পঙ্কজ প্ৰতীম বৰদলৈ
বসন্ত ঋতুৰ আগমন ঘটিছে৷ এপ্ৰিল মাহ৷ অসমীয়াৰ আদৰৰ বহাগ মাহ৷ বহাগ মাহৰ
সুকীয়া যি এক মাদকতা আছে, সি বছৰৰ আন কোনো সময়তে অনুভৱ নহয়। ২০২৪ চনৰ বহাগ মাহত অসমীৰ ৰাইজে আন এক মাদকতা সোৱাদ লাভ কৰিব৷ সেয়া
হৈছে বিশ্বৰ বৃহৎ গণতন্ত্ৰৰ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৰাজ্যখনৰ পাঁচটা সংসদীয় সমষ্টিত এই নিৰ্বাচন অনুষ্ঠিত
হ’ব৷ ৰাজনৈতিক দৃষ্টিকোণেৰে এইবাৰৰ
নিৰ্বাচনৰ যথেষ্ট গুৰুত্ব আছে৷ ৰাজনৈতিক পণ্ডিতসকলৰ মতে এই নিৰ্বাচনৰ ফলাফলে দেশৰ
অহা ৫০ বছৰৰ ভৱিষ্যতৰ ৰূপৰেখা নিৰ্ণয় কৰিব৷ একেসময়তে শাসকীয় বিজেপি আৰু বিৰোধী
দলসমূহে নিৰ্বাচনত জনসাধাৰণক নিজৰ পক্ষে আশ্বস্ত কৰিবৰ বাবে ব্যাপক প্ৰচেষ্টা
অব্যাহত ৰাখিছে৷ আজিৰ লেখাটোত নিৰ্বাচনকেন্দ্ৰিক ঠিক নহ’লেও ইয়াৰ লগত জড়িত এটা কম চৰ্চিত বিষয়ৰ বিষয়ে আলোচনা কৰিব
খুজিছোঁ৷
আজি কেইমাহমানৰ আগতে দেশৰ আগশাৰীৰ উদ্যোগপতি ইনফ’চিছৰ প্ৰতিষ্ঠাপক নাৰায়ণমূৰ্তিয়ে কৰ্মঘণ্টাৰ বৃদ্ধিৰ বিষয়ক লৈ এক বিতৰ্কৰ সূচনা কৰিছিল৷ নাৰায়ণমূৰ্তিয়ে কৈছিল যে দেশৰ যুৱ প্ৰজন্মই কঠোৰ পৰিশ্ৰম কৰাৰ দৰকাৰ আৰু সেয়ে সপ্তাহি কৰ্মঘণ্টা ৭০ ঘণ্টালৈ বৃদ্ধি কৰাৰ পক্ষে তেখেতে যুক্তি আগ বঢ়াইছিল৷ বিষয়টোৱে বহু দিশ পোহৰলৈ আনিছিল৷ বহুলোকে এই দিশটোও আঙুলিয়াই দিছে যে, এনে কৰ্মঘণ্টাৰ বৃদ্ধিয়ে প্ৰকৃততে পশ্চিমীয়া দেশৰ বাবে শ্ৰমিকৰ সংখ্যাহে বৃদ্ধি কৰিব, প্ৰকৃত কৰ্মীৰ সংখ্যাত একো প্ৰভাৱ নেপেলায়৷ পুঁজিপতি গোষ্ঠীবোৰৰ নিত্য নতুন কৌশল বুলিও এই দিশটো বহু লোকে আঙুলিয়াইছে৷ একে সময়তে একাংশ লোকে আন কিছু প্ৰশ্নৰো অৱতাৰণা কৰিছে৷ বহুতৰ মতে আটাইতকৈ পৰিশ্ৰমী পেছা কি? এই বিষয়টোত হোৱা বিতৰ্কৰ বহুতৰ মতে সেনা জোৱান, আৰক্ষী, বহুতৰ মতে চিকিৎসক, আন বহুতৰ মতে কৰ্পৰেট খণ্ডৰ কৰ্মীসকল তথা উবাৰ-ওলাৰ ড্ৰাইভাৰৰ পৰা ধৰি বিভিন্ন সামগ্ৰী যোগান দিয়া ডেলিভাৰী পাৰ্টনাৰসকলৈকে এখন দীঘল তালিকা ইয়াত সন্নিৱিষ্ট হৈছে৷ যদিও একে অৰ্থতে অতি পৰিশ্ৰমী পেছা বুলি কোনোটোকেই ক’ব পৰা নাযায়, তথাপি এই তালিকাত এটা পেছা আচৰিতভাৱে উল্লেখ নাই৷ মোৰ ব্যক্তিগত দৃষ্টিৰে সেই পেছাটো এটা অন্যতম পৰিশ্ৰমী আৰু কঠোৰ পৰিশ্ৰমী পেছা৷ ৰাজনীতিক বা ৰাজনৈতিক নেতা৷ মই ক’ব খোজা পেছাটো৷ এই পেছাটোক সকলোৱে বৰ সহজ আৰু আয়মতে হোৱা পেছা জ্ঞান কৰে৷ কিন্তু ইয়াৰ অন্তৰালত কঠোৰ পৰিশ্ৰমৰ বিষয়ে বহু কম লোকেই চিন্তা কৰে বা সেয়া হৃদয়ংগম কৰাৰ চিন্তা কৰে৷
স্থানীয় পৰ্যায়ৰ পৰা উঠি অহা নেতাসকলৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ
ব্যক্তিগত জীৱন বুলি কথা এটা নাথাকেই৷ তেওঁলোকে তেওঁলোকৰ অঞ্চলৰ প্ৰায় প্ৰতিটো সৰু-বৰ সমস্যাকে লৈ
ব্যস্ত হ’ব লগা হয়৷ বিদ্যালয়, ৰাস্তা-ঘাট, ধৰ্মীয় অনুষ্ঠান আৰু ৰাজহুৱা তথা বহু সময়ত বহুতো ব্যক্তিগত সমস্যাকলৈও তেওঁলোক
ব্যস্ত হ’ব লগা হয়৷ আমি
প্ৰায়ে নাভাবোঁ যে কি এক অতি ব্যস্ত জীৱন এই নেতাসকলে পাৰ কৰিব লগা হয়! প্ৰথম পৰ্যায়ৰ
ৰাজহুৱা জীৱনৰ পৰা যেতিয়া এজন নেতাই প্ৰকৃত ৰাজনীতিত ভৰি দিয়ে তেতিয়া বহু দিশ আহে
য’ত নেতাজনে যথেষ্ট পৰিশ্ৰম কৰিবলগা
হয়৷ ৰাজনীতিত কোনো শত্ৰু নহয়, কোনো মিত্ৰ নহয়৷ ৰাজনৈতিক নেতাসকলেও এই দিশটো চালি-জাৰি চাই বহু কাম কৰিবলগা
হয়৷ ব্যক্তিগতভাৱে মই বহু ৰাজনৈতিক নেতাক ওচৰৰ পৰা পোৱাৰ আৰু পৰ্যবেক্ষণ কৰাৰ
সুযোগ লাভ কৰিছোঁ আৰু মই ক’ব পাৰোঁ যে
এইটো অত্যন্ত প্ৰত্যাহ্বানমূলক আৰু কঠোৰ পৰিশ্ৰমৰ পেছা। সমষ্টিৰ মানুহক সন্তুষ্ট
ৰখাৰ পৰা ধৰি উচ্চতৰৰ নেতাৰ বিভিন্ন কাম হেঁচা তথা দলীয় কাৰ্যসূচীৰ সফল ৰূপায়ণ আৰু
নিজৰ বিৰোধীসকলক নিয়ন্ত্ৰণ আদি এশ এবুৰি কামৰ মাজত এজন নেতাৰ দিনলিপি ব্যস্ত থাকে৷
ইয়াৰ মাজত নিজৰ স্বাস্থ্য, পৰিয়াল আদিৰ বাবে বহুতৰে সময় নহয়৷ বৰ্তমান সময়ত ৰাজনৈতিক নেতাৰ বহু সময় নিজৰ
প্ৰচাৰ আৰু গণমাধ্যমসমূহৰ বাবে নিজকে তথ্য সমৃদ্ধ কৰি ৰখা আদি বহু কামটো জড়িত হ’ব লগা হয়। দলসমূহৰ আগশাৰীৰ মুখপাত্ৰসকলে যথেষ্ট অধ্যয়ন আৰু
