পংকজ প্ৰতিম বৰদলৈ
মোৰ কর্মক্ষেত্রখন কলা সংগ্রহালয়, ঐতিহ্য সংৰক্ষণৰ লগত জড়িত। সেই সুবাদতে মই বিভিন্ন সময়ত লণ্ডনস্থিত ব্ৰিটিছ সংগ্রহালয়কে ধৰি আন বহু সংগ্রহালয় চোৱাৰ সুবিধা পাইছোঁ। পূৰ্বৰ বছৰকেইটাৰ কেইবাটাও যাত্রাতকৈ এই বছৰৰ ফেব্ৰুৱাৰি মাহত মই লণ্ডনলৈ কৰা যাত্ৰাৰ এক বিশেষ গুৰুত্ব আছিল। পূৰ্বৰ যাত্রাৰ সময়ছোৱাত কিছু সময় আৰু আন ভিন্ন কাৰণত ‘টাৱাৰ অব লণ্ডন’ চোৱাৰ সুযোগ পোৱা নাছিলোঁ। এইবাৰ সেইটো সুযোগ গ্রহণ কৰিছিলোঁ। ফেব্ৰুৱাৰি মাহৰ সময়ছোৱাত লণ্ডনত কিছু ঠাণ্ডা আছিল যদিও আন ঠাই ভ্রমণ কৰি আহি ‘টাৱাৰ অব লণ্ডন’ পোৱালৈ দুপৰীয়া হৈছিলগৈ। ৰ’দঘাই দিনটোত আমি ইয়াৰ প্রৱেশ পথত অন্তর্ভাগলৈ যাবৰ বাবে থকা দীঘলীয়া শাৰীত থিয় হ’লোঁগৈ। এঘণ্টাৰ অধিক সময় এনেদৰে শাৰী পাতি আগবাঢ়ি মূল প্রৱেশ পথত উপস্থিত হ’বলৈ সক্ষম হ’লোঁ। অন্তর্ভাগত কোনো ধৰণৰ ফটো তোলা নিষেধ যদিও ম’বাইল ফোন লৈ যাবলৈ অনুমতি দিয়ে। আশ্চর্যকৰভাৱে প্ৰৱেশৰ সময়ত আমাৰ কোনো ‘নিশ্ছিদ্র তালাচী’ (যিটো আমাৰ ইয়াত অতি সাধাৰণ ঠাই বা অনুষ্ঠান এটাতো কৰা হয়!) চলোৱা হোৱা নাছিল তথা আমাক সৰু বেগ আদি লৈ যাবলৈও অনুমতি দিয়া হৈছিল। পাছত গম পাইছিলোঁ অন্তর্ভাগত অতি শক্তিশালী কেমেৰা আৰু ছেঞ্চৰযুক্ত প্রযুক্তি ব্যৱহাৰ কৰা হৈছিল। প্ৰতিজন দর্শকৰ ওপৰত যন্ত্র আৰু কেমেৰাই তীক্ষ্ণ দৃষ্টি ৰাখিছিল।
আমাৰ উদ্দেশ্য আছিল ‘কহিনুৰ দৰ্শন’। বেইল ছিষ্টেমেৰে চলি যোৱা চিৰিৰ জৰিয়তে ‘কহিনুৰ’ দর্শন কৰাৰ ব্যৱস্থা কৰা হৈছিল। কোনো এজন ব্যক্তিয়েই থিয় হৈ একে ঠাইতে ৰৈ বেছি সময় চাই থাকিব নোৱাৰিছিল। ফলত ভিৰ সৃষ্টি নহৈছিল। দুয়ো ফালৰপৰা এনেদৰে চোৱাৰ ব্যৱস্থা কৰা হৈছিল। ‘টাৱাৰ অব লণ্ডন’ৰ ‘জুৱেল হাউছ’ত ‘কহিনুৰ’ হীৰাৰ উপৰি আন বহু আপুৰুগীয়া সম্পদ আছে।
২০১৮ চনত একেদৰেই মোৰ ব্ৰিটিছ সংগ্ৰহালয়ৰ তেতিয়াৰ এটা অত্যাধুনিক গুদামঘৰ ‘Blyth House’-অত থকা আমাৰ মহাপুৰুষীয়া বৈষ্ণৱ পৰম্পৰাৰ প্রতিভূ ‘বৃন্দাবনী বস্ত্ৰ’ দেখাৰ সৌভাগ্য হৈছিল। মোৰ আন কোনো এটা ভ্রমণৰ সময়ত চাইছিলোঁ বিখ্যাত ভিক্ট’ৰিয়া এণ্ড এলবার্ট’ সংগ্রহালয়ত থকা ‘টিপুজ টাইগাৰ’ নামৰ টিপু চুলতানে নির্মাণ কৰা বিখ্যাত বাঘৰ পুতলাটো, যিটোৱে এজন ব্ৰিটিছ সামৰিক পোছাক পৰিধান কৰি থকা সেনাক আক্রমণ কৰি ধৰাশায়ী কৰিছিল। এই ভ্রমণসমূহৰ সময়ত মই এনে অগণন কলাকৃতি দর্শনৰ সুযোগ লাভ কৰিছিলোঁ, যিবোৰ মূলতঃ ভাৰতৰ ইতিহাসৰ লগত জড়িত।
