেউলাৰ নৃত্যক দেওধনী আখ্যা
দিছিল আৰু সেই নৃত্যৰ আলমতে মনসা দেৱীক সন্তুষ্ট কৰিবৰ বাবে বেউলাই কৰা নৃত্যৰ দৰে
নৃত্যৰ পৰিৱেশন কৰি সুকনান্নী ওজাসকলে দেওধনী নচুওৱা
পৰম্পৰা প্ৰচলন কৰিছিল বুলি কথিত আছে। সেইবাবে আমি ত্ৰয়োদশ শতিকাৰ পৰা সোতৰ শতিকাৰ
মাজৰ সময়ছোৱাতে সুকনান্নী ওজাপালিৰ প্ৰসংগত দেওধনী নৃত্য ব্যাপকভাৱে প্ৰসাৰ আৰু
প্ৰচাৰ হৈছিল বুলি ক’ব পাৰোঁ।
মহেঞ্জদাৰো সভ্যতাত শুভাৰম্ভ হোৱা
দেৱদাসী পৰম্পৰাৰ লগত দেওধনী নৃত্যৰ সাদৃশ্য মন কৰিবলগীয়া। দেৱদাসী পৰম্পৰা মধ্যযুগত দক্ষিণ ভাৰতত বিয়পি পৰে
আৰু মন্দিৰ বা দেৱগৃহত নৰ্তকী নিয়োগ কৰাৰ এক বিশেষ
পৰম্পৰা আৰম্ভ হয়। অবশ্যে এই পৰম্পৰা মেছোপটেমীয়া, ইজিপ্ত,
গ্ৰীচ আদি দেশৰ
কেইবা হাজাৰ বছৰৰ পৰা প্ৰচলন হৈ আছিল বুলি জনা যায়। এই পৰম্পৰাৰ
লগত জড়িত নৰ্তকীজনী ‘দেৱদাসী’ নামেৰে জনাজাত হৈছিল। দেৱদাসী
পৰম্পৰা লাহে লাহে প্ৰব্ৰজন ঘটি ভাৰতৰ বিভিন্ন ঠাইত বিয়পি
পৰে। এনে প্ৰব্ৰজনৰ ফলতে খ্ৰীষ্টীয় নৱম শতিকাৰ বহু আগেয়ে প্ৰাগজ্যোতিষ-কামৰূপত দেৱদাসী
পৰম্পৰাৰ সূচনা হৈছিল। এই নৃত্য বিশেষ বিশেষ শিৱমন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মাধৱ
মন্দিৰৰ লগত জড়িত আছিল বুলি জনা যায়। ‘দেৱদাসী’ অভিধাৰ অৰ্থ হৈছে দেৱতাৰ দাসী, পাছলৈ দেৱতাৰ
পত্নী বুলি ব্যাখ্যা কৰা হৈছিল। এই ‘দেৱদাসী’ পদৰ লগত ‘দেওধনী’ পদৰ
এক সাদৃশ্য লক্ষ্য কৰিব পাৰি। দেৱদাসীৰ নাচক নটীনাচ বুলিও কোৱা হয়। অসমৰ প্ৰসংগত
এইবিধ নাচৰ বিষয়ে সুকবি নাৰায়ণদেৱৰ অমৰকীৰ্তি ‘পদ্মা-পুৰাণ’-ত লিখিত ৰূপত পোৱা গৈছে। কবিগৰাকীয়ে এই কাব্যখনত বেউলাৰ নৃত্যক ‘দেওধনী’ আখ্যা দিয়া নাই ‘নটী নাচ’ আখ্যা দি বেউলাক ‘নটী’ বুলিহে কৈছে।
দিহা: অ নটী নাচয়।
মোহন কাছন নানান বৰণে
নটী নাচয়-এ।।
পদ: নাচে বেউলা সুন্দৰী বদন প্ৰকাশি।
অৰুণ উদয় যেন কমলৰ পাসি।।
খঞ্জন গমনে চলে হাতে তাল ধৰি।
সভা মধ্যে নাচে নটী
নানা ভেষ কৰি।।
কিন্তু এই বেউলাৰ নৃত্যক লোকসমাজে দেওধনী নৃত্য আখ্যা দিছে।
বেউলাৰ নৃত্যৰ লগত দেৱদাসী নৃত্যৰ এইখিনিতে আন এটা সাদৃশ্য মন কৰিবলগীয়া। বেউলাৰ
নৃত্যক যিদৰে নটী নৃত্য আখ্যা দিয়া হৈছে, সেইদৰে দেৱদাসী
নৃত্যকো নটী নৃত্য বুলি কোৱা হয়। দেৱদাসীৰ দৰে দেওধনী কুমাৰী অৰ্থাৎ অবিবাহিত হ’ব লাগে। তদুপৰি দেৱতাক সন্তুষ্ট কৰিবৰ বাবে
যিদৰে দেৱদাসী নৃত্যৰ প্ৰচলন হৈছিল, ঠিক সেইদৰে বেউলা বা
দেওধনী নৃত্যও দেৱতাৰ সন্তুষ্টিৰ বাবে কৰা হয়৷ সেইবাবে দেৱদাসী আৰু দেওধনীৰ মাজত
সাদৃশ্য থকা দেখা যায়। অবশ্যে দেওধনী
নৃত্যত মৌলিকতা থকাও দেখিবলৈ পোৱা যায়। এই মৌলিকতাই দেওধনী
নৃত্যক দেৱদাসী নৃত্যৰ পৰা পৃথক কৰিছে।
অতুল চন্দ্ৰ বৰুৱাদেৱে দৰঙৰ দেওধনী নৃত্যৰ বৰ্ণনা দিবলৈ গৈ
দেওধনী দুবিধ বুলি কৈছে। এবিধ পুৰুষৰ দেওধনি আনবিধ মহিলাৰ দেওধনী। পুৰুষক দেওধা
বুলি কোৱা উচিত যদিও কোনো কোনো ঠাইত দেওধনি বোলা দেখা যায়। দেওধা, দেৱধ্বনি বা দেওধনি আৰু দেউলা পুৰুষৰ মাজতহে প্ৰচলিত। তেওঁলোকে
মনসা-পদ্মা-বিষহৰী পূজাৰ প্ৰসংগত নৃত্য কৰে। সাধাৰণতে যিজনে দেৱতাৰ বাণী ঘোষণা কৰে
বা যিজনৰ গাত দেৱে লম্ভে,
সেইজনক দেওধনি, দেউধা বা দেউলা বোলে। দেওৰীসকলৰ
মাজত ব’হাগ বিহুত দেওধনি বা দেৱধ্বনি নৃত্ত অনুষ্ঠিত হয়
যাক ‘মিকিডাবা’ নৃত্ত বুলিও কোৱা
হয়। ব’হাগৰ প্ৰথমটো বুধবাৰে দেওৰীসকলে
থানঘৰত পূজা আৰম্ভ কৰে। বৃহস্পতিবাৰে দেওধনিয়ে নাচৰ বাবে সাজু হয়। এই নৃত্যত থানৰ