নিজকে সজাগ কৰি ৰাখিবলগা হয়৷ জনতাৰ সম্মুখত নিজৰ আৰু দলীয় মতামত ব্যক্ত কৰাৰ সময়ত
এই নেতাসকলে অকল্পনীয় সাৱধানতা অৱলম্বন কৰিবলগা হয়৷ বহুসময়ত দলীয় স্বাৰ্থৰ বাবে
নিজৰ ব্যক্তিগত নিৰাপত্তাকো বহু নেতাই বিসৰ্জন দিবলগা হয়৷
ৰাজনৈতিক নেতা হৈ তিষ্ঠি থকাটো একেবাৰেই সহজ নহয়৷ পুৱাৰ পৰা ৰাতিলৈকে কোনা
বিৰাম নোলোৱাকৈ কোনো উৎসৱ-পাৰ্বনত প্ৰকৃতাৰ্থত কোনো আনন্দ উৎসৱ নকৰাকৈ অহৰহ এনে নেতাসকলে
ব্যস্ত থাকিবলগা হয়৷ একে সময়তে অতি উচ্চস্তৰৰ নেতাসকলে ‘পলিটিকেল মেনুয়িভেৰিং’ বা বিভিন্ন ৰাজনৈতিক পাশা খেলাটো ব্যাপক সময় দিবলগা হয়৷
সময়ৰ শৰ সময়ত মাৰিব নোৱাৰা নেতাৰ ৰাজনৈতিক ভৱিষ্যত ধূসৰ হোৱাৰ সম্ভাৱনা
থাকে৷ বহুসময়ত দলীয় একতা আৰু অনুগত্য বজাই ৰখাই বাবেও নেতাসকলে বহুত কঠোৰ পৰিশ্ৰম
কৰিব লগা হয়৷
ৰাজনৈতিক নেতাৰ এই ‘ফুলটাইম
চাকৰি’ অতি ডিমাণ্ডিং’ আৰু পাৰফৰ্মেঞ্চচেণ্ট্ৰিক’ পাঠকে নিশ্চয় বুজিব পাৰিছে, মই কি ক’ব খুজিছোঁ৷
ৰাজনৈতিক দলত নেতাৰ গ্ৰহণযোগ্যতা তেওঁৰ প্ৰদৰ্শন, ৰাজহুৱা সমৰ্থন আৰু মূলত ইমেজৰ ওপৰতে নিৰ্ভৰ কৰে৷ ইয়াৰ
উপৰি বৰ্তমান সময়ত ৰাজনীতিত ধন-টকা পইচাই গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে৷ সেয়ে সেই
বিষয়টো এটা অতি গুৰুত্বপূৰ্ণ বিষয়৷ দলৰ ফাণ্ডলৈ অধিক ধনৰ বৰঙণি গোটাই অনা নেতাৰ
দলৰ ভিতৰত এক সুকীয়া ইমেজ গঢ়ি উঠে৷ এই কথাটোত কঠোৰ পৰিশ্ৰম আৰু নেটৱৰ্কিং অবিহনে সম্ভৱ
নহয়৷ নেতা এজনে এই দিশটোত বহুত গুৰুত্ব প্ৰদান কৰে আৰু যথেষ্ট কষ্ট ইয়াৰ বাবে
কৰিবলগা হয়৷
নেতাসকলে ক্ৰমান্বয়ে যেতিয়া উচ্চস্তৰলৈ গতি কৰে হয়টো স্থানীয় সমাজৰ পৰা কিছু
মুক্তি পায়, সম্পূৰ্ণকৈতো পোৱাটো সম্ভৱ নহয়৷
তেওঁলোকে আন কিছুমান দিশত ব্যস্ত হ’ব লগা হয়৷
দলীয় নেতা-কৰ্মী, আমোলা, চৰকাৰী কাৰ্যসূচী আদি ভিন্ন দিশত এনে ব্যস্ততা আহি পৰে৷ এই
ক্ষেত্ৰত প্ৰকৃততে কামৰ প্ৰকৃতিৰ একো সলনি নহয়৷ মাত্ৰ স্বৰূপটোৰ কিছু সালসলনি হয়৷
