পংকজ প্ৰতিম বৰদলৈ
যোৱা কিছু দিন ধৰি ৰাজ্যখনত এক বিশেষ সম্প্ৰদায়ৰ কিছু সংখ্যক লোকে এটা সংগ্ৰহালয় স্থাপন কৰাক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে। আমাৰ দেশৰ বাবে সংগ্ৰহালয় এটা ‘নীৰৱ’ (silent) সামাজিক প্ৰতিষ্ঠান, যদিও সমগ্ৰ বিশ্বতে ই এক সামাজিক সমস্যা আৰু ইছ্যুসমূহক লৈ এক সৰৱ সংস্থা। কিন্তু এই বিতৰ্কটোৰ পাছত আমাৰ ৰাজ্যখনত অন্ততঃ সংগ্ৰহালয় বিষয়টোৱে ব্যাপক প্ৰাধান্য লাভ কৰিছে। এয়া লেখাটোৱে মূলতঃ সংগ্ৰহালয়ৰ বিষয়ে এক সম্যক ধাৰণা আৰু বৰ্তমান সময়ৰ অন্যান্য দিশসমূহৰ ওপৰত আলোকপাত কৰাৰ প্ৰয়াস কৰিছে।
প্ৰথমতেই কৈ লওঁ, সঠিক বুজাবুজি অবিহনেই এই বিষয়টোক লৈ এক অপ্ৰয়োজনীয় বিতৰ্কৰ সৃষ্টি হৈছে। কোনো এক নামত সংগ্ৰহালয় গঢ়ি তোলাৰ ক্ষেত্ৰত কোনো ধৰণৰ নীতিগত বাধা নাই। কিন্তু দেশৰ সংবিধানৰ গণ্ডীৰ ভিতৰত এই প্ৰতিষ্ঠানটোৰ যি উদ্দেশ্য থাকিব, সেয়া ৰাজহুৱা হোৱাৰ লগতে নিয়ম অনুসৰি এনে সংগ্ৰহালয় পঞ্জীয়ন কৰা উচিত। কোনোবাই সম্প্ৰদায়ৰ সমস্যাক প্ৰতিনিধিত্ব কৰিবলৈ নিউ মিউজিঅ’ল’জি ধাৰণাটোৰ অধীনত ‘সম্প্ৰদায়গত সংগ্ৰহালয়’ (কমিউনিটি মিউজিয়াম) বিকশিত কৰিব পাৰে। আনহাতে নৃতাত্ত্বিক সংগ্ৰহালয়ত এদল মানুহৰ শিল্পকৰ্ম আৰু এটা অঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ দ্বাৰা সংস্কৃতিক উপস্থাপন কৰিবলৈ স্থাপন কৰিব পাৰি। এই দুবিধ সংগ্ৰহালয়ে যদি কোনো অন্তৰ্নিহিত উদ্দেশ্য নথকাকৈ জ্ঞানবৰ্ধনৰ ক্ষেত্ৰত অৰিহণা যোগায় তেন্তে কোনো সমস্যা নাই। কিন্তু যদি এনে প্ৰতিষ্ঠানসমূহক অপৰাধমূলক কাৰ্যকলাপৰ বাবে গোপন মঞ্চ হিচাপে ব্যৱহাৰ কৰা হয় তেন্তে ই সংগ্ৰহালয়ৰ সৰ্বোচ্চ সংস্থা আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদ (International Council of Museums, ‘আইকম’)-ৰ নৈতিকতা সংহিতাৰ (Code of ethics) বিৰুদ্ধে যায়।
আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদৰ ২০২২ চনৰ আগষ্ট মাহত চ্ছেক্ গণৰাজ্যৰ ৰাজধানী প্ৰাগ্ চহৰত অনুষ্ঠিত সাধাৰণ সভাত সংগ্ৰহালয়ৰ এক নতুন সংজ্ঞা গৃহীত কৰা হয়। সংজ্ঞাটো এনে ধৰণৰ :
“A museum is a not-for-profit, permanent institution in the service of society that researches, collects, conserves, interprets and exhibits tangible and intangible heritage. Open to the public, accessible and inclusive, museums foster diversity and sustainability. They operate and communicate ethically, professionally and with the participation of communities, offering varied experiences for education, enjoyment, reflection and knowledge sharing.”
