অন্যযুগ/


লৰ্কাক বিচাৰি

পঙ্কজ প্ৰতিম বৰদলৈ


স্পেনিছ ভাষা আৰু কলা সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে বিভিন্ন দেশত শাখা থকা স্পেনিচ চৰকাৰৰ প্ৰতিষ্ঠানটোৰ নাম হৈছে “Instituto Cerventes” অৰ্থাৎচাৰভেণ্টিছ ইনষ্টিটিউট  ‘ডন কিহ'টে’(Don Quixote) লেখক মিগেল ডি চাৰ্ভাণ্টিছ (Miguel de Cervantes) প্ৰতি সন্মান জনাই এই সংস্থাটোৰ নাম ৰখা হৈছে৷ বিশ্বৰ প্ৰথমখন আধুনিক উপন্যাস তথা বিশ্ব সাহিত্যৰ প্ৰথমখন মহৎ উপন্যাসৰ স্ৰষ্টা চাৰ্ভাণ্টিছৰ প্ৰতি এই সন্মান স্পেইন চৰকাৰৰ প্ৰকৃতাৰ্থতেই এটা ভাল কাম৷ কিন্তু বিংশ শতিকাৰ পাছৰ দশককেইটাত সামাজিক আৰু শৈক্ষিক দিশত চাৰ্ভাণ্টিছৰ জনপ্ৰিয়তাকো চেৰ পেলোৱা স্পেনিচ কবি-নাট্যকাৰজন - ফেডেৰিক গাৰ্চিয়া লৰ্কা (Federico García Lorca) স্পেনিশ্ব ভাষাৰ সৰ্বকালৰ সৰ্বাধিক অনুদিত লেখক হিচাপে লৰ্কা বিখ্যাত বুলি ১৯৯৮ চনত অনুষ্ঠিত হোৱা লৰ্কাৰ জন্মৰ শতবাৰ্ষিকীত বিখ্যাত স্পেনিছ আলোচনী ‘El Pais’য়ে এই কথা ঘোষণা কৰিছিল৷ লৰ্কাৰ এই খ্যাতি কেৱল নিজৰ দেশতেই সীমাবদ্ধ নহয়৷ দক্ষিণ আমেৰিকাৰ বহুকেইখন দেশত লৰ্কাৰ নামত দেশৰ মূল সভাগৃহ, পথ, বিদ্যালয় আদিৰ নামকৰণ কৰা হৈছে৷

দক্ষিণ স্পেইনৰ মূল চহৰ গ্ৰেণাডাৰ সমীপৰ এখন সৰু চহৰত লৰ্কাৰ জন্ম হয় ১৮৯৮ চনত জুন মাহৰ তাৰিখে৷ লৰ্কাৰ পিতৃ এজন জমিদাৰ আছিল আৰু মাতৃ আছিল এগৰাকী শিক্ষয়িত্ৰী৷ এটা উচ্চ মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা লৰ্কাৰ পৰিয়ালটো প্ৰথমতে গ্ৰাম্য অঞ্চল এটাত বসবাস কৰিছিল যদিও পাছত গ্ৰেণাডা চহৰলৈ গুছি আহে৷ লৰ্কাৰ ‘লৰ্কানামটো তেওঁৰ মাতৃৰ নামৰ প্ৰথম অংশ৷ সেই সময়ত নিজৰ নামৰ লগত পিতৃৰ নাম লিখাৰ প্ৰথা স্পেইনত প্ৰচলিত আছিল যদিও লৰ্কাই নিজকে কিছু ভিন্ন কৰি ৰাখিবৰ বাবে মাতৃৰ নামো তেওঁৰ নামৰ লগত যুক্ত কৰে আৰু সেই লৰ্কানামটোৰেই তেওঁ প্ৰসিদ্ধি লাভ কৰে৷ গাৰ্চিয়া তেওঁৰ পিতৃৰ নাম আছিল৷ ফেডেৰিক গাৰ্চিয়া লৰ্কাৰ জীৱন, কৰ্ম আৰু মূলত কবিতাৰ বিষয়ে আলোচনা কৰাটো এক কষ্টসাধ্য প্ৰক্ৰিয়া৷ স্পেইনৰ আগশাৰীৰ চিনেমা নিৰ্মাতা তথা ছুৰিৱেলিষ্ট আন্দোলনৰ কৰ্মী লুই বুনুৱেল (Luis Bunuel)য়ে কৈছিল,“He (Lorca) was his own masterpiece.... He himself, as an individual, for surpassed his work'

