পংকজ প্ৰতিম বৰদলৈ
সমাজ আৰু জাতি
যেতিয়া সংকটৰ সন্মুখীন হয়, প্ৰতিবাদী জনতাই
যেতিয়া বজ্ৰনিনাদেৰে ৰাজপথ কঁপাই তোলে, সেই আৱেগ, জোৱাৰ আৰু প্ৰতিবাদী সত্তাই সকলোৰে মন চুই যায়৷ সৃষ্টিশীল মনবোৰ বেছি
সংবেদনশীল আৰু কবি, গীতিকাৰ, চিত্ৰকৰ আদি শিল্পীসকলৰ মন-মগজু সংকটময় সময়ে বেছিকৈ উদ্বেলিত কৰি তোলে আৰু তেতিয়াই সৃষ্টি হয় কিছু কালজয়ী গীত, কবিতা অথবা শিল্পৰ৷ লাহে লাহে সেই প্ৰতিবাদ, সেই সময় সলনি হয়৷
কিন্তু সেই কালজয়ী অনবদ্য সৃষ্টিসমূহ থাকি যায়, যি সৃষ্টিয়ে অনন্ত কালৰ বাবে চেতনা উদ্বেলিত কৰি ৰাখে জনতাক৷
প্ৰায় ১৭৫ বছৰ আগতে P B Shelly-য়ে কৈছিল- Poets are the unacknowledged
legislators of the world. যদিও কবি শ্যেলীয়ে
কবিসকলক কেন্দ্ৰ কৰি কৈছিল সাম্প্ৰতিক সময়ত ই সৃষ্টিশীল ক্ষেত্ৰখনত অধিক সাৰ্বজনীন
হৈ পৰিছে আৰু সৃষ্টিশীল কৰ্মৰ জৰিয়তে মনৰ ভাৱ প্ৰকাশ কৰা বহু সংখ্যক লোককে এই
উদ্ধৃতিশাৰীয়ে সামৰি ল’ব৷
অলপতে বৰ্ষাশ্ৰী নামৰ এগৰাকী কমবয়সীয়া
ছাত্ৰীয়ে আৱেগ উদ্বেলিত হৈ এশাৰী কবিতা লিখি জেলৰ ভাত খাব লগা হৈছিল বুলি
প্ৰচাৰিত হৈছিল যদিও আন বহুবোৰ কাৰ্যকলাপৰ বাবেহে আচলতে গ্ৰেপ্তাৰ হৈছিল বুলি পাছত
জানিব পৰা গৈছিল। যদিও এই ঘটনাটোৰ দ্বাৰা কোনো সাহিত্যিক চেতনাৰ বিকাশ হোৱা নাছিল
আৰু কম বয়সীয়া এগৰাকী ছাত্ৰীক প্ৰতিবাদী সত্বা হিচাপে প্ৰতিষ্ঠাৰ নিষ্ফল প্ৰয়াস চলিছিল। প্ৰকৃততে, কবিতা নামৰ মাধ্যমটোকে আলম লৈ কলম আৰু শব্দৰ শক্তিকে
আওপকীয়াকৈ ব্যৱহাৰ কৰা হৈছিল।।
সামাজিক প্ৰতিবাদৰ
প্ৰতি ক্ষণতে আৰু ৰাজনৈতিক উত্থানৰ প্ৰতি পদক্ষেপতে পৰিৱৰ্তনকামী জনগণক কবি-সাহিত্যিকসকলে
প্ৰেৰণা দি আহিছে৷ গণ-প্ৰতিৰোধৰ প্ৰতিটো খোজতে সাঙোৰ খাই আছে জনতাৰ তথা সৃষ্টিশীল
সত্তাৰ নিকট সম্পৰ্ক৷ নাগৰিকত্ব সংশোধনী আইনৰ বিষয়টো লৈ যি এক সৰ্বস্তৰৰ সামাজিক
প্ৰতিবাদ সমগ্ৰ দেশতে হৈছিল, তাৰ প্ৰত্যক্ষ আৰু
