পঙ্কজ প্ৰতিম বৰদলৈ
যোৱা অক্টোবৰ মাহৰ ৫ তাৰিখে সন্মানীয় উচ্চতম ন্যায়ালয়ে ৰায়দান কৰা দিপালী বিশ্বাস বনাম নিৰ্মলেন্দু মুখাৰ্জীৰ গোচৰটো সাধাৰণ মানুহৰ বাবে আপাত দৃষ্টিত বিশেষ গুৰুত্বপূৰ্ণ গোচৰ যেন বোধ নহ’ব পাৰে, কিন্তু এই গোচৰটোৱে ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ বহু বিসংগতি পোহৰলৈ আনিছে। এখন খণ্ডপীঠে এই গোচৰটোৰ ৰায়দান কৰিছিল আৰু ন্যায়াধীশ ৰামাসুব্ৰমনিয়ানে মত প্ৰকাশ কৰিছিল যে Not to be put off by repeated failures, the appellants here in, like the tireless Vikramaditya, who made repeated attempts to capture Betal, started the present round & hopefully the final round. প্ৰায় ৫০ বছৰ পুৰণি এই গোচৰটোৰ ৰায়দান কৰি, তথা আৱেদনকাৰীক পৌৰাণিক কাহিনীৰ চৰিত্ৰ ‘বিক্ৰমাদিত্য আৰু বেতাল’-ৰ লগত ৰিজনি দি ন্যায়াধীশগৰাকীয়ে কৰা এই মন্তব্যই নিঃসন্দেহে তাৎপর্য বহন কৰিছে। লগতে আদালতে এই গোচৰটোৰ সমগ্ৰ প্ৰক্ৰিয়াটোও আইনৰ ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাৰ বাবে অনুৰোধ জনাইছে। কি আছিল এই গোচৰটোত, কিছু জানি লওঁ আহক :
পশ্চিমবংগৰ চৌব্বিছ পৰগণা জিলাৰ বনগাঁও মহকুমাৰ এগৰাকী মহিলা ৰমা দেৱীয়ে ১৯৭১ চনত তেওঁৰ পৰা ধাৰে লোৱা ৩০০০ টকা শশধৰ বিশ্বাসৰ পৰা উদ্ধাৰ কৰিবৰ বাবে মুঞ্চিফ আদালতত এখন আৱেদন দাখিল কৰে। ৰমা দেৱীয়ে ১৯৭৪ চনত এই গোচৰত জয়লাভ কৰে আৰু শশধৰ বিশ্বাসক মুঠ ছটা কিস্তিত সেই ধনখিনি ঘুৰাই দিবলৈ কোৱা হয়। কিন্তু শশধৰ বিশ্বাস সেই ধনৰাশি দিবলৈ অপাৰগ হয় আৰু ৰমা দেৱীয়ে আদালতৰ নিৰ্দেশৰ পালনৰ বাবে পুনৰ পুনৰ এক আৱেদন দাখিল কৰে, লগতে সেই সময়ৰ মূল্যৰে ৩০০০ টকাৰ ৭৪৫০ বৰ্গফুটৰ শশধৰ বিশ্বাসৰ ভূমি জব্দ ৰাখিবলৈ অনুৰোধ কৰে। ১৯৭৫ চনৰ জুলাই মাহত এখন বিক্ৰয় জাননী আদালতে জাৰি কৰে যদিও শশধৰ বিশ্বাসে প্ৰক্ৰিয়াটোত ঠগ আৰু প্ৰতাৰণাৰ আশ্ৰয় লোৱা হৈছে বুলি তাৰ বিৰুদ্ধে আদালতত আৱেদন দাখিল কৰে।
