পংকজ প্ৰতিম বৰদলৈ
অসমীয়া জাতি
বহুধাবিভক্ত হৈ সমাজ আৰু জাতীয় জীৱনৰ শৃংখলাৰ বিভাজনৰ সম্মুখীন হোৱা এছোৱা সংকটময় সময়তে, অসমীয়া সমাজ জীৱনৰ মহীৰূহস্বৰূপ মহাপুৰুষ
শংকৰদেৱৰ জন্ম আৰু তেখেতৰ সক্ৰিয় কৰ্মজীৱন পাৰ হৈছিল। অসমৰ সমাজ, সাংস্কৃতিক আৰু সামূহিক পৰিচয়লৈ এক
অভূতপূৰ্ব পৰিৱৰ্তন অনা এজন সমাজ সংস্কাৰক আৰু ধৰ্মগুৰু হিচাপে তেখেতৰ কৰ্মৰাজিক
বিশ্লেষণ কৰা হয় যদিও, তেখেতৰ কৰ্ম আৰু চিন্তাৰ পৰিসৰ তাতেই
সীমাৱদ্ধ নহয়। এই লেখাৰ জৰিয়তে শংকৰদেৱৰ কৰ্মৰাজিৰ আন
এক দিশ– তেওঁৰ ৰাজনৈতিক বুদ্ধিমত্তা আৰু কৌশল, যিয়ে তেওঁৰ দ্বাৰা প্ৰচাৰিত একশৰণ
নামধৰ্মক সফল প্ৰচাৰ আৰু প্ৰসাৰ প্ৰদান কৰাৰ লগতে, কেনেদৰে অসমৰ
সাংস্কৃতিক পৰিচয় প্ৰতিষ্ঠাত এক অৰিহণা আগবঢ়াইছে আৰু তাৰ পৰিণতি স্বৰূপে
পৰৱৰ্তীকালত এক বৃহৎ ৰাজনৈতিক পৰিৱৰ্তনৰ ভেঁটি স্থাপন কৰিছে সেই দিশটোত আলোকপাত
কৰাৰ প্ৰয়াস কৰা হ’ব। মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে তেখেতৰ আদৰ্শ আৰু
দৰ্শনক মসৃণভাৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ এখন উৰ্বৰ মঞ্চ তেওঁৰ বাবে তৈয়াৰ হৈ থকা
নাছিল। ছুকাফাই যদিও ৰাজনৈতিক আধিপত্য স্থাপন
কৰিছিল, সমাজখন তান্ত্ৰিক লোকাচাৰ, নিৰক্ষৰতা, সামাজিক বৈষম্য, গোড়ামি আদিৰ দ্বাৰা
আক্ৰান্ত আছিল। শংকৰদেৱে অসমীয়া সমাজ, সংস্কৃতি আৰু ধৰ্মীয়
বিশ্বাসৰ পুনৰুত্থানৰ কঠিন কামটো সম্ভৱ কৰি তুলি এক জাতীয় অখণ্ডতাৰ বীজ ৰোপণ কৰাত
সফল হৈছিল। এই সফলতাৰ বাবে তেখেতৰ ৰাজনৈতিক
পৰিপক্কতাও সমানেই কৃতিত্বৰ প্ৰাপক। এই আলোচনত জীৱদ্দশাৰ কিছু উল্লেখযোগ্য পৰিস্থিতিৰ আধাৰত গুৰুজনাই দেখুওৱা
ৰাজনৈতিক পৰিপক্কতা তথা সেই পৰিস্থিতিৰ আধাৰত গ্ৰহণ কৰা সিদ্ধান্ত আৰু কাৰ্যৰ
সুদূৰপ্ৰসাৰী প্ৰভাৱৰ বিষয়েও আলোচনা কৰা হ’ব।
ষষ্ঠ-সপ্তম শতিকাত দক্ষিণ
ভাৰতত আৰম্ভণি হৈ ভক্তি আন্দোলনে ক্ৰমান্বয়ে দেশৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰে আৰু
সপ্তদশ শতিকামানলৈকে এই প্ৰক্ৰিয়া অব্যাহত থাকে। এই ভক্তি আন্দোলন অতি গোড়া জাতিবাদ, দেৱীপূজাৰ বিভ্ৰান্তিকৰ আৰু আলংকাৰিক
ৰীতি-নীতি
আদিৰ পৰিৱৰ্তে প্ৰকৃত সমৰ্পণৰ ধাৰণাৰে ভক্তিৰ অধিক অনাড়ম্বৰ আৰু প্ৰেৰণাদায়ক
প্ৰয়োজনীয়তাৰ প্ৰত্যক্ষ ফলাফল আছিল। ভক্তি আন্দোলনে অঞ্চল অনুসৰি সুকীয়া বৈশিষ্ট্য লাভ কৰিছিল যদিও
ব্ৰাহ্মণীয় আধিপত্য, ধৰ্মীয় কুসংস্কাৰ আৰু আধ্যাত্মিক
ধৰ্মান্ধতা, বিশদ আচাৰ-ব্যৱহাৰ, আৰু জাতিবাদৰ বিৰোধিতা
কৰাৰ মূল আৱেদন আৰু উদ্দেশ্যক বজাই ৰাখিছিল। ভক্তি আন্দোলনৰ সন্ত সকলে আলংকাৰিক আচাৰ-ব্যৱহাৰৰ লগত জড়িত হোৱাতকৈ সৰ্বশক্তিমানক জপ বা
প্ৰাৰ্থনা কৰি প্ৰেম, ভক্তি, কৰুণাৰ দ্বাৰা ঈশ্বৰৰ
ওচৰলৈ যোৱাৰ পথক উৎসাহিত কৰিছিল। অসমত শংকৰদেৱে আৰম্ভ কৰা সংস্কাৰ প্ৰক্ৰিয়াত
ভক্তি আন্দোলনৰ এই সকলোবোৰ মৰ্ম আছিল। তদুপৰি তেওঁ জটিল সংস্কৃতকৰণ প্ৰক্ৰিয়াৰ
পৰা সহজে বুজিব পৰা আঞ্চলিক ভাষিক আৰ্হি লৈ হিন্দু দৰ্শন আৰু ধৰ্মীয় পদ্ধতিসমূহ
বুজিবলৈ সৰলীকৰণ পদ্ধতি প্ৰতিষ্ঠা কৰিছিল।
পটভূমি
শংকৰদেৱৰ ৰাজনৈতিক
কৰ্ম, সিদ্ধান্ত আৰু ইয়াৰ প্ৰভাৱ তথা ভৱিষ্যত পৰিণতি বিশ্লেষণ কৰাৰ আগতে তেওঁৰ
সময়ৰ অসমৰ সামাজিক-ৰাজনৈতিক অৱস্থা, ইতিহাস, বাৰভূঞাৰ ভূ-স্বামী ৰাজনৈতিক কৰ্তৃত্ব
হিচাপে ভূমিকা আৰু অন্যান্য চুবুৰীয়া ফৈদ আৰু ৰাজ্যৰ সৈতে ইয়াৰ সম্পৰ্ক বুজি
পোৱাটো গুৰুত্বপূৰ্ণ । এই প্ৰক্ৰিয়াটো বুজিবলৈ এসময়ৰ শক্তিশালী বাৰ-ভূঞাসকলৰ পতন
আৰু বিস্থাপনৰ প্ৰক্ৰিয়াটো বুজাটো অতি প্ৰয়োজনীয়। মধ্যযুগীয় অসমীয়া সমাজত প্ৰচলিত
জাতিগত বৈষম্য, ধৰ্মীয় বিশৃংখলতা, স্বজনপ্ৰীতিৰ পৃষ্ঠপোষকতা, ধৰ্মীয় পন্থা দমন
আদিৰ বিষয়ে আলোচনাই বিষয়টোৰ ওপৰত অধিক পোহৰ পেলাব।
ব্ৰহ্মপুত্ৰ উপত্যকাখন
এখন উৰ্বৰ ভূমি যিয়ে আৰ্য আৰু অনাৰ্য উভয়কে ইয়াত বসতি স্থাপন কৰিবলৈ আকৰ্ষণ কৰি
আহিছিল আৰু তেওঁলোকৰ বিশিষ্ট সংস্কৃতি বিকশিত কৰাৰ সুবিধা দিছিল। এই সংমিশ্ৰণৰ বাবেই এই ভূমিখণ্ডই
উত্তৰাধিকাৰীসুত্ৰেই ধৰ্মীয় মূল্যবোধ আৰু বিশ্বাসৰ প্ৰতি সংবেদনশীল এক বৈচিত্ৰ্য
লাভ কৰিছে। প্ৰাগ ঐতিহাসিক যুগৰ পৰাই শিৱৰ প্ৰতি
ভক্তি প্ৰধান আছিল যদিও ক্ৰমান্বয়ে ইয়াক তান্ত্ৰিক আচাৰ-ব্যৱহাৰৰ জালে আৱৰি ধৰিলে
আৰু শৈৱ আৰু শক্তি পূজাক সামাজিক অৱক্ষয় আৰু ধৰ্মীয় কুসংস্কাৰৰ প্ৰক্ৰিয়ালৈ
ৰূপান্তৰিত কৰিলে। দৈতাৰি ঠাকুৰৰ চৰিত পুথিয়ে সেই সময়ৰ সামাজিক-ধৰ্মীয় অৱস্থাটো
এনেদৰে আঙুলিয়াই দিছিল:
ই দেশত পূৰ্বকালে নাছিল ভকতি / নানা ধৰ্ম-কৰ্ম সৱে কৰিলা সম্প্ৰতি।
নানাদেৱ পূজ্যত বলিদান / হংস ছাগ পাৰ কাটে অসংখ্য প্ৰমাণ।
তপ জপ যজ্ঞ দান তীৰ্থ
স্নানকৰে/ ঘোৰ নৰকত পৰি পৰি সৱে মৰে।
ত্ৰয়োদশ শতিকাৰ পৰা
মুছলমান শাসকৰ অহৰহ আক্ৰমণৰ আগমনত প্ৰাচীন অসম ৰাজ্যখনে ৰাজনৈতিক মনোবল হ্ৰাসৰ
সম্মুখীন হৈছিল আৰু বহুতো বংশ আৰু ৰাজ্যৰ উত্থান-পতনৰ সাক্ষী হৈছিল। সমগ্ৰ
অঞ্চলটোত বিস্তৃত স্বতন্ত্ৰ ৰাজ্যসমূহে পৃথক প্ৰশাসনিক ব্যৱস্থা স্থাপন কৰি
কেন্দ্ৰীভূত কৰ্তৃপক্ষৰ শূন্যতাৰ সৃষ্টি কৰে। চুতীয়াসকলৰ যথেষ্ট অংশ দখল কৰি দেশৰ
পূব অংশৰ কছাৰীসকলে নিজৰ একত্ৰীকৰণ নীতি অব্যাহত ৰাখিছিল। পূৱৰ অংশটো চুতীয়াসকলৰ
