অন্যযুগ/


কেইখনমান পানীৰঙী চিত্ৰ, উইলিয়াম লুকাৰ জুনিয়ৰ আৰু ৱিটিছ ভাৰতীয় সেনা

 পঙ্কজ প্রতিম বৰদলৈ


 ১৯১৯ চনৰ ২৮ জুনত স্বাক্ষৰিত হোৱা ভাৰ্চাই চুক্তিয়ে আনুষ্ঠানিকভাৱে প্ৰথম মহাসমৰৰ অন্ত পেলায়। সেই একে বৰ্ষৰে জুলাই মাহত গোৰ্খা ৰাইফল্‌ছৰ কৰ্ণবাহাদুৰ ৰাণাই গৌৰৱেৰে হাতত তুলি লৈছিল অতি সন্মানীয় ভিক্টৰীয়া ক্ৰছ। যুদ্ধক্ষেত্ৰত দেখুওৱা অতুলনীয় সাহসিকতাৰ বাবে, সি আছিল সেই সময়ৰ সৰ্বোচ্চ সন্মান। লণ্ডনৰ ৰাজপথত আয়োজিত বিজয়োৎসৱৰ পেৰেডত অংশ লোৱা ব্ৰিটিছ ভাৰতীয় সেনাৰ শান্তি গোটৰ সদস্য আছিল ৰাণা। কৰ্ণ বাহাদুৰ ৰাণাই প্রতিনিধিত্ব কৰিছিল, সেই সময়ৰ ব্রিটিছ ভাৰতীয় সেনাৰ প্রথম মহাসমৰত আগবঢ়োৱা অনবদ্য সেৱাক।


 সংগঠিত ৰূপত জাতীয়তাবাদী আন্দোলন বংগ-ভংগৰ পাছত মূৰ দাঙি উঠিবলৈ কিছু সময় লৈছিল আৰু প্রকৃততে মহাত্মা গান্ধীৰ কংগ্ৰেছ আগমণ আৰু কুখ্যাত ৰাওলাই এক্টেহে ইয়াক এক সংগঠিত ৰূপ প্রদান কৰাত সহায় কৰিছিল। জালিয়ানৱালাবাগৰ গণহত্যাই জাতীয়তাবাদী চিন্তাধাৰাক দিছিল এক ফিৰিঙতি, যি পৰৱৰ্তী সময়ত এক প্ৰকৃত গণ আন্দোলনৰ ৰূপ পাইছিল। কিন্তু মাজৰ সেই প্রায় এটা দশক আছিল যুদ্ধৰ দশক৷ সকলো যুদ্ধৰ সম্ভাৱনাক শেষ কৰাৰ বাবে প্রয়োজনীয় এক যুদ্ধ বুলি জনাজাত এই যুদ্ধই ভাৰতক প্ৰত্যক্ষভাৱে যদিও স্পৰ্শ কৰা নাছিল, তথাপিও এই যুদ্ধত অংশ লৈছিল হাজাৰ-বিজাৰজন ভাৰতীয় সৈনিকে৷ প্রাণ হেৰুৱাইছিল, ঘূণীয়া হৈছিল, সাত সাগৰ তেৰ নদীৰ সিপাৰৰ অজান দেশত, কেৱল মাত্ৰ সাম্ৰাজ্যবাদী ব্ৰিটিছৰ স্বাৰ্থ সুৰক্ষাৰ বাবে।


 ১৯১৯ চনৰ জুলাই মাহত আয়োজিত এই বিজয় উৎসৱৰ পেৰেডত ভাগ লৈছিল প্রায় ১৫,০০০ সৈনিকে৷ যিসকলে প্রত্যক্ষভাৱে ভাগ লৈছিল, প্রথম মহাসমৰৰ বিভিন্ন যুদ্ধক্ষেত্ৰত৷ লণ্ডনৰ বিখ্যাত হোৱাইট হলত উন্মোচন হৈছিল নিহত সৈনিকৰ স্মাৰক সৌধ। সামৰিক আৰু অসামৰিক মুঠতে চাৰিকোটি দহ লাখ মানুহে প্ৰাণ হেৰুৱাইছিল মানৱ ইতিহাসৰ অন্যতম হিংসাত্মক যুদ্ধখনত৷ ভাৰতে হেৰুৱাইছিল প্রায় ৭৪ হেজাৰজন বীৰ সৈনিক৷ ফিল্ড মার্শ্বাল ছাৰ ক্লউড অউচিন্‌লেকো ১৯৪২ চনত লিখিছিল যে, ব্ৰিটিছৰ বাবে দুয়োখন মহাসমৰতে বিজয় লাভ কৰাটো ভাৰতীয় সেনাৰ অবিহনে অসম্ভৱ হলহেঁতেন ৷