বিষয়ববীয়াসকলেও যোগদান কৰে। ঢুলীয়াৰ ঢোলৰ ছেৱে ছেৱে
দেওধনিয়ে বিভিন্ন ভংগীমাৰে নৃত্য কৰিবলৈ ধৰে।
পূৰ্বতে দেওধনী নৃত্যত নাচনীয়ে বুকুত বগা কপাহী মেখেলা পিন্ধা
নিয়ম আছিল। লাহে লাহে দেওধনী নৃত্যৰ প্ৰসাৰ আৰু প্ৰচাৰ হ’বলৈ
ধৰাত ই পৰিমাৰ্জিত হৈ উঠে আৰু সাজ পাৰত কিছু পৰিৱৰ্তন আহে। দেওধনীয়ে বুকুত মেখেলা পিন্ধি তাৰ ওপৰত কঁকালৰ পৰা এখন ৰঙীন
মেখেলা আৰু ব্লাউজ পিন্ধে। ৰঙীন ৰিহা-মেখেলা পিন্ধি
কঁকালত হালধীয়া ৰঙৰ এখন গামোচা বান্ধে। হাতত গাম খাৰু, মুঠি
খাৰু, ডিঙিত চন্দ্ৰহাৰ, গলপতা,
বিড়িমাদলি, ঢোলমাদলি, কাণত জাংফাই ফুটি বা কাণফুলি, বাজু, নাকত এখনীয়া, এঘাৰখনীয়া নাকফুল, আঙুলিত আঙঠি, কপালত ডাঙৰকৈ সেন্দূৰৰ ফোঁট লয়। চুলি কলডিলীয়া বা কছাৰীখোপা বান্ধিব পাৰে,যদিও নৃত্যৰ সময়ত মুক্তকেশী হৈ থাকিব লাগে।
দেওধনী অনুষ্ঠানত বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰৰ ব্যৱহাৰ হয়। ইয়াৰ
ভিতৰত খুঁটিতাল, ভোৰতাল, জয়ঢোল আদি প্ৰধান৷ আকৌ ঢোলৰ বাদিসমূহো ইয়াত ভিন্ন ধৰণৰ হয়৷ এই ভিন্ন
বাদি অনুসাৰে নাচনীয়ে নৃত্য পৰিৱেশন কৰে৷ বিশেষ বাদিসমূহৰ
ভিতৰত দেওবাদি, খৰাবাদি, গোৰবাদি,
যোগান বাদি, চাৰিকুৰীয়া বাদি, চলনি বাদি, হনুমন্তীয়া বাদি, ৰণচণ্ডী বাদি, ধনতোলা বাদি আদি উল্লেখযোগ্য৷
এই নৃত্যত মুদ্ৰা বা ভংগীসমূহকো কেইবাটাও ভাগত ভাগ কৰা হৈছে৷ তাৰে ভিতৰত ধ্যানমগ্ন
মুদ্ৰা, স্বস্তিক মুদ্ৰা, মূৰ
ধুলিয়া, মূৰৰ চুলি ঘূৰোৱা, ত্ৰিভংগ
যোগ, দেহভংগী যোগ, কঁকাল ভঙা,
অংকুশ মুদ্ৰা, কলিমুদ্ৰা, অৰ্দ্ধপুষ্প মুদ্ৰা, আৱাহন পুষ্প দিয়া মুদ্ৰা,
খোলা মুদ্ৰা, প্ৰণাম মুদ্ৰা আদি। এই
মুদ্ৰাসমূহ দেওধনীৰ বিভিন্ন নৃত্যৰ লগত জড়িত৷
সুকনান্নী ওজাপালিৰ প্ৰসংগত
অনুষ্ঠিত হোৱা মাৰৈপূজাৰ ভৰদঁকৰ দিনা দেওধনী ‘দঁক’-ত পৰে। সংস্কৃত ‘দংশন’ শব্দৰ পৰা ‘দঁক’ শব্দটি
উদ্ভৱ হৈছে। পদ্মাৱতীয়ে সৰ্প ৰূপ ধাৰণ কৰি অথবা বিভিন্ন সৰ্পৰ দ্বাৰা বিভিন্ন
পৰিস্থিতিত বিভিন্নজনক দংশন কৰিছিল। উদাহৰণস্বৰূপে শিৱ, দুৰ্গা,
লখিন্দৰৰ কথা ক’ব পাৰি। সৰ্প দংশনৰ ফলত
দংশন কৰোঁতাজন অচেতন হৈ পৰিছিল। গীতৰ জৰিয়তে বৰ্ণনা কৰা
এই পৰিস্থিতিসমূহত দেওধনীয়ে সময়ে সময়ে নৃত্যৰতা অৱস্থাত
মাটিত বাগৰি পৰে। ইয়াকেই দেওধনী ‘দঁক’-ত পৰা বুলি কোৱা হয়। সুকনান্নী ওজাপালিৰ সৈতে জড়িত দেওধনী অনুষ্ঠানত
কেইবাটাও ‘দঁক’-ৰ প্ৰচলন দেখা
যায়। সেইবোৰ হৈছে—
দুৰ্গা দঁক, গোসাঁই দঁক বা শিৱ দঁক,
ছয়াময়া দঁক, লখাই দঁক বা ভৰদঁক বা
ভদ্দক। মনসা-বিষহৰীৰ দৃষ্টিৰ দ্বাৰা আক্ৰান্ত হৈ শিৱৰ ঢলি পৰা ৰূপেই শিৱ বা গোসাঁই
দঁক, দুৰ্গাক দংশন কৰাৰ ফলত দুৰ্গা ঢলি পৰা ৰূপেই দুৰ্গা
বা চণ্ডী দঁক, বেউলা-লখিন্দৰৰ বিবাহৰ সময়ত সৰ্প দেখি
লখিন্দৰ ঢলি পৰা ৰূপ হৈছে ছয়াময়া দঁক, কালি নাগৰ দংশনৰ
ফলত লখিন্দৰে প্ৰাণ ত্যাগ কৰা পৰিস্থিতি বিশেষেই হৈছে ভৰ দঁক বা ভদ্দক। ভৰদঁক
দীৰ্ঘতম আৰু অধিক আকৰ্ষণীয়। মাৰৈ পূজাৰ প্ৰত্যেক দিনা দেওধনী উপবাসে থাকিব লাগে।
সেইদিনা আবেলি দেওধনীয়ে পৰম্পৰাগত পোছাক পৰিধান কৰে। পূজাথলীত উপস্থিত থকা ৰাইজক
সেৱা জনোৱাৰ পাছতে ওজাই পৰম্পৰামতে ‘দেও-নামানিৰ গীত-পদ’ গাবলৈ আৰম্ভ কৰে। দেওধনী
নৃত্যৰ আৰম্ভণিতে দেৱ-দেৱী নমাবৰ বাবে যি গীত পৰিৱেশন কৰা
হয় তাকে ‘দেও-নামানিৰ গীত’ বোলা
হয়। পালিসকলে ওজাই গোৱা গীত খুটি তাল বজাই নৃত্যসহ দোহাৰে আৰু দেওধনীয়ে ইয়াৰ লগত
সংগতি ৰাখি উদাত্ত গতিত নৃত্য কৰে। দেও নমোৱাৰ পাছত