দ্বাৰা নিয়ন্ত্ৰিত আছিল, আনহাতে দক্ষিণত চুতীয়াৰ যথেষ্ট অংশ দখল
কৰি দেশৰ পূব অংশৰ কছাৰীসকলে নিজৰ বিস্তাৰৰ নীতি অব্যাহত ৰাখিছিল। অসমৰ মধ্য অংশত
বাৰভূঞা নামেৰে জনাজাত সামন্তৰ এক ক্ষুদ্ৰ সংঘ আছিল (বাৰ মানে বাৰজন, অৱশ্যে বাৰজনতকৈও অধিক
ভূঞা আছিল)। পশ্চিমৰ কমতা ৰাজ্য পৰৱৰ্তী সময়ত কোঁচ বংশৰ লগত একত্ৰিত হয়। ১২২৮
চনত অসম আক্ৰমণ কৰি আহোমসকলে এক প্ৰৱল ৰাজত্ব স্থাপন কৰে।
ভূঞাসকলে উত্তৰ ভাৰতৰ পৰা প্ৰব্ৰজন কৰি
এটা সামন্ত শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰে। ড° অমলেন্দু গুহই সেই সময়ৰ ৰাজনৈতিক অৱস্থা
আৰু ভূঞাসকলৰ ভূমিকা সম্পৰ্কে কৰা এষাৰ কথা প্ৰণিধানযোগ্য- ’ত্ৰয়োদশ শতিকাতো ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য ভৈয়াম অঞ্চলৰ
জনসাধাৰণৰ এক বৃহৎ অংশৰ জীৱনত ভাৰত-আৰ্য সংস্কৃতিয়ে এতিয়াও প্ৰভাৱ বিস্তাৰ কৰি
ৰাখিছিল। সেই সন্ধিক্ষণত কিছু ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যৰ বাহিৰে প্ৰাচীন কামৰূপৰ একো
ঐতিহ্য বিদ্যমান নাছিল। এই ক্ষুদ্ৰ মুখিয়ালসকলক ভূঞা বুলি কোৱা হৈছিল, ইয়াৰে বহুতেই আছিল উত্তৰ-ভাৰতৰ পৰা দুঃসাহসিক অভিযান কৰি প্ৰব্ৰজন কৰা জাতি। এজন ভূঞাই কৰা শাসনক ভূঞাৰাজ বুলি কোৱা হৈছিল আৰু তেওঁলোকৰ অস্থায়ী
সংঘসমূহক বাৰ-ভূঞাৰাজ বুলি জনা গৈছিল। ১৩-১৬ শতিকাৰ সময়ছোৱাতো, পশ্চিম আৰু মধ্য অসমৰ
পুৰণি কৃষক বসতিৰ ওপৰত এই ক্ষুদ্ৰ শাসকসকলৰ কিছু প্ৰাধান্য থাকিল”(গুহ : ১৯৮৩)। এই একে সুত্ৰেই ভূঞাসকলক শ্ৰেণী (class) বা জাতি (caste) হিচাপে বিভাজন কৰা বিতৰ্কটোও বুজি পোৱাটো
গুৰুত্বপূৰ্ণ। এই প্ৰসংগতে ডম্বৰুধৰ নাথৰ পৰ্যৱেক্ষণ গুৰুত্বপূৰ্ণ- “ভূঞাসকল হিন্দুধৰ্মৰে এটা জাতি। কিন্তু দৰং ৰাজ -বংশাৱলীৰ লগতে আকবৰনামা আৰু আইন-ই-আকবাৰীৰ দৰে পাৰ্চী উৎসত
মুছলমান ভূঞাসকলৰ বিষয়েও উল্লেখ আছে। ইয়াৰ দ্বাৰা ভূঞাসকলৰ কথা নিশ্চিত হয় যে
তেওঁলোক এটা জাতিৰ পৰিৱৰ্তে এটা শ্ৰেণী আছিল। ... অসমৰ ভূঞাসকল বেছিভাগেই কায়স্থ
আৰু কলিতা জাতিৰ।” (নাথ : ১৯৮৯ চন)। বিষয়টো
বুজিবলৈ ভূঞাসকলৰ এই শ্ৰেণী চিনাক্তকৰণ গুৰুত্বপূৰ্ণ।
১৩৭১ শকত( ১৪৪৯
খ্ৰীষ্টাব্দ) জন্মগ্ৰহণ কৰা শংকৰদেৱে ৭ বছৰ বয়সত পিতৃক হেৰুৱাইছিল। তেওঁৰ পিতৃ কুসুম্বৰ শিৰোমণি ভূঞাই উত্তৰাধিকাৰী সূত্ৰে বৰ্তমানৰ
নগাঁও-মৰিগাঁও জিলা আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এক বিশাল ভূমিখণ্ড লাভ কৰিছিল। ৰামচৰণ ঠাকুৰে লিখিছে ’কপিলিৰ হন্তে চামধৰা সীমা কৰি /... .. শিঙৰিৰ হন্তে উত্তৰত
ঘিলাধাৰী ’ (নেওগ : ১৯৯৯)। বৰদোৱা চৰিত মতে ভূঞাসকলৰ ভূখণ্ড
কলিয়াবৰৰ পৰা কাজলীমুখলৈকে আছিল। ভূঞাসকলৰ প্ৰধান বিৰোধী আছিল কছাৰীসকল আৰু
তেওঁলোক গুৰুতৰ পৰা ক্ষুদ্ৰ সমস্যাৰ বাবে সঘনাই যুঁজত জড়িত হৈছিল। শংকৰ শিশু হোৱা বাবে কুসুম্বৰ ভূঞাৰ অকাল
মৃত্যুৰ পাছতে কুসুম্বৰ ভূঞাৰ ভাতৃ জয়ন্ত দলৈক শিৰোমণি ভূঞাৰ অস্থায়ী দায়িত্ব
দিয়া হৈছিল। মহেন্দ্ৰ কন্দলিৰ টোলত শিক্ষা সমাপ্ত কৰাৰ পিছত শংকৰদেৱে বিছ বছৰ
বয়সত ভূঞাসকলৰ নেতৃত্বৰ দায়িত্ব লয়। সমনীয়াৰ মাজত তেওঁ ডেকাগিৰী নামেৰে পৰিচিত আছিল আৰু এজন সক্ষম প্ৰশাসক
হিচাপে পৰিচিত হয়। কছাৰীসকলৰ পৰা অহা অহৰহ ভাবুকি লাঘৱ
কৰিবলৈ, লগতে সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ ডেকাগিৰীয়ে শিৰোমণি ভূঞাৰ কাৰ্যালয়ৰ স্থান
আলিপুখুৰীৰ পৰা প্ৰয়োজন অনুসৰি বৰদোৱালৈ সলনি কৰাৰ নীতি গ্ৰহণ কৰে। মহেশ্বৰ নেওগে
লিখিছিল, “তেওঁৰ (শঙ্কৰদেৱ) বিবাহৰ এবছৰ আগতে আলিপুখুৰীৰ ভূঞা আৰু ব্ৰাহ্মণে ’ইটু আলিপুখুৰী স্থানও অতি অল্পপ্ৰায়’ (নেওগ :১৯৯৯) বুলি অবিৰত কছাৰী
অত্যাচাৰৰ অভিযোগ কৰিছিল আৰু ভূঞাসকলে টেমনি (টেম্বুৱানী) বৰদোৱালৈ প্ৰব্ৰজন কৰি
কীৰ্তনঘৰ স্থাপন কৰিছিল। সেই সময়ছোৱাত
শংকৰদেৱৰ ধৰ্মীয় আৰু সামাজিক কাম-কাজ চলি আছিল আৰু নৱ-বৈষ্ণৱ আন্দোলন ক্ৰমান্বয়ে
ঠন ধৰি উঠিছিল। বাৰভূঞাৰ শিৰোমণি হিচাপে এই ঘটনাৰ দুটা দিশে তেওঁৰ ৰাজনৈতিক
বুদ্ধিমত্তাক এজন মুখিয়াল হিচাপে প্ৰতিফলিত কৰিছে। ভূঞাসকল পৰম্পৰাগতভাৱে ধনীক সামন্ত আছিল যদিও
ৰাজনৈতিক উচ্চাকাংক্ষা সীমিত আছিল আৰু অকাৰণে হোৱা ৰক্তপাত এৰাই চলিছিল। ভূঞা
স্তৰৰ নিম্ন শ্ৰেণীটো মূলতঃ কৃষক আছিল আৰু তেওঁলোকৰ হাতত সংগঠিত প্ৰতিৰক্ষা
ব্যৱস্থা নাছিল। কছাৰীসকল এক সম্প্ৰসাৰণবাদী যোদ্ধা জাতি আৰু এক সংগঠিত প্ৰশাসন
আৰু প্ৰতিৰক্ষা ব্যৱস্থা আছিল যাৰ লগত ভূঞাসকলৰ কোনো তুলনা সম্ভৱ নহয়। গতিকে, কছাৰীসকলৰ সৈতে
প্ৰত্যক্ষ সংঘাত এৰাই চলি সেই সময়ৰ অধিক শক্তিশালী ৰাষ্ট্ৰব্যৱস্থা যেনে - চুতীয়া আৰু
আহোমসকলৰ আশ্ৰয় গ্ৰহণ কৰি নিজৰ লগতে প্ৰজাসকলক সুৰক্ষিত কৰাটো বংশৰ মুৰব্বী হিচাপে
লোৱা এটা সময়োপযোগী সিদ্ধান্ত আছিল। বহু বিদ্বানে ইয়াক তেখেতৰ ব্যক্তিগত
সিদ্ধান্ত হিচাপে চাব খোজে যদিও ইয়াত গভীৰ ৰাজনৈতিক বিচক্ষণতাহে প্ৰকাশ পাইছে। ডেকাগিৰী হোৱা বাবে নিজৰ প্ৰজাসকলক নতুন
ধৰ্মীয় ব্যৱস্থাৰ সৈতে সামাজিক-ধৰ্মীয়ভাৱে একত্ৰিত কৰাটো তেখেতৰ বাবে সহজ আছিল
আৰু এই প্ৰব্ৰজন প্ৰক্ৰিয়াৰ দ্বাৰা তথা বৰদোৱাত কীৰ্তনঘৰ স্থাপন আদিৰ জৰিয়তে
প্ৰজাসকলৰ সুৰক্ষা, আস্থা আৰু ধৰ্মীয় সংহতি পুনৰ প্ৰতিষ্ঠা
হৈছিল।
তীৰ্থযাত্ৰা: এক অদৃশ্য ৰাজনৈতিক সাফল্য!
