পঙ্কজ প্ৰতিম বৰদলৈ
সমগ্ৰ বিশ্বৰ ভিতৰতে ফিনলেণ্ডৰ শিক্ষাব্যৱস্থাক এক প্ৰকাৰে সমীহৰ চকুৰে চোৱা হয়৷ ফিনলেণ্ডত শিক্ষাব্যৱস্থাই উৎকৃষ্টতাতকৈও সমতাৰ ওপৰত গুৰুত্ব দিয়ে৷ তাত এক সামগ্ৰিক পাঠদানৰ কাৰ্যসূচী ৰূপায়ণ কৰি শিক্ষণ পৰিৱেশ গঢ় দিয়া হয়৷ আন বহু কাৰণৰ ভিতৰত ফিনলেণ্ডক সৰ্বশ্ৰেষ্ঠ আখ্যা দিয়াৰ অন্যতম কাৰণ হ’ল ছাত্ৰ-ছাত্ৰীসকলক মৌলিক মূল কথাবোৰৰ ওপৰত গুৰুত্ব দি নিজৰ গতিৰে এক উত্তম বুদ্ধিমত্তা গঢ়ি তুলিবলৈ পৰ্যাপ্ত সময় আৰু পৰিসৰ প্ৰদান কৰা হয়৷ আকৌ ফিনলেণ্ডত সাত বছৰ বয়সমানৰ পৰাহে স্কুলীয়া শিক্ষা ল’বলৈ দিয়া হয়৷ এইসমূহ ফিনলেণ্ডৰ শিক্ষাব্যৱস্থাত থকা মাত্ৰ কিছু দিশ। ইয়াৰ বিষয়ে বিস্তৃতভাৱে পাছত লিখাৰ এক প্ৰয়াস কৰা হ’ব৷
যোৱা মাহত জন্ম
ৰাজ্যখনত থকাৰ সূত্ৰে আৰু কেবাখনো বিদ্যালয় আৰু মহাবিদ্যালয় ভ্ৰমণ কৰাৰ সুবাদত
শিক্ষাব্যৱস্থাটো ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছিলোঁ৷ একে সময়তে হৈ যোৱা বা
কোনো এখন বিদ্যালয়ত হ’বলগীয়া গুণোৎসৱ নামৰ অসমৰ শিক্ষা বিভাগৰ অনুষ্ঠানভাগৰ প্ৰত্যক্ষ অংশগ্ৰহণকাৰী এচামৰ লগতো কথা
পতাৰ সুযোগ পাইছিলোঁ৷ একে সময়তে হাতত আহি পৰিছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা
শিক্ষামন্ত্ৰী মনীষ চিছোদিয়াৰ “শিক্ষা” নামৰ গ্ৰন্থখন৷ য’ত দিল্লীৰ শিক্ষাব্যৱস্থাত আম আদমি
পাৰ্টীৰ চৰকাৰে অনা বিভিন্ন ইতিবাচক পৰিৱৰ্তনৰ বিষয়ে বিস্তাৰিতভাৱে লিখা হৈছে৷ এই
তিনিওটা কথাই এই দিশত কিছু কথা চিন্তা কৰাৰ খোৰাক জন্মালে আৰু সেই অভিজ্ঞতাৰেই ইয়াত কিছু
লিখাৰ প্ৰয়াস কৰা হৈছে৷ এই লেখাটো কোনো গৱেষণালব্ধ বা তথ্যপূৰ্ণ নহয় বৰঞ্চ এক
ব্যক্তিগত অনুভৱ আৰু পৰ্যবেক্ষণৰহে প্ৰয়াস৷ এই আলোচনা মূলতঃ অসমকেন্দ্ৰিক আৰু
অসমীয়া মাধ্যমৰ বিদ্যালয়, মহাবিদ্যালয়সমূহক লৈয়ে সীমাৱদ্ধ।
আমি মূলতঃ কেইবাখনো ভিতৰুৱা ঠাইৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মানসিক উৎকৰ্ষ সাধন তথা
প্ৰেৰণা আৰু প্ৰতিভা বিকাশ আদিৰ বিষয়ে ক’ব লগাত পৰিছিলোঁ৷
একে সময়তে বহু বাস্তৱিক দিশ পৰ্যবেক্ষণ কৰাৰ সুযোগো পাইছিলোঁ৷ এতিয়া প্ৰশ্ন হ’ল বা এনে ধৰণৰ আলোচনা হৈয়ে আছে যে এইবোৰত নতুনত্ব কি আছে! প্ৰকৃতাৰ্থত