পৰোক্ষ প্ৰভাৱ কবি-শিল্পী-সাহিত্যিক আদি সৃষ্টিশীল লোকৰ
ওপৰতো পৰিছিল৷ প্ৰকৃততে শিল্প আৰু সাহিত্যৰ মাজেৰে প্ৰতিবাদ বা গণ-বিৰোধক জনতাৰ
ওচৰলৈ লৈ গ’লে জনতাই সহজতে আঁকোৱালি লয়৷ বৰ্তমান সময়ত গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰতিবাদৰ
সময়ত এই সৃষ্টিশীল লোকসকলৰ গুৰুত্ব আৰু বৃদ্ধি পাইছে৷ নাগৰিকত্ব সংশোধনী আইনখনৰ
বিৰুদ্ধে চলি থকা দেশজুৰি প্ৰতিবাদৰ সময়তে কিছু সংখ্যক গীত-কবিতা তথা
সৃষ্টিশীল কৰ্মই সমাদৰ লাভ কৰিছিল৷ এই আন্দোলনৰ প্ৰেক্ষাপটত সৃষ্টি হোৱা এনে কবিতা
তথা গীতসমূহ মুখ্যতঃ ৰচিত হৈছিল যুৱপ্ৰজন্মৰ দ্বাৰা৷ এইটো আন এক উল্লেখনীয় দিশ৷
সাধাৰণতে যিকোনো
প্ৰতিবাদ বা প্ৰতিষ্ঠান বিৰোধী গণ-অভ্যুত্থানৰ ৰাজনৈতিক বা
সামাজিক আৰু অন্য মূলগত দিশবোৰক লৈ সৰৱ
আলোচনা হয় যদিও প্ৰতিবাদৰ সৃষ্টিশীল দিশটোৰ বিষয়ত বিশেষ চৰ্চা হোৱা দেখা নাযায় ৷ লেখাটোৰ জৰিয়তে সেই দিশটো অলপ
আলোকপাত কৰিব বিচৰা হৈছে৷
“হম দেখেংগে/ দেখেংগে/ লজমী হে’ কি হ’ম ভী দেখেংগে/ ৱ’ দিন কে জিছ্ কা ৱাদা হে’/ জ’ ল’হে- এ অজল মে’ লিখা হে’/ হম দেখেংগে” – ফৈজ আহমেদ ফৈজ৷
অবিভক্ত ভাৰতবৰ্ষত
জন্মগ্ৰহণ কৰা উৰ্দু সাহিত্যৰ অন্যতম ভোটাতৰা ফৈজ আহমেদ ফৈজৰ “হম দেখেংগে” শীৰ্ষক উপৰিউক্ত দীঘলীয়া কবিতাটো এক বিতৰ্কৰ সন্মুখীন হৈছিল আৰু নাগৰিকত্ব
সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ লগত সাঙোৰ খাই পৰিছিল৷ পাকিস্তানৰ
একনায়কত্ববাদী শাসক জেনেৰেল জিয়াউল হকৰ শাসনকালত লিখিত এই কবিতাটোৱে কিন্তু
পৰম্পৰাগত ইছলামীয় কল্পনাৰ সহায় লৈছিল যদিও মুখ্যতঃ জেনেৰেল হকৰ একনায়কত্ববাদী
শাসন উফৰাই গণতন্ত্ৰ প্ৰতিষ্ঠাৰ হকে মাত মাতিছিল৷ ২০১৯ চনৰ ১৭ ডিচেম্বৰত আই আই টি
কাণপুৰৰ ছাত্ৰসকলে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ ওপৰত
হোৱা পুলিচী নিৰ্যাতনৰ বিৰুদ্ধে আয়োজন কৰা এক প্ৰতিবাদী কাৰ্যসূচীত ফৈজৰ এই