১৪৮১ খ্ৰীষ্টাব্দত
প্ৰথম তীৰ্থ ভ্ৰমণলৈকে যোৱা সময়ত শংকৰদেৱ কাৰ্যতঃ শিৰোমণি ভূঞা আছিল আৰু প্ৰায়
১৪-১৬ বছৰ ধৰি এই দায়িত্বত আছিল। ইয়াৰে মাজত যেতিয়াই প্ৰয়োজন হয় এই দায়িত্ব তেখেতৰ
খুৰাক সকলকো দিয়া হৈছিল। ৩২-৩৩ বছৰত আৰম্ভ হোৱা তীৰ্থযাত্ৰাৰ সময়ত ঘৰ গৃহস্থীৰ দায়িত্ব
জোঁৱায়েক হৰিক দিয়া হৈছিল। ভূঞাৰাজ্যৰ কাম-কাজ পুনৰবাৰ খুৰাকসকলক দিয়া হৈছিল। ’শুনিয়োক আটাইসৱ বচন আমাৰ/ তোমাসৱে চৰ্চিবাহা যত ৰাজ্যভাৰ’
(নেওগ : ১৯৯৯)। তীৰ্থ ভ্ৰমণৰ পৰৱৰ্তী পৰ্যায়তো তেওঁ শিৰোমণি ভূঞা
হিচাপে কৰ্তব্য আৰু দায়িত্বৰ পৰা নিজকে সম্পূৰ্ণৰূপে মুক্ত কৰা নাছিল, যিটো তেওঁৰ পৰৱৰ্তী কাৰ্যকলাপৰ পৰা প্ৰমাণিত হৈছে। শঙ্কৰদেৱে জীৱন কালত
দুবাৰ তীৰ্থযাত্ৰা কৰিছিল, এবাৰ ত্ৰিশ বছৰৰ আশে পাশে, ১৭ জন অনুগামী আৰু
গুৰু মহেন্দ্ৰ কন্দলীৰ সৈতে আৰু পাছৰ ভ্ৰমণটো নব্বৈ বছৰ বয়সত কৰিছিল। মধ্যযুগীয়
ভাৰতত এই তীৰ্থযাত্ৰাক ঐশ্বৰিক মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গণ্য কৰা
হয়। যদি এজন পৱিত্ৰ মানুহৰ জীৱনৰ এই দিশটো পৰ্যবেক্ষণ কৰা হয়, তেন্তে এই প্ৰক্ৰিয়াত আমি কিছুমান আকৰ্ষণীয় সাদৃশ্য বিচাৰি পাম। সাধাৰণতে
এনে তীৰ্থযাত্ৰাৰ সময়ত সাধুজনে নিজৰ গুৰুক বিচাৰি পায় আৰু পৱিত্ৰ শিক্ষা গ্ৰন্থ বা
অন্য মাধ্যমৰ ৰূপত জ্ঞান লাভ কৰিব পাৰে, যিটো, তেওঁ প্ৰচাৰ
কৰিবলগীয়া শিক্ষাৰ বাবে পথ প্ৰদৰ্শক পোহৰ হিচাপে গণ্য কৰিব পৰা যায়। তীৰ্থযাত্ৰাৰ সময়ত, তেওঁ হয়তো পণ্ডিতসকলৰ বিতৰ্কত নিজৰ
দক্ষতা প্ৰমাণ কৰিব পাৰিব আৰু তেওঁৰ ধৰ্মীয় ব্যৱস্থাৰ মূলভেটিঁ সৃষ্টি কৰিব পৰা
এটা অনুগামীৰ ভিত্তি স্থাপন কৰাত সফল হ’ব। আকৌ তীৰ্থযাত্ৰাৰ সময়তে বিভিন্ন
পৱিত্ৰ স্থান দৰ্শন কৰি নিজৰ আশ্ৰম বা তেনে পৱিত্ৰ ঠাই স্থাপন কৰি ধৰ্মপ্ৰচাৰ কৰিব
পাৰে। তেওঁৰ যাত্ৰাকালত তেওঁ হয়তো কিছুমান অলৌকিক কামৰ লগত জড়িত হৈ থকাৰ
সম্ভাৱনাও আছে। কিন্তু তীৰ্থযাত্ৰা শংকৰদেৱে কোনো গুৰু বিচাৰিবলৈ কৰা নাছিল, কোনো ৰূপতে কোনো শিক্ষা বা দিব্যজ্ঞান লাভ কৰা নাছিল, আৰু তীৰ্থযাত্ৰাৰ সেই
সময়ৰ প্ৰচলিত সাধাৰণ বৈশিষ্ট্যৰ লগত খাপ খোৱা
নাছিল। গতিকে, সেয়া তীৰ্থযাত্ৰাই
কেৱল আছিল নে ? Phyllis Granoff-এ কৈছিল ”it does not have the conventional
appearances of a pilgrimage, ‘seems to be the very antithesis of a pilgrimage,
however, conceived.’ (গ্ৰেনফ: ২০০৩)। উপলব্ধ সাহিত্যত মূলতঃ তেওঁৰ
তীৰ্থযাত্ৰাক তেওঁৰ ধৰ্মীয় পৱিত্ৰতাৰ মুক্তি আৰু অধিক সংগঠিত আধ্যাত্মিক
ব্যৱস্থাৰ আৰম্ভণি হিচাপে আলোচনা কৰা হৈছে। কিন্তু সেই সময়ৰ সামাজিক-ধৰ্মীয়
অৱস্থাৰ লগত জড়িত এটা অতি গুৰুত্বপূৰ্ণ দিশ এই বিষয়টো আলোচনা কৰোঁতে আওকাণ কৰা হৈছে -সেই সময়ৰ জাতিভেদ প্ৰথা আৰু ব্ৰাহ্মণ্যবাদৰ প্ৰাধান্য। ড০
কৃষ্ণ শৰ্মাই কৈছিল ’যেতিয়া ভক্তি আন্দোলনক
সামাজিক-ধৰ্মীয় সংস্কাৰ আৰু নতুন সামাজিক মূল্যবোধৰ লক্ষ্যৰে কৰা এক উগ্ৰ আন্দোলন
হিচাপে বৰ্ণনা কৰা হয়, তেতিয়া ইয়াত কিছুমান
মৌলবাদী আৰু ৰক্ষণশীল শক্তিকো সামৰি লোৱা কাৰ্যটোক হয় আওকাণ কৰা হয় নতুবা কম
গুৰুত্ব প্ৰদান কৰা হয়। যদি কবীৰ আৰু নানকৰ দৰে নিৰ্গুণ ভকতসকলে বৰ্ণবাদ আৰু জাতিভেদ
আধাৰিত সকলো সামাজিক নীতি-নিয়মক অস্বীকাৰ কৰিছিল, তেন্তে তুলসীদাসৰ দৰে সগুণ ভকতসকলে, ব্ৰাহ্মণসকলৰ বৰ্ণ
ব্যৱস্থাৰ পৱিত্ৰতা আৰু আধিপত্যক উদ্যমেৰে ৰক্ষা কৰিছিল। যদি প্ৰথম
ভাগটোৱে নতুন সামাজিক মূল্যবোধক গুৰুত্ব দিছিল, তেন্তে দ্বিতীয়টোৱে প্ৰচলিত সামাজিক
ব্যৱস্থা আৰু সামাজিক-ধৰ্মীয় নীতি-নিয়মসমূহক সংৰক্ষণ কৰাৰহে পোষকতা কৰিছিল। যদি
এটা গোটৰ শিক্ষাই এটা নতুন অগতানুগতিক আৰু প্ৰগতিশীল পন্থাৰ উত্থানৰ সূচনা কৰিলে-
আনটো পন্থাই, পুৰণি পৰম্পৰাগত
হিন্দু পন্থাবোৰক পোষণ কৰি আৰু পুনৰ সজীৱ কৰিহে তুলিলে৷’(শৰ্মা: ২০০৩)। উপৰোক্ত
বক্তব্যৰ আধাৰত ড০ ডম্বৰুধৰ নাথে কৈছে, ‘শংকৰদেৱে ভক্তিৰ ক্ষেত্ৰত
জাতিবাদৰ বিৰোধিতা কৰিছিল, কিন্তু কবীৰ আৰু নানকৰ দৰে সমাজ জীৱনত
একেখিনিৰ পোষকতা কৰা নাছিল... দেখা যায় যে, শংকৰদেৱ নিজৰ সীমাৱদ্ধতা আৰু নিজৰ ভক্তিৰ সংগঠনত
উপস্থিত থকা ৰক্ষণশীল শক্তিৰ বিষয়ে সচেতন আছিল’ (নাথ: ২০১৪)। ফিলিছ
গ্ৰেনফে পুনৰ যুক্তি দি কৈছিল, ’...নিম্ন বৰ্ণৰ শূদ্ৰ
শংকৰদেৱে ঘোষণা কৰা নতুন ধৰ্মৰ প্ৰতি গতানুগতিক ব্ৰাহ্মণসকলে যি শত্ৰুতা প্ৰদৰ্শন
কৰিছিল সেই বিষয়ে জীৱনীসমূহত বহু প্ৰমাণ আছে’। ৰজা নৰনাৰায়ণৰ দৰবাৰত
তেওঁলোকে শংকৰদেৱৰ বিৰুদ্ধে উত্থাপন কৰা এটা অভিযোগ আছিল যে শংকৰদেৱে বৈদিক
ৰীতি-নীতি প্ৰত্যাখ্যান কৰিছে আৰু ই ৰাজ্যৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।
শংকৰদেৱ আৰু তেওঁৰ শিষ্যসকলে, শংকৰদেৱে দুবাৰকৈ তীৰ্থলৈ যোৱা কথাটোক তেওঁৰ সনাতন ৰীতি-নীতি বজাই ৰখাৰ
আগ্ৰহৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰে। এটা প্ৰতিষ্ঠিত ধৰ্মীয় কেন্দ্ৰলৈ কৰা
তীৰ্থযাত্ৰাই এক বিশেষ তাৎপৰ্য লাভ কৰে; ই প্ৰতিষ্ঠিত ধৰ্মীয় কৰ্তৃত্বৰ সৈতে এক প্ৰয়োজনীয়
আপোচ হিচাপে পৰিগণিত হয়’(গ্ৰেনফ: ২০০৩)। ইয়াৰ আধাৰতে ক’ব পাৰি
যে, সাধাৰণ দৃষ্টিৰে শংকৰদেৱৰ তীৰ্থযাত্ৰাটো এক আধ্যাত্মিক যাত্ৰাই নাছিল বৰঞ্চ
বৃহত্তৰ হিন্দুধৰ্মৰ পৰিসীমাৰ ভিতৰত থকা বিপৰীত ধৰ্মীয় গোটসমূহৰ সম্মুখত তেওঁৰ
নতুন ধৰ্মীয় ব্যৱস্থাটোক বৈধতা প্ৰদান কৰাৰ এক প্ৰয়াস আছিল তথা তেওঁ প্ৰতিষ্ঠা
কৰা ধৰ্মীয় মতবাদক চলাই নিয়াৰ বাবে গ্ৰহণ কৰা এটা সময়োপযোগী ৰাজনৈতিকভাৱে বিচক্ষণ
পদক্ষেপ।
প্ৰব্ৰজন আৰু ৰাজনৈতিক সমীকৰণ
বৰ্তমানৰ অসম আৰু বংগৰ
এক বিশাল অঞ্চলত বিয়পি পৰা যথেষ্ট পৰিমাণৰ প্ৰব্ৰজন আৰু স্থানচ্যুতিৰ সাক্ষী আছিল
শংকৰদেৱৰ জীৱন। জীৱনৰ এই গতিপথত তেওঁ বিভিন্ন সামাজিক-ৰাজনৈতিক পৰিস্থিতিত বাস
কৰিছিল আৰু এই প্ৰক্ৰিয়াত বিভিন্ন ৰূপান্তৰৰ সন্মুখীন হৈছিল। তেওঁ শিৰোমণি ভূঞা আছিল আৰু সেয়েহে
তেওঁৰ বহুতো ৰজা, ৰাজ্য, বংশ-প্ৰধানৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শ আছিল। এই নিৰন্তৰ গতিশীল পৰিস্থিতিত
তেওঁ এটা ধৰ্মীয় ব্যৱস্থা প্ৰচাৰ কৰিছিল যিটো ৰাষ্ট্ৰ ধৰ্ম নাছিল। সেই সময়ৰ
আৰ্থ-সামাজিক গঠনত সেই সময়ৰ ৰাজনৈতিক শক্তিৰ প্ৰভাৱ পৰিছিল যদিও আধ্যাত্মিক আৰু
দাৰ্শনিক জীৱনৰ মূলশিপা মূলতঃ ধৰ্মৰ পৰাই উদ্ভৱ হৈছিল। গতিকে, অঞ্চলটোৰ ৰাজনৈতিক প্ৰশাসনৰ সৈতে
প্ৰত্যক্ষভাৱে জড়িত নহ’লেও ৰাজনৈতিক প্ৰতিষ্ঠানসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব
লাগিব সেয়া বাস্তৱিক আছিল।
চুতীয়াসকল আছিল
ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ প্ৰধান ৰাজনৈতিক শক্তি আৰু উত্তৰ পাৰত শংকৰদেৱে বাস
কৰা ঠাইবোৰ বেছিভাগেই চুতীয়া ৰাজ্যৰ ভিতৰত আছিল। চুতীয়াসকলৰ সামাজিক-সাংস্কৃতিক
গাঁথনি ভূঞাসকলৰ বাবে চিনাকি আছিল আৰু বৰ্তমানৰ হিন্দু মতাদৰ্শৰ কাষৰীয়া আছিল।
আহোম শাসন ব্যৱস্থাই তেতিয়ালৈকে সামন্তবাদী গাঁথনি লাভ কৰা নাই যদিও ই পৰৱৰ্তী
পৰ্যায়ত এই সফলতা লাভ কৰিছে এক জনজাতীয় সংঘৰ পৰা সংগঠিত সামন্তীয় ৰাষ্ট্ৰলৈ
ৰূপান্তৰিত হোৱাৰ প্ৰক্ৰিয়াটো তেতিয়াও চলি আছিল।
ওপৰত ইতিমধ্যেই উল্লেখ
কৰি অহা হৈছে যে, শংকৰদেৱৰ আলিপুখুৰী-বৰদোৱা এৰি অহাৰ অন্যতম কাৰণ হৈছে কছাৰীসকলৰ উপৰ্যুপৰি
আক্ৰমণ। অনিল ৰায়চৌধুৰীৰ মতে, “ভাটিফালৰ প্ৰাচীন গৌড়/কমতা হিন্দু ৰাজ্য মুছলমান
শক্তিসমূহে আক্ৰমণ কৰিছিল আৰু ভূঞাসকলে বৰদোৱাত থকাটো নিৰাপদ বুলি নাভাবি
ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰ হৈ উজনি অসমলৈ আগবাঢ়িছিল।”(ৰায়চৌধুৰী:
২০১৩)। হৰিনাৰায়ণ দত্ত বৰুৱাই লিখিছে, “প্ৰভুৱে দক্ষিণ পাৰত
ৰাজ্য এৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ গুচি যায়। শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে ভূঞাসকলক
সিপাৰলৈ পঠাই, পাছত ভলুকাগুৰি আৰু কুমুৰাকুটীত কিছুদিন থাকি ব্ৰহ্মপুত্ৰই উজাই আগবাঢ়ে” (দত্ত বৰুৱা: ১৯৭১)।এই
দুটা কথাই স্পষ্টকৈ কৈছে যে শংকৰদেৱে পিতৃস্থান ত্যাগ কৰি আন স্থানত আশ্ৰয় লোৱা
সিদ্ধান্তটো নিতান্তই ৰাজনৈতিক কাৰক আছিল।
সেইদৰে গাংমৌ, য’ত শংকৰদেৱৰ খুৰাককাক জয়ন্তদলৈ আৰু
মাধৱে দেহত্যাগ কৰিছিল, সেই
স্থানত্যাগ কৰি তেওঁ ধোঁৱাহাট/বেলগুৰি, বৰ্তমানৰ মাজুলীলৈ উঠি অহাৰ কাৰণটো
আছিল আহোম আৰু চুতীয়াৰ মাজৰ সংঘৰ্ষ। আহোম ৰজা চুহুংমুং দিহিঙীয়া ৰজাৰ সময়ত এই
সংঘৰ্ষই প্ৰৱল ৰূপ ধাৰণ কৰে। অমলেন্দু গুহই লিখিছে যে ‘১৩-১৬ শতিকাৰ সময়ছোৱাত এই দৃশ্যপটত
দুটা প্ৰতিদ্বন্দ্বী ৰাজনৈতিক ব্যৱস্থাই আধিপত্য বিস্তাৰ কৰিছিল - ১) স্তৰভিত্তিক
ক্ষুদ্ৰ সামন্তীয় মুখিয়ালৰ এটা শিথিল সংঘ ( যেনে-ভূঞা ৰাজ), যিটো পূৰ্বৰ কমতা সাম্ৰাজ্যবাদী পৰম্পৰাৰ ধ্বংসাৱশেষৰ
ওপৰত গঢ়ি উঠিছিল,আৰু ২) জনজাতীয় ব্যৱস্থাৰ পৰা পোনপটীয়াকৈ উদ্ভৱ হোৱা অৰ্ধ-সামন্তীয় ৰাজ
ব্যৱস্থা (যেনে, চুতীয়া, কছাৰী আৰু
আহোম ৰাজ্য)। ইফালে স্থায়ীকৈ ধান খেতিৰ সফল আৰু নিৰন্তৰ সম্প্ৰসাৰণে পৃথক কৃষক
সমাজসমূহক ক্ৰমান্বয়ে অধিক উৎপাদনক্ষম কৰি তুলিলে আৰু এইদৰে অত্যাধুনিক ৰাষ্ট্ৰ
ব্যৱস্থাৰ ভিত্তি স্থাপন হ’ল। আহোম ৰাজ্যত এই কৃষিৰ ব্যাপক সম্প্ৰসাৰণ ক্ষিপ্ৰতাৰে দেখা হৈছিল। ইয়াৰ
ফলত জনসংখ্যা বৃদ্ধি পালে যিয়ে পাছলৈ, খেতি কৰা মাটিৰ অধিক সম্প্ৰসাৰণৰ সুবিধা দিলে। ১৫২৩ চনৰ ভিতৰত চুতীয়া
ৰাজ্যক নিজৰ অধীনষ্ঠ কৰি আহোমসকলে কছাৰী আৰু ভূঞাসকলৰ বশীভূত কৰি নিজৰ ক্ষেত্ৰ
দক্ষিণ আৰু পশ্চিম দিশলৈ সম্প্ৰসাৰণ কৰিলে। কোঁচ ৰাজ্যও প্ৰায় একে সময়তে পশ্চিম
অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভূঞাৰাজ্য বশ কৰি সম্প্ৰসাৰিত হৈছিল।’(গুহা:১৯৮৪)। ড০ অমলেন্দু গুহই পুনৰ
লিখিছে যে, ‘‘চুহুংমুং দিহিঙীয়া ৰজাৰ (১৪৯৭-১৫৩৯)
ৰাজত্বকালৰ পৰা ব্ৰাহ্মণ্যবাদৰ তীব্ৰ প্ৰভাৱৰ এক নতুন পৰ্যায় আৰম্ভ হয়। তেওঁ
১৫১২ চনত হাবুং দখল কৰে, যি
তেতিয়ালৈকে চুতীয়াসকলৰ অধীনত আছিল। ইয়াৰ পিছতে সমগ্ৰ হিন্দু চুতীয়া ৰাজ্য আৰু
বাৰ-ভূঞা আৰু ডিমাছা ৰজাই শাসন কৰা বৰ্তমানৰ নগাওঁ জিলাৰ কিছু অংশ ক্ৰমান্বয়ে
আহোম ৰাজ্যৰ লগত সংযুক্ত হ’ল। তেতিয়াৰ পৰাই পুনৰ সংস্থাপিত বাৰভূঞাসকলৰ লগত ৰজা আৰু কৰ্মচাৰীৰ এক
সম্পৰ্ক, ক্ৰমাৎ ঠন ধৰি উঠা ৰাষ্ট্ৰযন্ত্ৰৰ অনুক্ৰমৰ
নিম্নস্তৰত গঢ়ি উঠে(গুহা: ১৯৮৩)।’
ড০ এচ এল বৰুৱাই লিখিছে, “ওচৰ-চুবুৰীয়া হাবুং আৰু পানবাৰী
দুয়োখন ঠাইয়ে, আনুমানিকভাৱে এজন ভূঞাই শাসন
কৰিছিল আৰু, সেই ঠাই দখল কৰি আহোম ৰাজ্যৰ লগত সংযুক্ত কৰা হৈছিল (
বৰুৱা: ১৯৮৬)’। ইয়াৰ দ্বাৰা আহোম ৰাজত্বত ভূঞাসকলৰ সম্পূৰ্ণ সমৰ্পণ
প্ৰকাশ পাইছে। গতিকে এয়া প্ৰমাণিত যে, আহোম-চুতীয়া
সংঘৰ্ষৰ ফলশ্ৰুতিত ভূমি-অধিকাৰী ভূঞাসকলে পূৰ্বৰ গৰিমা হেৰুৱাই এটা সাধাৰণ
শ্ৰমজীৱি শ্ৰেণীলৈ অৱনমিত হয়। গতিকে, বৃহত্তৰ সমাজত শ্ৰেণী স্তৰৰ এই
সামাজিক অৱক্ষয়ৰ পৰা হাত সাৰি মাজুলীলৈ যোৱাৰ সময়োপযোগী বিবেচনাপূৰ্ণ সিদ্ধান্ত
লোৱা হ’ল। হৰিনাৰায়ণ
দত্তবৰুৱাই এই কাৰণটোৰ সপক্ষে যুক্তি আগবঢ়াই কৈছে যে, “‘আহোম
ৰজাই এই জলাশয় আৰু বনাঞ্চল দখল কৰিবলৈ বিশেষ গুৰুত্ব নিদিলে, য’ত পূৰ্বৰ পুৰণি কিছু সংখ্যক ভূঞাই স্বাধীনভাৱে বাস কৰিছিল’ ((দত্ত বৰুৱা: ১৯৭১)। মাজুলীত ভূঞাবংশৰ লোকসকলে এটা নিৰ্দিষ্ট স্তৰলৈ নিজৰ
স্বতন্ত্ৰতা ৰক্ষা কৰাৰ সুযোগ আছিল।
মাজুলীৰ পৰা শংকৰদেৱ আৰু ভূঞাসকলে
প্ৰব্ৰজন কৰাৰ কাৰণটোও এটা ৰাজনৈতিক কাৰণ আছিল আৰু পশ্চিম দিশে কোঁচৰাজ্য বাছি
লোৱাটো এটা উপযুক্ত সিদ্ধান্ত আছিল। প্ৰাচীন হিন্দু সাম্ৰাজ্যৰ গৌড়, কামৰূপ
আৰু মধ্য অসমত ভূঞাসকলে এটা উচ্চ সামাজিক স্থিতি লাভ কৰিছিল যদিও বৃহত্তৰ আহোম
সাম্ৰাজ্যত হিন্দুধৰ্মৰ সামাজিক গাঁথনি স্বীকৃত নোহোৱা বাবে এনে সন্মান আদায়
কৰিবলৈ সক্ষম হোৱা নাছিল।
ৰামচৰন ঠাকুৰে চৰিত পুথিত লিখিছিল :
‘বাৰভূঞা লোক যত/একথানে ভৈলা তত’
বাৰভূঞা আছে সেহি থানে ,
অহম ৰাজাৰ তলে/ খাতে সৱ লোক যত
আন কিছু নাই ৰজা বিনে ।
ভূঞাসকলে ভাটি ফালৰ প্ৰব্ৰজন কৰাৰ বাবে আহোমসকলে
ভূঞাসকলক ‘ভাটিয়া’ সম্বোধন কৰিছিল আৰু তেওঁলোকৰ মাজত বিশ্বাসৰ যথেষ্ট
অভাৱ আছিল। সামাজিক স্থিতি অক্ষুণ্ণ ৰাখিবলৈ ভূঞাসকলে আহোম অধীনস্থ মাজুলী ত্যাগ
কৰি পশ্চিমদিশৰ কোঁচৰাজৰ শৰণাপন্ন হোৱাৰ বিকল্প নাছিল। ভূঞাসকলে তেজত কঢ়িয়াই ফুৰা
হিন্দু পৰম্পৰাৰ সৈতে চুতীয়া আৰু কোঁচসকলৰ মিল আছিল, কিন্তু
টাই বংশোদ্ভুত আহোমসকলৰ লগত মিল নাছিল।
ৰামানন্দ দ্বিজই লিখিছে :
‘লগতে হেংকাৰি নিলা ব্ৰাহয় ভূঞাক
চতুৰ্ভিতি হস্তীক ধৰিলা প্ৰজা যাক
আনলোক দিলা তিনি ভিতি ৰাখিবাক
এক পাশে ৰক্ষা দিল’ ভাটিয়া
ভূঞাক
ভাটিয়া ভূঞাৰ ফালে হস্তি পলাই গৈলা
দেখি ভূঞা সৱ মহা শংকাবিস্ত ভৈলা’
আহোমৰজাসকল ভূঞাবংশৰ লোকসকলৰ বিশ্বাসযোগ্যতা সম্পৰ্কে
সন্দিহান আছিল, গতিকে তেওঁলোকক একে স্থানত বসতি স্থাপনত বাধা দিছিল।
একেসময়তে কোঁচৰাজ্যৰ সৈতে ঘনিষ্ঠতা স্থাপনতো চোকা দৃষ্টি ৰাখিছিল। নৰনাৰায়ণ আৰু
চিলাৰায়ৰ নেতৃত্বত ক্ৰমান্বয়ে শক্তিশালী হৈ উঠা কোঁচ সাম্ৰাজ্যই হিন্দু ধৰ্ম
পুনৰসংস্থাপনত গুৰুত্ব দিছিল। আহোম ৰাজ্যত যোগ্য সন্মান আদায় কৰিব নোৱাৰা ভূঞাসকলক
কোঁচৰাজ্যৰ পুনৰুত্থানে সুখী কৰিছিল। কোঁচৰজাই আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ অহা খবৰ
ভূঞাসকলৰ মাজত ততালিকে বিয়পি পৰিছিল বুলি উল্লেখ আছে ।
দৈতাৰি ঠাকুৰে লিখিছে
‘নাৰায়ণ নামে এক ৰাজা
পৰম পণ্ডিত ধৰ্মপন্থে পালে ৰাজা
শুক্লধ্বজ নামে তানে ভাই শোভনয়
ধুৱাহাটা হন্তে শুন লোক সমস্তয়
গীত কবিতা গুণ শুণয় ৰাজাৰ
তাৰ ৰাজে জীৱে মন সমস্ত প্ৰজাৰ
সেহি সময়ত নাৰায়ন ৰাজা
মাৰিবে আসাম ৰাজ্য সাজি গৈল প্ৰজা
আগহুৱা লোক পাশে কৰি বাৰ্তা দিলা
আপোন ইচ্ছাই লোক সমস্ত আশিলা’
ধুৱাহাটত প্ৰায় স্ৱাধীনভাৱে থকা ভূঞাসকলক আহোম ৰজাৰ
দ্বাৰা আৰম্ভণিৰে পৰাই নিৰ্মম নিষ্পেষণৰ সন্মুখীন হোৱাৰ পৰা ধৰি, ব্ৰাহ্মণসকলৰ অবিৰত অভিযোগৰ সন্মুখীন হোৱা শংকৰদেৱ, তথা
জোঁৱায়েক হৰিদেৱক মৃত্যুদণ্ড দান কৰা আদি অলেখ কাৰণৰ বশৱৰ্তী হৈ ভূঞাসকলে
কোঁচৰাজ্যত থাকিবলৈ ল’লে যদিও ই মূলত এক ৰাজনৈতিক সিদ্ধান্ত আছিল আৰু সেয়া পৰৱৰ্তী আলোচনাত পৰিষ্কাৰ হ’ব।
কোঁচ সাম্ৰাজ্য: পৃষ্ঠপোষকতা আৰু ৰাজনীতি
১৫৪৩ খীষ্টাব্দত কোঁচৰাজ্যই নৰনাৰায়ণ আৰু চিলাৰায়ৰ