আলোচিত সংগ্ৰহালয়টোৱে উক্ত সংজ্ঞাক প্ৰতিফলন কৰেনে? ভৱন এটা নিৰ্মাণ কৰি তাত অলপ সমল থৈ দিলেই এটা সংগ্ৰহালয় নহয়। ‘আইকম’ৰ উপৰোক্ত সংজ্ঞাৰ উপৰি প্ৰামাণিক ভৌতিক সংস্কৃতি (Material Culture) তথা আন অনন্য সমলেৰে সমৃদ্ধ হৈ এক মৌলিক বিষয়, ধাৰণা, জীৱনশৈলী বা পৰিচয়ক প্ৰতিনিধিত্ব কৰিব পৰাটো এনে সম্প্ৰদায়কেন্দ্ৰিক সংগ্ৰহালয় হোৱাৰ প্ৰথম চৰ্ত। সেয়া আছেনে চৰ্চিত সংগ্ৰহালয়ৰটোৰ, সি এক বিচাৰ্য বিষয়। আনহাতে সংগ্ৰহালয় আৰু ৰাজনীতি বৰ্তমান সময়ত এক চৰ্চিত আৰু গৱেষণাৰ বিষয়। ইতিহাস আৰু সাম্প্ৰতিক ঘটনাৱলীৰ পুনৰ কথন-মথনত সংগ্ৰহালয় এক মাধ্যম হিচাপে ব্যৱহৃত হৈছে। অনাগত সময়ত ইয়াৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱ অনুভূত হ’ব। এই চৰ্চিত সংগ্ৰহালয়টোৰ উদ্দেশ্য তথা ইয়াৰ অন্তৰালৰ ৰাজনৈতিক কাৰচাজিও এক আলোচিত বিষয়।
প্ৰশ্ন উঠিছে যে, সেই সংগ্ৰহালয়ত প্ৰদৰ্শিত সামগ্ৰীসমূহৰ বিশেষত্ব কি, যিয়ে ইয়াক এক নতুন পৰিচয় দিছে। অথবা প্ৰকৃততে এনে এক সংগ্ৰহালয় স্থাপন কৰি সেই সম্প্ৰদায়টোৱে নিজৰ বাবে এক পৰিচয় গঢ়ি তুলিছে নেকি? প্ৰথম দিশটোৰ ক্ষেত্ৰত ক’ব পাৰি যে, যদি ভৌতিক সংস্কৃতিৰ আধাৰত এনে এক ধাৰণাক স্থাপন কৰিব বিচৰা হৈছে, তেন্তে এনে সমলৰ স্বকীয়তা, সম্প্ৰদায়টোৰ জীৱনশৈলীৰ লগত এনে সমলৰ ব্যৱহাৰ আৰু পৰিৱৰ্তনৰ ইতিহাস, ঐতিহাসিক গুৰুত্ব আদি দিশবোৰ প্ৰতিস্থাপন কৰিব পাৰিব লাগিব। দ্বিতীয় ধাৰণাৰ ক্ষেত্ৰত ক’ব পাৰি যে সংগ্ৰহালয় এটা শক্তিশালী সামাজিক সংস্থা আৰু ই এটা সম্প্ৰদায়ৰ পৰিচয় গঢ়াত নিশ্চয়কৈ সহায় কৰিব পাৰে। গতিকে এই দ্বিতীয় দিশটোৱে এই সংগ্ৰহালয়টো স্থাপনৰ দিশত বেছিকৈ গুৰুত্ব পাইছে যেন বোধ হৈছে।
ইয়াৰ সৈতে সাংস্কৃতিক আগ্ৰাসন জাতীয় এক আশংকাৰ কথাও উত্থাপিত হৈছে। কিন্তু এই সংগ্ৰহালয়ৰ মূল দিশটো সাংস্কৃতিক নহৈ স্থূল ধৰ্মীয় আৱেগ হোৱাহে দেখা গৈছে। ওপৰত কৈ অহাৰ দৰে যি কোনো জনসমষ্টিৰে এটা সংগ্ৰহালয় স্থাপন কৰাৰ অধিকাৰ আছে। মাত্ৰ তাৰ উদ্দেশ্যটো ইতিবাচক হ’ব লাগে। সংস্কৃতি এক প্ৰৱহমান প্ৰক্ৰিয়া, গতিকে বিভিন্ন পৰিৱৰ্তন অৱশ্যম্ভাৱী।