তেনে ধৰণে সাধৰণীকৰণ কৰিব পৰা যায় যদিও এনে ধৰণৰ চৰ্বিত-চৰ্বনতেই একোটা বিষয়ৰ বহু নতুন নতুন দিশ
উন্মোচিত হয়৷ বৰ্তমান সময়ত সমগ্ৰ বিশ্বই গুৰুত্ব দিয়া তিনিটা মৌলিক দিশ হৈছে
জনসংখ্যা নিয়ন্ত্ৰণ, শিক্ষা আৰু স্বাস্থ্য৷ গতিকে তেনে এটা
অতি প্ৰয়োজনীয় বিষয়ক লৈ পুনৰুক্তি অৱশ্যেই সম্ভৱ৷
মনীষ চিছোদিয়াৰ
কিতাপখনত শিক্ষাৰ মূল উদ্দেশ্য কি বুলি ঘোষিত হৈছে বা কি হোৱা উচিত এই বিষয়ে বিস্তৃতভাৱে আলোচনা
কৰা হৈছে৷ তেওঁ কৈছে যে শিক্ষাৰ উদ্দেশ্য কেৱল জীৱিকা উপাৰ্জনৰ মাধ্যম সৃষ্টি কৰা নহৈ ইয়াৰ উদ্দেশ্য সামগ্ৰিক বহল দৃষ্টিকোণৰ হ’ব লাগে৷
মনীষ চিছোদিয়াৰ মতে শিক্ষাৰ জৰিয়তে সন্ত্ৰাসবাদ, পৰিৱেশ
প্ৰদূষণ, দূৰ্নীতি, হিংসা আদি সভ্যতাৰ
সমস্যাসমূহৰ সমাধান কৰিব পৰা যায়৷ মনীষ চিছোদিয়াই প্ৰতিযোগিতামুখী মনোভাৱৰ
বিপৰীতে এক সহাৱস্থানৰ শিক্ষাৰ কথা কৈছে৷ মানৱ সম্পদৰ সৃষ্টিৰ জৰিয়তে বজাৰৰ
ধামখুমিয়াত পণ্য হৈ শেষ হৈ যোৱাৰ বিপৰীতে সমাজ গঢ়াৰ সোপান হোৱাৰ কথা কৈছে৷ সেই
মৰ্মে দিল্লীৰ শিক্ষাব্যৱস্থাত কিছু বাস্তৱিক পৰিৱৰ্তন অনাৰ চেষ্টা অব্যাহত আছে
আৰু বহুলাংশে ই সফলো হৈছে৷ দিল্লীৰ শিক্ষাব্যৱস্থাৰ এই সফলতাই আন বহুতো ৰাজ্যত
যথেষ্ট খলকনি তুলিছে আৰু অসমো ইয়াৰ ব্যতিক্ৰম নহয়৷ যোৱা কিছুবছৰ গুণোৎসৱৰ দৰে
কাৰ্যসূচীৰ জৰিয়তে তেনে এক চিন্তাকে যে কৰা হৈছে, সেয়া সহজেই
অনুমেয়৷ কিন্তু কথাটো হৈছে যে অসমৰ শিক্ষাখণ্ডৰ সৰ্বাংগীণ বিকাশৰ বাবে কেনে ধৰণৰ
ফলপ্ৰসূ ব্যৱস্থা কৰা উচিত বা কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে এই খণ্ডটোৱে
যথোপযুক্ত সফলতা লাভ কৰিব সি এক বিচাৰ্য বিষয়৷ গুণোৎসৱ জাতীয় অনুষ্ঠানৰ জৰিয়তে
যদিও এক পৰ্যালোচনা সম্ভৱ, তাৰ দ্বাৰা ব্যৱস্থাগত পৰিৱৰ্তন ঘটোৱাটো সম্ভৱপৰ নহয়৷
ব্যক্তিগত
অভিজ্ঞতাৰ পৰা অনুভৱ হৈছে যে অসমৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ে সম্মুখীন হোৱা এটা মূল
সমস্যা হৈছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ অভাৱ৷ ইয়াৰ মূল কাৰণ হৈছে মফচলীয় অঞ্চলতো
যথেষ্ট সংখ্যক শিক্ষানুষ্ঠান স্থাপন হোৱাটো৷ ব্যক্তিগত খণ্ডৰ
বিদ্যালয়ৰ প্ৰাদুৰ্ভাৱৰ বাবে একো একোটা অঞ্চলত বিদ্যালয় অনুপাতে ছাত্ৰ-ছাত্ৰীৰ
সংখ্যা কম হৈছে৷ চৰকাৰৰ কল্যাণমূলক আঁচনিৰ বাবে পূৰ্বৰ দৰে জনসংখ্যাৰ অনুপাত
