পংকজ প্ৰতিম বৰদলৈ
কিতাপে বহু ধুমুহাৰ সম্মুখীন হৈছে। সভ্যতাৰ প্ৰতিটো স্তৰতে কিতাপৰ আছে নিজা ইতিহাস। বহু সময়ত কিতাপে
লাভ কৰিছে ইয়াৰ প্ৰাপ্য সন্মান আৰু আন বহু সময়ত ই পৰিগণিত হৈছে একোটা অগ্নিকুণ্ডত।
আধুনিক সমাজত কিতাপে সম্মুখীন হৈছে নিত্য নতুন সমস্যাৰ। ডিজিটেল আৰু ভোগবাদী সময়ত
কিতাপৰ নিজা অস্তিত্ব ৰক্ষা কৰাৰ এখন সুকীয়া যুঁজত লিপ্ত হৈছে কিতাপ। তৎসত্ত্বেও
কিতাপৰ আছে অনন্য স্থিতি, প্ৰয়োজনীয় গুৰুত্ব। সভ্যতাৰ বিকাশ আৰু সমাজৰ
গতিশীলতাৰ ই হৈছে সৱল সাক্ষী।
সুস্থ আৰু পৰিশীলিত
বাতাৱৰণৰ পৰিচায়ক হৈছে কিতাপ। কিতাপে প্ৰতিফলন কৰে এখন সমাজৰ, এটা
জাতিৰ চিন্তা-চৰ্চা আৰু বিৱেক। কিতাপ অভিজ্ঞতা আৰু জ্ঞানৰ এক অপূৰ্ব নিদৰ্শন। ই
জীৱনৰ পাঠ দিয়ে তথা কষ্ট, প্ৰেম, ভয়,
আৰু জীৱনৰ প্ৰতিটো সৰু সৰু কথাৰ সম্যক ধাৰণা দিব পাৰে। আমাৰ অতীত,
সভ্যতা আৰু সংস্কৃতিৰ জ্ঞান কিতাপত সন্নিবিষ্ট কৰা হৈছে। কিতাপ এক
প্ৰভাৱশালী মাধ্যম। মন-মগজু আৰু চিন্তাক আলোড়িত কৰিব পৰা এক সমল হৈছে কিতাপ।
অসমত এতিয়া গ্ৰন্থ ঋতু
চলি আছে। অসমৰ সৰু-বৰ চহৰবোৰত গ্ৰন্থ মেলাবোৰ হৈছে আৰু লাহে লাহে হ’ব। পাঠক আৰু প্ৰকাশকৰ
এই সমন্বয়ত লেখকৰ পৰিশ্ৰমে প্ৰাণ পায় উঠে। কিন্তু কিতাপক লৈ সংশয়ৰ অন্ত নাই।
গোলকীয় বিশ্ব আৰু প্ৰযুক্তিৰ নিয়মিত প্ৰসাৰৰ কৱলত পৰি কিতাপৰ জগতখনে
প্ৰতিযোগিতাৰ সম্মুখীন হৈছে। কিন্তু কিতাপৰ গুৰুত্ব আৰু আদৰ কমা নাই। ছপাশালৰ
প্ৰযুক্তি আৰু সম্পাদকীয় পৃথিৱীখনৰো ব্যাপক পৰিৱৰ্তন হৈছে যদিও কিতাপৰ যি এক
সাৰ্বজনীন ৰূপ সি অক্ষুণ্ণ আছে।
কিতাপৰ জগতখনৰ যি
সুকীয়া পৰিমণ্ডল আৰু ইয়াৰ আনুষংগিক দিশবোৰ সমানেই বিচাৰ্য বিষয়। কিতাপৰ লগত
জড়িত এক অন্যতম গুৰুত্বপূৰ্ণ বিষয় হ’ল গ্ৰন্থ মেলাবোৰ।
ফ্ৰেংকফাৰ্ট বুচমেছ
বা ফ্ৰেংকফৰ্ট গ্ৰন্থমেলাৰ পৰম্পৰা যোৱা ৫০০ বছৰতকৈও অধিক সময় ধৰি চলি আছে। ছপা কিতাপৰ
