অসমৰ বসন্ত কালীন উৎসৱ
বসন্তকালীন উৎসৱসমূহ প্ৰধানকৈ কৃষিভিত্তিক উৎসৱ। এই উৎসৱ ঘাইকৈ তিনিটা– খেতিৰ আৰম্ভণিত, খেতিৰ বৃদ্ধিৰ বতৰত আৰু খেতি চপোৱাৰ শেষত। ব’হাগ বিহু খেতিৰ আৰম্ভণিত, কাতি বিহু সৃজনীশক্তি বৃদ্ধিৰ সময়ত আৰু মাঘ বিহু খেতিৰ সামৰণিৰ উৎসৱ। উল্লেখযোগ্য যে পথাৰত সঁচ সিঁচিবৰ দিনা, খেতিৰ শ্ৰী-বৃদ্ধি কামনা কৰা আৰু খেতিৰ শইচ কটাৰ অন্ততঃ উৎসৱসমূহ সমূহীয়াকৈ পাতে বাবে ই জাতীয় উৎসৱত পৰিণত হৈছে। অসমৰ বাপতিসাহোন ব’হাগ বিহু নিৰ্দিষ্ট লোকাচাৰেৰে পালন কৰাৰ লগতে বিহুগীত আৰু বিহুনাচে ইয়াক অধিক আকৰ্ষণীয় কৰি তোলে। বসন্তৰ পৰশত প্ৰকৃতিয়ে সেই সময়ত ন-ৰূপ লয়। আমে মলিয়ায়, কপৌ ফুলে, কুলিয়ে মাতে। সেয়ে ব’হাগ নতুনক পোৱাৰ প্ৰয়াস, আশাৰ আনন্দ। এই আনন্দই কৃষিজীৱী অসমীয়া জাতিৰ অন্তৰ স্পৰ্শ কৰি যায় আৰু তেতিয়া ই কথাবোৰ গীত হৈ ওলাই আহে। বড়োসকলৰ মাজত প্ৰচলিত এটি বসন্তকালীন কৃষিভিত্তিক উৎসৱ হৈছে বৈশাগু। ই হৈছে উৰ্বৰা উৎসৱ। বাৰদৈছিখলাৰ আগমনত, কৃষিজীৱী বড়োসকলে বৈশাগু পালন কৰে। বড়োসকলে সাত দিন ধৰি বৈশাগু উদ্যাপন কৰে ৰং-ৰহইচ, উৎসাহ-উদ্দীপনা আৰু পৰম্পৰাগত নৃত্য-গীতৰ মাজেৰে। বৈশাগু উৎসৱক কেন্দ্ৰ কৰি গোৱা গীতসমূহ বড়ো লোকসাহিত্যৰ অমূল্য সম্পদ। এই উৎসৱৰ সময়ত পৰিৱেশিত বাগুৰুম্বা, বৰদৈছিখলা আদি নৃত্য হৃদয়পৰশা আৰু কলাসন্মত। অসমীয়া গামোচাৰ দৰে বড়োসকলৰ আৰণাই বিশেষ সাংস্কৃতিক তাৎপৰ্যপূৰ্ণ সম্পদ।অসমৰ দেউৰীসকলে ৰঙালী বিহুৰ সময়ত ঢোল-তাল, পেঁপা-টকা, শিঙা-গগনা সংগত কৰি বিহু গাই আৰু এই গীতৰ লগত সংগতি ৰাখি নৃত্য প্ৰদৰ্শন কৰে। দেউৰী ডেকা-গাভৰুসকলে ৰঙালী বিহুৰ সময়ত ‘লহৰীয়া’ নাচ নাচে। এই নাচৰ নামেই হৈছে ‘আৱৰব’ নৃত্য। অসমৰ ৰাভাসকলে জেঠ মাহত ‘বায়খো’ উৎসৱ পালন কৰে। ই প্ৰধানতঃ কৃষিভিত্তিক বসন্ত উৎসৱ। ‘বায়খো’ উৎসৱৰ আনুসংগিকভাৱে ৰাভা ডেকা-গাভৰুসকলে ‘ছাথাৰ নৃত্য’ পৰিৱেশন কৰে। ছাথাৰ নৃত্যৰ লগত জড়িত ছাথাৰ গীত বিহুগীতৰ দৰেই প্ৰেমমূলক গীত। ৰঙে-ৰূপে ভৰা বায়খো উৎসৱৰ বতৰা পাই প্ৰকৃতিয়েও যেন নতুন সাজ সলায়।