লৰ্কাৰ জীৱন এক বিশাল ব্যক্তিত্ব আৰু বহুমুখী প্ৰতিভাৰ আধাৰ আছিল৷ তেওঁ একেধাৰে পিয়ানিষ্ট, শিল্পী, নাট্যকাৰ, পৰিচালক, কবি, অভিনেতা ইত্যাদি৷ ইয়ান গিবছেনে তেওঁৰ জীৱনী ‘Federico García Lorca: A life’ কৈছে “A staggering one man show’. কবিতা আৰু নাটকৰ বাবে নিজৰ জীৱনকালতে এজনচেলিব্ৰেটি মৰ্যদা পোৱা গাৰ্চিয়া লৰ্কাা আছিল জীপছি, নাৰী, সমকামী পুৰুষ, আফ্ৰিকান আমেৰিকান আদি শোষিত পীড়িত লোকৰ কবি৷ এটা সম্ভ্ৰান্ত উচ্চ শিক্ষিত পৰিয়ালৰ সদস্য হোৱাৰ সুবাদত লৰ্কাই কিছু বস্তু সহজলভ্যভাৱে পাইছিল৷ পিতৃৰ পৰা লাভ কৰা এটা ব্যক্তিগত পুথিভৰাঁল আছিল অন্যতম৷ ১৯১৮ চনতে পিতৃ ফেডেৰিক গাৰ্চিয়া ৰড্ৰিগেজৰ উৎসাহত তেওঁ প্ৰথমখন পুথি’ Impressions & Landscapes’ প্ৰকাশ কৰে৷ এই গ্ৰন্থখনত গ্ৰেনাডা বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপে বিভিন্ন ঠাই যেনে আন্দালুছিয়া (Andalusia), কাষ্টিল (Castile), লিয়ঁ (Leon) আৰু গেলিচিয়া (Galicia) ভ্ৰমণৰ বিভিন্ন কাহিনীৰ সংকলন আছিল৷

লৰ্কা পঢ়া-শুনাত বিশেষ চোকা ছাত্ৰ নাছিল৷ গ্ৰেনাডা বিশ্ববিদ্যালয় তেওঁ নিজৰ ডিগ্ৰীৰ বাবেও কষ্ট কৰিবলগা হৈছিল৷ এণ্ড্ৰিউ এণ্ডাৰচনৰ পাছৰ পৰ্যায়ৰ পৰ্যালোচনা মতে, লৰ্কাডিচলেক্সিয়া চিকাৰ হৈছিল আৰু সেই কাৰণে আখৰ আদি চিনাত অসুবিধা পাইছিল৷

গ্ৰেনাডা চহৰৰ পৰিৱেশে লৰ্কাৰ ৰচনাত যথেষ্ট প্ৰভাৱ পেলাইছিল৷ তেওঁৰ কবিতা আৰু নাটকৰ বহু উপাদান তেওঁ এই অঞ্চলটোৰ ইতিহাস, পৰম্পৰা, কল্প কাহিনী আদিৰ পৰাই সংগ্ৰহ কৰিছিল৷

গ্ৰেনাডা বিশ্ববিদ্যালয়ৰ সময়চোৱাত লৰ্কা বিভিন্ন সৃষ্টিশীল কৰ্মত জড়িত হৈ পৰে৷ সেই সময়তে তেওঁৰ গ্ৰেনাডা চহৰৰ ছচিয়েলিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাপক তথা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিদ্যাৰ প্ৰফেছৰ ফাৰ্ণাণ্ডে ডেলছৰিয় (Fernando de Los Rios) লগত এক গভীৰ বন্ধুত্ব স্থাপন হয়৷ স্পেইনৰ দ্বিতীয়খন ৰিপাব্লিক (১৯৩১-৩৬) সময়চোৱাতে ৰিয় মন্ত্ৰী আছিল আৰু ‘La Barraca’ নামৰ ছাত্ৰ থিয়েটাৰ কোম্পানীটোৰ প্ৰতিষ্ঠা কৰিছিল৷ এই থিয়েটাৰ কোম্পানীটো লৰ্কাই ১৯৩২ পৰা ১৯৩৫ চনলৈকে পৰিচালনা কৰিছিল৷ ১৯১৯ চনত লৰ্কা গ্ৰেনাডাৰ পৰা মাদ্ৰিদলৈ গুচি আহে৷ তেওঁৰ গ্ৰেনাডাৰ লগত সম্পৰ্ক একেই থাকিল৷ গ্ৰীষ্মৰ দিনবোৰ তেওঁ গ্ৰাণাডাত পাৰ কৰিছিল৷ এই সময়চোৱাতে তেওঁ সংগীত স্ৰষ্টা মেনুৱেল ডেফল্লা’ (Menuel de Falla) সহযোগত স্থানীয় পুতলা নাচ পৰম্পৰাৰ পুনৰ উদ্ধাৰৰ বাবে এটা ভ্ৰাম্যমাণ থিয়েটাৰ গোট প্ৰতিষ্ঠাৰ প্ৰয়াস কৰে৷

১৯২৮ চনত প্ৰকাশ পোৱা তেওঁৰ “Gypsy Ballads” গ্ৰন্থখনক ইয়ান গিবছেনে (Ian Gibson)  “The most widely read, most often recited, most studied & most celebrated book of poems in the whole of Spanish literature” বুলি মন্তব্য কৰিছিল৷ এই গ্ৰন্থখনে লৰ্কাক আন্দালিছিয়ান অঞ্চলৰ শোষিত জীপছিসকলৰ কণ্ঠস্বৰ হিচাপে প্ৰতিষ্ঠা  কৰিছিল৷ গ্ৰেনাডা আৰু তাৰ চৌপাশৰ অঞ্চলটোৰ প্ৰতি থকা তেওঁৰ আত্মিক আৰু মানসিক অনুভৱেই লৰ্কাক এইসমূহ Voiceless মানুহৰ কবিতা লিখাৰ প্ৰেৰণা দিছিল৷

