অন্যযুগ/


ভাৰতৰ বিশ্বগুৰু হোৱাৰ সপোন : বাস্তৱ আৰু ভৱিষ্যত!

পঙ্কজ প্ৰতিম বৰদলৈ



যোৱা প্ৰায় এক দশকৰো অধিক সময় ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ দেশ ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ এক প্ৰয়াসৰ বিষয়ে এক সৰৱ আলোচনা চলি আহিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যকালত, এই দিশটোৱে বিজেপি চৰকাৰৰ বিভিন্ন কাৰ্যসূচীতো গুৰুত্ব লাভ কৰিছে আৰু এই সম্পৰ্কে এক ইতিবাচকনেৰেটিভ্নিৰ্মাণ কৰাৰো এক প্ৰয়াস চৰকাৰীভাৱে অব্যাহত আছে৷ আনহাতে এই দিশটোৰ ইতিবাচকতা, ইয়াৰ প্ৰকৃত লক্ষ্য, ৰাজনৈতিক অভীপ্সা তথা শাসনাধিস্থিত চৰকাৰৰ আদৰ্শগত আৰু ৰাজনৈতিক লাভালাভ আদি দিশবোৰেও বিদ্বৎ মহলত এক বিতৰ্কৰ সূত্ৰপাত ঘটাইছে৷ কৰণা মহামাৰীৰ দ্বিতীয় ঢৌৰ ঠিক আগে আগে ভাৰতৰ ভেক্‌চিন সাফল্যই ভাৰতৰ বিশ্বগুৰু হোৱাৰ প্ৰয়াসক উজ্জীৱিত কৰি তুলিছে ধৰণৰ এক ব্যাখ্যা আগবঢ়োৱা হৈছিল যদিও, নাৰ দ্বিতীয় ঢৌৰ বিপৰ্যস্ত পৰিস্থিতিয়ে ইয়াক বহু পৰিমাণে স্তিমিত কৰি পেলালে. এতিয়া প্ৰশ্ন হল ভাৰত প্ৰকৃতপক্ষে বিশ্বগুৰু হয়নে? অথবা বিশ্বগুৰু হোৱাৰ এই ধাৰণাটোৰ আধাৰ কি? বিশ্বগুৰু হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে, ভাৰতৰ দৰে এখন উন্নয়নশীন তৃতীয় বিশ্বৰ দেশৰ প্ৰত্যাহ্বানসমূহ কি? এই বিশ্বগুৰু সপোনৰ নিৰ্মোহ বাস্তৱ আৰু ভৱিষ্যত কি? লেখাটোৱে এনে কিছু দিশতে আলোকপাত কৰাৰ এক প্ৰয়াস কৰিব৷

প্ৰাচীন ভাৰতবৰ্ষ এক উচ্চ মানৰ শিক্ষাকেন্দ্ৰ আছিল৷ তক্ষশীলা, নালন্দা, পুষ্পগিৰি আদি শিক্ষাকেন্দ্ৰই বিশ্বৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰক আকৰ্ষিত কৰিছিল৷ বিভিন্ন বিষয়ৰ গৱেষণা আৰু জ্ঞান অন্বেষণৰ অহৰহ প্ৰয়াসে ভাৰতক এক অগ্ৰগণ্য বৌদ্ধিক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল৷ বেদ-উপনিষদ, পুৰাণ আদি চৰ্চাৰ লগতে, কৃষি, দৰ্শন, গণিতশাস্ত্ৰ, ধনুৰ্বিদ্যা, সমৰকলা, শল্যচিকিৎসা, ঔষধশাস্ত্ৰ, আয়ুৰ্বেদ, জ্যোতিৰ্বিজ্ঞান, বাণিজ্য, সংগীত-নৃত্য, সাহিত্য আদি প্ৰায়বোৰ বিষয়তে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছিল৷

