পঙ্কজ প্ৰতিম বৰদলৈ
প্ৰথমতেই আজি ‘মুক্তবীক্ষণ’ৰ পাঠকক জনাওঁ যে, আজি সম্পূৰ্ণ ব্যক্তিগত অভিজ্ঞতাৰ কথা লিখিম। গতিকে প্ৰথমতেই পাঠকৰ ওচৰত মোৰ হ’ব পৰা কোনো অতিশয়োক্তিৰ বাবে ক্ষমা বিচাৰিছোঁ। আজিৰ পৰা এটা দশকৰ আগৰ ফেব্ৰুৱাৰি মাহৰ এটা শুভ দিনত মই ৰাষ্ট্ৰপতি ভৱনত বিষয়া হিচাপে যোগদান কৰোঁ। যোৱা সময়ছোৱাত মই তৃতীয়জন ৰাষ্ট্ৰপতিৰ কাৰ্যকাল অতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছোঁ। প্ৰতিটো কাৰ্যকালতে মই নিত্য-নতুন কিছু অভিজ্ঞতাৰে সমৃদ্ধ হৈছোঁ। মোৰ নিজৰ ব্যক্তিগত ব্যক্তিত্বৰ দিশত এই অভিজ্ঞতাবোৰে মোক সহায় কৰিছে। যদিও লেখাটোৰ বিভিন্ন দিশ আৰু সময় সম্পৰ্কে পাঠকৰ মনত প্ৰশ্ন উঠিব পাৰে, প্ৰথমতেই কৈ আহিছোঁ, এয়া কিছু ব্যক্তিগত সমলৰ প্ৰকাশ। মোৰ চাকৰি জীৱনৰ প্ৰথম সময়ছোৱাতেই মই প্ৰণৱ মুখাৰ্জীদেৱৰ ব্যক্তিত্বৰ সান্নিধ্য লাভ কৰিছিলোঁ। গতিকে এই লেখাৰ জৰিয়তে তেখেতৰ বিষয়ে মোৰ ব্যক্তিগত অভিজ্ঞতা আৰু অন্যান্য দিশত আলোকপাত কৰাৰ প্ৰয়াস কৰিছোঁ। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শিল্পী দুহিতা শৰ্মিষ্ঠা মুখাৰ্জীৰ সদ্য প্ৰকাশিত এখন কিতাপ ‘PRANAB, MY FATHER: A Daughter Remembers’ কিতাপখনে ব্যাপক চৰ্চা লাভ কৰিছে। একে সময়তে মোৰ কিছু অনুভৱকো ধৰি ৰখাৰ প্ৰয়াস কৰিছোঁ।
দেশৰ প্ৰান্তীয় ৰাজ্য এখনৰ অনগ্ৰসৰ পিছপৰা জিলা এখনৰ এটা মধ্যবিত্ত পৰিয়ালৰ ল’ৰা হিচাপে এয়া এক সৌভাগ্য আছিল যদিও একে সময়তে ই এক তীব্ৰ প্ৰত্যাহ্বানমূলক কৰ্মক্ষেত্ৰ যে হ’ব সেয়া প্ৰথম দিনাই অনুভৱ কৰিছিলোঁ। নিজৰ কৰ্মনিষ্ঠা আৰু উদ্যমেই আছিল এই প্ৰত্যাহ্বানক মোকাবিলা কৰাৰ একমাত্ৰ সাৰথি। চাকৰিত যোগদান কৰাৰ পাছতেই নিৰ্মীয়মাণ হৈ থকা সংগ্ৰহালয় প্ৰকল্প সময়মতে সম্পন্ন কৰাৰ গুৰুদায়িত্ব মোৰ ওপৰত আৰোপ কৰা হৈছিল। এই প্ৰকল্প তদানীন্তন ৰাষ্ট্ৰপতিৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰকল্প
