কোন দিশে গণতন্ত্ৰ?
পঙ্কজ প্ৰতিম বৰদলৈ
পৃথিৱীৰ বৃহত্তম
গণতান্ত্ৰিক দেশ দুখনৰ অন্যতম ভাৰতবৰ্ষই, স্বাধীনতাৰ হীৰক জয়ন্তী
বৰ্ষ উদযাপনৰ দিনটোতেই চুবুৰীয়া দেশ আফগানিস্তানত গণতন্ত্ৰৰ ‘তালিবানী’ হত্যা হৈছিল। এখন স্বাধীন গণতান্ত্রিক
প্ৰমূল্যবোধ বৰ্তি থকা আৰু কেইবাতৰপীয়া গণতান্ত্রিক সংস্থাৰ
সুৰক্ষা থকা দেশৰ আত্মনিয়ন্ত্রণৰ অধিকাৰ থকা নাগৰিক হিচাপে আত্মসন্তুষ্টি লাভ
কৰিছিলোঁ যদিও আফগানিস্তান ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালক,
বন্ধু ফাহিম ৰহিমীৰ বাৰ্তা এটাই কপাঁই
তুলিছিল, তেওঁ লিখিছিল ‘ক’লা দিনবোৰ আকৌ উভতি আহিছে!’ তালিবান নামৰ ধৰ্মীয়
উগ্ৰ মৌলবাদী সন্ত্ৰাসবাদী সংস্থাটোৱে ইতিমধ্যেই স্পষ্ট
কৰিছে যে আফগানিস্তানৰ বৰ্তমানৰ সংবিধান খাৰিজ কৰা হ’ব আৰু
কোনো কাৰণতেই আফগানিস্তানত গণতান্ত্রিক চৰকাৰ গঠন নহ’ব। গণতন্ত্ৰৰ এই ‘গণহত্যা’ত
আফগানিস্তান এক শেহতীয়া সংযোজন মাত্ৰ। ইতিপূৰ্বে আমাৰ অতি নিকট চুবুৰীয়া দেশ
ম্যানমাৰত গণতান্ত্রিক ভোটদানৰ দ্বাৰা নিৰ্বাচিত, শান্তিৰ
নোবেল বঁটাৰে সন্মানিত আং ছান চ্যু কীৰ দলৰ চৰকাৰ ওফৰাই সামৰিক
জুণ্টাৰ শাসন প্ৰৱৰ্তন হৈছে। ম্যানমাৰৰ জনতাই প্ৰৱল প্ৰতিবাদ কৰিছে যদিও অৱস্থাৰ বিশেষ পৰিৱৰ্তন হোৱাৰ তাৎক্ষণিক সম্ভাৱনা
সুদূৰপৰাহত। সাম্প্ৰতিক এনে ঘটনাৱলীয়ে সকলো সচেতন মুক্তিকামী স্বাধীন জনতাৰ মনত
তোলা প্ৰশ্নটোৱেই হৈছে এক বহুদূৰ সফল আৰু সাৰ্বজনীন শাসন ব্যৱস্থা হিচাপে পৰিগণিত
হোৱা গণতন্ত্রৰ ভৱিষ্যত কি? গণতান্ত্রিক মূল্যবোধ আৰু ব্যৱস্থাৰ অকাল মৃত্যু সমাগত নেকি?
সমগ্ৰ বিশ্বই কৰ’না মহামাৰীৰ সৈতে যুঁজি থকাৰ সময়তেই, গণতান্ত্রিক
শাসন ব্যৱস্থাৰ ভৱিষ্যতক লৈ সৃষ্টি হোৱা সন্দেহক, সাম্প্ৰতিক ঘটনাৱলীয়ে এই বহুচৰ্চিত বিষয়টোক লৈ পুনৰ এক চিন্তা-চৰ্চাৰ বাট
মুকলি কৰি দিছে। প্ৰায় সাতলাখ লোক কৰ’না মহামাৰীত আক্ৰান্ত
হোৱা সময়তে যোৱা ২০২০ চনৰ ২৫ জুনৰ পৰা ১ জুলাইৰ ভিতৰত ৰাছিয়াত সংবিধান সংশোধনৰ
বাবে এক গণভোট অনুষ্ঠিত হয়। অতি কৌশলেৰে ৰাছিয়াৰ সংবাদ মাধ্যমে বিশ্বজনতাৰ চক্ষুৰ
পৰা আঁতৰত ৰাখিব খোজা এই গণভোটৰ একমাত্ৰ আৰু মূল বিষয়টো আছিল ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন ২০৩৬ চনলৈকে সৰ্বোচ্চ পদবীটোত
বাহাল থকাৰ পথ সুগম কৰাটো আৰু এই গণভোটৰ জৰিয়তে এই সংশোধনক ন্যায্যতা প্ৰদান কৰাটো। দ্বিতীয় দুটা ঘটনা চীনদেশৰ। চীনদেশত গণতান্ত্ৰিক
প্ৰমূল্যৰ কাৰ্যতঃ কোনো স্থান নাই আৰু ২০১৮ চনতে সৰ্বোচ্চ
নেতা জি জিনপিঙে আজীৱন ৰাষ্ট্ৰপতি হৈ থকাৰ ব্যৱস্থা কৰি থৈছে। আনহাতে হংকঙৰ গণতান্ত্ৰিক অধিকাৰকেন্দ্ৰিক আন্দোলনৰ কঠোৰ, অমানৱীয়
নিয়ন্ত্ৰণে ইতিমধ্যেই চীন প্ৰশাসনৰ গণতন্ত্ৰৰ প্ৰতি থকা বিষোদ্গাৰ প্ৰকাশ কৰিছে। কিন্তু এই দুয়োখন দেশেই দুটা ভিন্নধাৰাৰ আধুনিক গণতান্ত্ৰিক চৰকাৰৰ প্ৰতীক।
দুটা শতিকাৰ
আগলৈকে বিশ্বৰ প্ৰায়বোৰ দেশতেই স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থা বা সাম্ৰাজ্যবাদী
শক্তিৰ শাসন চলিছিল। প্ৰথম বিশ্বযুদ্ধৰ অৱসানে বহুবোৰ গণতান্ত্ৰিক দেশৰ জন্ম দিছিল, কিন্তু ১৯৩০ চনলৈ এনে বহু দেশত পুনৰ একতন্ত্ৰ স্থাপিত হয়। ১৯৪৫ চনত ১৩৭ খন
স্বৈৰতন্ত্ৰৰ দেশৰ বিপৰীতে মাত্ৰ ১২ দেশ গণতান্ত্ৰিক আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ
পাছৰ সময়ছোৱাত তথা সাম্ৰাজ্যবাদী শাসন অন্ত পৰাৰ ফলস্বৰূপে বহু
গণতান্ত্ৰিক দেশ স্থাপিত হয়। নৱম দশকৰ শেষৰ বছৰকেইটাত এই সংখ্যা বৃদ্ধি পায়। ২০০১
চনত ৮৮ খন দেশত গণতন্ত্ৰ থকাৰ বিপৰীতে বৰ্তমান প্ৰায় এশৰ ওপৰৰ দেশত গণতান্ত্ৰিক
শাসন ব্যৱস্থা চলি আছে আৰু আশীখন দেশত একনায়কত্ববাদী শাসন পদ্ধতি বাহাল আছে। কিন্তু
যোৱা দুটা দশকত “প্ৰকৃত গণতান্ত্ৰিক” দেশৰ
সংখ্যা হ্ৰাস পাইছে। ২০০৬ চনৰ পৰাই লণ্ডনৰ বিখ্যাত দ্য ইক’নমিষ্ট