কবিতাটো গোৱা বাবে একাংশই এই কবিতাটো কিছু পংক্তি “হিন্দু বিৰোধী” আখ্যা দি অভিযোগ
কৰে আৰু আই আই টি প্ৰশাসনে উপৰোক্ত কবিতাটো “হিন্দু বিৰোধী” হয়নে নহয় সেয়া
নিশ্চিত কৰিবৰ বাবে এখন কমিটিক দায়িত্ব প্ৰদান কৰে৷
দিল্লী
বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিছাপে আৰু প্ৰায় দুটা দশক ৰাজধানী চহৰখনৰ বাসিন্দা হিচাপে
উৰ্দু কবিতা, শ্বায়েৰী তথা
হিন্দী সাহিত্য প্ৰখ্যাত কবিসকলৰ কবিতা শুনাৰ, পঢ়াৰ সৌভাগ্য অৰ্জন হৈছে৷ নিজৰ ব্যক্তিগত
আগ্ৰহৰ বাবে উৰ্দু সাহিত্য আৰু হিন্দী সাহিত্যৰ প্ৰায়বোৰ উল্লেখযোগ্য সাহিত্যকৰ্মৰ
ৰসাস্বাদন কৰা হৈছে৷ যদিও ফৈজ আহমেদ ফৈজৰ এই কবিতাটোত মূৰ্তি বিসৰ্জনৰ কিছু কথা
লিখা আছে, তৎসত্তেও ই “হিন্দু বিৰোধী” নহয়৷ জেনেৰেল
জিয়াউল হকৰ স্বেচ্ছাচাৰী শাসনকহে ই প্ৰতীকী ৰূপত উপস্থাপন কৰিছে৷ এইখিনিতে উৰ্দু কবিতাৰ বিষয়ে
কিছু কথা কোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। উৰ্দু কবিতাৰ দুটা অৰ্থ থাকে৷
এক বাহ্যিক বা আক্ষৰিক অৰ্থ আনটো অন্তৰ্নিহিত৷ যথেষ্ট উপমা, ইংগিত আদিৰ প্ৰয়োগ কৰি উৰ্দু কবিতাবোৰ লিখা হয় বাবেই ই এক অনবদ্য সাহিত্য
কৰ্ম৷ মিৰ্জা গালিবৰ পাছত বিংশ শতাব্দীত ফৈজ আহমেদ ফৈজক উৰ্দু সাহিত্য সম্ৰাট বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷
প্ৰায় চল্লিশ বছৰৰ
আগতে লিখা কবিতা এটাই যদি এতিয়াৰ সময়কো জোকাৰি যাব পাৰে, তেনেস্থলত
সাম্প্ৰতিক সৃষ্টিসমূহৰ কি সুদূৰ প্ৰসাৰী প্ৰভাৱ হ’ব সেয়া সহজেই
অনুমেয়৷
হম্ কাগজ নহী দিখায়েংগে’
তানাশ্বাহ আকে’ জায়েংগে’
হম্ কাগজ নহী দিখায়েংগে’
তুম আছু গেছ উচ্চা’লগে’
তুম জেহেৰ কি চায় উৰালগে’
হম্ প্যাৰ কা ছক্ৰ ঘোল্কে
ইছক’ গট্ গট্ পী
জায়েংগে’
হম্ কাগজ নহী দিখায়েংগে’৷
- - -
তুম জাত্-পাত্ ছে বাট’গে,
হম্ ভাত মাংগতে
জায়েংগে’
হম্ কাগজ নহী দিখায়েংগে’
- বৰুণ গ্ৰোভাৰ
প্ৰায় চল্লিশ
