নীলোৎপল বৰুৱা
মানুহৰ
শৰীৰ-সজ্জা আৰু তাৰ বিৱৰ্তনক লৈ সময়ানুগ চৰ্চা চলি আহিছে। তাৰ ভিন্ন বিভাগৰ ভিতৰত ‘উত্তৰ
উপনিৱেশিক শৰীৰ-সজ্জা’ৰ চৰ্চা অন্যতম।
পাৰিৱেশ্য কলাৰ প্ৰেক্ষাপট আৰু তাৰ দৃষ্টিকোণেৰে কৰা এই চৰ্চা একমাত্ৰ বৈজ্ঞানিকেই
নহয়, শৈল্পিকো। বহু দ্ৰষ্টাই ইয়াক লৈ নিৰন্তৰ সম্পৰীক্ষা
চলাই আহিছে। নৃ-দেহমাপতত্বৰ শেহতীয়া উৎকৰ্ষ সাধনে শৰীৰী-সজ্জাৰ বিৱৰ্তন আৰু তাৰ
সম্ভাৱনাৰ অলেখ বতৰা কঢ়িয়াই আনিছে। নতুন দুৱাৰ মুকলি হৈছে।
প্ৰাক-উপনিৱেশৰ
কল্পনাশ্ৰয়ী শৰীৰী পেলৱতা আৰু প্ৰাচীনত্বৰ আত্মাভিমান নিৰ্ভৰ আলংকাৰিক উদাহৰণবোৰ (সততে
যিকোনো পাৰিৱেশ্য কলাত দেখা পোৱা।) সাধাৰণতেই শিল্প-সত্য। তাৰো আগৰ
সাক্ষ্য প্ৰমাণবোৰ আৰু উত্তৰ উপনিৱেশিক শৰীৰ-সজ্জাৰ মাজত
বিৰাট তফাৎ অতি স্বাভাৱিক। অৱশ্যে শোষণ, নিপীড়ণ, যন্ত্ৰণা আদিবোৰ মাৰ্জিনেলাইজড্ শ্ৰেণীৰ বাবে ধ্ৰুৱক।
পাৰিৱেশ্য কলাৰ প্ৰেক্ষাপটত শৰীৰ-সজ্জাৰ সমান্তৰালভাৱে গতি কৰা অন্য এটা বিষয় হৈছে শৰীৰী সজ্ঞানতা (Body wisdom) । স্পেচত থকা নাট্যকৰ্মী বা শিল্পবস্তুৰ শৰীৰী সজ্ঞানতাৰ লগে লগে দৰ্শকৰ স্থানিক শৰীৰী সজ্ঞানতাৰ বোধেও নাটকক এক অন্য মাত্ৰা প্ৰদান কৰে। দুয়োটাৰ সন্মিলনে কাৰ্যটোক এক নিৰ্দিষ্ট মোক্ষণৰ ফালে ত্বৰান্বিত কৰে।
স্পে’চ্, শৰীৰী সজ্ঞানতা আৰু আৱহাৱাক লৈ সম্পৰীক্ষামূলকভাৱে কৰা এটা নাট সমাৰোহৰ দৰ্শক হোৱাৰ শেহতীয়াকৈ সৌভাগ্য ঘটিছে। ব্ৰহ্মপুত্ৰ কালচাৰেল ফাউণ্ডেশ্যনে মাজুলীৰ গড়মুৰস্থিত চিতাদাৰচুকত ১৯ আৰু ২০ নৱেম্বৰ ২০২২ত অনুষ্ঠিত কৰিলে দঞি পঃল’ নাট সমাৰোহ। দেশী -বিদেশী সাতখন নাটকে অংশগ্ৰহণ কৰা নাট সমাৰোহখনৰ অন্যতম উদ্যোক্তা সংগীত নাটক অকাডেমিৰ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ প্ৰাপক শিল্পীকা বৰদলৈ। শিল্পীকা বৰদলৈ নিজে এগৰাকী নৃত্যশিল্পী। কথকলিৰ পৰা কেলাৰিপাট্টু, মাৰ্গীয়ৰ পৰা কমাৰ্চিয়েল নৃত্যলৈকে তেওঁৰ এটা বিশাল যাত্ৰা আছে। যি সকলে বৰদলৈৰ ‘নৈ’ শীৰ্ষক শৰীৰী সম্পৰীক্ষা দেখিছে তেওঁলোকৰ নিশ্চয় এই বিষয়ত দ্বিমত নাথাকিব।
লোহিত
নৈৰ পাৰত এক শান্ত সমাহিত স্থানত স্পেচৰ মাত্ৰা উন্মোচন আৰু শৰীৰী সজ্ঞানতাক
ট্ৰান্সফিউজ কৰিব পৰাকৈ মঞ্চ বিনিৰ্মাণ এই নাট সমাৰোহৰ এক লক্ষণীয় বিষয় আছিল।
