পঙ্কজ প্ৰতীম বৰদলৈ
প্ৰতি বছৰে মে’ মাহৰ ১৮ তাৰিখটো বিশ্ব সংগ্ৰহালয় দিৱস হিচাপে
আন্তৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদে পালন কৰে৷ এই মাহৰ মুক্তবীক্ষণত সংগ্ৰহালয়ৰ লগত সংগতি
ৰাখিয়ে একলম লিখাৰ প্ৰয়াস কৰিছোঁ৷ বৰ্তমান সময়ত সামাজিক সংস্থাসমূহ সমাজৰ সকলো বৰ্গৰ
লোকৰ দ্বাৰা সুগম্য হোৱাৰ বাবে ব্যাপক চিন্তা-চৰ্চা কৰা হৈছে৷ বিদ্যালয়, চিকিৎসালয়
আদিৰ লগতে আন ৰাজহুৱা অনুষ্ঠানত এই দিশত যথেষ্ট প্ৰায়োগিক আঁচনি গ্ৰহণ আৰু ৰূপায়ণত
গুৰুত্ব দিয়া হৈছে৷
ইংৰাজী ভাষাৰ Accessibtility শব্দটোৰ প্ৰকৃত অর্থ বহুত ব্যাপক আৰু ক্ষেত্ৰ ভেদে ভিন্ন৷ অসমীয়া ভাষাত এই
শব্দটো বুজাবলৈ সুচলতা, সুগম্যতা তথা সহজলভ্যতা আদি শব্দবোৰ ব্যৱহাৰ হয়, প্রয়োজন সাপেক্ষে৷ সংগ্রহালয় আদিৰ ক্ষেত্ৰটো এই বিষয়টো
বিশেষভাৱে জড়িত৷ আন সামাজিক সংস্থাৰ দৰে সংগ্ৰহালয়ৰ বা মিউজিয়ামৰ অতি গুৰুত্বপূৰ্ণ
সামাজিক দায়িত্ব আছে৷ বিদ্যালয়, চিকিৎসালয় আদিৰ দৰে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে প্রয়োজনীয় ঠাই হিচাপে
সংগ্রহালয় সিমান জনপ্রিয় নহয় যদিও সামাজিক সাংস্কৃতিক তথা ইতিহাসৰ দৃষ্টিকোণৰে ই
এক ব্যাপক প্রয়োজনীয় স্থান৷ বর্তমান সময়ত নিজৰ ইতিহাস তথা বর্তমানকো পর্যালোচনা
কৰিবৰ বাবে সংগ্রহালয়সমূহে ব্যাপকভাৱে সহায় কৰি আহিছে৷ এইটো ভাবিলেও ভুল ভবা হ’ব যে সংগ্ৰহালয়ৰ মানে কেৱল পুৰণি ইতিহাসৰ স্থান৷ বৰ্তমান
সময়ত বহুত বিমূর্ত বিষয় লৈও সংগ্রহালয়
স্থাপন হৈছে৷ মানৱ অধিকাৰ, শৌচাগাৰ আদি জনপ্রিয় নোহোৱা বিষয় লৈও সংগ্ৰহালয় স্থাপন কৰা
হৈছে৷ গতিকে, এনে সংস্থাত সমাজৰ যি সকল বিশেষভাৱে সক্ষম লোক বা
সমাজৰ সকলো ধৰণৰ দক্ষতা থকা লোকসকলৰ ভ্রমণৰ বাবেও সুচলতা থকা হ’ব লাগিব৷ ই সামাজিক সমতাৰ দৃষ্টিকোণেৰেও
অতি প্ৰয়োজনীয়৷
সংগ্ৰহালয়সমূহে জ্ঞানৰ এক ভঁৰালৰ দৰে কাম কৰি দর্শনার্থীক এক সমৃদ্ধিশালী
অভিজ্ঞতা প্রদান কৰিবলৈ সমর্থ হয়৷ এটা সংগ্রহালয়ত যদি আমি Accendibility