বছৰীয়া ক্ষীণকায়, ওখ, বৰুণ গ্ৰোভাৰ নামৰ এই কৌতুক অভিনেতা (Stand up comedian), লেখক, চিন্তাবিদজনৰ উপৰোক্ত কবিতাটো নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনৰ পৰা
বৰ্তমান সময়লৈকে ইমান জনপ্ৰিয় যে প্ৰতিষ্ঠানবিৰোধী যিকোনো কাৰ্যসূচীতে এই কবিতাটো
পাঠ কৰা হয়৷ বৰ্তমানৰ জনতাৰ অসহায়হীনতা তথা নিষ্ঠুৰ বাস্তৱৰ ৰুঢ় ছবি এই কবিতাটোৰ
মাজেৰে প্ৰকাশ পাইছে৷ বৰুণ গ্ৰোভাৰে এঠাইত নিজেই কৈছে যে “মই মোৰ নিজৰ
অস্থিৰতাৰ মোকাবিলা কৰিবৰ বাবে লিখিছোঁ এই কবিতা৷” আমাৰ নিজৰ
অস্তিত্বক, মানৱীয়তাক, মানুহ হোৱাৰ পৰিচয়ক কেৱল মাত্ৰ এক কাগজৰ চিনাকিলৈ
পৰ্যবসিত কৰিব খোজাৰ মানসিকতাক স্পষ্টকৈ ব্যংগ কৰিছে এই কবিতাটোৱে৷
কবিতা, গীত, সংগীত শিল্পই সদায়
প্ৰয়োজনীয় সময়ত স্থিতাৱস্থাৰ বিৰুদ্ধে এক সবল প্ৰতিবাদী মাধ্যম হিচাপে কাম কৰি
আহিছে৷ ইতিহাসৰ পাতত ইয়াৰ উদাহৰণ দেধাৰ পোৱা যাব। উৰ্দু সাহিত্যৰ আন এজন প্ৰখ্যাত
কবি ৰাহাত ইন্দ’ৰীৰ বিখ্যাত পংক্তি “ছভী কা খুন হে
চামিল য়হা কী মিট্টি মে’/ কিছি কা বাপ কা হিন্দুস্তান থোড়ী হে’/ এই কবিতাফাঁকিৰ
প্ৰভাৱ বৰুণ গ্ৰোভাৰৰ কবিতাতো পৰিছে আৰু বৰুণ গ্ৰোভাৰে তাক আজিৰ সময়ৰ লগত সহজতে
ৰিজাব পাৰিছে বাবে এই কবিতাটোৱে প্ৰতিবাদৰ এক নতুন অৰ্থ প্ৰদান কৰিছে।
হিন্দী সাহিত্যৰ আন
এজন প্ৰখ্যাত কবি দুষ্যন্ত কুমাৰৰ সেই বিপ্লৱী কবিতাংশ “মেৰে চীনে মে নহী ত’ তেৰে ছিনে মে ছহী/ হো কহি ভী আগ, লেকিন আগ
জল্নী চাহিয়ে” ধৰণৰ কবিতাই যিকোনো প্ৰতিবাদী সত্তাক আলোড়িত কৰিবলৈ
যথেষ্ট৷
যোৱা কেইবা বছৰ দিল্লীৰ ছাত্ৰ সমাজক নিৰীক্ষণ কৰাৰ সুযোগ কৰাৰ ফলস্বৰূপে ছাত্ৰ-ৰাজনীতি বা ছাত্ৰ-ছাত্ৰীসকলৰ মানসিকতাক সহজে
প্ৰত্যক্ষ কৰিব পৰা গৈছে। এই পৰ্যবেক্ষণে
উপলদ্ধি কৰাইছে যে আজিৰ ছাত্ৰ শক্তি গভীৰ, পৰিপক্ক আৰু
ভৱিষ্যত সম্পৰ্কে সচেতন৷ ইয়াৰ লগতে দেশ-জাতি-মাটিৰ বিপদত থিয়
দিবলৈও সক্ষম৷
