মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কে
এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰ পৰা অনুবাদ : ৰমানন্দন বৰা
পঞ্চম পত্ৰ
ৰোম, অক্টোবৰ, ১৯০৩
প্ৰিয়বৰ,
মই ফ্ল’ৰেন্সত থাকোঁতে ২৯ আগষ্ট তাৰিখে তোমাৰ পত্ৰ
পালোঁ৷ দুমাহ পাৰ হ’ল৷ মই এতিয়াহে তোমাৰ সৈতে কথা পাতিবলৈ
লৈছোঁ৷ মোৰ হেমাহিৰ বাবে ক্ষমা কৰিবা৷ যাত্ৰাকালত চিঠি লিখি মই ভাল নাপাওঁ৷ কাৰণ
চিঠি লিখিবৰ বাবে অন্য কাম কৰাতকৈ বেছি সময় লাগে— অলপ নীৰৱতা আৰু নিঃসংগতা লাগে৷ আকস্মিকভাৱে
পোৱা কেইটামান ঘণ্টা ইয়াৰ বাবে যথেষ্ট নহয়৷
ছসপ্তাহৰ পূৰ্বে আমি ৰোমৰ পৰা আহি পালোঁহি৷
তেতিয়াও ৰোমখন শূন্য, উত্তপ্ত আৰু নৰীয়া লগা যেন লাগিছিল৷ তদুপৰি
নতুনকৈ আহি থিতাপি লওঁতে হোৱা অসুবিধাবিলাকৰ ফলত এনেকুৱা ভাব হৈছিল— মোৰ এই অস্থিৰ অৱস্থাৰ যেন শেষ নহ’বই৷ নিজাকৈ এটা ঘৰ নোহোৱা বাবে
বিদেশী বিদেশী ভাব এটা লাগি আছিল৷ ইয়াৰ উপৰি ৰোমত প্ৰথমকেইদিন বৰ বেছিকৈ বেয়া
লাগিছিল— ইয়াৰ চৌপাশত প্ৰাণহীন, বিষণ্ণ যাদুঘৰ যেন পাৰিপাশ্বিৰ্কতা৷ ইয়াত অতীত
প্ৰচুৰ৷ বৰ যত্নৰে সন্মুখলৈ উলিয়াই আনি সজাই থোৱা অতীত, য’ত বৰ্তমান তেনেই নগণ্য৷ এইবোৰ অতি বিশিষ্ট
বিশেষজ্ঞ আৰু ভাষাতত্ত্ববিদসকলে প্ৰতিপালন কৰি ৰখা অতি উচ্চ ধাৰণা৷ ইটালিৰ সাধাৰণ পৰ্যটকে এইবোৰ ধাৰণাকে আওৰাই
থাকে৷ এই ভগ্নপ্ৰায় আৰু উৱলি যোৱা বস্তুবোৰ প্ৰকৃতাৰ্থতে সময়ৰ গতিত ভাগ্যবশতঃ ৰৈ
যোৱা কেতবোৰ অৱশেষৰ বাহিৰে আন একো নহয়৷ সেইবোৰ অন্য যুগৰ, আমাৰ সময়ৰ নহয়৷ কেইবা সপ্তাহ মই নিজকে দৈনিক প্ৰবোধ
দিলোঁ— কিবা খেলি-মেলিত পৰিহে
মানুহে ইয়াতকৈ সুন্দৰ আৰু আন ক’তো নাই বুলি কয়৷ এই বস্তুবোৰক মানুহে প্ৰজন্মৰ পাছত প্ৰজন্ম
ধৰি সন্মান জনাই আহিছে৷ এইবিলাক শিল্পীসকলে নিৰ্মাণ কৰিছে বা মেৰামতি কৰিছে৷ দৰাচলতে
এইবোৰ গুৰুত্বহীন বস্তু৷ এইবিলাকৰ হৃদয় নাই, সেইবাবে গুৰুত্বও নাই৷
কিন্তু সৌন্দৰ্য আছে— সকলোতে সৌন্দৰ্য আছে৷ বৃহৎ মহানগৰখনৰ পকী