মণিপুৰৰ সুৰ্জিৎ সিং নংমেইকপামৰ মঞ্চায়নৰ বাবে তৈয়াৰ কৰা মঞ্চ-কুণ্ড (মঞ্চ বুলি ধৰি লোৱা ‘স্পেচ’ৰ মাজত এটা গাঁত) ক কেন্দ্ৰ কৰি নিৰ্দিষ্ট নোটেশ্বন, নৃত্যসজ্জা, মুদ্ৰা নোহোৱাকৈ শৰীৰী সজ্ঞানতাৰ পঞ্চল্লিশ মিনিটৰ সম্পৰীক্ষা- ‘ইউ ডিফাইন’। একেদৰে শিল্পীকা বৰদলৈৰ নিজা অভিযোজনা- ‘এ হিউমেন এণ্ডেভৰ’ , য়ুকি ইল্লিয়াচৰ - ‘এলিফেণ্ট ইন দি ৰূম’ নাইবা অনুপম শইকীয়াৰ - ‘ইনহেলেচন এৰ’জ ফ্ৰম দা শ্বেড’, - এই সকলোবোৰ সম্পৰীক্ষাতে মোটামুটিকৈ শৰীৰী সজ্ঞানতাক মূখ্যস্থান দিয়া দেখা গৈছিল।
সুৰ্জিৎ
সিং নংমেইকপামৰ ‘ইউ ডিফাইন’ মূখ্য-পাঠবিহীন
এটা প্ৰযোজনা, য’ত শৰীৰ এটাই
বন্ধন-মুক্তিৰ প্ৰচেষ্টা চলাই আৰু সেই প্ৰচেষ্টাত যন্ত্ৰণাৰ ভাৱতৰংগ আৰম্ভণিৰ পৰা শেহলৈকে দৰ্শকক বান্ধি ৰাখে।
লণ্ডনৰ
ইণ্টাৰনেশ্বনেল স্কুল অফ পাৰ্ফৰ্মিং
আৰ্টচৰ পৰা নাটকৰ শিক্ষা লোৱা য়ুকি ইল্লিয়াছৰ ‘এলিফেণ্ট ইন
দা ৰূম’ এখন বাচিক নিৰ্ভৰ অথচ শৰীৰী সংবেদনশীল একক চৰিত্ৰৰ
শক্তিশালী নাটক। নিজে এগৰাকী মুভমেণ্ট ডাইৰেক্টৰ ( Movement Director) হোৱাৰ সুবাদত এঘণ্টা দৈৰ্ঘ্যৰ নাটকখনত এটা চৰিত্ৰৰ পৰা আন এটা চৰিত্ৰলৈ
তাৎক্ষণিক ৰূপান্তৰকৰণত শৰীৰী সঞ্চালন তথা ভাৱ তৰংগৰে এক শক্তিশালী কৰ্ম সম্পাদন
কৰিছে। এঘণ্টা সময় এজন নাট্যকৰ্মীয়ে এটা স্পেচত তিনিটাকৈ চৰিত্ৰলৈ সঘন সাল-সলনি
নিশ্চিতভাৱে এটা বিপদজনক কাৰবাৰ। মন্ত্ৰমুগ্ধ কৰি বহুৱাই ৰখা দৰ্শকৰ অনুসন্ধিৎসু
মুখাৱয়বে দ্ৰষ্টা যে শক্তিশালী আৰু নিপুণ তাৰ প্ৰমাণ দিছিল।
‘এ হিউমেন এণ্ডেভৰ’ -মেৰী ৱলষ্ট’নক্ৰাফ্ট শ্বেলীৰ গথিক উপন্যাস ‘ফ্ৰাংকেনষ্টাইন’ৰ আধাৰত কৰা নাটক। অধিপাঠ নিৰ্ভৰ প্ৰযোজনাটোত শিল্পীকা বৰদলৈৰ সৰ্পিল গতিময় শৰীৰী কাৰবাৰ বৰ নিখুঁত আৰু তীব্ৰ। পোহৰৰ কাম বৰ নিখুঁত। নীলাভ পোহৰৰ সঘন ব্যৱহাৰ আৰু নিটোল মাত্ৰাৰ সংগীতে নাটকখনক অনন্য মাত্ৰা প্ৰদান কৰিছে। শৰীৰী বিভংগন আৰু কৰিঅ’গ্ৰাফ পৰিচালিকা তথা নাট্যকৰ্মীৰ বহুমুখী অভিজ্ঞতাৰ ফচল।
একেদৰেই উৰুগুৱেৰ নাট্যদল ‘আমাৰেচ তিয়েত্ৰ’ৰ –‘ৰিঅ’' ও শৰীৰী সজ্ঞানতাৰে এক নিদৰ্শন। এজন ‘ক্লাউন’ হিচাপে কৰ্মজীৱন আৰম্ভ কৰা এন্দ্ৰেচ ফেগিঅ’লিন আৰু কলাত্মক স্কেটিং ক্ৰীড়াবিদ বেটিনা ডমিংগেজৰ ‘ ৰিঅ’ শৰীৰী সঞ্চালন আৰু সজ্ঞানতা নিৰ্ভৰ। যি –‘পৃথিৱীৰ অভিযাত্ৰী’ ৰ এক বৰ্ণময় যাত্ৰাক মঞ্চায়ন কৰোঁতে তেওঁলোকৰ পূৰ্বজ্ঞান আৰু ক্ষেত্ৰীয় লোক সাংস্কৃতিক ভিন্নতাৰে দৰ্শকক মুগ্ধ কৰিছে।