পালিসকলে ঢোল-তাল বজায়। দেওধনীয়ে তালে তালে নৃত্য কৰি থাকে। পূজা বেদীৰ পৰা নিলগত
পাৰি থোৱা আগলতি কলপাতত নৱ বস্ত্ৰাচ্ছাদিত দেওধনী আহে। তাৰ পাছত বিশেষ লয় আৰু ভংগিমাৰে
উপৱেশন কৰে। দেওধনীৰ পিছফালে শাৰী পাতি
থিয় হৈ থকা ডাইনা আৰু তিনিজন পালিৰ দুজনে জয়ঢোল, এজনে
বৰতালেৰে দেওবাদী বজাবলৈ ধৰে। তাৰ পাছত ঢোলৰ ছেও আৰম্ভ হোৱাৰ লগে লগে এজন পালিয়ে বস্ত্ৰখন আঁতৰাই দিয়ে। তেতিয়া
দেওধনীয়ে খোপাটো খুলি মৃদুভাৱে শৰীৰটো কম্পন কৰি কবৰীবন্ধন উন্মুক্ত কৰি মূৰটো এক
বিশেষ ভংগীমাত নচুৱাই চুলিবোৰ আউল-বাউল কৰি লয়। ইয়াৰ
দ্বাৰা দেওধনীয়ে ধ্যানমগ্ন মহাদেৱৰ ধ্যানৰত অৱস্থাৰ
কেশ-কম্পন-নৃত্যৰ আভাষ দিয়ে বুলি কোৱা হয়। আউল বাউল চুলি মেলিয়েই দেওধনীয়ে দেৱীৰ
ওচৰত আত্মনিৱেদন কৰে আৰু তাৰ পাছত
লাহেকৈ উঠি আগলতি কলপাতখন আঁতৰাই বাহিৰত পেলাই দিয়ে। দ্বিতীয় বাদী আৰম্ভ হোৱাৰ লগে
লগে ঢোলৰ ছেৱে ছেৱেদেওধনীয়ে এক বিশিষ্ট ছন্দ আৰু
ভংগীমাত ভৰি, হাত, কঁকাল আদিত
লয়ৰ সৃষ্টি কৰি তীব্ৰ বিক্ষেপেৰে নৃত্য কৰিবলৈ ধৰে। নৃত্যৰ মাজতে হঠাতে উপৱেশন
ভংগীমা প্ৰদৰ্শন কৰে, মূহুৰ্ততে উঠে, আকৌ মূহুৰ্ততে বহে। দেওধনীৰ লগে লগে ডাইনা পালিয়েও নৃত্য কৰি থাকে।
এইদৰে দহ-পোন্ধৰ মিনিট সময় নৃত্য কৰাৰ পাছত পালিহঁতে আন
এটা বাদী বজাবলৈ ধৰে। বাদীৰ লগে লগে দেওধনীয়ে নাভিৰ ওপৰত দুয়ো হাতেৰে বিশেষ ধৰণৰ
মুদ্ৰা-ভংগী প্ৰদৰ্শন কৰি বুকুখন স্ফীত আৰু নিতম্বাঞ্চলত ধীৰ গতিৰ পৰা মধ্যম আৰু
দ্ৰুত লয়ত কম্পন তুলি লীলায়তি গতিত নৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ পাছত পুনঃ দেওবাদী বজায় আৰু দেওধনীয়ে দেওবাদী নৃত্য কৰে। দেওবাদীৰ পাছতে চতুৰ্থটো বাদী বজায়। এই বাদীৰ ছেৱে ছেৱে
দেওধনীয়ে দক্ষিণ বাহু আৰু পাদ আগবঢ়াই দি ভৰিৰ আঙুলিৰ ওপৰত থিয় হৈ বিশিষ্ট
মুদ্ৰাভংগী প্ৰদৰ্শন কৰি আগবাঢ়ি যায়। তাৰ পাছত বাম বাহু
আৰু পাদ আগবঢ়াই দি ভৰিৰ আঙুলিৰ ওপৰত থিয় হৈ পূৰ্বৰ দৰে মুদ্ৰা-ভংগী কৰে। ইয়াৰ
পিছতে পালিয়ে জয়ঢোলত পঞ্চম বাদী বজায়। পঞ্চম বাদীৰ লগত সংগতি ৰাখি দেওধনীয়ে
পিছভৰিখন আগভৰিৰ লগত সংযুক্ত কৰি হাতেৰে মুদ্ৰা-ভংগী প্ৰদৰ্শন কৰি মূৰ, গল, বুকু, কঁকাল আদিত
বিশিষ্ট ভংগীসহ নৃত্য প্ৰদৰ্শন কৰে। এনেকৈ দেওধনীয়ে বিভিন্ন দেৱ-দেৱীৰ সন্তুষ্টিৰ বাবে নৃত্য কৰে। তালবাদ্য
সংগত কৰি নচুওৱা
দেওধনী নৃত্ত বিবিধ প্ৰকাৰৰ। কিছুমানৰ মতে ১৪, কিছুমানৰ
মতে ১৮ আৰু কিছুমানৰ মতে ২২। অবশ্যে অঞ্চলভেদে ইয়াৰ তাৰতম্য দেখা যায়। দেওধনী নৃত্তসমূহ হ’ল— হাৰী নাচ, বসুমতী নাচ, ধৰ্ম নাচ, শিৱ নাচ, হৰ-গৌৰী নাচ, চণ্ডী নাচ, শীতলা নাচ, বিষহৰী নাচ, শুভাচেনী নাচ, দুৰ্গা নাচ, কেঁচাইখাইতী নাচ, গঙ্গা নাচ, ব্ৰহ্মা নাচ, লক্ষী নাচ, কুবেৰ নাচ, কাৰ্তিক নাচ, মাইনাও নাচ, মাছা নাচ, মেছা-মেছনী নাচ, বেউলাৰ বিবিধ নাচ কছাৰী পূজাৰ
সৈতে জড়িত নাচ, লখাইৰ বিষজাৰা নাচ, দেৱপুৰীত দেওধনীৰ নাচ আদি।
মেছা-মেছনীৰ নৃত্যই হাড়ীয়া মেছৰ পত্নীৰ
লগত হোৱা শিৱৰ মিলন আৰু বিশু-শিশুৰ জন্মকাহিনীৰ ব্যঞ্জনা দিয়ে। হাড়ি নাচত বাঢ়নী
আৰু কলঠৰুৱাৰ কোৰ লৈ, শিৱনাচত কলঠৰুৱাৰ ডম্বৰু লৈ, লক্ষ্মীনাচত ধানৰ
দোন লৈ, কাৰ্তিক নাচত জ্বলন্ত জোৰ লৈ, কুবেৰ নৃত্যত নগদ টকাৰ বাতি এটা লৈ, চণ্ডী নৃত্যত দেওধনীয়ে বলি-কটা তৰোৱাল
হাতত লৈ ৰণচণ্ডী ৰূপে , কেঁচাই খাইতী গোসানীৰ পূজাত ক'লা পাৰৰ ডিঙি
নৃত্যৰ মাজতে মুচৰি ছিঙি তেজ পি দেখুৱাই কছাৰী নৃত্য কৰে।