ব্যাপক নহয়৷ গতিকে সেই অনুপাতে গৰিষ্ঠ সংখ্যক ঠাইতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যথেষ্ট
কম৷ থকা ছাত্ৰ-ছাত্ৰীও বিভিন্ন বিদ্যালয়ৰ মাজত ভাগ হোৱা বাবে কোনো এখন বিদ্যালয়ে
প্ৰয়োজনীয় সংক্যক ছাত্ৰ-ছাত্ৰী লাভ নকৰে৷ আনহাতে ইংৰাজী মাধ্যমৰ প্ৰতিষ্ঠিত বিদ্যালয়সমূহৰ
বাবে প্ৰায়বোৰ এনে ধৰণৰ বিদ্যালয়তো এই সমস্যাটো দেখা যায় আৰু বহু ধৰণৰ প্ৰতিযোগিতাৰ সম্মুখীন হোৱা বাবে
এই ধৰণৰ বিদ্যালয়সমূহেও বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হৈছে৷
অসমত পোনতে দেখা
গৈছে যে কোনো এক ধৰণৰ ব্যৱসায়ৰ সফলতাই সেই একেধৰণৰ ব্যৱসায়ৰ বাবে বহুজনকে প্ৰেৰিত
কৰে৷ যোৱা বেছ কিছু বছৰ এনে ধৰণৰ চিন্তাৰেই বহু বিদ্যালয় স্থাপন কৰা দেখা গৈছে৷
শিক্ষা আৰু সেৱাৰ মনোভাৱতকৈ ইয়াত ব্যৱসায়িক দৃষ্টিকোণেই মূলতঃ প্ৰাধান্য লাভ কৰে বাবে এই ব্যৱস্থাটো ক্ৰেতা আৰু বিক্ৰেতা পৰ্যায়ৰ বজাৰ
অৰ্থনীতিৰ সূত্ৰত অগ্ৰসৰ হৈছে৷ ফলস্বৰূপে বিদ্যালয়ৰ সংখ্যা বৃদ্ধি আৰু গুণগত
শিক্ষাৰ মানত ই হেঙাৰহে হোৱা দেখা যায়৷
একে সময়তে আমাৰ
পৰ্যালোচনাত ধৰা দিয়া আন এক দৃষ্টিকোণ হ’ল বিদ্যালয়সমূহত থকা
সম্পদৰ অসমানুপাতিক ব্যৱহাৰ৷ আমাৰ ভ্ৰমণত আমি এনে বহু দিশ দেখা পালোঁ যে
বিদ্যালয়সমূহত চৰকাৰী বা ৰাজহুৱা কোনোটো সম্পদৰেই সমানুপাতিক বিকাশ হোৱা নাই আৰু
ব্যৱহাৰো হোৱা নাই। ফলস্বৰূপে আন্তঃগাঁথনিগত বহু সমস্যাৰ বিদ্যালয়সমূহে সম্মুখীন
হৈছে৷ এটা উদাহৰণ- যোৰহাটৰ এটা পিছপৰা অঞ্চলৰ এখন বিদ্যালয়ত উপযুক্ত শ্ৰেণীকোঠাৰ
অভাৱ তথা বিদ্যালয়ৰ নিজৰ ভূমি থকাৰ পাছতো ধনৰ অভাৱত কোনো ভৱন নিৰ্মাণ নাই হোৱা৷
আকৌ এইখন বিদ্যালয়ৰ সমীপতে ৰাজহুৱা আৰু চৰকাৰী পুঁজিৰে নিৰ্মিত এটা কমিউনিটি হল আছে যিটো বিদ্যালয়ৰ পৰিসৰৰ একেবাৰে সমীপতে আছে৷ এই হলটো বছৰত মাত্ৰ এবাৰহে কিবা পূজা অনুষ্ঠান অনুষ্ঠিত কৰিবৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়৷ গতিকে আন সময়ত অলপ ব্যৱস্থা কৰি সেই বৃহৎ হলটোত বিদ্যালয়ৰ কিছু সংখ্যাক শ্ৰেণী
চলাব পৰা ব্যৱস্থা কৰিব পৰা যায়৷ (এই কাৰ্যটো আন এখন গাঁৱৰ আন এখন বিদ্যালয়ৰ
সন্দৰ্ভত এই লেখকে নিজেই দেখিছে কাৰণে এই বিষয়ে ক’ব পাৰিছে !)