১৯৭৫ চনৰ ছেপ্তেম্বৰ মাহত শশধৰ বিশ্বাসৰ সেই আৱেদন খাৰিজ হয় আৰু সেই ভূমি চাৰি বছৰৰ পাছত নিলাম কৰা হয়। শচীন্দ্র নাথ মুখাৰ্জী আৰু দুলালকান্তি মুখাৰ্জী ভ্ৰাতৃদ্বয়ে ৫৫০০ টকাত সৰ্বোচ্চ নিলামকৰ্তা হিচাপে সেই ভূমি লাভ কৰে। এই প্ৰথম পৰ্যায়ত এই প্ৰক্ৰিয়াটো ইয়াতে শেষ হোৱা যেন লাগিলেও প্ৰকৃততে ইয়াৰ পৰা এই গোচৰটোৰ সূত্ৰপাতহে হয়। শশধৰ বিশ্বাসৰ পাছত এই গোচৰটো তেওঁৰ উত্তৰাধিকাৰীসকলে চলাই আছিল। প্ৰকৃততে গোচৰটো কেইবাটাও পৰ্যায়ত চলে আৰু ইয়াৰে বহুবাৰ উচ্চ ন্যয়ালয় আৰু উচ্চতম ন্যায়ালয় পৰ্যায়তো চলিছিল। ১৯৮০ চনত ৰমা দেৱীৰ কথা বাদ দি মুখাৰ্জী ভ্ৰাতৃদ্বয়ৰ লগত চুক্তি কৰি নিলাম বাতিল কৰিবলৈও মান্তি কৰে। কিন্ত ৫৫০০ টকা (নিলামৰ ধনৰাশি)-ৰ পৰিৱৰ্তে বিশ্বাসে ৩৭০০ টকাহে জমা কৰে যিটো গ্ৰহণযোগ্য নাছিল। সেয়া আদালতত প্ৰতীয়মান কৰোঁতে কৰোঁতে ১৯৯২ চন হ’লগৈ। তাৰ মাজতে ধৰুৱাৰ উকীলে নিলামনামা বাতিল কৰিবলৈও চেষ্টা কৰি গ’ল। তৃতীয় পৰ্যায়ত (১৯৯২-২০০১)-লৈ বিশ্বাসৰ অধিবক্তাই বিক্ৰীনামা জাৰি নকৰিবৰ বাবে আইনী যুজঁ কৰে। চতুর্থ পৰ্যায়ত মুখাৰ্জী ভ্ৰাতৃদ্বয়ে ভূমিৰ দখলীস্বত্ব বিচাৰি আৱেদন কৰে। কিন্তু শশধৰ বিশ্বাসে ইতিমধ্যে সেই ভূমিত এটা ঘৰ নিৰ্মাণ কৰোৱা বাবে বিষয়টো কিছু জটিল হৈ পৰিছিল। গোচৰটোৰ অন্তিম পৰ্যায়টো ২০০৫ চনৰ পৰা ২০২১ লৈকে চলিছিল। এইবাৰ শশধৰ বিশ্বাসৰ উত্তৰাধিকাৰীসকলে দিব লগা ধনৰাশিতকৈ নীলাম কৰা ভূমিৰ পৰিমাণ বেছি আছিল বুলি এক আৱেদন দাখিল কৰিছিল, যিখন সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল। এই শেষ পৰ্যায়ত গোচৰটোৰ আৰম্ভণিৰ আৱেদনকাৰী ৰমা দেৱী গুচৰীয়া বা পদকীয়া কোনো পক্ষতে নাছিল আৰু সেই সময়ৰ কোনো গুচৰীয়াও জীৱিত নাছিল আৰু তেওঁলোকৰ উত্তৰাধিকাৰীসকলে এই গোচৰ চলাই গৈছিল।
সামান্য কিছু ধনৰ লেন দেনৰ এই গোচৰটোৱে যোৱা প্ৰায় ৫০ বছৰে আদালতৰ মজিয়াত এটা ‘গোচৰ’ হিচাপে চলি থাকিবলৈ পোৱাটোৱেই আমাৰ ন্যায়িক ব্যৱস্থা আৰু সমগ্ৰ প্ৰক্ৰিয়াৰ ব্যৱস্থাগত ত্ৰুটিসমূহ উদঙাই দিছে। শশধৰ বিশ্বাস আৰু তেওঁৰ উত্তৰাধিকাৰীসকলে স্থিতাৱস্থা যিকোনো প্ৰকাৰে বাহাল ৰাখিবলৈ বিচাৰিছিল আৰু তাৰ বাবেই আইনী সুৰুঙাৰ সহায় লৈ আদালত আৰু চৰকাৰীযন্ত্ৰ সকলোৰে সময় আৰু ধনৰ অপচয় কৰি আহিছিল।