ইয়াৰ পিছত দেওধনী দঁকত পৰিবলৈ সাজু হয়। দেওধা আৰু পালিসকলে ধেমেলীয়া পদ কিছুমান
সুৰ লগাই গাবলৈ ধৰে। দেওধনীয়ে নৃত্য ভংগীমাতে শিৱ দঁক, দুৰ্গা
দঁক আৰু ছয়াময়া দঁক দেখুৱায়। এই তিনিটাৰ পিছত মাজনিশা গীত-পদ, ঢোল-তালৰ বাদীৰে দেওধনী ভৰদঁকত পৰে। লখিন্দৰৰ দংশন আৰু দংশনৰ পিছত ঢলি
পৰাৰ বৰ্ণনা বিশিষ্ট গীত-পদ ওজাপালিয়ে গোৱাৰ অনুষংগত দুজন পালিয়ে জয়ঢোলত দেওবাদী
বজায় আৰু সভাথলীৰ সোঁফালে এটা ডাঙৰ খুটাত এজন পালি আওজি বহে আৰু তেওঁৰ গাত আওজি
দেওধনী বহে। বিভিন্ন বাদ্য-বাজনাৰ চেৱে চেৱে দেওধনীয়ে নিজৰ শৰীৰত মৃদু কম্পনৰ
সৃষ্টি কৰি ধীৰে ধীৰে দীঘল হৈ মূৰটো পালিজনৰ কোলাত থৈ বাগৰি পৰে। দেওধনী বাগৰি
পৰাৰ লগে লগে আন এজন পালিয়ে বগা কাপোৰ এখনেৰে দেওধনীৰ সম্পূৰ্ণ শৰীৰটো ঢাকি দিয়ে।
অঞ্চল বিশেষে ইয়াৰ ব্যতিক্ৰম হোৱাও দেখা যায়। কোনো কোনো অঞ্চলত দেওধনী দঁকত পৰিবৰ
বাবে খেৰেৰে বিচনা প্ৰস্তুত কৰি বগা কাপোৰ এখন পাৰি দিয়ে। সেই বিচনাখনতেই দেওধনী
দঁকত পৰে। বগা কাপোৰেৰে ঢাকি দিয়াৰ পিছত দেওধনীৰ চাৰিওফালে ধূপ-দীপ জ্বলাই দিয়ে।
পদ্মাৱতীয়ে মৃত লখিন্দৰক পুনৰ জীৱন প্ৰদান কৰাৰ পদ গোৱাৰ প্ৰসংগত ওজাই দেওধনীক
দঁকৰ পৰা তুলিবলৈ অগ্ৰসৰ
হয়। যিদৰে পদ্মাৱতীয়ে মন্ত্ৰ মাতি বগা কাপোৰ এখনেৰে লখিন্দৰক
জাৰিছিল সেইদৰে ওজায়ো কৰি এনে ভাব দেখুৱাই যেন দঁকত পৰি থকা দেওধনীয়ে চেতনা ঘূৰাই
পাইছে। পালিসকলে ঢোলত দেওবাদী বজোৱাৰ লগে লগে দেওধনীয়ে শৰীৰটো ঈষৎভাৱে কম্পন কৰি
দঁকৰ পৰা উঠে আৰু ৰাইজক সেৱা জনাই পূজাস্থলীৰ পৰা বিদায় লয়। ইমানতে দেওধনী
অনুষ্ঠানৰ সামৰণি পৰে।
পৰিৱেশ্য কলা হিচাপে পৰিগণিত হোৱা দেওধনী অনুষ্ঠান অৰ্ধ নাটকীয় সমল
বিশিষ্ট। ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ মাজেৰে প্ৰচলন কৰা বাবে
প্ৰথমাৱস্থাত দেওধনী নৃত্যৰ কলাত্মক দিশত গুৰুত্ব দিয়া হোৱা নাছিল। এই অনুষ্ঠানটি
লৌকসমাজত জনপ্ৰিয়ত, যদিও এই নাচ নচা নটীসকলকো সমাজে হীন
দৃষ্টিৰে চাইছিল৷ কিন্তু ১৯৭৪ চনত দৰঙী সংস্কৃতি উদ্ধাৰ আৰু সংৰক্ষণৰ বাবে ‘দৰঙী
কলা-কৃষ্টি উন্নয়ন সংঘ’ই ব্যৱস্থা গ্ৰহণ কৰে আৰু দেওধনী অনুষ্ঠানৰ দুৰ্বল দিশসমূহ
বাচি উলিয়াই পৰিশোধিত কৰিবলৈ চেষ্টা কৰে। ইয়াৰ ফলশ্ৰুতিতেই পৰৱৰ্তী সময়ত পূজাথলীৰ
পৰা মঞ্চলৈ দেওধনী নৃত্যই প্ৰসাৰ লাভ কৰে। ইয়াৰ লগতে সৰ্বভাৰতীয় স্বীকৃতিও লাভ
কৰিবলৈ সক্ষম হয়। পূজাস্থলীত এজনী দেওধনীয়ে নৃত্য কৰে যদিও মঞ্চত কেইবাজনীও
দেওধনীয়ে নৃত্য কৰাৰ ব্যৱস্থা কৰা হয়। তাৰ বাবে দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘই সময়ে
সময়ে প্ৰশিক্ষণৰো ব্যৱস্থা কৰে।
পৰম্পৰাগত নৃত্য হিচাপে ই অসমৰ লোকসংস্কৃতিৰ এক আপুৰুগীয়া
সম্পদ। এতিয়াও হয়তো ইয়াৰ লগত জড়িত বহুতো দিশ আবিষ্কাৰ নোহোৱাকৈ আছে। বৰ্তমান যুগ
বিজ্ঞানৰ যুগ। বিজ্ঞানৰ সঠিক ব্যৱহাৰৰ জৰিয়তে চৰ্চা আৰু অনুসন্ধানৰ ক্ষেত্ৰত
গুৰুত্ব দিলে অনাবিষ্কৃত দিশ সমূহ নিশ্চয় উন্মোচিত হ'ব।
যিয়ে এই আপুৰুগীয়া সম্পদটি সংৰক্ষণ কৰাত সহায় কৰিব।
তথ্যসূত্ৰ:
১৷ ভাৰতৰ
উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ্য কলা
ড° নবীন চন্দ্ৰ শৰ্মা
২৷ অতুল চন্দ্ৰ বৰুৱা ৰচনাৱলী
সম্পাদনা- শেৱালি বৰা
৩৷ অসমীয়া লোককলা আৰু লোকসাহিত্য
সম্পাদনা- জয়া সেনাপতি
৪৷ অসমীয়া লোকসাহিত্য
সম্পাদক- প্ৰহ্লাদ কুমাৰ বৰুৱা
লেখিকাৰ ঠিকনা:
মঙ্গলদৈ, শান্তিপাৰা
দৰং ( অসম)
