পঙ্কজ প্ৰতিম বৰদলৈ
আধুনিক শিক্ষাৰ প্ৰয়োজনীয়তা দোহৰাৰ প্ৰয়োজন
নিশ্চয়কৈ নাই৷ বৰ্তমান সময়ত সমগ্ৰ শিক্ষাৰ জৰিয়তে শিশু এটিৰ সৰ্বাংগীন বিকাশৰ কথা
চিন্তা কৰা হৈছে৷ শিক্ষাৰ এনে এটা প্ৰক্ৰিয়া যাৰ মাজেৰে শিক্ষণ কাৰ্যটো সম্পূৰ্ণ
কৰা হয়৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোত শিশুৰ জ্ঞান বৰ্ধনৰ লগতে মানসিক উৎকৰ্ষ সাধনৰ
দিশটোৱেও গুৰুত্ব লাভ কৰে৷ শিক্ষা এনে এটা প্ৰক্ৰিয়া, যাৰ
জৰিয়তে জ্ঞান, দক্ষতা, অভ্যাস, জীৱন সাধনৰ মানসমূহৰ জ্ঞান আদি সকলো দিশৰ প্ৰতি ধ্যান দিয়া হয়৷ এই সমগ্ৰ
প্ৰক্ৰিয়াটোত আনুষ্ঠানিক শিক্ষাৰ বিভিন্ন দিশসমূহৰ লগতে সকলোতকৈ প্ৰয়োজনীয় দিশটো
হৈছে শিক্ষা এটাৰ নৈতিক প্ৰমূল্যসমূহৰ উৎকৰ্ষ সাধন কৰা৷ প্ৰকৃততে শিক্ষাৰ মূল
উদ্দেশ্য একোটা সফল মানৱ সম্পদ গঢ়ি তোলাটোহে৷ কিন্তু সম্পদ বুলি কওঁতে কেৱল
বস্তুবাদী সফলতাৰ কথা নাভাবি সামাজিক, সাংস্কৃতিক, পৰিৱেশ সম্পৰ্কীয় এই সকলো প্ৰমূল্যৰ সৰ্বাংগীন উৎকৰ্ষ সাধনটো জৰুৰী হৈ
পৰে৷ এনে উৎকৰ্ষ সাধনৰ বাবে আনুষ্ঠানিক শিক্ষাৰ লগতে জড়িত এটা অতি প্ৰয়োজনীয় দিশ
হৈছে নৈতিক শিক্ষা৷ ইংৰাজী ভাষাত ইয়াক ‘Moral Education’ বুলি
জনা যায়৷ পশ্চিমীয়া দেশত গোলকীকৰণৰ প্ৰভাৱত সমাজ আৰু পৰিয়াল ব্যৱস্থাত যথেষ্ট
ক্ষীপ্ৰ পৰিৱৰ্তন আহিছে আৰু ফলস্বৰূপে বৰ্তমান সময়ত বিদ্যালয় পৰ্যায়ৰ পৰাই এক
মানসম্পন্ন নৈতিক শিক্ষা প্ৰদানৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে৷ এই সমগ্ৰ
প্ৰক্ৰিয়াটো আনুষ্ঠানিক শিক্ষাৰ লগত সংযুক্ত কৰি কৰা হৈছে৷ যাতে এটা পদ্ধতিগত
প্ৰক্ৰিয়াৰ মাজেৰে ছাত্ৰ-ছাত্ৰী সকলে এনে নৈতিক প্ৰমূল্যৰ গুৰুত্ব অনুধাৱন কৰিব
পাৰে৷
নৈতিক শিক্ষাক যদি বহল পৰিসৰত বুজিবৰ বাবে চেষ্টা কৰোঁ, তেন্তে ই এনে এটা শিক্ষণ প্ৰক্ৰিয়া, যিটোৰ জৰিয়তে জীৱন কৰ্ষণৰ দক্ষতাসমূহৰ বিকাশৰ লগতে নৈতিক, স্বাস্থ্য, অহিংসা, প্ৰমূল্যবোধ, পৰিৱেশৰ প্ৰতি সজাগত, শান্তিপূৰ্ণ সহাৱস্থান আদি মূল গুণসমূহ আৰ্জনৰ বাবে প্ৰয়োজনীয় ভদ্ৰ, নম্ৰ, চৰিত্ৰগত গুণসমূহ অৰ্জন কৰাৰ পদ্ধতিগত প্ৰক্ৰিয়াটো৷
প্ৰকৃততে, নৈতিক শিক্ষা হৈছে অতি প্ৰাচীনতম শিক্ষা পদ্ধতি আৰু ভাৰতবৰ্ষৰ ইতিহাসত