গণতন্ত্রৰ সফলতাৰ আৰু প্ৰায়োগিক প্ৰয়োজনীয়তাৰ মূল তিনিটা স্তম্ভৰ অন্যতম হৈছে ন্যায় ব্যৱস্থা। চৰকাৰ, সংসদ আদিৰ ওপৰত আস্থা হেৰোৱাৰ পাছত যদি সাধাৰণ জনতাই গণতান্ত্রিক প্ৰমূল্যবোধৰ ৰক্ষাৰ বাবে গভীৰ আস্থা প্ৰকাশ কৰে, সেয়া কেৱল মাত্ৰ ন্যায় ব্যৱস্থাৰ ওপৰত। গাৱঁৰ সাধাৰণ চহা কৃষকেও “তোক মই ক’ৰ্টত চাই ল’ম” বুলি কৰা মন্তব্যশাৰীৰ প্ৰায়োগিক প্ৰয়োজনীয়তা নাথাকিলেও আপাতত এই গভীৰ আস্থাৰে এক সৰল প্ৰকাশ। ন্যায়িক ব্যৱস্থাৰ এই দৃঢ়তা আৰু সন্মান ৰক্ষাৰ কৰ্ম এই ব্যৱস্থাৰ লগত জড়িত সকলোৰে পৰম দায়িত্ব। দেশৰ সৰ্বোচ্চ আদালত হিচাপে উচ্চতম ন্যায়ালয় আৰু দেশৰ শীৰ্ষ ন্যায়াধীশসকলৰ লগতে ন্যায় ব্যৱস্থাৰ লগত জড়িত কাৰ্যবাহী শীৰ্ষ বিষয়াসকলৰো ই নৈতিক দায়িত্ব। সকলো প্ৰক্ৰিয়া আৰু ব্যৱস্থাৰ দৰে ন্যায় ব্যৱস্থাও এক পৰিৱৰ্তনশীল প্ৰক্ৰিয়া। সময়ৰ তাগিদাত নতুন নতুন আইন প্ৰণয়নৰ লগতে এই ব্যৱস্থাৰো বহুল পৰিৱৰ্তন প্ৰয়োজনীয় হৈ পৰে। কিন্তু শাসন ব্যৱস্থাৰ আন অংগবোৰৰ তুলনাত এই ব্যৱস্থা এক প্ৰাচীন মানসিকতাৰ অধীন আৰু গতিশীল পৰিৱৰ্তনৰ প্ৰতি এক প্ৰকাৰৰ অনীহা এই ব্যৱস্থাত দেখা যায়।
যদি থাওকতে ভাৰতীয় ন্যায় প্ৰক্ৰিয়াটোৰ সামগ্ৰিক ব্যৱস্থাটো লক্ষ্য কৰা যায় তেন্তে দেখা যাব যে মূলতঃ এক চাৰি তৰপীয়া ব্যৱস্হাৰ জৰিয়তে আমাৰ দেশত ন্যায় প্ৰদানৰ ব্যৱস্হাটো বাহাল আছে।
একেবাৰে নিম্ন পৰ্যায়ত পৰম্পৰাগত গাঁও আৰু পঞ্চায়ত, জিলা আদালত, উচ্চ ন্যয়ালয় আৰু সৰ্বশেষত সৰ্বোচ্চ ন্যায়ালয় আছে।এই সকলো আদালতৰ কাৰ্যপৰিসৰ নিশ্চিত কৰা আছে আৰু ভাৰতৰ সংবিধানৰ দ্বাৰা গৃহীত আইনৰ মতে এই আদালতসমূহৰ কাৰ্য সম্পাদন হয়। ইয়াৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ সৰ্বোচ্চ ক্ষমতা আছে আৰু যথাৰ্থতেই দেশৰ ন্যায়িক দিশৰ দিকনিৰ্ণয়ত ই এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে।
কিন্তু বৰ্তমান সময়ত সঘনাই উত্থাপন হোৱা এটা বিষয় হৈছে যে ভাৰতৰ গণতান্ত্রিক ব্যৱস্থাৰ লগতে ভাৰতৰ ন্যায়িক প্ৰক্ৰিয়াটোৰ কাৰ্যকুশলতা সম্পৰ্কে এক প্ৰশ্নবোধকৰ সৃষ্টি হৈছে। পৰিৱৰ্তিত সময়ৰ লগত খোজ মিলাই ভাৰতৰ ন্যায় ব্যৱস্থাত এক ব্যাপক সংস্কাৰৰ প্ৰয়োজনীয়তাক কোনেও নুই কৰিব নোৱাৰে। মূলতঃ ৫ টা মূল সমস্যাই ভাৰতৰ ন্যায় ব্যৱস্থাটোক জুৰুলা কৰিছে। অতিমাত্ৰা মীমাংসাহীন গোচৰ, দুৰ্নীতি, ন্যায়াধীশ নিযুক্তিৰ বিসংগতি আৰু স্বচ্ছতাহীনতা, আদালত আৰু জনতাৰ মাজৰ সমন্বয়ৰ অভাৱ, বিচাৰাধীন কয়দীৰ সংখ্যাধিকতা ইত্যাদি।