 কিন্তু, ১৯১৯ চনৰ ১৯ জুলাইৰ লণ্ডনৰ ৰাজপথত আয়োজিত বিজয়োৎসৱত ব্ৰিটিছ ভাৰতীয় সেনাৰ দলটোৱে দুৰ্ভাগ্যজনকভাৱে অংশ লব পৰা নাছিল। কৰ্ণ বাহাদুৰ ৰাণাই হেঁপাহেৰে বাট চাই থকা ভিক্টৰীয়া ক্ৰছও তেওঁ লাভ কৰা নাছিল। ভাৰতৰ পৰা প্ৰেৰণ কৰা ব্ৰিটিছ ভাৰতীয় সেনাৰ দলটোৱে এমাহৰ বেছি সময়ৰ ভ্ৰমণৰ সময়ত আক্ৰান্ত হৈছিল সংক্ৰামক জ্বৰত আৰু নিৰ্দিষ্ট সময়ত উপস্থিত হবগৈ পৰা নাছিল ব্ৰিটিছ ভাৰতীয় সেনাৰ শান্তি বাহিনীৰ দলটো ৷


 প্রথম মহাসমৰত ব্ৰিটিছ ভাৰতীয় সেনাই আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে ১৯১৯ চনৰে ২ ছেপ্টেম্বৰত লণ্ডনৰ ৰাজপথত আয়োজন কৰা হৈছিল এক সুকীয়া বিজয় উৎসৱৰ। ব্ৰিটিছ ভাৰতীয় সেনাৰ প্রায় ১৮০০ জন বিষয়া আৰু জোৱানে সেই পেৰেডত ভাগ লৈছিল৷ সেই দলত ভালেসংখ্যক ব্ৰিটিছ বিষয়াও আছিল। ৰাজকীয় সেৱাদল বুলি জনাজাত দেশীয় ৰাজ্যৰে সেনাৰ ৩৪ জন জোৱানেও ইয়াত অংশ লৈছিল। ১৯১৯ চনৰ ২৬ জুলাই তাৰিখে ভাৰতৰ পৰা অহা ব্ৰিটিছ ভাৰতীয় সেনাৰ দলটো উপস্থিত হৈছিলগৈ তেওঁলোকৰ বাবে নিৰ্দিষ্ট কৰি থোৱা সেনাছাউনি হাম্পটন কৰ্টত।


 ২ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা ঐতিহাসিক পেৰেডত ভাগ লোৱা প্রতিজন সেনাই হয়তো ভগৱানক ধন্যবাদ জনাইছিল এইবুলি যে যুদ্ধৰ উন্মত্ত বিভীষিকাৰ মাজতো তেওঁলোক আছিল ভাগ্যৱান, যি জীৱিত থাকি এই পেৰেডত ভাগ লোৱাৰ সৌভাগ্য লাভ কৰিছিল। নেপোলিয়নৰ পৰাজয়ৰ বাবে বিখ্যাত ৱাটাৰ্‌লু ষ্টেচনৰ পৰা আৰম্ভ হোৱা এই পেৰেড ৱাকিংহাম পেলেচত অন্ত হৈছিল। কৰ্ণবাহাদুৰ ৰাণাই লাভ কৰিছিল তেওঁৰ বহু কাংক্ষিত ভিক্টৰীয়া ক্ৰ ইংলেণ্ডৰ ৰজাৰ পৰা নিজহাতে তেওঁ গ্ৰহণ কৰিছিল এই সন্মান ৷ ৰজাই দিয়া ভাষণৰ তাৎক্ষণিক উৰ্দু অনুবাদ জেনেৰেল ফ্ৰেডৰিক কেম্পবেলে কৰি গৈছিল আৰু দেশৰ জোৱানসকলক চাহ-মিঠাইৰে আপ্যায়ণ কৰা হৈছিল।