কিন্তু সেয়াও কৰা হোৱা নাই৷ আনহাতে শিৱসাগৰ জিলাৰ আন এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ
উপযুক্ত সংখ্যা নথকা বাবে বহুকেইটা শ্ৰেণীকোঠা অব্যৱহৃত হৈ পৰি আছে৷
ই মাত্ৰ এটা উদাহৰণহে৷ এনে আন বহু উদাহৰণ ওলাব৷
ইয়াৰ লগতে শিক্ষক ছাত্ৰৰ সমানুপতিকতা আদি মৌলিক সমস্যাবোৰ কথাটো ক’বই
নালাগে৷
বিশ্বৰ বিভিন্ন
প্ৰান্তৰত বিদ্যালয়সমূহক এক প্ৰকাৰৰ স্বাধীনতা আৰু অৰ্থনৈতিকভাৱে কিছুদূৰ পৰ্যন্ত
স্বাৱলম্বী হ’বলৈ প্ৰেৰণা
দিয়া যায়৷ অসমৰ বিদ্যালয়সমূহত এনে সুবিধা নাই৷ ই বিদ্যালয়সমূহৰ উন্নতিৰ এক
প্ৰধান হেঙাৰ৷ প্ৰধান শিক্ষকজনক এক নিম্ন পদমৰ্যাদাৰ কৰ্মচাৰী
হিচাপে চিহ্নিত কৰি কোনো প্ৰত্যক্ষ প্ৰশাসনিক আৰু আৰ্থিক দায়িত্ব নিদিয়াটো
বিদ্যালয় একোখনৰ সুপৰিচালনাৰ প্ৰধান হেঙাৰ৷ দিল্লীত আম আদমী পাৰ্টী চৰকাৰৰ
বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলক নিজৰ দায়িত্ব আৰু পদবীৰ লগে লগে কিছু ক্ষমতা
প্ৰদান কৰি এক দায়িত্বশীল চৰকাৰী কৰ্মচাৰী হিচাপে গঢ় দিয়াত গুৰুত্ব দিছে৷ ই বহু ইতিবাচক পৰিৱৰ্তন বিদ্যালয়সমূহলৈ কঢ়িয়াই আনিছে৷ বিদ্যালয়সমূহত থকা সম্ভাৱনাৰ এক
অৰ্থনৈতিক স্বাৱলম্বিতাৰ মাধ্যম হিচাপে গঢ় দিলে বিদ্যালয়ৰ যথেষ্ট সুবিধা হ’ব পাৰে৷ একে সময়তে এক কঠোৰ আৰু নিয়মসিদ্ধ ব্যৱস্থা থাকিলে এনে আৰ্থিক
ব্যৱস্থাৰ উপযুক্ত খতিয়ান ৰাখিব পৰা যাব৷ বিদ্যালয় এখনৰ আৰ্থিক স্বতন্ত্ৰতা থাকিলে
বহু সিদ্ধান্ত বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ পৰ্যায়ত ল’ব পৰা
যাব। তাৰ বাবে যাবতীয় নীতি-নিৰ্দেশনা শিক্ষা বিভাগে প্ৰস্তুত কৰি দিব পাৰে৷
উদাহৰণস্বৰূপে এখন বিদ্যালয়ৰ বৃহৎ খেলপথাৰখনক এক আৰ্থিক আয়ৰ সম্পদ হিচাপে ব্যৱহাৰ
কৰিব পাৰি৷ বিদ্যালয়খন বন্ধ থকাৰ সময়ত কোনো কাৰ্যসূচী আদি কৰাৰ বাবে ইয়াক ভাড়াত
দিব পৰা যায়৷ আকৌ বিদ্যালয়ৰ শ্ৰেণীকোঠাৰো উপযুক্ত ব্যৱহাৰ কৰি আৰ্থিক আয় কৰিব
পাৰি৷ এনে আয়ক নথিভুক্ত কৰি অনলাইন মাধ্যমেৰে স্বচ্ছভাৱে লেন-দেন কৰিলে দুৰ্নীতি
