পঙ্কজ প্ৰতিম বৰদলৈ
আধুনিক ভাৰতৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰা ব্যক্তিজনেই হৈছে মহাত্মা গান্ধী৷ যদিও গান্ধীজীৰ স্বাস্থ্য সচেতনতাৰ বিষয়ে যথেষ্ট লিখা-মেলা ইতিমধ্যে হৈছে, তৎসত্ত্বেও গান্ধীজীৰ ব্যক্তিত্বত থকা এইটো দিশৰ ব্যাপক অৱদানে তেওঁৰ বিষয়ে আগ্ৰহীজনক নিত্য নতুন চিন্তাৰ খোৰাক জগায়৷ তাৰে কিছু ৰস দিয়াৰ এয়া এক বিনম্ৰ প্ৰয়াস৷
‘Gandhi and Health@150’- ২০১৯ চনতে প্ৰকাশ পোৱা এখন পুৰণি কিতাপ৷ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ দ্বাৰা প্ৰকাশিত অতি উচ্চস্তৰৰ গৱেষণা আলোচনী ‘ইণ্ডিয়ান জাৰ্নেল অৱ মেডিকেল ৰিচাৰ্ছ’ৰ ২০১৯ বৰ্ষৰ সংখ্যাটো গান্ধীজীৰ নামত উৎসৰ্গা কৰি ‘Gandhi and Health@150’ শিৰোনামেৰে প্ৰকাশ কৰিছিল৷ এই গ্ৰন্থখনে গান্ধীজীৰ স্বাস্থ্য সম্পৰ্কীয় বহু দিশৰ বিষয়ে জনায়।
ব্ৰিটিছসকলে স্বাধীনতা প্ৰদান কৰি ঘূৰি যোৱাৰ পাছত বৰ্তমানৰ ৰাষ্ট্ৰপতি ভৱনক লৈ কিছু চিন্তা-চৰ্চা কৰা হৈছিল৷ কি দৰে এই বৃহৎ ভৱনটো ব্যৱহাৰ কৰা হ’ব। মহাত্মা গান্ধীয়ে প্ৰথম অৱস্থাত ইয়াক এখন হস্পিতাললৈ পৰিৱৰ্তন কৰাৰ মনোভাৱ প্ৰকাশ কৰিছিল যদিও পাছত তেওঁ এই মত প্ৰত্যাহাৰ কৰিছিল৷ কিন্তু গান্ধীজীৰ স্বাস্থ্যৰ প্ৰতি থকা গুৰুত্বক এই সৰু দিশটোৰেও আঙুলিয়াই দেখুৱাব পৰা যায়৷ গান্ধীজীয়ে কৈছিল, ‘স্বাস্থ্যই পৰম ধন, ধন-সোণ নহয়’৷ ভাৰতবৰ্ষত স্বাস্থ্যখণ্ডৰ উন্নতি সন্তোষজনক নহয়৷ পৰিসংখ্যা মতে, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ মাত্ৰ ৩.২ শতাংশহে স্বাস্থ্যখণ্ডত খৰচ হয়, যিটো বহু দেশৰ তুলনাত অতি কম৷ আনহাতে দেশৰ ভিতৰতো অঞ্চলভেদে বহু ভিন্ন প্ৰকাৰৰ স্বাস্থ্য বৈষম্য আছে৷ উন্নত চিকিৎসা, ঔষধ আদিৰ সুবিধা আদি বৰ্তমানেও এই দেশত এক পূৰণ নোহোৱা সপোন হৈ আছে৷