বিশ্বৰ বৌদ্ধিক মহলত আৰু বিশেষকৈ আমাৰ সংগ্ৰহালয় ক্ষেত্রত চলি থকা এক বিশেষ বিতর্ক হ’ল ঔপনিৱেশিকতাৰপৰা মুক্তি (Decolonization) আৰু সাংস্কৃতিক সম্পদৰ প্রত্যর্পণ (Repatriation of cultural properties)। প্রথমটোৱে থোৰতে ক’বলৈ গ’লে - ঔপনিৱেশিক শাসনৰ অধীনত থকা ৰাষ্ট্রসমূহৰ সংগ্ৰহালয়সমূহৰ চিন্তা-চর্চা তথা কলা সম্পদৰ অন্তর্নিহিত বাগধাৰাৰ ব্যাখ্যাৰ ঔপনিৱেশিক প্রভাৱমুক্ত হোৱাৰ এক নিৰবচ্ছিন্ন প্রক্রিয়াক বুজায়। আকৌ, ঔপনিৱেশিক শাসনৰ সময়ত লুট কৰি বা বলপূর্বক সংগ্রহ কৰি লৈ যোৱা সাংস্কৃতিক সম্পদসমূহক সিবোৰৰ প্রকৃত গৰাকীৰ ওচৰলৈ স-সন্মানে ঘূৰাই দিয়াৰ প্রক্রিয়াও বহু পশ্চিমীয়া দেশে আৰম্ভ কৰিছে। ইয়াক Repatriation of cultural properties বুলি ক’ব পাৰি। এই বছৰ জুলাইত নেদাৰলেণ্ডছৰ বিভিন্ন সংগ্রহালয়ত থকা ৪৮৪ বিধ বহুমূলীয়া কলাকৃতি ইণ্ডোনেছিয়া আৰু শ্রীলংকাক ঘূৰাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ভিতৰত ইণ্ডোনেছিয়াৰ বিখ্যাত ‘Lombok Treasures’ নামৰ অমূল্য পাথৰ, সোণ আৰু ৰূপৰ গহনাৰ এটা সংগ্রহ আৰু আটকধুনীয়া তথা চমৎকাৰভাৱে সজ্জিত ব্রঞ্জ আৰু সোণপানী চৰোৱা ‘Canon of Kandy’ বা ‘কেণ্ডিৰ বৰতোপ’ শ্রীলংকাক ঘূৰাই দিয়া হৈছে। এই দুয়োটা কলাবস্তুৱেই নেদাৰলেণ্ডছৰ বিখ্যাত ‘ৰিক্ছ মিউজিয়াম’ৰ অন্তর্ভুক্ত আছিল।
আফ্রিকাৰ দেশ নাইজেৰিয়াত ১৮৯৭ চনত ব্ৰিটিছে চলোৱা আক্রমণৰ সময়ত লুট কৰা বিখ্যাত ‘বেনিন ব্রঞ্জ’ নামৰ ব্ৰঞ্জৰ বিভিন্ন কলাবস্তুৰ এটা সংগ্রহ বৃটিছ সংগ্ৰহালয়ৰ লগতে ইউৰোপৰ আন বহুকেইখন দেশৰ সংগ্ৰহালয়ত প্রদর্শিত হৈ আছে। এই বেনিন ব্ৰঞ্জৰ কিছু অংশ অলপতে জার্মানিৰ বিভিন্ন সংগ্ৰহালয়ৰপৰা লৈ জার্মান চৰকাৰে নাইজেৰিয়াৰ চৰকাৰক ঘুৰাই দিছে। সততেই এনে এক বিতর্ক চলি আহিছে যে ব্ৰিটিছ সংগ্ৰহালয়কে ধৰি ইউৰোপৰ সংগ্ৰহালয়বোৰ একো একোখন “চোৰ বজাৰ”। যদি এনেদৰেই কলাকৃতিসমূহ ঘূৰাই লয়, তেন্তে প্রাক্তন ব্ৰিটিছ প্রধানমন্ত্রী কেমেৰুণৰ ভাষাত ‘ব্ৰিটিছ মিউজিয়াম অচিৰেই শূন্য হৈ পৰিব৷’ গ্রীচে বহুবাৰ অনুৰোধ জনোৱাৰ পাছতো ‘Elgin Marbles’, যি গ্রীচৰ শাস্ত্ৰীয় শৈলীৰ মাৰ্বল স্থাপত্যৰ উৎকৃষ্ট উদাহৰণ তাক সম্পূর্ণকৈ ঘূৰাই দিবলৈ ব্ৰিটিছ চৰকাৰ মান্তি হোৱা নাই। এথেঞ্চৰ পার্থিয়নন মন্দিৰৰ পৰা লৰ্ড এলগিনে এই সম্পদসমূহ লৈ আহিছিল। ঠিক তেনেদৰে ১৮০২ চনত ইজিপ্তৰ পৰা লৈ অহা ‘Rosetta Stone’, মিছৰীয় ইতিহাসৰ অভিন্ন অংগ তথা খ্ৰীষ্টপূৰ্ব ১৮০ৰো পূৰ্বৰ টোলেমী পঞ্চমৰ সময়ৰ ইতিহাসৰ লগত জড়িত। অগণন কলাকৃতিৰে ভৰা এই তালিকাখন অতি দীঘল।