সময়ে সময়ে এই সমস্যাসমূহক লৈ বিভিন্ন চিন্তা-চৰ্চা আৰু কিছু সংশোধনৰ প্ৰচেষ্টাও হাতত লোৱা হৈছে যদিও বিশেষ সফলতা পোৱা হোৱা নাই। আদালতসমূহত মীমাংসা নোহোৱাকৈ থকা গোচৰৰ উচ্চ সংখ্যাই ন্যায়িক ব্যৱস্থাক বহু সময়ত এক প্ৰহসন হিচাপে প্ৰতিষ্ঠা কৰিছে। ক’ৰ’না মহামাৰীৰ প্ৰভাৱত প্ৰায় দুবছৰ দিন আদালতসমূহে পূৰ্ণকালীন কাৰ্য সম্পাদন কৰিব নোৱৰাৰ বাবে পৰিস্থিতি আৰু জটিল হৈ পৰিছে। বহু সময়ত কোৱা হৈছে যে ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰিলে আৰু নিম্ন আদালতসমূহত মানৱ সম্পদৰ সংখ্যা বৃদ্ধি কৰিলে এই সমস্যাৰ কিছু সমাধান পোৱা যাব। কিন্তু বাস্তৱত ই সমগ্ৰ প্ৰক্ৰিয়াটোৰ এটা অংশৰহে সমাধান। ওপৰত উল্লেখ কৰা ধৰণৰ গোচৰৰ ক্ষেত্রত ন্যস্তস্বাৰ্থ পূৰণৰ বাবে আইনী সূৰুঙাৰ মাজেৰে আৱেদনকাৰীয়ে আৱেদন প্ৰক্ৰিয়া অব্যাহত ৰখাটো নিশ্চিত আৰু কেৱল ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰি এই সমস্যাৰ সমাধান কৰিব নোৱাৰি।
দেশৰ শীৰ্ষ ন্যায়িক বিষয়া এটৰ্নী জেনেৰেল অৱ ইণ্ডিয়া কে কে ৱেণুগোপালে যোৱা ২৬ নৱেম্বৰ তাৰিখে সংবিধান দিৱসৰ দিনা প্ৰধানমন্ত্ৰী, মুখ্য ন্যায়াধীশ আদিৰ উপস্থিতিত উচ্চতম ন্যায়ালয়ৰ বোজা কমাবৰ বাবে সমগ্ৰ দেশৰ চাৰিটা মূল স্থানত চাৰিখন ‘ক’ৰ্ট অৱ এপীলছ’ স্থাপনৰ প্ৰস্তাৱ আগ বঢ়ায়। এই আদালতসমূহে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ মাজত তৎকালীন আপীল আদালত হিচাপে কাম কৰিব। সেই একে সময়তে সংবিধান দিৱসৰ সামৰণি অনুষ্ঠানত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিয়ে ‘ন্যায়াধীশৰ দ্বাৰা ন্যায়াধীশ নিৰ্বাচন’ৰ ভাৰতৰ ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন সাধনৰ পোষকতা কৰে।
ন্যায় ব্যৱস্থাৰ আন্তঃগাঁথনিটো যদি অতি সূক্ষ্মভাৱে বিশ্লেষণ কৰা হয় তেন্তে দেখা যাব যে ই এক বহু তৰপীয়া আৰু বহুধা বিভক্ত ব্যৱস্থা। একে সময়তে ই বহুতো আনুষঙ্গিক আৰু ব্যাহ্যিক কাৰণৰ ওপৰতো নিৰ্ভৰশীল। যেনে ফৌজদাৰী গোচৰৰ ক্ষেত্ৰত পুলিচ বিভাগৰ কৰ্মকুশলতা আৰু গোচৰৰ তদন্ত বিষয়ক পদ্ধতিয়ে ন্যায়িক ফলাফলক প্ৰভাৱান্বিত কৰে। গতিকে কেৱল একপক্ষীয় সংস্কাৰৰ যোগেদিও বহু ক্ষেত্ৰত ন্যায় ব্যৱস্থাৰ প্ৰায়োগিক সংস্কাৰ সাধন কৰাটো সম্ভৱপৰ নহয়।
