ভৃগুমণি নাথ
বিংশ শতিকাৰ
ষষ্ঠ দশকৰপৰাই নাৰী অধ্যয়ন বিষয়টোৱে গৱেষক আৰু বুদ্ধিজীৱীসকলৰ মাজত এক বিশেষ
গুৰুত্ব লাভ কৰি আহিছে৷ এই বিষয়টোৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি সমাজে
ইয়াক বৰ্তমান সমাজবিজ্ঞানৰ এক স্বতন্ত্ৰৰীয়া শাখা হিচাপে স্বীকৃতি প্ৰদান কৰিছে৷
প্ৰাচীন
কালৰেপৰা বৰ্তমানলৈকে মহিলাসকলৰ সামাজিক
মৰ্যাদা,
ৰাজনীতি আৰু অৰ্থনীতিত তেওঁলোকৰ ভূমিকা, স্ত্ৰী-শিক্ষা
আৰু স্ত্ৰী-স্বাধীনতা, অধিকাৰ, মহিলা
সংগঠনৰ বিকাশ আদি বিষয়সমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে৷ সাম্প্ৰতিক সময়ত উদ্ভৱ হোৱা
‘মৌল-নাৰীবাদ’ (Radical Feminism), যি
মহিলাৰ দুৰৱস্থাৰ বাবে কেৱল পুৰুষসকলক দোষাৰোপ কৰে, তাক ইয়াত
আলোচনা কৰা হোৱা নাই৷ তথাপি, নাৰীৰ বিষয়ে অধ্যয়ন কৰাৰ আগেয়ে
নাৰী অধ্যয়নৰ গুৰুত্ব আৰু ইয়াৰ মূল ধাৰণাসমূহৰ সম্পৰ্কে অৱগত হোৱাটো প্ৰয়োজনীয়৷
পৃথিৱীৰ বিভিন্ন
ঠাইৰ প্ৰতিখন সমাজৰ মুঠ জনসংখ্যাৰ প্ৰায় অৰ্ধেক সংখ্যক লোক মহিলা বুলি ক’ব
পাৰি৷ সমাজ সংগঠন আৰু সংৰক্ষণত এই মহিলাসকলৰ ভূমিকা কিন্তু পুৰুষসকলতকৈ কোনো গুণেই
কম নহয়৷ প্ৰাচীন কালৰেপৰা সভ্যতা-সংস্কৃতিৰ গঠন আৰু বিকাশৰ ক্ষেত্ৰত এই মহিলাসকলে
পুৰুষৰ সমানেই অৱদান আগ বঢ়াই আহিছে৷ এই মহিলাসকলেই মৌখিকভাৱে কবিতা, আখ্যান আদিৰ যোগেদি মানুহৰ সাতামপুৰুষীয়া ৰীতি-নীতি আৰু পৰম্পৰা জীয়াই
ৰাখিছে৷ তেওঁলোকৰ কৃতিত্বসমূহ প্ৰায়েই ইতিহাসত সন্নিৱিষ্ট কৰা হোৱা নাছিল৷ ১৯৭০-ৰ দশকত
ৰাষ্ট্ৰসংঘই নাৰীৰ মৰ্যাদা সম্পৰ্কে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ ৰাষ্ট্ৰসংঘই
ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহলৈ নিজ নিজ দেশৰ নাৰীসকলৰ অৱস্থা সম্পৰ্কে অধ্যয়ন কৰিবলৈ
একোখন সমিতি গঠন কৰিবলৈ আৰু তাৰ ভিত্তিত প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান জনায়। এনেদৰেই অন্য দেশৰ লগতে ভাৰততো নাৰী সম্পৰ্কে অধ্যয়নৰ সূচনা হয়৷ লগতে ৰাষ্ট্ৰসংঘই ১৯৭৫
চনটোক আন্তৰ্জাতিক নাৰী বৰ্ষ আৰু ১৯৭৫-৮৫ দশকটোত নাৰী দশক হিচাপে পালন কৰিবলৈও সিদ্ধান্ত গ্ৰহণ কৰে৷
‘নাৰীবাদ’ অৰ্থাৎ Feminism শব্দটো উৎপত্তি হৈছিল পাশ্চাত্যত৷
অষ্টাদশ শতিকাৰ শেষৰ ফালে আৰম্ভ হোৱা নাৰী স্বাধিকাৰৰ আন্দোলনৰ ফলতেই নাৰীবাদী
ভাবধাৰাৰ জন্ম হয়৷ ‘ফেমিনিজম’ গ্ৰন্থৰ