আছিল। ভাৰতৰ সংগ্ৰহালয় ক্ষেত্ৰৰ “পিতামহ’ স্বৰূপ ড° স্বৰোজ ঘোষদেৱ, যি ৰাষ্ট্ৰপতিৰ সংগ্ৰহালয় উপদেষ্টা ৰূপে নিয়োজিত আছিল, তেখেতৰ লগত প্ৰত্যক্ষভাৱে কাম কৰিবলৈ মোক নিৰ্দেশ দিয়া হৈছিল। ড° ঘোষ এজন “টাফ টাস্কমাষ্টাৰ’ ৰূপে জনাজাত আছিল। মোৰ চাকৰিৰ ব্যক্তিগত সাক্ষাৎকাৰতে তেখেতে সুধিছিল যে মই ৰাতি দহ-বাৰ বজালৈকে কাম কৰিব পাৰিমনে নাই? মোৰ উত্তৰ আছিল পুৱা চাৰিবজালৈকে পাৰিম আৰু চাৰিঘণ্টা মাত্ৰ শুবলৈ পাব লাগিব। তেখেত সন্তুষ্ট হৈছিল। প্ৰথম দিনাই মোক কৈছিল যে কোনো গাফিলতি, নিয়মানুৱৰ্তিতাৰ অভাৱ, শাৰীৰিক কষ্ট, ব্যক্তিগত অসুবিধা আদি মানি লোৱা নহ’ব, কাৰণ এই সংগ্ৰহালয় প্ৰকল্পটো ৰাষ্ট্ৰপতি মহোদয়ৰ অতি আদৰৰ প্ৰকল্প আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰাৰ দায়িত্ব সফলতাৰে পালন কৰিব লগা হ’ব। আৰু বিফলতা ! বিফলতাৰ পৰিণাম হ’ব জীৱিকা নিবৃত্তি।
চৰকাৰী নীতিৰ হিচাপত প্ৰথম শ্ৰেণীৰ চাকৰিয়াল হ’লেও “প্ৰট’কল” মতে মোৰ ৰাষ্ট্ৰপতিক ব্যক্তিগত সাক্ষাৎকাৰৰ প্ৰশ্ন কিছু কমকৈ উঠে। ইতিমধ্যে সাপ্তাহিক আৰু পষেকীয়া খতিয়ানৰ সভাত দূৰৈৰ পৰা দেখা আৰু নমস্কাৰৰ বাদে তথা সভাত হোৱা আলোচনা-বিলোচনাতে মোৰ তেখেতৰ লগত সংযোগ সীমাৱদ্ধ আছিল। তেজগোৰা চেহেৰাৰ, তীক্ষ্ণ দৃষ্টিসম্পন্ন মুখাৰ্জীদেৱৰ উচ্চতা সাধাৰণ দৃষ্টিত কম আছিল যদিও, তেখেতৰ প্ৰভাৱশালী ব্যক্তিত্বৰ আগত ই হেঙাৰ হোৱা নাছিল। তেখেতৰ যিকোনো কোঠাত সোমালেই প্ৰতি নমস্কাৰ দিয়াৰ এক বিশেষ শৈলী আছিল। হাত দুখন নমস্কাৰৰ ভংগীত এক লয়ত লৰাই থকাৰ এই শৈলীটো প্ৰথমদিনাই মোৰ চকুত পৰিছিল। ড° ঘোষ ছাৰ কলিকতাৰ নিবাসী আৰু সেই সময়ত প্ৰায় আশী বছৰ বয়সীয়া, প্ৰতি মাহত দুবাৰ দিল্লীলৈ আহি কাম চায়, খতিয়ান লয় আৰু পৰৱৰ্তী কামৰ দিহা দিয়ে, বাকী সময়ছোৱাত মই দায়িত্বত থাকোঁ । বাকীসকলৰ তুলনাত বয়োকনিষ্ঠ, তাতে আকৌ একমাত্ৰ অসমীয়া। তেনে অৱস্থাত মই ছাৰে দি যোৱা কাম কৰা আৰু বিশেষকৈ আনৰ হতুৱাই কৰোৱাত চকুৰে সৰিয়হ ফুল দেখি যাওঁ। কিন্তু ড° ঘোষ ছাৰ আৰু ৰাষ্ট্ৰপতিৰ সচিব মহোদয়াৰ সহযোগত মই লাহে লাহে নিজক প্ৰতিষ্ঠা কৰাৰ চেষ্টাও চলাই যাওঁ। ইতিমধ্যে আন বিষয়া-কৰ্মচাৰীৰ পৰা মুখাৰ্জীদেৱৰ বিষয়ে এক আভাস লাভ কৰোঁ। খঙাল, গহীন, শ্বৰ্ট টেম্পাৰ্ড আদি নেতিবাচক আৰু কৰ্মী, পণ্ডিত, খাদ্যৰসিক আদি ইতিবাচক বিশেষণ মোৰ কাণত পৰিছিলহি। মাৰ্চ মাহত এদিন ড° ঘোষ ছাৰে ক’লে ‘আই শ্যেল টেক ইউ টু প্ৰেছিডেণ্ট ওৱান ডে’, বি ৰেডি’। ইতিমধ্যে মোৰ কৰ্তব্যনিষ্ঠাৰে তেখেতৰ কিছু বিশ্বাস লাভ কৰিছিলোঁ। ২২ মাৰ্চ তাৰিখে মুখাৰ্জীদেৱৰ সৈতে মোৰ প্ৰথম সাক্ষাৎ হয়। সাক্ষাৎকাৰৰ আগত এইড দ্য কেম্প (এডিচি)জনে কাৰ্যালয় কক্ষত সোমোৱাৰ নিয়ম, ওপৰা-উপৰিকে কথা নোকোৱা, চকুলৈ চাই কথা কোৱা, ইফালে সিফালে নোচোৱা, সোধা কথাৰো সংক্ষিপ্ত উত্তৰ দিয়া আদি কথাবোৰ ক’লে, কাৰণ মই প্ৰথম বাৰলৈ তেখেতক লগ কৰিম। সিদিনা মুখাৰ্জীদেৱে মোক অসমৰ বুলি জানি সুধিছিল, “হুইচ্চ প্লেছ?’ মই যোৰহাট বুলি কওঁতে ক’লে, ‘নাইছ প্লেছ, ছ’ ইউ মাষ্ট ন’ হেন্দিক ! বি কে হেন্দিক ?’ মোৰ পৰা সদৰ্থক উত্তৰ পাই সংগ্ৰহালয়ৰ কাম-কাজৰ অগ্ৰগতি, পৰৱৰ্তী আঁচনি আদিৰ খতিয়ান লয়। ১৫ মিনিটৰ সাক্ষাৎকাৰতে তেখেতৰ জ্ঞান, নিখুঁত চিন্তাৰ সক্ষমতা, ভৱিষ্যত আচঁনিৰ স্পষ্টতা, গভীৰ দূৰদৃষ্টি আদি বহু দিশৰ আভাস পালোঁ। কৰ্ম সংক্ৰান্তত তাৰ পাছত বহুবাৰ লগ পাইছোঁ আৰু প্ৰতিবাৰেই অনুভৱ কৰিছিলোঁ তেখেতৰ বিশাল ব্যক্তিত্বৰ প্ৰভাৱ।
তেখেত আছিল এজন গভীৰ বাস্তৱ বুদ্ধিসম্পন্ন, দূৰদৃষ্টি থকা আৰু নিজা আচঁনি কাৰ্যকৰী কৰাৰ বাবে তৎপৰ ব্যক্তি। ৰাষ্ট্ৰপতি ভৱনটোক ৰাইজৰ মাজলৈ লৈ যোৱাত তেখেতৰ অনৱদ্য অৱদান আছে। পূৰ্বতে কেৱল মোগল গাৰ্ডেনহে (বৰ্তমানৰ অমৃত উদ্যান) ৰাইজৰ বাবে মুকলি আছিল আৰু ৰাষ্ট্ৰপতি ভৱনটো বিশেষ অতিথিৰ বাবেহে মুকলি ৰখা হৈছিল। এটা নতুন বিভাগ স্থাপনৰ জৰিয়তে অনলাইন বুকিঙৰ ব্যৱস্থা কৰি গাইডৰ জৰিয়তে ভৱন চাব পৰাৰ যুগান্তকাৰী ব্যৱস্থা তেখেতৰ দিনতে প্ৰণালীৱদ্ধভাৱে আৰম্ভ কৰা হয়। ঐতিহ্য আৰু ইতিহাস সংৰক্ষণৰ প্ৰতি তেখেতৰ যি আগ্ৰহ আছিল তাৰেই ফল আছিল সংগ্ৰহালয় আৰু অন্যান্য প্ৰকল্পসমূহ। তেখেত ঈৰ্ষণীয় পাণ্ডিত্য আৰু অপূৰ্ব স্মৃতিশক্তিৰ অধিকাৰী আছিল। সাধাৰণতে তেখেতৰ ভাষণসমূহ লিখিতভাৱে দিয়া হয় যদিও, তেখেতে মূলভাবটো লৈ নিজৰ মতেহে বক্তৃতা প্ৰদান কৰিছিল। তেখেতৰ হিন্দী অতি দুৰ্বল আছিল আৰু বাৰ্তালাপ আদিও বঙলা বা ইংৰাজী ভাষাত কৰাৰহে পক্ষপাতী আছিল। মই যোগদান কৰাৰ পাছতে মোদী চৰকাৰৰ প্ৰথম শপত গ্ৰহণ ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখ প্ৰাংগনত অনুষ্ঠিত হৈছিল। সেই অনুষ্ঠানত ছাৰ্ক দেশসমূহৰ নেতৃত্বই ভাগ লৈছিল। মুখাৰ্জীদেৱক ব্যক্তিগতভাৱে অনুষ্ঠানৰ আয়োজনৰ খতিয়ান লোৱা দেখিছিলোঁ। এক পৰিপক্ক আৰু সফল ৰাজনৈতিক অতীতৰ পৰা অহা বাবে তেখেত নিজৰ ৰাজহুৱা উপস্থিতিক লৈ অত্যন্ত সচেতন আছিল, যাৰ বাবে পূৰ্বে উল্লেখ কৰাৰ দৰে, সকলো অনুষ্ঠানৰ অনুশীলন আৰু ‘প্ৰট’কল” ধাৰ্য কৰি দিয়া হৈছিল আৰু ইয়াৰ অন্যথাই তেখেতক বিৰক্ত কৰিছিল।
তেখেতৰ ব্যক্তিত্বৰ এক উল্লেখযোগ্য দিশ আছিল প্ৰচুৰ অধ্যয়ন, যাৰ বাবে বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ লগত যিকোনো বিষয়ৰ আলোচনা কৰিব পাৰিছিল। তেখেতৰ বক্তৃতাৰ সংকলনখনে তেখেতৰ শব্দৰ ব্যৱহাৰৰ দক্ষতাৰ উমান দিয়ে। তেখেতে পুথিভঁৰালত থকা আপুৰুগীয়া গ্ৰন্থসমূহ, পুৰণি ঐতিহাসিক ফটো আদিৰ ডিজিটেল ৰূপ ৱেবছাইটত দি সকলোৰে বাবে সহজলভ্য হোৱাৰ ব্যৱস্থা কৰি দিছিল। যিকোনো কাম নিখুঁতকে কৰাত তেখেতে বিশেষ গুৰুত্ব দিছিল। এক অভিজ্ঞতাৰ বিষয়ে কওঁ। ৰাষ্ট্ৰপতিৰ এখন পূৰ্ণদৈৰ্ঘ্যৰ তৈলচিত্ৰ বিখ্যাত শিল্পীৰ দ্বাৰা কৰা হয়। বিশেষজ্ঞ সমিতিৰ জৰিয়তে শিল্পী নিৰ্বাচন, মাননি তথা আন কাৰিকৰী দিশসমূহৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় যদিও সমগ্ৰ প্ৰকল্পৰ সমন্বয়ৰ দায়িত্ব মোৰ আছিল। প্ৰকল্পৰ শেষৰ ফালে শিল্পীজনে তেখেতক সন্মুখত লৈ তৈলচিত্ৰৰ সফল ৰূপ দিয়াৰ প্ৰয়াস কৰে। শিল্পীজনৰ কামত তেখেত সন্তুষ্ট নহ’ল। ‘মাই পাৰ্ছনেলিটি ইজ কম্প্ৰমাইজড”- অতি স্পষ্টকৈ শুনিছিলোঁ। কিন্তু সেই তৈলচিত্ৰখনৰ শিল্পীগৰাকীক উচিত সন্মান আৰু মাননি দিয়াত তেখেতে বিশেষ গুৰুত্ব দিছিল, সেয়া আছিল তেখেতৰ উদাৰতা। আন এজন স্বনামধন্য শিল্পীৰ হতুৱাই বান্ধগলা আৰু পেণ্ট/পাইজামাৰ ঠাইত পৰম্পৰাগত বঙালী চুৰিয়া পৰিহিত এখন আটক ধুনীয়া তৈলচিত্ৰৰ চিত্ৰণেৰে নিজৰ ব্যতিক্ৰমী চিন্তাক প্ৰকাশ কৰাইছিল আৰু এই দ্বিতীয় তৈলচিত্ৰখন একক আৰু অনন্য হৈ তেখেতৰ ব্যক্তিত্বৰ প্ৰকৃত নিদৰ্শন হিচাপে আজিও ভৱনৰ শোভাবৰ্ধন কৰি আছে।
তেখেতৰ ব্যক্তিত্বত এক অতুলনীয় গাম্ভীৰ্য আছিল। মানুহৰ সমীহ আদায় কৰিব পাৰিছিল আৰু জানিছিল; তেখেতৰ ব্যক্তিত্বই উপস্থিতিৰ প্ৰমাণ দিছিল। কথা কম কৈছিল, কিন্তু কম কথাতে বহু কথা সাঙুৰি লৈছিল। তেখেতৰ স্পষ্টবাদিতা আত্মসচেতনতাৰ লক্ষণ আছিল। ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ লোৱাৰ পাছতো উচ্চ স্বৰত কথা কোৱা বাবে তেখেতে এজন জে্যষ্ঠ সাংবাদিকক টেলিভিশ্বনৰ পৰ্দাতে ভৰ্ৎসনা কৰিছিল। একে সময়তে তেখেতৰ দৰদী হৃদয়ৰ প্ৰমাণো আমি স্বচক্ষে দেখিছিলোঁ। সততে অৱহেলিত নিম্ন পৰ্যায়ৰ কৰ্মচাৰীৰ কল্যাণৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ আৰু বিপদৰ সময়ত তেখেতে যথেষ্ট সহায় আগ বঢ়োৱাৰ নজিৰ আছে। তেখেতে ভৱন পৰিসৰৰ অধিবাসীসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বহু আঁচনি বাস্তৱ ৰূপায়ণ
কৰি থৈ গৈছে।