আৱিৰ্ভাবৰ পূৰ্বতে ফ্ৰেংকফৰ্টৰ সাধাৰণ বাণিজ্য মেলাখনেই দ্বাদশ শতিকাৰ পৰাই হাতেৰে
লিখা কিতাপ বিক্ৰীৰ স্থান আছিল। ফ্ৰেংকফৰ্টৰ ওচৰৰ মাইনজত জোহানেছ গুটেনবাৰ্গে
চলনশীল আখৰৰ ছপা বিকশিত কৰাৰ পাছৰ দশকবোৰৰ কোনোবা এটা সময়ত এখন ছপাশাল আৰু
প্ৰকাশকৰ মেলা প্ৰতিষ্ঠা হৈছিল।
ফ্ৰেংকফৰ্ট
গ্ৰন্থমেলা আৰম্ভ হোৱাৰ কোনো আনুষ্ঠানিক তাৰিখ
জনা নাযায়। কিন্তু, ১৪৬২ চনৰ ভিতৰত ই নিশ্চিতভাৱে প্ৰতিষ্ঠা হৈছিল। সেই
বছৰতে আইনী বিবাদৰ পাছত গুটেনবাৰ্গৰ ছপাশালৰ কাম জোহান ফাষ্ট আৰু পিটাৰ শ্ব’ফাৰে ফ্ৰেংকফৰ্টলৈ স্থানান্তৰিত কৰিছিল। এই মেলাখন কিতাপৰ বিপণনৰ প্ৰাথমিক
সংযোগ বিন্দু হিচাপে পৰিগণিত হৈছিল। একে সময়তে এই মেলাখনে গ্ৰন্থৰ লগত জড়িত
প্ৰযুক্তি, নিত্য-নতুন ধাৰণা আৰু সমগ্ৰ ইউৰোপৰ বৌদ্ধিক
পৰিৱেশৰ প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ অৰিহণা যোগাইছিল। কিতাপৰ বিষয়বস্তুৰ লগতে
কিতাপৰ যি ব্যৱসায়িক দৃষ্টিকোণ তথা এটা উদ্যোগ হিচাপে ইয়াৰ প্ৰয়োজনীয়তা অনুধাৱন কৰাত সহায় কৰিছিল।
১৭ শতিকালৈকে
ফ্ৰেংকফৰ্টৰ গ্ৰন্থমেলা সমগ্ৰ ইউৰোপৰ গুৰুত্বপূৰ্ণ গ্ৰন্থমেলা আছিল। ৰাজনৈতিক আৰু
সাংস্কৃতিক বিকাশৰ ফলস্বৰূপে পাছত লেইপজিগ গ্ৰন্থমেলাই
এই স্থান দখল কৰে। লেইপজিগ মেলাৰ আৰম্ভণি ১৫ শতিকাত হৈছিল। ১৬৩২ চনত লেইপজিগ গ্ৰন্থমেলা জাৰ্মানীৰ আটাইতকৈ ডাঙৰ
গ্ৰন্থমেলা হিচাপে পৰিগণিত হয় যেতিয়া ই ফ্ৰেংকফৰ্টৰ গ্ৰন্থমেলাত ৰখা গ্ৰন্থৰ সংখ্যাৰ ক্ষেত্ৰতকৈ
শীৰ্ষস্থান দখল কৰে। সেইবছৰ ফ্ৰেংকফৰ্টত ১০০ খন কিতাপ আছিল আৰু
লেইপজিগত ৭০০খন কিতাপ আছিল। এই মেলাৰ সফলতা আৰু গুৰুত্বৰ সৈতে লেইপজিগ মহানগৰীত এক
স্বচ্ছল প্ৰকাশন উদ্যোগৰ উত্থানৰ সম্পৰ্ক আছে। ষোড়শ শতিকাত লেইপজিগত প্ৰথম দৈনিক
কাকত ‘আইনকমেণ্ডে চাইটুংগেন’ৰ লগতে ‘ৰেক্লাম ইউনিভাৰ্ছেল লাইব্ৰেৰী’ আছিল। ইয়াত বিক্ৰীৰ