গ্ৰন্থকাৰ জন্ চাৰ্ভেৰ মতে নাৰীৰ পুৰুষৰ সৈতে সমতাৰ ধাৰণাৰ ভাবেই নাৰীবাদ৷ (John Charvet, Feminism, J. M. Dert & Sons, London 1982. P-I) মূল্য বা গুৰুত্বৰ ফালৰপৰা পুৰুষ আৰু নাৰীৰ মাজত কোনো প্ৰভেদ নাই, এয়েই হ’ল নাৰীবাদৰ মৌলিক ধাৰণা৷ পুৰুষ সত্ত্বা আৰু
নাৰী সত্ত্বা বুলি কোনো ভিন্ন সত্ত্বা নাই৷ দুয়োটিয়েই একে মানৱ সত্ত্বা৷ মানুহৰ
প্ৰকৃতি আৰু মূল্য লিংগৰ ভিত্তিত বিচাৰ কৰা অনুচিত৷ এয়েই হ’ল
নাৰীবাদৰ প্ৰধান ধাৰণা৷
‘নাৰীবাদ’ ধাৰণাটো প্ৰথমে উদ্ৰেক ঘটা দেখা যায় দুগৰাকী পুৰুষ চিন্তাবিদৰ দৰ্শনত৷
প্ৰথমগৰাকী প্ৰখ্যাত ইংৰাজ দাৰ্শনিক জন ল’ক আৰু দ্বিতীয়জন
ফৰাচী দাৰ্শনিক কৰ্ডচ৷ ১৬৮৯ খ্ৰীষ্টাব্দত প্ৰকাশিত জন ল’কৰ
ৰচনা ‘ছেকেণ্ড ট্ৰীটিজ অৱ গৱৰ্নমেণ্টত (Second
Treatise of Government, ১৬৮৯) প্ৰথমতে নাৰীক
পুৰুষৰ সৈতে সমান মৰ্যাদা প্ৰদান কৰি পুৰুষৰ জীৱনত নাৰীৰ স্থানৰ গুৰুত্ব দেখুওৱা হয়৷
সকলো মানুহেই সমান আৰু সকলোৱে নাগৰিক তথা ৰাজনৈতিক অধিকাৰ সমানে পোৱাৰ প্ৰয়োজনীয়তা
ল’কে এই গ্ৰন্থত উল্লেখ কৰিছে৷ ‘সকলো
মানুহ’ বুলি কওঁতে ল’কে অৱশ্যে পুৰুষ
আৰু স্ত্ৰী উভয়কে বুজাইছে বুলি স্পষ্ট কৰি দিয়া নাই, তথাপি যেতিয়া গ্ৰন্থখনত পৰিয়ালৰ বিষয়ে আলোচনা কৰোঁতে মানুহ বুলি যে পুৰুষ আৰু স্ত্ৰী উভয়কে বুজাইছে সেইকথা বুজা যায়৷
পৰিয়ালৰ আলোচনাত ল’কে লিখিছিল যে, বিৱাহ
হ’ল দুগৰাকী ব্যক্তিৰ মাজত সম্পন্ন হোৱা এক চুক্তি৷ এয়েই যদি
হয় তেন্তে সেই চুক্তিত আৱদ্ধ দুয়োগৰাকী সমান আৰু স্বাধীন হ’ব
লাগিব৷ সেই বিৱাহৰ ফলত জন্ম হোৱা সন্তানো চুক্তিত আৱদ্ধ হোৱা ব্যক্তি দুগৰাকীৰ
সংযুক্ত কৰ্তৃত্বৰ অধীন বুলি ল’কে দোহাৰিছে৷ সন্তানৰ ওপৰত
দুয়োৰে সমান কৰ্তৃত্ব আৰু বিৱাহ চুক্তিত আৱদ্ধ এই ব্যক্তি দুগৰাকী ল’কৰ মতে পৰস্পৰে পৰস্পৰৰ সংগীহে৷ জন ল’কৰ এই ধাৰণাই
প্ৰথমতে নাৰীক পুৰুষৰ সমান আৰু সংগীৰ পৰ্যায়লৈ লৈ আহিল৷
ল’কৰ প্ৰায় এশ বছৰ পাছত ফ্ৰাঞ্চত কৰ্ডচেই ‘এড্মিশ্যন অৱ উইমেন টু ফুল্ চিটিজেন্শ্বিপ্’ (Admission of Women to Full Citizenship, 1790) গ্ৰন্থত নাৰীও যে পুৰুষৰ দৰেই নাগৰিক আৰু নাৰীকো নাগৰিকৰ পূৰ্ণ স্বাধীনতা দিব লাগে সেই ধাৰণা প্ৰচাৰ কৰিছিল৷ এনেদৰে নাৰীবাদৰ ধাৰণা প্ৰথমে দুজন পুৰুষে প্ৰচাৰ কৰাৰ পাছত অষ্টাদশ শতাব্দীৰ মহিলা মেৰী ঊল্ষ্টোন্ক্ৰাফ্টে নাৰীবাদৰ এটা নিৰ্দিষ্ট ধাৰণা দিবলৈ প্ৰয়াস কৰিলে৷ মেৰী ঊল্ষ্টোন্ক্ৰাফ্টৰ উল্লেখযোগ্য গ্ৰন্থখন হ’ল ‘এ ভিণ্ডিকেশ্যন্ অৱ দ্য ৰাইটছ্ অৱ ৱ’মেন্’ (A Vindication of the Rights of Woman, 1792)৷ গ্ৰন্থখনৰ জৰিয়তে মেৰী ঊল্ষ্টোন্ক্ৰাফ্টে নাৰীক যে পুৰুষে সদায় একোটা যৌনসত্তা বুলিহে জ্ঞান কৰে সেই ধাৰণা ভুল বুলি মত প্ৰকাশ কৰি কৈছে যে, নাৰী কেৱল যৌনসত্তা নহয়, নাৰী মানৱ সত্তাহে (Human being)৷ মানৱ সত্তা হিচাপে নাৰীও পুৰুষৰ দৰেই যুক্তিবাদী (rational), মানৱ সত্তা হিচাপে নাৰী কেৱল আৱেগিক (emotional) নহয়৷ গতিকে নাৰীয়েও পুৰুষৰ দৰে জীৱনৰ পৰিপূৰ্ণতা বিচাৰে আৰু নাৰীৰ জীৱনৰ পৰিপূৰ্ণতা কেৱল বিৱাহ, স্বামীৰ সেৱা আৰু সন্তান উৎপাদনতে সীমাৱদ্ধ নহয়৷ নাৰীৰ জীৱনলৈও পৰিপূৰ্ণতা আহে পুৰুষৰ দৰেই৷ স্বৰূপাৰ্থত ঊল্ষ্টোন্ক্ৰাফ্টৰ মতে পুৰুষ আৰু নাৰীৰ মাজত কোনো পাৰ্থক্য নাই বাবেই নাৰীৰ বাবে পৃথক শিক্ষানুষ্ঠান বা পৃথক শিক্ষা পদ্ধতি থকাৰ পোষকতা কৰা নাছিল৷ একে শিক্ষানুষ্ঠানতে একেই শিক্ষা ল’ৰা-ছোৱালীয়ে লাভ কৰা উচিত বুলি মত প্ৰকাশ কৰিছিল৷
ঊণবিংশ শতিকাৰ মাজভাগত ইংৰাজ চিন্তাবিদ জন ষ্টুৱাৰ্ট মিলে ‘দ্য ছাৱজে্কশ্যন্ অৱ উইমেন’ (The Subjection of Women, 1869) নামৰ গ্ৰন্থত নাৰীৰ পুৰুষৰ সমানেই অধিকাৰ থাকিব লাগে বুলি মত প্ৰকাশ কৰিছে৷ মিলে নাৰীবাদী চিন্তাধাৰাৰ বিকাশ সম্পৰ্কত কৈছে যে শাশ্বত নাৰীৰ ৰূপটো দৰাচলতে পুৰুষে পুৰুষৰ স্বাৰ্থতে সজাই লোৱা এটি ৰূপহে য’ত নাৰী জীৱনৰ পৰিপূৰ্ণতা বিৱাহৰ যোগেদি স্বামী লাভত, সন্তান উৎপাদনত আৰু লালন-পালনত; নাৰীৰ সন্তুষ্টি পুৰুষক সুখ-সম্ভোগ দান কৰাত, পুৰুষৰ সেৱা কৰাত, পুৰুষৰ জীৱন পৰিপূৰ্ণ কৰি তোলাত৷ নাৰী সক্ৰিয়, অপ্ৰতিৰোধী, সহনশীলা এনেবোৰ ধাৰণা পুৰুষে নিজৰ স্বাৰ্থতে নাৰী সম্পৰ্কে গঢ়ি লৈছে আৰু তাকে নাৰীৰ মনত সুমুৱাই দি নাৰীক তেনেকৈ গঢ় দি লৈছে৷ যুগ যুগ ধৰি নাৰীক এনেভাৱে গঢ়ি তোলাৰ ফলত নাৰীয়ে নিজেই এতিয়া তাকে নাৰীৰ চিৰন্তন ৰূপ বুলি ভাবিবলৈ লৈছে৷ পুৰুষৰ সুদীৰ্ঘ কালৰ অৱধাৰিত প্ৰচাৰ কাৰ্যত নাৰীৰ জন্মগত ক্ষমতা আৰু প্ৰতিভাৰ কোনো দিশ অৱদমিত হৈ ৰৈ গৈছে আৰু অন্য কোনো কোনো দিশ হয়তো অতিমাত্ৰা উৎকৰ্ষিত হৈছে৷ এনে ধৰণেই ধাৰণাগত এক নাৰী অৱয়বৰ সৃষ্টি হৈছে৷ কিন্তু অবাধে আৰু মুক্তভাৱে নাৰীৰ ব্যক্তিত্ব যদি বিকশিত হ’বলৈ এৰি দিয়া যায়, তেন্তে দেখা যাব যে নাৰীৰ প্ৰকৃতি আৰু প্ৰতিভা পুৰুষৰ প্ৰকৃতি আৰু প্ৰতিভাৰ লগত অভিন্ন৷ এনে ধৰণৰ সামঞ্জস্যই নাৰীবাদৰ ধাৰণা গঢ় দিছিল৷
এনেদৰে বহুকেইজন লেখকৰ