আমিৰ আজিজৰ উদাহৰণ
ল’ব পাৰি৷ জামিয়া মিলিয়া ইছলামীয়াৰ প্ৰাক্তন ছাত্ৰ৷ আমিৰ এজন কবি, গীতিকাৰ৷ প্ৰতিবাদী কণ্ঠস্বৰ হৈ পৰিছিল আমিৰৰ এটা কবিতা –
“মে’ ইন্কাৰ কৰতা হুঁ
মে’ জুল্ম্ ছে’ ইন্কাৰ কৰতা হুঁ
কি জুল্ম ছে’ ইন্কাৰ
কৰণা ইন্কিলাৰ
কি অ’ৰ’ বঢ়া হুৱা
পেহলা কদম হেঁ
মে’ কদম পিছে' হটানে ছে’ ইন্কাৰ কৰতা হুঁ৷
- - -
মেৰে হী মুল্ক মে'
মুঝে' হক্ কে
বজায়ে'
ভীখ দিয়া জায়ে মুঝে' মঞ্জুৰ নহী’৷
-
- -
-
খউফ্ খাকে ডৰ্ জানে ছে'
বেমউত মৰে’ মৰ জানে ছে’
মে’ ইন্কাৰ কৰতা হু’৷
চৰকাৰী শাসনযন্ত্ৰৰ
শোষণ তথা নিপীড়িত জনতাৰ কন্ঠস্বৰ হিচাপে এই কবিতাটো প্ৰসিদ্ধি অতুলনীয়৷ ‘কা’ আন্দোলনৰ
প্ৰকৃতি উপস্থাপনত এই কবিতাটোৱে সুকীয়া স্বীকৃতি লাভ কৰিছিল। বৰ্তমান সময়ৰ
প্ৰ্তিবাদী সত্তাৰ উল্লেখযোগ্য প্ৰশস্তি আন দুটা কবিতা- সুমিত ছাপ্ৰাৰ “ক্যা চিফ’ কাগজাত্
হী পুছেং’গে’ আৰু ইক্ৰা খিল্জীৰ “ধৰতী তো য়ে গুলজাৰ
হে’/ পেৰৌ তলে অংগাৰ হেঁ’-ই জনসাধাৰণৰ উদ্বিগ্নতাক সাৰ্থক উপস্থাপন কৰাৰ সফল হৈছে।
Article 15 নামৰ চিনেমাখনত
অনবদ্য অভিনয় কৰি দৰ্শক তথা চিত্ৰৰসিকৰ প্ৰশংসা লাভ কৰা অভিনেতা মহম্মদ জেছান
আয়ুবৰ দ্বাৰা আবৃতি কৰা কবি অভিনয় নাগৰৰ এটা কবিতা আছিল এনেধৰণৰ-
“মেৰে দেশ মে বৰা
বৱাল হেঁ
মেৰে
ছোটে ছোটে ছৱাল হেঁ
জিছ
সংবিধান নে ৰখা খয়াল তুমহাৰা
অৱ
তুমহে ৰখনা উছকা খয়াল হেঁ
এই কবিতাটোৱে প্ৰতিবাদী জনতাক সচেতনভাৱে চুই গৈছে৷ কবিতাটোৰ শক্তিশালী পংক্তি- ছেক্যুলাৰ দেশ মে’ ক্যা মেৰে ছেকুলাৰ
হোনে কা তুমহে মলাল হেঁ? অৰ্থাৎ ধৰ্মনিৰপেক্ষ দেশ এখনত মই ধৰ্মনিৰপেক্ষ হোৱা
বাবে তুমি (চৰকাৰ) আক্ষেপ কৰিবলগা হৈছে৷ কবিতাটোৱে
তথা জেছান আয়ুবৰ হৃদয়স্পৰ্শী আবৃতিয়ে বৰ্তমানৰ সামাজিক, ৰাজনৈতিক
পৰিস্থিতিৰৰ ওপৰত চিধা প্ৰশ্নবাণ তুলিছে৷
বলিউদৰ গীতিকাৰ তথা
লেখক পুনিত শৰ্মাৰ “আপ চৰকাৰ নহী হে’ শীৰ্ষক কবিতাটোৱেও