অসমৰ প্ৰেক্ষাপটত ইয়াৰ দীঘলীয়া ইতিহাস সামৰি এটা জাতীয় সংগ্ৰহালয় স্থাপনৰ প্ৰয়োজনীয়তা আছে। এই সংগ্ৰহালয়ত অসমৰ কলা, সংস্কৃতি, চিত্ৰকলা, ভাস্কৰ্য, ভাষা, সাহিত্য এই সকলো দিশ সামৰি এক বিস্তৃত প্ৰকল্প গ্ৰহণৰ প্ৰয়োজনীয়তা আছে। সংগ্ৰহালয়কেন্দ্ৰিক সজাগতাক এনে এক ইতিবাচক দিশত আগবঢ়াই নিয়াৰ প্ৰয়োজনীয়তা আছে।
সাধাৰণ দৃষ্টিৰে সংগ্ৰহালয় বা মিউজিয়াম বুলি ক’লে মনলৈ অহা ধাৰণাটো হৈছে প্ৰাচীন ধৰণৰ ভৱন এটাত অতি পুৰণি
যুগৰ কলা-কৃতি সজাই-পৰাই থোৱাৰ এক পৰিকল্পিত প্ৰয়াস৷ এই ছবিখন মুঠেই সন্তোষজনক, সুন্দৰ বা যাবলৈ আগ্ৰহ
উৎপন্নকাৰী নহয়৷ কিন্তু পাঠকসকলক জনাব খোজোঁ যে সংগ্ৰহালয়ৰ এই ধাৰণাটো এটা সৰল
ধাৰণাহে৷ প্ৰকৃততে সংগ্ৰহালয়ৰ ধাৰণাটো এক অৰ্থপূৰ্ণ আৰু বিজ্ঞানসন্মতভাৱে ব্যাপ্ত
অৱধাৰণা৷ প্ৰাচীন কলাকৃতি প্ৰদৰ্শন কৰা সেই ধাৰণাটোৰ পৰা সংগ্ৰহালয়ে বহু দূৰ বাট
বুলিলে৷
২০১৮ চনত কইম্বাটোৰত থকা তামিলনাডু কৃষি বিশ্ববিদ্যালয়ৰ অধীনত ভাৰতৰ প্ৰথমটো
পোক-পতঙ্গৰ সংগ্ৰহালয় স্থাপন কৰা হয়৷ প্ৰায় এক লাখ চৈধ্য হাজাৰৰ অধিক কীট-পতঙ্গৰ
সংগ্ৰহ থকা এই সংগ্ৰহালয়টো আচলতে ১৯০০ চনৰ পৰাই চলি আছিল৷ এই সংগ্ৰহালয়ত
আনকি প্ৰাচীন তামিল সাহিত্যৰো প্ৰদৰ্শন কৰা হৈছে য’ত পোক-পতঙ্গৰ বিষয়ে উল্লেখ আছে৷ আনহাতে অসমৰ সমীপৰে শ্বিলঙৰ
ৱাংখাৰ পৰিয়ালৰ ১৯৩০ চনতে স্থাপিত ব্যক্তিগত পখিলা সংগ্ৰহালয়টোত প্ৰায় পোন্ধৰশতকৈও
অধিক প্ৰজাতিৰ বিভিন্ন পখিলা সংৰক্ষিত হৈ আছে৷ এয়া দুটা উদাহৰণহে৷ আকৌ আমি যদি
বিশ্লেষণ কৰি চাওঁ তেন্তে দেখিম যে মানৱ অধিকাৰ এটা বিমূৰ্ত বিষয়৷ এই বিষয়টোক লৈ
বিভিন্ন চিন্তা-চৰ্চা চলি থাকে৷ বাদানুবাদ হৈ আছে কিন্তু পাঠকসকলে জানি আচৰিত হ’ব যে এনে বিমূৰ্ত বিষয়ক লৈও কানাডাত বিশ্বৰ প্ৰথমটো মানৱ
অধিকাৰ সম্পৰ্কীয় সংগ্ৰহালয় আছে৷ কানাডিয়ান মিউজিয়াম ফ’ৰ হিউমেন ৰাইটছ (Canadian Museum For Human rights) এনে ধৰণৰ প্ৰথমটো সংগ্ৰহালয়৷ গতিকে পাঠকক ইয়াৰ পৰাই আভাস দিব বিচৰা হ’ল যে সংগ্ৰহালয় বৰ্তমান সময়ত এক অতি বহল, আধুনিক আৰু গতিশীল ধাৰণা৷ যি পোক-পতঙ্গৰ পৰা মানৱ অধিকাৰলৈকে
সকলো দিশ সামৰি লৈছে৷ এনে বহু উদাহৰণ আৰু পোৱা যায়, এয়া মাথোঁ কিছু সীমিত উদাহৰণহে৷
