পঙ্কজ প্ৰতিম বৰদলৈ
ব্ৰিটিছ উপনিৱেশবাদৰ প্ৰসাৰৰ সমান্তৰালভাৱে ভাৰতবৰ্ষত বিভিন্ন বাণিজ্য আৰু বেহা-বেপাৰৰ কেন্দ্ৰ স্থাপন হৈছিল৷ কলিকতা, মাদ্ৰাজ, ব’ম্বে আদি মূল চহৰকেইখন মুখ্য ব্যৱসায়িক কেন্দ্ৰত পৰিগণিত হৈছিল৷ একেসময়তে আন বহু সৰু চহৰো বিভিন্ন বেহা-বেপাৰৰ কেন্দ্ৰ হৈ পৰিছিল৷ ব্যৱসায়ৰ এই প্ৰসাৰৰ লগত একে সময়তে বিকাশ লাভ কৰা আন এটা দিশ আছিল কলা বিষয়ক৷ মূল চহৰসমূহৰ পৃষ্ঠপোষকসকলে সেই সময়ত কলা বা শিল্পীসকলক যথেষ্ট উৎসাহ জনাইছিল আৰু ফলস্বৰূপে কিছু চহৰক কেন্দ্ৰ কৰি একো একোটা নিৰ্দিষ্ট শৈলীৰ ধাৰা বা ‘স্কুল’ৰ সৃষ্টি হৈছিল৷ এই ক্ষেত্ৰত আগৰণুৱা আছিল কলিকতা আৰু বম্বে৷ এই দুখন চহৰত এক সুকীয়া শৈলীৰ শিল্পশৈলীৰ আৰম্ভণি হয়৷
‘বেংগল স্কুল অৱ পেইণ্টিং’ বা ব’ম্বেৰ ‘জে জে স্কুল অৱ আৰ্ট’ আদিৰ আলমত গঢ় লৈ উঠা এই কলাশৈলীয়ে পৰৱৰ্তী কালত আধুনিক ভাৰতৰ শিল্পকলাৰ গতি প্ৰকৃতি আৰু দিশ নিৰ্ণয় কৰিছিল৷
ব্যৱসায়িক দৃষ্টিকোণেৰে
মূল চহৰসমূহৰ সমান গুৰুত্ব লাভ নকৰা চহৰ হিচাপে বৰ্তমানৰ বিহাৰৰ পাটনা চহৰ আপেক্ষিকভাৱে
কলাশৈলী অথবী সৃজনীশীল কৰ্মৰ ক্ষেত্ৰতো পিছপৰাই আছিল৷ ১৮২৪ চনত এই পাটনা চহৰতে অপেছাদাৰী
ব্ৰিটিছ চিত্ৰশিল্পী আৰু ব্ৰিটিছ চৰকাৰৰ আফিং বা কানিৰ এজেণ্ট চাৰ্লছ ড’অয়লী
(Charles D’oyly)-ৰ উদ্যোগত ইউৰোপীয়ান আৰু ভাৰতীয় লোকৰ সহযোগিতাৰে জুলাই মাহৰ এক তাৰিখে
পাটনা চহৰত ‘ব্ৰিটিছ স্কুল অৱ এথেনছ’ স্থাপন কৰা হয়৷ এটা কলা সংস্থা হিচাপে স্থাপন
কৰা এই গোটটোৱে কলা আৰু বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰাৰ লগতে কলাৰ জৰিয়তে
মনোৰঞ্জনৰ দিশতো কাম কৰিব বুলি ইয়াৰ আৰম্ভণিৰ কাকতত উল্লেখ আছিল৷ বিহাৰ স্কুল অৱ এথেনছ’ক
‘য়ুনাইটেড পাটনা’ আৰু ‘গয়া ছ’চাইটি’ বুলিও কোৱা হৈছিল৷ ‘টেকাৰী’ৰ ৰাজা মিৰাজিৎ সিংৰ
‘পাটনা হাউছ’ নামৰ ঘৰটোতে এই সংস্থাৰ সভ্যসকলে নিয়মীয়াকৈ আলোচনা আৰু সৃজনীশীল কৰ্মৰ
বিভিন্ন দিশত চিন্তা-চৰ্চা কৰিছিল৷ সেই সময়ত পাটনা চহৰত এক মিশ্ৰিত জনগোষ্ঠী আছিল৷
য়ুৰোপীয়ান কোম্পানিবোৰৰ ফেক্টৰীসমূহ থকাৰ লগতে বৃহৎ ইউৰোপীয়ান বাংলোবোৰ আছিল, য’ত বহু
সংখ্যক ইউৰোপীয়ান বাস কৰিছিল৷ একে সময়তে ধনী
ভাৰতীয় সদাগৰ আৰু ভূস্বামীসকলৰ অভিজাত ঘৰসমূহে চহৰখনৰ এক সুকীয়া চিনাকী দিছিল৷