জৰিয়তে নাৰীবাদৰ ধাৰণা গঢ় লৈ উঠে যদিও সেয়া সম্পূৰ্ণৰূপে ব্যক্তিবাদভিত্তিক৷
মানুহৰ ব্যক্তিসত্ত্বাৰ ওপৰত গুৰুত্ব আৰোপিত হ’বৰেপৰা গঢ় লৈ উঠা ধাৰণা– নাৰীও মানুহ আৰু সেয়ে নাৰীৰো ব্যক্তি স্বাধীনতাৰ
গুৰুত্ব দিব লাগে– এয়াই নাৰীবাদৰ সাৰ কথা৷ কিন্তু এই ধাৰণাৰ
নাৰীবাদ মাথোন এক শ্ৰেণীৰ নাৰীবাদহে, যাক ব্যক্তিবাদী
নাৰীবাদ (Individualist Feminism) বুলি জনা যায়৷ ইয়াৰ বাহিৰেও
আৰু দুই প্ৰকাৰ নাৰীবাদৰ ধাৰণা পোৱা যায়– সমাজবাদী নাৰীবাদ (Socialist
Feminism) আৰু মৌল নাৰীবাদ (Radical Feminism)৷
সমাজবাদী নাৰীবাদৰ ধাৰণা
কাৰ্ল মাৰ্ক্সৰ চিন্তাতেই নিহিত হৈ আছে৷ কাৰ্ল মাৰ্ক্সৰ যি সমাজবাদী ধাৰণা,
তাৰ মতে প্ৰতিটো ব্যক্তিসত্তাই একে সময়তে সামাজিক সত্তাও৷ একে সময়তে
কাৰ্ল মাৰ্ক্স এহাতে যেনেকৈ এজন ব্যক্তি, তেনেকৈ আনহাতে
সমাজৰো এটা অংগ৷ এখন সমাজবাদী সমাজত (মাৰ্ক্সীয় ধাৰণাৰ) ব্যক্তিয়ে যেতিয়া সকলো কাম-কাজৰ পৰিণতি সম্পৰ্কে সচেতন হ’ব, তেতিয়া নাৰীৰ ওপৰত কোনো আনুষ্ঠানিক, পৰম্পৰাগত বা সামাজিক বাধা-নিষেধৰো প্ৰয়োজন নাথাকিব৷ মাৰ্ক্সৰ এই ধাৰণাৰ
পৰা ক’ব পাৰি যে, নাৰীও যিহেতু একে
সময়তে এপিনে ব্যক্তিসত্তা আৰু আনপিনে সামাজিক সত্তা, গতিকে নাৰীৰ ওপৰত কোনো ধৰণৰ
আনুষ্ঠানিক, পৰম্পৰাগত বা সামাজিক বাধা নিষেধ আৰোপিত হোৱাৰ
প্ৰয়োজন নাই৷
মৌল নাৰীবাদৰ ধাৰণা মতে নাৰীয়ে
পুৰুষৰ সৈতে বিৱাহ পাশত আবদ্ধ হোৱা মানেই নাৰীৰ সকলো স্বাধীনতা বিসৰ্জন দিয়া৷ পুৰুষৰ
লগত থাকিলেও পুৰুষক পতি বা স্বামী হিচাপে বৰণ কৰি ল’বলৈ মৌল
নাৰীবাদীসকল অসন্মত৷ সমাজত চলি অহা বিৱাহে যিহেতু সদায় নাৰী স্বাধীনতাকে খৰ্ব কৰে,
গতিকে ধৰ্মীয় বা সামাজিক প্ৰথাৰ বিৱাহ তেওঁলোকৰ মতে নাৰীৰ বাবে মৰ্যাদা হানিকৰ৷ পুৰুষৰ সংগত থাকিলেই যদি পুৰুষে নাৰীৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব খোজে,
তেন্তে সেই সংগও নাৰীয়ে ত্যাগ কৰা প্ৰয়োজন৷ নাৰীৰ স্বকীয় প্ৰতিভা
বিকাশৰ বাবে, নাৰীৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ বাবে, বিৱাহ, স্বামী আৰু আনকি সন্তান-সন্ততিও পৰিহাৰ
কৰিবলৈ এওঁলোক উন্মুখ৷ ব্যক্তিবাদী নাৰীবাদী মেৰী ঊল্ষ্টোন্ক্ৰাফ্ট, মিল আদিৰ দৰে এওঁলোকৰ মতেও মানুহৰ কোনো যৌন প্ৰকৃতি নাই৷ মানুহৰ আছে মাথোন
মানৱ প্ৰকৃতি৷ এনেস্থলত পুৰুষৰ সংগত বান্ধ খাই থাকি নাৰীয়ে নিজৰ সকলো বিসৰ্জন
দিয়াৰ প্ৰয়োজন কি?