এতিয়া প্ৰশ্ন উঠিব পাৰে সংগ্ৰহালয় মানে কি? ইয়াৰ গুৰুত্ব, প্ৰয়োজনীয়তা আৰু ইতিহাস কি? সংগ্ৰহালয়ৰ ইংৰাজী প্ৰতিশব্দ হৈছে Museum আৰু এই শব্দটো প্ৰাচীন গ্ৰীচৰ মিউজিঅ’ (Museion) শব্দটোৰ পৰা অহা৷ ম্যুজ (Muse)-সকল হৈছে গ্ৰীচৰ পৌৰাণিক আখ্যানৰ কলা-সংস্কৃতিৰ দেৱ-দেৱতাসকল৷ গতিকে এই লেটিন ভাষা উদ্ভূত শব্দটোৰ জৰিয়তে muse-সকলৰ বাবে থকা মন্দিৰ বুজোৱা হয়, অৰ্থাৎ museum-ক বুজোৱা হয়৷ ইতিহাসবিদসকলৰ মাজত কিছু দ্বিমত থকা সত্ত্বেও কোৱা যায় যে বিশ্বত প্ৰথমটো সংগ্ৰহালয় সম্ভৱত আধুনিক ইৰাকৰ Dhiqur গৱৰ্ণৰেটৰ উৰ (Ur) ৰাজ্যত অৱস্থিত আছিল৷ খ্ৰীষ্টপূৰ্ব ৫৩০-ৰ এই সংগ্ৰহালয়টো এনিগেল্ডি-নানাৰ সংগ্ৰহালয় (Ennigaldi-Nanna’s Museum) নামেৰে জনা যায়৷ নৱ-বেবিলনীয় সাম্ৰাজ্যৰ শেষৰজনা সম্ৰাট নবুনিডাছ (Nabonidus)-ৰ জীয়ৰী Ennigaldi ইয়াৰ প্ৰতিষ্ঠাপক আছিল৷ মূলতঃ মেছ’প’টেমিয়া সভ্যতাৰ বিভিন্ন কলাসম্পদ ইয়াত সংৰক্ষণ কৰি থোৱাৰ চেষ্টা কৰা হৈছিল বুলি জনা যায়৷
প্ৰাচীন গ্ৰীক আৰু ৰোমানসকলৰ মাজতো বিভিন্ন কলা-বস্তুৰ সংগ্ৰহ আৰু সংৰক্ষণৰ কথা জনা যায়৷ এই সংগ্ৰহ আৰু কলা-বস্তুসমূহ নিজৰ নিজৰ বাসভৱন তথা মন্দিৰ, পূজাস্থলী, বাগিচা আদিতো প্ৰদৰ্শন কৰি ৰখা হৈছিল৷ খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত প্ৰতিষ্ঠিত আলেকজেণ্ড্ৰিয়াৰ বিখ্যাত পুথিভঁৰালটোৰ লগত এটা সংগ্ৰহালয়ো থকাৰ কথা জনা যায়, কিন্তু সংগ্ৰহালয়টো এটা পৃথক ভৱনত আছিল নে পুথিভঁৰালৰ লগত সংলগ্ন হৈ আছিল সেই বিষয়ে নিশ্চিত তথ্য পোৱা নাযায়৷ ইজিপ্তৰ বিখ্যাত ফাৰাও মহান টলেমীৰ সময়তো এনে ধৰণৰ সংস্থা থকাৰ বিষয়ে জনা যায়৷ ইয়াৰ পাছৰ পৰ্যায়ত অভিজাত, ধনী আৰু চৌখিন মানুহৰ বিভিন্ন আপুৰুগীয়া সম্পদ সংগ্ৰহৰ এক অনুষ্ঠান হিচাপে সংগ্ৰহালয়ে প্ৰচাৰ লাভ কৰে৷ এনে অভিজাত লোকসকলে তেওঁলোকৰ এনে সংগ্ৰহসমূহ wonder rooms বা Cabinets of curiosities অৰ্থাৎ ‘আশ্বৰ্য কোঠা’ বা ‘কৌতূহলৰ আলমাৰী’ৰ জৰিয়তে তেওঁলোকৰ বন্ধু বা আন লোকৰ প্ৰদৰ্শনৰ বাবে ৰাখিছিল৷
পাছত প্ৰথমটো আধুনিক ৰাজহুৱা সংগ্ৰহালয় বুলি ক’লে ১৬৭৭ চনত স্থাপন কৰা এছ’মলিয়েন (Ashmolean) সংগ্ৰহালয়ৰ কথা কোৱা হয়। এলিয়াছ এছ’মল (Elias
Ashmole)-ৰ ব্যক্তিগত সংগ্ৰহৰ কলাসম্পদসমূহ
অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ দান দিছিল আৰু এই Ashmolean সংগ্ৰহালয়ত মুদ্ৰা, কিতাপ, তৈলচিত্ৰ, নৃতত্ত্ব, ভূ-তত্ত্ব আদি বিভিন্ন বিষয়ৰ কলাকৃতি সংৰক্ষিত হৈ আছে৷ ১৬৮৩
চনতে এই সংগ্ৰহালয়টো ব্ৰিটেইনৰ প্ৰথমটো ৰাজহুৱা সংগ্ৰহালয় হিচাপে মুকলি কৰি দিয়া
হয়৷ এই সংগ্ৰহালয়টোক বিশ্বৰ প্ৰথমটো বিশ্ববিদ্যালয়ৰ সংগ্ৰহালয় হিচাপেও জনা যায়৷
বিশিষ্ট চিকিৎসক আৰু ৰয়েল ছ’ছাইটিৰ সভাপতি ছাৰ হান্স শ্লৱান (Hans Sloane)-ৰ দ্বাৰা দান কৰা
প্ৰায় এক লাখতকৈও অধিক সম্পদেৰে ১৭৫৩ চনত স্থাপন হোৱা ব্ৰিটিছ সংগ্ৰহালয়ক ৰাইজৰ
বাবে ১৭৫৯ চনত মুকলি কৰি দিয়া হয়৷ এইটো বিশ্বৰ প্ৰথমটো ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু
বিশ্বৰ সকলো দৰ্শনাৰ্থীৰ বাবে ইয়াৰ দুৱাৰ সদায়ে মুকলি৷
ফ্ৰাঞ্চৰ বিপ্লৱৰ সময়ছোৱাত ১৭৯৩ চনত পেৰিচত ফ্ৰাঞ্চৰ প্ৰথমটো ৰাজহুৱা
সংগ্ৰহালয় লুভত স্থাপন কৰা হয়৷ এই সংগ্ৰহালয় স্থাপনৰ এটা বিশেষ উদ্দেশ্য আছিল ফ্ৰাঞ্চৰ অভিজাতসকলৰ কব্জাত থকা
দুষ্প্ৰাপ্য অমূল্য সম্পদসমূহ সাধাৰণ জনতাৰ বাবে মুকলি কৰি দিয়া৷ ঊনবিংশ আৰু বিংশ
শতিকাত ইউৰোপৰ প্ৰায়বোৰ দেশতে সংগ্ৰহালয়ৰ গুৰুত্ব বৃদ্ধি পায়৷ আমেৰিকাতো স্মিথছ’নিয়ান ইনষ্টিটিউট (Smithsonian institute)-ৰ অধীনত কেইবাটাও আগশাৰীৰ সংগ্ৰহালয় স্থাপন হয়৷ নৱজাগৰণৰ
পাছৰ পৰাই আচলতে এনে বিষয়ত সচেতনতা অধিক বৃদ্ধি পাইছিল আৰু ক্ৰমান্বয়ে ই এক
সংস্থাগত ৰূপ লাভ কৰে৷
ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত সংগ্ৰহালয়ৰ ইতিহাস বেছি পুৰণা নহয়৷ অষ্টাদশ শতিকাত ইংৰাজ ঔপনিৱেশিক শাসনৰ লগে লগে এই সংস্থাটোৰ ধাৰণাটোও ভাৰতত প্ৰৱেশ কৰে৷ উইলিয়াম জ’নছৰ দ্বাৰা বেংগল এছিয়াটিক ছ’চাইটি স্থাপন এই প্ৰক্ৰিয়াৰ প্ৰথম পদক্ষেপ আখ্যা দিব পাৰি৷ ১৭৮৪ চনত স্থাপিত এই ছ’চাইটিৰ উদ্যোগত সংগ্ৰহ কৰা বিভিন্ন সম্পদৰে ১৮১৪ চনত কলিকতাত দেশৰ প্ৰথমটো সংগ্ৰহালয় ইণ্ডিয়ান সংগ্ৰহালয় স্থাপন কৰা হয়৷ নাথানিয়েল ৱালিছ (Nathaneal Wallich) নামৰ এজন উদ্ভিদবিদক এই সংগ্ৰহালয়টোৰ প্ৰথমজন সন্মানীয় কিউৰেটৰ হিচাপে নিযুক্তি দিয়া হয়৷ মাদ্ৰাজৰ “গভৰ্নমেণ্ট মিউজিয়াম’’ আৰু “নেশ্যনেল আৰ্ট গে’লাৰী’’ ১৮৫১ চনত ফ’ৰ্ড ছেইণ্ট জৰ্জ কলেজত স্থাপন কৰা হয়৷ অবিভক্ত ভাৰতৰ কৰাচীত ভিক্ট’ৰিয়া মিউজিয়াম, দক্ষিণ ভাৰতৰ ত্ৰিবান্দ্ৰমত “ত্ৰিবান্দ্ৰম মিউজিয়াম’’ ক্ৰমে ১৮৫১ চন আৰু ১৮৫৭ চনত প্ৰতিষ্ঠা হয়৷ ১৮৫৫ চনত মুম্বাইত স্থাপন হোৱা ভিক্ট’ৰিয়া আৰু এলবাৰ্ট মিউজিয়ামক বৰ্তমান ডা° ভাউ দাজী লাড্ মিউজিয়াম নামে জনা যায়৷ ১৮৫৭ চনলৈ সমগ্ৰ ভাৰততে প্ৰায় বাৰটা সংগ্ৰহালয় স্থাপন হয়৷ ১৮৬১ চনত ভাৰতীয় পুৰাতাত্ত্বিক সংস্থা স্থাপন হয় আৰু এইটো ঐতিহ্য সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ কাম হিচাপে পৰিগণিত হয়৷ আলেকজেণ্ডাৰ কামিংহামক ভাৰতীয় পুৰাতাত্ত্বিক সংস্থাৰ প্ৰথমজন সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হয়৷ ১৮৫৮-ৰ পৰা ১৮৭৮ চনৰ সময়ছোৱাত দেশত প্ৰায় ছটা সংগ্ৰহালয় স্থাপন হয়৷ অবিভক্ত ভাৰতৰ লাহোৰতো ১৮৬৪ চনত “লাহোৰ মিউজিয়াম’’ প্ৰতিষ্ঠা হয়৷ ১৮৭৪ চনত স্থাপন হোৱা মথুৰা সংগ্ৰহালয়ৰ মথুৰা ভাস্কৰ্যসমূহ এক আপুৰুগীয়া সম্পদ৷
ইয়াৰ পাছৰ কালছোৱাত দেশী ৰাজ্যসমূহেও নিজৰ নিজৰ ৰাজ্যত বিভিন্ন সংগ্ৰহালয় স্থাপন কৰে৷
১৮৮৭ চনত জয়পুৰত এলবাৰ্ট হল স্থাপন কৰা হয়৷ সেই একেই বছৰতে মহাৰাজা ছায়াজীৰাও গায়কোৱাড়ে
বৰোদাত এটা সংগ্ৰহালয় স্থাপন কৰে৷ ১৮৫৮-১৮৯৯ চনৰ ভিতৰত দেশত প্ৰায় ২৪ টা সংগ্ৰহালয় প্ৰতিষ্ঠা হোৱাৰ তথ্য
পোৱা যায়৷
১৯০৪ চনত সাৰনাথত স্থাপন কৰা সংগ্ৰহালয়টো দেশৰ প্ৰথমটো ক্ষেত্ৰ সংগ্ৰহালয়৷ নতুনকৈ
গঠন কৰা পুৰাতত্ত্ব সংস্থাৰ ডেকা সঞ্চালক জন মাৰ্চালে, লৰ্ড কাৰ্জনৰ সহায়ত দেশৰ বিভিন্ন অঞ্চলত কেইবাটাও ক্ষেত্ৰ
সংগ্ৰহালয় স্থাপন কৰে৷ বিশেষকৈ খননকাৰ্য চলোৱা স্থানসমূহৰ সমীপতে এনে সংগ্ৰহালয়সমূহ
স্থাপন কৰা হৈছিল৷ আগ্ৰা, দিল্লী কিলা, লাহোৰ কিলা, আজমিৰ, চম্বা, মোঠপুৰ, নালন্দা, তক্ষশীলা, হৰপ্পা আদিত এনে সংগ্ৰহালয় স্থাপন কৰা হয়৷
১৯০৫ চনত ব্ৰিটেইনৰ ৰাজকুমাৰ প্ৰিঞ্চ অৱ ৱেলছৰ ভাৰত ভ্ৰমণৰ সময়তে মুম্বাইত এটা
সংগ্ৰহালয় প্ৰতিষ্ঠাৰ বাবে চিন্তা কৰা হয়৷ ১৯১৪ চনত এই সংগ্ৰহালয়টো সম্পূৰ্ণ কৰা হয়৷
প্ৰিঞ্চ অৱ ৱেলছ মিউজিয়াম নামে জনাজাত এই সংগ্ৰহালয়টো বৰ্তমান ছত্ৰপতি শিৱাজী মহাৰাজা