বিভিন্ন ধৰণৰ আন হেঁচাৰ মোকাবিলা কৰিবলগা হয়৷
নিৰ্বাচন হৈছে ৰাজনীতিক নেতাসকলৰ আন এক অত্যন্ত কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ সময়৷
ফলাফলৰ একো নিশ্চয়তা নথকাকৈ নিজৰ সমগ্ৰ শক্তিৰে জঁপিয়াই পৰিবলগা এটা সময় হৈছে
নিৰ্বাচন৷ নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাৰ ইতিমধ্যেই ব্যস্ত দিনলিপিত আৰু অধিক
ব্যস্ততা সোমাই পৰে। ৰাজনৈতিক নেতাৰ বাবে নিৰ্বাচন দুয়ো প্ৰকাৰৰ হয়৷ এক হৈছে
নিজৰেই নিৰ্বাচনী যুঁজ আৰু বহু সময়ত দলীয় প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰি অনাৰ
দায়িত্বৰ নিৰ্বাচন৷ দুয়োটাতে ব্যাপক হাৰত সময়, ধন, পৰিশ্ৰম আৰু কষ্টৰ প্ৰয়োজন হয়৷ নিৰ্বাচনে এনে একো একোজন নেতাৰ পৰিশ্ৰমৰ
পৰ্যালোচনাও কৰে৷ গতিশীল আৰু প্ৰত্যাহ্বানমূলক এই ক্ষেত্ৰত ডাৰউইনৰ ‘Survival
of the fittest’ তত্ত্বৰ সম্পূৰ্ণ ৰূপায়ণ হয়৷
যোগ্যজনেহে বৰ্তি থাকিব পাৰে ৰাজনীতিত আৰু যোগ্য হ’বলৈ হ’লে যথেষ্ট
কষ্টসহিষ্ণু, পৰিপক্ক আৰু চতুৰ
ৰাজনীতিবিদ হোৱাৰ প্ৰয়োজন আছে৷
ৰাজনৈতিক নেতাৰ এই ব্যস্ততাত ধন বা টকা-পইচাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে৷ বৰ্তমানৰ ৰাজনৈতিক
পৰিৱেশত ধন ৰাজনৈতিক সফলতাৰ বাবে অন্যতম আহিলা৷ ধন অবিহনে অতি সৎ বা জনপ্ৰিয় হৈও
নেতাই নিৰ্বাচন জিকিব নোৱাৰিব পাৰে৷ এনে ধৰণৰ ধনৰ বাবেই নেতাই বহু সময়ত দুৰ্নীতি
কেলেংকাৰী আদিত লিপ্ত হ’ব লগা হয়৷
এজন ৰাজনৈতিক নেতাই কৈছিল যে এনে ধৰণৰ অধিক সংখ্যক ব্যয় হয় সমষ্টিৰ মানুহক ‘ঘোচ’ দিয়াত৷ হয়৷ সমষ্টিৰ ভোটাৰক সুখী কৰিবৰ বাবে নেতাসকলে এনে কাৰ্য কৰিবলগা হয়৷
সমষ্টিৰ কাৰোবাৰ চিকিৎসাৰ সাহায্য, কোনো মেধাবী আৰু দুখীয়া ছাত্ৰৰ কলেজৰ ফিজ, কোনো যুৱক সংঘৰ বাবে অনুষ্ঠান আমি বিভিন্ন খৰচ
এনে নেতাসকলৰ থাকে৷ যি তেওঁলোকৰ ৰাজহুৱা দায়িত্ব বা দৰমহাৰ ভিতৰত নপৰে। কিন্তু
