পঙ্কজ প্ৰতিম বৰদলৈ
মোগলকালীন সময়ৰ কলাকৃতিসমূহৰ ভিতৰত কৃষ্ণৰ দ্বাৰা গোৱৰ্ধন পৰ্বত আঙুলিত তুলি লোৱা চিত্ৰখন অন্যতম কলাকৃতি হিচাপে প্ৰসিদ্ধ ৷ সম্ৰাট আকবৰৰ সময়ত প্ৰসাৰ লাভ কৰা এই কলাশৈলীয়ে কেৱল দৃশ্যগত আৱেদনক অতিক্ৰম কৰাই নহয়, পৌৰাণিক কাহিনী, সাংস্কৃতিক বৈচিত্ৰ্য, আৰু সাম্ৰাজ্যবাদী উচ্চাকাংক্ষাৰ এক সমৃদ্ধ মিশ্ৰণক মূৰ্ত কৰি তুলিছে৷ লগতে, সাংস্কৃতিক পুনৰুজ্জীৱন আৰু ৰাজনৈতিক একত্ৰীকৰণ বৈশিষ্ট্য বিশিষ্ট এটা যুগক প্ৰতিনিধিত্ব কৰিছে৷
তেওঁৰ অনুগামীসকলক ৰক্ষা কৰিবলৈ শান্তভাৱে কৃষ্ণই গোৱৰ্ধন পৰ্বতক ধৰি ৰখাৰ এই চিত্ৰখনত ছবিখনে পাৰস্য, মধ্য এছিয়া, আৰু ভাৰতৰ কলাত্মক সংযোজনক দৰ্শাইছে৷ মিছকিন নামৰ এজন চিত্ৰশিল্পীয়ে এই ছবিখন, সম্ভৱতঃ অংকণ কৰিছিল যি মোগল শিল্পৰ সাধাৰণ দৈনন্দিন বিৱৰণৰ মূল ধাৰাটোৰ প্ৰমাণ দিয়ে৷ গ্ৰামাঞ্চলৰ জীৱন, জীৱ-জন্তু, গছ-গছনি আদি এনেদৰে চিত্ৰিত কৰা হৈছে যে তাৰ প্ৰতিবিম্ব আজিও ভাৰতৰ গ্ৰাম্য অঞ্চলত সহজে দেখা পোৱা যায়৷
এই ছবিখনৰ শিৰোনাম হৈছে “Krishna Holds Up Mount Govardhan to Shelter the Villagers of Braj” (কৃষ্ণই ব্ৰজবাসীক আশ্ৰয় দিবলৈ গোৱৰ্ধন পৰ্বত ধৰি ৰাখিছে)৷ “হৰিবংশ”ৰ কোনো এক পৃষ্ঠাৰ অন্তৰ্গত এই পৃষ্ঠাটো বৰ্তমান নিউৰ্য়কৰ বিখ্যাত মেট্ৰ’প’লিটান মিউজিয়াম (চমুকৈ মেট মিউজিয়াম)-ৰ ইছলাম ধৰ্মীয় শিল্প সংগ্ৰহৰ অন্তৰ্গত আৰু আনুমানিক ১৫৯০-৯৫ বৰ্ষৰ ৷ চিত্ৰখনৰ মাধ্যম হৈছে চিঁয়াহী, অস্বচ্ছ জলৰং, আৰু কাগজত সোণপানী ৰঙৰ ব্যৱহাৰ ৷ বৰ্তমানৰ পাকিস্তানৰ লাহোৰত এই চিত্ৰ অংকণ কৰা হৈছিল বুলি জনা যায় ৷ এই চিত্ৰখনত প্ৰাঞ্জলভাৱে হৰিবংশৰ এটা সুপৰিচিত খণ্ডৰ চিত্ৰণ কৰিছে, য’ত কৃষ্ণই তেওঁৰ ভক্তসকলক ধাৰাবাহিক বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ গোৱৰ্ধন পৰ্বত হাতত তুলি লোৱাৰ এই দৃশ্যটোক বিশদভাৱে আৰু জীৱন্ত কৰি তোলা হৈছে । যিবোৰ মোগল কলাত্মক পৰম্পৰাৰ অংশ ৷ এই ছৱিখন হিন্দু সংস্কৃতিৰ ভাৰতীয় চিত্ৰকলাত প্ৰথম জীৱন্ত প্ৰমাণৰ ভিতৰত অন্যতম ৷ ছবিখনত আমি বিচাৰি পাওঁ ভাৰতীয় গাঁৱৰ মানুহৰ সৰল জীৱনৰ স্পৰ্শকাতৰ পৰ্যবেক্ষণ ৷ এই চিত্ৰখনত আমি ডেকা কৃষ্ণৰ এক শান্ত চিত্ৰণ বিচাৰি পাওঁ, যিয়ে সৰু আঙুলিটো ব্যৱহাৰ কৰি অনায়াসে বিশাল গোৱৰ্ধন পৰ্বত ওপৰলৈ তুলি লোৱাৰ সময়ত বাকী প্ৰজাসকলক অভয় প্ৰদান কৰিছে ৷ ময়ূৰৰ পাখিৰ মুকুট, জটিল আৰ্হিৰে সজ্জিত এখন সুন্দৰ হালধীয়া ধূতীৰে থিয় হৈ থকা কৃষ্ণ ঐশ্বৰিক সত্তাৰ প্ৰতীক ৷ তেওঁৰ চাৰিওফালে উন্মাদ কাৰ্যকলাপ আৰু অস্থিৰতাৰ সৈতে ই একেবাৰে বিপৰীত সত্বা যি তেওঁৰ ভক্তসকলৰ ৰক্ষক হিচাপে তেওঁৰ ঐশ্বৰিক কৰ্তব্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷
চিত্ৰখনত পৰ্বতটোৰ অংকণ জীৱন্ত ৷ বিশাল শিল, ওখ ওখ গছ, আৰু জটিলভাৱে চিত্ৰিত হৰিণৰ দৰে অসংখ্য প্ৰাণীৰ প্ৰতিচ্ছবি দেখা পোৱা গৈছে ৷ গুল্মজাতীয় গছ আৰু ঘাঁহনিয়ে শিলৰ উন্মেষৰ মাজৰ ঠাইখিনি পূৰণ কৰিছে, যি পাৰ্চী কলাত্মক প্ৰভাৱৰ সৈতে এক প্ৰবল সাদৃশ্য বহন কৰিছে ৷ পৰ্বতৰ ওপৰেদি আকাশ দেখা পায়, যি চিত্ৰখনৰ গভীৰতা বৃদ্ধি কৰিছে ৷ ইয়াৰ তলতে ব্ৰজৰ জনতাই তেওঁলোকৰ পশুধনৰ সৈতে ক্ৰুদ্ধ ইন্দ্ৰই সৃষ্টি কৰা জলপ্লাৱনৰ পৰা আশ্ৰয়ৰ বাবে গোট খাইছে ৷ চিত্ৰখনৰ মূল ৰংটো নীলা, যিয়ে বিশৃংখলতাৰ মাজত শান্তিৰ অনুভূতি প্ৰদান কৰে ৷ কৃষ্ণৰ বিৰাট ৰূপৰ প্ৰতিবিম্ব হিচাপে পীতাম্বৰী ধূতি আৰু সুসজ্জিত বগা ৰঙৰ মালাৰে এজন দেৱতা হিচাপে প্ৰকাশ কৰিছে ৷ চিত্ৰখনত গাঁৱৰ মানুহৰ মুখত য়ুৰোপীয় প্ৰভাৱো দেখা যায়, উদাহৰণস্বৰূপে - সেউজীয়া ৰঙেৰে অংকণ কৰা মহিলাগৰাকীৰ মাজত মেডোনাৰ প্ৰভাৱ পৰিছিল, যাৰ প্ৰতিমূৰ্তি এটা সেই সময়ত মোগল দৰবাৰত চলি আছিল ৷ ছবিখনত মোগলকালিন কলাৰ বৈশিষ্ট্যও দেখুওৱা হৈছে যেনে- পটভূমিৰ সূক্ষ্ম অংকণ, দৃষ্টিকোণৰ ৰূপায়ণ, মৌলিক আৰু সুন্দৰ ভাৱে কৰা বস্ত্ৰৰ আৰ্হি, ক্ষুদ্ৰ অথচ বিশদভাৱে কৰা ব্ৰাছৱৰ্ক, মিহি ৰেখাংকণ, সুন্দৰকৈ ৰং কৰা পটৰ দৰে ডাৱৰ, প্ৰাকৃতিক ৰঙৰ ব্যৱহাৰ আদিয়ে পাৰ্চী প্ৰভাৱক প্ৰকাশ কৰিছে ৷ ব্যাসৰ দ্বাৰা ৰচিত “হৰিবংশ” মহাভাৰতৰ পাছত কৃষ্ণৰ জীৱনাৱলী হিচাপে চৰ্চিত হৈ আহিছে ৷ ভগৱান কৃষ্ণৰ জীৱন আৰু দুঃসাহসিক অভিযানৰ বিষয়ে তিনিটা খণ্ডত বিশদভাৱে বৰ্ণনা কৰা হৈছে—হৰিবংশ পৰ্ব, বিষ্ণু পৰ্ব, আৰু ভৱিষ্য পৰ্ব ৷ তেওঁৰ বংশ, ঐশ্বৰিক কৰ্ম আৰু ভৱিষ্যদ্বাণী আদি ইয়াৰ জৰিয়তে প্ৰকাশ কৰা হৈছে ৷ ইয়াত সুৰক্ষা, ব্যৱস্থা, আৰু ঐশ্বৰিক আদি বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়া হৈছে ৷ আকবৰৰ ৰাজত্বকালত অন্যান্য ধৰ্মৰ প্ৰতি থকা তেওঁৰ কৌতূহলৰ দ্বাৰা প্ৰেৰিত হৈ তথা নিজৰ ধৰ্মীয় সহনশীলতাৰ প্ৰতি থকা দায়ৱদ্ধতাৰে তেওঁ প্ৰধান সংস্কৃত গ্ৰন্থসমূহ পাৰ্চী ভাষালৈ অনুবাদ কৰোৱাৰ ব্যৱস্থা কৰিছিল ৷ এই প্ৰচেষ্টাৰ জৰিয়তে অহিন্দুসকলৰ মাজত এই গ্ৰন্থসমূহ সুলভ কৰাই এক বুজাবুজি আৰু ধৰ্মীয় সহনশীলতাৰ পৰিৱেশ গঢ় দিয়াৰ চেষ্টা কৰিছিল ৷ ফাতেহপুৰ চিক্ৰীত আকবৰ থকাৰ সময়ছাৱাতে ১৫৮৫ চনত মৌলানা শ্বিৰি (মৃত্যু ১৫৮৬)-ৰ দ্বাৰা পাৰ্চী ভাষালৈ অনুবাদৰ কাম হাতত লোৱা হৈছিল ৷ মূল পাণ্ডুলিপিৰ তেত্ৰিশটা ক্ষুদ্ৰ চিত্ৰ বাচি আছিল ৷ বৰ্ধিত চিত্ৰকলাৰ সংযোজনৰ সৈতে ১৫৯০ চনৰ আশে-পাশে হৰিবংশৰ পাৰ্চী অনুবাদ সম্পূৰ্ণ হয় ৷
আকবৰে (১৫৫৬–১৬০৫) মোগল চিত্ৰকলাৰ পৰম্পৰাক বহুখিনি আগুৱাই লৈ গৈছিল ৷ তেওঁৰ কলাৰ ক্ষেত্ৰত থকা আগ্ৰহক দৰবাৰৰ ইতিহাসবিদ আবুল ফাজলে নথিভুক্ত কৰি উল্লেখ কৰিছিল যে আকবৰৰ আগ্ৰহৰ বাবেই পাৰ্চী আৰু ভাৰতীয় উভয়ৰে শতাধিক শিল্পী, তাব্ৰিজৰ মিৰ ছায়াদ আলী,খোৱাজা আব্দুছ ছামেদ, দাসৱন্ত,আৰু বাসৱান আদি শিল্পীয়ে আকবৰৰ সময়ত নতুন শিল্পশৈলীৰ জন্ম দিছিল ৷ ইয়াৰ ফলত এক অনন্য ভাৰত-পাৰ্চী শৈলী গঢ় লৈ উঠিছিল আৰু শিল্পকলাৰ নতুন মানদণ্ড প্ৰতিষ্ঠা কৰিছিল ৷ আকবৰে, সচিত্ৰ পাণ্ডুলিপিৰ ওপৰত অতি গুৰুত্ব আৰোপ কৰিছিল, যাৰ ফলত বিস্তৃত আখ্যানমূলক চিত্ৰৰে ‘হামজানামা’ আদি ৰছনা কৰা হৈছিল ৷