বা সুচলতাৰ কথা কওঁ, তেন্তে ই বহুকেইটা দিশ সামৰি লয়৷ শাৰীৰিকভাৱে ভ্ৰমণৰ সুচলতা, সংবেদনশীলতা, দৃষ্টি- সুচলতা, ডিজিটেল আৰু আন সংলগ্ন মাধ্যমবোৰৰ মাজত
এক সমন্বয় সাধন কৰি বিশেষভাৱে সক্ষম দর্শনার্থীকো কলাবস্তুৰ লগত একাত্ম হোৱাৰ
সুযোগ প্রদান কৰিব পৰাটো৷ ই এক আভাস মাত্ৰ হে, এই তালিকা নিসন্দেহে
ব্যাপক আৰু দীঘলীয়া হ’ব৷ প্ৰতিবছৰে মে’ মাহৰ ১৮ তাৰিখটো আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস হিচাপে
সমগ্ৰ বিশ্বৰ সংগ্ৰহালয়বোৰে উদযাপন কৰে৷ ২০২২ চনৰ
এই দিৱসৰ মূল থীমটো আছিল Museum for Equality, Diversity and Inclusion, এই থীমৰ দ্বাৰা সমাজৰ
সকলোবৰ্গৰ লোকৰ বাবে যে সংগ্ৰহালয়ৰ দুৱাৰ সমানে মুকলি থাকিব লাগে তাৰ ওপৰত চকু
দিয়া হৈছিল৷ কিছু দেশত হোৱা কিছু সমীক্ষা আৰু গৱেষণাত কোৱা হৈছে যে আন বহুবোৰ
সামাজিক অনুষ্ঠানতকৈ সংগ্রহালয় এই দিশত বহু পৰিমাণে পিছ পৰি আছে আৰু এই দিশত বহু কাম
কৰাৰ প্রয়োজনীয়তা আছে৷
সংগ্রহালয় এই দিশত সর্বপ্রথমে গুৰুত্ব দিব লগা হয় ভ্ৰমণ সুচলতাৰ ওপৰত৷ হুইলচেয়াৰ বা আনধৰণৰ চলাচলৰ
মাধ্যম ব্যৱহাৰ কৰা দৰ্শকৰ বাবে উপযুক্ত পৰিমাণৰ চলাচলৰ সুবিধা থকাটো অতিশয়
প্রয়োজনীয়৷ আন দৰ্শকৰ লগতে বিশেষভাৱে সক্ষম দৰ্শকৰ
চলাচল সুচলতা থকা লিফট, এচকালেটৰ আদিৰ প্ৰয়োজন অতি জৰুৰী৷ ঐতিহ্যমণ্ডিত বা ইতিহাস বিজড়িত ঐতিহাসিক ভৱনসমূহত বহু সময়ত এনে ব্যৱস্থা
গ্রহণ কৰা কষ্টসাধ্য হৈ পৰে৷ তৎসত্ত্বেও বিশ্বৰ আগশাৰীৰ সংগ্রহালয়সমূহে এই দিশত
ব্যাপক গুৰুত্ব প্রদান কৰিছে আৰু প্রয়োজনীয় সালসলনিৰ জৰিয়তে ভৱন আৰু বিশেষভাৱে সক্ষম দর্শকসকলৰ ভ্ৰমণ অভিজ্ঞতাক উন্নত কৰাৰ চেষ্টা কৰি আহিছে৷ নতুন সংগ্ৰহালয়সমূহত আৰ্হি নিৰ্মাণৰ সময়তে প্রয়োজনীয় পদক্ষেপ
গ্রহণ কৰিবৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ সংশ্লিষ্ট
কৰ্তৃপক্ষই যাতে দিয়ে তাক নিশ্চিত কৰিব লাগে৷ সংগ্ৰহালয়ৰ কৰ্মচাৰীসকল এই ধৰণৰ দৰ্শকৰ প্ৰয়োজনীয়তা সম্পর্কে সম্যক জ্ঞানপ্রাপ্ত হ’ব লাগে আৰু এনে