যথেষ্ট চিন্তাৰ থল প্ৰকাশ কৰিছে৷ এয়া মাথোঁ কেইটামান উদাহৰণহে৷ বহু অনামী কবিৰো
বহু চিন্তাসিক্ত, গভীৰ তাত্ত্বিক কবিতাই বৰ্তমান সময়ছোৱাৰ নগ্ন বাস্তৱক
উদঙাই দিছে।
উল্লিখিত
কবিতাসমূহৰ উপৰিও আন কিছু সংখ্যক কালজয়ী গীত আৰু
কবিতা আছে, যাৰ সময় সলনি হৈছে, কিন্তু গুৰুত্ব আৰু
প্ৰেক্ষাপট সলনি হোৱা নাই, বৰঞ্চ বাঢ়িছেহে৷ গুল্জাৰৰ “হাল্চাল্ থিক্
থাক্ হে’’ নামৰ “মেৰে অপ্নে’’ চিনেমাখনৰ গীতটো, যিটো আজিও
প্ৰাসংগিক৷ এনে উদাহৰণো বহুত ওলাব৷
বৰ্তমান সময়ত
জনপ্ৰিয় হোৱা “ৰেপ সংগীত’’ৰ মাধ্যমেৰেও বহুতে
প্ৰতিবাদ কৰিছে৷ নতুন প্ৰজন্মৰ মাজত সততে জনপ্ৰিয় এই ধাৰাৰ সংগীতেও প্ৰ্তিবাদক এক
নতুনত্ব দিছে৷ অলপতে অসমৰ ৰাহুল ৰাজখোৱাৰ এটা ৰেপ সংগীতে বিশেষ সমাদৰ লাভ কৰিছিল৷
ৰাহুল নেগী ওৰফে মদাৰা নামৰ জনপ্ৰিয় শিল্পী গৰাকীৰ “টুক্ড়ে টুক্ড়ে
গেং’’ শীৰ্ষক ৰেপ সংগীতৰ জনপ্ৰিয়তাও চমকপ্ৰদ আছিল৷ এই গীতটোৰ জৰিয়তে চৰকাৰৰ দ্বাৰা শিক্ষা অনুষ্ঠানসমূহত চলোৱা
নিয়ন্ত্ৰণক সমালোচনা কৰা হৈছে৷ শ্লেষপূৰ্ণ, ব্যংগৰ সুন্দৰ
উপস্থাপন এই ধাৰাৰ সংগীতৰ জৰিয়তে উপস্থাপন কৰা সহজ হৈ পৰিছে৷
যেতিয়া কবিতা প্ৰতিবাদৰ ভাষা হৈ পৰে, তেতিয়া শব্দই স্থিতাৱস্থাক এনেদৰেই হুংকাৰ দিয়ে৷ কবিতা আৰু গীতে এনে আন্দোলন বা
প্ৰতিবাদৰ ভাষাক সাৰ্বজনীন কৰাত সহায় কৰে৷ জনতাই ইয়াক সোনকালে বুজি পায়, আঁকোৱালি লয়৷ বৰুণ
গ্ৰোভাৰে কোৱাৰ দৰে- “বক্তৃতাতকৈ কবিতা বেছি গ্ৰহণযোগ্য৷” ১৯৮০ চনৰ সাহিত্যৰ
নোবেল বঁটা বিজয়ী পোলিছ আমেৰিকান কবি Czesław Miłosz ( ছেচলফ মিৱছ)-ৰ ‘You who wronged’ শীৰ্ষক কবিতাটোৰ
নিম্নোক্ত পংক্তিশাৰীয়ে কবিৰ শক্তিকে প্ৰদৰ্শন কৰে।
“ In a room where people maintain a
conspiracy of silence,
one word of truth sounds like a pistol
shot
…
You who have wronged a simple man
bursting into laughter at his
suffering, Do not feel safe, the poet remembers.”