কাকত গোটৰ ইক’নমিষ্ট ইণ্টেলিজেঞ্চ্ ইউনিট নামৰ সংস্থাই
প্ৰতিবছৰে বিশ্বৰ দেশসমূহৰ শাসন ব্যৱস্থাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি এটা মানক
প্ৰদান কৰে। এই সংস্থাই দেশেবাৰক মূলতঃ প্ৰকৃত গণতন্ত্ৰ, ক্ৰটিপূৰ্ণ
গণতন্ত্ৰ, স্বৈৰতন্ত্ৰ আৰু মিশ্ৰিত শাসন ব্যৱস্থা (hybrid
regime) এই চাৰি ভাগত বিভক্ত কৰিছে। এই তথ্যমতে বিশ্বত মাত্ৰ ২২ খন
দেশতহে প্ৰকৃত গণতন্ত্ৰ আছে। বিশ্বৰ গণতান্ত্ৰিক ব্যৱস্থাৰ মূল কাণ্ডাৰী স্বৰূপ আমেৰিকা আৰু ভাৰত এই পৰিসংখ্যামতে ত্ৰুটিপূৰ্ণ
গণতান্ত্ৰিক দেশ। আনহাতে চীন, ৰাছিয়া আদি দেশ
গণতন্ত্ৰৰ আঁৰত আচলতে একনায়কত্ববাদী স্বৈৰতন্ত্ৰহে। বিশ্বৰ
প্ৰকৃত জনসংখ্যাৰ মাত্ৰ ৪ দশমিক ৫ শতাংশ লোকেহে প্ৰকৃত গণতন্ত্ৰৰ সোৱাদ লাভ কৰিছে।
স্বাভাৱিকতেই
প্ৰশ্ন উঠিছে যে গণতন্ত্ৰৰ এনে পতনৰ কাৰণ কি? গণতন্ত্ৰৰ ভৱিষ্যত কোন
দিশে ধাৱমান? ছোভিয়েট ৰাছিয়াৰ পতনৰ পাছত গণতন্ত্ৰক লৈ
বিশ্বসমাজ যথেষ্ট আশাবাদী হৈ উঠিছিল আৰু সেই সময়ত এনে আশা কৰা হৈছিল যে অতি কম সময়ত
বিশ্বৰ দেশসমূহত একচ্ছত্ৰী শাসনৰ অন্ত পৰিব। বহুবছৰ ধৰি একচ্ছত্ৰী শাসকৰ অধীনত থকা
আৰৱ দেশসমূহতো যোৱাটো দশকৰ শেষৰ বছৰটোৰ পৰা গণতন্ত্ৰ বিচাৰি
আৰম্ভ হোৱা স্বতস্ফূৰ্ত আন্দোলনে অধিক আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু একোৱেই নহ’ল। পশ্চিমীয়া গণতান্ত্ৰিক দেশসমূহে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত প্ৰথমবাৰৰ
বাবে গণতন্ত্ৰৰ এনে পতনক লৈ চিন্তান্বিত হোৱা দেখা গৈছে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্বাচন আৰু পৰৱৰ্তী বহু আঁচনিয়ে বিশ্বৰ শক্তিশালী দেশখনৰে গণতন্ত্ৰৰ মূল ভেঁটিটো কঁপাই তুলিছিল। কিন্তু,
ই বহুতো কাৰকৰ মাজৰ এটাহে। প্ৰকৃততে বিশ্বৰ গণতান্ত্ৰিক ব্যৱস্থাটোৱে এক
বহুমুখী প্ৰত্যাহ্বানৰ মুখামুখী হৈছে। ৰাজনৈতিক বিশ্লেষকসকলে আঙুলিয়াই দিয়া এটা মূল দিশ হৈছে চিন্তা-চেতনাৰ প্ৰণালীবদ্ধ মেৰুবিভাজন বা এক
নিৰ্দিষ্ট চিন্তা-চেতনাৰ প্ৰতি উত্সাহিত কৰাৰ নিৰন্তৰ প্ৰয়াস। গণতান্ত্ৰিক পৰিৱেশৰ
সুযোগ লৈ নীতি নিৰ্ধাৰণ, আঁচনি গ্ৰহণ, প্ৰশাসনীয়