ঊণবিংশ শতিকাৰ অৰ্থনৈতিক অগ্ৰগতিয়ে নাৰীসমাজতো অভূতপূৰ্ব জাগৰণৰ সৃষ্টি কৰিছিল৷ এই জাগৰণৰ ফলস্বৰূপে প্ৰচলিত মূল্যবোধ আৰু ধাৰণাবোৰে নানান প্ৰশ্নৰ সন্মুখীন হৈছিল৷ বিশেষকৈ নাৰী স্বাতন্ত্ৰ্যৰ প্ৰশ্নটো এই সময়তেই উত্থাপিত হৈছিল৷ বিশেষকৈ সেই শতিকাৰ তৃতীয় আৰু চতুৰ্থ দশক দুটা আছিল সামাজিক জাগৰণ আৰু সংস্কাৰৰ সময়৷ এই সময়ছোৱাতে নাৰীয়ে পাৰিবাৰিক গণ্ডীৰপৰা নিজকে মুক্ত কৰি শিক্ষিত হিচাপে সমাজৰ আগত মূৰ তুলি ঠিয় হ’বলৈ শিকে আৰু লগতে সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক কাৰ্যসূচীতো নিজকে প্ৰতিষ্ঠা কৰে৷ ঊনৈছ শতিকাৰ মাজভাগত গা কৰি উঠা দাস প্ৰথা বিৰোধী আন্দোলনে নাৰীসকলৰ মাজতো এক প্ৰকাৰৰ আন্দোলনৰ সৃষ্টি কৰে৷ ১৮৩০ চনত দাস প্ৰথা বিৰোধী প্ৰায় এশটা নাৰী অনুষ্ঠানৰ জন্ম হয়, যিবোৰে দাস প্ৰথাৰ বিৰোধিতাৰ মাজেৰে নিজৰ সামাজিক অৱস্থানৰ কথা উপলব্ধি কৰি স্ব মুক্তিৰ হকে সক্ৰিয় হ’বলৈ প্ৰচেষ্টা হাতত ল’লে৷ ঊণবিংশ শতিকাৰ তৃতীয় দশকত ছাৰা (Sarah) আৰু এঞ্জেলিনা গ্ৰীমেক (Angelina Grimake)-এ পুৰুষৰ লগত একেলগে দাস প্ৰথা উচ্ছেদৰ আন্দোলনত যোগ দিবলৈ আগবাঢ়ি আহে যদিও তেওঁলোকৰ এই ইচ্ছাক ১৮৪০ চনৰ দাস প্ৰথা বিৰোধী সন্মিলন (Anti Slavery Convention)-এ নাকচ কৰে৷ এই সভাত মহিলা প্ৰতিনিধিসকলক পুৰুষৰ লগত বৈঠকত একেলগে অংশগ্ৰহণ কৰিবলৈ নিদি পৰ্দাৰ আঁৰতহে বাহিবলৈ দিয়া হয়৷ সভাত পোৱা এনে অপমানজনক অভিজ্ঞতাৰ বিৰুদ্ধে এলিজাবেথ কেডি ষ্টেচন আৰু লুক্ৰেটিয়া ম’ট’ই এক আন্দোলন গঢ়ি তোলে আৰু ১৮৪৮ চনত সুদীৰ্ঘ প্ৰস্তুতি আৰু আন্দোলনৰ পাছত নিউয়ৰ্ক চহৰত নাৰীসকলৰ এখন বৈঠক বহে৷ অৱশ্যে এই বৈঠকত সভাপতিত্ব কৰিছিল এজন পুৰুষেহে৷ কাৰণ সেই পৰ্যন্তও নাৰীয়ে নিজকে পুৰুষৰ সমকক্ষ বুলি ভাবিবলৈ সক্ষম হোৱা নাছিল৷ এই সভাত নাৰীৰ, বিশেষকৈ আমেৰিকাৰ মহিলাৰ যৌন বৈষম্য আৰু জীৱনৰ সকলো ক্ষেত্ৰতে চলা দুঃসহ নিৰ্যাতনৰ বিষয়ে আলোচনা কৰিছিল৷ নাৰী ভোটাধিকাৰৰ ঐতিহাসিক দাবীও এই সভাতে উত্থাপন কৰা হৈছিল।
১৮৬৯ চনত নাৰীবাদী আন্দোলনত