শিক্ষণৰ আৰম্ভণিয়েই এই নৈতিক
শিক্ষাৰ মাধ্যমেৰেই সম্পন্ন হৈছিল৷ বৰ্তমান সময়ত যদিও শিক্ষণৰ মূল উদ্দেশ্য কিছু
পৰিমাণে বজাৰমুখী হৈ কেৱল দক্ষতা সম্পন্ন শ্ৰমিক নিৰ্মাণ
হৈ পৰিছে, তৎসত্বেও সামাজিক স্থিৰতা বৰ্তাই ৰখাৰ বাবে নৈতিক
শিক্ষাৰ প্ৰয়োজনীয়তা পদে পদে উপলব্ধি কৰা হৈছে৷
নৈতিক শিক্ষা হৈছে আন বহুবোৰ শিক্ষণ প্ৰক্ৰিয়াৰ এটা কেন্দ্ৰীভূত শিক্ষা প্ৰক্ৰিয়া৷ বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে, আৱেগিক শিক্ষণ, সামাজিক শিক্ষণ, নৈতিক প্ৰমূল্যৰ সমতুলিকৰণ, স্বাস্থ্য শিক্ষণ, সমালোচনাত্মক চিন্তাধাৰা, হিংসা প্ৰতিৰোধ, সংঘাত নিৰাময়, ধ্যান আদি ভিন্ন শিক্ষাৰ মাধ্যমেৰে প্ৰকৃততে নৈতিক শিক্ষাৰ লগতে জড়িত৷
তিনিৰ পৰা পোন্ধৰ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক এই নৈতিক শিক্ষাৰ জৰিয়তে সু-নাগৰিক হিচাপে গঢ়ি তুলিব পৰা যায় আৰু ভৱিষ্যতৰ বহুবোৰ সমাজিক সংস্কাৰ নিৰাময় কৰিব পৰা যায়৷ চৰিত্ৰ গঠনৰ লগতে মানসিক স্বাস্থ্য বৰ্ধনৰ বাবে এই নৈতিক শিক্ষাৰ যি প্ৰয়োজনীয়তা সেয়া বাস্তৱ সময়ৰ পৰিস্থিতিৰ বাবেও খুবেই প্ৰয়োজনীয়৷
নৈতিক শিক্ষাৰ ইতিহাস অতি প্ৰাচীন আৰু পৃথিৱীৰ প্ৰতিটো সুসভ্য সভ্যতাই এই নৈতিক শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দি আহিছিল৷ প্ৰকৃততে সাম্ৰাজ্যবাদী শাসনৰ সময়চোৱালৈকে সমগ্ৰ বিশ্বতে এই নৈবিক শিক্ষা ধৰ্মীয় শিক্ষাৰ লগত সংপৃক্ত হৈ আছিল আৰু বহুসময়ত শিক্ষাও প্ৰকৃততে ধৰ্মৰ লগত জড়িত আছিল৷
বিজ্ঞানৰ প্ৰভাৱৰ লগে লগে শিক্ষাত ধৰ্মৰ সংপৃক্ততা যথেষ্ট কম হয় আৰু পৰ্যায় ক্ৰমে নৈতিক শিক্ষাৰ প্ৰক্ৰিয়াটো এটা বিকল্প ব্যৱস্থা হিচাপে প্ৰতিস্থাপিত হয়৷ লগতে ইয়াৰ প্ৰয়োজনীয়তা বৃদ্ধি পায়৷
বৰ্তমান সময়ত নৈতিক শিক্ষা এক অতি প্ৰয়োজনীয় শিক্ষা হিচাপে পৰিগণিত হৈছে৷ এই ক্ষেত্ৰত বিশেষজ্ঞসকলে ইয়াক আধুনিক শিক্ষাৰ লগত পদ্ধতিগতভাৱে সংযুক্ত কৰাৰ লগতে কেৱল বিদ্যালয়ৰ চাৰি দুৱাৰৰ মাজত আৱদ্ধ নাৰাখি সমাজ, ঘৰ তথা অন্যান্য সামাজিক অনুষ্ঠানসমূহলৈও সম্প্ৰসাৰিত কৰাৰ ওপৰত গুৰুত্ব দিছে৷ নৈতিক শিক্ষাই ছাত্ৰ-ছাত্ৰীক মূলতঃ মনোজাগতিক, দায়িত্বশীলতা, স্বাধীনচেতিয়াকৈ কৰ্ম সম্পাদনৰ শক্তি, সম্পদ আৰু জ্ঞানৰ প্ৰায়োগিক ব্যৱহাৰ, সিদ্ধান্ত গ্ৰহণৰ শক্তি আদি বিভিন্ন দিশত এক সুস্থ-সবল মন আৰু স্বাস্থ্য লাভ কৰাত সহায় কৰে৷ সুস্থ-সবল মানে এক সৱল নৈতিক চৰিত্ৰ গঠনত প্ৰথম ভেঁটি হিচাপে কাম কৰা৷