হোৱাৰো আশঙ্কা কমিব আৰু এনে আয়েৰে বিদ্যালয়সমূহে নিজাববীয়াকৈ কিছুমান উন্নয়নমূলক কাৰ্যসূচী
বিদ্যালয়ৰ বাবে ল’ব পাৰিব৷ আমাৰ ভ্ৰমণত দেখিছিলোঁ যে বহু
বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে উপযুক্ত শৌচাগাৰ নাই৷ বিদ্যালয়ৰ কাষৰ কোনো
ব্যক্তিৰ ঘৰত অধিক প্ৰয়োজন হ’লে তেনে ব্যক্তিগত কাৰ্যও
শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলেও সমাপণ কৰিব লগা হয়৷
এনে ধৰণৰ আয়েৰে
বিদ্যালয় একোখনে নিজাববীয়াকৈ এই ধৰণৰ মৌলিক সুবিধাসমূহৰ ব্যৱস্থা কৰিব পাৰে৷
আমাৰ ৰাজহুৱা অনুষ্ঠানসমূহ ধ্বংস হোৱাৰ এটা মূল কাৰণ হৈছে অতি বেছি চৰকাৰমুখিতা৷ আনহাতে এই সময়তে এটা চীনা ফঁকৰা-যোজনালৈ মনত পৰিছে- “তুমি এজন ভোকাতুৰ মানুহক এটা মাছ দিলা মানে এদিনৰ খাদ্য দিলা, যদি তেওঁক মাছ ধৰিবলৈ শিকাই দিয়া তেন্তে তেওঁক জীৱনটোৰ বাবে জীৱিকা দিলা৷” আমাৰ ৰাজহুৱা অনুষ্ঠান স্থাপনৰ সময়ত সকলোৱে প্ৰতিষ্ঠাৰ দিশটোহে চিন্তা কৰে, কিন্তু একে সময়তে সংস্থাটো ভৱিষ্যতে কেনে ধৰণে চলিব বা তাৰ বাবে আয় বা তাক নিজাববীয়াকৈ চলিবৰ বাবে ভৱিষ্যত কি ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰা উচিত সেই বিষয়ে কোনেও উপযুক্ত চিন্তা-চৰ্চা নকৰে৷ অথচ অলপ চেষ্টা কৰিলেই এনে সংস্থা যথেষ্ট লাভজনকভাৱে চলি থাকিব পাৰে তথা ই নিবনুৱাক সংস্থাপনো আওপকীয়াকৈ দিব পাৰে৷ অথচ আমাৰ ৰাজ্যত কোনো ধৰণৰ এনে ৰাজহুৱা সংস্থা বা প্ৰতিষ্ঠান প্ৰতিষ্ঠাৰ পাছত তাক চৰকাৰমুখী কৰা বা চৰকাৰক গটাই দিবলৈহে সকলো আগ্ৰহী হয়৷ গতিকে বিদ্যালয়সমূহকো যদি অৰ্থনৈতিক সুস্থিৰতা প্ৰদান কৰিব পৰা যায়, আন্তঃগাঁথনিগত দিশত চৰকাৰী খৰচৰ বোজা কমি যোৱাৰ লগতে ইয়াৰ উপলব্ধ সম্পদৰ সঠিক ব্যৱহাৰ হ’ব৷
দক্ষ শিক্ষক আৰু
ছাত্ৰ-ছাত্ৰীৰ মাজত এক সমন্বয় স্থাপন কৰি দক্ষ শিক্ষকসকলৰ প্ৰকৃত দক্ষতাৰ সোৱাদ
ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰাতো আচলতে বিদ্যালয় এখনৰ দায়িত্ব হোৱা উচিত৷ ইয়াৰ বাবে
আন্তঃগাঁথনি নথকাকৈও উপলব্ধ সম্পদৰ সঠিক