ৰাজনীতি, অৰ্থনীতি, ব্যাকৰণশাস্ত্ৰ আদি বিষয়বোৰতো ভাৰতৰ সফলতা আছিল চমকপ্ৰদ আৰু ঈৰ্ষণীয়৷ চাণক্য, চৰক আদি মহান পণ্ডিত আৰু চিকিৎসক তক্ষশীলাৰ ছাত্ৰ আছিল৷ হৰপ্পা আৰু মহেঞ্জোদাৰোৰ খননৰ পাছত লাভ কৰা প্ৰামাণিক তথ্যসমূহে এইটো প্ৰমাণ কৰি দেখুৱাইছিল যে সেই সময়ৰ বিশ্বতকৈ ভাৰতবৰ্ষ বহুগুণে অগবঢ়া আৰু উন্নত দেশ আছিল৷ বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে কৈছিল যে, ‘We owe a lot to the Indians, who taught us how to count, without which no worthwhile scientific discovery could have been made’. ভাৰতবৰ্ষই এনে এক প্ৰশংসাৰ পাত্ৰ হোৱাৰ কাৰণ আছিল, ভাৰতবৰ্ষই জ্ঞান অন্বেষণ আৰু শিক্ষাক প্ৰাচীন কালৰে পৰা প্ৰয়োজনীয় গুৰুত্ব প্ৰদান কৰিছিল৷ ঋগ্বেদত উল্লেখ আছেআ নো ভদ্ৰাঃ ক্ৰতৱো য়ন্তু বিশ্বতঃ অৰ্থাৎসকলো দিশৰ পৰা ভাল চিন্তা আহক৷ ভাৰতৰ এই জ্ঞান গ্ৰহণৰ প্ৰতি আকৰ্ষণ, বৌদ্ধিক চিন্তাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ প্ৰতি আগ্ৰহ, উপযুক্ত পৃষ্ঠপোষকতা, জ্ঞানৰ গ্ৰহযোগ্যতা আদি কাৰকৰ বাবে ভাৰতে উল্লেখযোগ্য সফলতা লাভ কৰিছিল৷

ভাৰতৰ এই গৌৰৱোজ্জ্বল ইতিহাস সময়ৰ সোঁতত বহু পৰিমাণে ম্লান পৰিল যদিও অতীতৰ এই গৌৰৱ গাথাক পুনৰুদ্ধাৰ কৰি প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ এক প্ৰক্ৰিয়া উত্তৰ স্বাধীনতাৰ সময়ৰ পৰাই চলি আহিছে যদিও, এক ফলপ্ৰসূ ফলাফল দেখিবলৈ পোৱা হোৱা নাই৷ বহু সময়ত এই যুক্তি আগবঢ়োৱা হৈছে যে, স্বাধীনতাৰ পাছৰ সময়ছোৱাত ভাৰতৰ আই. আই. টি. আৰু আই. আই. এম. আদি শিক্ষানুষ্ঠানে বহু তীক্ষ্ণধী লোক সৃষ্টি কৰিছে আৰু এই ছাত্ৰসকলে মানৱজাতিৰ কল্যাণৰ বাবে যথেষ্ট অৱদান আগবঢ়াইছে৷ কিন্তু এই যুক্তিয়ে ভাৰতৰ বিশ্বগুৰু হোৱাৰ সপোনত প্ৰকৃতপক্ষে তিলমানো সহায় নাই কৰা৷ বিশ্বক বাট দেখুৱাই নিয়াৰ তথা এক আদৰ্শৰ চানেকি সমাজ জীৱনৰ প্ৰায় সকলো দিশতে স্থাপন কৰাটো জটিলেই নহয়, অসম্ভৱো৷ পৰিৱৰ্তিত সমাজ ব্যৱস্থাত দেশসমূহৰ এক বহুমুখী গতিময়তাৰ প্ৰয়োজন৷ বিভিন্ন বিষয় যেনে- কূটনীতি, গণতন্ত্ৰ, সুৰক্ষা, বিজ্ঞান, স্বাস্থ্য, দৰিদ্ৰতা, জনসংখ্যা, পৰিৱেশ নিয়ন্ত্ৰণ, বাণিজ্য আৰু উদ্যোগ, শিক্ষা, ক্ৰীড়া আদি প্ৰায়বোৰ প্ৰয়োজনীয় বিষয়তে এক ধৰণৰ উৎকৰ্ষ লাভ কৰিলেহে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এখন দেশৰ গুৰুত্ব আৰু প্ৰভাৱ বৃদ্ধি হয়৷ এই সকলো দিশতে সমান প্ৰভাৱ আৰু গুৰুত্ব লাভ কৰা দেশ বৰ্তমান বিশ্বত এখনো নাই৷ বিশ্বায়ণৰ এই সময়ত এনে ধৰণৰ বাস্তৱতা থাকিব বুলি আশা কৰাটোও এক ধৰণৰমীথ’-হে৷ কিন্তু দেশসমূহে এনে দিশবোৰত চৰম উৎকৰ্ষ লাভ কৰিব নোৱাৰিলেও, এক যোগাত্মক সফলতা লাভ কৰাৰ বাবে নিৰন্তৰ প্ৰয়াস নিশ্চয়কৈ অব্যাহত ৰাখিব পাৰে৷ এই প্ৰয়াসেই সময়ৰ গতিত কোনো এক ক্ষণত কোনো এখন দেশক এক নেতৃস্থানীয় আসন প্ৰদান কৰিব পাৰে৷