পাবলো নেৰুডাই তেওঁৰ “Passions & Impressions” গ্ৰন্থত লৰ্কাৰ বিষয়ে কৈছে,“ The essence of Spain” অৰ্থাৎ লৰ্কাৰ মাজত থকা শক্তিশালী স্পেনিছ বোধৰ উপস্থিতিক তেওঁ দৰ্শাইছিল৷ তেওঁ দেশ এৰি গৈছিল যদিও তেওঁৰ চুইটকেছত তেওঁ দেশখন লগত লৈ গৈছিল৷ লৰ্কাৰ জন্মৰ বছৰটোৰ পৰাই যেন আৰম্ভ হৈছিল কিছু পৰিৱৰ্তন আৰু নতুনত্বৰ৷ স্পেনিছ সামাজিক আৰু ৰাজনৈতিক চেতনালৈকে পৰিৱৰ্তন আহিছিল৷ লৰ্কাৰ জন্মৰ বছৰতে স্পেনিশ্ব সাম্ৰাজ্যই ফিলিপাইনছ আৰু কিউবাক আমেৰিকাৰ হাতত হেৰুৱাবলগীয়া হয়৷ একে সময়তে, সেই শতিকাটোত হোৱা নেপোলিয়নৰ আক্ৰমণ, তিনিবাৰকৈ গৃহযুদ্ধ তথা  দুৰ্বল ৰাজশক্তিৰ বাবে আৰম্ভ হোৱা এক ক্ষয়িষ্ণু ব্যৱস্থাৰ সন্মুখীন হৈছিল সেই সময় সামৰিক বাহিনীৰ কঠোৰ নিয়ন্ত্ৰণ আৰু এটা বাঢ়ি অহা শ্ৰমিক শ্ৰেণীয়ে উন্নত কৰ্মস্থানৰ বাবে কৰা আন্দোলন আদিৰ সাক্ষী আছিল এই সময়৷ তেনে দুঃসহ আৰু অৰাজক সময়ৰ মাজতে অতীতৰ গৌৰৱশালী সৃষ্টিশীল কৰ্মৰ আধাৰত ভৱিষ্যতৰ -সোপান সৃষ্টিৰ বাবে বৰ্ত্তমানক অনুভৱ কৰাৰ তথা তাৰ আধাৰত ক্ষয়িষ্ণু দেশ আৰু সময়ক নতুন উৎসাহ দিয়াৰ এক কৰ্মত লিপ্ত হৈছিল সৃষ্টিশীল সত্ত্বাবোৰ৷ কেৱল লৰ্কাই নহয়- কবি এণ্টনিঅ’ মাচাড’ (Antonio Machdo), দৰ্শনিক মিগুৱেল ডেউনামুন' (Miguel de Unamuno), উপন্যাসিক পিবাৰজা (Pio Baroja) আদিয়ে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছিল৷ এই প্ৰক্ৰিয়াই স্পেইনৰ সৃষ্টিশীল সমাজখনক এটা উশাহ লোৱাৰ সকাহ আগবঢ়াইছিল৷

১৯১৯ চনৰ পৰা ১৯৩৬ চনলৈকে লৰ্কা মাদ্ৰিদত থাকে আৰু সেই সময়ত তেওঁ চহৰখনৰ সাংস্কৃতিক আৰু সাহিত্যিক পৰিৱেশৰ নিৰ্মাতাসকলৰ লগত এক ওচৰ সম্পৰ্ক গঢ়ি তোলে৷ নৱেল বঁটা বিজয়ী কবি Vicente Aleixandre (ভেচেণ্ট এলেক্সজেণ্ড্ৰে), লেখক তথা চিত্ৰশিল্পী ' মৰেনো ভিলা (Jose Moreno Villa) যাক ১৯৩১ চনত Royal Library- সঞ্চালকৰ আসন দিয়া হৈছিল আদিৰ লগত লৰ্কাৰ নিকট সম্পৰ্ক গঢ়ি উঠে৷ আকৌ সোঁপন্থী কবি ' মাৰিয়া হিননজ'চা (Jose Maria Hinonjosa) লগতো তেওঁৰ ভাল সম্পৰ্ক গঢ়ি উঠিছিল তেওঁক প্ৰথমখন গৃহযুদ্ধৰ সময়ত ৰিপাব্লিকানসকলে ফাঁচি দিছিল৷

স্পেইনৰ সেই সময়ত এজন আগশাৰীৰ কবি জুৱান ৰেম' জিমিনেজে (Juan Ramon Jimenez) লৰ্কাৰ লিখাৰ প্ৰতি যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছিল তথা লৰ্কাক বহু সময়ত দিশ-নিৰ্দেশনাৰে সহায় কৰিছিল লৰ্কাৰ লেখাসমূহত সেই সময়ৰ সমাজ আৰু ৰাজনৈতিক পৰিস্থিতি তথা তেওঁৰ ব্যক্তিগত অনুভৱৰ মূৰ্ত প্ৰকাশ সুন্দৰকৈ ফুটি উঠিছিল৷ একে সময়তে আলোড়িত আন এক বিষয় আছিল লৰ্কা আৰু বিখ্যাত চিত্ৰশিল্পী ছালভাড’ৰ ডালি, যাক অধিবাস্তৱবাদী চিত্ৰশিল্পৰ জনক বুলি কয়, তেওঁৰ লগত থকা গভীৰ আৰু দৃঢ় বন্ধুত্ব৷