নেতৃত্বত আহোমৰাজ্য আক্ৰমণৰ পৰিকল্পনা লৈ পেলোৱাৰ পৰিপ্ৰেক্ষতিতত কোঁৱৰ গোঁহাইকমলে
কোঁচবিহাৰৰ পৰা ব্ৰহ্মপুত্ৰ উত্তৰপাৰৰ নাৰায়ণপুৰলৈ পথনিৰ্মাণৰ কাৰ্যসূচী আৰম্ভ
কৰে। শংকৰদেৱৰ বয়স নব্বৈ অতিক্ৰম কৰিছিল
আৰু তেতিয়াই শংকৰদেৱে কামৰূপৰ মাজেৰে কোঁচ-কমতাপুৰ ৰাজ্যলৈ যাত্ৰা আৰম্ভ কৰে।
শংকৰদেৱে জীৱনৰ মূল সময়খিনি মধ্য অসম আৰু উজনি অসমত পাৰ কৰাৰ পৰিপ্ৰেক্ষিতত এই
অঞ্চলত তেওঁৰ নব্য বৈষ্ণৱ ধৰ্মই প্ৰসাৰ লাভ কৰিবলৈ আৰম্ভ
কৰিলে যদিও আহোম সাম্ৰাজ্যৰ নিষ্পেষণ আৰু ব্ৰাহ্মণসকলৰ ষড়যন্ত্ৰ আৰু ভাবুকিত এই
নতুন ধৰ্মটোৰ এটা ব্যৱস্থিত পৰিকাঠামো তৈয়াৰ কৰিবলৈ তেতিয়াও সক্ষম হোৱা নাছিল, যিটোৰ অভাৱে বৈষ্ণৱধৰ্মক এটা দীঘলীয়া সময়ৰ বাবে
উজ্জীৱিত কৰি ৰাখিব নোৱাৰিব পাৰে বুলি তেওঁ দ্বিধাগ্ৰস্ত হৈছিল, আনকি মাজে
মধ্যে এই ধৰ্মই অস্তিত্বসংকটতো ভূগিছিল আৰু এই সমূহ চিন্তাৰ আঁত ধৰিয়েই তেওঁ
কোঁচৰাজ্যলৈ যাত্ৰা আৰম্ভ কৰিছিল। এই ধৰ্মীয় ব্যৱস্থাটোৰ বাবে এক প্ৰকাৰৰ
সুৰক্ষিত পৰিৱেশ আৰু পৃষ্ঠপোষকতাৰ প্ৰয়োজন আছিল আৰু সেই সময়ত কোঁচ ৰাজ্য আছিল
ইয়াৰ উপযুক্ত স্থান।
প্ৰাচীন ভাৰতীয় ইতিহাসত ধৰ্মপ্ৰচাৰ আৰু প্ৰসাৰৰ বাবে
ৰাজনৈতিক পৃষ্ঠপোষকতাৰ উদাহৰণ স্পষ্ট । ই প্ৰায়ে প্ৰধান ৰাজনৈতিক গাঁথনিৰ
মতাদৰ্শগত প্ৰয়োজনীয়তা আৰু সমাজৰ আৰ্থ-সামাজিক অৱস্থাৰ সৈতে জড়িত আছিল। সেই
সময়ৰ আগশাৰীৰ ধৰ্মীয় মতবাদ- বৈদিক আৰু ব্ৰাহ্মণীয় ব্যৱস্থাৰ নিৰ্দ্বিধায়
বিৰোধিতা কৰা ধৰ্মসমূহেও প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰাটো ৰাজনৈতিক পৃষ্ঠপোষকতাৰ
উদাহৰণ। বৌদ্ধধৰ্ম ইয়াৰ উদাহৰণ।
কোঁচ সাম্ৰাজ্যত শংকৰদেৱৰ আগমন আৰু
এই আগমনক কোঁচ ৰাজপৰিয়ালৰ আদৰণি-এই দুয়োটা কাৰ্যই দুয়োপক্ষৰে পৰিপূৰক প্ৰয়োজন
কিছুমান পূৰ কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিছিল।
শংকৰদেৱে নিজ ধৰ্ম আৰু বিশ্বাসক মুক্তভাৱে প্ৰকাশ
কৰাৰ স্ৱাধীনতাৰ লগতে নব্যধৰ্মটোক কামৰূপ-কমতাপুৰ অঞ্চলত প্ৰসাৰ আৰু বিকাশ সাধনৰ
অনুকুল পৰিৱেশ লাভ কৰিছিল। ৰজা নৰনাৰায়ণৰ উদ্দেশ্য আছিল কিছু পৃথক। শংকৰদেৱক আদৰণি
জনোৱা আৰু আশ্ৰয় দিয়াৰ ক্ষেত্ৰত ৰজা নৰনাৰায়ণৰ উল্লেখযোগ্য ৰাজনৈতিক আৰু
সামাজিক কাৰণ আছিল।
পোন্ধৰ-ষোড়শ শতিকাৰ কোঁচ সাম্ৰাজ্যৰ ভেঁটি আছিল মূলতঃ
জনজাতীয়। কোঁচসকলে জনজাতীয় নিয়মেৰে যাগযজ্ঞ পালন কৰিছিল য’ত কলিতালোকসকলেই পুৰোহিত আছিল। ৰজা
বিশ্বসিংহই কোঁচসকলৰ সংস্কৃতকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল আৰু নিজৰ দুই পুত্ৰ
মল্লদেৱ( ৰজা নৰনাৰায়ণ) আৰু শুক্লধ্বজ( চিলাৰায়)ক হিন্দু দৰ্শন আৰু নীতি অধ্যয়নৰ
নিমিত্তে বাৰাণসীলৈ প্ৰেৰণ কৰিছিল। কিন্তু ব্ৰাহ্মণীয় ধৰ্মীয় ব্যৱস্থাটোক
অঞ্চলটোৰ কোঁচ, মেচ, কছাৰীসকলে
ইতিবাচকভাৱে গ্ৰহণ নকৰাৰ ফলত জনজাতীয় বিশ্বাস আৰু ব্ৰাহ্মণীয় ৰীতি-নীতিৰ মাজত
সংঘাতৰ সৃষ্টি হয়। আমিৰুজ্জমান শ্বেখ এ লিখিছে যে, ‘ৰজা নৰনাৰায়ণে এটা আদেশ জাৰি
কৰিবলগীয়া হৈছিল যাৰ দ্বাৰা কোঁচ, মেচ আৰু কছাৰীসকলৰ মাজত প্ৰচলিত ধৰ্মীয় আচাৰ-ব্যৱহাৰৰ জনজাতীয় ৰূপক
স্বীকৃতি দিয়া হৈছিল..........গতিকে জনসাধাৰণৰ মাজত হিন্দুকৰণৰ প্ৰক্ৰিয়াটো
পুৰণি ৰাজপৰিয়ালতকৈ লেহেমীয়া আছিল’ (শ্বেখ : ২০১২)
শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মই সকলো শ্ৰেণীৰ লোকৰ মাজত
গ্ৰহণযোগ্যতা লাভ কৰাৰ লগতে অসমৰ
আন ঠাইসমূহত প্ৰশংসিত হ’বলৈ ধৰাত সকলো সামাজিক শ্ৰেণীৰ লোকেই এই ধৰ্মৰ প্ৰতি আগ্ৰহী হৈ উঠে। সমাজৰ বৃহৎ সংখ্যক মানুহৰ দ্বাৰা স্বীকৃত হোৱা এই
নতুন ধৰ্মটোৰ গুঢ়াৰ্থ উপলদ্ধি কৰিব পাৰিলে দূৰদৰ্শী ৰজা নৰনাৰায়ণে। বিশেষকৈ
জনজাতীয় আচাৰত বিশ্বাসী লোকসকলেও এই ধৰ্মত আগ্ৰহ প্ৰকাশ কৰাত ৰজা নৰনাৰায়ণৰ কোঁচ
সাম্ৰাজ্যৰ সংস্কৃতকৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হৈ উঠে। আমিৰুজ্জমান শ্বেখ এ পুনৰ
কৈছে ’ষোড়শ শতিকাৰ মাজভাগত কোঁচ বেহাৰত
তেওঁৰ দুজন মহান শিষ্য মাধৱদেৱ আৰু দামোদৰদেৱৰ সৈতে শংকৰদেৱৰ
আগমনৰ ফলত সংস্কৃতকৰণৰ প্ৰক্ৰিয়াটো আৰু অধিক আগুৱাই গৈছিল’(শ্বেখ
: ২০১২)।
নৱ বৈষ্ণৱ ধৰ্মই একেশ্বৰবাদত বিশ্বাস কৰিছিল আৰু
জাতিভেদ প্ৰথা সমুলঞ্চে নাশ কৰাৰ পোষকতা কৰিছিল। অমলেন্দু গুহই কৈছে ‘কোঁচ ৰজা নৰনাৰায়ণে (১৫৪০—৮৪), সমগ্ৰ অসমক তেওঁৰ অধীনলৈ অনাৰ
তেওঁৰ সম্প্ৰসাৰণবাদী অভিযানৰ বাবে নৱ—বৈষ্ণৱ আন্দোলনক এক সুবিধাজনক উপায় বুলি বিবেচনা কৰিছিল।
সৰ্বোপৰি তৰোৱাল আৰু ভাগৱত দুয়োটাই এক উমৈহতীয়া উদ্দেশ্য সাধন কৰে। উভয়েই পৃথক
পৃথক জনগোষ্ঠীক একত্ৰিত কৰি এক সমন্বিত সামাজিক ব্যৱস্থাৰ গঢ় দিয়াৰ চেষ্টা কৰে। ‘এক দেৱ এক সেৱ, এক
বিনে নাহি কেৱ’ – কেৱল এজন ভগৱানৰ প্ৰতি অবিভক্ত