এই পংক্তিটোৱে
কবিতাত প্ৰতিৰোধ প্ৰতিবাদ বুলিলে কি বুজায় তাৰ সাৰমৰ্ম বহন কৰিছে, এই প্ৰতিৰোধ সাক্ষী
হৈ থিয় দিয়ে, ভুক্তভুগীৰ সৈতে নিজকে স্থান দিয়ে, তথা স্বকীয়তা, সমাজ আৰু ভাষাৰ
সৈতে নিজৰ সম্পৰ্কক নতুন ধৰণে পুনৰাৱিষ্কাৰ কৰে। আকৌ নেৰুডাই কোৱাৰ দৰে “Come and see the blood in the
streets”, অথবা ব’ব মাৰ্লেই গোৱাৰ দৰে “Get up, stand up, stand up for
your rights”।
শিল্পৰ প্ৰতিবাদৰ লগত জনসাধাৰণৰ প্ৰতিৰোধৰ এক জটিল সম্পৰ্ক আছে। ই সমান্তৰালভাৱে
নান্দনিক আৰু আৱেগিক গাঁথনি এটা গঢ়াৰ চেষ্টা কৰে আৰু নব্য উদ্ভূত শক্তিক প্ৰকাশ
কৰিবলৈ একোটা নতুন বাকধাৰা সৃষ্টি কৰে। এক অৰ্থত সাহিত্য, শিল্পই মূলতঃ এক বিৰোধী চেতনাৰূপে আধিপত্যবাদী মতাদৰ্শ
আৰু স্থিতাৱস্থাৰ বিৰোধিতা কৰে আৰু সদায় “ইয়াক নতুন কৰি
তুলিবলৈ”ও চেষ্টা কৰে। ই সমাজৰ বাবে আত্মসচেতনতাৰ আহিলা হৈ
পৰে, পৰিৱৰ্তনৰ কাৰক নহ’লেও, ইতিহাসৰ হেঁচাত ই
নিজৰ উদ্দেশ্য উচ্চস্বৰে ঘোষণা নকৰিও সমাজৰ বাস্তৱ সত্যৰ বিৰোধৰ ধাৰাটোক প্ৰতিফলিত
কৰিবলৈ আৰম্ভ কৰে।
সমসাময়িক ভাৰতীয়
কবিতাই কেৱল নতুন প্ৰশ্ন উত্থাপন কৰাৰ বাবেই নহয় বৰঞ্চ পদদলিত আৰু নিপীড়িত বিষয়বস্তু উত্থাপন কৰি, ই এক নব্য ধাৰা আৰু কল্পনাৰ অভিনৱ চেতনাৰ সৃষ্টি কৰিছে যিয়ে বিশ্বক এই নতুন
চেতনাক সমালোচনাত্মকভাৱে বিশ্লেষণ কৰাৰ লগতে পৰিৱৰ্তিত ৰাজনৈতিক নৈতিকতাৰ স্বৰূপত
এক নতুন নান্দনিক বাকধাৰাৰ সৃষ্টিত অৰিহণা যোগাইছে। কবিসকলে কবিতাক এক প্ৰতীকি মাধ্যম হিচাপে ব্যৱহাৰ কৰি সুপ্ত ধৰিত্ৰীক জগাই তুলি পৃথিৱীখনক ৰূপান্তৰিত কৰাৰ নিৰলস প্ৰয়াস অব্যাহত ৰাখিছে। কবিতাই সদায় অব্যক্ত কথাখিনি ক’বলৈ চেষ্টা কৰে, আৰু ইয়াৰ শক্তি
আহে কণ্ঠহীনক কণ্ঠস্বৰ আৰু নামহীনক নাম দিবলৈ কৰা ইচ্ছাৰ পৰাই। কবিতাৰ দ্বাৰা
হয়তো একো নহয়, কিন্তু এই ভাষাক
কোনেও জোৰকৈ বন্ধ কৰিব নোৱাৰে। সেই কাৰণেই কবিতা এক চিৰন্তন চেতনাৰ জাগ্ৰত মাধ্যম
হিচাপে প্ৰৱাহিত হৈ থাকিব।
(লেখাটোত সচেতনভাৱেই অসমীয়া ভাষাৰ কবিতা ব্যৱহাৰ কৰা
হোৱা নাই।)
ঠিকনা :
উপ সঞ্চালক
নতুন দিল্লী- ১১০০০৪
ভ্ৰাম্যভাষ : ৮৮০০৯-৪৮৮০৮