নৰ্দমাৰে অনৱৰত বৈ অহা, প্ৰাণেৰে উজ্জ্বল জলধাৰা
স্কোয়াৰবিলাকৰ বগা বেছিনবিলাকত নাচে৷ বহল জলধাৰাবিলাকত দিনত ঢৌৰ খলকনি উঠে৷ ৰাতি এই খলকনি বাঢ়ি
আহে৷ ইয়াত ৰাতিবিলাক তৰাখচিত আৰু মৃদু বতাহেৰে কোমল৷ ইয়াৰ বাগিচাবোৰ অবিস্মৰণীয়৷ জলধাৰাৰ আৰ্হিত মাইকেল এঞ্জেল’ৱে নক্সা কৰা কেইবাতৰপীয়া খটখটীবোৰ, এটা খলপাৰ পৰা আনটো খলপা এনেকুৱা সুন্দৰকৈ
বাহিৰ ওলাই আহে যেন ঢৌৰ বুকুৰ পৰা ওলাই অহা আন এটা ঢৌ৷ বহু তৰপীয়া চতুৰতাৰে ভৰা যেন
লগা এই কথাচহকী চহৰখনৰ (চোৱাচোন, কেনে কথকী) বিপৰীতে মানুহে লাহে লাহে
নিজকে বুজি উঠে, এইবিলাকৰ ভিতৰতে শাশ্বত বস্তুটোক চিনি পাবলৈ
শিকে, তাৰ মাজতেই নিঃসংগতাক বিচাৰি পাবলৈ শিকে, য’ত¸ নীৰৱে অংশ ল’ব পাৰি৷
মই বৰ্তমানেও এই মহানগৰত-কেপিটলত আছোঁ৷ অৱশ্যে অশ্বাৰোহী
মাৰ্কাছ অৰেলিয়াছৰ মূৰ্তিটোৰ পৰা বেছি দূৰৈত নহয়৷ ৰোমান শিল্পৰ পৰা এই মূৰ্তি
ইয়ালৈ আহিছে৷ কিন্তু কেইসপ্তাহমানৰ পাছতে
মই এটা সাধাৰণ কোঠালৈ গুচি যাম, এটা পুৰণা ঘৰলৈ৷ চেপেটা
চালেৰে এটা সৰু গ্ৰীষ্ম-নিবাস৷ এখন উদ্যানৰ পিছফালে সাধাৰণতে চকুত নপৰা এই ঘৰটো
নগৰখন আৰু ইয়াৰ কোলাহল, হাই-হুলস্থূলৰ পৰা নিলগত৷ তাত মই শীত কালটো
কটাম আৰু নীৰৱতাৰ মাজত সুন্দৰ সময়বোৰ পূৰাপূৰিকৈ উপভোগ কৰিম বুলি আশা কৰিছোঁ৷
সেই ঠাইত মই বেছি সহজ হ’ব পাৰিম৷ তেতিয়া তোমালৈ মই এখন
দীঘলীয়া চিঠি লিখিম৷ তুমি কোৱা আটাইবোৰ কথা আলোচনা কৰিম৷ আজি তোমাক ক’ব খুজিছোঁ (আচলতে আগতেই নোকোৱাটো ভুলেই হৈছে) যে তোমাৰ চিঠিখনত উল্লেখ কৰা
কিতাপখন (যিখনত তোমাৰ লেখাসমূহ আছে) আজিও আহি পোৱাহি নাই৷ তোমালৈ ঘূৰি গ’লগৈ নেকি? ৱৰ্পছৱেডৰ পৰা? (বিদেশলৈ এনেকৈ পাৰ্ছেল
ফৰৱাৰ্ড নহ’বও পাৰে)৷ সম্ভৱনাবোৰৰ ভিতৰত এইটোৱেই আটাইতকৈ
ভাল৷ নিশ্চিতকৈ জানিলে ভাল পাম৷ আশা কৰোঁ হেৰোৱা নাই— এই ক্ষেত্ৰত ইটালীয়ান ডাক বিভাগো