আনুগত্যৰ এই নৱ বৈষ্ণৱী ধাৰণাটোৱে এজন ৰজাৰ অধীনত এক সংহত জনসমষ্টি আদৰ্শক পৰোক্ষভাৱে সহায় নকৰাকৈ থকা
নাছিল।’(গুহ: ১৯৮৪)’। এইটো এটা প্ৰধান কাৰণ আছিল কোঁচৰজা নৰনাৰায়ণৰ পক্ষে
শংকৰদেৱক কোঁচ সাম্ৰাজ্যত আশ্ৰয় দিয়াৰ লগতে নতুন ধৰ্মৰ পৃষ্ঠপোষক হোৱাটো। এইটো মূল
কাৰণৰ বাবে, নৰনাৰায়ণে শংকৰদেৱক তেওঁৰ ৰাজ্যত আশ্ৰয় দিয়াৰ আৰু
তেওঁক পৃষ্ঠপোষকতা কৰাৰ সমৰ্থন কৰিছিল, প্ৰথম অৱস্থাত শংকৰদেৱৰ বিশ্বাসৰ
প্ৰতি শত্ৰুতা কৰা আহোমসকলে এই কথাটোকে পৰৱৰ্তী সময়ত ১৭ শতিকাত বুজি উঠিছিল।
শংকৰদেৱক কোঁচ সাম্ৰাজ্যত আশ্ৰয় দিয়াৰ আন এটা মুখ্য কাৰণ আছিল, আহোম সাম্ৰাজ্যৰ ৰাজনীতি আৰু কূটনীতি সম্পৰ্কে
ভূঞাসকলে যি জ্ঞান আৰু অভিজ্ঞতা কঢ়িয়াই নিছিল, কোঁচ ৰজা নৰনাৰায়ণৰ বাবে সেয়া আছিল
অতি প্ৰয়োজনীয়। সেই অভিজ্ঞতাক কামত লগাবলৈ পূৰ্বসীমান্তৰ বিভিন্ন বাবত ভূঞাসকলক
নিয়োজিত কৰাটো আছিল ৰজা নৰনাৰায়ণৰ ৰাজনৈতিক বিচক্ষণতা। ডম্বৰুধৰ নাথে লিখিছে যে, ‘নৰনাৰায়ণে তেওঁক গোমোস্তা বা
আধুনিক বৰপেটা অঞ্চলৰ ওপৰত প্ৰশাসনিক বিষয়া হিচাপে নিযুক্তি দি প্ৰতিষ্ঠা কৰাই
নহয়, কোঁচৰ ৰাজধানীৰ ওচৰৰ ভেলাদুংগা
(পৰৱৰ্তী সময়ত মধুপুৰ নামেৰে জনাজাত)ত সত্ৰ স্থাপনৰ বাবে তেওঁক ভূমি দান কৰিছিল।
ইয়াৰ উপৰিও নৰনাৰায়ণে তেওঁৰ ধৰ্মশিক্ষাৰ বিষয়ে জনসাধাৰণৰ মাজত মুক্ত প্ৰচাৰৰ
অনুমতি দিয়া ঘোষণাপত্ৰ জাৰি কৰিছিল’ (নাথ: ১৯৮৯)।
বৰদোৱা আৰু ধোঁৱাহাটৰ পৰা ভূঞালোকসকল স্থানান্তৰ হ’বলগা হোৱাত এওঁলোকে ভূমিৰ অধিকাৰৰ
লগতে সামাজিক স্থিতিও হেৰুৱাই পেলাইছিল। ওপৰত উল্লেখ কৰি অহাৰ দৰে এওঁলোকে আহোম
সামাজ্যত সাধাৰণ শ্ৰমজীৱিলৈ অৱনমিত হৈছিল। কোঁচ সাম্ৰাজ্যত এওঁলোকে পূৰ্বৰ গৰিমা
ওভোটাই পালে। চিলাৰায় আৰু শংকৰদেৱৰ
ভাতৃকন্যা কমলাপ্ৰিয়াৰ মাজৰ বিবাহে কোঁচ আৰু ভূঞাসকলৰ ৰাজনৈতিক সম্পৰ্কটো আৰু শক্তিশালী কৰি তুলিলে। ভূঞাসকলৰ দৰে
কুলিন কায়স্থৰ ছোৱালীৰ সৈতে ৰাজকীয় কোঁচ (জনজাতীয় মূলৰ পৰা হিন্দু ভাঁজলৈ নতুন
শ্ৰেণীৰ প্ৰৱেশকাৰী বুলি গণ্য কৰা) ৰাজকুমাৰৰ এই বিবাহে তদানীন্তন শ্ৰেণী জখলাত কোঁচসকলৰ
শ্ৰেণী গতিশীলতাও বৃদ্ধি কৰে। অনিল ৰায়চৌধুৰীয়ে লিখিছে ‘এই বিবাহে কেৱল ৰাজনৈতিক উদ্দেশ্য
পূৰণ কৰাই নহয় কোঁচ ৰাজপৰিয়ালৰ সৈতে ঘনিষ্ঠ সম্পৰ্কই শংকৰদেৱে আৰম্ভ কৰা ধৰ্ম
প্ৰচাৰত সহায় কৰিছিল’( ৰায়চৌধুৰী
: ২০১৩)।
শংকৰদেৱে বৈষ্ণৱধৰ্মৰ প্ৰচাৰ কৰাৰ সমান্তৰালভাৱে নিজৰ
পাৰিবাৰিক জীৱনো সফলতাৰে পৰিচালনা কৰিছিল। প্ৰথম তীৰ্থযাত্ৰাৰ অন্তত ঘৰলৈ ঘূৰি আহি
তেওঁ কালিন্দী আইক বিবাহ কৰাইছিল আৰু গোমোস্তা পদ( এশঘৰ ভূঞাৰ মুখিয়াল)ৰ দায়িত্ব
পালন কৰিছিল। কমলাপ্ৰিয়াক কোঁচ ৰাজপৰিয়ালৰ সৈতে বিবাহ দিয়া আৰু পৰৱৰ্তী সময়ত
তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰামানন্দক ধৰ্মীয় কামত জড়িত নকৰাৰ সিদ্ধান্ত আৰু তাৰ
পৰিৱৰ্তে তেওঁক মজুমদাৰী কৰ্মৰ প্ৰশিক্ষণ প্ৰদান কৰাটোৱে তেওঁৰ ব্যৱহাৰিক
বুদ্ধিমত্তা আৰু বাস্তৱসন্মত দূৰদৰ্শিতা প্ৰদৰ্শন কৰে। এইটো স্পষ্ট যে গোটেই জীৱনত
তেওঁ প্ৰভাৱশালী ৰাজনৈতিক শাসনৰ সৈতে ঘনিষ্ঠ যোগাযোগ বজাই ৰাখিছিল। ৰজা নৰনাৰায়ণক
শৰণ দিয়াৰ যি এক বিতৰ্কিত তত্ত্ব প্ৰচলিত আছে, প্ৰকৃতপক্ষে, এই
দুয়োজন পৰিপক্ক ব্যক্তিয়ে লোৱা ই এক যুক্তিসংগত ৰাজনৈতিক সিদ্ধান্ত আছিল।
নৰনাৰায়ণে নিজৰ ৰাজ্যৰ এক ধৰ্মনিৰপেক্ষ স্বভাৱ বজাই ৰখাৰ প্ৰতি সচেতন আছিল আৰু
তেওঁ কোনো বিশেষ পন্থাৰ গভীৰ অনুগামী নাছিল, গতিকে শৰণ নিদিয়াৰ দ্বাৰা (চৰিত
পুথিত উল্লেখ কৰা অনুসৰি) শংকৰদেৱে ৰজা নৰনাৰায়ণৰ ধৰ্মনিৰপেক্ষ স্বভাৱটো ধৰি ৰখাত
সহায় কৰিছিল। শংকৰদেৱৰ জ্ঞান আৰু প্ৰজ্ঞাত নৰনাৰায়ণ অতিশয় আপ্লুত হৈছিল যদিও এই
সম্পৰ্ক আছিল এজন ৰজা আৰু এজন নিষ্ঠাবান বিশিষ্ট প্ৰজাৰ।
প্ৰভাৱ আৰু সামৰণি
অসমৰ সামাজিক-সাংস্কৃতিক জীৱন গঢ় দিয়া আৰু অনাগত
শতিকাবোৰতো প্ৰভাৱ পেলোৱা নতুন মতাদৰ্শৰ প্ৰতিষ্ঠাপক আছিল শংকৰদেৱ। শংকৰদেৱৰ
নৱবৈষ্ণৱ ধৰ্মই ব্ৰাহ্মণ্যবাদী ৰীতি-নীতিক উলংঘা কৰি সকলো জাতিৰ মাজত সমতাৰ প্ৰচাৰ
কৰিছিল। মধ্যযুগীয় অসমৰ বৈচিত্ৰময় সমাজত এনে এক বিশিষ্ট কৃতিত্ব অৰ্জন কৰাটো এক
সহজ প্ৰক্ৰিয়া নাছিল। ইয়াৰ বাবে কেৱল প্ৰতিকূল বা অনুকূল পৰিৱেশৰ সৈতে যুঁজিব বা
আঁকোৱালি লোৱাৰ
ক্ষমতাই নহয়, শুদ্ধ ৰাজনৈতিক বুদ্ধিমত্তাৰে
নিপুণ, সময়ানুগ, আত্মবিশ্বাসী, নিৰ্ণায়ক মনোভাৱৰ প্ৰয়োজন।
শংকৰদেৱে সেই গুণসমূহ বহন কৰাৰ লগতে এক অতুলনীয় সহ্য শক্তিৰ অধিকাৰী আছিল।
অসমৰ পূবত (আহোম) আৰু পশ্চিমত (কোঁচ) দুখন শক্তিশালী
ৰাজ্যৰ উত্থানে, স্বকীয় পৰিচয় সৃষ্টিৰ দ্ৰুত উত্থানৰ সমান্তৰালভাৱে
অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীসমূহৰ মাজত এক ঐক্যবোধৰ সৃষ্টি কৰিছিল। এই দুখন ৰাজ্যৰ
