অন্যযুগ/


সুন্দৰবনৰ সংঘাত

পঙ্কজ প্ৰতিম বৰদলৈ



প্ৰকৃতিৰ বিস্ময় আৰু মানৱৰ সেই প্ৰকৃতিৰ লগত সংঘাত আৰু সহযোগৰ কাহিনীয়েই হৈছে সভ্যতাৰো কাহিনী৷ বিশ্ববন্দিত লেখক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ বিখ্যাত উপন্যাস ৱান হাণ্ড্ৰেড য়েৰ্ছ অৱ ছলিচিউডত এখন জলাশয়পূৰ্ণ ঠাইক মেকণ্ডনামৰ এখন চহৰলৈ পৰিগণিত কৰাৰ আৰু তাৰ পাছৰ পৰিৱৰ্তিত সময়, গৃহযুদ্ধ আদি বহুদিশৰ কথা লিখিছে৷ মানৱে সমূহীয়া প্ৰচেষ্টাৰে অসাধ্যও সাধন কৰিছে৷ জলাশয়পূৰ্ণ অস্বাস্থ্যকৰ মেকণ্ডকো এখন চহৰলৈ ৰূপান্তৰিত কৰিছে৷ বংগোপসাগৰৰ লগত সংযুক্ত, আমাৰ চুবুৰীয়া বৰ্তমানৰ পশ্চিমবংগৰ জলাহবনৰ এনে এক স্থান হৈছে সুন্দৰবন৷ অবিভক্ত ভাৰতৰ পূৱ অংশৰ জলবায়ু আৰু জৈৱবৈচিত্ৰ্যৰ ভিন্নতাৰ অতি গুৰুত্বপূৰ্ণ স্থান হৈছে সুন্দৰবন৷ বৰ্তমান সুন্দৰবনৰ এটা অংশ বাংলাদেশৰো অন্তৰ্ভুক্ত  হৈ আছে৷ বংগোপসাগৰত গংগা, ব্ৰহ্মপুত্ৰ আৰু মেঘনা নদীৰ সংগমত এই ব-দ্বীপৰ সৃষ্টি হৈছে৷ বিশ্বৰ বৃহৎ জলাহ গছৰ বননি এই সুন্দৰবনতে আছে৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ এই সুন্দৰবনৰ প্ৰায় চল্লিছ শতাংশ ভাৰতৰ ভাগত পৰিছে৷

অটব্য অৰণ্য, ৰয়েল বেংগল টাইগাৰৰ লগতে সুন্দৰবনৰ নৈসৰ্গিক সুন্দৰতা, স্বচ্ছ জলবায়ু আৰু জৈৱবৈচিত্ৰ্য এই সকলোবোৰ বৰ্তমানো এক অপাৰ বিস্ময়৷ মৌৰ্য সকলৰ শাসনৰ সময়তে এই অঞ্চলত মানুহৰ বসতি আৰম্ভ হয় বুলি কোৱা হয়৷ বাংলা লোকসাহিত্যৰ নায়ক চান্দ সদাগৰৰ কাহিনীও এই সুন্দৰবন অঞ্চলতেই প্ৰচলিত আছিল৷ সুন্দৰবনৰ জনজীৱনত লোকসাহিত্য আৰু লোকগীতৰ ব্যাপক পয়োভৰ আছে৷ মোগলৰ সময়ত এই অটব্য অৰণ্যত জনসাধাৰণৰ বসতিৰ অনুমতি স্থানীয় ৰজাসকলে দিছিল৷ ১৭৫৭ চনত ব্ৰিটিছৰ অধীন হোৱাৰ পাছত এক পদ্ধতিগতভাৱে সংৰক্ষণ আৰু মানৱ বসতিৰ অনুমতি প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷ সুন্দৰবন ব-দ্বীপ, বহু সৰু-বৰ দ্বীপৰ সমষ্টি গোছাবা, সাগৰ, ঘোৰামাৰা আদি বৃহৎ দ্বীপ৷ যদিও ইয়াত আন বহু সৰু সৰু দ্বীপও আছে৷ মৌচুনী, মায়াদ্বীপ, মৰিছঝাপি আদি বিখ্যাত দ্বীপ৷ সুন্দৰবনৰ অৰণ্য আৰু জনজীৱন যেন এক ৰহস্যৰ সমাহাৰ৷ প্ৰকৃতি আৰু মানৱৰ নিৰন্তৰ সংঘাত আৰু সহযোগিতাৰ উদাহৰণ সুন্দৰবন৷ যদিও ইউনোস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ সন্মান সুন্দৰবনে লাভ কৰিছে, তথাপি নিৰন্তৰ প্ৰকৃতি ধ্বংসযজ্ঞ চলিয়েই আছে৷ বৰ্ধিত জনসংখ্যা, ৰুগ্ন যোগাযোগ ব্যৱস্থা আৰু জলবায়ু পৰিৱৰ্তন আৰু ব্যাপক ভূমিস্খলন আদিয়ে এই ব-দ্বীপলৈ ব্যাপক ভাবুকি কঢ়িয়াই আনিছে৷