ভাৰতৰ বিশ্বগুৰু হোৱাৰ প্ৰক্ৰিয়াৰ মাজত ভাৰতৰ বিশ্বৰ মহাশক্তি হোৱাৰ এক গোপন সপোন আছে৷ বহু সময়ত আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভৱিষ্যতে ভাৰতক ‘ছুপাৰ পাৱাৰ’ হিচাপে প্ৰতিষ্ঠা কৰাৰ অভিলাসী আঁচনিৰ বিষয়ে শুনা যায়৷ একে সময়তে স্বাধীনতাৰ পাছত যদিও ভাৰতে বহুতো উল্লেখযোগ্য সফলতা লাভ কৰিছে, এতিয়াও আগ বাঢ়িবলৈ বহুদূৰ বাকী আছে৷ বৰ্তমানলৈকে বিশ্বৰ সকলো উদিত শক্তিয়ে নিজৰ শক্তি-সামৰ্থ্য বৃদ্ধি কৰি থকাৰ সময়ত, অৱশ্যেই নিজৰ এই পৰিকল্পনাক গোপনে ৰাখিছিল, যাতে আন কোনো প্ৰভাৱশালী শক্তিয়ে এই উত্থানত বাধা দিব নোৱাৰে৷ আনহাতে যিবোৰ দেশে প্ৰকাশ্যই নিজৰ এই ‘ছুপাৰ পাৱাৰ’ হোৱাৰ মনোকামনা প্ৰকাশ কৰি ফুৰিছিল, সেইবোৰ দেশৰ পৰিণাম শোচনীয় হৈ পৰিছিল৷ যোৱাটো শতিকাৰ ত্ৰিছ আৰু চল্লিছৰ দশকৰ উইলহেম জাৰ্মানী আৰু জাপান এই শোচনীয় পৰিণতিৰ উদাহৰণ৷ আনহাতে বৰ্তমান সময়ত চীনদেশ এনে পথৰে পথিক বুলি বহু সময়ত বিজ্ঞসকলে মন্তব্য কৰিছে৷ তেনেস্থলত ভাৰতবৰ্ষৰ বাবে এনে ধৰণৰ মনোবাঞ্ছা প্ৰকাশ কৰাটো কিমানদূৰ গ্ৰহণযোগ্য সি এক বিচাৰ্য বিষয়৷

যোৱাটো শতিকাৰ শেষৰ দশককেইটাত আৰু স্বাধীনতাৰ পাছৰ পৰাই ভাৰতে দৰিদ্ৰতা নিৰ্মূল, উন্নয়ন, সামৰিক শক্তি, শিক্ষা, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আদিত উল্লেখযোগ্য সফলতা লাভ কৰিছে৷ বৰ্তমান সময়তো বিশ্বৰ অৰ্থনীতিত ভাৰতৰ এক উল্লেখযোগ্য স্থিতি আছে। ইয়াৰ উপৰি বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতৰ কূটনৈতিক সম্পৰ্ক যথেষ্ট দৃঢ় আৰু প্ৰভাৱশালী হৈ উঠিছে৷ চীনৰ প্ৰায় নিশ্চিত এক আক্ৰমণক এনে এক সংগঠিত কূটনীতিৰেই মোকাবিলা কৰা হৈছিল৷ তৎসত্তেও, যদি এক নিৰ্মোহ দৃষ্টিভংগীৰে বিশ্লেষণ কৰা যায়, তেন্তে দেখা যাব যে ভাৰতৰ বিশ্বগুৰু বা মহাশক্তি হোৱাৰ পথছোৱাত থকা বাধাসমূহ মূলতঃ আভ্যন্তৰীণ বাধা৷ একে সময়তে যোৱা কেইটামান বছৰত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হোৱা আদৰ্শগত আৰু দৃষ্টিভংগীৰ পৰিৱৰ্তনো এক কাৰক হিচাপে দেখা দিছে৷ যোৱা বছৰকেইটাত ভাৰতক বিশ্বৰ এক অগ্ৰণী শক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসৰ বিষয়ে নিৰন্তৰ উল্লেখ, ৰাজনীতি আৰু ৰাষ্ট্ৰ পৰিচালনাক এক ‘সভ্যতাৰ সংগ্ৰাম, সংস্কৃতিৰ ৰণ’ আদি বিমূৰ্ত ধাৰণাৰ লগত সংপৃক্ত কৰাৰ প্ৰয়াসে ভাৰতৰ ভৱিষ্যত দৃষ্টিভংগীৰে বাস্তৱতাৰ প্ৰতিও প্ৰশ্ন উত্থাপন কৰিছে৷