মাদ্ৰিদৰ বিখ্যাত “Residencia de Estudiantes” লৰ্কা আৰু ডালিৰ সংযোগ স্থাপন হয়৷ ১৯২০ চনত লৰ্কাই এই ইনষ্টিটিউটত যোগদান কৰে৷ চহৰখনৰ উত্তৰ ভাগত স্থাপন কৰা এই প্ৰতিষ্ঠান Oxbridge- কলেজ পদ্ধতিৰ আধাৰত কৰা হৈছিল৷ এই প্ৰতিষ্ঠানত বিশ্বৰ আগশাৰীৰ শিল্পী, সাহিত্যিক, বিজ্ঞানী, দাৰ্শনিক আদিৰ বক্তৃতাৰ আয়োজন কৰা হৈছিল৷ লৰ্কাই নিজেই এই প্ৰতিষ্ঠানত এহাজাৰতকৈও অধিক বক্তৃতা শুনাৰ কথা উল্লেখ কৰিছিল৷ এই প্ৰতিষ্ঠান প্ৰগতিশীল চিন্তা আৰু শিক্ষাৰ বাটকটীয়া আছিল৷ ডালি ১৯২২ চনত এই প্ৰতিষ্ঠানলৈ আহে৷ একেসময়তে প্ৰসিদ্ধ চিনেমা নিৰ্মাতা লুই বুনুৱেলও এই প্ৰতিষ্ঠানত উপস্থিত হয়৷ এই তিনি অসাধাৰণ প্ৰতিভাসম্পন্ন সৃষ্টিশীল সত্ত্বাই সমগ্ৰ সাংস্কৃতিক আৰু সাহিত্যিক পৰিৱেশক জীপাল কৰিবলৈ সক্ষম হয়৷ বুনুৱেলে নিজে লিখি গৈছে যে “He (Dali) was much closer to Federico than I was. I was more a friend of Dali’s than Federico’s.” লৰ্কা দুটা ভিন্ন সময়ত ১৯২৫ আৰু ১৯২৭ চনত ডালি আৰু পৰিয়ালৰ সৈতে বাৰ্চিলনাৰ আওহতীয়া Cadaques চহৰত অলপদিনৰ বাবে বাস কৰিছিল৷ সেই সময়তে তেওঁলোকৰ সৃষ্টিশীল চিন্তাই ইজনে সিজনৰ কৰ্মত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছিল, অচেতন অনুভুতিয়ে  সৃষ্টিশীল প্ৰক্ৰিয়াৰ এক অভিন্ন অংগ হিচাপে সেই সময়ৰ সৃষ্টিৰাজিক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিছিল৷ ডালিয়ে লৰ্কাৰ বহুকেইখন চিত্ৰ অংকন কৰিছিল৷ ১৯২৫ চনত ডালিয়ে এখন পত্ৰত প্ৰকাশ কৰিছিল যে, “He was the only interesting man he had ever known.” এই টোকাৰ লগত ডালিয়ে ষাঁড়গৰুৰ যুঁজলৈ উন্মত্ত কৰা Picador আৰু ষাঁড়গৰুৰ এটা স্কেট্চ পঠাইছিল৷ ১৯২৭ চনত লৰ্কাই বাৰ্চিলোনাৰ Dalmau Galleryত এনে ড্ৰয়িঙৰ প্ৰদৰ্শনী আয়োজন কৰিছিল৷ এই প্ৰদৰ্শনীখন “ served as a canvas on which to project desires and fantasies that surround the unknowable detail of Lorca & Dali’s relationship”. ‘The Kiss’ আৰু ’East Wind’ আদি এই সংগ্ৰহত প্ৰদৰ্শিত বিখ্যাত ড্ৰয়িঙত আছিল৷ আনহাতে  ডালিৰ চিত্ৰৰ বিষয়ে লৰ্কাই তেওঁৰ বক্তৃতা “Thoughts of modern Art”- বিশদভাৱে আলোচনা কৰিছিল৷ লৰ্কাৰ ১৯২৬ চনত প্ৰকাশ পোৱা বিখ্যাত কবিতা “Ode to Salvader Dali” ডালিক সুগভীৰ বিষয়বস্তু তথা মানৱ সম্পৰ্কৰ বহুমুখী প্ৰতীক হিচাপে উপস্থাপন কৰিছে৷ এই সম্পৰ্ক কিছু দুখজনকভাৱেই শেষ হৈছিল, যদিও দুয়োগৰাকী সৃষ্টিশীল প্ৰতিভাৰ জীৱন আৰু কৰ্মত এই সম্পৰ্কই ব্যাপক প্ৰভাৱ পেলাইছিল

লৰ্কাৰ বহুমাত্ৰিক পৰিচয় এক বিস্তৃত অধ্যয়নৰ বিষয় নাট্য ৰচনা আৰু কবিতাৰ জৰিয়তে লৰ্কাৰ অনবদ্য প্ৰতিভাৰ উমান পাব পাৰি৷ লৰ্কাৰ নাট্য প্ৰতিভা আৰু কৰ্মৰাজিৰ আলোচনা নিজস্বভাৱে এক বৃহৎ আলোচনাৰ বিষয়৷ একেধৰণে লৰ্কাৰ কবিতাৰ আলোচনাও এক কষ্টসাধ্য প্ৰক্ৰিয়া৷ এক জটিল আৰু পৰিৱৰ্তনশালী সমাজ আৰু ৰাজনৈতিক পৰিস্থিতিৰ সাক্ষী হোৱা লৰ্কাৰ কবিতাত এনে বিষয়বস্তুৰ অনুৰণনেই শুনা যায়৷

