নীলোৎপল বৰুৱা
বহু বছৰ আগৰ কথা।
দিনটো নাটকৰ অনুশীলনৰ অন্তত সন্ধ্যাবেলা জিৰাবলৈ বহিছিল নাটকৰ কিম্বদন্তীস্বৰূপ প্ৰয়াত
হেইচনাম কানহাইলাল। স্থান বাদুংদুপ্পাৰ আখৰাগৃহ। গোৱালপাৰা। চনটো দুহেজাৰ আঠ বা ন। তক্তা
বান্ধি বনোৱা বেঞ্চ এখনৰ এমূৰত তলমূৰকৈ বহি থকা মহীৰূহ জনক আমি আমাৰ স্পৰ্ধাসুলভতাৰে
প্ৰশ্ন কৰিছিলো- নাটক এখনক কিহে দীৰ্ঘজীৱি কৰে?
চুটি আৰু সমাহিত
উত্তৰ এটা উফৰি আহিছিল- তাৰ আত্মাই।
কাষতে ইমা বহি আছিল।
হেইচনাম সাৱিত্ৰী দেৱী। কানহাইলালৰ সহধৰ্মিনী। তেওঁক সকলোৱে শ্ৰদ্ধাৰে ‘ইমা’ সম্বোধন
কৰে। তেওঁ সেই চুটি উত্তৰটোক নিজৰ ভঙা ভঙা হিন্দীৰে ফঁহিয়াইছিল –‘জিন্দা নাটক..জিন্দা
নাটক’।
পূৰ্বানুমানত অলেখ অযুত ষ্টাইলাইজেশ্বনৰ সূত্ৰৰে তোলপাৰ লাগি থকা মগজু এটাৰে পৰিচালক এজনে নাটক এখন বিনিৰ্মাণ কৰি গৈ থাকোঁতে বহু সময়ত প্ৰডাক্ট আত্মাৰ পৰা দূৰৱৰ্তী হৈ গৈ থাকে। স্বাভাৱিক কথা। নাটকীয় বাধা আৰু প্ৰক্ষেপৰ মাজত উৱাদিহ হেৰাই দৃশ্যখণ্ড কোনোবা সময়ত পৰিচালকৰ হাতৰ পৰা ওলাই যায়। ক্লীছে’ (Cliche`)ৰে ভৰপূৰ ক্ষণিক মোহাচ্ছন্নকাৰী বহু সম্পৰীক্ষাই দৰ্শকৰ মনত স্থায়ী নহয়। অৱশ্যে সেয়া শিল্পৰ সকলো ক্ষেত্ৰতে খাটে।
প্ৰায় চাৰিটা দশকৰ নিৰন্তৰ নাট্যচৰ্চাৰ অভিজ্ঞতাৰে সমৃদ্ধ অসীম শৰ্মাৰ এক দুৰ্দান্ত ফচল -‘চুপ : এক প্ৰহসন’ । ১৯৯৫ চনতে ‘চুপ’ৰ প্ৰথমটো মঞ্চায়ন হৈছিল। বয়সৰ জোখেৰে ই প্ৰায় ডেৰকুৰি বছৰীয়া। এই ডেৰকুৰি বছৰে ‘চুপ’এ ‘খাই’ আছে। সৰ্বভাৰতীয় পৰ্যায়ত দুটাকৈ ‘মহিন্দ্ৰা এক্সিলেঞ্চি’ বটাঁ আনিছে। এই ‘খাই আছে’ শব্দাংশ প্ৰাসংগিকতা হেৰুউৱা নাই অৰ্থত ব্যৱহৃত।
এখন নাটকে তিনিটা
দশক জুৰি চলি থাকিব পৰাটো নাটকৰ ক্ষেত্ৰখনত এটা শক্তিশালী কথা। নিৰ্দিষ্ট প্ৰেক্ষাপটত, নিৰ্দিষ্ট কালচেতনাৰে
পুষ্ট বহু নাটক এটা সময় পাৰ হৈ যোৱাৰ পাছতে সাধাৰণ অৰ্থতে অপাংক্তেয় হৈ পৰে। প্ৰাসংগিকতা