প্ৰকৃতপক্ষে ‘বিশ্বগুৰু’ ধাৰণাটোক লৈও এক বিতৰ্ক অব্যাহত আছে৷ ইতিমধ্যে আলোচনা কৰা প্ৰেক্ষাপটৰ পৰা এই কথা বুজাত একো অসুবিধা হোৱা নাই যে, এই সমগ্ৰ ধাৰণাটোৱেই এক বিমূৰ্ত বাস্তৱতাকহে প্ৰতিফলিত কৰিছে৷ প্ৰায়োগিক বাস্তৱতাৰ প্ৰতি গুৰুত্ব দিয়া প্ৰতিজন ব্যক্তিয়েই এই অৱধাৰণাৰ বাগধাৰাক যে এক ৰাজনৈতিক আদৰ্শ প্ৰণোদিত শক্তিয়েহে নিয়ন্ত্ৰণ কৰি আছে, সি সহজেই অনুমেয় বুলি অনুভৱ কৰিব পাৰে৷ বিশ্বগুৰুৰ ধাৰণাটোৱে ভাৰতৰ হিন্দু ভোটাৰসকলক তথা হিন্দু ধৰ্মৰ লোকসকলক মূলতঃ গৌৰৱময় ইতিহাস, ইয়াৰ পুনৰ উত্থানৰ প্ৰয়াস আৰু ভৱিষ্যতৰ প্ৰভাৱশালী ভাৰতৰ এক সোণালী সপোন দেখুৱায়৷ ভাৰতীয় জনতা পাৰ্টিৰ পৰিৱৰ্তিত ৰাজনৈতিক-বৌদ্ধিক বাগধাৰাক এক গ্ৰহণযোগ্যতা দিয়াৰ ক্ষেত্ৰত এই বিশ্বগুৰু ধাৰণাটোৱে বহুলাংশে সহায় কৰাৰ সম্ভাৱনা আছে৷