ভ্ৰাম্যভাষ: ৮৮৭৬০৭৬২৩৯
অদৃষ্ট ন-শক্তিৰ আখৰা
জ্যোতিস্মিতা দেৱী
সপোনৰ অংকুৰণ
আইতাৰ আঙুলিত ধৰি ফুৰিবলৈ যোৱা সময়বোৰ
আজি স্মৃতিৰ ডায়েৰিৰ পাতৰ এটি ধূঁৱলী-কুঁৱলী পৃষ্ঠা। আজিৰ ল’ৰা-ছোৱালীৰ বাবে,
আন্ধাৰৰ জোনাকী পৰুৱা হাতৰ মুঠিত ধৰা আৰু সন্ধিয়াৰ তৰালি আকাশ চাই সাধু শুনা
কথাবোৰ নিজেই একো একোটা সাধুকথা হ’লগৈ। তৰাৰ দেশৰ সাধু শুনি আমি সপোন দেখিবলৈ
শিকিছিলোঁ। উইঙছেং পেনেৰে লিখিব পৰাটোও আমাৰ বাবে এক প্ৰকাৰৰ আভিজাত্যই আছিল। পিতৃ-মাতৃ
বা অভিভাৱকৰ সকীয়নি আৰু নিজেই অভিভাৱকৰ ৰূপত সন্তানক দিয়া সকীয়নিৰ মাজত সময়ৰ
এক বৃহৎ তফাৎ আহি পৰিছে। উপদেশবোৰৰ বৰ বেছি যুক্তি নিবিচৰাকে আমি আজ্ঞাবাহী
আছিলোঁ। কিন্তু আমাৰ সময়ৰ লগত এতিয়াৰ সময়বোৰ যদি ৰজিতা খুৱাবলৈ চেষ্টা কৰোঁ,
সেয়া এক ভুল ধাৰণা বুলিয়েই ক’ব লাগিব। পৰিপক্ক জীৱনৰ ক্ষেত্ৰত যেনেদৰে জটিলতা
আহি পৰিছে, তেনেদৰে শিশু এটিৰো শৈশৱৰ পৰাই যান্ত্ৰিকতাৰেহে পৃথিৱীখন চিনাকি হোৱাৰ
সময় আহি পৰিছে। সকলোতে নামি অনামি প্ৰতিযোগিতাৰ দৌৰ! শিশু এটাই ঘৰৰ বাহিৰত খোজ
দিয়াৰ পৰাই আমাৰ মনত এসাগৰ চিন্তাই
জুমুৰি ধৰে। আমাৰ হাতৰ আঙুলি এৰি খোজ
দিব পৰা হোৱাৰে পৰা সিহঁতক নিজে সাৱধান হ’বলৈ প্ৰত্যেক দিনাই সকীয়াই থাকোঁ৷ পিতৃ-মাতৃ
বা অভিভাৱকৰ দায়িত্ব পালনৰ ভূমিকা সন্তান ভূমিষ্ঠ হোৱাৰ আগাৰ পাৰাই মনত খোপনি
পুতি লয়, সিহঁতৰ অজানিতেই আমি সীমাহীন সপোন সজাই লওঁ৷ ‘সপোননো কি’ সেয়া
সিহঁতবোৰে বুজি উঠাৰ আগতেই আমাৰ মনত সেই সপোনবোৰক পোহ পাল দি অংকুৰিত কৰিবলৈ লওঁ।
আমি সিহঁতৰ পিতৃ-মাতৃ, আমি যে অভিভাৱক!
জীৱনৰ প্ৰথমটো কেঁকুৰি
সময়ৰ লগত মোৰ লোৱা বিকাশ ধাৰাৰ অনুচৰৰ
ৰূপত আঢ়ৈ বছৰ বয়সৰ পৰাই ল’ৰা-ছোৱালীক আমি স্থুললৈ পঠিয়াবলৈ আৰম্ভ কৰোঁ, ঘৰৰ
বাহিৰৰ পৃথিৱীখনৰ লগত চিনাকি হোৱাৰ প্ৰথমটো খোজ সেয়া। প্ৰথমতে আচহুৱা যেন লগা
পাৰিপাৰ্শ্বিকতাত সিহঁত স্বাভাৱিক হ’বলৈ শিকে। সিহঁতৰ মনৰ মাজত সৃষ্টি হোৱা আৰু
ভাষাৰে প্ৰকাশ কৰিব নাজানা উৎকণ্ঠা কিছুমান ক্ৰমাগতভাৱে সহজ হৈ পৰে, নতুন পৰিৱেশটো
লাহে লাহে গ্ৰহণ কৰি লয়। আচলতে সিহঁতে সামঞ্জস্য ৰক্ষা কৰি এৰা-ধৰাৰ মাজেৰে
একেলগে থাকিবলৈ শিকে। তেতিয়াৰ পৰা সময়ৰ অনুগামী হ’বলৈও সিহঁতক পৰিস্থিতিয়ে
শিকাই দিয়ে।
স্কুলৰ পৰা আহিয়েই ঘৰৰ পৰা আঁতৰি থকা
সময়খিনিত ঘটি যোৱা প্ৰতিটো কথাই সিহঁতে আমাৰ সমুখত প্ৰকাশ কৰিবলৈ বিচাৰে।
শুনিবলৈ সময় নাথাকিলেও আমাৰ পিছে পিছে ঘূৰি, আমাক মাতি মাতি ক’বলৈ আৰম্ভ কৰে।
কলুষিতা বুজি নোপোৱা শিশুবোৰৰ কথাবোৰে আমাক হাঁহিৰ খোৰাক দিয়ে, এটা অজানা সুখে শিহৰিত
কৰি যায়। এদিন-দুদিনকৈ সিহঁতে শৈশৱ পাৰ কৰে। লগৰীয়া, শিক্ষক, আৰু পৰিৱেশৰ পৰা
দেখি-শুনিয়েই বহু কথা শিকি যায়৷ ফুলকুমলীয়া সপোন এটা সিহঁতৰ মনতো লাহে লাহে
অংকুৰিত হয়।
শৈশৱ আৰু যৌৱনৰ দোমোজা
জীৱনকালৰ শৈশৱ আৰু যৌৱনৰ মাজৰ কালছোৱাই
হৈছে কৈশোৰ কাল। শৈশৱৰ ধেমালী আৰু যৌৱনৰ পৰিপক্কতাৰ মাজত থাকে কৈশোৰৰ সাঁকো।
জীৱনটোক গঢ় দিয়াৰ বাবে এইছোৱা সময় আটাইতকৈ গুৰুত্বপূৰ্ণ৷ ইংৰাজীত ১৩ বছৰৰ পৰা
১৯ বছৰলৈ এই সময়ছোৱাক teenage বুলি কোৱা হয় যদিও ১১-১২ বছৰৰ পৰা ১৬-১৭ বছৰলৈ এই
সময়ছোৱাক কৈশোৰ কাল বুলিব
পাৰি। এইখিনি সময়ত ল’ৰা বা ছোৱালী
এজনীৰ জীৱনলৈ শাৰীৰিক আৰু মানসিকভাৱে দ্ৰুত গতিত পৰিৱৰ্তনবোৰ আহিবলৈ ধৰে। দেহত হ’ৰমনৰ
সলনি হয়, লগতে নতুন হ’ৰমনৰো সৃষ্টি হয়। শাৰীৰিক পৰিৱৰ্তনে সৰুৰ পৰা ডাঙৰ হ’বলৈ