এজন কলাৰসিক তথা ৰবীন্দ্ৰ সংগীতৰ চমঝদাৰ শ্ৰোতা হোৱাৰ লগতে শিক্ষাৰ প্ৰসাৰৰ বাবে তেখেতে বিশেষ গুৰুত্ব দিছিল। কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উদীয়মান অধ্যাপকৰ এক বছৰেকীয়া অনুষ্ঠানৰ আয়োজন কৰি ছাত্ৰ-ছাত্ৰীক সঠিক বাট দেখুৱাবৰ বাবে শিক্ষকসকলক তেখেতে অনুপ্ৰাণিত কৰিছিল। প্ৰতি বছৰে ভৱন পৰিসৰত থকা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক শিক্ষক দিৱসৰ দিনা শ্ৰেণীত তেখেতে নিজে পাঠদান কৰি উদ্বুদ্ধ কৰিছিল। বিখ্যাত শিল্পীৰ শাস্ত্ৰীয় সংগীত পৰিৱেশন তথা নৃত্য প্ৰদৰ্শন আৰু প্ৰায়বোৰ নতুন চিনেমা চোৱাৰ সুযোগ ভৱনৰ প্ৰেক্ষাগৃহতে তেখেতৰ কাৰ্যকালত আমি লাভ কৰিছিলোঁ।
তেখেতৰ সময়ছোৱাত পুৱা-গধূলিৰ চাহৰ লগত ভৱনৰ ৰান্ধনি ঘৰৰ পৰা আমাৰ নতুন নতুন মিঠাই তথা আন আন ব্যঞ্জন খোৱাৰ সৌভাগ্য হৈছিল। খাদ্যৰসিক হিচাপে তেখেতৰ নাম আছিল যদিও পাছৰ ফালে স্বাস্থ্যজনিত কাৰণত তেখেতৰ খাদ্যভ্যাস সীমিত হৈ পৰিছিল। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই, যি ব্যক্তিগতভাৱেও মুখাৰ্জীদেৱক যথেষ্ট শ্ৰদ্ধা কৰিছিল, ভাৰত ভ্ৰমণৰ সময়ত তেখেতলৈ বাংলাদেশৰ উৎকৃষ্ট ইলিছ মাছ আৰু সন্দেশ লৈ আহিছিল। তেখেতৰ চিগাৰ পাইপৰ প্ৰতি বিশেষ আগ্ৰহ আছিল। পাছৰ সময়ছোৱাত ধুম্ৰপান ত্যাগ কৰিছিল যদিও, চিগাৰডাল মুখত ৰখাটো অভ্যাস আছিল। আন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানসকলে তেখেতলৈ চিগাৰ পাইপ অনাটো প্ৰথাত পৰিণত হৈছিল, আমাৰ সংগ্ৰহালয়লৈ তেখেতে বহু সংখ্যক চিগাৰ পাইপ দান দি গৈছে, যি সংগ্ৰহালয়ত প্ৰদৰ্শিত হৈ আছে। ক’ৰবাত পঢ়িবলৈ পাইছিলোঁ যে তেখেতক প্ৰথমডাল চিগাৰ পাইপ দেৱকান্ত বৰুৱাই উপহাৰ দিছিল।
মুখাৰ্জীদেৱে সিদ্ধান্ত লোৱা আৰু তাক তৎকালীনভাৱে কাৰ্যকৰী কৰাত বিশ্বাস কৰিছিল। সংগ্ৰহালয় প্ৰকল্পৰ কাম চলি থাকোঁতেই উপদেষ্টা ড০ ঘোষ ছাৰৰ অপেন হাৰ্ট অস্ত্ৰোপচাৰ হোৱা বাবে কেইবামাহো কলিকতাৰ পৰাই কাম কৰিছিল। মই সঘনে দিল্লী-কলিকতাৰ মাজত অহা-যোৱা কৰি কাম সম্পাদন