লৰ্কাৰ কবিতাৰ মূল বৈশিষ্ট্য হৈছে ইয়াৰ নাটকীয়তা আৰু গীতিধৰ্মীতা৷ একে সময়তে লৰ্কাৰ কবিতাত এটা নিৰ্দ্দিষ্ট সুৰ প্ৰৱাহিত হৈ থকাৰ লগতে বিশেষ আংগিক বৈশিষ্ট্যও বিদ্যমান৷ লৰ্কা প্ৰেমৰ কবিতকৈ হেঁপাহ আৰু আকাংক্ষাৰ কবি৷ একে সময়তে লৰ্কা পূৰ্ণতাৰ নহয়, অপূৰ্ণতাৰ কবি৷ আমেৰিকাৰ কবি Robert Bly য়ে এবাৰ লিখিছিল যে, গাৰ্চিয়া লৰ্কাই সদায়েই কৈছিল,“What he wants, what he desires, what barren women desires, what water desires, what gypsies desires,what a bull desires just before he dies,what brothers and sisters desires'. তেওঁৰ “Casida of the Rose” কবিতাত তেওঁ লিখিছে “The rose was not selling the down/almost eternal of its branch/it was seeking something else.” লৰ্কাৰ কবিতা আন এক উল্লেখযোগ্য বৈশিষ্ট্য হৈছে অন্তৰ্হিত বিষাদ সংগীত, যি তেওঁৰ কবিতাত অদৃশ্যভাৱে প্ৰৱহমাণ হৈ থাকে৷ “Poem of  Deep Song” সংকলনৰ কিছু কবিতা এনে উদাহৰণৰ অন্যতম৷ লৰ্কাৰ কবিতাই জগত জিনিব পৰাৰ আৰু সাধাৰণ পাঠকৰ পৰা সকলোস্তৰৰ লোকক সন্মোহিত কৰিব পৰাৰ অন্যতম কাৰণ হৈছে- লৰ্কাৰ কবিতাত থকা পৰম্পৰাগত সুৰ আৰু মফচলীয়া চহৰ আৰু গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবিৰ প্ৰতিফলন৷ লৰ্কাই তেওঁৰ কবিতাত পৰম্পৰাগত প্ৰৱচন, বেলাড আৰু নিচুকণি গীত আদিৰ যথেষ্ট ব্যৱহাৰ কৰিছিল৷ ফলস্বৰূপে তেওঁৰ কবিতাত, তেওঁৰ নিজৰেই কিছু নিজস্ব বৈশিষ্ট্যৰে উদ্ভাসিত হৈছিল৷ পৰম্পৰাগত পদ্য আৰু গীতি সাহিত্যক তেওঁ নিজৰ অনন্য প্ৰতিভাৰে বিষয়ভিত্তিক চেতনাৰে সংক্ষিপ্ত প্ৰকাশ হিচাপে তুলি ধৰিছিল৷ অতি কম উপমাৰ সমাহাৰেৰে প্ৰাঞ্জলভাৱে কোনো এক বিষয়বস্তুক কথন কৰাতকৈ দৃশ্যগতভাৱে উপস্থাপন কৰাৰ দক্ষতা তেওঁ ৰাখিছিল নাট্যকাৰ পৰিচালক হিচাপে থকা তেওঁৰ অসাধাৰণ বুৎপত্তি সম্ভৱতঃ এই দিশত কামত আহিছিল৷ তেওঁৰ কৈশোৰ কালৰ পৰা ধৰি মৃত্যুৰ সময়লৈকে তেওঁৰ কবিতাত সাহিত্য আৰু সংগীতক একাত্মক অনুভৱেৰে সংপৃক্ত কৰাৰ সচেতন প্ৰচেষ্টা অনুভৱ কৰা যায়৷ হয়তো কম বয়সৰ পৰাই শাস্ত্ৰীয় পিয়ানোবাদকৰ প্ৰশিক্ষণ আৰু নাটক ৰচনাৰ আধাৰত সংগীতৰ ব্যৱহাৰৰ ফলত তেওঁৰ কবিতাতো তেনে প্ৰভাৱ বিস্তাৰ কৰাৰ থল আছিল বুলি ভাবিব পাৰি৷

লৰ্কাৰ কবিতাৰ মাজত অনুভূত হয় প্ৰাকৃতিক জগতৰ সৱল উপস্থিতি৷ কিন্তু এই স্বচক্ষ প্ৰাকৃতিক বাস্তৱকো লৰ্কাই নিজৰ কবিতাৰ মাজত তুলি ধৰিছিল কল্পকাহিনীৰ ঘন ৰহস্যময়ী বৰ্ণনাৰে৷ লৰ্কাৰ কবিতাৰ এই ৰহস্যঘন অনিশ্চিত বাগধাৰাই লৰ্কাৰ কবিতাক ৰসোত্তীৰ্ণ উচ্চতালৈ লৈ গৈছিল৷ সামাজিক ব্যৱস্থাৰ সত্যতা, পৰম্পৰাগত শিল্পকলাৰ উপাদান আৰু লোকাচাৰৰ যথোপযুক্ত ব্যৱহাৰে তৎকালীন বিষয়বস্তুক উপস্থাপনৰ অনবদ্য কৌশল, ১৯২০-৩০ দশকৰ বৈপ্লৱিক চিন্তাচৰ্চাৰ প্ৰতিধ্বনি তথা কবিতাৰ মৌলিক আৰু পৰিৱেশ্য শক্তিৰ সম্যক জ্ঞান আদিৰ বাবে লৰ্কাৰ কবিতাই কম সময়তে জনপ্ৰিয়তা লাভ কৰাৰ লগতে আজিও পাঠকৰ চিন্তাচেতনাক সাৰ্বজনীভাৱে আকৃষ্ট কৰিবলৈ সক্ষম হৈ আছে৷