বাস্তু সংগ্ৰহালয় নামে জনাজাত৷ বিংশ শতিকাৰ ত্ৰিশৰ দশকৰ পৰা স্বাধীনতাৰ পূৰ্ব সময়ছোৱাত
কেইবাটাও সংগ্ৰহালয় স্থাপন হয়৷ সেইখিনিৰ ভিতৰত এলাহাবাদ মিউজিয়াম, কলিকতা বিশ্ববিদ্যালয়ৰ আশুতোষ সংগ্ৰহালয় আদি অন্যতম৷
১৯৩৬ চনত Markham আৰু Hargreaves-এ চলোৱা এক সমীক্ষাৰ মতে দেশত সেই সময়ত ১০৫ টা সংগ্ৰহালয় আছিল৷
১৯৪৯ চনৰ ১৫ আগষ্টত ভাৰতৰ গভৰ্ণৰ জেনেৰেল চি. ৰাজাগোপালাস্বাৰীয়ে ৰাষ্ট্ৰীয় সংগ্ৰহালয় মুকলি কৰে৷ ১৯৫৫ চনৰ ১২ মে’ তাৰিখে সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বৰ্তমানৰ ভৱনৰ শিলান্যাস কৰে৷ ১৯৬০ চনৰ ১৮ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় সংগ্ৰহালয়টো ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়৷ প্ৰায় দুই লাখৰ অধিক কলাকৃতিৰে এই সংগ্ৰহালয়ে এক মেটমৰা সম্ভাৰ দৰ্শনাৰ্থীৰ সন্মুখত দাঙি ধৰিছে৷ হায়দৰাবাদৰ ছালাৰজং মিউজিয়াম অন্য এক প্ৰসিদ্ধ সংস্থা৷ ১৯৫১ চনত এই সংগ্ৰহালয়টো স্থাপন কৰা হয়৷ স্বাধীনতাকালীন কালত ভাৰতৰ বিভিন্ন প্ৰান্তত বহুতো সংগ্ৰহালয় গঢ়ি উঠে৷
অসমৰ প্ৰেক্ষাপটত সংগ্ৰহালয়ৰ ইতিহাস খুঁচৰিলে দেখা যায় যে, বেংগল এছিয়াটিক ছ’চাইটিৰ দৰে স্থাপন হোৱা এটা সংস্থাৰ উদ্যোগতে অসমত প্ৰথমবাৰৰ বাবে এটা সংগ্ৰহালয় স্থাপন হয়৷ সেই সংস্থাটো হৈছে, পুৰাতত্ত্ব, ঐতিহ্য আৰু ইতিহাস বিষয়ৰ চৰ্চা আৰু গৱেষণাৰ বাবে ১৯১২ চনত কেইজনমান জ্ঞানীলোকৰ আশাসুধীয়া উদ্যোগত স্থাপন হোৱা কামৰূপ অনুসন্ধান সমিতি৷ এই সমিতিয়ে এই বিষয়সমূহৰ চৰ্চা, প্ৰসাৰ আৰু গৱেষণাৰ বাবে চিন্তা-চৰ্চা আৰু ভৱিষ্যত কাৰ্যপন্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কনকলাল বৰুৱা ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আৰু চন্দ্ৰনাথ শৰ্মা প্ৰতিষ্ঠাপক সম্পাদক আছিল৷ এই সমিতিৰ আশাসুধীয়া চেষ্টাতেই ১৯৪০ চনত অসমৰ প্ৰথমতো সংগ্ৰহালয় “আসাম প্ৰভিঞ্চিয়েল মিউজিয়াম’’ স্থাপন হয়৷ পাছলৈ ইয়েই অসম ৰাজ্যিক সংগ্ৰহালয় নাম পায়৷
এই সংগ্ৰহালয়টোৱেই প্ৰকৃতাৰ্থত অসমৰ প্ৰথমটো সংগ্ৰহালয়৷ ইয়াৰ পাছত পৰ্যায়ক্ৰমে