নৈতিক শিক্ষাৰ জৰিয়তে এই চৰিত৷ৰ গঠনৰ প্ৰক্ৰিয়াটোৱে সমগ্ৰ শিক্ষাৰ ধাৰণাটোক প্ৰসাৰ কৰিব পাৰে৷ ই একে সময়তে সমাজ আৰু বাস্তৱ সময়ত বহু সাম্ৰাজ্যৰ Preventive Solution হিচাপেও কাম কৰিব পাৰে৷ শিক্ষাৰ উপযুক্ত ব্যৱহাৰে সামাজিক ব্যাধি যেনে, অপৰাধমূলক কৰ্ম, সাম্ৰাজ্যবাদ, বৰ্ণবাদ আদি বহুবোৰ নেতিবাচক দিশ নিয়ন্ত্ৰণ কৰিব পৰা যায়৷ নৈতিক শিক্ষাৰ চৰিত্ৰগতভাৱে সবল হোৱা মানুহৰ মাজত নিজৰ খং, লোভ, ব্যৱহাৰ আদি নিয়ন্ত্ৰণৰ সক্ষমতা বৃদ্ধি পায় আৰু ই একে সময়তে দুৰ্নীতি, নাৰী নিৰ্যাতন, অসহিষ্ণুতা, চুৰি, ডকাইটি আদি বহুতো ‘সামাজিক ৰোগৰ’ প্ৰতিৰোধ কৰিব৷
বিদ্যালয়সমূহত প্ৰথম পৰ্যায়ৰ পৰাই এক প্ৰণালীবদ্ধভাৱে নৈতিক শিক্ষা প্ৰদানৰ প্ৰয়োজনীয়তা আছে৷ ই আনুষ্ঠানিক শিক্ষাক এক পৰিপূৰকতা প্ৰদান কৰিব৷ একে সময়তে ই এখন স্থিৰ, হিতৈষী আৰু সমাজ জীৱনৰ প্ৰতি দায়িত্বশীল মানৱসম্পদ গঢ়াটো সহায় কৰিব৷ আমাৰ বিদ্যালয়সমূহত কিছুবছৰ আগলৈকে ‘চৰিত্ৰ পাঠ’ জাতীয় গ্ৰন্থৰ জৰিয়তে এনে শিক্ষা দিয়াৰ প্ৰক্তিয়া আছিল যদিও বৰ্ত্তমান সময়ত ই সিমান পদ্ধতিগতভাৱে ব্যৱহাৰ নাই হোৱা৷ গতিকে আঁচনি গঢ়োঁতা, শিক্ষক সমাজ, বিশেষজ্ঞ, চৰকাৰ আদি সকলো অংশীদাৰ এই ক্ষেত্ৰত এক গৱেষণাৰ জৰিয়তে কেনেদৰে পৰ্যায়ক্ৰমে ছাত্ৰ-ছাত্ৰীক নিম্ন শ্ৰেণীসমূহৰ পৰাই নৈতিক শিক্ষাৰ আধাৰ দিব পাৰে৷ এনে সময়োপযোগী আৰু দূৰদৰ্শী চিন্তাই শিক্ষাৰ মান এক উচ্চতৰ পৰ্যায়লৈ লৈ যোৱাৰ লগতে ইয়াৰ মূল উদ্দেশ্যক সাৰ্থক কৰি সমাজৰ বাবে এচাম দীপ্ত উজ্জীৱিত দুৰন্ত সফল তৰুণ সৃষ্টিত প্ৰত্যক্ষভাৱে সহায় কৰিব৷ আনহাতে সময়ত এই প্ৰক্ৰিয়াৰ ইতিবাচক প্ৰভাৱে আমাৰ জন্মভূমি পৃথিৱী আৰু এই ভূখণ্ডক সৰ্বতোপ্ৰকাৰে সুৰক্ষিত কৰি তোলাৰ দিশত এক প্ৰায়োগিক দিশ হিচাপে বিবেচিত হয়৷
লেখকৰ ঠিকনা :
উপ-সঞ্চালক, ৰাষ্ট্ৰপতি ভৱন
নতুন দিল্লী— ১১০০০৪