দক্ষিণ স্পেইনৰ অন্দুলেচিয়ান অঞ্চলৰ পৰম্পৰাগত পৰিৱেশ্য কলা Flamenco- ব্যৱহৃত হোৱা Cante Jondo নামৰ পৰম্পৰাগত কবিতা আৰু সংগীতৰ এক ধাৰাক লৈ  লৰকা যথেষ্ট সচেতন হৈ পৰে Cante Jondo- স্পেইনৰ উচ্চ জাতিৰ লোক সকলে অশ্লীল বুলি মত প্ৰকাশ কৰিছিল ঠিক যিদৰে ১৮-১৯ শতিকাত অসমৰ বিহুক লৈ সেই সময়ৰ অসমীয়া শিক্ষিত সমাজৰ মনোভাৱ আছিল লৰ্কাই Cante Jondo প্ৰচলনক লৈ এটা বিখ্যাত বক্তৃতা প্ৰদান কৰে তথা “Poem del cante Jondo” নামৰ কবিতাৰ কিতাপ ১৯৩১ চনত প্ৰকাশ কৰে৷ ইয়াৰ জৰিয়তে এই পৰম্পৰাগত কবিতা আৰু গীত নৃত্যশৈলীকউচ্চকলা স্থান প্ৰদান কৰিব পৰা যাব বুলি লৰ্কা আৰু তেওঁৰ সহযোগী সকলে আশা কৰিছিল৷ লৰ্কা অনুভৱ কৰিছিল যে স্থানীয় লোককলা, গল্প, বেলাড আৰু অন্যান্য কল্প কাহিনীক কিছু বাস্তৱিকভাৱে ব্যৱহাৰ কৰি, সংবেদনশীলভাৱে আৰু  প্ৰয়োজন সাপেক্ষে ছেটায়াৰ হিচাপে উপস্থাপন কৰিলে এক অভিনৱ শৈলীত পৰিগণিত হয় আৰু আন্তৰাষ্ট্ৰীয় আৱেগ আৰু আদৰো লাভ কৰে৷

১৯২৮ চনত প্ৰকাশিত Gypsy Ballads হৈছে ১৯২১ চনৰ পৰা ২৬ চনলৈকে তেওঁ লিখা বেলাডৰ এক সংকলন৷ এই গ্ৰন্থখন লৰ্কাৰ জীপছি বেলাডৰ প্ৰতি থকা সুকীয়া আগ্ৰহ তথা ইয়াৰ সংগ্ৰহ আৰু তেওঁৰ এই বেলাড লিখন প্ৰক্ৰিয়াৰ নিৰৱচ্ছিন্ন চৰ্চা৷ এনে বেলাডৰ উপযুক্ত প্ৰয়োগ তেওঁ নিজৰ নাট্য অভিযোজনাসমূহতো  কৰিছিল৷ বেলাডৰ লৰ্কাৰ কবিতাত থকা এই চিৰস্থায়ী প্ৰভাৱৰ বিষয়ে পাছৰ জীৱনত তেওঁ নিজেই কৈছে  “Deep song“ গ্ৰন্থখনত-

’From my very first step in poetry,in 1919,I devoted much thought to the ballad form, because I realized it was the vessel best shaped to my sensibility.….... I wanted to use the narrative ballad with the lyrical without changing the quality of either'

যদিও লৰ্কাৰ কবিতাত থকা বেলাডধৰ্মিতাৰ কথা বহু সমালোচকে আলোচনা কৰিছে৷ একেসময়তে তেওঁৰ কবিতাত অহা পৰিৱৰ্তনো পাঠকৰ চকুত পৰিছে৷ লৰ্কাৰ জীৱন সলনি কৰি দিয়া ১৯২৯ চনৰ পৰা ১৯৩০ চনৰ মধ্যভাগৰ সময়ছোৱাত নিউয়ৰ্ক, ভাৰমণ্ট আৰু কিউবা ভ্ৰমণৰ পাছত চৰ্চিত কবিতা সংকলন “Poeta en Nueva York' এই পৰিৱৰ্তন দেখা পোৱা যায়৷ এই কবিতাসমূহৰ মূল স্থানিক বিষয়বস্তু নগৰীয়া আৰু স্পেইনৰ পৰম্পৰাগত অঞ্চল নহয়৷ একে সময়তে এই লানি কবিতাত সামাজিক ব্যৱস্থাৰ প্ৰতি বক্ৰোক্তি তথা ক্ষুৰধাৰ সমালোচনা বিদ্যমান৷ “Ode to Rome’ ‘The Black’ আদি কবিতাৰ কথা পাৰি৷ একে সময়তে সমকামী চিন্তাৰো মূৰ্ত প্ৰকাশ আদিও এই কবিতালানিত উপস্থিত, “Ode to Walt Whitman’ আদি কবিতাৰ কথা পাৰি৷ এই কবিতাসমূহত তেওঁ মুক্ত আৰু স্পষ্ট পংক্তিৰে তেওঁৰ নিজৰ পৰম্পৰাগত ৰহস্যধৰ্মী পদ্ধতিক কিছু বাদ দিছে আৰু বহু পৰিমাণে বৰ্ণনাধৰ্মী যাত্ৰাৰ মাজেৰে কবিতাসমূহক তুলি ধৰিছে৷

