অন্যযুগ/


নদী সূত্ৰধাৰ, চিন্তা বিস্তাৰ!

 পংকজ প্ৰতিম বৰদলৈ

 

কিতাপ বৰ্তমান সময়ত এক চৰ্চিত বিষয়। কিতাপৰ বিষয়বস্তু, মুদ্ৰণ, প্ৰকাশনৰ পৰা ধৰি ভৱিষ্যতলৈকে আদিক লৈ বহু তৰ্ক বিতৰ্ক চলি আছে। ভাল কিতাপ, বেয়া কিতাপ আদি আলোচনাবোৰো সুলভ। তেনে সময়তেমুক্তবীক্ষণ’ত আজি কিতাপৰ বিষয়ে আলোচনা কৰিব খোজা নাই। কিন্তু একে উশাহতে পঢ়ি পেলাই কিছু চিন্তাৰ খোৰাক লাভ কৰাৰ বাবে, তাৰে ভাগ পাঠকক দিয়াৰ এক বিনম্ৰ প্ৰয়াস কৰিছো। 

গল্প, কবিতা, উপন্যাস আদি সাহিত্যৰ বিভিন্ন বিভাগত নদী আৰু ইয়াৰ আনুষংগিক জীৱন চৰ্যাৰ সততেই আমি উল্লেখ লাভ কৰোঁ। নদীকেন্দ্ৰিক সাহিত্য সুলভ আৰু পাঠকীয় গ্ৰহযোগ্যতাও যথেষ্ট। নদী বিষয়ক ব্যাক্তিগত ৰনাৰ সংখ্যাও কম নহয়। নদীৰ এই সাৰ্বজনীনতা নদীৰ গতিৰ দৰে অবিৰাম আৰু নিৰৱধি। মহানগৰীয় জীৱন যাত্ৰাত ব্ৰতী হৈও  নদীক অন্তৰৰ পৰা উপলব্ধি কৰি কেৱল নদীকেন্দ্ৰিক এমুঠি লেখাৰ এখন সংকলন অলপতে হাতত পৰিলহি। বিশিষ্ট লেখক, চলচ্চিত্ৰ পৰিচালক তথা সমাজকৰ্মী সঞ্জীৱ সভাপণ্ডিতৰনৈয়ে সৃষ্টি কৰা গানৰ কিছু সংখ্যক লেখা চেগাচোৰোকাকৈ পঢ়া হৈছিল যদিও, একত্ৰে সংকলন হিচাপে পাই থিতাতেই পঢ়ি পেলালো। লেখাসমূহ পঢ়ি লেখকৰ জীৱনত নদীৰ উপস্থিতিতকৈও, লেখকে নদীক কেনে এক সূক্ষ্ম দৃষ্টিৰে অৱলোকন কৰে, নদীৰ জৰিয়তে জীৱন আৰু সামাজিক সত্বাক কিদৰে পৰ্যালোচনা কৰে সেয়া অনুভৱ কৰিব পাৰি। নদীৰ এই ব্যাপক প্ৰভাৱক লৈ বাটচৰাতেই লেখকৰ অকপট স্বীকাৰোক্তি ‘…. কেৱল দিখৌ নহয় সকলো নৈয়েই মোৰ দৈনন্দিন প্ৰাত্যাহিকতাত সদায়েই নান্দনিক মাদকতাৰ ৰহণ সানিয়েই থাকিল-সেই ১৯৬০ চনমানৰ পৰাই এতিয়ালৈকে। গতিকে মই কিবা কলে বা লিখিলে সদায়েইবৈথাকিবলৈকে বিচাৰো। এইটো মোৰ গত হৈ পৰিলগ্ৰন্থখনৰ সৰ্বত্ৰ লেখকৰ এই বৈথাকিব বিচৰা অনুভুতি অনুভুত হৈছে। 