ব্ৰিটিছ ভাৰতীয় সেনাৰ সেই দলটো তাৰ পাছত কেইবা সপ্তাহো ইংলেণ্ডতে থাকিছিল। লণ্ডনৰ আশে-পাশে ফুৰা-চকাৰ ব্যৱস্থা কৰা হৈছিল তথা অন্যান্য আমোদ-প্রমোদৰ ব্যৱস্থাও কৰা হৈছিল। ১৯১৯ চনৰ ছেপ্টেম্বৰ মাহত এই দলটোৱে ভাৰত অভিমুখে ওভতনি যাত্ৰা আৰম্ভ কৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি লণ্ডনস্থিত ইণ্ডিয়া অফিচে প্রকাশ কৰিছিল এখন সৰু পুথি, ত আছিল উইলিয়াম লুকাৰ জুনিয়ৰ নামৰ শিল্পীজনৰ দ্বাৰা চিত্ৰিত পানীৰঙৰ কিছু অপূৰ্ব চিত্ৰ ৷ 


Our Indian Army - A record of the Peace Contingent visit to England 1919 শীৰ্ষক এই সৰু কিতাপখনতে আছিল শিল্পী উইলিয়াম লুকাৰ জুনিয়ৰ (ইয়াৰ পাছত লুকাৰ বুলি কোৱা হব)-ৰ দ্বাৰা চিত্ৰিত চিত্ৰসমূহ৷


 ব্ৰিটিছ ভাৰতীয় সেনা, সাম্ৰাজ্যবাদী ব্ৰিটিছৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে গঢ়ি তোলা এটা অতি সংগঠিত সেনাবাহিনী আছিল। ভাৰতবৰ্ষৰ লগতে বিশ্বৰ অন্যান্য প্ৰান্ততো সেই সেনাবাহিনীয়ে ব্ৰিটিছলৈ আগ বঢ়াইছিল অতুলনীয় সেৱা। যদিও সামৰিকভাৱে অতি সংগঠিত আৰু কঠোৰ নিয়মানুসাৰে পৰিচালিত আছিল, ব্রিটিছ ভাৰতীয় সেনাবাহিনীত কিন্তু মুখ্যতঃ স্থান লাভ কৰিছিল জাতি প্রথাই। পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানৰ লগতে অবিভক্ত ভাৰতৰ সিন্ধ, বেলুচিস্তান আদিৰ লোকে তথা তেতিয়াৰ অৱধ, উত্তৰ প্রদেশ, বংগৰ লোকসকলে আগস্থান পাইছিল। পঞ্জাৱ ৰেজিমেণ্ট, গোৰ্খা ৰেজিমেণ্ট আদি বৰ্তমানৰ ভাৰতীয় সেনাৰ গোটবোৰে জাতিভিত্তিক পৰিচয় তেতিয়াই লাভ কৰিছিল। এখন বহুধাবিভক্ত দেশক শাসন কৰিবৰ বাবে, ব্ৰিটিছৰ তেনে ব্যৱস্থা তেতিয়াৰ দিনত গ্ৰহণযোগ্য আছিল যদিও, পৰিৱৰ্তিত সময়ত এই প্রথা ভালেখিনি কমি গৈছে যদিও একেবাৰে শেষ হৈ যোৱা নাই।