দর্শনার্থীক প্রয়োজনীয় সহায় আগবঢ়াব পৰাকৈ সংবেদশীল হ’ব লাগে৷
সংগ্ৰহালয়ত মূলত চাক্ষুষ অভিজ্ঞতাৰ লগত দর্শকসকল চিনাকি হয়৷ গতিকে চাক্ষুষ অভিজ্ঞতা সংগ্ৰহালয়ৰ অন্যতম এক
প্রয়োজনীয় দিশ৷ এক সময়তে যদি আমি আন ধৰণৰ সুগম্যতা যেনে অনুভৱ, শ্রাব্য আদিৰ কথা কওঁ, তেন্তে সংগ্রহালয়সমূহে সকলোধৰণৰ শাৰীৰিক প্ৰতিবন্ধী লোকৰ বাবে ব্যাপক
অর্থত দায়িত্ব পালনৰ প্ৰয়োজনীয়তা আছে৷ এক তথ্যৰ পৰা জনা গৈছিল যে অন্ধ লোকসকলে
মুখ্যতঃ সংগ্ৰহালয় দৰ্শনৰ অভিজ্ঞতাক হৃদয়ংগম কৰিব নোৱাৰে৷ তেওঁলোকে সংগ্ৰহালয় আৰু কলাবস্তুৰ লগত এক
সংযোগ স্থাপনত ব্যাপকভাৱে বাধাৰ সন্মুখীন হয়৷ এনে ব্যৱস্থা সমাধান সংগ্রহালয়সমূহে গ্ৰহণ
কৰাৰ প্ৰয়োজনীতা আছে৷ গতিকে বর্তমান সময়ত প্ৰযুক্তিৰ সহায়ত বহু ব্যৱস্থা গ্রহণ
কৰাটো সহজসাধ্য হৈ পৰিছে৷ অডিঅ’ গাইডৰ জৰিয়তে প্ৰদৰ্শনীৰ সম্যক জ্ঞান দৃষ্টিহীন দর্শনার্থী প্ৰদান কৰিব পৰা
যাব৷ একে সময়তে আচল কলাবস্তুৰ প্ৰতিৰূপ নিৰ্মাণ কৰি তাক স্পৰ্শৰ জৰিয়তে অনুভৱৰ ব্যৱস্থা কৰি দিব পৰা যায়৷ বৰ্তমান সময়ত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তেও এনে সমস্যাৰ
কিছু সমাধান কৰিব পৰা যায়৷ বিভিন্ন স্থাপত্যৰ মডেল নিৰ্মাণ কৰি তাক স্পর্শৰ জৰিয়তে বুজাৰ ব্যৱস্থা কৰা হয়৷
ব্রেইল লিখন পদ্ধতি আৰু মানচিত্ৰ আদিৰ জৰিয়তে বহু ব্যৱস্থা গ্রহণ কৰিব পৰা যায়৷
শ্ৰৱণ সম্পৰ্কীয় সমস্যাৰ লোকসকলৰ বাবে সংগ্ৰহালয়ত চিহ্নযুক্ত
ভাষা আৰু শ্ৰৱণ বিষয়ক আংগিক ভাষাৰ সহায় ব্যাপকভাৱে গ্ৰহণ কৰা হয়৷ বহু সংগ্ৰহালয়ত প্ৰশিক্ষিত
গাইডৰ জৰিয়তে এনে দৰ্শকৰ বিশেষ দৰ্শনীৰ ব্যৱস্থা কৰা হয়৷
বৰ্তমান সময়ত ডিজিটেল প্ৰযুক্তিৰ সমাহাৰৰ দিনত সংগ্ৰহালয় সমূহতো
ব্যাপক প্ৰয়োগ হৈছে৷ সহজলভ্য ডিজিটেল ইণ্টাৰফেচৰ লগতে, বিশেষভাৱে সক্ষমসকলৰ বাবে প্ৰয়োজনীয়
উন্নত প্ৰযুক্তিৰ ডিজিটেল ব্যৱস্থাৰ প্ৰচলন কৰা হৈছে৷ এই ডিজিটেল মাধ্যমৰ বিষয়বস্তু
আৰু ‘ইণ্টাৰফেচ’ তেনে বিশেষ দৰ্শকৰ সহায় হোৱাকৈ নিৰ্মাণত জোৰ দিয়া হৈছে৷ ৰং আৰু লিখন