ব্যৱস্থা, কল্যাণমূলক আঁচনি, ধৰ্ম,
বৈদেশিক নীতি, প্ৰতিৰক্ষা, উচ্চ শিক্ষা, নিৰ্বাচন, জনমত,
সংবাদ মাধ্যম আদি সকলো দিশতে শাসকীয় পক্ষৰ এই মেৰুবিভাজনৰ
নীতিয়ে যিকোনো উপায়েৰে ক্ষমতা দখলৰ বাবে
প্ৰেৰণা যোগাইছে আৰু গণতান্ত্ৰিক উৎকৰ্ষৰ ব্যাপক ক্ষতি সাধন কৰিছে। বৰ্তমান সময়ত
ডিজিটেল ব্যৱস্থা আৰু সামাজিক মাধ্যমে আৰু অধিক উদ্দেশ্যসিদ্ধভাৱে ব্যৱহাৰত সহায়
কৰিছে। আনহাতে শক্তিশালী বিৰোধীহীন দেশত প্ৰজন্মৰ পাছত প্ৰজন্ম এনে একীভুত
চিন্তা-চেতনাৰ কঁৰাল গ্ৰাসত পৰি সুস্থ আৰু মুক্ত চিন্তাৰ পৰা বঞ্চিত হৈছে। চীন এই
পৰিণতিৰ এক জ্বলন্ত উদাহৰণ।
বিশ্বৰ প্ৰায়
সকলোবোৰ গণতান্ত্ৰিক ব্যৱস্থাই সন্মুখীন হোৱা আন এক বৃহৎ
সংকট হৈছে প্ৰব্ৰজন আৰু বহুজাতি (ধৰ্ম?)-বিশিষ্ট গণতন্ত্ৰৰ
বৰ্তি থকাৰ প্ৰত্যাহ্বান। বিশ্বৰ সকলো দেশৰ সন্মুখত প্ৰব্ৰজনে এক ভয়াৱহ সমস্যা
হিচাপে দেখা দিছে। নৃগোষ্ঠীগত সংঘৰ্ষ, ধৰ্মীয় অসহিষ্ণুতা,
দুৰ্ভিক্ষ, দৰিদ্ৰতা, সন্ত্ৰাসবাদ,
মানৱ অধিকাৰ উলংঘন আৰু অতি শেহতীয়াকৈ বিভিন্ন যুদ্ধৰ পৰিপ্ৰেক্ষিতত য়ুৰোপৰ উন্নত দেশসমূহ একে দোমোজাৰ সন্মুখীন হৈছে যি গণতান্ত্ৰিক প্ৰমূল্যৰ
প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। আনহাতে এনে নিৰন্তৰ প্ৰব্ৰজনৰ ফলত বহুজাতিবিশিষ্ট
গণতন্ত্ৰই আৰ্থ-সামাজিক আৰু জনগাঁথনি পৰিৱৰ্তনৰ সংকটৰ মোকাবিলা কৰিব লগা হৈছে।
উদাহৰণ আমাৰ ৰাজ্যৰ দীঘলীয়া বিদেশী বহিষ্কাৰ আন্দোলন আৰু
শেহতীয়াকৈ হোৱা “কা” বিৰোধী আন্দোলন।
বিশ্বায়ণ আৰু
অৰ্থনৈতিক বৈষম্য গণতন্ত্ৰৰ পতনৰ আন এক মূল কাৰণ হিচাপে বিবেচিত হৈছে।
বিশ্বায়ণ সৃষ্ট গোলকীয় অৰ্থনীতিৰ বাবে দেশসমূহৰ আত্মনিৰ্ভৰশীলতা হ্ৰাস পাইছে, ফলস্বৰূপে
দেশসমূহৰ পৰনিৰ্ভৰশীলতা বৃদ্ধি পাইছে, যিটোৱে দেশসমূহৰ
অৰ্থনীতিকভাৱে কোঙা কৰিছে। দেশৰ ভিতৰতো সম্পদৰ বিতৰণৰ বৈষম্য, উন্নয়নৰ
নিম্নগামিতা, জীৱন-ধাৰণৰ মানৰ পাৰ্থক্য আদিয়ে
প্ৰত্যক্ষভাৱে গণতান্ত্ৰিক ব্যৱস্থাসমূহ যেনে নিৰ্বাচন, নিৰ্বাচনী
ব্যয়, নিৰ্বাচনী ইস্তাহাৰ, প্ৰাৰ্থী
নিৰ্বাচন আদিক নেতিবাচকভাৱে প্ৰভাৱান্বিত কৰিছে আৰু গণতন্ত্ৰৰ ক্ষয়মুখী যাত্ৰাক
ত্বৰান্বিত কৰিছে। শেহতীয়াকৈ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ
আত্মনিৰ্ভৰশীল ভাৰতৰ আহ্বান এক সময়োচিত পদক্ষেপ যদিও প্ৰায়োগিক দিশত সফলতা বহু
পৰিমাণে চৰকাৰী যন্ত্ৰৰ কৰ্মদক্ষতা আৰু আচঁনি তৈয়াৰ আৰু ৰূপায়ণৰ ওপৰত নিৰ্ভৰ
কৰিব।
গণতান্ত্ৰিক
অনুষ্ঠানসমূহৰ প্ৰতি জনসাধাৰণৰ আস্থাহীনতা, আন এক মুখ্য কাৰণ হিচাপে
দেখা দিছে। কেইবছৰমান আগতে আমেৰিকাত চলোৱা এক পৰিসংখ্যাত মাত্ৰ ১৯ শতাংশ লোকেহে
চৰকাৰে গ্ৰহণ কৰা আচঁনি আদি জনমুখী বুলি মন্তব্য কৰিছিল।
বৰ্তমানৰ চৰকাৰসমূহৰ কাৰ্যপ্ৰণালীয়ে এই দিশটো বাৰুকৈ প্ৰতিফলিত কৰিছে। গণতান্ত্ৰিক ব্যৱস্থাৰ ওতঃপ্ৰোত অংগ ন্যায়পালিকা, সংসদ আৰু আন স্বতন্ত্ৰ
অনুষ্ঠানসমূহৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস হ্ৰাস পোৱাটো শুভ লক্ষণ নহয়। ‘জনতাৰ
বাবে, জনতাৰ হৈ, জনতাৰ দ্বাৰা’ আপ্ত বাক্যশাৰী বৰ্তমান এক প্ৰহসনত পৰিণত হোৱাৰ সময়ত গণতান্ত্ৰিক
ব্যৱস্থাৰ ফলপ্ৰসূতা এক চিন্তনীয় বিষয়।
ভাৰতৰ চুবুৰীয়া
দেশসমূহৰ গণতন্ত্ৰৰ অৱস্থাও পঁয়ালগা। পাকিস্তানত এক সুস্থ গণতান্ত্ৰিক চেতনা
কেতিয়াও গঢ় লৈ নুঠিল, যাৰ বাবে সামৰিক শাসকে প্ৰত্যক্ষ বা
পৰোক্ষভাৱে শাসনক নিয়ন্ত্ৰণ কৰে। চীনৰ বিষয়ে সবিশেষ সকলোৱে জানে। বাংলাদেশত
ইতিমধ্যে বিৰোধীক নিমাত কৰাৰ পাছত গণতন্ত্ৰ ভুলুণ্ঠিত হৈছে। ম্যানমাৰত বহু বছৰীয়া
সামৰিক শাসনৰ পাছত আং ছান চ্যু কীয়ে গণতান্ত্ৰিক পৰিৱেশ সৃষ্টিৰ চেষ্টা কৰিছিল
যদিও সেই প্ৰয়াস বৰ্তমান স্তদ্ধ। ভূটানে গণতান্ত্ৰিক চিন্তা-চেতনাৰ অভাৱৰ লগতে
নিজৰ আৰ্থ-সামাজিক পৰিস্থিতিৰ বাবে চকুত পৰা সফলতা এতিয়াও অৰ্জন কৰা নাই। ভাৰতৰ
চুবুৰীয়া দেশ কেইখনৰ ভিতৰত গণতন্ত্ৰ এক ব্যাপক প্ৰহসনত পৰিণত হোৱা দেশখন হৈছে নেপাল।
সশস্ত্ৰ সংগ্ৰামৰ পাছত, ৰাজতন্ত্ৰৰ পতনেৰে নেপালে এক আশাপ্ৰদ
খবৰ কঢ়িয়াই আনিছিল, কিন্তু যোৱা ডেৰ দশকৰ
অধিক সময়ত এক সুস্থ চৰকাৰ প্ৰদান কৰিবলৈ নেপালৰ ৰাজনৈতিক দলসমূহ ব্যৰ্থ হৈছে।
নেপালৰ এই “গণতান্ত্ৰিক” বিফলতা ভাৰতৰ
বাবেও এক বিফলতা। শেহতীয়াকৈ আফগানিস্তানৰ যি পৰিণতি সেয়া গণতান্ত্রিক ধাৰণা আৰু ব্যৱস্থাৰ ওপৰত এক মোক্ষম আঘাত।
গতিকে দক্ষিণ-পূব এছিয়া আৰু ভাৰতৰ চুবুৰীয়া দেশসমূহৰ ভিতৰত কেৱল ভাৰততহে মাত্ৰ