ঔপনিৱেশিক শাসন ভাৰতৰ ইতিহাসৰ অন্যতম চেকা। সামাজিক, সাংস্কৃতিক অৱক্ষয়ৰ লগতে ঔপনিৱেশিক শাসনে জাতীয় আৰু ৰাষ্ট্ৰীয় চেতনাৰ পুনর্নির্মাণতো মানসিক হতাশাৰ সৃষ্টি কৰিছিল। স্বাধীনতা পোৱাৰ পাছত যোৱা ৭৫টা বছৰে এই মানসিক হতাশা বহু পৰিমাণে লাঘৱ হৈছে। তৎসত্ত্বেও ঔপনিৱেশিক শাসনৰ সময়ছোৱাত আমাৰ পূৰ্বজৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে ঔপনিৱেশিক জাতি হিচাপে, তেওঁলোকৰ পূর্বজসকলে কৰা অত্যাচাৰৰ বাবে এক ধৰণৰ ক্ষমা প্ৰাৰ্থনা কৰাটো হয়তো প্রায়শ্চিত্তৰে সমকক্ষ হ’ব। জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বা আমাৰ ঘৰুৱা ‘পথৰুঘাটৰ বিদ্ৰোহ’ৰ কঠোৰ দমন আদিৰ বিষয়ে এই ধৰণৰ ক্ষমা প্রার্থনাই যে মানসিক মলমৰ কাম কৰিব, সি নিশ্চিত। ১৯৭০ চনত জার্মানীৰ চেঞ্চেলৰ Willy Brandt-এ Warsaw চহৰত উপস্থিত হৈ পোলেণ্ডৰ ইহুদী সম্প্রদায়ৰ ওচৰত হিটলাৰৰ দিনত জার্মানীয়ে চলোৱা অত্যাচাৰৰ বাবে ক্ষমা ভিক্ষা মাগিছিল।
একে সময়তে ঔপনিৱেশিক
দেশসমূহে এনেদৰে লুট কৰি নিয়া সাংস্কৃতিক ঐতিহ্যসমূহ ঘূৰাই দিয়াটোও যেন এই পদক্ষেপৰে
এক অংশ হ’ব পাৰে। ভাৰতৰ বিভিন্ন মন্দিৰসমূহত (মূলতঃ দক্ষিণ ভাৰতৰ) থকা অমূল্য ব্রঞ্জ,
শিল আদিৰ বিভিন্ন দেৱ-দেৱীৰ চুৰি হোৱা মূর্তি ইউৰোপৰ বিভিন্ন সংগ্রহালয়ত পোৱা যায় আৰু
তামিলনাডু চৰকাৰৰ পুলিচ বাহিনীৰ ‘Idol Wing’-অৰ তৎপৰতাত এনে বহু সম্পদ দেশলৈ ঘূৰাই অনা
সম্ভৱ হৈছে, যদিও ই অতি ক্ষুদ্ৰ অংশহে আৰু এই প্ৰক্ৰিয়া অতি জটিল আৰু দীঘলীয়া।
চৰকাৰ আৰু সামাজিক
সংগঠনৰ সংঘৱদ্ধ প্রচেষ্টাৰে এনে প্রক্রিয়া বিশেষভাৱে গ্রহণ কৰা উচিত। তেতিয়া হয়তো এনে
এটা দিন আহিব যেতিয়া ‘কহিনুৰ’ ভাৰতৰ ৰাষ্ট্রীয় সংগ্রহালয় বা তেনে জাতীয় অনুষ্ঠানৰ সম্পদ
হ’ব। ‘বৃন্দাবনী বস্ত্ৰ আমি অসমৰ কোনো সংগ্রহালয়তে চাব পাৰিম! এই সপোন অলীক নহয়, বাস্তৱ
হ’ব পাৰে।
(লেখক ৰাষ্ট্রপতি
ভৱনৰ কলা আৰু সংগ্ৰহালয় বিভাগৰ উপ সঞ্চালক)
ভ্রাম্যভাষ ; ৮৮০০৯-৪৮৮০৮