বাবে অন্তৰ্ভুক্ত কিতাপসমূহৰ তালিকা ১৫৯৪-১৮৬০ চনলৈকে প্ৰস্তুত কৰা হৈছিল। ১৭০০
আৰু ১৮০০ চনৰ ভিতৰত ইউৰোপীয় কিতাপ বিক্ৰেতাসকলৰ বাবে এই মেলাখন আছিল এক
গুৰুত্বপূৰ্ণ অনুষ্ঠান আৰু ইয়াক বছৰি দুবাৰকৈ আয়োজন কৰা হৈছিল।
১৯৪৫ চনলৈকে এই মেলা
শীৰ্ষত থাকে। যেতিয়া লাইপজিগ সমাজবাদী পূব জাৰ্মানীৰ অংশ হয় আৰু পশ্চিম
জাৰ্মানীৰ ফ্ৰেংকফৰ্টে ইয়াক অতিক্ৰম কৰি পুনৰ প্ৰথম স্থান দখল কৰে। পূব জাৰ্মান
যুগত এই মেলাখন পূব আৰু পশ্চিম জাৰ্মানী উভয়ৰে পৰা অহা কিতাপ প্ৰেমী আৰু
বিক্ৰেতাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ মিলন স্থান হৈয়েই আছিল। ইয়াৰ দ্বাৰা পূব
জাৰ্মানসকলে পশ্চিমীয়া প্ৰকাশনসমূহৰ সুবিধা লাভ কৰিছিল, তেওঁলোকে
আইনগতভাৱে ইয়াত কিতাপ ক্ৰয় কৰাৰ অনুমতি নাছিল, কিন্তু
মেলাতে বহি কিতাপ পঢ়িব পাৰিছিল।
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ১৯৪৯ চনত ফ্ৰেংকফৰ্ট গ্ৰন্থমেলা পুনৰ ছেইণ্ট প’ল গীৰ্জাত অনুষ্ঠিত হয়। তেতিয়াৰ পৰাই ই পুনৰ বিশ্বৰ প্ৰথম স্থানৰ গ্ৰন্থমেলাৰ স্থান লাভ কৰি আহিছে।
আমাৰ দেশৰ আগশাৰীৰ গ্ৰন্থমেলাখন
হৈছে কলিকতা আন্তর্জাতিক গ্ৰন্থমেলা। ১৯৭৬ চনত এক সৰু পৰিসৰত এই গ্ৰন্থমেলাখন
আৰম্ভ কৰা হৈছিল আৰু ক্ৰমান্বয়ে ই এছিয়াৰ সৰ্ববৃহৎ গ্ৰন্থমেলালৈ পৰিৱৰ্তিত হৈছে।
অসমৰ প্ৰেক্ষাপটত গ্ৰন্থৰ
ব্যৱসায়িক দৃষ্টিকোণ বৰ্তমানেও চালুকীয়া হৈ আছে। যোৱা দুটা দশকৰ পৰাহে ছপা-বন্ধা, অলংকৰণ
আদি আনুষংগিক দিশত গুৰুত্ব প্ৰদান কৰা হৈছে। বৰ্তমানেও সম্পূৰ্ণ অৰ্থত ‘প্ৰফেশ্যনেল’ প্ৰকাশন সংস্থা অসমত নাই। একে সময়তে
আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে যে অসমত এদল নতুন লেখকৰ জন্ম দিয়াটো অতি প্ৰয়োজন।
অসমৰ সাহিত্যত বিশ্ব মানৰ লেখা আছে। ইয়াৰ উচ্চমানৰ অনুবাদ, ছপা-বন্ধা, অলংকৰণৰ সৈতে বিশ্ব সাহিত্যৰ পাঠকৰ বাবে
উলিয়াই আনিব পৰাটো সমানে প্ৰয়োজনীয়। নতুন আৰু অগতানুগতিক বিষয়বস্তুৰ অভিনৱ উপস্থাপন
আৰু উন্নত ছপা-বন্ধা ই পাঠকক আকৰ্ষিত কৰিব পাৰিব।
প্ৰশ্ন উঠে যে কিতাপৰ
পাঠক কমিছে আৰু ইউৰোপৰ আমেৰিকা আদি দেশত এই সংখ্যা ব্যাপক হ্ৰাস পাইছে, এনে স্থলত
কিতাপৰ ভৱিষ্যত, ডিজিটেল প্ৰযুক্তিৰ আগ্ৰাসন আদি দিশবোৰও
চৰ্চিত হৈছে। কিতাপ পঢ়াৰ এই অনীহাৰ মূল কাৰণ হিচাপে সময়ৰ অভাৱকে আঙুলিউৱা হয়। আচৰিতভাৱে, পৃথিৱীৰ অতি ব্যস্ত লোকসকল কিন্তু ‘সফল’ পাঠক। বিশিষ্ট বিনিয়োগকাৰী ৱাৰেণ বাফেট-এ
দৈনিক ৫০০ পৃষ্ঠা পঢ়ে। বিল গেটছে বছৰি ৫০ খন কিতাপ পঢ়ে। এনে লোকসকলে পঢ়া কথাবোৰ
নিৰ্বাচন কৰে, মনোৰঞ্জনমূলক সাহিত্যৰ সলনি শিক্ষামূলক কিতাপ
আৰু প্ৰকাশন পঢ়িবলৈ বাছি লয়। আন সফল মানুহ আৰু তেওঁলোকৰ কাহিনী পঢ়াৰ বিষয়ে
তেওঁলোক আকৰ্ষিত হয়। সকলো কিতাপ পঢ়িবলৈ সময় নহয়গৈ, গতিকে
চখ, ৰুচি আৰু প্ৰয়োজন মতে কিতাপ নিৰ্বাচন কৰাটো প্ৰয়োজনীয়।
হাতত তুলি কিতাপ এখনৰ অন্ততঃ তিনিটা অধ্যায় পঢ়ি যদি নিজৰ পচন্দৰ যেন পোৱা নাযায়
তেন্তে সেইখন সলনি কৰি আন কিতাপ পঢ়া উচিত। কিতাপৰ পাঠক কম হৈছে ধাৰণাটোৰ বিপৰীতে
আমাৰ দেশতে এনে ছপাশাল বহু আছে যি হাজাৰ হাজাৰ গ্ৰন্থ কম সময়তে ছপাব পাৰে অথচ
মাহৰ পাছত মাহ এনে বহু প্ৰেছ বুক হৈ থাকে।
গতিকে গ্ৰন্থৰ ভবিষ্যত ইমান পঁয়ালগা নাই হোৱাগৈ।
গ্ৰন্থ সভ্যতাৰ
চিনাকি। গ্ৰন্থক লৈ চিন্তা-চৰ্চা চলি থাকিব। একে সময়তে গ্ৰন্থৰ বিষয়বস্তুৰ বাহিৰৰ আৰু গ্ৰন্থৰ লগত জড়িত আনুষংগিক দিশসমূহৰ
বিষয়েও আলোচনা হোৱাটো প্ৰয়োজনীয়। ইও সমানেই প্ৰয়োজনীয়।
ঠিকনা :
ৰাষ্ট্ৰপতি ভৱন সংগ্ৰহালয়
ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী
ভ্ৰাম্যভাষ নং : ৮৮০০৯৪৮৮০৮
email : protimpankaj@gmail.com