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আৰু দেশীয় ৰাজনীতিটো বিজেপিয়ে নিজৰ এক গ্ৰহণযোগ্য ইমেজ নিৰ্মাণৰ চেষ্টা অব্যাহত ৰাখিছে৷ ইয়াৰ অংশ হিচাপে কঠোৰ হিন্দুত্ববাদী স্থিতিৰ বিপৰীতে এক নমনীয় অথচ হিন্দুত্ববাদী চেতনাস্ৰোত প্ৰৱাহিত হৈ থকা ধাৰণা কিছুমানৰ সহায় লোৱা দেখা গৈছে৷ বিশ্গুৰুৰ ধাৰণাও তেনে এক কৌশলৰ অংশ যেন অনুমান হয়৷ ৰাজনৈতিক দিশটো উপেক্ষা কৰিও যদিও বিশ্বগুৰু ধাৰণাটোৰ এক বহল পৰ্যালোচনা কৰা হয়, তেন্তে ইয়াৰ লগত জ্ঞান বা শিক্ষাৰ এক ওতঃপ্ৰোত সম্পৰ্ক দেখা যায়৷ বিশ্বগুৰুৰ ধাৰণাৰে চালে দেখা যায় যে ভাৰত জ্ঞান-বিজ্ঞান আৰু শিক্ষাৰ এক অভিকেন্দ্ৰ হোৱা উচিত৷ সেই দৃষ্টিৰে লক্ষ্য কৰিলে দেখা যাব যে ভাৰতৰ বৰ্তমানো মাত্ৰ ৭৭% লোকহে সাক্ষৰ৷ অৰ্থাৎ এক বৃহৎ সংখ্যক জনসংখ্যাক প্ৰাথমিক শিক্ষা প্ৰদান কৰাটো বৰ্তমানেও অতি জৰুৰী৷ আনহাতে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত ভাৰতীয় শিক্ষানুষ্ঠানৰ স্থান অতি দুখলগা৷ ১৯৮৬ চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰৱৰ্তনৰ পাছত প্ৰায় পঁয়ত্ৰিছ বছৰৰো অধিক সময়ৰ পাছত ২০২০ চনতহে পুনৰাই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত অনুমোদন দিয়া হৈছে৷ অৰ্থাৎ কেইবাটাও প্ৰজন্ম আৰু একবিংশ শতিকাৰ প্ৰথম দশকৰ প্ৰজন্মসমূহে ইতিমধ্যে পুৰণা হোৱা পাঠ্যক্ৰম পঢ়িয়েই শিক্ষজীৱন পাৰ কৰিলে৷ ইয়াৰ নেতিবাচক প্ৰভাৱ তেওঁলোকৰ দক্ষতা আৰু তাৰ প্ৰভাৱ সমাজত পৰাটো ধুৰূপ৷ আনহাতে বিশ্বগুৰুৰ ধাৰণাটোৱে বৰ্তমান দেশত জীৱিকাৰ সমস্যা (না মহামাৰীৰ পাছত এই সমস্যা অধিক গুৰুতৰ হৈ পৰিছে!) তথা আভ্যন্তৰীণ আৰু সীমা সুৰক্ষাৰ দিশটোৰ কি সমাধান আগবঢ়াব পাৰে সেয়া স্পষ্ট নহয়৷ ইতিমধ্যে কৈ অহাৰ দৰে ভাৰতত থকা অভ্যন্তৰীণ সমস্যাসমূহ যেনে- সন্ত্ৰাসবাদ, মাওবাদ, বৰ্ধিত জনসংখ্যা, দৰিদ্ৰতা, অৰ্থনৈতিক অনগ্ৰসৰতা, মূল্যবৃদ্ধি, নিৱনুৱা সমস্যা, সাম্প্ৰদায়িকতা, জাতিভেদ, ধৰ্মীয় গোড়ামি, বনাঞ্চল ধ্বংস, গণতান্ত্ৰিক প্ৰমূল্য আৰু সংস্কাৰৰ দ্ৰুত স্খলন, দুৰ্নীতি আদিবোৰৰ প্ৰতি ভাৰত বিশ্বগুৰু হোৱাৰ সপোনটোৰ প্ৰত্যুত্তৰ বা সমাধান কি, সিও এক বিচাৰ্য বিষয়৷ আনহাতে ভাৰতক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ সফলতাই আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত দেশক কি ধৰণে লাভান্বিত কৰিব এই লৈও কোনে স্পষ্টতা দেখা পোৱা হোৱা নাই৷ যোৱা এটা দশকৰ দেশৰ ৰাজনৈতিক বাগধাৰাক যদি অধ্যয়ন কৰা হয়, তেন্তে দেখা গৈছে যে ভাৰতক বিশ্বগুৰু বা মহাশক্তি হিচাপে স্থাপন কৰাৰ চেষ্টা বা প্ৰয়োজনীয়তাৰ কথা দোহাৰি থকা হৈছে, কিন্তু কেনেকৈ সেই পৰ্যায় পোৱা হ’ব বা এই উদ্দেশ্য সিদ্ধিৰ লাভালাভ অথবা সেই লাভ কৰা ‘শক্তি’ৰ প্ৰয়োগ আদিৰ বিষয়ে একো চৰ্চা হোৱা দেখা নাই৷ ‘ৰাইজিং ইণ্ডিয়া’, ‘ইণ্ডিয়া দ্যা গ্ৰেট পাৱাৰ’ আদি একো একোটা শ্লোগানসৰ্বস্ব ধাৰণাহে মাত্ৰ বুলি প্ৰতীয়মান হৈছে৷ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো, এই ধাৰণাসমূহে ভাৰতৰ এক বৃহৎ কলেৱৰৰ প্ৰতিমূৰ্তিৰ ধাৰণাহে আগবঢ়াইছে, যাৰ বাস্তৱ ভিত্তি ঠুনুকা৷ তেন্তে এই বিশ্বগুৰু ধাৰণাটো কিয় প্ৰক্ষেপ কৰা হৈছে আৰু বাস্তৱিকতা প্ৰকৃততে কি সেয়া এক বিশ্লেষণীয় বিষয়৷ কিছু ব্যক্তিগত অধ্যয়ন আৰু চিন্তা পৰ্যালোচনাৰ পাছত এই লেখকে অনুভৱ কৰে যে, বিশ্ব ৰাজনীতিত ভাৰতৰ এক নিৰ্দিষ্ট চিনাকি আৰু সুকীয়া স্থান আছে৷ নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ হকে ভাৰতে নিজৰ কৰ্ম আৰু স্থান অক্ষুন্ন ৰখাৰ অতীৱ প্ৰয়োজন আছে আৰু ইয়াৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰখাটোও জৰুৰী৷ একে সময়তে বিশ্ব সম্প্ৰদায়ৰ লগত ভাৰতৰ যি সম্পৰ্ক, সেয়া কোনো দেশক বা জাতিক হৰুওৱাৰ বা নিম্নস্থানৰ বুলি প্ৰতিপন্ন কৰাৰ প্ৰয়াস নহৈ দুশ বছৰৰ সম্ৰাজ্যবাদী শক্তিৰ শাসনত বিপৰ্যস্ত হৈ পৰা আমাৰ দেশৰ লাখ লাখ জনতাক তেওঁলোকৰ কৰুণ পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰাৰ এক চেষ্টাহে হোৱা উচিত৷ ভাৰতৰ প্ৰায়োগিক পৰিৱৰ্তনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সহযোগত ভাৰতৰ আভ্যন্তৰীণ সমস্যাসমূহৰ ফলপ্ৰসূ সমাধানৰ বাট উলিওৱাটোহে প্ৰয়োজনীয়৷ ইয়াৰ বাবে দেশৰ এক বৃহৎ কলেৱৰ বা শ্লোগানসৰ্বস্ব অৱধাৰণা সৃষ্টিৰ প্ৰয়োজনীয়তা নাই৷ বৰঞ্চ এনে এক ধাৰণা দেশৰ স্বাৰ্থৰ বাবে ক্ষতিকাৰকহে৷
    শেষত, ক’ব পাৰি যে, ‘বিশ্বগুৰু’ বা ‘ছুপাৰ পাৱাৰ’ আদি ধাৰণাসমূহ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত একো একোটা শ্ল’গানসৰ্বস্ব সাময়িক গৌৰৱ সৃষ্টিকাৰী ধাৰণা মাত্ৰ৷ ইয়াৰ বাস্তৱিকতা প্ৰশ্নবোধক৷ বিশ্বগুৰু বাগধাৰা নিৰ্মাণৰ জৰিয়তে এই ধাৰণাৰ লগত জড়িত সাময়িক সন্মান আৰু স্থান লাভৰ প্ৰতি থকা আগ্ৰহকহে প্ৰতিফলিত কৰিছে৷ ইয়াৰ ফলাফলে দেশ, ভাৰতীয় নাগৰিক, প্ৰতিৱেশী ৰাষ্ট্ৰ তথা বিশ্ব সম্প্ৰদায়লৈ কি বৰঙণি যোগাব ইয়াক লৈ থকা মৌনতাই ইয়াৰ প্ৰায়োগিকতাক নস্যাৎ কৰিছে৷ গতিকে, সাধাৰণ জনতাৰ বাবে জীৱন ধাৰণৰ মানৰ উদগনি, শিক্ষাৰ পৰা ধৰি সামৰিক সুৰক্ষালৈকে, স্বাস্থ্যৰ পৰা পৰিৱেশ সংৰক্ষণলৈকে আদি প্ৰায়োগিক দিশসমূহে গুৰুত্ব লাভ কৰিব, এক বিমূৰ্ত ধাৰণাই নহয় অৱশ্যে উত্তৰ সময়ে দিব৷!  

ঠিকনা :

উপসঞ্চালক, ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী

ভ্ৰাম্যভাষ : +৯১-৮৮০০৯ ৪৮৮০৮

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