ভাৰতৰ সংবিধানে জীৱনৰ মৌলিক অধিকাৰক নিশ্চয়তা প্ৰদান কৰি স্বাস্থ্যৰ অধিকাৰক চৰকাৰৰ কৰ্তব্যৰ অন্তৰ্ভুক্তি কৰি থৈছে৷ কিন্তু এই দিশত কেৱল চৰকাৰৰে কৰণীয় বুলি ভাবি লোৱাটো ভুল হ’ব৷ ৰাইজ আৰু সাধাৰণ জনগণৰো ব্যক্তিগত পৰ্যায়ত প্ৰচেষ্টাৰ প্ৰয়োজন হ’ব৷ গান্ধীজীয়ে এই ক্ষেত্ৰত সামগ্ৰিক সহযোগিতাৰ কথা কৈছে৷ গান্ধীজীয়ে কৈছে যে সুস্থ হৈ থকাটো হৈছে এজন ব্যক্তিৰ সৰ্বাংগীণ উন্নতিৰ অন্তৰ্ভুক্ত এটা বিষয়৷ জীৱনশৈলী, পৰিৱেশ, আধ্যাত্মিক চিন্তা, মানসিক উৎকৰ্ষ এই সকলো দিশৰ সৰ্বাংগীণ উন্নতিয়েই সামগ্ৰিকভাৱে স্বাস্থ্যৰ সুস্থতাক সূচায়৷
গান্ধীজীয়ে মন্তব্য কৰিছিল যে জীৱনশৈলী নিয়ন্ত্ৰিত আৰু নিয়মানুৱৰ্তী কৰিলে এটা নিৰোগী শৰীৰ লাভ কৰা যায়৷ তেখেতে আধুনিক ঔষধ আৰু চিকিৎসাক নস্যাৎ কৰা নাছিল যদিও তেখেতে কৈছিল যে নিজৰ জীৱনশৈলীৰ যি সমস্যা সেই সমস্যাক পূৰ কৰিবলৈ এক হ্ৰস্বকালীন মধ্যমপন্থা হিচাপে বৰ্তমানৰ ব্যস্ত মানুহে আধুনিক ঔষধৰ ওপৰত নিৰ্ভৰশীল হৈছে৷ কিন্তু জীৱনশৈলীৰ সলনিৰ জৰিয়তে দীৰ্ঘকালীন সমাধানৰ দিশত মনোযোগ নিদিয়া হৈছে৷
গান্ধীজীয়ে ‘Key of Health’ বুলি এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰণয়ন কৰিছিল৷ ভাৰতৰ পৰম্পৰাগত দৰ্শনত শৰীৰ পঞ্চভূতৰ দ্বাৰা নিৰ্মিত বুলি কোৱা যায়- পৃথিৱী, জল, পোহৰ, বায়ু আৰু আকাশ৷ গতিকে গান্ধীজীয়েও প্ৰকৃতিৰ হাততে শৰীৰক সুস্থ কৰাৰ উপাদানসমূহ নিহিত আছে বুলি বিশ্বাস কৰিছিল৷ এনে ক্ষেত্ৰত গান্ধীজীয়ে স্বাস্থ্য অভ্যাসৰ যোগেদি সমস্যাৰ সমাধানৰ বাবে কাম কৰাৰ কথা কৈছিল৷ শ্বাস-প্ৰশ্বাসৰ অসুবিধা থকাজনে ইয়াৰ নিয়মিত অভ্যাস কৰা, নাকৰ নলী নিয়মীয়াকৈ চাফা কৰা আদি৷ একে সময়তে প্ৰকৃতিকেন্দ্ৰিক জীৱনশৈলীৰ ওপৰতো তেখেতে গুৰুত্ব দিছিল৷ নিৰ্মল আকাশৰ তলত শোৱা, সূৰ্যস্নান কৰা, পানীৰ জৰিয়তে বিষ আদিৰ নিৰাময় তথা বোকালেপনৰ জৰিয়তে শৰীৰৰ বিভিন্ন ৰোগৰ উপাশম লাভ কৰা আদি দিশত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল৷ কিন্তু বৰ্তমান সময়ত মানৱ সমাজে নিজৰ অদূৰদৰ্শিতাৰ বাবে ‘পঞ্চভূত’ৰ ব্যাপক প্ৰদূষণ কৰিছে৷ ভাৰতৰ আগশাৰীৰ চহৰসমূহত নিৰ্মল স্বাস্থ্যৰ আশা এতিয়া সুদূৰ পৰাহত৷ স্বচ্ছ খোৱাপানীৰ অভাৱ তথা পানীৰ নাটনি আদি সাধাৰণ সমস্যা হিচাপে পৰিগণিত হৈছে, যি সামাজিক সুস্বাস্থ্যৰ লগত ব্যক্তিগত সুস্থতাৰ প্ৰতিও এক ভাবুকি হৈ পৰিছে৷