এক মতানৈক্যৰ সৃষ্টি হয় আৰু তেওঁলোক উদাৰনৈতিক আৰু চৰমবাদী (Radicalist) এই দুই বিভাগত বিভক্ত হয়৷ ইয়াৰে
দ্বিতীয়টো গোটে কেৱল ভোটাধিকাৰৰ ক্ষেত্ৰতেই ক্ষান্ত নাথাকি অন্যান্য নৈতিক আৰু
সামাজিক প্ৰশ্ন সম্পৰ্কেও এক আপোচহীন দৃষ্টিভংগীৰ পৰিচয় দিয়ে৷ পিছে সামাজিক পৰিৱেশ
আৰু অন্যান্য প্ৰতিকূল অৱস্থাত এই দাবীবোৰ ক্ষীণ হৈ আহিল৷ অৱশেষত ভোটাধিকাৰ
আন্দোলনতে নাৰী আন্দোলনটো সীমিত হৈ পৰে৷ ১৮৮৯ চনত পেৰিছত বহা আন্তৰ্জাতিক শ্ৰমিক
সন্মিলনত জাৰ্মান সমাজতন্ত্ৰবাদী ক্লাৰা জেদকিনে নাৰী-পুৰুষৰ সম অধিকাৰ দাবী কৰি
এক গুৰুত্বপূৰ্ণ ভাষণ দিয়ে৷ পিছে ক্লাৰাৰ এই আত্মসচেতনমূলক আন্দোলনৰ প্ৰতি চৰকাৰে
কঠোৰ মনোভাৱ গ্ৰহণ কৰি নাৰী সভা-সমিতিবোৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে৷ ইয়াৰ পিছতো
কিন্তু নাৰী ভোটাধিকাৰ আন্দোলন স্তিমিত নহ’ল৷ ১৯২০ চনত ‘স্বাধীনতাৰ পীঠস্থান’ আমেৰিকাত নাৰীয়ে ভোটাধিকাৰ
লাভ কৰাৰ লগে লগে ইউৰোপৰ বাকীবোৰ ঠাইতো নাৰী ভোটাধিকাৰ আন্দোলনে গা কৰি উঠে৷
পিছে ভোটাধিকাৰ পোৱাৰ পিছত নাৰীবাদী আন্দোলন প্ৰায় স্তিমিত হৈ পৰে৷ সেইদৰে,
এই আন্দোলনে কেৱল উচ্চ শ্ৰেণীৰ নাৰীসকলকহে সামৰি লোৱাত সমাজৰ নিম্ন
বৰ্গৰ মেহনতী নাৰীসকল ইয়াৰ আওতালৈ প্ৰায় নাহিলেই৷
ভোটাধিকাৰ লাভ কৰাৰ পিছত নাৰীসমাজৰ কোনো বৈপ্লৱিক পৰিৱৰ্তন নহ’ল৷ আনহাতে সেই সময়তে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাত কৰ্মচাৰীৰ প্ৰয়োজন পুৰাবলৈ নাৰীয়ে চাকৰিত যোগদান কৰিবলৈ পাই নিজকে ধন্য মানিছিল৷ পিছে দ্বিতীয় মহাযুদ্ধ শেষ হোৱাৰ লগে লগে কৰ্মৰত মহিলাসকলে চাকৰি হেৰুৱাবলগীয়াত পৰে৷ পিছে এইদৰে চাকৰি ত্যাগ কৰিবলৈ বাধ্য হোৱা মহিলাসকলে কোনো প্ৰকাৰৰ সংগঠিত বিদ্ৰোহেৰে নিজৰ প্ৰতিবাদ সাব্যস্ত নকৰিলে৷ বৰঞ্চ ঘৰৰ ভিতৰতে নিজকে আৱদ্ধ কৰি ৰাখিবলৈহে তৎপৰ হৈ পৰিল৷ ব্যৱসায়ীসকলেও সুযোগ বুজি নাৰীৰ মন নিস্ক্ৰিয় কৰিবলৈ ভোগবাদী দৰ্শনৰ প্ৰাদুৰ্ভাৱ ঘটালে আৰু তাৰ লগে লগে নাৰীৰ মন বৈপ্লৱিক সত্ত্বাৰপৰা ফালৰি কাটি আহি ভোগ্যদ্ৰব্য ব্যৱহাৰৰ প্ৰতি ধাৱমান হয়৷ এই সুযোগ গ্ৰহণ কৰি পুৰুষ প্ৰাধান্যবাদীসকলেও কেতবোৰ বৈজ্ঞানিক ৰূপকথাৰ সৃষ্টি কৰিলে৷