ডেনিয়েল হে্মিল্টন নামৰ ব্ৰিটিছ ব্যৱসায়ী ব্যক্তিজনে এই সুন্দৰবনৰ গোছাবা ব-দ্বীপত চৰকাৰৰ পৰা মাটি কিনি এখন এক প্ৰকাৰৰ জমিদাৰী স্থাপন কৰিছিল৷ তেওঁ বহু মানুহক আহি তাত বসবাস কৰাৰ সুবিধা দিয়াৰ লগতে তেওঁলোকক বিভিন্ন সা-সুবিধা দিয়াৰো চেষ্টা কৰিছিল৷ হেমিল্টন চাহাব ব্যৱসায়ী আছিল যদিও মানৱদৰদী ব্যক্তি আছিল৷ বিশেষতঃ চিকিৎসালয়, বিদ্যালয় আদিৰ লগতে সেই অৰণ্যনগৰীত জীৱন যাপনৰ বাবে সকলোৰে সহযোগিতাৰে তেওঁ সমবায় অৰ্থাৎ কপাৰেটিভ ’চাইটি আৰম্ভ কৰিছিল৷ সমবায় ভিত্তিত কৃষি, বিপণন আদি দিশত হেমিল্টন চাহাবে কাম কৰিছিল৷  গোছাবাত তেওঁ নিজৰ দ্বাৰা স্বীকৃত এটকীয়া মুদ্ৰাও প্ৰচলন কৰিছিল৷ যি সময়ত ভাৰতৰ সমবায় ব্যৱস্থাক লৈ মহাত্মা গান্ধী, বল্লভ ভাই পেটেল আদি নেতাই ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰিছিল৷ হেমিল্টন চাহাবে ইয়াক প্ৰায়োগিকভাৱে ব্যৱহাৰ কৰি দেখুৱাইছিল৷ তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু মহাত্মা গান্ধীৰ সমসাময়িক আছিল আৰু দুয়োজনকে গোছাবালৈ নিমন্ত্ৰণ জনাইছিল৷ ৰবীন্দ্ৰনাথ ঠাকুৰে এই নিমন্ত্ৰণ ৰক্ষা কৰি ১৯৩২ চনত  গোছাবা ভ্ৰমণ কৰিছিল৷ মহাত্মা গান্ধীয়ে নিজে আহিব নোৱাৰিলে যদিও তেওঁৰ সচিব মহাদেৱ দেশাইক এই কাৰ্যৰ বাবে পঠাইছিল৷ ১৯৩৫ চনত তেওঁ  এসপ্তাহ ধৰি গোছাবাত থাকি তাৰ প্ৰতিবেদন হৰিজনআলোচনীত প্ৰকাশ কৰিছিল, যত তেওঁ ১০,০০০-ৰ অধিক লোকৰ বসতি তথা বিদ্যালয়, হস্পিটেল আদিৰে সুৰক্ষিত গোছাবাৰ বিষয়ে লিখিছিল৷ সমবায় ব্যৱস্থাৰ সফলতাৰ কথাও তেওঁ উল্লেখ কৰিছিল৷ সেই সময়ত গান্ধীজীয়ে গাঁও উন্নয়ণ আৰু স্ৱ-নিৰ্ভৰশীলতাৰ ওপৰত চিন্তা-চৰ্চা আৰু কৰ্ম কৰাৰ প্ৰয়াস কৰিছিল, যত এই উদাহৰণে তেওঁক সহায় কৰিছিল৷