দুৰ্ভাগ্যজনকভাৱে আনতকৈ ব্যতিক্ৰম নহয়৷ কিতাপখন পালে মই সুখী হ’ম৷ (তোমাৰ চিহ্ন থকা যিকোনো
কিবা এটা পালে যেনেদৰে সুখী হওঁ)৷ এই সময়ছোৱাত লিখা তোমাৰ কবিতাবোৰ (যদি সেইবোৰ
মোৰ পৰা লুকুৱাই ৰাখিছা) মই বাৰে বাৰে পঢ়িম৷ সম্ভৱপৰ অকপট নিষ্ঠাৰে মই সেই
অভিজ্ঞতা ল’ম৷
শুভেচ্ছাৰে–
তোমাৰ
ৰাইনাৰ মাৰিয়া ৰিল্কে
ষষ্ঠ পত্ৰ
ৰোম, ২৩ ডিচেম্বৰ, ১৯০৩
মৰমৰ মিষ্টাৰ কাপ্পাছ,
খ্ৰীষ্ট্মাছ উপলক্ষে তুমি
মোৰ পৰা শুভেচ্ছা নোপোৱাকৈ নাথাকা৷ কিয়নো এই উৎসৱৰ দিনতো তুমি তোমাৰ নিঃসঙ্গতা ধৰি ৰাখিছা, সাধাৰণ অৱস্থাতকৈও গভীৰকৈ৷ যদি তুমি গণ্য কৰিছা
যে তোমাৰ বাবে নিঃসঙ্গতা মহৎ, তেন্তে আনন্দ কৰা৷ কাৰণ মহৎ
নহ’লে
নিঃসঙ্গতানো কিহৰ? নিঃসঙ্গতা আচলতে এটাই আৰু
সিয়েই মহান৷ ইয়াক বহন কৰা সহজ নহয়৷ প্ৰত্যেকৰে জীৱনলৈ এনেকুৱা এটা সময় আহে যেতিয়া
তেওঁলোকে ইয়াৰ বাবে আন সকলো বস্তু বিনিময় কৰিব বিচাৰে, সি যিমানেই সস্তীয়া আৰু ফোঁপোলা নহওক লাগে৷
প্ৰথমে, এনেদৰে সাধাৰণ বস্তুৰ বিনিময়তে মানুহে
নিঃসঙ্গতা বিচাৰি ভুল কৰে৷ কিন্তু সম্ভৱতঃ তেনেদৰেই নিঃসংগতাই গজালি মেলে আৰু বাঢ়ি
আহে৷ এই বাঢ়ি অহা কামটো বৰ কষ্টকৰ— এটা সন্তান বাঢ়ি অহাৰ দৰে, বসন্ত কালৰ আগমনৰ পূৰ্বক্ষণৰ দৰে কৰুণ৷ কিন্তু, এই কথাত তুমি বিভ্ৰান্ত হ’ব নালাগে৷ প্ৰয়োজনীয় কথাটো হ’ল নিঃসঙ্গতা— তোমাৰ অন্তৰাত্মাৰ নিঃসঙ্গতা৷ নিজৰ ভিতৰত প্ৰৱেশ কৰা আৰু ঘণ্টা
ধৰি কোনো ব্যক্তিক লগ নকৰিবা— ইয়াৰ যোগেদি আমি নিঃসংগতা আহৰণ কৰিব লাগিব৷ আমি এটা শিশুৰ দৰে
নিঃসঙ্গ হ’ব লাগিব৷ ডাঙৰ মানুহবোৰে সদায় এনেকুৱা কামত নিজকে
জড়িত কৰি লয় যিবোৰক তেওঁলোকে বৰ গুৰুত্বপূৰ্ণ বুলি ভাবে৷ আচলতে এইবিলাক যে অনৰ্থক, সেই কথা অনুধাৱন কৰিবলৈ তেওঁলোক সক্ষম নহয়৷
কিন্তু এদিন যেতিয়া মানুহে অনুভৱ কৰিব যে
তেওঁলোকৰ বৃত্তি তেনেই তুচ্ছ, তেওঁলোকৰ পেছা এচটা শিলৰ দৰে
গতিহীন আৰু তেওঁলোকৰ জীৱনৰ সৈতে সম্পৰ্কহীন, তেতিয়া তেওঁলোকে সেইবোৰক এটি