কৰিবলগা হয়৷ আকৌ বিভিন্ন লোকৰ বাবে উপহাৰ, দান আদিৰ বাবেও ব্যাপক পৰিমাণৰ ধন প্ৰয়োজন হয়। একে সময়তে
নেতাসকলে নিজৰ এচাম ‘ফুলটাইম’ সমৰ্থক ৰাখিবলগা হয়৷ বিভিন্ন কৰ্মচাৰী আদিও বহু নেতাই ৰাখে৷
মুঠতে এই প্ৰক্ৰিয়াটো ব্যাপক পৰিমাণৰ ধনৰ প্ৰয়োজন হয়৷ নেতাসকল সততেই বিভিন্ন আইনী
মেৰপেচত পৰিবলগা হয়৷ ক’ৰ্ট-পুলিচ আৰু উকীল আদিৰ এই ক্ষেত্ৰখনতো নেতাসকলৰ খৰচ হয়৷
গতিকে পাঠকে অনুমান কৰিব পাৰিছে নিশ্চয়৷ এইবোৰ কেৱল একোটা ক্ষুদ্ৰ উদাহৰণ৷ এনে ধৰণৰ
দিশৰ আন বহু উদাহৰণ লাভ কৰিব পৰা যাব৷
সমষ্টিৰ মানুহক সুখী কৰিবৰ বাবে নেতাসকলে এনে বহু কাম কৰিবলগা হয়, যাৰ কোনো অৰ্থ নাই বুলি তেওঁলোকে নিজেও জানে৷ এবাৰ এজন কেন্দ্ৰীয় মন্ত্ৰীৰ (আমাৰ নহয়) কাৰ্যালয়ত বহি থাকোঁতে সমষ্টিৰ ব্যক্তি এজন আহি পুত্ৰৰ বিদ্যালয়ৰ নামভৰ্তিৰ বাবে এখন দৰখাস্ত তেখেতৰ চহী তথা নিৰ্দ্দিষ্ট বিদ্যালয়খনৰ কাৰ্যবাহী বিষয়াজনলৈ একলম লিখিবৰ বাবে অনুৰোধ কৰিলে৷ কাৰ্যকৰ্তাৰ পৰা গম লোৱাত ছাত্ৰজন মধ্যমীয়া বৰ্গৰ আৰু নিৰ্দিষ্ট বিদ্যালয়খনৰ নীতি-নিয়মমতে তেওঁ তাত আসন লাভ নকৰে৷ কিন্তু অভিভাৱকজনে তাতে পঢ়াটো বিচাৰিছে আৰু মন্ত্ৰী মহোদয়ৰ ফৰমাইছৰ সহায়ত এইটো সম্ভৱ হ’ব পাৰে বুলি বিশ্বাস কৰিছে৷ খুউব সুন্দৰকৈ একলম লিখি মন্ত্ৰী মহোদয়ে ব্যক্তিজনক আমাৰ সন্মুখত সুখী কৰি পঠালে৷ খুউব সম্ভৱ বিদ্যালয়খনৰ প্ৰিঞ্চিপাললৈ ফোনো কৰিলে৷ তেওঁলোক যোৱাৰ পাছত মই মন্ত্ৰী মহোদয়ক ক’লোঁ যে ছাত্ৰজনে নিশ্চয়কৈ আসন লাভ কৰিব আৰু তেখেত সমষ্টিৰ কৰ্মীৰ প্ৰতি কিমান দায়ৱদ্ধ৷ মন্ত্ৰীজনে ক’লে যে তেখেতে দিনটোত তেনে কাম ১০-১২ টা কৰিবলগীয়া হয়৷ কোনোবা সময়ত একে ধৰণৰ কামৰ বাবে একোজন বিষয়া বা প্ৰতিষ্ঠানক বহু মানুহৰ হৈ চিঠি প্ৰেৰণ কৰে৷ তেখেতে ক’লে যে তেখেত নিশ্চিত যে এনে চিঠি সেই প্ৰতিষ্ঠানবোৰৰ ডাষ্টবিনতহে স্থান পায়। কিবা যে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হয় তেওঁৰ মনে নধৰে বা গ্ৰহণ কৰা নহয়েই৷ মই