১৯৩১ চনত লৰ্কা স্পেইনলৈ উভতি আহে আৰু দ্বিতীয় ৰিপাব্লিকৰ লগত জড়িত হৈ পৰে৷ এটা প্ৰগতিশীল ৰাজনৈতিক ব্যৱস্থাৰ অংশস্বৰূপে লৰ্কাই ভ্ৰাম্যমাণ থিয়েটাৰ গোট “La Barraca”- পৰিচালনাৰ দায়িত্ব লয়৷ একে সময়তে তেওঁ থিয়েটাৰ আৰু কবিতাৰ জৰিয়তে সামাজিক সমস্যাৰ ওপৰত পোহৰ পেলোৱাৰ চেষ্টা কৰে৷ তেওঁ সেই সময়ছোৱাত মন্তব্য কৰিছিল “The poetry which rises from the book and becomes human.”

জীৱনৰ শেষৰ পাঁচটা বছৰত লিখা লৰ্কাৰ কবিতাৰ সংখ্যা তেওঁৰ পূৰ্বৱৰ্তী বছৰবোৰতকৈ কম কিন্তু কবিতাসমূহ একেই তীব্ৰতা তথা ভিন্নতাৰে ভৰপূৰ৷ স্পেইনৰ গৃহযুদ্ধৰ প্ৰথম অৱস্থাত তেওঁৰ হত্যাৰ কেইমাহমান আগৰ পৰা লৰ্কাই এখন ছনেটৰ ওপৰত কাম কৰি আছিল৷ Garden of Sonnets’ নামেৰে প্ৰকাশ বলগা এই গ্ৰন্থখনে তেওঁ জীৱনলকালত লিখা এনে এমুঠি কবিতাক প্ৰকাশ কৰিছিল৷ যদিও ইয়াৰ চূড়ান্ত সংস্কৰণটো হেৰাই গৈছিল, এটা পাইৰেটেড সংস্কৰণ ১৯৪৩ চনত তেওঁৰ মৃত্যুৰ বহু বছৰ পাছত প্ৰকাশ হৈছিল৷

বিংশ শতিকাৰ ইউৰোপৰ কবিতাৰ শতিকাত এক নতুন দিগন্তৰ সূচনা কৰিব পৰা, অতি জনপ্ৰিয় ফ্লেডেৰিকগাৰ্চিয়া লৰ্কাই নিজৰ বাবে এক সুকীয়া স্থান বিশ্ব সাহিত্যত গঢ়ি তুলিব পাৰিছিল৷ ৰাজনৈতিকভাৱে লৰ্কা প্ৰগতিশীল বাওঁপন্থী ভাৱধাৰাৰ আছিল৷ যদিও এক ধৰ্মনিৰপেক্ষ শিক্ষা আৰু মুক্ত মনৰ পিতৃৰ ছত্ৰছায়াত তেওঁ শৈশৱ আৰু কৈশোৰ গঢ়ি উঠিছিল, তৎস্বত্বেও তেওঁৰ প্ৰগতিশীল ভাৱধাৰাক পৰিৱৰ্তিত সময় আৰু তেওঁৰ আশ-পাশৰ পৰিস্থিতিয়ে গঢ় দিছিল৷ তেওঁৰ মৃত্যুৰ  কাৰণসমূহৰ ভিতৰত তেওঁৰ ৰাজনৈতিক মতাদৰ্শ অন্যতম৷ একেসময়তে তেওঁৰ সমকামী পৰিচয়, যি তেওঁক পৰম্পৰাগত ৰক্ষণশীল সমাজৰ পৰা এক দূৰত্ব ৰক্ষা কৰিবলৈ বাধ্য কৰিছিল৷ আকৌ একেসময়তে তেওঁৰ শেষৰখন নাটক “The Home of Bernada Alba গ্ৰেনাডাৰ শক্তিশালী ভূস্বামীসকলৰ উপস্থাপনে তেওঁৰ পৰিয়ালৰো কিছু লোকক বিৰক্ত কৰিছিল৷ La Barraca নামৰ নাটকৰ দলটোৰ পৰিচালক হিচাপে কাম কৰি যোৱাটো আছিল বাওঁপন্থীসকলৰ লগত তেওঁৰ ওচৰ সম্পৰ্কৰ অন্যতম উদাহৰণ৷ দ্বিতীয় ৰিপাব্লিকে গীৰ্জা আৰু চৰকাৰৰ মাজত থকা সম্পৰ্ক, সামৰিক বিভাগৰ অদক্ষতা, অশিক্ষিত খেতিয়কৰ সমস্যা, নগৰীকৰণৰ সমস্যা আদিৰ মোকাবিলা কৰাৰ প্ৰয়াস কৰিছিল৷ জনশিক্ষাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল, পুথিভৰাঁল আদিৰ স্থাপনৰ জৰিয়তে শিক্ষাৰ প্ৰসাৰৰ বাবে ব্যৱস্থা লোৱা হৈছিল৷ লৰ্কা এনে বহু কামত জড়িত আছিল৷ লৰ্কাই বিভিন্ন ঠাইত বক্তৃতা প্ৰদান কৰিছিল৷ তেওঁ এটা বক্তৃতাত কৈছিল, " a nation of republican citizens from the shards of shattered body politics.' লৰ্কাৰ মতে সংস্কৃতিয়ে জীৱন দৃঢ় কৰাৰ লগতে পৰিৱৰ্তন আনে৷ গতিকে তেওঁৰ বিখ্যাত উক্তি “Man doesnot live by bread alone’ য়ে এই কথাৰ সত্যতা প্ৰতিপন্ন কৰে৷ La Barraca নাট্যদলৰ জড়িয়তে লৰ্কা জনতাৰ মাজলৈ বহু সামাজিক বিষয়বস্তু লৈ যোৱাৰ প্ৰয়াস কৰিছিল৷ লৰ্কাই এই কৰ্মৰাজিক লৈ তীব্ৰ সমালোচনাৰো সন্মুখীন হৈছিল৷ যদিও La Barraca এটা ধৰ্মনিৰপেক্ষ সংস্থা বুলি কোৱা হৈছিল কিন্তু ইয়াৰ প্ৰগতিশীল ভাৱধাৰা আৰু বৈপ্লৱিক চিন্তাই ইয়াক বাওঁপন্থী আদৰ্শৰ প্ৰতিভূ আছিল সেয়া প্ৰতিপন্ন কৰিছিল৷ ফেচিষ্টসকলৰ আলোচনী “Gracia y Justicia” লৰ্কাক তীব্ৰ সমালোচনা কৰিছিল আৰু বহু সময়ত “Loca’’ (স্পেনিছ ভাষাত পাগল মহিলা) বুলি কটাক্ষ কৰিছিল৷ একে সময়তে লৰ্কাৰ সমকামিতাৰ বাবেও কটু সমালোচনা কৰিছিল৷