তেনে এক ৰূপকথাই হ’ল ফ্ৰয়েডবাদ৷ ফ্ৰয়েডবাদে ঘোষণা কৰিলে যে নাৰী এক পৰনিৰ্ভৰশীল প্ৰাণী৷ নাৰী বিদ্ৰোহ আচলতে লিংগ ঈৰ্ষাৰ এটি নিউৰ’টিক প্ৰক্ৰিয়াৰ বাহিৰে আন একো নহয়৷ ফ্ৰয়েডবাদৰ মতে নাৰী স্বাভাৱিকতে পুৰুষতকৈ হীন৷ গতিকে তেওঁলোকৰ বিদ্ৰোহো একপ্ৰকাৰৰ বিকৃতি৷ যুদ্ধোত্তৰ কালছোৱাত ফ্ৰয়েডবাদে জনপ্ৰিয়তা আৰ্জিছিল যদিও এই জনপ্ৰিয়তা দীৰ্ঘস্থায়ী নহ’ল৷ ফৰাচী বুদ্ধিজীৱী মহিলা চিম’ন ডি ব’ভোৱাই তেওঁৰ The Second Sex নামৰ গ্ৰন্থখনৰ দ্বাৰা মধ্যশ্ৰেণীৰ নাৰীৰ মাজত এক জাগৰণৰ সৃষ্টি কৰিছিল৷ পেৰিছৰ অস্তিত্ববাদী বুদ্ধিজীৱী জ্যাঁ পল্ ছাৰ্তৰ লগত বিৱাহ পাশত আৱদ্ধ নোহোৱাকৈও তেওঁৰ লগত আজীৱন একেলগে থকা বুদ্ধিজীৱী মহিলা চিম’ন ডি ব’ভোৱাই তেওঁৰ এই গ্ৰন্থত মৌল নাৰীবাদৰ ধাৰণা দেখুৱাইছে৷ অস্তিত্ববাদী জ্যাঁ পল ছাৰ্তৰ অনুগামী হিচাপে তেওঁ অস্তিত্ববাদী দৰ্শনৰ ব্যক্তিৰ নিৰংকুশ স্বাধীনতাত বিশ্বাস কৰিছিল৷ ব্যক্তিৰ এই নিৰংকুশ স্বাধীনতা স্বাভাৱিকতে নাৰীৰো আছে৷ গতিকে, প্ৰতিগৰাকী নাৰীয়েও সমাজত কেনে হ’ব, কি কৰিব তাক নিজেই ঠিক কৰি ল’ব৷ পিতৃ, স্বামী, সমাজ, পৰম্পৰা আদিৰ নিৰ্দেশত নাৰীৰ জীৱন নিয়ন্ত্ৰণ কৰিবলৈ এৰি দিব নোৱাৰি৷ এয়ে আছিল চিম’ন ডি ব’ভোৱাৰ অস্তিত্ববাদী দৰ্শনভিত্তিক মৌল নাৰীবাদৰ মূল ধাৰণা৷
ইতিমধ্যে নাৰী সমাজৰ প্ৰতি যি পৰম্পৰাগত বৈষম্যমূলক আচৰণ আছিল তাক অন্ত পেলাবলৈ বেত্ৰী ফায়াৰডেনে আমেৰিকাত গঢি. তুলিলে সুবৃহৎ নাৰী সংগঠন National Organization of Women– NOW৷ এই সংগঠনটো আছিল মূলতঃ মধ্যশ্ৰেণীৰ নাৰীৰ মাজতেই সীমিত আৰু ইয়াৰ দাবীসমূহো আছিল অৰ্থনৈতিক আৰু ৰাজনৈতিক স্বাধীনতাৰ লগত সম্পৰ্কিত৷ এই সংগঠনৰ আন্দোলনৰ ফলতে আমেৰিকাত নাৰীয়ে সম অধিকাৰ লাভ কৰিলে৷ তেওঁলোকৰ দাবী অনুসৰি নাৰীয়ে লাভ কৰিবলগীয়া অধিকাৰবোৰ আছিল – (১) পুৰুষৰ লগত সমান অধিকাৰ লাভ কৰা, (২) গৰ্ভপাত আইন সংগত কৰা, (৩) সকলোৰে বাবে শিশু কল্যাণ কেন্দ্ৰ খোলা, (৪) চাকৰিৰ ক্ষেত্ৰত