কৰিছিলোঁ আৰু দিল্লীত মোৰ তত্ত্বাৱধানত চলি থকা কামৰ পূৰ্বনিৰ্ধাৰিত সময়সীমাৰ হীন-ডেঢ়ি হ’লে মুখাৰ্জীদেৱে কঠোৰ স্থিতি গ্ৰহণ কৰিছিল আৰু দ্ৰুত সম্পাদনৰ বাবে সম্ভৱপৰ সকলো সহায় প্ৰদান কৰাইছিল। দ্বিতীয় পৰ্যায়ৰ কাম চলি থকা অৱস্থাত কিছু বিভাগীয় অভিযোগৰ বাবে মোৰ ওপৰৱালা বিষয়াক দায়িত্বৰ পৰা অব্যাহতি দি মাত্ৰ ডেৰবছৰ কাম কৰাৰ অভিজ্ঞতা থকা মোক অতিৰিক্ত আৰু গধুৰ দায়িত্ব প্ৰদান কৰিছিল। সময়ানুসাৰে প্ৰকল্পৰ কাম সমাপণৰ বাবে এনে সময়োপযোগী অথচ ‘বৈপ্লৱিক’ সিদ্ধান্ত ল’বলৈও হেলা নকৰিছিল। তেখেত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কঠোৰ আছিল। য়াকুব মেমন, আজমল কাছাৱ আৰু আফজল গুৰুৰ কৰুণা প্ৰাৰ্থনা অগ্ৰাহ্য কৰি ফাঁচীৰ পথ প্ৰশস্ত কৰিছিল।
২০১৫ চনৰ আগষ্ট মাহত তেখেতৰ পত্নীবিয়োগ হৈছিল। শুভ্ৰা মুখাৰ্জীৰ নশ্বৰ দেহত পুস্পাঞ্জলি দিবলৈ গৈ দেখিছিলোঁ স্থিতপ্ৰজ্ঞ মুখাৰ্জীদেৱক। দাহ-সংস্কাৰ কৰাৰ চাৰিঘণ্টাৰ পাছতে চৰকাৰী কাম আৰম্ভ কৰি অতুলনীয় ধৈৰ্য আৰু কৰ্মস্পৃহাৰ নিদৰ্শন দাঙি ধৰিছিল তেখেতে। প্ৰকৃতিৰ লগত তেখেতৰ সম্পৰ্ক নিবিড় আছিল। প্ৰত্যেক বছৰে অমৃত উদ্যান ৰাইজৰ বাবে খোলাৰ পূৰ্বে নিজে উদ্যানৰ খতিয়ান লৈছিল। কাৰ্যকালৰ শেষৰ বছৰত তেখেতৰ নামত আৰু স্বৰ্গগতা পত্নীৰ নামত দুবিধ নতুন প্ৰজাতিৰ গোলাপ ফুল সৃষ্টি কৰা হয় আৰু অমৃত উদ্যানত ৰোপণ কৰা হয়।
সংগ্ৰহালয় সম্পৰ্কীয় এখন অতি সন্মানীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ উদ্ধোধনী অনুষ্ঠানৰ শুভাৰম্ভ মুখাৰ্জীদেৱৰ দ্বাৰা ভৱনৰ প্ৰেক্ষাগৃহত কৰাৰ সুবিধা পাইছিলোঁ, আৰু আন এখন সন্মিলনৰ প্ৰতিনিধিসকলৰ লগত ফটো তোলোৱা আৰু চাহমেলৰ আয়োজনৰ দায়িত্বত আছিলোঁ। দুয়োবাৰতে সকলো খুঁতি-নাতি তথা সৰু সৰু দিশতো বিশেষ গুৰুত্ব তেখেতে প্ৰদান কৰিছিল। বাৰাক ওবামাৰ ভ্ৰমণৰ সময়ত তেখেতৰ সৱল নেতৃত্বত শ্ৰেষ্ঠ অভ্যৰ্থনাৰ আয়োজন হৈছিল। ৰাষ্ট্ৰপতি ভৱনৰ গৰিমাক অক্ষুণ্ণ ৰখাত তেখেত সদায়ে তৎপৰ আছিল।