সুন্দৰবন বহু উপন্যাস আৰু কাহিনীৰ উৎস৷ ছালমান ৰুশ্বদীৰ মিডনাইট চিলড্ৰেন  কিছু অংশৰ পৰা ধৰি অমিতাভ ঘোষৰ বহু সমাদৃত টাইড কাণ্ট্ৰিলৈকে সুন্দৰবন সকলোতে৷ অমিতাভ ঘোষৰ টাইড কাণ্ট্ৰিত সুন্দৰবন যেন এটা কেন্দ্ৰীয় চৰিত্ৰ৷ সুন্দৰবনৰ মাজেৰেই যেন উপন্যাসখনৰ কাহিনীভাগ আগ বাঢ়িছিল৷ ঘোষৰ উপন্যাসৰ পাতে পাতে বনবিবি’ ‘দক্ষিণাৰায়’ ‘দুখীআদি কত যে লোককাহিনীত সুন্দৰবনৰ জনজীৱনত সমাহিত হৈ আছে৷ সুন্দৰবনৰ সফলতাও নিশ্চয় ইয়াতেই যে, ইয়াৰ অৰণ্য, জীৱন, বৈচিত্ৰ্যতেই যেন এক নিশব্দ কৌতূহল লুকাই আছে৷

বনবিবিলোককথাৰ এক দেৱী৷ সুন্দৰবনৰ অধিবাসীসকলক এই বনবিবিয়ে সকলো বিপদৰ পৰা ৰক্ষা কৰে৷ প্ৰকৃততে সুন্দৰবন জীৱন সংগ্ৰামৰ কঠোৰ ৰণভূমি৷ ইয়াৰ জনতাই জীয়াই থাকিবৰ বাবে প্ৰকৃতি, জীৱ-জন্তু, মাটি, স্বাস্থ্য আদি প্ৰায় সকলোৰে লগত নিয়মিত সংঘাতত লিপ্ত হব লগা হয়৷ মূলতঃ বাঘ আৰু মানুহৰ সংঘাত ইয়াত অতি সহজ আৰু সৰল৷ অমিতাভ ঘোষৰ হাংগ্ৰী টাইডত জীৱন্তে এটা বাঘক জ্বলাই দিয়াৰ এটা হৃদয়স্পৰ্শী ঘটনাৰ বিৱৰণ দিয়া হৈছে৷ ইয়াত মানুহৰ হিংস্ৰতাতকৈয়ো নিজৰ ক্ষোভ, খং আৰু জীৱনৰ অনিশ্চয়তাৰ বেদনাক অতি ৰুক্ষ আৰু বৰ্বৰ ৰূপত প্ৰকাশ কৰিছিল৷ এনে সংঘাতৰ পৰা পৰিত্ৰাণৰ উপায় বনবিবিবনবিবিৰ পূজাই যেন সকলোকে নিৰাপদে ৰাখিব৷ এয়া জনবিশ্বাস সুন্দৰবনৰ ঘৰে ঘৰে৷ সুন্দৰবনৰ জনবিশ্বাসত আৰু এটা প্ৰথা আছে৷ বাঘৰ আক্ৰমণত স্বামীৰ মৃত্যু হলে বিধৱা পত্নীয়ে মৌ খোৱা বন্ধ কৰে৷ কাৰণ ই ৰক্ত মৌ৷ এনে মৌ অৰণ্যৰ পৰা আনিবলৈ গৈয়ে সুন্দৰবনৰ বহুতো নাৰীৰ কপাল উকা হৈছে৷ সাৱিত্ৰীৰ মাতৃয়ে বহুবছৰৰ আগতেই মৌ খোৱা বন্ধ কৰিছিল৷ এতিয়া সাৱিত্ৰীৰ স্বামী শম্ভু মণ্ডলৰ মাছ ধৰিবলৈ গৈ বাঘৰ আক্ৰমণত মৃত্যু হোৱাৰ পাছত সাৱিত্ৰীয়ে সিদ্ধান্ত লবপৰা নাই মাছ এৰিবনে নেৰে! সুন্দৰী ঘোষৰো একেই কাহিনী জীৱনৰ সকলো ৰং হেৰাই যোৱাৰ পাছত সুন্দৰী ঘোষে মাছ, মৌ সকলো ত্যাগ কৰিলে৷ সেই একেটা বাঘৰ আক্ৰমণতে শম্ভু মণ্ডলৰ লগতে ৰাধা ঘোষৰো প্ৰাণ গৈছিল৷ ৫ বছৰলৈকে এই দুই বিধৱাই চৰকাৰৰ মৃতকে পোৱা সাহায্যৰ পৰা বঞ্চিত আছিল৷ কলিকতা উচ্চ ন্যায়ালয়ৰ এক আদেশ মৰ্মে কিছুদিন আগতে তেওঁলোকে ৫ লাখ টকাৰ সাহায্য লাভ কৰে৷ শম্ভু আৰু ৰাধাই সুন্দৰবনৰ প্ৰতিবন্ধিত অঞ্চল ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মাছ ধৰিছিল বুলি ৰাজ্য চৰকাৰে ক্ষতিপূৰণ দিয়া নাছিল৷ পাছত এই কথা আদালতৰ মজিয়াত ভুল প্ৰমাণিত হয় আৰু পৰিয়ালে ক্ষতিপূৰণ লাভ কৰে৷ দক্ষিণ আৰু উত্তৰ ২৪ পৰগণাৰ দুখন জিলাৰ অধীনত প্ৰায় ২৯ টা ব্লকত ভাৰতৰ ফালে থকা সুন্দৰবনখন আছে৷ অতি দৰিদ্ৰ এই অঞ্চলত ব্যাপক ভূমি খহনীয়া, অৰ্থনৈতিক অনগ্ৰসৰতা আদিয়ে বহু মানুহক ৰাজ্যখনৰ মূল চহৰ বা দেশৰ অন্য ঠাইলৈ যাবলৈ বাধ্য কৰি আহিছে৷ থকাসকলেও প্ৰতিদিনে কঠোৰ সংগ্ৰাম কৰিব লগা হয়৷ জীৱিকাৰ বাবে অৰণ্যৰ ওপৰত নিৰ্ভৰশীল হব লগা হয়৷ সুন্দৰবনৰ দ্বীপবোৰত বাঘ মানুহৰ সংঘাত অতি সহজ৷ মাছ ধৰা, মৌ অনা আদি অৰণ্যৰ বস্তুৰ বাবে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি ইয়াৰ অধিবাসীসকলে এনে কামত লিপ্ত হবলগা হয়৷ লাহিৰপুৰ ব্লকত সাৱিত্ৰী আৰু সুন্দৰীৰ এই পৰিস্থিতি এনে এক দুৰ্ঘটনাৰ দ্বাৰাই সৃষ্টি হৈছিল৷ সুন্দৰবনত বাঘৰ আক্ৰমণত নিহত হোৱা লোকৰ ন্যায়ৰ বাবে সুন্দৰবন ব্যাঘ্ৰ বিধৱা সমিতিনামৰ এক সংস্থা আছে৷ সাৱিত্ৰী আৰু সুন্দৰীৰ আইনী যুঁজখনৰ সহযোগিতা এই সমিতিখনেই কৰিছিল৷ এই দিশটোত দক্ষিণ বংগ মৎসজীৱি ফৰামনামৰ আন এটা সংগঠনেও সহায় কৰে৷ চৰকাৰী তথ্যমতে ভাৰতৰ সীমাৰ অন্তৰ্গত সুন্দৰবনত বাঘৰ সংখ্যা বৃদ্ধি পাইছে আৰু ২০২২ চনত ১০১ এটা বাঘ থকাৰ জৰীপ সম্ভৱ হৈছিল৷ একেসময়তে প্ৰায় ১০ বছৰত বাঘৰ আক্ৰমণত প্ৰায় ৫০০ ৰ ওপৰ লোকৰ মৃত্যু হোৱাৰ লগতে ৩০০ ৰ ওপৰ লোক আহত হৈছে৷ গতিকে এই সংঘাত কিমান গুৰুতৰ আৰু জটিল এই তথ্যই দেখুৱাই দিয়ে৷

২০১১ চনৰ তথ্যমতে প্ৰায় ৪৫ লাখৰ জনসংখ্যা থকা সুন্দৰবনত ব্যাপক ভূ-খহনীয়া হৈছে৷ জলবায়ুৰ ভাৰসাম্যহীনতা, চাইক্লন আদিৰ কাৰণে ইয়াৰ জনজীৱন আৰু প্ৰকৃতিৰ ব্যাপক ধ্বংস আৰম্ভ হৈছে৷ সুন্দৰবনৰ মৌচুনী দ্বীপ এটা ডুবি থকা দ্বীপ হিচাপে পৰিগণিত হৈছে৷ কিন্তু ইয়াৰ নৈসৰ্গিক সৌন্দৰ্যৰ বাবে ই এক পৰ্যটন ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে আৰু যথেষ্ট পৰ্যটক আহিবলৈ লৈছে৷ ই এক অৰ্থনৈতিক সম্ভাৱনাৰ বাট মুকলি কৰিছে যদিও একে সময়তে জলবায়ু, খহনীয়া আদি দিশলৈ অশনি সংকেতহে কঢ়িয়াই আনিছে৷ ভূ-ভাৰসাম্যহীনতাৰ কৱলত পৰি এই দ্বীপটো ক্ৰমাগতভাৱে ধ্বংসৰ দিশে আগবাঢ়িছে৷

সুন্দৰবনক কেন্দ্ৰ কৰি যথেষ্ট ৰাজনীতি হৈছে৷ হৈ আছে ব্যাপক দূৰ্নীতি৷ ইয়াৰ পৰিণাম সাধাৰণ ৰাইজে ভোগ কৰিব লগা হৈছে৷ ১৯৭৯ চনত সুন্দৰবনৰ মৰিছঝাপি দ্বীপত হোৱা গণহত্যা এই অঞ্চলৰ ৰাজনীতিৰ কলা ইতিহাসৰ অন্যতম৷ ভাৰত বিভাজনৰ পাছত বহু বাংলা ভাষী লোকে ছত্তীশগড়, ওড়িষা, মধ্যপ্ৰদেশৰ শুকান অঞ্চল ত্যাগ কৰি সুন্দৰবনৰ মৰিছঝাপি দ্বীপত থাকিবলৈ লৈছিল আৰু ইয়াৰ প্ৰতিৰোধ কৰিবৰ বাবে চৰকাৰী বাহিনীৰ গুলীচালনাত বহু  শ লোকৰ মৃত্যু হৈছিল৷ যদিও চৰকাৰী তথ্যত এই সংখ্যা দহজনতকৈও কম কৰা হৈছিল৷

২০২৪ তো সুন্দৰবনৰ এটা সৰু দ্বীপ ছান্দেশখালিক লৈ ব্যাপক ৰাজনীতি হৈছিল৷ ২৪ পৰাগনাৰ বছিৰহাট মহকুমাৰ এই অঞ্চলত এজন স্থানীয় তৃণমূল কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে মাটি দখল, নাৰী নিৰ্যাতন আদিৰে উত্তাল হৈ পৰিছিল৷ এই আন্দোলনৰ মূল প্ৰতিচ্ছবি ৰেখা পাত্ৰই ভাৰতীয় জনতা পাৰ্টীৰ টিকেটেৰে লোকসভাৰ নিৰ্বাচন খেলি পৰাজয় বৰণ কৰিছিল৷ অবৈধভাৱে মাটি দখলৰ বিৰুদ্ধে হোৱা এই প্ৰতিবাদ ৰাজনীতিৰ ধামখুমীয়াত আন দিশে গতি ললে৷

সুন্দৰবনত এনে বহু অকথিত কাহিনী আছে৷ সাৱিত্ৰী আৰু সুন্দৰীহঁতৰ দৰে বাঘৰ আক্ৰমণত নিহত স্বামীৰ অভাগিনী বিধৱাৰ লগতে আন বহুজন সুন্দৰবনৰ কঠোৰ জীৱনচৰ্যাত অভ্যস্ত হৈ গৈছে৷ হয়তো এই গ্ৰহণযোগ্যতাই তেওঁলোকৰ জীৱন সংগ্ৰামৰ আধাৰ আৰু তিষ্ঠি থকাৰ মন্ত্ৰ৷


ঠিকনা :

উপ-সঞ্চালক, ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী

ভ্ৰাম্যভাষ - ৮৮০০৯৪৮৮০৮

নতুন দিল্লী



অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