মিছিংসকলৰ কৃষিভিত্তিক বসন্ত উৎসৱ হ’ল ‘আলি-আই-লৃগাং’। ‘আলি-আই-লৃগাং’-ৰ অৰ্থ হৈছে খেতিৰ বীজ সিঁচাৰ আৰম্ভণি। মিছিংসকলে বুধবাৰটোক পৱিত্ৰ দিন হিচাপে গণ্য কৰে আৰু সেইবাবে ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনটোতে এই উৎসৱৰ আয়োজন কৰে। নতুন শস্য ৰোপণৰ বাবে পৃথিৱী মাতৃ আৰু পূৰ্বপুৰুষসকলক তোষণ কৰিবলৈ এই উৎসৱ পতা হয়। উৎসৱৰ দিনা ডেকা-গাভৰুৱে মিলি ‘গুমৰাগ নৃত্য’ কৰে। মিছিংসকল অতিশয় নৃত্য-গীত প্ৰিয়। মিছিং নৃত্য-গীতৰ স্বকীয় বৈশিষ্ট্য আছে। ঢোল, পেঁপা, গগনা, বাঁহী, লাও-পেঁপা, দেন্দুন ইত্যাদি বাদ্যযন্ত্ৰৰ ঝংকাৰত অসমৰ আকাশ-বতাহ মুখৰিত হৈ থাকে। তেওঁলোকে নৃত্যত মাছ মৰা, ধান সিঁচা, কাপোৰ বোৱা ইত্যাদি বিবিধ দৃশ্য ৰূপায়িত কৰে। অসমৰ আন এটা জনগোষ্ঠী হৈছে হাজং। তেওঁলোক কৃষিজীৱী লোক হোৱাৰ বাবেই বেছিভাগ উৎসৱ কৃষিকেন্দ্ৰিক। ব’হাগ বিহুৰ সময়ত হাজংসকলে বৰ উলহ-মালহেৰে বাঁশ পূজা উদ্যাপন কৰে। দৰঙৰ দেউল আৰু কামৰূপৰ ভঠেলিৰ লগত বাঁশ পূজাৰ মিল দেখা যায়। বাঁশ পূজাৰ উপলক্ষে দুডাল বাঁহৰ এডালত ক’লা আৰু আনডালত বগা চোঁৱৰ বান্ধি লোৱা হয়। লোকবিশ্বাস মতে ইয়াৰ এডাল মহাদেৱ আৰু আনডাল পাৰ্বতীৰ প্ৰতীক। এই বাঁহ পোতা ঠাইতে আন এডাল জেঙনি থকা বাঁহত পুৰণা জাকৈ-খালৈ, নাঙল আদি আঁৰি দিয়ে। বাঁশ পূজা তিনি দিন ধৰি অনুষ্ঠিত হয়। এই সময়ছোৱাত গাঁৱৰ ডেকা ল’ৰা-ছোৱালীবোৰে ঘৰে ঘৰে চোঁৱৰ লগোৱা বাঁহ নচুৱাই ফুৰে। বাঁহ নচুওৱাসকলক বাগুৱা বোলা হয়। অসমত বাস কৰা লালুং আৰু দেউৰীসকলৰ বাবে বুধবাৰ সবাতোকৈ পৱিত্ৰ দিন। সেয়েহে তেওঁলোকে চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা বিহু আৰম্ভ কৰে। তিৱা, লালুংসকলৰ বাসন্তিক উৎসৱৰ নাম ‘ছগ্ৰামিছাৱা’।বিহুৰ সমসাময়িক আন এক বসন্তোৎসৱ হৈছে ‘পয়চাং-কেন’। এই উৎসৱ পালন কৰে অসমত অতীজৰে পৰাই বসবাস কৰি অহা টাই খামতী টাই ফাকে, টাই আইটন আদি লোকসকলে। তেওঁলোকে এই উৎসৱৰ উপলক্ষে বুদ্ধমূৰ্তি মন্দিৰৰ বাহিৰলৈ নি গা ধুৱাই আৰু ঘাইকৈ ডেকা-গাভৰুৱে পানী ছটিয়ায়, বোকা দলিয়ায়, যাক ‘পয়-চাম-নাম” বুলি কয়। কোনো কোনোৱে ঢোল, পেঁপা, গগনাৰে বিহুও কৰে। ফাগুনৰ লঠঙা প্ৰকৃতিক বসন্তৰ আগমনে নতুনৰ সাজ পিন্ধায়। কোমল কুঁহিপাতে সকলোৰে মনলৈ সজীৱতা কঢ়িয়াই আনে। বসন্তৰ প্ৰথম বৰষুণজাকে কৃষিভূমিক জীপাল কৰে। সেই বাবেই কৃষিজীৱী ৰাইজৰ হেঁপাহৰ এই বসন্ত। এই বসন্ত কালতেই সেয়ে উৎসৱৰ প্ৰয়োভৰ হয়। বিভিন্ন জনগোষ্ঠীৰ উৎসৱৰ প্ৰতিটো উৎসৱৰ ৰীতি-নীতি সামান্য পৃথক হ’লেও সকলোৱেই কৃষিভিত্তিক। প্ৰতিটোতেই গীত-নৃত্যৰ, হাঁহি-তামাছাৰ আয়োজন আছে। এটা কথা উল্লেখযোগ্য যে প্ৰতিটো বসন্তকালীন উৎসৱতেই ঢোলৰ প্ৰয়োজন। অনৈক্যৰ মাজত ঐক্য এই অসমৰ প্ৰতিটো উৎসৱতেই সেয়া প্ৰতিফলিত হয়।