১৯১৯ চনৰ ব্ৰিটিছ ভাৰতীয় সেনাৰ এই ইংলেণ্ড ভ্ৰমণৰ সময়তে চিত্ৰশিল্পী লুকাৰে আঁকি উলিয়াইছিল ভাৰতীয় চিপাহীৰ কিছু অপূৰ্ব পানীৰঙী চিত্ৰ। এই পানীৰঙী চিত্ৰসমূহৰ বৈশিষ্ট্য আছিল যে ভাৰতীয় সেনাৰ প্ৰচলিত জাতিভিত্তিক ব্যৱস্থাৰ আধাৰত এই চিত্ৰসমূহ চিত্ৰিত কৰা হৈছিল। চিত্ৰশিল্পী হিচাপে লুকাৰ কেৱল প্ৰখ্যাতেই নহয়, তেওঁৰ নিজৰ চিত্ৰকৰ্মৰ বাবে বিশেষভাৱে জনাজাত আছিল। তেওঁৰ পানীৰঙৰ চিত্ৰসমূহে ব্ৰিটিছ ভাৰতীয় সেনাৰ কিছু জীৱন্ত স্বৰূপ আমাৰ সন্মুখত দাঙি ধৰে। ১৮৬৭ চনত লণ্ডনত জন্ম গ্ৰহণ কৰা উইলিয়াম লুকাৰ জুনিয়ৰৰ পিতৃও আছিল এজন প্রখ্যাত শিল্পী। মুখ্যত তৈলচিত্ৰৰ বাবে প্রসিদ্ধ লুকাৰে পানীৰঙেৰে অংকন কৰা বিভিন্ন চিত্ৰকৰ্মই যথেষ্ট প্রসিদ্ধি লাভ কৰিছিল। লুকাৰৰ চিত্ৰকৰ্ম ৰয়েল একাডেমী অৱ আৰ্টছত বহুবাৰ প্রদৰ্শিত হৈছিল৷ তেওঁৰ দ্বাৰা অংকন কৰা চিত্ৰকৰ্মই ৰাণী এলিজাবেথৰ ৰাজকীয় সংগ্ৰহ Metropolitan Museum of Art আদিৰ নিচিনা অতি সন্মানীয় সংগ্ৰহালয়ত স্থান লাভ কৰিছে।

 



 ১৯৩০ চনৰ ২৪ ছেপ্টেম্বৰত লুকাৰে সেই সময়ৰ ভাইচৰয়, যিজন তেতিয়াৰ Viceroys House আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতি ভৱনৰ প্ৰথমজন নিবাসী আছিল, তেওঁৰ ব্যক্তিগত সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰে। লুকাৰে পত্ৰখনত উল্লেখ কৰে যে, ১৯১৯ চনত ব্ৰিটিছ ভাৰতীয় সেনাৰ লণ্ডন ভ্ৰমণৰ সময়ত তেওঁ কিছু সংখ্যক পানীৰঙী চিত্ৰ অংকন কৰিছিল আৰু সেই চিত্ৰসমূহৰ তেওঁ ঐতিহাসিক গুৰুত্ব আছে বুলি ভাবে। গতিকে তেওঁ এই চিত্ৰসমূহ ভাইচৰয়ৰ নতুন গৃহৰ শোভা বৰ্ধনৰ বাবে মাত্ৰ ৪০০ পাউণ্ডৰ বিনিয়মত আগ বঢ়াব বিচাৰে। পত্ৰখন লাভ কৰাৰ পাছত লৰ্ড আৰু আৰউইনে তেওঁৰ সামৰিক সচিবৰ জৰিয়তে এখন পত্ৰ ১৯৩০ চনৰ অক্টোবৰ মাহৰ ৮ তাৰিখে এই ভৱনৰ স্থপতিবিদ এড্‌ৱিন লুইটেনলৈ প্ৰেৰণ কৰে। পত্ৰখনত তেওঁ লিখে যে, লুইটেনে অনুগ্ৰহ কৰি এই চিত্ৰসমূহৰ গুণাগুণ নিৰ্ণয় কৰাৰ লগতে ত্ৰুয়যোগ্য হয়নে সেয়া জনায় যেন। লুইটেনৰ আগ্ৰহত এই পানীৰঙী চিত্ৰসমূহ কিনা হয়। ১৯৩১ চনত নতুনকৈ বন্ধোৱা এই ৫৬ খন চিত্ৰ আহি ভাইচৰয় হাউছ পায়হি আৰু এই ভৱনৰ উদ্বোধনৰ সময়ত এই চিত্ৰসমূহ প্ৰদৰ্শন কৰা হয়, ভৱনটোৰ শোভা বৰ্ধনৰ বাবে৷ কুমাওঁ ৰাইফল্‌ছৰ হাবিলদাৰ মেজৰ গোপী সিং নেগী, সেনা প্রহৰী পাঞ্জাৱৰ মুছলমান দিলৱাৰ খান, গোৰ্খা ৰাইফল্‌ছৰ চুবেদাৰ কুলবাহাদুৰ থাপা, ৪০ শিখ ইনফেণ্ট্ৰীৰ নায়ক নিহাল সিং, ৭০ বাৰ্মা ৰাইফল্‌ছৰ কম্পেনী ছাৰ্জেণ্ট M Than MG, ১১০ জাঠ ইনফেণ্ট্ৰীৰ চিপাহী ৰামস্বৰূপ আদি কেইখনমান উল্লেখযোগ্য চিত্ৰ। এই চিত্ৰসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে  হবিবুল্লাহ নামৰ ৰাজকীয় নাপিত এজনৰ চিত্ৰখন, যিখনে লুকাৰৰ শিল্পী হিচাপে অসাধাৰণ দক্ষতাৰ প্রমাণ দিয়ে। ইয়াৰ উপৰি এই চিত্ৰকৰ্মৰ মাজেদি ব্ৰিটিছ ভাৰতীয় সেনাৰ জাতিভিত্তিক গঠন, সেনাৰ মানসিকতা, পোছাক পৰিচ্ছদ, অস্ত্ৰ-শস্ত্ৰ আদি বহু আনুষংগিক তথ্যৰ আভাস দিয়ে।