তেওঁ হিন্দু গ্ৰন্থসমূহৰ পাৰ্চী ভাষালৈ অনুবাদ আৰু চিত্ৰশিল্পৰ দায়িত্বও দিছিল, যেনে মহাভাৰত (ৰজম নামা) আৰু ৰামায়ণ আদি দশৱন্তৰ নিছিনা নিপুণ শিল্পীৰ অধীনত সম্পূৰ্ণ কৰোৱা হৈছিল ৷ আন বহুতো গুৰুত্বপূৰ্ণ গ্ৰন্থ পাৰ্চী ভাষালৈ অনুবাদ কৰোৱা হৈছিল ৷ হাজী ইব্ৰাহিম ছৰহিন্দী লগতে কিষাণ জোশী, গংগাধৰ, মহেশ মহানাদৰ দৰে লেখকে হিন্দু ধৰ্মীয় গ্ৰন্থ সমূহ পাৰ্চী ভাষালৈ অনুবাদ কৰাইছিল ৷ শ্বিৰাজৰ আমিৰ ফাতেহ উল্লাহৰ তত্ত্বাৱধানত সংস্কৃতৰ পৰা পাৰ্চী ভাষালৈ অনুবাদ কৰোৱা হৈছিল৷
এই কৰ্মসমূহে আকবৰৰ সাংস্কৃতিক সংহতিৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছিল ৷ তেওঁৰ অধীনত মোগলৰ চিত্ৰকলা, বিশদ ৰাজনৈতিক দৃশ্য, দৰবাৰী জীৱন আৰু ধৰ্মীয় বিষয়বস্তুৰ দ্বাৰা বৈশিষ্ট্যযুক্ত, চিত্ৰকৰ্ম বিকশিত হৈছিল ৷ “মেডোনা এণ্ড চাইল্ড”ত দেখাৰ দৰে ইউৰোপীয় বিষয়বস্তুৰো অন্তৰ্ভুক্তি এক উল্লেখযোগ্য ঘটনা আছিল ৷ মোগল দৰবাৰৰ প্ৰকৃতি আৰু বৈচিত্ৰ্যৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আগ্ৰহক ই প্ৰদৰ্শন কৰিছিল কলাত্মকভাৱে ৷ আকবৰৰ কলাৰ প্ৰতি থকা আগ্ৰহৰ পৰা অনুপ্ৰাণিত হৈ প্ৰান্তীয় ৰাজ্যসমূহেও আঞ্চলিক ৰূপৰ সৈতে মোগল কলাৰ ৰুচি অনুকৰণ কৰি উল্লেখযোগ্য চিত্ৰকৰ্ম প্ৰস্তুত কৰিছিল ৷ ছাফাৱী-তিমুৰিদ আৰু ভাৰতীয় চিত্ৰকলা পৰম্পৰা দুয়োটাৰে দ্ৱাৰা অনুপ্ৰাণিতহোৱা আৰু বিভিন্ন সামাজিক আৰু ধৰ্মীয় পটভূমিৰ পৰা অহা মোগলকালীন সাময়ৰ অনুবাদৰ লগত জড়িত শিল্পীসকল আছিল সাম্ৰাজ্যৰ “তচৱিৰখানা’ৰ এক অপৰিহাৰ্য গোট ৷ শিল্পীৰ শৈলীৰ মূল্যায়ন কৰোঁতে তেওঁলোকৰ ধৰ্মীয় বা জাতিগত পটভূমিৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো কিছু বিসংগতিজনক লাগিব যদিও ই কোনো প্ৰকাৰে কলাৰ মূল দিশটোক অৱজ্ঞা কৰা নাছিল ৷ উদাহৰণস্বৰূপে কেশৱ দাসৰ দৰে এজন দক্ষ শিল্পীয়ে উল্লেখযোগ্য বহুমুখী সৃষ্টিশীলতাৰ প্ৰদৰ্শন কৰিছিল পাৰ্চী দৃশ্যপট, ভাৰতীয় চিত্ৰকল্প আনকি ইউৰোপীয় প্ৰিন্টৰ পৰা অনুপ্ৰাণিত হৈ খ্ৰীষ্টৰ ক্ৰুচবিদ্ধ হোৱাৰ চিত্ৰও অগ্ৰণী মোগল শৈলীৰে অংকন কৰিছিল ৷
কৃষ্ণৰ কিংবদন্তি চিত্ৰিত শিল্পকৰ্মসমূহ সাংস্কৃতিক ঐক্যৰ প্ৰতীক আছিল ৰাজহুৱা উৎসৱৰ সময়ত এই চিত্ৰশিল্পৰ প্ৰচাৰৰ দ্ৱাৰা বিভিন্ন সামাজিক উৎসৱ উদযাপন কৰা হয়, ইয়াৰ দ্বাৰা সম্প্ৰদায়ৰ বন্ধন শক্তিশালী হয় ৷ ইয়াৰ উপৰি এইবোৰ কলাত্মক প্ৰচেষ্টাই শিল্পীসকলক কৰ্মসংস্থাপন আৰু সামাজিক গতিশীলতা প্ৰদান কৰিছিল ৷ মহিলাসকলো সাংস্কৃতিক পৃষ্ঠপোষকতা, শিল্পক উৎসাহ দিয়া আৰু সাংস্কৃতিক দিশত অংশগ্ৰহণ কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ এইদৰে সেই সময়ৰ কলাত্মক গতিবিধিত তেওঁলোকে উল্লেখযোগ্য অৱদানৰে উজ্জ্বল কৰি তুলিছিল ৷ কলাৰ উৎসাহৰ জৰিয়তে সম্ৰাটসকলে নিজৰ সাংস্কৃতিক চেতনাবোধ প্ৰদৰ্শন কৰিছিল আৰু তেওঁলোকৰ ৰাজনীতিক শক্তিশালী কৰিছিল, ই সামাজিক বৈধতাও লাভ কৰিছিল আৰু সাম্ৰাজ্যৰ ভিতৰত সাংস্কৃতিক সম্প্ৰীতিৰ প্ৰসাৰ ঘটাইছিল ৷ ভক্তি আন্দোলনৰ জৰিয়তে ভক্তিমূলক বিষয়বস্তু আৰু সৰ্বাংগীন শিল্পকলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল ৷ ভক্তিৰ কেন্দ্ৰীয় বিষয় হৈছে কৃষ্ণৰ ঐশ্বৰিক শক্তি, যি এনে বহু শিল্পৰ বিষয়বস্তু হিচাপে চিত্ৰিত কৰা হৈছে আৰু আলোচিত এই শিল্পকৰ্মত স্পষ্টভাৱে এই দিশ চিত্ৰিত কৰা হৈছে ৷ কৃষ্ণই ভক্তৰ ৰক্ষাৰ বাবে পৰ্বত উত্তোলন কৰা কাৰ্য্যক ভক্তসকলে ঈশ্বৰৰ লালন-পালন আৰু সুৰক্ষাৰ দিশটোকে দৰ্শায় ৷ কৃষ্ণৰ কিংবদন্তিৰ চিত্ৰণৰ জৰিয়তে মোগলৰ পৃষ্ঠপোষকতাই কেৱল প্ৰেম, ভক্তি, আৰু সমতাৰ ভক্তি আদৰ্শক প্ৰসাৰিত কৰাই নহয় এই আধ্যাত্মিক দৰ্শনসমূহক সাম্ৰাজ্যৰ বহল সাংস্কৃতিক তন্ত্ৰত একত্ৰিত কৰিবলৈও চেষ্টা কৰিছিল ৷ সেই সময়ছোৱাত কলাত্মক শিল্পৰ ভক্তিমূলক আৰু সাংস্কৃতিক সংশ্লেষণত ৰাজনীতিৰ ভূমিকাও অনুমান কৰিব পাৰি ৷