ব্যৱহাৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক মানসিক উৎকৰ্ষ উন্নত কৰিব পৰা যায়। শিক্ষকসকলৰ
দক্ষতা কেৱল শিক্ষকতাতে সীমাৱদ্ধ নাৰাখি
এক সংহত ব্যৱস্থাৰ প্ৰতি গুৰুত্ব দিলে, আৰু তেওঁলোকৰ দক্ষতা তথা
যিসকল শিক্ষকৰ আন ধৰণৰ দক্ষতা আছে সেই দক্ষতাকো উৎকৰ্ষ বৃদ্ধিৰ বাবে গুৰুত্ব দিলে
অধিক সফলতা লাভ কৰিব পাৰে৷
চৰকাৰীভাৱে
শিক্ষাখণ্ডত ব্যাপক খৰচ আদিৰ কথা কোৱা হয় যদিও অসমৰ বাজেটত ধাৰ্য কৰা ধন
পৰ্যাপ্ত নহয়৷ এয়া আমাৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি দেখিলেই সহজেই অনুমান কৰিব
পাৰি৷ কম আয়ৰ দুখীয়া ৰাজ্য হিচাপে একেবাৰতে বহুতো ধন কেৱল মাত্ৰ শিক্ষাখণ্ডৰ বাবে
দিব পৰাটো প্ৰায়োগিক দৃষ্টিৰে সম্ভৱ নহয়৷
কিন্তু একে
সময়তে উপযুক্ত পৰিকল্পনাৰে পৰ্যায়ক্ৰমে এই ধনৰ আবণ্টন বৃদ্ধি কৰিব
পৰা যায়৷ ইয়াৰ বাবে এক সংহত আঁচনি তথা বিশেষজ্ঞৰ পৰামৰ্শ আদি গ্ৰহণ কৰি কিছু
সদিচ্ছাৰে কাম কৰিব পৰা যায়৷ বিদ্যালয়সমূহৰ আন্তঃগাঁথনিগত উন্নয়ন সাধন হ’লে বিদ্যালয়সমূহৰ হৃত গৌৰৱ বহু পৰিমাণে উদ্ধাৰ কৰিব পৰা যাব আৰু ফলত
বিদ্যালয়সমূহলৈ ছাত্ৰ-ছাত্ৰী আগমনৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ ৰাজহুৱা আৰু
স্থানীয়ভাৱে বিদ্যালয়সমূহত এনে উন্নয়নমূলক কাম কৰিব পৰা যায়৷ এখন গতিশীল পৰিচালনা
সমিতিয়ে বহু কাম সমাপণ কৰিব পাৰে৷ ইয়াৰ বাবে প্ৰধান শিক্ষককে ধৰি কেতবোৰ লোকক
কিছুমান পৰ্যায়ত ক্ষমতা আৰু দায়িত্ব দি দায়িত্বশীল জবাবদিহি ব্যৱস্থা কৰাৰ
প্ৰয়োজনীয়তা আছে৷
বিদ্যালয়সমূহৰ ধাৰাবাহিক বিশ্লেষণ আৰু পৰ্যালোচনা এক উল্লেখযোগ্য দিশ৷ শৈক্ষিক দিশটোৰ লগতে অন্যান্য দিশতো বিদ্যালয়খনৰ উৎকৰ্ষৰ দিশটোৰ পুংখানুপুংখ খবৰ তথা এক মাহেকীয়া প্ৰতিবেদন ধৰণৰ ব্যৱস্থা প্ৰয়োগ কৰাৰ প্ৰয়োজনীয়তা আছে৷ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ লগত শিক্ষকৰ এক পোনপটীয়া সম্বন্ধ স্থাপন কৰাটোও প্ৰয়োজনীয়৷ এনেকৈ বহু দিশ নিয়ন্ত্ৰণ কৰিব পৰা যাব তথা বিদ্যালয়, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক মাজত বহুধৰণৰ মতাভেদ দূৰ কৰিব পৰা যাব৷ গুণোৎসৱৰ দৰে বছৰেকীয়া ব্যৱস্থাৰ পৰিৱৰ্তে গুণগত মানৰ বিশ্লেষণ তথা ৰেংকিং আদিৰ ব্যৱস্থা কৰি তাক ৰাজহুৱা কৰিলে এনে গতিশীলতা নিসন্দেহে বৃদ্ধি পাব৷