সম্প্ৰসাৰণবাদী মনোভাৱ আৰু মূলতঃ আহোমসকলৰ দ্বাৰা ব্ৰহ্মপুত্ৰ উপত্যকাত
সামাজিক-সাংস্কৃতিক আৰু ৰাজনৈতিক প্ৰভাৱৰ ক্ষেত্ৰসমূহত সম্পূৰ্ণ নিয়ন্ত্ৰণ ঘটিছিল। অমলেন্দু গুহই কৈছিল ‘এই পৰিৱৰ্তনৰ বাবে এক সমৰ্থনকাৰী
মতাদৰ্শৰ প্ৰয়োজন আছিল যিয়ে প্ৰচলিত জনজাতীয় ভিন্নতাৰ উৰ্ধত সামন্তীয় শাসন
ব্যৱস্থাক বৈধতা প্ৰদান কৰিব’ (গুহা: ১৯৯১)। শংকৰদেৱৰ নতুনকৈ
প্ৰচাৰিত মতাদৰ্শ আৰু বিশ্বাসে এই একত্ৰীকৰণক সহায় কৰিছিল।
ডম্বৰুধৰ নাথে লিখিছে যে “প্ৰতীয়মান হয় যে শংকৰদেৱে তেওঁৰ
সীমাবদ্ধতা আৰু ভক্তিৰ ব্যৱস্থাত উপস্থিত ৰক্ষণশীল শক্তিৰ বিষয়ে সচেতন আছিল, আৰু সেয়েহে, তেওঁৰ অনুপস্থিতিত ৰক্ষণশীল শক্তিৰ
উত্থানৰ আশংকা কৰি তেওঁৰ জীৱনৰ শেষ বছৰলৈকে তেওঁৰ উত্তৰাধিকাৰী হিচাপে কাকো মনোনীত
কৰা নাছিল”। এই সিদ্ধান্তৰ ফলত অৱশেষত তেওঁৰ ধৰ্মীয় ব্যৱস্থাত
উল্লেখযোগ্য পৰিৱৰ্তন আৰু উগ্ৰ চিন্তাৰ উত্থান ঘটিছিল যদিও তেওঁ নিজৰ চকুৰ
সন্মুখতে এই বিভাজনক এৰাই চলিছিল। কিন্তু পিছলৈ তেওঁৰ ধৰ্মীয় পন্থাত এক গাঁথনিগত
সামন্তীয় ব্যৱস্থাৰ উত্থান ঘটিছিল (সত্ৰ) আৰু এই ৰক্ষণশীল মনোভাৱে সমাজ আৰু
ধৰ্মীয় ব্যৱস্থাৰ মূল ভেটিৰ পৰা নিম্নবৰ্ণক বিচ্ছিন্ন কৰি তুলিছিল। ইয়াৰ বিৰুদ্ধে চৰম উগ্ৰবাদৰ উত্থান ঘটিছিল আৰু কাল
সংহতিৰ এটা উপ-গোট মায়ামৰা বা মোৱামৰীয়া সকলৰ ওপৰত হোৱা ৰাজনৈতিক দমনে, শেষত ১৮
শতিকাত প্ৰধান ৰাজনৈতিক ব্যৱস্থাটোক পতন কৰি অসমৰ মধ্যযুগৰ অন্ত পেলাইছিল।
ডম্বৰুধৰ নাথৰ মতে, এই ‘মোৱামৰীয়া/মটক সম্প্ৰদায়ৰ সংগঠনে
কেৱল খালছা আৰু শিখ ইতিহাসৰ সংগঠনৰ সৈতেহে সাদৃশ্য বহন কৰে’
(নাথ:১৯৮৯)।
শংকৰদেৱে নিজৰ জীৱন আৰু তেওঁ প্ৰচাৰ কৰা ধৰ্মৰ
সন্দৰ্ভত ব্যৱহাৰিক সিদ্ধান্ত গ্ৰহণ কৰিছিল। বছৰ ধৰি তেওঁ গ্ৰহণ কৰা
সিদ্ধান্তসমূহত এই দিশটো প্ৰতিফলিত হৈছে আৰু তেওঁৰ মতাদৰ্শৰ বাবে এক সুস্থ সৱল ভেঁটি স্থাপনত সহায় কৰিছে। তেওঁৰ সময়ত আৰু
পিছলৈও শাসকসকলৰ পৰা অহৰহ শত্ৰুতাৰ দ্বাৰা আক্ৰান্ত হৈও ধৰ্মীয় কাৰ্যকলাপ অব্যাহত ৰখাত তেওঁৰ
দূৰদৰ্শিতাই তেওঁক আৰু তেওঁৰ অনুগামীসকলক সহায়
কৰিছিল। ধৰ্ম আৰু ৰাজনীতি দুটা সমান্তৰাল শক্তি যিয়ে ইটোৱে সিটোক বিভিন্ন ধৰণে
প্ৰভাৱিত কৰে। শংকৰদেৱৰ জীৱন আৰু তেওঁৰ ধৰ্মীয় বিশ্বাস কেতিয়াও ৰাজনীতিৰ কবলৰ
পৰা মুক্ত হোৱা নাছিল, তেওঁৰ জীৱনকালত আৰু পিছলৈ তেওঁৰ শিষ্যসকলেও বিভিন্ন
ৰাজনৈতিক পৰিস্থিতিৰ সন্মুখীন হৈছিল, আৰু গুৰু শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা
দেখুওৱা পথেৰেই অগ্ৰসৰ হৈ পৰৱৰ্তি শিষ্যসকলেও সময়ানুগ আৰু প্ৰয়োজনমৰ্মে ৰাজনৈতিক
সিদ্ধান্ত গ্ৰহনৰ বাবেও আপোচ নকৰিছিল।
প্ৰসংগ পুথি
Baruah , SL (1986), A Comprehensive History of
Assam, New Delhi. India
Dutta Baruah , HN (1989) Mahapurush Sri Sankardev
aru Madhabdev Charitra , Guwahati, India.
Dutta Baruah , HN ( ed ) (1971), Prachin Kamrupiya
Kayastha Samajar Itibritta , Nalbari : Assam.
Granoff, Phyllis & Koichi Shinohrara. (2003).
Pilgrims, Patrons, and Place: Localizing Sanctity in Asian Religions.
Vancouver: Canada.
Guha, Amalendu. (1983). The Ahom Political System:
An Enquiry into the State Formation Process in Medieval Assam
(1228–1714).Social Scientist. New Delhi, India.
Guha, Amalendu. (1984)Neo-vaishnavisim to
insurgency: peasants uprising and the crisis of feudalism in late 18th century
Assam, Kolkata, India.
Nath, D (1989), History of the Koch Kingdom:
1515–1615, Delhi, India.
Nath, D. (2014). Cult, Ideology, and Conflict: The ‘Mayamara’
Vaishnavism and Social Conflict in 18 TH Century Assam. Proceedings of the
Indian History Congress Vol. 75, Platinum Jubilee. IHC, New Delhi, India.
Neog, M. (1965). Sankaradeva and His Times: Early
History of the Vaishnava Faith and Movement in Assam. Guwahati, India: Gauhati
University.
Raichoudhury, Anil. (2013) Asomar Samaj Itihasot
Navavaishnavad, Guwahati, India.
Sarma, S.N. (1965). The New Vaishnavite Movement
and Sattra Institution of Assam. Guwahati, India.
Sharma, Krishna. (2003). Bhakti and Bhakti
Movement: A New Perspective. New Delhi, India.
Sheikh, Amirujjaman. (2012).The 16th Century Koch Kingdom: Evolving pattern of
Sanskritization. New Delhi,India.
বিশেষ কৃতজ্ঞতা : পাৰবীন চুলতানা
উপ-সঞ্চালক,
ৰাষ্ট্ৰপতি ভৱন
নতুন দিল্লী
ভ্ৰাম্যভাষ : ৮৮০০৯৪৮৮০৮