সোঁপন্থীসকলে ৰাষ্ট্ৰীয়বাদৰ নামত দেশখনত হিংসাত্মক ঘটনাত লিপ্ত হৈছিল আৰু ক্ৰমান্বয়ে ৰিপাব্লিক চৰকাৰখন দুৰ্বল কৰি আনিছিল৷ কৰ্মসংস্থানহীনতা আৰু গৃহযুদ্ধ সদৃশ এই সময়ছোৱাত ১৯৩৬ চনত লৰ্কাই এখন মেনিফেষ্ট' লিখে, যিখন সাংস্কৃতিক সাহিত্যিক ক্ষেত্ৰৰ তিনিশ লোকে চহী কৰে আৰু কমিউনিষ্টখবৰ কাকত’ Mundo obnero’- প্ৰকাশ পায়৷ এই মেনিফেষ্ট' সেই বছৰ অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ আগদিনা প্ৰকাশ পায় আৰু পাছদিনাৰ নিৰ্বাচনৰ ফলাফলত বাওঁপন্থী Popular  Front Alliance য়ে পূৰ্বতকৈ অধিক সংখ্যকে আসন লাভ কৰে৷ এনে এক পৰিস্থিতিত ১৯৩৬ চনৰ জুলাইত তেওঁ পৈতৃক গৃহ গ্ৰেনাডালৈ যাত্ৰা কৰে৷ ১৭ জুলাইত স্পেনিছ গৃহযুদ্ধৰ সূচনা হয় আৰু জেনেৰেল ফ্ৰেংক' মৰক্ক এটা সামৰিক অভুৎথানৰ নেতৃত্ব দিয়ে৷

সেইবছৰে আগষ্ট মাহৰ ১৮ অথবা ১৯ তাৰিখে (তাৰিখ নিৰ্দ্দিষ্ট নহয়) ৰাষ্ট্ৰীয়তাবাদীসকলৰ নিৰ্দেশত কবি Luis Rosales- Falangist পৰিয়ালৰ গৃহত দহদিন ধৰি আশ্ৰয় লৈ থকা স্পেইনৰ সৰ্বকালৰ জনপ্ৰিয় তথা চূড়ান্ত প্ৰতিভাশালী কবি ফেডেৰিক' গাৰ্চিয়া লৰ্কাৰ হত্যা কৰা হয়৷ যদিও চিত্ৰ নিৰ্মাতা Edgar Neville য়ে কোৱাৰ দৰে লৰ্কা “Lay above political Parties' আৰু তেওঁৰ কৰ্মৰাজিয়ে বিশ্ব জুৰি স্পেইনলৈ গৌৰৱ কঢ়িয়াই আনিছে( 'has brought glory to Spain throughout the world'),  তেওঁৰ কৰ্মৰাজিক সোঁ আৰু বাওঁপন্থীসকলে নিজৰ সুবিধা মতেই পৰৱৰ্তী সময়ত ব্যৱহাৰ কৰিছিল৷

বিশ্ব সাহিত্যৰ এক অন্যতম ভোটাতৰা হিচাপে লৰ্কা অজৰ অমৰ হৈ থাকিব হেজাৰ হেজাৰ পাঠকৰ হৃদয়ৰ মাজত


ঠিকনা :

উপ সঞ্চালক,

ৰাষ্ট্ৰপতি সচিবালয়ৰাষ্ট্ৰপতি ভৱন,

নতুন দিল্লী৷

ভ্ৰাম্যভাষ - ৮৮০০৯৪৮৮০৮

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