বিদ্যালয় এখনৰ
গতিশীলতা ইয়াৰ প্ৰধান শিক্ষকজনৰ ওপৰত অধিক নিৰ্ভৰশীল৷ প্ৰধান শিক্ষক এজনক পৰিচালক
হিচাপে ব্যৱহাৰ কৰাতকৈ যদি শৈক্ষিক দিশটোৰ খতিয়ান ৰখাত বেছিকৈ নিয়োগ কৰা হয় তেন্তে
তেওঁলোকে বিদ্যালয়ৰ শিক্ষাৰ গুণগত মানৰ বৃদ্ধিত নিঃসন্দেহে আগ বাঢ়িব৷ আনহাতে যদি
বিদ্যালয়খনৰ ব্যৱস্থাপনাৰ দিশটো চোৱা-চিতা কৰিবলৈ এজন সহায়কাৰী ব্যক্তি প্ৰধান
শিক্ষকক দিয়া যায় তেন্তে সোই ব্যক্তিয়ে তেখেতক এই ব্যৱস্থাত সহায় কৰিব পাৰিব৷ এনে ধৰণৰ ব্যৱস্থা সঠিককৈ
দিল্লীৰ বিদ্যালয়সমূহত সফলতাৰে প্ৰয়োগ কৰা হৈছে আৰু অলপ সদিচ্ছা থাকিলে অসমতো
প্ৰয়োগ কৰিব পৰা যাব৷
অসমৰ চমু ভ্ৰমণত
আমি যদিও সম্ভাৱনাৰ এক পৰ্বত দেখিছিলোঁ, একে সময়তে আমি সেই
সম্ভাৱনাক জাতিষ্কাৰ হোৱাৰ পথত থকা বাধাসমূহ দেখি ব্যথিত হৈছিলোঁ৷ গ্ৰাম্য অঞ্চলৰ
ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ প্ৰতি থকা ধাউতি আৰু আগ্ৰহে আস্বস্ত কৰিছিল৷ একে সময়তে দুখো
লাগিছিল সেই ছাত্ৰ-ছাত্ৰীসকলে প্ৰাথমিক প্ৰয়োজনবোৰো লাভ নকৰাকৈও কৰা জ্ঞান অৰ্জনৰ উদ্দেশ্যে চলোৱা সংগ্ৰামখন দেখি৷
অসমত বিদ্যালয়সমূহত মৌলিক আৰু গতানুগতিক সমস্যাসমূহৰ কথা এই লেখাত আলোচনা কৰিব খোজা নাই৷ মাত্ৰ ব্যক্তিগত পৰ্যালোচনাৰে দেখা কিছু দিশ আৰু তাৰ সম্ভৱপৰ সমাধানৰ বিষয়েহে ইয়াত এক ক্ষুদ্ৰ আৰু সামান্য আলোচনাৰ প্ৰয়াস কৰা হৈছে৷
প্ৰকৃতপক্ষে
একাগ্ৰভাৱে কৰা পৰিকল্পিত, দীৰ্ঘম্যাদী আৰু প্ৰায়োগিক আঁচনিৰ জৰিয়তে
এক নিৰ্দিষ্ট লক্ষ্যৰে আগ বাঢ়িলে অসমৰ শিক্ষাখণ্ডলৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনাটো
খুবেই সম্ভৱ আৰু তাৰ বাবে লাগিব সকলো পক্ষৰে সদিচ্ছা, কৰ্মৰ
প্ৰতি উদ্যম তথা গতিশীলতা৷
***
ঠিকনা :
উপ-সঞ্চালক,
ৰাষ্ট্ৰপতি ভৱন
সচিবালয়,
ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী