পঙ্কজ প্ৰতিম বৰদলৈ
ভক্তি আন্দোলনৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই যদিও, এই আন্দোলনৰ ধৰ্মীয় আৰু আধ্যাত্মিক প্ৰভাৱৰ লগতে সামাজিক-সাংস্কৃতিক প্ৰভাৱ আছিল অপৰিসীম। এই দিশবোৰৰ বিশদ চৰ্চা হৈছে যদিও, এই প্ৰবন্ধত বিশেষতঃ সংগ্ৰহালয় আৰু ভক্তি আন্দোলন - এই দুটা ভিন্ন দিশৰ সমন্বয়ৰ বিষয়ে অৱলোকন কৰা হ’ব। সংগ্ৰহালয় বুলি কওঁতে স্থানতকৈ, ইয়াত থকা শিল্পকৰ্মকহে মূলত আলোচনা কৰাৰ প্ৰয়াস কৰা হ’ব।
ভক্তি আন্দোলন আছিল হিন্দু ধৰ্মৰ সংস্কাৰৰ সেইটো সৰ্বব্যাপ্ত আন্দোলন, যিটো আন্দোলনে হিন্দুধৰ্মৰ লৌকিক বিষয়সমূহক প্ৰত্যাহ্বান জনাই এক সৰলৰৈখিক সাধাৰণ আধ্যাত্মিকতাৰ প্ৰতি জনসাধাৰণক আকৰ্ষিত কৰিছিল। আধ্যাত্মিকতা আৰু ধৰ্মীয় সংস্কাৰৰ এই দিশটোৰ উপৰি ভক্তি আন্দোলনে তদানীন্তন সময় আৰু পৰৱৰ্তী সময়তো অন্যান্য দিশ যেনে সুকুমাৰ কলা, সাহিত্য, শিল্পচৰ্চা আদিতো প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ বিস্তাৰ কৰিছিল। সাহিত্য এই আন্দোলনৰ মূল দিশসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অন্যতম বাহক আছিল আৰু শিল্পকৰ্মই ইয়াৰ দৰ্শন আৰু আদৰ্শৰ ন্যায্যতা প্ৰদান কৰাৰ লগতে মূল গুৰুসকলৰ কৰ্মৰাজি আৰু জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত কৰিছিল। শিল্পকৰ্মৰ দৃশ্যমান গ্ৰহণযোগ্যতাই সেই সময়ৰ লগতে পৰৱৰ্তী সময়তো প্ৰাসংগিক কৰি ৰাখিছে। একে সময়তে বিভিন্ন গ্ৰন্থ, দোহা, বাণী আৰু ভাষাৰ ব্যৱহাৰে এই আন্দোলনক অধিক সাৰ্বজনীন কৰি তুলিছিল।
সময় গতিশীল।
বৰ্তমানৰ ভোগবাদী পৃথিৱীত ভক্তিমাৰ্গৰ সহজতা বা আধ্যাত্মিক স্পৰ্শৰ গ্ৰহণযোগ্যতা
কমিলেও, শিল্পকৰ্মসমূহে ইয়াৰ অনুৰণন বৰ্তমানেও তুলিব পাৰে।
কলাৰ জৰিয়তে ভক্তি আন্দোলনক পৰ্যৱেক্ষণ কৰাৰ এই সুকীয়া
পদ্ধতিত আন বহুতোৰ দিশো প্ৰকাশ পায় যিবোৰ সততে গ্ৰন্থ আৰু আন মাধ্যমসমূহে দিব
নোৱাৰে। সংগ্ৰহালয়ে ঠিক এই পটভূমিতে ঐতিহ্য সংৰক্ষণৰ লগতে এনে শিল্পকৰ্মৰ জৰিয়তে
সেই সময়ৰ আৰ্থ-সামাজিক পৰিস্থিতিৰো আভাস দিয়ে।
ভক্তি আন্দোলনৰ অন্যতম প্ৰতিভূ আছিল, কবীৰ। সাধাৰণ জনতাৰ হৃদয় স্পৰ্শ কৰিব পৰা দোহাৰে জীৱন আৰু জাগতিক দৰ্শনকো পাঠকৰ মাজলৈ লৈ যাবলৈ সক্ষম হোৱা কবীৰৰ জীৱনচৰ্যা আছিল সহজ সৰল, অথচ প্ৰজ্ঞা আৰু অভিজ্ঞতাৰে মেটমৰা। কবীৰে লিখিছিল ‘কবীৰা খড়া বাজাৰ মে’, মাংগে চবকী খেৰ/ না কাহু ছে দোস্তি, না কাহু ছে’ বেৰ’। এনে সৰল মানৱতাৰ প্ৰতিফলনেই আছিল ভক্তি আন্দোলনৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতাৰ কাৰণ।
চিত্ৰ নং-১ (কবীৰ –এজন তপস্বী হিচাপে মোগলশৈলী, ব্ৰিটিছ মিউজিয়াম, ১৯২০) |
ওপৰৰ চিত্ৰখন (চিত্ৰ নং-১) ব্ৰিটিছ সংগ্ৰহালয়ৰ সংগ্ৰহত আছে আৰু কবীৰক অংকন কৰা হৈছে। ১৯২০ চনত ব্ৰিটিছ সংগ্ৰহালয়ে এই মোগলশৈলীৰ চিত্ৰখন লাভ কৰে। ইয়াত এজন নিঃস্ব তপস্বীৰ ৰূপত কবীৰক অংকন কৰা হৈছে যদিও একে সময়তে কবীৰৰ জীৱিকাৰ দিশটোতো আলোকপাত কৰা হৈছে। চিত্ৰখনত কবীৰে কাপোৰ বৈ থকা দেখা গৈছে। উপস্থিত ব্যক্তি দুজনৰ সাজপাৰৰ পৰা কবীৰৰ সহযোগী নে কোনোবা অভ্যাগত অতিথি সেয়া নিশ্চিত নহয়। একে সময়তে পিছফালৰ পঁজা আৰু আনুষংগিক প্ৰকৃতিৰ ৰূপৰেখাৰো সম্যক ধাৰণা কৰিব পাৰি। এতিয়া এই চিত্ৰখনৰ পৰা কবীৰ সম্পৰ্কে, যি ভক্তি আন্দোলনৰ এজন মূল কাণ্ডাৰী আছিল, কিছুদিশ অনুমান কৰিব পাৰি। আকৌ একে সময়তে ই ভক্তি আন্দোলনৰ সময়ৰ কথা শিল্পীৰ কল্পনাৰে প্ৰকাশ কৰিছে।
চিত্ৰ নং-২ |
চিত্ৰ নং - ৪ |
মধ্যযুগত প্ৰযুক্তিবিদ্যাৰ ব্যাপক প্ৰসাৰ নাছিল আৰু সেইবাবে দৃশ্যমান কল্পনাৰ সাৰ্থক ৰূপায়ণৰ বাবে অভিজাতসকলেও মূলত শিল্পীৰ কল্পনাৰ কেনভাছখনলৈয়ে ভৰসা কৰিব লগা হৈছিল। আকৌ, আধুনিক যুগত প্ৰযুক্তি আহিল যদিও সেই লোককাহিনী আৰু কিতাপত বৰ্ণিত কিছু উপাদানেৰে বা আন মধ্যযুগীয়া চিত্ৰ চাই আধুনিক যুগৰ শিল্পীয়ে সময়সাপেক্ষ কল্পনাৰ আশ্ৰয় লৈ এনে চিত্ৰপট আ চৰিত্ৰ অংকণ কৰিছিল। মীৰাবাই সম্ভ্ৰান্ত ঘৰৰ জীয়াৰী আছিল আৰু তাৰপাছত তেওঁ তপস্বী হোৱাৰ প্ৰক্ৰিয়াটো তেতিয়াৰ সময়ৰ বাবে সহজসাধ্য আৰু গ্ৰহণযোগ্য নাছিল। শিল্পীৰ কল্পনাত মীৰাবাইৰ সেই কৃষ্ণসেৱী ভক্তৰ ৰূপটোৱেহে প্ৰাধান্য পাই আহিছে। উপৰোক্ত চিত্ৰখন (চিত্ৰ নং - ৪) বিখ্যাত শিল্পী ৰাজা ৰবি বাৰ্মাই প্ৰিণ্ট পদ্ধতিত নিৰ্মাণ কৰিছিল। ভক্তি আন্দোলনৰ লগত ইয়াৰ মূল ব্যক্তিসকলৰ ছবি সাধাৰণ জনতাই নিজেই কল্পনা কৰি লৈছিল। শিল্পীৰ কল্পনাই ইয়াক অধিক ন্যায্যতা প্ৰদান কৰিছিল আৰু ভক্তি আন্দোলনক জনতাৰ কাষলৈ লৈ গৈছিল।
চিত্ৰ নং - ৫ |
অবিভক্ত বংগদেশত শ্ৰীশ্ৰী চৈতন্যদেৱৰ জৰিয়তে ভক্তি আন্দোলনে ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছিল। ওপৰৰ চিত্ৰখনত (চিত্ৰ নং - ৫) ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ অংকণ কৰা হৈছে। এই চিত্ৰত, কৃষ্ণই নিজৰ লাখুটি, বাঁহী, কাঁড়, ধনু আৰু পাত্ৰ লৈ পদুমফুলৰ ওপৰত থিয় হৈ আছে আৰু শিৰৰ পিছফালে সোণালী পোহৰেৰে উদ্ভাসিত হৈছে। মেলি দিয়া পৰ্দাৰ পাছত নদী আৰু প্ৰাকৃতিক দৃশ্য দেখুওৱা পটভূমিত প্ৰায় মঞ্চ যেন লগা ঠাইত কৃষ্ণ থিয় হৈ আছে। গৌৰাংগ অৱতাৰ শিৰোনামে ওপৰৰ চিত্ৰত বিষ্ণুৰ অৱতাৰ কৃষ্ণক অংকণ কৰা হৈছে, আনহাতে তেওঁৰ সোণালী শৰীৰে গৌৰাংগ নামটোৰ আক্ষৰিক অৰ্থকো প্ৰতিফলিত কৰিছে। এই নামটো পুৰাণ সাহিত্য, গৌড়ীয় বৈষ্ণৱ ধৰ্মতো পোৱা যায় আৰু ই গৌড়ীয় বৈষ্ণৱসকলে সম্ভৱতঃ কৃষ্ণৰ অৱতাৰ বুলি গণ্য কৰা গুৰু চৈতন্য মহাপ্ৰভুকো বুজায়। মেট সংগ্ৰহালয়ত সংৰক্ষিত হোৱা এই চিত্ৰখন ১৮৯৫ চনত ক্ৰম’লিথ’গ্ৰাফ প্ৰিণ্ট পদ্ধতিত নিৰ্মাণ কৰা হৈছিল। ভক্তি আন্দোলনৰ বৈষ্ণৱ কেন্দ্ৰিক ভাগৰ মূল সাৰ কৃষ্ণ আৰু চৈতন্য মহাপ্ৰভুক কৃষ্ণৰ অৱতাৰৰূপে কল্পনা কৰাটো শিল্পী আৰু জনসাধাৰণৰ একীভূত ভক্তিৰ প্ৰতিফলন।
চিত্ৰ নং - ৬ |
পূৰ্বতেই কোৱা হৈছে ভক্তি আন্দোলনে ভৌগলিক সীমা ভেদ কৰিছিল আৰু সমগ্ৰ দক্ষিণ-পূব এছিয়া মহাদেশতো ই প্ৰভাৱ বিস্তাৰ কৰিছিল। নৱম শতিকাত ইণ্ডোনেছিয়াত পোৱা এই মূৰ্তিটো (চিত্ৰ নং - ৬) ব্ৰঞ্জ নিৰ্মিত আৰু গৰুড়ৰ ওপৰত কৃষ্ণ বহি থকা দেখা গৈছে। অৰ্ধ মানৱ অৰ্ধ পখীৰূপী হিন্দু দেৱতা গৰুড় সূৰ্য্যৰ শক্তিৰ প্ৰতীক আৰু দুষ্ট সাপ বধ কৰাৰ বাবে জনাজাত। তেওঁ সাধাৰণতে বিষ্ণুৰ বাহন হিচাপে পৰিচিত। গৰুড় কেতিয়াও কৃষ্ণৰ বাহন নহয়। ইয়াত গৰুড়ে বিষ্ণুৰ অৱতাৰ কৃষ্ণ কঢ়িয়াই লৈ ফুৰিছে, যিয়ে কেৱল বিষ্ণুৰ বাহন আৰু চক্ৰ নিজৰ লগত ৰাখিছে। গৰুড়ৰ কান্ধত তেওঁ শক্তিশালীভাৱে থিয় হৈ আছে আৰ বাওঁহাতৰ তৰ্জনী আঙুলিৰে সতৰ্কবাণীৰ ইংগিত দিছে। মেট সংগ্ৰহালয়তে সংৰক্ষিত থকা এই শিল্পকৰ্মই কেইবাটাও দিশৰ আভাস দিয়ে। প্ৰথমতে এই শিল্পকৰ্ম ভাৰতবৰ্ষৰ ভৌগলিক সীমা ভেদ কৰি প্ৰসাৰ লাভ কৰিছে। দ্বিতীয়তে, ইয়াৰ কালখণ্ড ভক্তি আন্দোলনৰ আৰম্ভনি সময়ৰ পৰা কেইটামান শতিকাৰ পাছৰ, যি সময়ত ভক্তি আন্দোলনৰ কিছু প্ৰান্তীয় প্ৰসাৰ আৰু প্ৰচাৰ হৈছিল। একে সময়তে কৃষ্ণই বিষ্ণুৰ বাহন ব্যৱহাৰ কৰাটো নিতান্তই ‘বিপ্লৱী’ প্ৰতীক। কৃষ্ণ যদি সাধাৰণ জনতাৰ সংগী, বিষ্ণুত কিছু আভিজাত্য আছে। সেই আভিজাত্যক নেওচি সৰলীকৰণৰ এই দুঃসাহস কেৱল শিল্পীৰ বাবেই সম্ভৱ। ভক্তি আন্দোলনৰ সফলতাও সেইখিনিতেই।
চিত্ৰ নং - ৭ |
বিষ্ণুৰ আটাইতকৈ কম চৰ্চিত অৱতাৰ হৈছে, বৰাহ অৱতাৰ। এই অৱতাৰৰ লৌকিক আৰু দৃশ্যমান উপস্থাপন প্ৰায় নাই বুলিলেই হয়। অথচ ভক্তি আন্দোলনকালীন সময়ছোৱাত এনে কম চৰ্চিত অৱতাৰৰ কাহিনীৰেও ভক্তিপ্ৰাণ ৰাইজৰ মাজত আধ্যাত্মিক চিন্তাৰ প্ৰসাৰৰ চেষ্টা কৰা হৈছিল। ‘গীতা গোবিন্দ’ৰ ‘টেহৰী গড়ৱাল’ শৃংখলাত ১৮ শতিকাৰ এই চিত্ৰৰ মূল আধাৰ হৈছে, যে, প্ৰতিটো মহাজাগতিক যুগত বিষ্ণুৱে নিজকে অৱতাৰ হিচাপে প্ৰকাশ কৰি পৃথিৱীখনক দুৰ্নীতি আৰু অশুভ শক্তিৰ পৰা মুক্ত কৰে; তেওঁৰ অৱতাৰসমূহৰ ভিতৰত কৃষ্ণ আটাইতকৈ জনপ্ৰিয়। এই চিত্ৰখনত (চিত্ৰ নং - ৭) বিষ্ণুৰ বৰাহ অৱতাৰে দানৱ হিৰণ্যক্ষৰ ওপৰত বিজয়ী হোৱাৰ দৃশ্য উপস্থাপন কৰা হৈছে। কাহিনীটোৰ আৰম্ভণিতে অসুৰে ভূদেৱীক অত্যাচাৰ কৰিছিল, তাৰ পিছত তেওঁ সাগৰৰ গভীৰতালৈ পলায়ন কৰিছিল। মহাজাগতিক ব্যৱস্থা ৰক্ষা কৰি বৰাহে নিজৰ দাঁতৰ আগেৰে পৃথিৱীখনক (পাহাৰ, নদী, সৰু চহৰ আৰু অসংখ্য মন্দিৰৰ সতেজ প্ৰাকৃতিক দৃশ্য হিচাপে কল্পনা কৰা) সাগৰৰ অটল তলিৰ পৰা উদ্ধাৰ কৰি অনাৰ দৃশ্য অংকন কৰিছে।
চিত্ৰ নং - ৮ |
শিৱ তাণ্ডৱ শিৱ হিচাপেই জনাজাত। মহাদেৱৰ ক্ৰোধত পৃথিৱী ধ্বংস হ’ব পাৰে। গতিকে জনমানসত শিৱৰ যি জনপ্ৰিয় কল্পনা সেয়া কিছু পৰিমাণে নেতিবাচক। ভস্ম, সাপ, বাঘৰ ছাল, ত্ৰিশূল আদিৰে শিৱৰ ভিন্ন ব্যক্তিত্ব। পশ্চিম ভাৰতৰ পুণেৰ বিখ্যাত ‘চিত্ৰশালা প্ৰেছ’ৰ ১৯ শতিকাৰ ৰঙীন লিথ’গ্ৰাফত নিৰ্মিত এই প্ৰিণ্টত (চিত্ৰ নং - ৮)‘শংকৰ শিৱ’ৰ ঐশ্বৰিক পৰিয়ালক দেখুওৱা হৈছে। শিৱ আৰু পাৰ্বতীৰ যৌৱন্ময় সুদৰ্শন মুখে সাধাৰণ জনতাক ‘ঈশ্বৰ দৰ্শন’ৰ অনুভূতিৰে সিক্ত কৰিছিল। হিমালয়ৰ বৰফৰ শৃংগবোৰক ৰং কৰা পটভূমি হিচাপে লৈ নিৰ্মাণ কৰা এই দৃশ্যটোত মঞ্চসজ্জাৰ প্ৰভাৱ আছে। ভক্তি আন্দোলন বা তাৰ পৰৱৰ্তী আধ্যাত্মিক পৰিৱেশে চলিত কল্পনাৰ বাহিৰত গৈ ভৱাৰ প্ৰয়াস কৰিছিল।
শেষত, বৰ্তমান সময়ৰ এখন চিত্ৰৰ কথা আলোচনা কৰিব খুজিছোঁ। গোণ্ড জনজাতিৰ শিল্পী ভেংকট ৰমণ সিং শ্যামে, পৰম্পৰাগত শৈলীৰে অংকণ কৰা এই চিত্ৰখনত(চিত্ৰ নং - ৯) ৰাম লক্ষ্মণ আৰু ৰাৱণক অংকণ কৰিছে। ইয়াত ৰাম আৰু লক্ষ্মণক তেওঁ আৰ্য (ইউৰোপীয়ান??) হিচাপে চিত্ৰিত কৰিছে। গতিকে শিল্পীৰ কল্পনাৰ সীমা নাই।
চিত্ৰ নং - ৯ |
ভক্তি আন্দোলন বা ইয়াৰ পৰৱৰ্তী প্ৰভাৱক কলাৰ মাধ্যমেৰে চোৱাৰ ই এক বিনম্ৰ প্ৰয়াস মাত্ৰ। বিষয়টোক লৈ বহু চিন্তা-চৰ্চা আৰু গৱেষণাৰ থল আছে। ইয়াৰ জৰিয়তে আন বহু আকৰ্ষণীয় আৰু কম জনাজাত দিশত পোহৰ পৰাৰও আশা কৰিব পাৰি।