হেৰুৱাই। তেনে বহু হেৰাই যোৱা মঞ্চায়ন ইতিহাসৰ পাতত পোৱা যাব যি এটা পিৰিয়ডত দপদপাই
আছিল।
এটা প্ৰজন্মৰ সামূহিক
চেতনাস্ৰোতৰ পৰা আন এটা প্ৰজন্মৰ সামূহিক চেতনাস্ৰোতৰ মাজৰ ট্ৰেনজিশ্বন পিৰিয়ডটোত টিকি থাকিবলৈ নাটক এখনক বহুকেইটা শক্তিশালী
দিশৰ প্ৰয়োজন হয়। তিনিটা দশকক আমি ট্ৰেনজিশ্বনৰ সময় বুলি নধৰিলেও নাটকৰ ক্ষেত্ৰত
ই মোটামুটি ট্ৰেনজিশ্বনেই। নাটকৰ ফৰ্মৰ ‘মেলা-ৰাগ’সমূহৰ কথা অৱশ্যে সুকীয়া।
এই শক্তিশালী দিশ একমাত্ৰ এটা যুগজয়ী কাহিনীতে সীমাৱদ্ধ নহয়।
বা ই এক অৰ্থত কথনো নহয়। ‘মেজাজ’, ‘গত’ আদি বহুকেইটা বিমূৰ্ততাক সামৰিব।
‘চুপ : এক প্ৰহসন’ৰ
এটা সুকীয়া মেজাজ, এটা সুকীয়া গত আছে। যি অসমীয়া লোক-মনক সামৰি লৈ এটা যাত্ৰা অব্যাহত
ৰাখিছে।
আমি নিজাববীয়াকৈ
‘চুপ : এক প্ৰহসন’ক অসীম শৰ্মাৰ নাটকীয় ‘দাদাগিৰি’ হিচাপে অভিহিত কৰিবলৈ ভাল পাম।
‘লাখুটি’ও অসীম শৰ্মাৰ অন্য এক শক্তিশালী উৎপাদন। একত্ৰিছখন নাটক, দহখন শিশু-নাটক,
বহুকেইখন ৰেডিঅ’ নাটকৰ ৰচনা-পৰিচালনাৰ অভিজ্ঞতাৰে পুষ্ট অসীম শৰ্মাৰ ‘গজপুৰীয়াৰ উপাখ্যান’,
‘সপোনৰ বৃন্দাবন’, মনোজ মিত্ৰৰ ‘সাজানো বাগান’ৰ অসমীয়া অভিযোজনা- ‘বিহুৰামৰ বাগিচা’,
‘ছায়াবিহীন মানৱ’, ‘জৰৌৰৌৱা পৰজা’ আদি অন্যতম সৃষ্টি।
এই তালিকা ডিব্ৰুগড়ৰ
অভিজাত নাট্যানুষ্ঠান ‘আজনকা নাট্যগোষ্ঠী’, অথৱা অসীম শৰ্মাই নিজে নব্বৈ চনত প্ৰতিষ্ঠা
কৰা ‘আখৰা-গৃহ’ৰ দিনৰে।
তাৰো আগৰ ‘অনুপম
সংঘ’ৰ দিনৰে।
‘চুপ : এক প্ৰহসন’ৰ কাহিনীটো সৰলৰৈখিক। এখন দেশ। অত্যাচাৰী ৰজাৰ শাসন। ত্ৰাস আৰু নিষ্পেষণৰ সময়। ৰাজ পৰিয়ালে খোলাখুলি সন্ত্ৰাস চলাই। ৰাজকোঁৱৰো পিতৃৰ দৰেই হিংসুক আৰু দমনকাৰী। প্ৰজা অতিষ্ঠ। বিদ্ৰোহী বিচাৰি যাওঁতে গঞাকে অত্যাচাৰ কৰে। এসময়ত শোষিত পৰজা জাঙুৰ খাই উঠে। ওভটাই খেদা ধৰে। ৰজাই পলাবলৈ বাট বিচাৰি নাপায়।