স্পেচত এটা সুকীয়া সত্ত্বাৰ অৱস্থিতি আৰু ভাৱ তৰংগৰ দ্বাৰা দৰ্শকক এটা কাল্পনিক কাহিনী বৃত্তৰ মাজলৈ টানি আনি কেথাৰচিচ্ সম্পন্ন কৰাৰ এক অভিনৱ সম্পৰীক্ষা- ‘ইনহেলেচন এৰ’জ ফ্ৰম শ্বেড’। পাব্লিক আৰ্টৰ এজন নিৰন্তৰ সাধক অনুপম শইকীয়াই এই সম্পৰীক্ষাত স্পেচত অৱস্থিত মানৱীয় শিল্প-বস্তুৱে নতুন চিন্তালৈ মাথো আঙুলিয়াই আৰু দৰ্শকক সেই বাটৰে যাবলৈ নিৰ্দেশাত্মক ইংগিত প্ৰদান কৰে।
গুৱাহাটীৰ
‘বা- এ ক্ৰিয়েটিভ ব্ৰীজ’ৰ প্ৰযোজনা ‘চৰণদাস চোৰ’ পৰিচালক অনুপ হাজৰিকাৰ সুন্দৰ সৃষ্টিসমূহৰ
ভিতৰত অন্যতম এটা। মূল ‘চৰণদাস চোৰ’ৰ
ক্ষেত্ৰীয় অভিযোজনাসমূহৰ ভিতৰত অসমীয়া অভিযোজনাটো বোধকৰো আটাইতকৈ ছন্দময়, সাংগীতিক আৰু বৰণময়। (আমাৰ কেইখনমান অন্য ভাৰতীয় ভাষাৰ ‘চৰণদাস চোৰ’ চোৱাৰ সীমিত অভিজ্ঞতাৰে।)
সমাৰোহখনত হেমচন্দ্ৰ গোস্বামী পৰিচালিত মুখা ভাওনা - ‘সীতাহৰণ দুন্দুভী বধ’ প্ৰদৰ্শিত হৈছিল। মাজুলীতে মাজুলীৰ এই আপুৰুগীয়া পৰম্পৰা অন্য ঠাইৰ দৰ্শকৰ বাবে এক অনিৰ্বচনীয় অভিজ্ঞতা।
দঞি
পঃল’
নাট সমাৰোহৰ এয়া প্ৰথমটো বৰ্ষ। লক্ষণীয়ভাৱে এই প্ৰথম প্ৰচেষ্টাত
উদ্যোক্তাই সিংহভাগ সফলতা প্ৰাপ্ত কৰিছে। কেবাটাও দিশত এই সফলতা চিহ্নিত কৰিব পৰা
যায়। খণ্ডিত স্পেচৰ ধাৰণা তাৰ ভিতৰত অন্যতম। প্ৰতিটো পাঠৰ দাবী অনুসৰি ভিন্ন
স্পেচৰ বিনিৰ্মাণ সম্ভৱ কৰি তুলিছে। তাৰ ভিতৰত মঞ্চ-কুণ্ড অতি অভিনৱ। অৱশ্যে এই
স্থান নিতান্তই পাঠ আৰু নাট-বিনিৰ্মাণৰ দাবী। লোহিতপৰীয়া অতি সমাহিত স্থান
নিৰ্বাচনে পাৰিপাৰ্শ্বিক চেতনাস্ৰোত আৰু দৰ্শক প্ৰস্তুতিত উদ্যোক্তাক এশ শতাংশ
সহায় কৰিছে।
কথা
প্ৰসংগত আমি আয়োজক শিল্পীকা বৰদলৈক অসমলৈ আহিব পৰা ‘ডেষ্টিনেচন
থিয়েটাৰ’ (Destinstion Theatre) হিচাপে দঞি পঃল’ নাট সমাৰোহৰ প্ৰথমটো খোজৰ সম্ভাৱনীয়তাৰ কথা উনুকিয়াইছিলোঁ। ডেষ্টিনেচন থিয়েটাৰ শব্দপুঞ্জই এক ধৰণৰ বাণিজ্যিক বা থিয়েটাৰী পণ্যকৰণৰ
কথা সূচালেও অদূৰ ভৱিষ্যতে এটা নতুন উদ্ভাৱনাক অস্বীকাৰ কৰিব নোৱাৰি।
আমি
দঞি পঃল’
নাট সমাৰোহৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিম। ই নতুন সম্ভাৱনাৰ বাট
মুকলি কৰক।
ভ্ৰাম্যভাষ
– ৯৮৫৪৫৬৬৪২৯