মোগল চিত্ৰকলাৰ বৈশিষ্ট্য হৈছে ইয়াৰ অনন্য সংমিশ্ৰণ শৈলী যি পাৰ্চী, ভাৰতীয়, আৰু মধ্য এছিয়াৰ শিল্প পৰম্পৰা আৰু বৈচিত্ৰ্যময় সাংস্কৃতিক প্ৰভাৱক প্ৰতিফলিত কৰে৷ কৃষ্ণৰ কিংবদন্তিৰ চিত্ৰণে ভিন্ন সংস্কৃতিৰ মাজৰ মিশ্ৰণত অৰিহণা যোগাইছিল ৷ হিন্দু আৰু ইছলামিক কলাত্মক পৰম্পৰাৰ মাজত বিনিমেয়, মোগল শিল্পক সমৃদ্ধ কৰিছিল৷ মোগল চিত্ৰকলাৰ স্থায়ী প্ৰভাৱ পৰৱৰ্তী সময়ত ৰাজপুত আৰু পাহাৰী আদি ভাৰতীয় শিল্প পৰম্পৰাতো পৰিছিল ৷
“ব্ৰজৰ গাঁওবাসীক আশ্ৰয়
দিবলৈ কৃষ্ণই গোবৰ্ধন পৰ্বত তুলি ধৰিছে” শীৰ্ষক ছবিখনে মোগল
সাম্ৰাজ্যৰ সাংস্কৃতিক সমৃদ্ধিক স্পষ্টভাৱে প্ৰতিফলিত কৰে ৷ এই শিল্পকৰ্মই দৃশ্যগত আৱেদন,
পাৰ্চী, ভাৰতীয় আৰু মধ্য এছিয়াৰ প্ৰভাৱৰ সুস্পষ্ট মিশ্ৰণ আৰু বিশদ তথা ক্ষুদ্ৰ ৰেখা
আৰু উপযুক্ত ৰঙৰ ব্যৱহাৰেৰে এক অনন্য চিত্ৰকৰ্মলৈ উন্নীত হৈছে ৷ ছবিখনৰ বিষয়বস্তুৱে ভক্তি আন্দোলনত ভক্তিৰ ওপৰত
গুৰুত্ব দিয়া, বিভূৰ ঐশ্বৰিক সুৰক্ষামূলক দিশ আদিক উজ্জ্বল কৰি তোলা আৰু সম্প্ৰদায়ৰ
পৰম্পৰাগত ৰীতি-নীতিক অনুৰণিত কৰিছে ৷ এই শৈলীৰ শিল্পকৰ্মই নিজৰ সময়ৰ বাহিৰলৈও বিস্তৃত
হৈ পিছলৈ ৰাজপুত আৰু পাহাৰী দৰে ভাৰতীয় শিল্প পৰম্পৰাকো প্ৰভাৱান্বিত কৰিছিল ৷ এক উৎকৃষ্ট
কলাকৃতি হিচাপে ই সেই সময়ৰ বৈচিত্ৰ্যপূৰ্ণ পৰম্পৰাক এক সংহত সাংস্কৃতিক ব্যৱস্থা হিচাপে সংহতভাৱে প্ৰদৰ্শন কৰিছিল যিয়ে কলাত্মক উৎকৃষ্টতা
আৰু সাংস্কৃতিক অন্তৰ্ভুক্তিৰ দ্বাৰা চিহ্নিত এটা সময়ক প্ৰতিনিধিত্ব কৰে ৷
ঠিকনা :
উপ-সঞ্চালক, ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী
ভ্ৰাম্যভাষ - ৮৮০০৯৪৮৮০৮
নতুন দিল্লী