 ব্ৰিটিছ ভাৰতীয় সেনাই প্রথম মহাসমৰৰ পাছতো, ব্ৰিটিছৰ আন বহুবোৰ যুদ্ধত সেৱা আগ বঢ়াইছিল। দ্বিতীয় মহাযুদ্ধতো ব্ৰিটিছ ভাৰতীয় সেনাই বৃটেইনৰ বিজয়ত প্রভূত অৰিহণা যোগাইছিল। উত্তৰ পূব এছিয়াত ব্ৰিটিছৰ নি সমূহ জাপানী আগ্ৰাসনৰ পৰা মুক্ত কৰি ৰখাত ভাৰতীয় সেনাৰ সবাতোকৈ উল্লেখযোগ্য অৱদান আছিল। স্বাধীনতাৰ পাছত ব্ৰিটিছ ভাৰতীয় সেনা ভংগ কৰি ভাৰতীয় সেনা গঠন কৰা হয়। কোৱা হয় যে, ব্ৰিটিছে দেখুৱাই থৈ যোৱা পথেৰে সংগঠিত হোৱা ভাৰতীয় সেনা সেয়েহে বৰ্তমানেও বিশ্বৰ অন্যতম শক্তিশালী, সংগঠিত আৰু বৃহৎ সেনাবাহিনী৷


 উইলিয়াম লুকাৰ জুনিয়ৰ নামৰ প্রসিদ্ধ চিত্ৰশিল্পীজনৰ ৫৬ খন চিত্ৰৰ বৰ্তমান ২৬ খন চিত্ৰ ৰাষ্ট্ৰপতি ভৱনৰ সংগ্ৰহালয়ত সংৰক্ষিত কৰি প্রদৰ্শিত হৈ আছে। এই পানীৰঙী চিত্ৰকেইখনে বহন কৰিছে ব্ৰিটিছ ভাৰতীয় সেনাৰ গৌৰৱোজ্জ্বল সময়ৰ ইতিহাস।

 

(উৎস : ব্ৰিটিছ লাইব্ৰেৰী ব্লগ, অন্যান্য ইণ্টাৰনেট উৎস আৰু ৰাষ্ট্ৰপতি ভৱন অভিলেখাগাৰৰ তথ্য)

 

ঠিকনা :

ৰাষ্ট্ৰপতি ভৱন সংগ্ৰহালয়

ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী

ভ্ৰাম্যভাষ নং : ৮৮০০৯৪৮৮০৮

email : protimpankaj@gmail.com

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