যদিও তেখেতে নিজে কম্পিউটাৰ চলাব নাজানিছিল, এটা আটকধুনীয়া আৰু অত্যাধুনিক প্ৰযুক্তিসম্পন্ন সংগ্ৰহালয় স্থাপনে তেখেতক সন্তোষ দিছিল। সংগ্ৰহালয়ৰ প্ৰকল্প নিৰ্দিষ্ট সময়তকৈ প্ৰায় চাৰিমাহ আগত সম্পন্ন কৰা হয়। তেখেতৰ আগ্ৰহত তেখেতৰ একাশীতম জন্মদিনত আন এটা আপুৰুগীয়া বস্ত্ৰতাঁত কলাবীথি মুকলি কৰা হয় ২০১৬ চনত। লাহে
লাহে কেৱল সংগ্ৰহালয়ৰ কামৰ সীমাৱদ্ধতা মোৰ হ্ৰাস হৈ আহিছিল আৰু আন বহু প্ৰকল্পৰ লগত জড়িত হৈ পৰিছিলোঁ, তেখেতক ওচৰৰ পৰা পৰ্যবেক্ষণৰ সুযোগ পাইছিলোঁ। নৈষ্ঠিক হিন্দু হিচাপে ধৰ্মগ্ৰন্থৰ বহু জ্ঞান তেখেতৰ আছিল আৰু সংস্কৃতৰ বহু শ্লোক সলসলীয়াকৈ মুখস্থ আছিল। প্ৰতি বছৰে চাৰিদিনৰ বাবে নিজৰ পৈতৃক গৃহত উপস্থিত হৈ তেখেতে দুৰ্গাপূজা উদ্যাপন কৰিছিল।
কেইবছৰমান আগতে
সংস্কৃতি মন্ত্ৰালয়ৰ পূৰ্ব সচিব ৰাঘবেন্দ্ৰ সিংদেৱৰ আমন্ত্ৰণক্ৰমে তিনমূৰ্তি ভৱনত তেখেতৰ নৱতম কিতাপখনৰ উন্মোচনী অনুষ্ঠানত উপস্থিত আছিলোঁ। গ্ৰন্থখন উন্মোচন কৰি প্ৰাক্তন
ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীদেৱে এক অতি সাৰুৱা আৰু পৰিশীলিত ভাষণ প্ৰদান কৰিছিল। আমাৰ যুটীয়া সঞ্চালিকা মহোদয়া আৰু মই অনুষ্ঠানৰ পাছত মাত লগাবলৈ যাওঁতে, তেখেতে স্পষ্টকৈ মোলৈ চাই সংগ্ৰহালয়ত দৰ্শক বাঢ়িছেনে নাই সুধিছিল। মোৰপৰা পোৱা সদৰ্থক উত্তৰে তেখেতৰ মুখ উজ্জ্বল কৰি তুলিছিল। তেখেতেৰ প্ৰণৱ মুখাৰ্জী ফাউণ্ডেশ্বনৰ অফিচলৈও বহুবাৰ গৈছোঁ।
তেখেতক লগ পাইছোঁ। প্ৰতিবাৰতে তেখেতে মোক মিউজিয়ামৰ বিষয়ে সবিশেষ খবৰ লৈ আৰু কি কৰিব
পাৰি সেই বিষয়ে কৈছিল। প্ৰট’কলৰ বাবে তেখেতৰ লগত হোৱা প্ৰথম সাক্ষাতৰ কোনো ফটো মোৰ লগত নাই, কিন্তু, মানস কোঠাত তেখেতৰ স্মৃতি সদায় সজীৱ হৈ থাকিব।
ঠিকনা :
উপ সঞ্চালক,
ৰাষ্ট্ৰপতি ভৱন,
নতুন দিল্লী
ভ্ৰাম্যভাষ : ৮৮০০৯৪৮৮০৮