শিশুৰ দৰে চাবলৈ ধৰিব আৰু এই আটাইবোৰ অপৰিচিত যেন বোধ কৰিব৷ বিশেষকৈ তেওঁৰে নিজৰ
ভিতৰৰ জগতখনেৰে, নিজৰ নিঃসংগতাৰে তেওঁ তেতিয়া তুলনা কৰিব— এইটোৱেই কামনে, এইটো মৰ্যাদাপূৰ্ণ বৃত্তিনে? এটা শিশুৰ সৰল অবোধগম্যতাক
কিয় প্ৰতিশোধ আৰু ঘৃণা সৈতে বিনিময় কৰা হ’ল? অবোধগম্যতা এটা অকলশৰীয়া অৱস্থা৷ প্ৰতিৰক্ষা বা
ঘৃণাৰ সৈতে অন্য এটা পক্ষ জড়িত হৈ থাকে৷
তোমাৰ নিজৰ ভিতৰত কঢ়িয়াই লৈ ফুৰা জগতখনৰ কাৰণে
ধন্যবাদ জনাইছোঁ৷ তোমাৰ শৈশৱৰ স্মৃতিয়েই হওক বা ভৱিষ্যতৰ প্ৰতি আকূতিয়েই হওক, তোমাৰ অভ্যন্তৰত যি উদয় হৈছে তাৰ প্ৰতি মনোযোগ
দিবা আৰু আন সকলোৰে ওপৰত তাক স্থান দিবা৷ তোমাৰ অন্তৰাত্মাত যি ঘটিছে সি তোমাৰ
সমগ্ৰ প্ৰেমতকৈ শ্ৰেয়৷ তুমি তাৰেই কাম কৰিব লাগিব৷ মানুহৰ প্ৰতি তোমাৰ দৃষ্টিভঙ্গী
স্পষ্ট কৰোঁতে অধিক সময় নল’বা অথবা সাহস হেৰাই যাবলৈ নিদিবা৷ কোনে কৈছে যে যিকোনো কিবা এটাৰেই তোমাৰ
চলি যাব? — মই জানো তোমাৰ পেছাটো কঠিন৷
তোমাৰ ব্যক্তিত্বৰ লগত খাপ নোখোৱা৷ সেয়ে তেনে এটা আপত্তি আহিব বুলি মই আগতীয়াকৈ
অনুমান কৰিছিলোঁ৷ এতিয়া সি আহিছে৷ মই তোমাক সান্ত্বনা দিব নোৱাৰোঁ৷ মাথোন উপদেশ দিব পাৰোঁ৷
তুমি বিচাৰ কৰি চোৱা, অন্য পেছাবোৰো এনেকুৱা নহয়নে—কামৰ তাগিদা বেছি, ব্যক্তিত্বৰ সৈতে সদায় শত্ৰুতা, আমনিদায়ক, ব্যতিক্ৰমহীন৷ বিৰতিহীন
দায়িত্ব পালন কৰি কৰি বিৰক্ত আৰু নিৰ্বাক হৈ পৰা মানুহৰ অপ্ৰকাশ্য ক্ৰোধেৰে তোমাৰ
পেছাটো পূৰ্ণ৷ তোমাৰ পৰিস্থিতিটো এনেকুৱা যে পৰম্পৰাগত নীতি-নিয়ম, অন্ধ পূৰ্বধাৰণা আৰু কেতবোৰ ভ্ৰান্তিৰ মাজেৰে
তুমি কাম কৰি আছা৷ এনেকুৱা নহয় যে তোমাৰ যিবোৰ নাই সেইবোৰ আন বহুতৰ আছে৷ অন্য এনে
কোনো পেছা নাই য’ত বাস্তৱিক জীৱনৰ মহৎ আৰু বৃহৎ দিশবোৰৰ জোখাৰে স্বাধীনতা বা অৱকাশ আছে৷
যদি কোনোবাই এনে বৃত্তি আছে বুলি কয়, সেইটো আচলতে ভ্ৰান্তি৷ নিয়মৰ কটকটীয়া বান্ধোনৰ
মাজত মানুহ সদায় অকলশৰীয়া৷ যিজন ব্যক্তিয়ে কৰ্মদিনৰ আৰম্ভ কৰিবলৈ পুৱাতে ওলাই যায়
বা কৰ্ম সম্পাদন কৰি গধূলি কৰ্মচঞ্চলতাৰ মাজেৰে ঘূৰি আহে আৰু চৌপাশৰ ঘটনাবোৰ অনুভৱ
কৰে, তেতিয়া তেওঁৰ আটাইবোৰ পেছাগত পৰিচয় খহি পৰে, যেনেকৈ এজন মৃত মানুহৰ গাৰ পৰা পৰিচয় আঁতৰি
যায়৷ তেনে ব্যক্তিজন জীৱনৰ মাজতে থাকে৷ সেই কাৰণে মিষ্টাৰ কাপ্পাছ, এনেকুৱা এটা প্ৰতিষ্ঠিত পেছাত আনসকলৰ নিচিনাকৈ তুমিও এজন
বিষয়াৰ দৰে অভিজ্ঞতা আহৰণ কৰা৷ তুমি সমাজৰ সৈতে স্বাধীন আৰু নিজাববীয়া এটা সম্পৰ্ক
ৰাখিছা৷ সেই কাৰণে নীতি-নিয়মৰ বাধ্য-বাধকতাই বাধা জন্মাইছে৷ তথাপি তাৰ কাৰণে তুমি
ভয় খোৱা বা দুখ কৰাৰ কোনো কাৰণ নাই৷ যদিহে এই কাৰণতে আন মানুহবোৰৰ সৈতে তোমাৰ মিল
নাই, তেনেহ’লে প্ৰকৃতিৰ ওচৰ চাপিবলৈ যত্ন
কৰা— প্ৰকৃতিয়ে তোমাক আঁতৰাই নপঠায়৷ প্ৰকৃতিৰ বুকুত শান্ত
ৰাতিবোৰ আছে, বহু ঠাইৰ ওপৰেৰে আহি
গছবিলাকৰ মাজেৰে বৈ যোৱা বতাহছাটি আছে, জন্তুবোৰ আছে৷ এই আটাইবোৰ
কৰ্মমুখৰ৷ তাত তুমিও অংশ ল’ব পাৰা৷ শিশুবিলাকো আছে৷ তেওঁলোকৰ সৈতে তুমি তোমাৰ
শৈশৱটোলৈ যাবগৈ পাৰা৷ নিঃসঙ্গতাৰ শিশুসকলৰ মাজত কটাব পাৰা৷ বয়স্ক মানুহবিলাকৰ
এইবোৰ একো নাই৷ তেওঁলোকৰ পদমৰ্যাদাৰেই কোনো মূল্য নাই৷
যদি তোমাৰ শৈশৱটো আৰু ইয়াৰ সৰলতা হেৰাই
যোৱাটোৱে যদি তোমাক চিন্তিত কৰে, কষ্ট দিয়ে, তেন্তে ইয়াৰ কাৰণ হ’ল— তুমি
সৰ্বত্ৰ বিৰাজমান ভগৱানৰ ওপৰত বিশ্বাস কৰিব পৰা নাই৷ তেতিয়া মিষ্টাৰ কাপ্পাছ, নিজকে সুধিবা— তুমি দৰাচলতে ভগৱানক ক’ত হেৰুৱালা? এনেকুৱাও হ’ব পাৰে নেকি যে তোমাৰ বাবে ভগৱান নাছিলেই? যদি আছিল ক’ত আছিল? তুমি বিশ্বাস কৰা যে এটি শিশুৱে ভগৱানক যেনেদৰে
অনুভৱ কৰিব পাৰে, বয়স্ক মানুহে তাক বৰ যত্নৰেহে কৰিব পাৰে৷ বৃদ্ধ
লোকে এই অনুভৱৰ ওজন সহিব নোৱাৰি কুঁজা হৈ পৰে৷ তুমি ভাবা নেকি যে প্ৰকৃততে যি
ভগৱানক পাইছে, তেওঁ বননিত এটা সৰু শিলগুটি হেৰুওৱাৰ দৰে
হেৰুৱাই পেলাব? অথবা যিগৰাকীয়ে তেওঁক পাইছে, তেৱেঁইবা কিয় তেওঁক হেৰাই যাবলৈ দিব?