‘শোষণৰ পৰা মুক্তি’ যিকোনো আইডিয়েল দৰ্শকৰ বাবেই এক স্বস্তিপ্ৰদায়ক সংঘটন। আনন্দদায়ক নেৰেটিভ। কুণ্ডলী পকাই থকা মনোজাগতিক উন্মাদনাৰ পৰা নিঃৰসন। যিকোনো কালজয়ী শিল্পৰে ই এটা সহজাত শৈলী। এনেকুৱা নেৰেটিভ এটাত সাধাৰণতেই নিৰ্মাতাৰ শংকাৰ মাপ কমি যায়। লগে লগে অন্য এটা সমস্যাই আৱৰি ধৰে-সেয়া কথনৰ একেঘেয়ামিৰ সমস্যা। প্ৰচলিত, সহজাত যিকোনো এটা কাহিনীয়ে দৰ্শকক হতাশ কৰাটো অতি স্বাভাৱিক। দ্ৰষ্টাৰ হাতত বাকী থকা উপায় হৈছে বিনিৰ্মাণ। গাঁথনি কৌশল।
‘আখৰা ঘৰ’ৰ পৰা অংকীয়া ভাওনা আৰু বৰগীত শিকিবলৈ মাণিক বৰা বৰবায়নৰ ওচৰলৈ যাওঁতে ‘চুপ’ৰ গোড়াপত্তন হৈছিল। প্ৰথম অৱস্থাত ইয়াৰ নাম থোৱা হৈছিল- ‘এটা অংকৰ নাটক’। পৰিচালকে কোৱা মতে ইয়াৰ প্ৰথমটো মঞ্চায়ন সম্পন্ন হৈছিল চাবুৱাত। চাবুৱাৰ এক অভিজাত নাট্যগোষ্ঠী ‘আভাপৃনা’ৰ মঞ্চত। তাৰ পৰাই চুপৰ যাত্ৰা আৰম্ভ হৈছে।
‘Motion, Rhythm
and Pause’ শৈলীৰে নাটকীকৰণ কৰা ‘চুপ’ৰ মূল ভেটি ভাওনা। অৱশ্যে প্ৰয়োগ আৰু প্ৰক্ষেপত
ই মূলৰ পৰা আঁতৰি আধুনিক ঠেউকী লৈছে। এই ক্ষেত্ৰত পৰিচালকৰ সৈতে কথা হওঁতে তেখেতে শ্ৰদ্ধা
সহকাৰে মাণিক বৰা বৰবায়নৰ নতুনত্বৰ প্ৰতি থকা আকৰ্ষণৰ কথা উনুকিয়াই। ধুৰা বা সিন্ধুৰাসমূহক কোনোবা এটা সময়ত আধুনিক পদচালনা এটালৈ লৈ যাব খোজোঁতে তেখেতৰ পৰামৰ্শ গ্ৰহণ কৰা
হৈছিল। যিটোত তেওঁ সকলো সময়ত নমনীয় আৰু উৎসাহী আছিল।
একেদৰে সংগীতৰ ব্যৱহাৰৰ ক্ষেত্ৰটো বিয়া নামৰ পৰা আৰম্ভ কৰি লুপ্তপ্ৰায় আইনামলৈকে - প্ৰতিটো এলিমেণ্টৰ সুষম প্ৰয়োগ নি:সন্দেহে এটা শক্তিশালী সম্পৰীক্ষা।
অসমীয়া সংস্কৃতিৰ এক অনবদ্য সম্পদ মাটি-আখৰাসমূহক ব্যৱহাৰ কৰা হৈছে। ব্যৱহাৰৰ পেটাৰ্ণটোৱে মাটি আখৰাক আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ অতি আধুনিক শৰীৰি ভংগিমা (Body movement) লৈ পৰ্যবসিত কৰি তুলিছে।
(ক্ৰমশঃ)