গান্ধীজীয়ে বৈষয়িক বিষয়বস্তু আৰু ব্যক্তিগতভাৱে চহকী হোৱাত গুৰুত্ব দিয়া নাছিল৷ তেখেতে ব্ৰহ্মচৰ্য পালন কৰিছিল৷ সাধাৰণতে এটা ভুল ধাৰণা আছে যে ব্ৰহ্মচৰ্য মানে কেৱল যৌন ইচ্ছাক নিয়ন্ত্ৰণ কৰাটোকে বুজায়৷ কিন্তু ব্ৰহ্মচৰ্যৰ মূল দিশটো ব্যাপক আৰু বিস্তাৰিত৷ গান্ধীজীৰ জীৱনৰ দুটা মূল আদৰ্শ- সত্য আৰু অহিংসা মূলতঃ কঠোৰ ব্ৰহ্মচৰ্যৰেহে লাভ কৰা সম্ভৱ৷ বৈষয়িক সুখৰ পৰাই জীৱনধাৰণৰ যি শৈলী তাত ব্যাপক প্ৰভাৱ পৰে৷ গতিকে বৈষয়িক সুখৰ প্ৰতি অতি আগ্ৰহক যদি নিয়ন্ত্ৰণ কৰিব পৰা যায় তেন্তে বহু ৰোগ-ব্যাধিক নিয়ন্ত্ৰণ কৰিব পৰা যায়৷ ভাৰতবৰ্ষৰ সামগ্ৰিক প্ৰেক্ষাপটত এই বিষয়টো অতি গুৰুত্বপূৰ্ণ৷ সুষম আহাৰ, মূলতঃ নিৰামিষ ভোজনৰ সপেক্ষে গান্ধীজীয়ে কৈছিল৷ তেখেতৰ মতে ভোজনৰ উদ্দেশ্য হোৱা উচিত শৰীৰক সুস্থ ৰখা, লগতে সমাজসেৱাৰ বাবে নিজকে নিয়োজিত কৰাৰ বাবে উৎসৰ্গা কৰিব পাৰিব লাগে৷ অত্যাধিক ভোজনক পৰিহাৰ কৰি পৰিমিত আৰু নিয়মিত ভোজনৰ উপকাৰৰ বিষয়েও গান্ধীজীয়ে লিখি থৈ গৈছে৷
মাদক দ্ৰব্যক লৈ থকা গান্ধীজীৰ সচেতনতা সৰ্বজনবিদিত৷ স্বাস্থ্যৰ অতি পৰিপন্থী এনে অভ্যাসৰ বিপক্ষে গান্ধীজীয়ে সৰৱ মন্তব্য কৰিছিল৷ মদ, চিগাৰেট আদিয়ে যে কেৱল শাৰীৰিক ক্ষতিয়ে কৰে তেনে নহয়, নৈতিক ক্ষতিৰ লগতে বৃহৎ পৰিসৰত কৰা সামাজিক ক্ষতিৰ বিষয়েও গান্ধীজীয়ে লিখি গৈছে৷ বৰ্তমান সময়ত আমাৰ ৰাজ্যৰ গাঁৱে-ভূঞে মদৰ সহজ প্ৰচলনে কেনেদৰে উঠি অহা পৰিয়ালবোৰ ধ্বংস কৰিছে ই সহজেই অনুমেয়৷ উজনি অসমৰ বহু গাঁৱত বৰ্তমান বহু গাভৰু বিধৱা, লগত এমাডিমা কেঁচুৱা। মোৰ এজন সামাজিক সংস্থাৰ লগত জড়িত বন্ধুৱে দিয়া এক তথ্যমতে প্ৰায় ২৫০০ মানুহৰ পৰিসংখ্যা থকা এখন গাঁৱতে বোলে চল্লিছ বছৰৰ তলৰ প্ৰায় ২২০ গৰাকী বিধৱা আছে আৰু তাৰে প্ৰায় ১৫০ গৰাকীৰ স্বামীৰ কেৱল অকল অত্যধিক মদ্যপানৰ বাবেই মৃত্যু হৈছে৷ ই এক পৰিসংখ্যাহে কিন্তু মাদক দ্ৰব্যৰ ভয়াৱহতাৰ উমান ইয়াৰ পৰাই কৰিব পাৰি৷
