অন্যযুগ/


অসামৰিক সেৱাৰ পৰীক্ষা আৰু মৌ ফান্দ

  পঙ্কজ প্ৰতিম বৰদলৈ

 

 

ব্ৰিটিছসকলে ভাৰতৰ বহুধা বিভক্ত প্ৰশাসন ব্যৱস্থাক আধুনিক কৰি সময়ৰ লগত খাপখুৱাবৰ বাবে এচাম অতি দক্ষ আমোলাৰ সৃষ্টি কৰিছিল৷ য়ুৰোপৰ সেই সময়ৰ আগবঢ়া দেশবোৰৰ প্ৰশাসন ব্যৱস্থাৰ আধাৰত এটা অসামৰিক প্ৰশাসন ব্যৱস্থা ভাৰতত আৰম্ভ কৰিছিল৷ প্ৰথমতে কেৱল ব্ৰিটিছ নাগৰিকৰ বাবে মুকলি থকা এই পৰীক্ষা পাছত ব্ৰিটিছ প্ৰজাসকলৰ বাবেও মুকলি কৰি দিয়া হয়৷ ভাৰতৰ স্বাধীনতা লাভ আৰু দেশ বিভাজনৰ সময়ত এই সেৱাৰ বিষয়াসকলক  ভাৰত আৰু পাকিস্তানৰ মাজত ভাগ কৰি লোৱা হয়৷ তেনেদৰেই স্বাধীনতাৰ পাছত ভাৰতীয় অসামৰিক সেৱাৰ সৃষ্টি হয়৷ একেদৰে ৰাজ্য পুনৰ গঠনৰ জৰিয়তে নতুন ৰাজ্যসমূহ গঠনৰ সমান্তৰালকৈ ৰাজ্যসমূহতো ৰাজ্যিক লোকসেৱাৰ জৰিয়তে ৰাজ্যিক অসামৰিক সেৱাসমূহৰো সৃষ্টি হয়৷ অসামৰিক সেৱাৰ এই বিষয়াসকল দেশ আৰু ৰাজ্য প্ৰশাসনৰ মূল কাঠামো আৰু প্ৰকৃতাৰ্থত চৰকাৰৰ আঁচনি আৰু উন্নয়ন কাৰ্যসূচীৰ মূল ৰূপায়ক৷ 

প্ৰশাসন ব্যৱস্থাৰ প্ৰায় প্ৰতিটো দিশত এই বিষয়াসকলৰ অৱদান থাকে৷ এটা অতি প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে এই বিষয়াসকলক নিৰ্বাচিত কৰা হয়৷ কেন্দ্ৰীয় পৰ্যায়ত এই পৰীক্ষাকলৈ বিশেষ বিতৰ্ক নহয় যদিও ৰাজ্যিক অসামৰিক সেৱাৰ বাবে হোৱা পৰীক্ষাত সততেই অনিয়ম, স্বজন-তোষণ আৰু দুৰ্নীতিৰ অভিযোগ শুনা যায়৷ তৎসত্বেও সাম্প্ৰতিক সময়ত এই পৰীক্ষাৰ আৰু এনে পদবী লাভৰ পাছত আনুষংগিক সা-সুবিধাৰ লগতে ক্ষমতাৰ দিশটোৱে এই পদবীৰ চাকৰিৰ প্ৰতি নতুন চামক অতি আগ্ৰহী কৰি তোলা দেখা গৈছে৷

সাম্প্ৰতিক সময়ত এই বিষয়টোৱে চৰ্চা লাভ কৰাৰ প্ৰতি গুৰুত্ব ৰাখি আন এটা দিশ উনুকিয়াব খুজিছোঁ৷ অলপতে অসম অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে আৰু বহু ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ’ল৷ সৰহ সংখ্যকেই উৰ্ত্তীণ নহ’ল৷ একে সময়তে ব্যাপক সামাজিক মাধ্যম আৰু টেলিভিশ্বন মিডিয়াৰ সুবাদত এইসকলৰ ব্যাপক প্ৰচাৰ হ’ল৷ সফল হোৱা বহুজন প্ৰাৰ্থীৰ বহু সাক্ষাৎকাৰ তথা সামাজিক মাধ্যমত আন ভিডিঅ’ আদি বহুত প্ৰচাৰ হ’ল৷ দুই এজন প্ৰাৰ্থীৰ ইতিমধ্যে থকা ৰাজহুৱা জনপ্ৰিয়তাৰ বাবে এই পৰীক্ষাৰ ফলাফল ওলোৱা মাত্ৰকে ব্যাপক ৰাজহুৱা সন্তুষ্টি আৰু সফলতাৰ জয়গান বিভিন্ন মাধ্যমৰ যোগেদি ৰাইজে কৰিলে৷ অসামৰিক সেৱাৰ যি গ্লেমাৰ, ক্ষমতা, এইবোৰৰ প্ৰতি বহু নতুন প্ৰজন্ম পুনৰ অধিক আকৰ্ষিত হৈ পৰিলে৷ এই প্ৰসংগটোৰ লগত সংগতি থকা আন দুটা দিশও উল্লেখ কৰিব বিচাৰোঁ৷ ইতিপূৰ্বে উল্লেখ কৰাৰ দৰে ৰাজ্যিক অসামৰিক সেৱাৰ পৰীক্ষাসমূহত বিসংগতি নতুন কথা নহয় যদিও কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত বিসংগতি এক নতুন কথা হিচাপে পৰিগণিত হৈছে৷ যোৱা সাতদশকৰ পাছত এই পৰীক্ষাতো হোৱা গুৰুতৰ অনিয়ম পোহৰলৈ আহিছে প্ৰথমবাৰৰ বাবে এগৰাকী পৰীক্ষাৰ্থীয়ে নিজৰ তথ্য লুকুৱাই সংৰক্ষণৰ ভুল সুবিধা গ্ৰহণ কৰি নিৰ্বাচিত হোৱাৰ লগতে চাকৰিত কৰ্মৰত হৈও আছিল৷ পাছত এই বিসংগতি ধৰা পৰে৷ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষই পদবী ত্যাগ কৰিবলগা পৰিস্থিতিৰ উদ্ভৱ হয়৷ একেসময়তে দিল্লীত এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলৰ সংগ্ৰামৰ চিত্ৰই সকলোৰে হৃদয় কঁপাই তুলিব৷ দিল্লী বিশ্ববিদ্যালয়ৰ সমীপৰ মুখাৰ্জী নগৰ, গান্ধী বিহাৰ, ৰাজিন্দৰ নগৰ আদি অঞ্চলত থকা কচিং চেণ্টাৰবোৰৰ সুবাদত এই অঞ্চলসমূহত বহু ছাত্ৰ-ছাত্ৰী থাকে৷ অলপতে দিল্লীত হোৱা বৰষুণৰ সময়ত এনে এটা কচিং চেণ্টাৰৰ এটা বেচমেণ্টত থকা লাইব্ৰেৰীত পানী সোমোৱাৰ ফলত তিনিজন ছাত্ৰ-ছাত্ৰীৰ কৰুণ মৃত্যু হয়৷ তেওঁলোক এই পৰীক্ষাৰ প্ৰত্যাশী আছিল৷

ওপৰোক্ত তিনিটা ঘটনাৰ মাজেদি এই অসামৰিক পৰীক্ষা আৰু ইয়াৰ প্ৰতি থকা ছাত্ৰ-ছাত্ৰীৰ অতি আগ্ৰহ আৰু ইয়াৰ লগত জড়িত থকা মৌ ফান্দৰ বিষয়ে অনুমান কৰিব পাৰি৷

অসামৰিক সেৱাৰ পৰীক্ষাত প্ৰতি বছৰে বহু লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়৷ কিন্তু প্ৰতি বছৰে কেইশমান পৰীক্ষাৰ্থীহে সফল হয়৷ বহু আন বিভিন্ন ক্ষেত্ৰত সংস্থাপন লাভ কৰা ছাত্ৰ-ছাত্ৰীয়েও এই সেৱাৰ ক্ষমতা, গ্লেমাৰৰ আগ্ৰহত এই সেৱাত যোগদান কৰে৷ অসামৰিক সেৱাৰ প্ৰতি এই আগ্ৰহ ঐতিহাসিক৷ স্বাধীনতাৰ আগৰ পৰাই এই সেৱাৰ প্ৰতি ভাৰতৰ শিক্ষিত যুৱসমাজৰ অতি আগ্ৰহ আছিল৷ একেসময়তে দেশে স্বাধীনতা লাভ কৰাৰ পাছত এই দিশত নতুন দিগন্তৰ সুচনা হয় আৰু জৱাহৰলাল নেহৰুৰ আহ্বানক্ৰমে বহু উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে দেশ নিৰ্মাণৰ বাবে এই সেৱাই উপযুক্ত স্থান বুলি গ্ৰহণ কৰিছিল৷ ১৯৯২ চনত বিত্তীয় সংস্কাৰৰ পূৰ্বতে এই সেৱাৰ গুৰুত্ব অপৰিসীম আছিল৷ সন্মান আৰু প্ৰতিষ্ঠাৰ দিশত সৰ্বপ্ৰথম স্থান গ্ৰহণ কৰিছিল৷ মুক্ত বাণিজ্যৰ পাছত হোৱা অৰ্থনৈতিক উদাৰীকৰণে বিভিন্ন কৰ্পৰেট চাকৰি আৰু বহুদেশীয় কোম্পানীৰ লোভনীয় দৰমহাৰ চাকৰিৰ বজাৰ এখন মুকলি কৰি দিয়ে বাবে এই সেৱাই কিছু কম গুৰুত্ব লাভ কৰে৷ একেসময়তে ২০০৮ চনৰ অৰ্থনৈতিক বিপৰ্যয় আৰু ২০০৬ চনৰ ষষ্ঠ বেতন আয়োগৰ বেতন বৃদ্ধিৰ পাছত এই সেৱাই যোৱা কেইটামান বছৰত কেৰিয়াৰৰ দিশৰ পৰা  পুনৰ অতি আগ্ৰহী ক্ষেত্ৰলৈ পৰিগণিত হৈ পৰে৷ ছাত্ৰ-ছাত্ৰীসকলে এই ক্ষেত্ৰত চাকৰি পোৱাৰ বাবে কচিং আৰু বছৰ বছৰ যোৰা কষ্টৰ জৰিয়তে লক্ষ্যত উপনীত হোৱাৰ নিৰন্তৰ প্ৰয়াসত লিপ্ত হৈছে।  ইয়াকে কেন্দ্ৰ কৰি দেশৰ মূল বহু চহৰত যেনে দিল্লী, জয়পুৰ, কলিকতা, পাটনা, লক্ষ্নৌ আদিত কাঠফুলাৰ দৰে কচিং চেণ্টাৰবোৰ গঢ়ি উঠিছে আৰু বহু লাখ লাখ টকাৰ বিনিময়ত কচিং প্ৰদান কৰি আছে৷ ওপৰোক্ত ঘটনা তিনিটাৰ অসমকেন্দ্ৰিক ঘটনাটো বাদ দিলে বাকী দুয়োটা ঘটনাই দুটা ভিন্ন দিশলৈ আঙুলি টোঁৱায়৷ প্ৰথমটো এগৰাকী প্ৰত্যাশীয়ে এই চাকৰি পাবৰ বাবে গ্ৰহণ কৰা সকলো ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে৷ চল, বল, কৌশল কৰি হ’লেও এই সেৱাত অন্তৰ্ভূক্তি হোৱাৰ অদম্য বাসনা৷ আনহাতে দ্বিতীয় ঘটনাটোত ছাত্ৰ-ছাত্ৰীকেইজনৰ কৰুণ মৃত্যুৰ অন্তৰালত থকা আমাৰ সমাজৰ সামূহিক মানসিক অৱস্থাটো বুজিব পাৰি৷ ছাত্ৰ-ছাত্ৰীসকলৰ নিৰন্তৰ এনে এটা দিশলৈ আগুৱাই দিয়া হৈছে যিটোৰ সফলতাৰ হাৰ বহু কম বুলি ইতিমধ্যে জনা যায়৷ তথাপি এই ক্ষেত্ৰৰ প্ৰতি উৎসাহিত কৰা দেখা যায়৷ একেসময়তে কচিং চেণ্টাৰসমূহৰ নিয়ন্ত্ৰণহীন অৱস্থাও এনে ঘটনা-দুৰ্ঘটনা আৰু এই সেৱাৰ প্ৰতি সৃষ্টি কৰা অতি আগ্ৰহৰ বাবে দায়ী৷

অসামৰিক সেৱাৰ প্ৰতি এই অতি আগ্ৰহ দীৰ্ঘকালীন সময়ত ব্যাপক অসুবিধাৰ সৃষ্টি কৰিব৷ অতি প্ৰভাৱশালী হৈ পৰা এই সেৱাৰ আগ্ৰহে আমাক অন্য ক্ষেত্ৰত দক্ষ লোকৰ অভাৱ ঘটাব৷ বহুসময়ত এই সেৱাৰ প্ৰস্তুতিত লাগি থকা ছাত্ৰ-ছাত্ৰীয়ে আন দক্ষতা আহৰণ কৰিবলৈ থাকি যায়৷ ফলস্বৰূপে আমাৰ সমাজত ব্যাপক মানৱ সম্পদৰ অপচয় ঘটাব পাৰে৷ সমাজ এখনৰ সৰ্বাংগীন উন্নতি সমাজখনৰ সকলো দক্ষতাৰ বিকাশৰ ওপৰত ব্যাপকভাৱে নিৰ্ভৰশীল৷ আনহাতে অন্য দক্ষতাৰ ক্ষেত্ৰত মানৱ সম্পদৰো অভাৱ ঘটিব৷ এই সকলোবোৰ দিশ চালি-জাৰি চোৱাৰ প্ৰয়োজনীয়তা আছে৷

একেসময়তে উচ্চ সীমাৰ বয়স আৰু বহুবাৰ প্ৰয়াস উপলব্ধ আদি ব্যৱস্থাই কেৱল আওপকীয়াকৈ কচিং চেণ্টাৰবোৰকহে সহায় কৰিছে৷ যথেষ্ট কঠিন আৰু কষ্টকৰ এই পৰীক্ষা পাছ কৰাৰ পাছত সফলতা লাভ কৰাসকলৰ মাজত এই কঠিন প্ৰক্ৰিয়াৰ পাছত লাভ কৰা দায়িত্ব নিৰ্বাহৰ মানসিকতা কিমান থাকেগৈ, সেয়াও বিচাৰ্য বিষয় আৰু কেৱল তেওঁলোকে লাভ কৰা সুবিধা আৰু সা-সুবিধাকে কেৱল উপভোগ কৰিব সেয়াও চাবলগীয়া বিষয়৷

বৰ্তমান সময়ত নৱপ্ৰজন্মক অৱগত কৰোৱাটো জৰুৰী যে প্ৰতিটো উপযুক্ত কামেই দেশ নিৰ্মাণত সহায় কৰে। এজন ভাল একাউণ্টেণ্ট, এজন ভাল শিক্ষক বা ঠিকাদাৰ সমানেই দেশ নিৰ্মাণৰ বাবে প্ৰয়োজনীয়৷ কেৱল চৰকাৰী সেৱাই যে দেশ নিৰ্মাণত সহায় কৰে সেই ভুল ধাৰণা ভাঙিবৰ হ’ল৷ অসামৰিক সেৱাত অনুত্তীৰ্ণ বা বিফল হোৱা সকলৰ কোনো তথ্য আমাৰ মাজত উপলব্ধ নহয়৷ গতিকে আনুমানিক হাৰ জনাটো সম্ভৱ নহয়৷ যদি জানিব পৰা গ’লহেঁতেন তেন্তে সেই পৰিসংখ্যাই নিশ্চয়কৈ চকিত কৰিলেহেঁতেন৷ একেসময়তে এই সমগ্ৰ প্ৰক্ৰিয়াত জড়িত থকা অৰ্থ, সময় আৰু  মানৱ সম্পদৰ ব্যৱহাৰ আদিও বিচাৰ্য বিষয়

আঁচনি নিৰ্মাতাসকলেও এই সেৱাৰ অত্যাধিক গুৰুত্বক হ্ৰাস কৰাৰ বাবে যথোপযুক্ত  ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ অন্যথা এই এটা ক্ষেত্ৰৰ প্ৰতি অতি আগ্ৰহে অনাগত সময়ত দেশৰ আন দক্ষতাৰ বিকাশত ব্যাপক হেঙাৰ হৈ ঠিয় দিব৷


ঠিকনা :

উপ-সঞ্চালক, ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী

ভ্ৰাম্যভাষ - ৮৮০০৯৪৮৮০৮

নতুন দিল্লী

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