অসমৰ বিভিন্ন জিলাত সংগ্ৰহালয়সমূহ স্থাপন কৰা হয়৷ গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ
অধীনতো দুটা সংগ্ৰহালয় আছে৷ এনেদৰে বৰ্তমান অসমত বহুতো সংগ্ৰহালয় গঢ়ি উঠিছে৷ অতি শেহতীয়াকৈ
কাৰ্বি আংলঙত “নংখেপি কাৰ্বি হেৰিটেছ মিউজিয়াম’’ স্থাপন কৰা হৈছে৷
সংগ্ৰহালয়ৰ ক্ষেত্ৰত এক আন্তৰাষ্ট্ৰীয় সংস্থা হৈছে- আন্তৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদ৷ ইয়াক ১৯৪৬ চনত স্থাপন
কৰা হয়৷ এই সংস্থাটোৱে সমগ্ৰ বিশ্বৰ সংগ্ৰহালয়সমূহৰ এক শীৰ্ষ অনুষ্ঠান হিচাপে কাৰ্যনিৰ্বাহ
কৰে৷ এই সংস্থাৰ অধীনত প্ৰতিখন দেশতে একোখন ৰাষ্ট্ৰীয় সমিতি থাকে৷ এই সংস্থাই সংগ্ৰহালয়সমূহৰ
উন্নতি, প্ৰচাৰ, প্ৰসাৰ তথা পৰিচালনা আদি কেতবোৰ দিশক লৈ পৰামৰ্শ আগ বঢ়ায়৷ পেৰিছত মুখ্য কাৰ্যালয়
থকা এই সংস্থাৰ ভাৰত তথা এছিয়াৰ একমাত্ৰ সভাপতিজন হৈছে ড° সৰোজ ঘোষ৷ ১৯৯২ চনৰ পৰা ১৯৯৮ চনলৈকে তেখেতে ইয়াৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল৷ ড° ঘোষক তেখেতৰ সংগ্ৰহালয়ৰ ক্ষেত্ৰত কৰা প্ৰচাৰ আৰু প্ৰসাৰৰ অনবদ্য অৱদানৰ বাবে ভাৰত
চৰকাৰে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰিছিল৷
সংগ্ৰহালয়ৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ বিষয়ে বৰ্তমান বিশ্বক নতুনকৈ কোৱাৰ প্ৰয়োজন
নাই৷ তথাপি ক’ব পাৰি যে, সংগ্ৰহালয়সমূহ মানৱ সভ্যতাৰ ইতিহাস আৰু বৰ্তমানক উপস্থাপন কৰাৰ বাবে অতি প্ৰয়োজনীয়
সংস্থা৷ পাঠ্যক্ৰমৰ বাহিৰত জ্ঞানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক শিক্ষা দান কৰাৰ প্ৰয়োজনীয় মাধ্যম হিচাপেও
সংগ্ৰহালয়সমূহ প্ৰয়োজনীয়৷ বিশ্বৰ বিভিন্ন উন্নত দেশত শিক্ষাদানৰ ক্ষেত্ৰত সংগ্ৰহালয়ৰ
সম্পদ আৰু ব্যৱস্থাসমূহক বিশেষভাৱে ব্যৱহাৰ কৰা হয়৷
অসমৰ পেক্ষাপটত বৰ্তমান চৰকাৰ আৰু আন জাতীয় সংগঠনসমূহে এনে বিতৰ্কৰ ঊৰ্ধ্বত থাকি, আগ-ভাগ লৈ সংগ্ৰহালয় ক্ষেত্ৰৰ উন্নতি আৰু প্ৰচাৰৰ বাবে বিশেষ কিছু ব্যৱস্থা গ্ৰহণ কৰা উচিত লগতে জাতীয় সংগ্ৰহালয় স্থাপনৰ দৰে বিষয়ত মনোনিৱেশ কৰা উচিত।
ঠিকনা :
ৰাষ্ট্ৰপতি ভৱন সংগ্ৰহালয়
ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী
ভ্ৰাম্যভাষ নং : ৮৮০০৯৪৮৮০৮
email : protimpankaj@gmail.com