মজুৰিৰ বৈষম্য দূৰ কৰা ইত্যাদি৷ পিছে NOW-ৰ এই প্ৰচেষ্টা বহুক্ষেত্ৰত সফল নহ’ল আৰু তেওঁলোকৰ নিজৰ মাজতে বিভাজন আহি কেতবোৰ নতুন নতুন সংগঠনৰ সৃষ্টি হ’ল৷ এই নতুন সংগঠনবোৰে বৈজ্ঞানিক দৃষ্টিভংগীৰে নাৰীমুক্তিৰ সমস্যাটো অনুধাৱন কৰিবলৈ চেষ্টা নকৰি এক উগ্ৰ অন্ধ বিদ্ৰোহৰ আশ্ৰয় ল’লে৷ এনে এটা সংগঠন হ’ল Female Liberation Movement (FLM)৷ FLM-ৰ মূল শ্ল’গান আছিল– “Control of Our Bodies”– যাৰ সৈতে নাৰীৰ আত্মৰক্ষা, জন্ম নিয়ন্ত্ৰণ আৰু গৰ্ভপাতৰ সম্পৰ্ক আছে৷ পৰিয়াল, যৌন সম্পৰ্ক ইত্যাদিৰ ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টিভংগী উগ্ৰ৷ আন এটা বিদ্ৰোহী নাৰী অনুষ্ঠানৰ নাম W.I.T.C.H. (Women's International Terrorist Conspiracy from Hell)৷ এই গোষ্ঠীৰ মতে ডাইনী (Witch)-সকলেই হ’ল নাৰী শোষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰথম সন্ত্ৰাসবাদী মহিলা৷ এই গোটটোৱে ১৯৬৮ চনত হোৱা মিছ আমেৰিকা প্ৰতিযোগিতাৰ বিৰুদ্ধেও বিক্ষোভ প্ৰদৰ্শনো কৰিছিল৷
নাৰী দমন, নাৰী বিদ্ৰোহৰ সমস্যা সম্পৰ্কে অন্যান্য বহুতো লেখকে মত পোষণ কৰিছে৷
বহুতৰে বাবে নাৰী জাগৰণ আচলতে এক ধৰণৰ খেয়ালী বিক্ষোভৰ বাহিৰে আন একো নহয়৷ কিন্তু ইতিহাসৰ
বিভিন্ন স্তৰত নাৰীবাদীসকলে পুৰুষ প্ৰাধান্যৰ স্বৰূপ উদঙাই পুৰুষ প্ৰধান সমাজে
কিদৰে নিজৰ স্থিতি সুৰক্ষাৰ বাবে গোপনে বা প্ৰকাশ্যে বিভিন্ন কৌশল অৱলম্বন কৰিছে তাৰ
স্বৰূপ নাৰীবাদী আন্দোলনেই দাঙি ধৰিছে৷
ওপৰৰ নাৰীবাদৰ তাত্ত্বিক
আৰু ঐতিহাসিক বিচাৰৰ পৰা এইটো স্পষ্ট হয় যে, নাৰীবাদ কেৱল
কিছুমান অসন্তুষ্ট নাৰীৰ প্ৰতিবাদ বা পুৰুষতন্ত্ৰৰ বিৰুদ্ধে হকে-বিহকে নাৰীয়ে কৰা বিষোদগাৰ আৰু
বিৰুদ্ধাচৰণ নহয়৷ ই এক সমাজ তথা পৰিয়ালত প্ৰত্যক্ষ কৰা বিষয় সম্পৰ্কে কৰা চিন্তাৰ
ভিত্তিত গঢ়ি উঠা জীৱনবোধজড়িত সামাজিক দৰ্শন৷ এই দৰ্শন বা চিন্তাধাৰা যিহেতু সমাজৰ
লগত অঙ্গাঙ্গী, গতিকে ইয়াৰ ভিত্তিত সমাজৰ সংস্কাৰ সাধন এই
দৰ্শনৰ লক্ষ্য৷
ঠিকনা :
সহকাৰী অধ্যাপক
চিনামৰা
মহাবিদ্যালয়
ভ্ৰাম্যভাষ : ৯৪৩৫৩৫৭২২২