ড’অয়লী গোটৰ শিল্পীসকলে
সেই সময়ৰ পাটনা চহৰৰ বিভিন্ন দিশ প্ৰতিফলিত কৰা বহুতো চিত্ৰ অংকন কৰিছিল৷ ব্যস্ত চহৰৰ
চিত্ৰ, মানুহেৰে ভৰ্তি হৈ থকা বজাৰ, পদপথ আদি এই চিত্ৰশিল্পসমূহত প্ৰতিফলিত হৈছিল৷
বিহাৰ সেইসময়ত ব্ৰিটিছ চৰকাৰৰ আফিং ব্যৱসায়ৰ মূল সৰবৰাহ কেন্দ্ৰ আছিল৷ গংগা নদীৰ পাৰৰ
অঞ্চলসমূহত ইয়াৰ খেতি কৰাৰ লগতে গুলজাৰবাৰ্গৰ ফেক্টৰিবোৰত ইয়াৰ নিষ্কাষণ আদি কৰি কলিকতা
চহৰত যোগান ধৰা হৈছিল৷ গতিকে তেনে বিষয়ক বহু চিত্ৰকৰ্মও অংকন কৰা হৈছিল৷
ড’অয়লীয়ে স্থাপন
কৰা এই ছ’চাইটিৰ এক উল্লেখযোগ্য দিশ আছিল যে ই ভাৰতীয়সকলকো সমপৰিমাণে ইয়াত যোগদানৰ
সুবিধা প্ৰদান কৰিছিল৷ ড’অয়লী গৱৰ্ণৰ জেনেৰেল ৱাৰেণ হেষ্টিংচৰ সম্বন্ধীয় আছিল আৰু বেংগল চিভিল ছাৰ্ভিচত যোগদান
কৰাৰ সময়ত লৰ্ড কৰ্নৱালিছ গভৰ্ণৰ জেনেৰেল আছিল৷ ড’অয়লী যথেষ্ট মুক্ত চিন্তাধাৰাৰ আছিল
আৰু ভাৰতীয় আৰু য়ুৰোপীয়ান সকলৰ মিলা-মিছাত তেওঁৰ কোনো আপত্তি নাছিল৷ তদানীন্তন সময়ত
এই ক্ষেত্ৰত যথেষ্ট বাধা-বিঘিনি আছিল আৰু লৰ্ডকৰ্ণৱালিছে ভাৰতীয়ৰ লগত বিবাহপাশত আৱদ্ধ
হোৱা ইংৰাজক চহৰৰ বাহিৰত বসবাস কৰাৰ বাবে বাধ্য কৰিছিল৷ পৰৱৰ্তী সময়ত ড’অয়লী ঢাকাৰ
কালেক্টৰ হয় আৰু ১৮০৮ ৰ পৰা ১৮১২ৰ সময়ছোৱাত তেওঁ George Chinnery আৰু পাছত James Atkinsonক লগ পায়৷ সেইসময়ৰ এই দুজন
প্ৰখ্যাত চিত্ৰশিল্পীৰ কৰ্মই তেওঁক যথেষ্ট প্ৰভাৱান্বিত কৰে৷ পাটনাৰ ব্যৱসায়িক অধিকৰ্তা
হিচাপে যোগদান কৰাৰ পাছত, তেওঁৰ যথেষ্ট সৃজনীশীল কামৰ শুভাৰম্ভ হয়৷ প্ৰকৃততে তেওঁৰ শক্তিশালী চিত্ৰকৰ্ম এই সময়চোৱাৰে ফচল৷
কলিকতাত মূলত ইংৰাজ
আড়ম্বৰ সংস্কৃতিৰ প্ৰভাৱ আছিল আৰু তাৰ প্ৰভাৱ কলাশিল্পতো পৰিছিল৷ কিন্তু পাটনাস্থিত
‘ব্ৰিটিছ স্কুল অৱ এথেনছ’ৰ সভ্য হিচাপে ব্ৰিটিছ, এংলো ইণ্ডিয়ান, ভাৰতীয় আৰু বিভিন্ন
প্ৰব্ৰজনকাৰীসকলেও সুযোগ লাভ কৰিছিল৷ গতিকে কলাৰ দিশতো একধৰণৰ মুক্ত আৰু মিশ্ৰিত প্ৰভাৱ
আছিল৷ ড’অয়লীয়ে ১৮২৮ চনত ‘বিহাৰ লিথ’গ্ৰাফিক
প্ৰেছ’ স্থাপন কৰে আৰু তাৰপৰাই ‘বিহাৰ এমেচাৰ লিথ’গ্ৰাফিক স্ক্ৰেপবুক’ প্ৰকাশ কৰে৷
ইয়াত এই সমিতিৰ সভ্যসকলৰ কলাকৃতি প্ৰকাশ কৰা হয়৷ দুজন ভাৰতীয় শিৱ দয়াল আৰু জয়ৰাম দাসৰ
কলাকৃতিও প্ৰকাশিত হয়৷ সেইসকলৰ আন এজন শিল্পী আছিল- হুলাছ লাল, যি বেনাৰসৰ পৰা পাটনালৈ