নৈয়ে সৃষ্টি কৰা গানএ প্ৰকৃতাৰ্থত নৈ এখনে গঢ় দিয়াগানৰ কথাই আলোচনা কৰিছে। লেখকেগানৰ এক প্ৰতীকি ব্যৱহাৰেৰে ইতিহাস, জীৱন, সমাজ, প্ৰেম, পৰিৱেশৰ ভিন্নৰঙী এখন বৃহত কেনভাছৰ আভাস দিছে। ২৫ টা সৃজনীশীল লেখাৰ এই সংকলনখনৰ প্ৰতিটো শিৰোনামৰ অগতানুগতিক ভিন্নতা মনকৰিবলগীয়া। প্ৰতিটো লেখাৰ শিৰোনামত অন্তৰ্নিহিত হৈ আছে গীতিময় কাব্যিকতা। দুই এটা উদাহৰণ দিছো-বতাহখিনি নৈৰ সম্পদ নাছিল; কিন্তু তথাপি সি নৈখনৰ কথাকে কৈছিলআকৌআৰু ঠিক তেতিয়াই গঁৰাটোৱেদি দুশাৰী ঘৰৰ মাজেৰে এটা মৃতদেহ লাহে লাহে খোজকাঢ়ি উঠি আহিছিলঠিক সেইদৰেকিদৰে লবা বাৰু এটোপাল নিয়ৰেৰে সাগৰৰ বিস্তৃতিৰ উমান; মহাসিন্ধুও হব পাৰে তাৰেই প্ৰমাণলেখাসমূহ পঢ়ি যাওঁতে পাঠকক কাব্যিক অনুভৱৰ গভীৰতাৰে সংপৃক্ত কৰিব যেন লাগে। কিন্তু, লেখাসমূহে একেসময়তে ভিন্নসুৰী এমুঠি জীৱনমুখি অনুভুতিৰ সোৱাদ দিয়ে আৰু পাঠকক লেখকৰ স্ব-প্ৰত্যক্ষ জীৱন বীক্ষাৰ লগতো পৰিচিত কৰাই দিয়ে।   

নৈয়ে সৃষ্টি কৰা গানৰ লেখাসমূহৰ বিষয়বস্তুৰ এটা সৰলৰৈখিক গতি আছে। নদীৰ আলমত লেখকে বিবিধ বিষয়বস্তুৰ জেৰ টানি আনিছে, একে সময়তে নদীৰ গতিৰ দৰে লেখাসমূহত প্ৰৱাহিত হৈ আছে এটা চিৰন্তন চিন্তাসূত্ৰ। লেখকে অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ মানৱ সমাজ আৰু ব্যৱস্থাৰ গতি প্ৰকৃতি আৰু সমস্যা-সম্ভাৱনাক আলোকপাত কৰিছে। কোনোটো লেখাত যদি নদী সংৰক্ষণৰ জৰিয়তে প্ৰকৃতি সংৰক্ষণৰ কথা আলোকপাত কৰিছে, তেন্তে কোনোটো লেখাত ঐতিহ্যৰ গুৰুত্ব আৰু জাতীয় অস্তিত্বক বৰ্তাই ৰখাৰ সন্মিলিত দৃঢ় প্ৰয়াসৰ কথা কৈছে। নদী হৈ পৰিছে ইতিহাসৰ সূত্ৰধাৰ। ইতিহাসৰ গৌৰৱোজ্জ্বল গাথাঁ বা নিপীড়িত জনতাৰ স্বল্পখ্যাত অকথিত কাহিনীৰ কথক হৈছে নদী। নদীৰ ধ্বংসাত্মক ৰূপৰ, নদীৰ সংহাৰী ৰূপৰো আলোচনা কৰি প্ৰতীকি ৰূপত যেন লেখকে মানৱ সভ্যতাৰ উত্থান পতন, জীৱনৰ ক্ষনভংগুৰতা আদি বহু দিশ আলোকপাত কৰিছে। লেখকে কিতাপখনৰ বিষয়বস্তুৰে ব্যাপক দিশ সামৰি লৈছে। আমাজন নদীৰ কথা কবলৈ গৈ লেখকে চে গুৱেভাৰাৰ কথা কৈছে। মানৱ মুক্তিৰ কথা কৈছে। দাস প্ৰথাৰ কলীয়া চেকাৰ কথা কৈছে। কলা মানুহৰ দুখ বেদনাৰ লগতে কলা মানুহৰ সাহস আৰু পৰিশ্ৰমৰ কথা কৈছে। চেনেগাল নদীৰ পাৰৰ দুখৰ কাহিনীটো কলা মানুহ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ সুখৰ কাহিনীৰে পূৰ্ণ হৈছে। নৈয়ে সৃষ্টি কৰা গানৰ প্ৰতিটো লেখাতে আছে এনে বহু কাহিনী। প্ৰকৃততে এই গ্ৰন্থখনৰ প্ৰতিটো লেখাতে এটা কাহিনী নাই, নদী নামৰ এডাল সূতাঁৰে লেখকে জেৰ টানি আনে বহু কাহিনী, পাঠকক দি যায় বহুটো চিন্তাৰ খোৰাক। গ্ৰন্থখনৰ এই বহুমাত্ৰিক কথকতাই পাঠকক বিষয়বস্তুৰ একঘেয়ামিৰ পৰা মুক্ত কৰি ৰাখি একে সময়তে মূল আলোচিত বিষয়ৰ লগত সংযুক্ত বিষয়সমূহৰো চিন্তা কৰিবৰ বাবে পাঠকক প্ৰেৰিত কৰে। 