সঁজুলিত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ইয়াক ব্ৰেইল আদি পদ্ধতিৰ জৰিয়তে আৰু অধিক
সহজ কৰাৰ প্ৰয়াস বহু সংগ্ৰহালয়ত কৰা হৈছে৷ একে সময়তে ডিজিটেল বিষয়বোৰৰ মূল্যায়ণ আৰু
নিৰীক্ষণ অতি প্ৰয়োজনীয়৷ ডিজিটেল মাধ্যমসমূহৰ ব্যৱহাৰকালীন সময়ত পৰ্যবেক্ষণ কৰি ইয়াৰ
উন্নতি আৰু সংশোধনৰ দিশতো কাম কৰিব পৰা যায়, যিয়ে বিশেষভাৱে সক্ষম দৰ্শকৰ অভিজ্ঞতাক
উন্নত কৰিব৷
সংগ্ৰহালয়সমূহে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে, যি বিশেষভাৱে
সক্ষম দৰ্শকক এখন প্লেটফৰ্ম প্ৰদান কৰিব পাৰে৷ বিভিন্ন প্ৰদৰ্শনীত প্ৰত্যক্ষ যোগদানৰ
জৰিয়তে এই দূৰত্ব হ্ৰাস কৰিব পাৰে৷ কৰ্মশালা আদিৰ জৰিয়তে তেওঁলোক সক্ৰিয়ভাৱে বিভিন্ন
কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে৷ ই সংগ্ৰহালয়ৰ বিষয়ে নতুন তথ্যও তেওঁলোকক প্ৰদান কৰে৷
আন সহযোগী সংস্থাৰ লগত মিলি সংগ্ৰহালয়ে এই দিশত কাম কৰাৰ প্ৰয়োজনীতা আছে৷ সংগ্ৰহালয়ে
বিভিন্ন জৰীপ, মতামত আৰু পৰামৰ্শ বাকচ আদিৰ জৰিয়তে লাভকৰা তথ্যৰ আধাৰত নিজৰ ভৱিষ্যত
কাৰ্যপন্থা নিৰূপণ কৰে আৰু এনে পৰামৰ্শ কাৰ্যকৰী কৰিবৰ চেষ্টা কৰে৷
সংগ্ৰহালয় বা এনে সামাজিক সংস্থাত এনে এক পৰিৱেশ সৃষ্টি কৰাটো
এটা সামাজিক দায়িত্বৰ ভিতৰত পৰে৷ সমাজৰ দুৰ্বল অথচ বিশেষভাৱে সক্ষম লোকসকলকো সমাজৰ
অভিন্ন অংগ হিচাপে অনুভৱ কৰোৱাত সংগ্ৰহালয়ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ সকলো বাধা বিঘিনি
নেওচি বিশেষভাৱে সক্ষমসকলে যাতে নিজৰ সমাজ সংস্কৃতি আৰু ইতিহাসৰ সম্যক জ্ঞান লাভ কৰিব
পাৰে, সংগ্ৰহালয়ে এই ক্ষেত্ৰত সহায় কৰিব পাৰে৷ বৈচিত্ৰ্য আৰু সুগম্যতাৰ প্ৰতি সংবেদনশীলতা
যদি সংগ্ৰহালয়ৰ জৰিয়তে প্ৰকাশ পাই তেন্তে ই হৈছে এখন প্ৰগতিশীল সমাজৰ সৱল মূল্যবোধৰ
প্ৰকাশ৷ এই দায়িত্ব পালনৰ বাবে সংগ্ৰহালয় সমূহো সদা তৎপৰ হোৱা উচিত৷
পঙ্কজ প্ৰতীম বৰদলৈ
উপ-সঞ্চালক, ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী
ভ্ৰাম্যভাষ - ৮৮০০৯৪৮৮০৮