ন্যায় ব্যৱস্থাৰ সংস্কাৰ ইয়াৰ কৰ্মপদ্ধতিৰ পৰাই আৰম্ভ কৰা উচিত। প্ৰায়োগিক দিশসমূহৰ পৰ্যালোচনাৰ পৰা দেখা যায় যে ন্যায়ধীশৰ সংখ্যা বৃদ্ধিয়ে ব্যৱস্থাটোত বহু পৰিমাণে প্ৰভাৱ পেলাই বিচাৰাধীন গোচৰৰ সংখ্যা হ্ৰাস কৰাত সহায় কৰিব। আনহাতে সমগ্ৰ বছৰ জুৰি আদালতসমূহ খোলা ৰখাৰ সিদ্ধান্তও এক সময়োপযোগী সিদ্ধান্ত হ’ব পাৰে। আদালত সমূহৰ আন্তঃগাঁথনিৰ উন্নতি আৰু প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা প্ৰকৃত আধুনিকীকৰণে আদালতৰ গতিশীলতা যথেষ্ট বৃদ্ধি কৰিব। বহু ক্ষেত্ৰত বহু গোচৰৰ উদ্দেশ্য আৰু প্ৰক্ৰিয়া সম্বন্ধে জনা যায়। তেনে গোচৰসমূহ নিম্ন-মধ্য আদালতাৰ প্ৰক্ৰিয়াটোৰ মাজেৰে আহিবলৈ দিয়া মানে সময়ৰ অপব্যবহাৰ। তেনে ক্ষেত্ৰত ফাৰ্ষ্ট ট্ৰেক আদালত আৰু পোনপটীয়াকৈ উচ্চতম ন্যায়ালয়ত দাখিলৰ ব্যৱস্থা হ’লে বহু সময় ৰাহি হ’ব। প্ৰাচীন বৰ্তমান সময়ৰ লগত খাপ নোখোৱা আইনসমূহ বাতিল কৰাটোও সমানে প্ৰয়োজনীয়, এনে আইনে ন্যায় ব্যৱস্থাত অযথা বাধাৰ সৃষ্টি কৰে। বৰ্তমান ব্যৱস্থাৰ তথ্য সংগ্ৰহ কৰি সেই তথ্যসমূহৰ পৰ্যালোচনাৰে ইয়াৰ পৰ্যায় আৰু আসোঁৱাহসমূহৰ বিজ্ঞানসন্মত অধ্যয়ন কৰি সমাধানৰ বাট উলিওৱাটো প্ৰয়োজনীয়। একে সময়তে ন্যায় ব্যৱস্থাৰ গতিশীলতাৰ বাবে এক বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য সহায়ক ব্যৱস্থাও প্ৰয়োজনীয়। মেধাভিত্তিক নিৰ্বাচনৰ যোগেদি যোগ্য লোকক এই ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰাটো অতীৱ প্ৰয়োজনীয়।
ন্যায় ব্যৱস্থাৰ সংস্কাৰ অতি প্ৰয়োজনীয়। এয়া বৰ্তমানৰ সমাজ আৰু সময়ৰ দাবী। এই প্ৰচেষ্টা চৰকাৰ, সংসদ আৰু ন্যায়পালিকা একত্ৰিত হৈ কৰিলেহে ফলপ্ৰসূ হ’ব। প্ৰশাসন ব্যৱস্থাৰ তিনি কেন্দ্ৰ হিচাপে ইটো অংগ আনটোৰ পৰিপূৰক হোৱাৰ সময় সমাগত। এনে ঐক্যবদ্ধ প্ৰচেষ্টাইহে ভাৰতৰ ন্যায় ব্যৱস্থাৰ গতিশীলতা বৃদ্ধি কৰি সংস্কাৰৰ জৰিয়তে এক আধুনিক ন্যায় ব্যৱস্থা প্ৰতিষ্ঠা কৰিব পৰা যাব। যদি Justice hurried is justice buried, তেন্তে একে সময়তে Justice tarried is justice buried কথাষাৰো আমি মানিব লাগিব।
(মতামত লেখকৰ ব্যক্তিগত, পদবীৰ লগত সম্পৰ্ক নাই)
ঠিকনা :
উপ সঞ্চালক, ৰাষ্ট্ৰপতি ভৱন
নতুন দিল্লী, ফোন নং - ৮৮০০৯৪৮৮০৮