গান্ধীজীয়ে দৈনন্দিন জীৱনত পালন কৰিবলগা স্বচ্ছতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়েও লিখি গৈছে৷ তেখেতে কৈছিল সুস্থ হৈ থাকিবৰ বাবে শৰীৰক পৰিষ্কাৰ আৰু পৰিচ্ছন্ন কৰি ৰখাটো অতিকৈ জৰুৰী৷ কেৱল ব্যক্তিগত চাফ-চিকুণতাৰ কথা নাভাবি আশ-পাশৰ চৌহদ আদিৰ পৰ্যাপ্ত পৰিচ্ছন্নতাৰ ওপৰত গান্ধীজীয়ে দিহা-পৰামৰ্শ আগ বঢ়াইছিল৷ শৌচাগাৰৰ প্ৰায়োগিক বিধি সম্পৰ্কেও গান্ধীজীয়ে বিশদভাৱে লিখি গৈছে৷
বৰ্তমান সময়ত মানসিক স্বাস্থ্যক যথেষ্ট গুৰুত্ব দিয়া হৈছে যদিও একে সময়তে মানসিক স্বাস্থ্য জড়িত বিভিন্ন ঘটনা সঘনে সংঘটিত হৈছে৷ মানসিক চাপ, আশাভঙ্গ, অস্থিৰতা, একাকিত্ব আদি কাৰণবোৰে বৰ্তমানৰ আধুনিক চহৰকেন্দ্ৰিক জীৱনশৈলীত ব্যাপক প্ৰভাৱ পেলাইছে৷ উচ্চ ৰক্তচাপ আদিত মৃত্যু হোৱা ডেকা মানুহৰ সংখ্যা অধিক৷ লগতে আত্মহননৰ দৰে ঘটনাৰ প্ৰাদুৰ্ভাৱো বৃদ্ধি পাইছে৷ গান্ধীজীয়ে মনৰ ‘সুস্থতা’ক বিশেষ গুৰুত্ব দিছিল৷ নিয়মিত প্ৰাণায়াম যোগ আদিৰ লগতে ধ্যান আদিৰ বিষয়েও তেখেতে কৈ গৈছে৷ আৱেগ আৰু চিন্তাক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তা আৰু প্ৰামাণিক পদ্ধতিৰ বিষয়ে গান্ধীজীয়ে প্ৰামাণিক অভিজ্ঞতাৰ সৈতে লিখি গৈছে৷
গান্ধীজীয়ে স্বাস্থ্যৰ সৰ্বাংগীণ সুস্থতাৰ বাবে অহৰহ প্ৰয়াস কৰাৰ কথা দোহাৰিছিল৷
কেৱল শাৰীৰিক নহয় মানসিক, আধ্যাত্মিক, পৰিৱেশ এই সকলো দিশৰ সুস্থতাৰ ওপৰত তেখেতে ব্যাপক
গুৰুত্ব প্ৰদান কৰিছিল৷ সুস্বাস্থ্যৰেহে যে এখন সুস্থ সমাজ আৰু গতিশীল দেশ গঢ়ি তুলিব
পাৰি গান্ধীজীয়ে তাক মৰ্মে মৰ্মে অনুধাৱন কৰিছিল৷ সেয়েহে গান্ধীজীয়ে “Everything in the world can be used and abused
and it applies to our body too. We abuse it when we use it for selfish
purposes, in order to harm are body. It is put to right use if we exercise
self restraint and dedicate ourselves to the service of the whole world” বুলি মত প্ৰকাশ কৰিছিল।