পঙ্কজ প্ৰতিম বৰদলৈ
চিন্তাৰ স্নেপশ্বট :
অসহিষ্ণুতা৷ সকলোতে৷ ধৰ্ম, ৰাজনীতি, সাহিত্য, কলা, ক’ত নাই৷ দ্ৰুত বিশ্বায়ন আৰু ৰাজনীতিৰ পাশাখেলত বৰ্তমান সমগ্ৰ বিশ্বতে অবিশ্বাসী, অসহিষ্ণু পৰিৱেশ৷ সামাজিক মাধ্যমৰ সুবাদত, মত প্ৰকাশৰ সহজতাত আৰু অতি স্পষ্টবাদৰ আক্ৰমণত সকলো ধৰাশায়ী৷ বোকা ছটিওৱাৰ লেতেৰা খেলাখন আজি কেই বছৰমান আগলৈকে কেৱল ৰাজনৈতিক নেতাৰ একচেটিয়া ‘অধিকাৰক্ষেত্ৰ’ আছিল৷ যোৱা এটা দশকত এই পৰিস্থিতি সলনি হৈছে৷ সমাজৰ সন্মানীয় লোকসকলৰো যি ৰাজহুৱা অসন্মান হৈ আছে, সি আমাৰ মানসিকতাৰ বিকাৰ আৰু ভংগুৰ সময়কে নিৰ্দেশ কৰিছে৷
সামাজিক অসহিষ্ণুতাৰ চৰম নিদৰ্শনেৰে লঘু দোষ বা সন্দেহৰ বশৱৰ্তী হৈ আমি মৰিয়াই মাৰিব পাৰোঁ কাৰোবাক৷ বিবেক, বুদ্ধি আৰু চিন্তাক লোহাৰ পেৰাত ভৰাই আমি আমাৰ অকৰ্মণ্যতাক এনেদৰে জাহিৰ কৰি ভাল পাওঁ৷
ৰাজনৈতিক অসহিষ্ণুতাৰ চৰম সীমাত আমি সাক্ষী হৈছো ক্ষমতাৰ নগ্ন যুঁজৰ খোৱা- কামোৰা আৰু সাধাৰণ জনতাক বলিৰ পঠা কৰি চলোৱা ৰাজনৈতিক পাশাখেল৷ এই পৰিস্থিতি দেশখনৰ ঘাইকৈ দুখন ৰাজ্য পশ্চিমবংগ আৰু কেৰেলাত অতি চৰম আৰু হিংসাপূৰ্ণ৷ মূলত চি.পি.এম. আৰু তৃণমূল কংগ্ৰেছৰ নিম্নস্তৰৰ কেডাৰৰ মাজত চলা স্থানীয় পৰ্যায়ৰ ক্ষমতা দখলৰ ঘটনাত কিমান যে লোকৰ প্ৰাণ গ’ল, সীমা-সংখ্যা নাই৷ বৰ্তমান এই পৰিস্থিতি তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত চলি আছে৷ আকৌ সিফালে কেৰেলাত এই অসহিষ্ণুতাৰ ৰূপ বিজেপি আৰু বাওঁদলসমূহৰ মাজতেই দেখা যায়৷ এনে ঘটনাত মূলতঃ নিৰন্ন এমুঠি মানুহৰ প্ৰাণ, ঘৰ আৰু সম্পত্তি ধ্বংস হয়৷ ৰাজনৈতিক নেতাই এনে ঘটনাৰ পৰা ৰাজনৈতিক লাভালাভৰ আশাত থাকে৷
বৰ্তমান সময়ৰ আন এক তীব্ৰ অসহিষ্ণুতা হৈছে- ধৰ্মীয় অসহিষ্ণুতা৷ ধৰ্মৰ দলাদলিত প্ৰকৃততে সাধাৰণ জনতাৰ ত্ৰাহি মধুসূদন সুঁৱৰিবলগীয়া অৱস্থা হৈছে৷ ৰাজনৈতিক লাভালাভৰ বাবে ধৰ্মৰ ইমান পৰিকল্পিত ব্যৱহাৰ এতিয়া সৰল আৰু সহজ৷ ন্যায়িক ব্যৱস্থাৰ পৰা ধৰি অনুষ্ঠান, সংস্থা সকলো এই ব্যাধিৰ কঁৰাল গ্ৰাসত পৰিছে৷ সাতাম পুৰুষীয়া সম্প্ৰীতিত এতিয়া ধৰ্মৰ ক’লীয়া এলান্ধু৷ ধৰ্মীয় উন্মাদনা আৰু গোড়ামীৰ কথা বা নক’লোঁৱেই৷
এই অসহিষ্ণুতাৰ পৰা পৰিত্ৰাণৰ উপায় কি ? প্ৰকৃততে একো উপায়
নাই৷ সময়ৰ বোঁৱতী সুঁতিত
বৈ যোৱাৰ বাদে একো উপায় নাই৷ নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ পোহৰেৰে নৱ
প্ৰজন্মক আলোকিত কৰিলে, হয়তো কিছু সুফল পোৱা যাব কিন্তু, তেনে এক ইতিবাচক সময় আৰু সমাজ
পোৱা যাবনে সেইটো লাখটকীয়া প্ৰশ্ন৷
এটা নিৰ্বাচনী বিজয়
কিছু পুৰণি লেখা দুটাই অলপ চিন্তাৰ খোৰাক যোগালে৷ যদিও কিছু পুৰণি বিষয়, প্ৰাসংগিকতা কিন্তু একেই আছে৷ লেখা কেইটা হয়টো যোৱা নিৰ্বাচনৰ পাছৰে এটা হৈছে দেশৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ কাকত ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশিত দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক অপূৰ্বানন্দৰ এটা লেখা আনটো আগশাৰীৰ অনলাইন সংবাদপত্ৰ Scroll.in-অত মানৱ অধিকাৰ কৰ্মী হৰ্ষ মন্দিৰৰ লেখা৷
প্ৰথমতে সেই নিদিষ্ট লেখা দুটাত কি লিখিছিল তাৰ এটা চমু আভাস দি লওঁ৷ অপূৰ্বানন্দৰ লেখাটোত যোৱা নিৰ্বাচনত চেঙা সমষ্টিৰ পৰা AIUDF দলৰ টিকটত নিৰ্বাচিত হোৱা সামাজিক কৰ্মী ‘মিঞা কবিতাৰ’ কবি আশ্ৰাফুলৰ হুছেইনৰ জয়ক মিঞা কবিতা আৰু সাহিত্যৰ জয় বুলি ধাৰণা এটি দিয়া হৈছে৷ আনহাতে হৰ্ষ মন্দৰৰ লেখাটিত যদিও এই দিশটো পোনপটীয়াকৈ কোৱা হোৱা নাই, তথাপি তেওঁ লেখাটিত আশ্ৰাফুল হুছেইনৰ লগত তেওঁৰ ব্যক্তিগত সংযোগৰ বৰ্ণনা কৰি নিৰ্বাচন কেনেকৈ সামাজিক কৰ্ম, সততা আৰু কবিতাৰেও জিকিব পাৰি তাকে কাৰ্যতঃ বৰ্ণনা কৰিছে৷
২০১৬ চনত চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি হাফিজ আহমেদে ৰচনা কৰা ‘মই এজন মিঞা’ নামৰ কবিতাটোৱে বাংলাভাষী অসমীয়া মুছলমানসকলৰ মিঞা পৰিচয়ক এক নতুন মাত্ৰা দিয়ে৷ তাৰ পাছত কুৰিৰো অধিক কবিয়ে এই মিঞা কবিতাৰ চৰ্চা কৰি আহিছে৷ ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই বিষয়টোৱে যথেষ্ট তৰ্ক-বিতৰ্কৰো সৃষ্টি কৰিছিল৷ পৰৱৰ্তী কালত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম-কাজৰ লগতো এই দিশতো বহু পৰিমাণে সাঙোৰ খাই পৰিছিল৷ মিঞা কবিতা বা সাহিত্য, ই এক ধৰ্মীয় জনগোষ্ঠীৰ ভাষিক পৰিচয়ৰ মাধ্যম অথবা ইয়াৰ সাহিত্যিক মূল্যায়ণ বা মান আদি এক সুকীয়া বিতৰ্কৰ বিষয়৷ মিঞা কবিতা বা সাহিত্য মূলসুঁতিৰ বিৰুদ্ধে এক নিদিষ্ট গোষ্ঠীগত ভাষিক পৰিচয় সৃষ্টিৰ প্ৰক্ৰিয়া হ’ব পাৰে আৰু এই দিশত বিতং বিতৰ্ক হোৱাৰ অৱকাশ আছে বা ইতিমধ্যে বহু পৰিমাণে হৈছে৷
এই লেখাৰ মূল আপত্তিটো হৈছে যে চেঙা সমষ্টিৰ পৰা আশ্ৰাফুল হুছেইনৰ বিজয়ক এক ৰাজনৈতিক বা গণতান্ত্ৰিক ব্যৱস্থাৰ বিজয়ৰ পৰিবৰ্তে এক সাহিত্যিক বা আওপকীয়াকৈ ভাষিক স্বীকৃতি বুলি প্ৰতিষ্ঠা কৰিব বিচৰাটোহে৷
অপূৰ্বানন্দৰ লেখাটো ‘কাব্যিক ন্যায়’(Poetic justice)-ৰ উল্লেখেৰে আৰম্ভ হৈ চেঙা সমষ্টিৰ জনতাক ধন্যবাদ জনাই এই বিজয় (ভোটদান) মিঞা কবিতাৰ বাবে উদযাপন কৰাৰ আহ্বানেৰে শেষ কৰা হৈছে৷ কিন্ত প্ৰশ্ন উঠে প্ৰকৃততে চেঙা সমষ্টিৰ মানুহে সেই ‘কাব্যিক ন্যায়’ কৰিলেনে বা আশ্ৰাফুল হুছেইনৰ বিজয় আমি ‘মিঞা কবিতা’ বা সাহিত্যৰ বিজয় হিচাপে ল’ব পাৰিমনে ?
অপূৰ্বানন্দৰ লেখাটোত উদ্দেশ্য
প্ৰণোদিতভাৱে বহু আনুষংগিক দিশ বাদ দিব খোজা হৈছে আৰু ই ৰাষ্ট্ৰীয় পৰ্যায়ত এক
স্থুল আৰু অশুদ্ধ ধাৰণা উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে৷
সৰ্বপ্ৰথমেই আশ্ৰাফুল হুছেইন যে এআইউডিএফৰ নিচিনা এক সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ বোকোচাত উঠিহে জয়ী হৈছে, সেই দিশটোক লক্ষণীয়ভাৱে আওকাণ কৰা হৈছে৷ ২০১১ চনৰ লোকপিয়লৰ মতে বৰপেটা জিলাৰ ৬১ শতাংশ লোকৰ মাতৃভাষা হৈছে বাংলা৷ আৰু ২০১১ চনৰ পৰিসংখ্যা মতে কেৱল চেঙা সমষ্টিতে প্ৰায় একলাখ বিছ হাজাৰৰো অধিক জনসংখ্যা কেৱল মূছলমান সম্প্ৰদায়ৰ৷ আশ্ৰাফুল হুছেইনৰ বিজয়ত কেৱল মিঞা কবিতাৰে বিজয় হোৱা বুলি এক ধাৰণা দিবলৈ চেষ্টা কৰাটো বাতুলামি মাত্ৰ৷
উক্ত লেখাটোত লক্ষ্যণীয়ভাৱে বাদ পৰা কথাটো হ’ল যে, এআইউডিএফৰ নিৰানব্বৈ শতাংশ প্ৰাৰ্থীয়েই হৈছে বাংলাভাষী মুছলমান সম্প্ৰদায়ৰ প্ৰাৰ্থী৷ যাৰ ভিতৰত আশ্ৰাফুল হুছেইনো অন্যতম৷ লগতে দলটোৰ এক ধৰ্মীয় সাম্প্ৰদায়িক এজেণ্ডা আছে৷ নিৰ্বাচনৰ সময়তো ‘লুঙী-টুপিৰ চৰকাৰ হ’ব’, ‘ওপৰত আল্লা তলত মৌলানা’ আদি মন্তব্য ভোটাৰক প্ৰভাৱিত কৰা অতি-সাম্প্ৰদায়িক প্ৰচাৰ আছিল৷ গতিকে দলটোৰ যি ভাষিক সাম্প্ৰদায়িক ধৰ্মীয় পৰিচিতি সি এই নিৰ্বাচন বিজয়ৰ এক মূল কাৰণ, আশ্ৰাফুল হুছেইনৰ উচ্চশিক্ষিত, সমাজকৰ্মী আৰু মি়ঞা কবিৰ পৰিচয়টো চেঙাবাসীৰ বাবে এক সৰ্বজনস্বীকৃত সামাজিক গ্ৰহণযোগ্যতাহে মাত্ৰ৷
সাহিত্য আৰু ৰাজনীতিৰ এক প্ৰায়োগিক সম্পৰ্ক আছে আৰু বহু সময়ত সাহিত্যই ৰাজনৈতিক দৃষ্টিভংগী নিৰ্মাণত এক ফলপ্ৰসূ আহিলা হিচাপে কাম কৰে৷ ৰাজনৈতিক ঘটনাপ্ৰৱাহে কালজয়ী সাহিত্য সৃষ্টিতো অৰিহণা যোগায়৷ কিন্তু ৰাজনৈতিক বিজয়ক মূলতঃ প্ৰতিবাদী আৰু ধৰ্মীয় গোষ্ঠীগত স্বকীয় পৰিচিতি সৃষ্টিৰ একশ্ৰেণী কবিতা বা সাহিত্যৰ বিজয় বুলি গ্ৰহণ কৰিব নোৱাৰি৷
বাংলাভাষী অসমীয়া মুছলমানসকল বৰ্তমান অসমৰ সমাজ আৰু ৰাজনৈতিক জীৱনৰ এক এৰাব নোৱৰা অংগ আৰু তেওঁলোকৰ বৰ্ধিত ৰাজনৈতিক প্ৰতিপত্তি অসমৰ নিৰ্বাচনসমূহৰ ফলাফলতে প্ৰকাশ পাইছে৷ জনসংখ্যা বৃদ্ধি আৰু সাম্প্ৰদায়িক ৰাজনীতিকৰণৰ সমান্তৰালকৈ সামাজিক স্বীকৃতি (প্ৰতিপত্তি?) প্ৰতিষ্ঠাৰ এক নিৰন্তৰ প্ৰয়াস ‘মিঞা কবিতা’, ‘মিঞা মিউজিয়াম’ আদি ‘নেৰেটিভ’ নিৰ্মাণৰ জৰিয়তে কৰা হৈছে৷ পৰিচয় (identity) নিৰ্মাণৰ তাত্ত্বিক ধাৰণাৰ প্ৰায় সকলো দিশকে এই প্ৰক্ৰিয়াত সামৰি লোৱাৰ প্ৰয়াস কৰা হৈছে৷
বাংলাভাষী অসমীয়া মুছলমানসকলৰ বৰ্ধিত প্ৰভাৱৰ বাবে বহু পৰিমাণে শংকিত বোধ কৰিছে অসমীয়া ভাষা কোৱা খিলঞ্জীয়া মুছলমানসকলে৷ গৰীয়া, মৰীয়া, দেশী আদি নামেৰে জনাজাত এইসকল লোকে নিজৰ এক সুকীয়া পৰিচয় ৰাখিবৰ বাবেই অলপতে জনগোষ্ঠীয় সমন্বয় পৰিষদৰ বেনাৰত এক ‘মিনি এন আৰ চি’ তৈয়াৰ কৰাৰ চেষ্টা কৰিছে৷
আশ্ৰাফুল হুছেইনৰ ৰাজনৈতিক বিজয়ক এক সাহিত্যিক বিজয় আখ্যা দিয়াৰ সময়ত অপূৰ্বানন্দদেৱৰ লেখাত উপৰোক্ত দিশসমূহেও স্থান পোৱা উচিত আছিল৷ আশ্ৰাফুল হুছেইনৰ কবি পৰিচিতি এক ভাষিক সামাজিক পৰিচিতি, ৰাজনীতিৰে সংপৃক্ত নহয় আৰু যদি সংপৃক্ত হয় তেন্তে তেখেতৰ একমাত্ৰ পৰিচিতি হ’ব এটা সাম্প্ৰদায়িক মনোভাৱাপন্ন ৰাজনৈতিক দলৰ নিৰ্বাচিত প্ৰাৰ্থী৷ যদি হুছেইন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হ’লহেতেঁন, তেতিয়াও তেওঁক নিপীড়িত বাংলা ভাষী অসমীয়া মুছলমানৰ প্ৰতিনিধি বুলি ভবাৰ অৱকাশ আছিল, কিন্তু এআইউডিফৰ নিৰ্বাচিত প্ৰতিনিধি হিচাপে সেই সন্মানৰ পৰা তেখেত বঞ্চিত৷
আশ্ৰাফুল হুছেইনৰ ৰাজনৈতিক জয়
গণতন্ত্ৰ, গণতান্ত্ৰিক ব্যৱস্থা, সংখ্যাগৰিষ্ঠতা, সাম্প্ৰদায়িকতা আৰু ৰাজনৈতিক বিচক্ষণতাৰ জয়, মি়ঞা
সাহিত্য বা কবিতাৰ বিজয় নহয় অন্ততঃ৷
(মতামত ব্যক্তিগত, পদবীৰ লগত কোনো সংযোগ নাই)
ঠিকনা :
উপ সঞ্চালক,
ৰাষ্ট্ৰপতি সচিবালয়, ৰাষ্ট্ৰপতি
ভৱন,
নতুন দিল্লী৷
ফোন - ৮৮০০৯৪৮৮০৮