আহি নিজকে চিত্ৰশিল্পী প্ৰতিষ্ঠা কৰিছিল৷ নিছাৰ জেহদী, সেৱক
ৰাম, আদি শিল্পীসকলে মুৰ্ছিদাবাদ আদি ঠাইৰ পৰা পাটনালৈ আহি এনে কৰ্মত জড়িত হয়৷ ইষ্ট
ইণ্ডিয়া কোম্পানিত বিভিন্ন কামত জড়িত হোৱাৰ লগতে শিল্পী হিচাপেও পাটনাৰ শিল্পক্ষেত্ৰত
নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়৷ ১৮২৯ চনত প্ৰকাশিত ‘অৰিয়েণ্টেল অৰ্ণিথ’লজী’ ৰ বিভিন্ন
ড্ৰয়িং অংকন কৰা শিল্পীসকলৰ অন্যতম আছিল ফকীৰ চান্দ লাল, যি এজন ভাৰতীয়৷
ড’অয়লীৰ ‘বিহাৰ লিথ’গ্ৰাফিক প্ৰেছে’ প্ৰকাশ কৰা ‘ইণ্ডিয়ান স্পৰ্টছ’ ত খেলৰ বিভিন্ন দিশক লগতে ভাৰতীয় আৰু ইংৰাজ চিত্ৰশিল্পীৰ মনোজগতৰ চিন্তাধাৰাৰ বিভিন্ন দিশ প্ৰতিফলিত কৰিছিল৷ সেইসময়চোৱাত ‘কষ্টিউমছ অৱ ইণ্ডিয়া’, স্কেটছ অৱ নিউ ৰোড ইন জাৰ্ণি ফ্ৰম কলকাতা টু গয়া’ আৰু ‘ফিডাৰহেড গেম অৱ হিন্দোস্তান’ আদি লিথ’গ্ৰাফিক প্ৰকাশ কৰিছিল৷
কলিকতাৰ পৰা দূৰৈত- ৰাজনীতি আৰু আভিজাত্যৰ পৰা আঁতৰত- বিহাৰৰ পাটনাৰ শিল্পীসকলে প্ৰতিদিনৰ জীৱনৰ চিত্ৰ, লেণ্ডস্কেপ, প্ৰকৃতি, গ্ৰাম্য জনজীৱন আদিৰ চিত্ৰ অংকন কৰিছিল৷ তেওঁৰ এই উদ্যোগৰ বাবে ড’অয়লীয়ে লণ্ডনতে অপেছাদাৰী শিল্পী হিচাপে কিছু গুৰুত্ব লাভ কৰিছিল৷ আন শিল্পীসকলেও যথেষ্ট সন্মান লাভ কৰিছিল৷
পাটনা চহৰখনৰ ইতিমধ্যে
চিত্ৰকলাৰ এক গৌৰৱময় ইতিহাস আছে৷ মোগল শাসনৰ সময়ত এক স্বকীয় কলাশৈলী হিচাপে ‘পাটনা
কলম’ৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈছিল৷ ‘কলজী চিয়াঁহী’
পাটনা কলমৰ আন এটা গুৰুত্বপূৰ্ণ অংশ৷ ‘কলজী চিয়াঁহী’ মানে ‘কলা চিয়াঁহী’৷
পাটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই কলাশিল্পৰ প্ৰসাৰ আৰু প্ৰচাৰ সেই সময়ৰ শিল্পকলা জগতৰ বাবে এক উল্লেখযোগ্য দিশ৷ কলিকতাৰ নিকটৱৰ্তী স্থানত অথচ এক নিৰ্দিষ্ট আৰু সুকীয়া শৈলীৰে আৰম্ভ হোৱা এই কলা উদ্যোগে যথেষ্ট গুৰুত্ব লাভ কৰিলে৷ সেই সময়ত কলিকতাৰ পৰা আঁতৰি এক সুকীয়া কলাকেন্দ্ৰ হিচাপে পৰিগণিত হোৱাটো অতি গুৰুত্বপূৰ্ণ কথা আছিল৷
চাৰ্লছ ড’অয়লী আৰু
বিহাৰ স্কুল অৱ এথেনছ্ এই গৌৰৱৰ প্ৰকৃত প্ৰাপক৷
পঙ্কজ প্ৰতিম বৰদলৈ
উপ-সঞ্চালক, ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী
ভ্ৰাম্যভাষ - ৮৮০০৯৪৮৮০৮
নতুন দিল্লী