ধৰাৰ সংকেত দিয়ে। এয়া জীৱন চিনাকিৰ প্ৰথমটো খোজ। শৈশৱৰ আৰু এতিয়াৰ কথাবোৰৰ মাজত
সিহঁতৰ বিষয়বস্তুবোৰ সলনি হয়, লগতে ৰূপান্তৰিত হয় চিন্তাৰো পৰিধি। আনহাতে
তেতিয়ালৈ আমাৰ মন মাজত ৰোপণ কৰি থোৱা সপোনৰ গছজোপাও বাঢ়িবলৈ ধৰে। স্কুল, পথাৰ,
ঘৰৰ চোতাল আৰু চুবুৰীয়াই আমাৰ সময়ৰ পৃথিৱীখন আছিল, আৰু এতিয়া হাতৰ মুঠিত
ব্ৰহ্মাণ্খন লৈ ফুৰাৰ যুগ। আমাৰ তুলনাত সময়তকৈ বহু আগতেই আমাৰ সন্তানসকল পৰিপক্ক
হৈ উপজিছে, কিছু ক্ষেত্ৰত ভাল-বেয়াৰো বিচাৰ কৰিব পৰা হৈছে। এতিয়া আৰু সিহঁতে
আমাক আগৰ দৰে প্ৰশ্নৰ উত্তৰ বিচাৰি ব্যতিব্যস্ত কৰি ৰখাৰ প্ৰয়োজনবোধ নকৰে। হাতৰ
মুঠিত, আঙুলিৰ টিপতে পৃথিৱীৰ সকলো প্ৰশ্নৰ উত্তৰ সাজু হৈ উঠে৷
আজিৰ সন্তানে পিতৃ মাতৃৰ পৰা বিচৰা
আটাইতকৈ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ‘মানসিক নিৰাপত্তা’ আৰু লগতে
অলপ ‘সময়’। বহু সময়ত আমাৰ জ্ঞাতে বা অজ্ঞাতে এই দুটা বিষয় আমাৰ ওচৰত অৱহেলিত হৈ
ৰৈ যায়। প্ৰথমতে আহিছোঁ ‘মানসিক নিৰাপত্তা’-ৰ বিষয়টোলৈ। এজন ব্যক্তি শাৰীৰিকভাৱে
নিৰাপদ হৈ থাকিবলৈ সুৰক্ষিত পৰিৱেশ, ঘৰ এটাৰ লগতে জীৱনৰ অত্যাৱশ্যকীয়
সামগ্ৰীসমূহৰ প্ৰয়োজন বোধ কৰে। ঠিক তেনেদৰে মানসিক নিৰাপত্তাৰ বাবেও সুস্থ বলয়
এটাৰ নিতান্তই প্ৰয়োজন। ভূমিষ্ঠ হোৱাৰে পৰা শিশুয়ে নিৰাপত্তা বিচাৰে, বিচনাত
অকলে শুৱাই থোৱা শিশু এটাৰ টোপনিতকৈ মাকৰ লগত শুই থকা শিশুটোৰ টোপনি গধুৰ হয়।
শিশুৱে মাকৰ কাষত নিৰাপত্তা অনুভৱ কৰে। ডাঙৰ হৈ অহাৰ লগে লগে সময় আৰু পৰিৱেশে
সিহঁতকো সলনি কৰে। কিন্তু মানুহে বেলেগ বেলেগ ৰূপত সেইকণ নিৰাপত্তা আজীৱন বিচাৰে।
সন্তানক ‘সময়’ দিয়া বিষয়টো বৰ্তমান
এটা বৰ সংবেদনশীল বিষয়। উশাহ সলাবলৈকো সময় নোপোৱা দায়িত্ব আৰু কৰ্তব্যৰ পিছত
ঘূৰি থাকোঁতে কেতিয়াবা এই বিষয়টো আমাৰ ওচৰত অৱহেলিত হৈ ৰৈ যায়, আৰু আমি পাহৰি
যাওঁ৷ কিন্তু আমাৰ সন্তানে ৰৈ থাকে আমাৰ সেই অকণমান সময়ৰ বাবে; যাতে সিহঁতে মনৰ
কথাবোৰ ক’ব পাৰে, এবাৰ সাবটি লৈ বুকুৰ মাজত সোমাব পাৰে। গোটেই দিনটোৰ ভিতৰত সিহঁতে
আমাৰ পৰা অকণমান মাথোঁ সময় ‘অকল সিহঁতৰ বাবে’ বিচাৰে। বিশেষজ্ঞসকলে সমীক্ষা আৰু
গৱেষণাৰ ভিত্তিত ‘কোৱালিটি টাইম’ (quality time)-ৰ কথা উল্লেখ কৰিছে। দিনটোৰ ছৌবিণ
ঘণ্টাৰ ভিতৰত আধা ঘণ্টাৰ পৰা এঘণ্টা সময় ‘কেৱল মাথোঁ’ সন্তানৰ বাবে দিয়াটো অতি
প্ৰয়োজন। সেইখিনি সময়ত বাকী পৃথিৱীখন আনফালে থৈ নিজক সম্পূৰ্ণকৈ সন্তানৰ ওচৰত
ৰাখিব লাগিব, সিহঁতে আমাৰ মাজত নিৰাপত্তা অনুভৱ কৰিব পৰাকে, সিহঁতৰ মৰমৰ চাহিদা
পূৰ কৰিব পৰাকে। এঘণ্টা সময় যদি আমি সিহঁতৰ কথা মতে লগত থাকোঁ, বাকী থকা তেইছ
ঘণ্টা সিহঁত আমাৰ মতে চলি যায়।
পৰিৱেশৰ প্ৰভাৱ
প্ৰত্যেক ব্যক্তিয়ে সৰুৰে পৰা এটা পৰিৱেশ
আৰু সংস্কাৰৰ মাজেৰে প্ৰতিপালিত হয়, যিবোৰ সংস্কাৰে সেইগৰাকী ব্যক্তিৰ ব্যক্তিত্ব
গঢ়ে৷ সন্তানক আমি কথাবোৰ কথাবোৰ মুখেৰে কৈ শিকাব নোৱাৰোঁ, ছাঁটোৰ দৰে খোজে প্ৰতি
সিহঁতে আমাক অনুকৰণ কৰে। আমি কৰা ভাল কামবোৰ যেনেদৰে শিকি লয়, তেনেদৰে বেয়াবোৰো
নিমিষতে আয়ত্ত কৰি লয়। কাৰণ তেতিয়ালৈকে সিহঁতে ‘ভাল’ আৰু ‘বেয়া’-ৰ বিশ্লেষণ
কৰিব জনা হৈ নুঠে। দেখি থকা কামবোৰ আৰু শুনি থকা কথাবোৰৰ মাজতেই নিজৰ পৃথিৱীখন
বিচাৰি লয়। বিভিন্ন ব্যক্তিত্বৰ মাজৰ পৰা কেতিয়াবা নিজৰ ভাল লগাবোৰ বাছি লয়।
সৰল আৰু মুকলিমুৰীয়া মনটোৱে সদায় বিচাৰে যে হাঁহি বা কান্দি হ’লেও আৱেগবোৰ
কাৰোবাৰ ওচৰত উবুৰিয়াই দিওঁ!