লেখকে নিৰ্মেদ ভাষাৰ প্ৰয়োগেৰে পাঠকক আশ্বস্ত কৰিবলৈ সক্ষম হৈছে। প্ৰায়বোৰ লেখাই ব্যক্তিগত অনুভৱ, স্মৃতি আৰু অভিজ্ঞতাৰ আলমত লিখা, গতিকে লেখক যেন পাঠকৰ লগত অবিৰত এক বাৰ্তালাপত লিপ্ত হৈছে। ৰনাৰীতিৰ এই সৰলতাৰ বাবে লেখকে পাঠকক নিজৰ অনুভৱৰ অংশীদাৰ কৰাত সফল হৈছে। লেখাসমূহৰ মাজত প্ৰকাশ পোৱা অসমীয়া গ্ৰাম্য মধ্যবিত্তীয় জীৱনৰ সফল প্ৰকাশ আৰু নৈপৰীয় সংস্কৃতিৰ উপস্থাপন লেখকৰ অন্যতম সাফল্য। সঞ্জীৱ সভাপণ্ডিত এজন চিত্ৰনিৰ্মাতা।নৈয়ে সৃষ্টি কৰা গানত এক ধৰণৰ চিনেমেটিক কথকতা বিৰাজমান, পঢ়ি যাওঁতে চৰিত্ৰ, পৰিৱেশ আৰু সংলাপ সকলো যেন সজীৱ, বাংময়। গ্ৰন্থখনৰ আন এক সৌন্দ্যৰ্য হৈছে চুটি চুটি অথচ জীৱন আৰু জাগতিক সময়ৰ সংলাপ যেন এলানি বাক্যৰ ব্যৱহাৰ। কিছু উদাহৰণ – ‘ মানুহেটো নৈবিলাক এৰিলেই, নৈবিলাকেও মানুহবিলাকক এৰিলে’, ‘ দুখত থকা মানুহৰ ওচৰত নৈয়ে আনন্দৰ গান নাগায়’, ‘ধৰ্মৰ পৰাও নৈক নিলগত ৰাখিব লাগে’, ‘ লাহে লাহে আকাশত জোনৰ অভিসাৰৰ যৱনিকা পৰিছিল’ ‘মহাশূন্যতো আছে মাথো এন্ধাৰই নিঃসন্দেহে লেখকৰ মাজত থকাচিত্ৰনাট্যসম্পৰ্কীয় জ্ঞানৰ সমাহাৰ। লেখকৰ পৰিপক্কতা আৰু অভিজ্ঞতাৰ বাবেই একেধৰণৰ এটা বিষয়বস্তু লৈ এলানি লেখা আমনি নলগাকৈ লিখিব পাৰিছে। 

মানৱ সভ্যতাৰ উন্মেষ আৰু বিস্তাৰ মূলত নদীকেন্দ্ৰিক। নদী সাক্ষী হৈ আছে মানৱ সমাজৰ উত্থান-পতনৰ, যুদ্ধ বিগ্ৰহৰ, জয়-পৰাজয়ৰ, উন্নতি অধোন্নতিৰ। নদী ইতিহাস, ভৱিষ্যত আৰু বৰ্তমানৰ জীৱন্ত দিনলিপি। টেমছ নদী যদি লণ্ডনৰ গৌৰৱ, ভৰলু নদী অসমীয়াৰ অসহিষ্ণুতাৰ নিদৰ্শন। লেখকে নদীৰ গানৰ কথাৰে এই সকলো বিষয় চুই গৈছে। নিৰ্মোহ বিশ্লেষণেৰে থকা সৰকা কৰিছে মানৱজাতিক। 

এলন মাস্ক এ মহাকাশৰ সপোন দেখুৱাইছে। এই পৃথিৱী এৰি মহাকাশৰ আন কোনো জাগতিক গ্ৰহত বাস কৰাৰ সপোনটোৰ প্ৰতি মানৱ সমাজ লালায়িত হৈছে। পৃথিৱী আৰু নদীক আমুওৱা মানৱজাতিৰ স্বাৰ্থপৰতাক লৈ লেখক দুখী হৈছে।নৈয়ে সৃষ্টি কৰা গানএ পাঠকক একুঁকি চিন্তাৰ খোৰাক দি যোৱাত সফল হৈছে।

 

                                                                  লেখকৰ ঠিকনা :

উপ-সঞ্চালকৰাষ্ট্ৰপতি ভৱন

নতুন দিল্লী— ১১০০০৪

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