তুমি এনেকৈ নাভাবা কিয় যে তেওঁ আগন্তুক অনন্ত
কালৰ পৰা আৱিৰ্ভূত, আমাৰ ভৱিতব্য, সেই চূড়ান্ত ফলটো যি জোপা গছৰ আমিবোৰ পাত? তেওঁৰ জন্মক আহি থকা সময়ৰ সৈতে সংযুক্ত কৰাত
তোমাৰ বাধা কি? তোমাৰ জীৱনটো ইতিহাসৰ কষ্টকৰ অথচ সুখকৰ অপেক্ষাকাল সময় হিচাপে যাপন কৰাত আপত্তি
কিহৰ? কাৰণ তুমি
দেখা নাইনে যে তোমাৰ চৌপাশে যিবোৰ ঘটনা ঘটিছে, এইবোৰ আচলতে তেওঁৰ আৱিৰ্ভাবৰ সূচনা৷ কাৰণ প্ৰতিটো
আৰম্ভণিয়েই অতি সুন্দৰ৷ যদি তেওঁ আটাইতকৈ পূৰ্ণ, তেন্তে তেওঁৰ সন্মুখত তেন্তে বাকীবোৰ অপূৰ্ণ
কিয় হ’ব? কাৰণ তেওঁ পূৰ্ণতা আৰু প্ৰাচুৰ্যৰ মাজৰ পৰা
নিৰ্বাচন কৰিব৷ তেৱেঁই নবীনতম হ’ব লাগিব যাতে তেওঁৰ অভ্যন্তৰত সকলোবোৰ সামৰি ল’ব পাৰে৷ আমি যাক বিচাৰি আছোঁ তেওঁ পূৰ্বৰ পৰাই যদি থাকে, তেনেহ’লে তাৰ অৰ্থ কি থাকিল?
মৌ-মাখিয়ে যেনেকৈ মৌ-ৰস সংগ্ৰহ কৰে, তেনেকৈ আমিও সকলো মধুৰতা আৰু সুন্দৰতাৰে তেওঁক
গঢ় দিছোঁ৷ অতি সাধাৰণ নগণ্য কিবা এটাও যদি একান্ত নীৰৱতাৰে, একাকী আনন্দৰে, আনৰ সাহায্য আৰু সহযোগিতা নোহোৱাকৈ আমি আৰম্ভ কৰোঁ (অৱশ্যেই
প্ৰেমেৰে), তেন্তে তাৰ মাজেৰে আমি তেওঁক গঢ়িবলৈ আৰম্ভ কৰোঁ, যাক আমি এতিয়াও নাজানো৷ যিসকল বহু পূৰ্বে পাৰ
হৈ গ’ল, তেওঁলোক আমাৰ লগত এতিয়াও আছে আগতীয়াকৈ নিৰ্ধাৰণ
কৰা পৰিকল্পনা হিচাপে অথবা আমাৰ ভাগ্যৰ ওপৰত এটা বোজা হিচাপে এতিয়াও সঞ্চাৰিত ৰক্ত হিচাপে অথবা সময়ৰ বুকুৰ
পৰা উঠি অহা এটা আহ্বান হিচাপে৷
এনে কিবা আছেনে যি সেই সৰ্বশক্তিমান অনন্তৰ
প্ৰতি থকা আকাংক্ষাৰ পৰা তোমাক দূৰ কৰিব?
কাপ্পাছ, বৰদিন উদ্যাপন কৰা৷ তোমাৰ
মনত জীৱনৰ প্ৰতি আশংকাৰ উৎপত্তি চাগৈ তেওঁৰে ইচ্ছা৷ তেৱেঁই বিচাৰিছে যাতে তুমি
ইয়াৰেই আৰম্ভ কৰিব পাৰা৷ তোমাৰ পৰিৱৰ্তনৰ এই দিনকেইটাই হ’ল তেওঁৰ বাবে কাম কৰা সময়, যেনেকৈ শৈশৱত তুমি বিৰতিহীনভাৱে তেওঁৰ কাম
কৰিছিলা৷ ধৈৰ্য ধৰাঁ, বিৰক্তি নোহোৱাকৈ চিন্তা কৰা— আমি এটাই কৰিব পাৰোঁ যে পৃথিৱীয়ে বসন্তৰ আগমনৰ
বাবে যি প্ৰতিকূলতা সৃষ্টি কৰে, তেওঁৰ আগমন যাতে তেনে
সমস্যাপূৰ্ণ নহয়৷
আনন্দেৰে থাকা৷ দৃঢ় হোৱা৷
তোমাৰ
ৰাইনাৰ মাৰিয়া ৰিল্কে