আমি আমাৰ সন্তানক এইখন পৃথিৱীলৈ আনিছোঁ
বুলিলেও হয়তো ভুল হ’ব। প্ৰকৃততে সিহঁতবোৰ আমাৰ মাধ্যমেৰে এই পৃথিৱীলৈ আহে। সিহঁতৰ
শৰীৰিক আৰু মানসিক বিকাশ প্ৰাকৃতিকভাৱেই হৈ থাকে, এই বিকাশক আপডাল কৰাৰ
দায়িত্বহে আমাৰ। সাধাৰণতে উপদেশ দি আমাৰ সন্তানক একো শিকোৱাৰো প্ৰয়োজন নহয়,
ঘৰখনৰ সুস্থ পৰিৱেশেই সিহঁতৰ নিৰ্ঘূণ বিকাশৰ বাবে যথেষ্ট। বিচৰাৰ সময়ত যদি মৰমৰ
বান্ধোনেৰে আমি সিহঁতক আঁকোৱালি ৰাখিব নোৱাৰোঁ, এদিন সিহঁতে আমাৰ মৰম অবিহনে নিজৰ
নিজৰ জীৱনত অভ্যস্ত হৈ পৰিব, তেতিয়া আমাৰ উপদেশবোৰক বোজা যেন অনুভৱ কৰিব। এনে
কিহুমান মুহূৰ্তৰ পৰাই সন্তানৰ ঘৰখনৰ প্ৰতি অৱজ্ঞাৰ ভাব আহে আৰু ঘৰৰ বাহিৰৰ
পৃথিৱীখনৰ প্ৰতি আকৃষ্ট হ’বলৈ ধৰে। জীৱনৰ বহু ভুল সিদ্ধান্তৰ বাবে এনে কিছুমান মুহূৰ্তই
দায়ী হৈ পৰে।
পাৰ্থিৱ প্ৰয়োজনসমূহ পূৰণতেই বেছিভাগ
সময়ত আমি অধিক গুৰুত্ব দি আহিছোঁ। মনতে থিৰাং কৰি লওঁ যে সিহঁতৰ প্ৰয়োজনীয়
প্ৰতিটো বস্তুৰ চাহিদাইতো পূৰণ কৰি দিছোঁ, তাৰ বিনিময়ত আমি সাধাৰণতে আৰু
স্বাভাৱিকতেই বিচাৰোঁ এটা ভাল ফলাফল, এটা ভাল আৰু নিৰাপদ ক্ৰমোন্নতিৰ বাট, লগতে
সমাজত মূৰ দাঙি থাকিব পৰাকৈ এজন সুপ্ৰতিষ্ঠিত ব্যক্তি। আমাৰ ৰুচি, অভিৰুচি, নিজে
পূৰণ কৰিব নোৱৰা সপোন, সকলো বাস্তৱায়িত কৰাৰ দায়িত্বভাৰ তুলি দিওঁ সিহঁতৰ ওপৰত।
সময়ৰ লগে লগে সিহঁতৰো মন-মগজুৰ লগত চিন্তাৰো বিকাশ হয়, সিহঁতেও বিচাৰে নিজৰ মতে
জীৱনটো আগুৱাই নিবলৈ। পিতৃ মাতৃ আৰু সন্তানৰ মতভেদৰ মাজত সৃষ্টি হয় কিছুমান
চৰ্তৰ, কিছুমান মৌন জেদৰ। বয়সেৰে পৰিপক্ক হয় পিতৃ-মাতৃ, তেওঁলোকক বয়স আৰু অভিজ্ঞতাই
সমস্যা আৰু দুখবোৰ সহজতে মানি ল’বলৈ শিকায়। কিন্তু সন্তানৰ কুমলীয়া বয়সত নতুন
আৰু পুৰণিৰ মাজৰ চিন্তা আৰু মতভেদৰ সাঁকোডাল পাৰ কৰোঁতে কেতিয়াবা সিহঁতক এক ব’ব
নোৱৰাভাৱে মানসিকভাৱে কোঙা কৰি পেলায়৷
দুদিনমানৰ আগতে এদিন ৰাতি প্ৰায় নমান
বজাত ভাইটি এজনে ফ’ন কৰিছিল। সি পঢ়িবলৈ ঘৰৰ বাহিৰত এখন নতুন ঠাইত আছেগৈ। প্ৰথমতে
খা-খবৰ লৈ নিজেই কথাবোৰ আৰম্ভ কৰি গ’ল। তাৰ মাজৰ কথাবোৰৰ কেইশাৰীমান এনেকুৱা আছিল,
‘‘বা, মোৰ পৰীক্ষা চলি আছে। যোৱা ৰাতি পঢ়ি আছিলোঁ, মনটোও বেয়া লাগি থকা বাবে ভাত
খাবলৈ মন নগ’ল। ৰাতিপুৱা পৰীক্ষা আছিল। সোনকালে যাবলগীয়া হোৱা বাবে একো খোৱাই নহ’ল।
আবেলি তিনি বজাত ৰুম আহি পাই গাটো বেয়া লাগি আছিল। মালৈ বৰকৈ মনত পৰিছিল, মাক
সাবটি হেঁপাহ পলুৱাই কান্দিবলৈ মন গৈছিল। মাই ভাল পোৱা গানটোৰ ৰিংট’ন ফ’নত বাজি
মাৰ ফ’ন অহাৰ সংকেত দিলে। ভাগৰবোৰ মুহূৰ্ততে পাহৰি যোৱা যেন লাগিল। ভাবিলোঁ মাক ক’ম,
তোমাৰ কথাই ভাবি আছিলোঁ মা! কিন্তু ফ’নটো ধৰি মই কিবা কোৱাৰ আগতেই ময়ে ক’লে, ‘‘তুমি
অকল পইছা লাগিলেহে ফ’ন কৰা!’’ তাৰ পাছত মই আৰু একোকে নক’লোঁ। ফ’নটো কাটি থৈ দিলোঁ।
মোৰ যে মৰি যাবলৈ মন গৈছে অ’ বা!’’ ঘৰখনক আমি শিক্ষাৰ কঠীয়াতলি বুলি কওঁ। সমাজ
সদায় ঘৰৰ পৰাই আৰম্ভ হয়। গছ এজোপা বঢ়াৰ দৰেই বাঢ়ি যায় আমাৰ সন্তানবোৰ। সংস্কাৰৰ
শিপাডাল ঘৰতেই থাকে। নিজৰ স্বাৰ্থবোৰ জাপি দি কেতিয়াবা অজানিতে আমি সিহঁতক আমাৰেই
বিৰোধী কৰি তোলোঁ সিহঁতে ক’ব বিচৰা
প্ৰতিটো কথাতে খুঁত উলিয়াই লৈ সিহঁতক সমালোচনা কৰোঁ। লাহে লাহে সন্তানবোৰে মাক
দেউতাকৰ পৰা আঁতৰি থাকিবলৈ লয়, সময়ৰ লগে লগে বাঢ়ি অহা বয়সে সিহঁতকো পৰিপক্ক
কৰি তোলে। সৰুতে কথা ক’বলৈ খেদি ফুৰা ল’ৰা-ছোৱালীবোৰৰ ডাঙৰ হৈ অহাৰ পাছত মাক-দেউতাকৰ
আগত প্ৰকাশ কৰিবলৈ কথা নোলোৱা হৈ থাকে। মনৰ কথাবোৰ নিজে ক’বলৈ সংকোচ ভাব এটাই আগচি