সুধিলোঁ- আপুনিতো ফোনো কৰিলে৷ মন্ত্ৰীজনে হাঁহি উত্তৰ দিলে কালিও মই তেখেতক এই একে ধৰণৰ অনুৰোধ কৰি ফোন কৰিছিলোঁ৷ হয়তো কাইলৈও কৰিবলগা হ’ব পাৰে। তেখেতে কৈছিল যে সমষ্টিৰ মানুহজনক তেওঁক খালী হাতে পঠাব নোৱাৰে। অন্তত এটা আশা আৰু সন্মান লৈ তেওঁ উভতি যাওক। কথাটোৰ সাধাৰণীকৰণ হয়তো কৰিব নোৱাৰি কিন্তু ইও যে এক প্ৰকাৰৰ এক ৰাজনীতি ই সহজেই অনুমেয়৷
আকৌ এবাৰ এজন যুব ৰাজনীতিবিদে কৈছিল যে আমি ছাৰ্ভিচ প্ৰভাইডাৰ
আৰু আমাৰ কাম হৈছে মানুহক সন্তুষ্ট কৰি ৰখা- ভোটাৰ, পাৰ্টীৰ কৰ্মী, জ্যেষ্ঠ নেতা, সক্ৰিয় নেতা, আমোলা, বিষয়া এই সকলো৷ আমি সকলোকে কিছু পৰ্যায়লৈকে সুখী কৰি ৰাখিব
পৰাটোত আমাৰ নিজৰ সফলতাও নিৰ্ভৰ কৰে৷
শেষত ব্যাখ্যা এটা আগবঢ়াওঁ৷ নেতাও ভিন্ন প্ৰকৃতিৰ থাকে। মূলতঃ তিনিবিধ উল্লেখযোগ্য৷
এক প্ৰকাৰৰ নেতা হৈছে- বুদ্ধিজীৱি ধৰণৰ নেতা৷ তেওঁলোক প্ৰকৃত ৰাজনীতিৰ পৰা দূৰৈত
থাকে৷ তেওঁলোক দলৰ ইমেজ তথা ৰাজনৈতিক ধাৰণাটোৰ বাবে থাকে৷ তেওঁলোক প্ৰকৃত ৰাজনীতিৰ ক্ষেত্ৰখনত গতিশীল ৰাজনীতিবিদ নহয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আদি এনে নেতা। এওঁলোকক
মূলতঃ ৰাজ্যসভাতেই পোৱা যায়৷ আন এটা চাম হৈছে এই দুয়োটা গুণৰ সমাহাৰ আৰু
সৰ্বজনপ্ৰিয়৷ এওঁলোক উচ্চ পদবীধাৰী হোৱাৰ লগতে দুয়োক্ষেত্ৰতে নিজৰ পৰিচয় ৰাখিবলৈ
সক্ষম হয়। প্ৰণৱ মুখাৰ্জী এনে নেতা আছিল৷ শেষৰ বিধ হৈছে ৰাজনীতি কৰি ৰাজনীতিবিদ হোৱা লোক৷
এওঁলোক প্ৰকৃত ৰাজনীতিবিদ, খেলুৱৈ৷ এওঁলোক মূলত কাম-দাম-দণ্ড-ভেদ নীতিত বিশ্বাস কৰি
নেতা হৈ আৰু ক্ষমতাত থকাৰ সততেই প্ৰয়াস কৰি থাকে। উপযুক্ত উদাহৰণ হৈছে- নীতিশ
কুমাৰ৷ কিন্তু কোনো এক প্ৰকাৰৰ নেতা হোৱাটোও সহজ নহয়৷ ইয়াৰ আঁৰত আছে অতি কষ্টকৰ
আৰু পৰিশ্ৰমৰ এক দীঘলীয়া বাট৷ গতিকে অতি পৰিশ্ৰমী পেছাৰ পৰা এই পেছাটোক বাদ দিয়া ভুল হ’ব৷
পঙ্কজ প্ৰতীম বৰদলৈ
উপ-সঞ্চালক, ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী
ভ্ৰাম্যভাষ - ৮৮০০৯৪৮৮০৮