কিছুদূৰ পৰ্যন্ত সুস্থ গণতান্ত্ৰিক পৰিৱেশ বৰ্তি আছে। গতিকে ভাৰতৰ গণতান্ত্ৰিক
ব্যৱস্থাৰ সুস্থিৰতাৰ ওপৰত এক বৃহৎ অঞ্চলৰ লোকৰ
আত্মনিয়ন্ত্ৰণৰ আশা টিকি আছে।
স্বাধীনতাৰ পাছত সকলো সংশয়, শংকা আঁতৰাই অনৈক্যৰ মাজত ঐক্যৰ পৰিচয় দি ভাৰতত এক গণতান্ত্ৰিক চেতনা স্থাপিত হ’ল। সংবিধান প্ৰণেতাসকলৰ দূৰদৰ্শিতা আৰু ইতিমধ্যে এক অহিংস গণতান্ত্ৰিক আন্দোলনৰ অভিজ্ঞতাপুষ্ট জনতাই এই নতুন ব্যৱস্থা নিৰ্বিবাদে মানি ল’লে। জৰুৰীকালীন অৱস্থা আছিল ভাৰতৰ গণতন্ত্ৰৰ প্ৰতি প্ৰথম ভাবুকি। ইয়াৰ পূৰ্বে এসত্তৰ চনৰ যুদ্ধৰ পাছত ছেম মানেকশ্ব’ৰ নিচিনা প্ৰতাপী সামৰিক বিষয়াৰ দ্বাৰা নিৰ্বাচিত চৰকাৰৰ ঠাইত সামৰিক শাসন স্থাপন কৰিব পাৰে জাতীয় উৰাবাতৰিৰ বাদে বিশেষ ভাবুকি ভাৰতীয় গণতন্ত্ৰই লাভ কৰা নাছিল। আশীৰ দশকৰ পাছৰ পৰা, ভাৰতীয় গণতন্ত্ৰই সৰু বৰ প্ৰত্যাহবান পাইছে। সন্ত্ৰাসবাদ, দুৰ্নীতি, প্ৰব্ৰজন উগ্ৰ মৌলবাদ, আদিৰ লগতে গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ বিশ্বাসযোগ্যতা হ্ৰাস আদিয়ে প্ৰাধান্য লাভ কৰিছে। শেহতীয়াকৈ ৰাজনৈতিক উদ্দেশ্যত স্বতন্ত্ৰ চৰকাৰী সংস্থাৰ প্ৰয়োগ, আওপুৰণি নিৰ্বাচনী ব্যৱস্থা, নিৰ্বাচিত চৰকাৰ ভংগৰ চেষ্টা, ন্যায়পালিকাৰ আস্থাহীনতা, বিৰোধীৰ প্ৰতি কঠোৰ স্থিতি, নাগৰিক সংগঠনৰ বাক স্বাধীনতা খৰ্ব আদি বহু কাৰকে ভাৰতৰ সুস্থ গণতন্ত্ৰৰ ভেঁটি দুৰ্বল কৰি তুলিছে। একে সময়তে সংবিধান সংশোধনৰ জৰিয়তে ৰাষ্ট্ৰপতীয় গণতন্ত্র স্থাপন কৰি আওপকীয়াকৈ একনায়কত্ববাদী স্বৈৰতন্ত্ৰ স্থাপনৰ প্ৰয়াস দেশত কৰা হ’ব বুলিও বহু মহলত মাজে সময়ে উৰাবাতৰি ওলাই থকা আদি দিশবোৰো গমি চোৱাৰ সময় সমাগত। সময় থাকোতেই ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰি গণতান্ত্ৰিক প্ৰমূল্যসমূহক ৰক্ষা কৰাৰ বাবে সংবিধানৰ সকলো অংগ আৰু জনসাধাৰণে একেলগ হৈ চিন্তা নকৰিলে ভাৰতৰ গণতন্ত্ৰ কেৱল এক আৰ্হি হৈ ৰৈ যাবলৈ বেছি দিন নালাগিব।
তেন্তে
গণতন্ত্ৰৰ ভৱিষ্যত কি বা ইয়াৰ বিকল্প ব্যৱস্থা কি হ’ব ? ইতিমধ্যে মহামাৰীৰ সুবিধাতে বহু দেশত গণতান্ত্ৰিক সুবিধা আৰু অধিকাৰ কৰ্তন
কৰা হৈছে যদিও বৰ্তমানৰ আধুনিক শাসন ব্যৱস্থাত গণতন্ত্ৰই শ্ৰেষ্ঠ ! হয়। চীন,
উত্তৰ কোৰিয়া, আফ্ৰিকাৰ বহু দেশ, আৰৱৰো বহু ৰাষ্ট্ৰই গণতন্ত্ৰৰ প্ৰত্যাশাত দিন পাৰ কৰিছে। ম্যানমাৰত চমুকৈ হ’লেও গণতন্ত্রৰ সোৱাদ পোৱা জনতাই ইয়াৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে প্ৰাণাহুতি
দিবলৈও কুণ্ঠাবোধ নাই কৰা। আফগানিস্তানৰ পৰা শ শ লোক উৰাজাহাজত উঠি দেশ এৰিবৰ বাবে
কাবুল বিমানবন্দৰত নিজৰ জীৱনকো তুচ্ছ কৰি উৰাজাহাজৰ লগত সমানে দৌৰি বা ওলমি
প্ৰাণাহুতি দিছে। এই ঘটনাসমূহে প্ৰমাণ কৰে গণতন্ত্রৰ দায়িত্ব, জনপ্ৰিয়তা আৰু প্ৰয়োজনীয়তা।
মুক্ত হ’ব
বিচৰাটো মানুহৰ স্বাভাৱিক ধৰ্ম। গণতন্ত্ৰই সেই সুবিধা বহুলাংশে প্ৰদান কৰে। ‘প্ৰকৃত গণতন্ত্ৰ’ আচলতে এটা ‘মীথ’। সম্পূৰ্ণ ক্ৰুটিমুক্ত গণতান্ত্ৰিক পৰিৱেশ পোৱাটো এশ শতাংশ সম্ভৱপৰ নহয়, কিন্তু গণতন্ত্ৰৰ সংস্কাৰ সাধন কৰি ইয়াৰ সন্মুখত সৃষ্টি হোৱা
প্ৰত্যাহ্বানসমূহৰ, ব্যক্তিগত ন্যস্তস্বাৰ্থ পৰিহাৰ কৰি সময়
থাকোঁতেই মোকাবিলা কৰাটো প্ৰতিখন গণতান্ত্ৰিক দেশৰ কৰ্তব্য আৰু জনসাধাৰণৰ হৃত
বিশ্বাস পুনৰ উদ্ধাৰেৰে এই প্ৰচেষ্টা আৰম্ভ হোৱা উচিত। অন্যথা, সমগ্ৰ বিশ্বতে চীন আৰু ৰাছিয়াৰ নিচিনা গণতন্ত্ৰৰ মুখাপিন্ধা একচ্ছত্ৰী
শাসনৰ আৰম্ভ হোৱাটো অসম্ভৱ নহয় !
বিশ্ব শান্তিৰ লগতে মানৱ জাতিৰ কল্যাণৰ বাবেও এক সুস্থ শাসন ব্যৱস্থা অতি প্ৰয়োজনীয়। কিছু ভুল-ত্রুটি থাকিলেও বৰ্তমান সময়ত সত্য ন্যায় আৰু সমতাৰ ভেঁটিত গঢ় লৈ উঠা গণতান্ত্ৰিক শাসন ব্যৱস্থাই এক গ্ৰহণযোগ্য শাসন ব্যবস্থা হিচাপে সমাদৰ লাভ কৰিছে। দৰিদ্ৰতা, মহামাৰীকেন্দ্ৰিক স্থবিৰতা, অৰ্থনৈতিক বৈষম্য, নিৰাপত্তাহীনতা, নিবনুৱা সমস্যা, সন্ত্ৰাসবাদ আদি এশ এবুৰি সমস্যাৰে জৰ্জৰিত মানৱ সমাজে এক সুস্থ শাসন ব্যবস্থাৰেহে এই সমস্যাবোৰৰ মোকাবিলা কৰি সমাধান কৰিব পাৰিব আৰু তাৰ বাবে গণতন্ত্ৰৰ বিকল্প নাই। গতিকে গণতান্ত্ৰিক আদৰ্শ আৰু মূল্যবোধক ৰক্ষা কৰাটো প্ৰতিজন সচেতন নাগৰিকৰ কৰ্তব্য। লগতে আমি সকলোৱে মনত ৰখা উচিত যে গণতন্ত্ৰৰ শক্তি আৰু ক্ষমতাৰ ভেঁটি হৈছে জনতা আৰু এই শাসন ব্যবস্থা হৈছে জনতা কেন্দ্ৰিক। গতিকে জনগণৰ সচেতনতাই হৈছে গণতন্ত্ৰৰ প্ৰকৃত ৰক্ষাকৱচ।