ধৰে, শুধিলেও মিছাকৈ কয়। সঁচাবোৰ যে মাক-দেউতাকে গ্ৰহণ কৰিব নোৱাৰিব, তাৰ
প্ৰতিক্ৰিয়া স্বৰূপে আৰম্ভ হ’ব কিছুমান আৱেগিক শোষণ। আমাৰ চিন্তাধাৰা, জীৱন যাপনৰ
ধাৰণা আৰু জীৱন দৰ্শনৰ লগত সিহঁতৰ চিন্তাধাৰা, জীৱন যাপনৰ ধাৰণা আৰু জীৱন দৰ্শন
ৰজিতা নোখোৱাটোৱেই স্বাভাৱিক।
সন্তানে পিতৃ মাতৃৰ পৰা আঁতৰত, অচিনাকি
ব্যক্তি এজনৰ ওচৰত নিজৰ বিষয়ে ভালতকৈও ভাল আৰু বেয়াতকৈও বেয়া সকলো কথা বিৱৰি
কয়। মনৰ ভাৰ পাতলাবলৈ তেতিয়া সিহঁতে কাৰোবাক বাছি লয়। সেয়া বন্ধুও হ’ব পাৰে,
কাউঞ্চিলাৰো হ’ব পাৰে, অচিনাকি কোনোবাও হ’ব পাৰে। বহুতে কাউঞ্চিলিঙৰ (counselling)-ৰ
সহায় লয়। এক সমীক্ষা মতে বৰ্তমান ভাৰতবৰ্ষত ৩৩% ছাত্ৰ-ছাত্ৰীয়ে কাউঞ্চিলিং কৰি
আছে। কিন্তু আমাৰ সন্তানৰ মনৰ ভাৰবোৰৰ বাবে যদি সিহঁতে আনৰ কাষ চাপিবলগীয়া হয়,
আমাৰ সন্তানে আমাৰ ওচৰতে নিৰাপদ অনুভৱ কৰিব নোৱাৰে সেয়া আমাৰ বাবে অত্যন্ত
দুৰ্ভাগ্যজনক। শাৰীৰিক নিৰাপত্তা আৰু মানসিক নিৰাপত্তাৰ ভিতৰত মানসিক
নিৰাপত্তাহীনতাই মানুহক বেছিকৈ জুৰুলা কৰে। কষ্টবোৰ বুজিবলৈ সিহঁতক সুযোগ দিব
লাগিব। আনৰ ঘৰ মচি, বাচন ধুই পেট পালি থকা এজনী মাকক দেখিছিলোঁ। ল’ৰাৰ উৎপাতত
তেওঁ আনৰ পৰা ধাৰ কৰি অনা টকাৰে বাইক কিনি দিছিল। মানুহগৰাকীয়ে মৰমত কেতিয়াও
পুতেকক পানী এবাল্টিও কঢ়িয়াবলৈ নিদিছিল। এসাঁজ ভাত ৰান্ধিব নোৱৰা বা নিজৰ কাপোৰ
আৰু বাচন ধুই নোপোৱা ল’ৰাই মাকজনীৰ আনৰ ঘৰত কাম কৰি সংসাৰ চলোৱাৰ কষ্ট অনুভৱ কৰিব
কেনেদৰে! আনহাতে প্ৰত্যেক বছৰে বহুতো দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ল’ৰা-ছোৱালীয়ে
সুখ্যাতিৰে প্ৰতিযোগিতাৰ শীৰ্ষস্থানত নিজৰ স্থিতি অব্যাহত ৰাখিছে। পৃথিৱীখনৰ
কঠিনতা, নিজৰ ধৰ্ম-সংস্কৃতি-পৰম্পৰা তথা শত্ৰু-মিত্ৰৰ সৈতে চিনাকি কৰোৱাৰ
দায়িত্বও আমাৰ। জীৱন সংগ্ৰামৰ পথটোৰ সৈতে চিনাকি হোৱা বা আৱশ্যকতা অবিহনেও
সন্তানক সংঘৰ্ষ কৰিবলৈ শিকোৱা জীৱন বাটৰ এটা অধ্যায়।
আমি বিচাৰোঁ যে ল’ৰা-ছোৱালীয়ে প্ৰতিটো
কথাই আমাৰ আগত খোলাকৈ কওক, কিন্তু তাৰ বাবে সেই পৰিৱেশটো আমি সিহঁতক দিব পাৰিব
লাগিব। ভাল বন্ধু এজনৰ দৰে সিহঁতৰ যিকোনো কথা নিৰপেক্ষ হৈ শুনিবলৈ মানসিকভাৱে
সাজু হ’ব পাৰিব লাগিব, সিহঁতক সমৰ্থন কৰিব পাৰিব লাগিব। যদি কাউঞ্চিলিঙৰো প্ৰয়োজন
হয়, তেনে ক্ষেত্ৰত ঘৰখনে পূৰ্ণ সমৰ্থন দিব লাগিব। মানসিক সমৰ্থনৰ এই
প্ৰক্ৰিয়াটোক এমপেথি (empathy) বুলি কোৱা হয়।
সামৰণি
ভাল-বেয়া, দোষ-গুণবোৰ সামৰিয়েই
সম্পূৰ্ণ হয় আমাৰ জীৱনকাল। সফলতাৰ আৰত যেনেদৰে আনে নেদেখা কষ্টবোৰ থাকে তেনেদৰে ধ্বংসৰ
আঁৰতো থাকে নানা অদৃশ্য কাৰণ। জীৱনটো সুন্দৰকৈ সজোৱাৰ সপোন প্ৰতিজন মানুহৰেই থাকে।
এই বয়সত ভুল কৰাটো অস্বাভাৱিক নহয়। অনুশোচনাত ভুগি থকা সময়ত পিতৃ-মাতৃ হিচাপে
সিহঁতক নিৰাপত্তা দিয়াটো সেইখিনি সময়ত আমাৰ আটাইতকৈ ডাঙৰ দায়িত্ব। সিহঁতক আমি
বুজাব লাগিব, ‘‘ঘৰখন সিহঁতৰ বাবে সদায় নিৰাপদ, ভুলবোৰ শুধৰাই ল’বলৈ, দোষবোৰ অকপতে
স্বীকাৰ কৰিবলৈ মাক-দেউতাকে আটাইতকৈ বেছি নিৰাপত্তা দিব পাৰে।’’ বিশ্বাসে সম্পৰ্কৰ
ভেঁটি দৃঢ় কৰে। প্ৰতিজন মানুহে বিচাৰে তেওঁৰ ওচৰত সঁহাৰিৰ মাত এষাৰ থাকক, মূৰৰ
ওপৰত ছাঁ দিব পৰা গছ এজোপা থাকক! সমৰ্থন আৰু সঁহাৰিবোৰে জীৱনত উজুটি খাবলৈ
নিদিয়ে আৰু সেই মনোবল জীৱন গঢ়িবলৈ অদম্য শক্তিত পৰিগণিত হয়। সুস্থ পৰিৱেশ আৰু
সন্তুলিত মানসিক প্ৰত্যয়ে স্থিতপ্ৰজ্ঞ ব্যক্তিত্বক জন্ম দিয়ে।
ভ্ৰাম্যভাষ: ৭০০২০ ২৭৮০৪